Wednesday, 25 March 2020

২.৫ শান্তিপুৰ চেক গেটত নিয়মপূৰ্বক বিৰতি



একালৰ বিচ্ছিন্ন শদিয়াখনৰ সম্পৰ্কে ডক্টৰ ভূপেন হাজৰিকাই মন খুলি কৈ গৈছেতো চাকৰি-বাকৰি নাপালেহে কোনোবাই তালৈ যোৱাৰ কথা ভাবে ৷ শদিয়ালৈ যোৱা মানে একেবাৰে আন্দামান-নিকোবৰলৈ যোৱাৰ নিচিনা ৷ নিজৰ দেউতাকৰ সম্পৰ্কেও কৈছে এনেকৈ নীলকান্ত হাজৰিকায়ো একো নাপাইহে তালৈ গৈছিল ৷ বি.এ. পাছ কৰা লৰাজনৰ তৎক্ষণাৎ চাকৰি মিলিল, শদিয়াত ৷
অটব্য হাবিৰে পৰিপূৰ্ণ সেই শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট, সহজে সেও মনাব নোৱাৰা নেফাৰ আদি জনগোষ্ঠী আৰু ইংৰাজৰ যুঁজ-বাগৰ, এইবোৰ অতীজৰ সত্য ৷ ঘোঁকট হলেও প্ৰাচুৰ্যৰ চূড়ান্ত পৰ্যায়ত আছিল শদিয়াখন ৷ সেই প্ৰাচুৰ্যৰ মাত্ৰাত সময়ৰ হেঁচাত নিশ্চয়কৈ হীন-ডেঢ়ি ঘটিছে ৷ তথাপিতো, মোৰ ধাৰণাত শদিয়া এতিয়াও ভোগালী জেগা ৷ অৱশ্যে আজিৰ শদিয়া ন-শদিয়া ৷ পুৰণা শদিয়া, ভূপেন হাজৰিকা জন্ম হোৱা ঘৰ ইত্যাদিবোৰ নিশ্চিহ্ন অতীত ৷
পৰ্যটন মানচিত্ৰত জিলিকাই তোলাৰ অভিপ্ৰায়েৰে শদিয়াৰ সদৰ চপাখোৱাত বৃহৎ পৰ্যটন নিবাস, বিশাল শদিয়া ভৱন নিৰ্মাণ হব বুলি আগৰবাৰ আহোঁতেই শুনিছিলোঁ ৷ হল নে নহল ততকে ধৰিব পৰা নাই ৷ ১১৫ নং ৰাষ্ট্ৰীয় ৰাজমাৰ্গেৰে চহৰৰ মাজেদি আগ বাঢ়ি ৭.৪৫ত শান্তিপুৰ গেট পালোঁহি ৷ অসম-অৰুণাচল সীমান্তৰ পুলিচ চেক গেটখনলৈ কেইমিটাৰমান থাকোঁতেই একান্ত বাধ্য ছাত্ৰৰ দৰে একাষে ৰৈ গল নিৰজুলি ৷ এইটো প্ৰচলিত নিয়ম ৷ ইয়াত যাত্ৰীসকলৰ ইনাৰ লাইন পাৰ্মিট পৰীক্ষা কৰা হব ৷ ইফালে বাছখন ৰল কি নৰল, দৰজাত থিয়দঙা দি অহা ডেকা কণ্ডাক্টৰজনে ভিতৰলৈ চাই সজোৰে ঘোষণা জাৰি কৰিলে যাৰ যাৰ পাছ নাই বনাই লওকগৈ সোনকালে ৷ যাৰ যাৰ আছে বহি থাকক ৷
এখিনি মানুহ হুৰমূৰকৈ নামি গল ৷ তেওঁলোকে জানে, কত কি কৰিব লাগিব ৷ মোৰ পাছ আছে ৷ গতিকে নমাৰ দৰকাৰ নাই ৷ হলেও, বহি থকা ভকতো নহওঁ ৷ কেনি কি আছে, চৌপাশ চোৱাৰ মন ৷ এখোজ দুখোজকৈ গেটখনৰ কাষ পালোঁগৈ ৷ ৰাস্তাৰ সোঁপাৰে বুথটোত বহি থকা কতৰ্ব্যৰত অৰুণাচল পুলিচৰ লোক এজনক সোধা হ সৰুপানী চুবলৈ কেনি ? আঙুলিয়ালে বিপৰীত ফাললৈ ৷ সেইফালেচোন তেনেকুৱা জেগা দেখাই নাযায় ৷ চিন্তিত হৈ ৰোৱা দেখি তেওঁ জোৰ দি কলে আপ উধৰ চলা যায়িএনা, মিল যায়েগাত, যায়িএ ৷
পুৱাৰ সময় ৷ ভিৰ-ভাৰ তেনেকৈ নাই ৷ নিৰ্দেশানুযায়ী গলোঁ ৷ বেৰ এখনৰ দাঁতিতে ৷ সেয়াই প্ৰস্ৰাৱথলী ৷ পুৰুষৰ বাৰু যেন-তেন ৷ মহিলাৰ কি গতি হব ? সুব্যৱস্থা এটা আজিও গঢ়ি উঠাই নাই তাৰ মানে ! ইফালে আগতে টয়লেট, পাছত মন্দিৰ ভাবনাৰে দেশত চলি গল টয়লেট আন্দোলন ৷ তথ্যমতে, ২০১৪ চনৰ ২ অক্টোবৰত ঘটোৱা স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণিৰে পৰা দেশত ৯.২ কোটি টয়লেট সজা হৈ গল ৷ অথচ কাৰ্যতঃ এয়া পালোঁ কি ?
অসম-অৰুণাচল সীমান্তৰ এই গেটখনৰ এফালে অসমৰ শদিয়া জিলা ৷ বিপৰীতে অৰুণাচল প্ৰদেশৰ লৱাৰ ডিবাং ভেলী জিলা ৷ এইটুকুৰাৰ পৰা ৰয়িঙলৈ ২৩ কিলমিটাৰ, মায়ডিয়া ৭৮, হুনলি ১১৩, আনিনি ২৬১ ৷ ৱেলকাম টু ৰয়িং বুলি ওখকৈ সজা সেউজীয়া বৰ্ডখনত উল্লেখ কৰি থোৱা হৈছে ৷ চৌদিশৰ ৰেহ-ৰূপ প্ৰত্যক্ষ কৰি সোনকালেই উভতি আহিলোঁ আৰু নিজৰ চিটত বহি থাকিলোঁ ৷
আপকা পাছ কাহাঁ হে ? পাছ দিখাইয়ে ৷ প্ৰত্যেককে এনেকৈ প্ৰশ্ন কৰি এফালৰ পৰা আই.এল.পি. চাই গল দায়িত্ববাহী পুলিচৰ লোক এজনে ৷ মোৰখন দিলোঁ ৷ হাতত লৈ কলে আপ অনলাইন মে বানায়া ? মিচিকিয়াই মূৰ দুপিয়ালোঁ ৷ আচ্ছা কিয়া ৷ এইসা হনা চাহিয়ে ৷ বাকীসকলক সোঁৱৰাই দিলে যে আই.এল.পি.ৰ কামটো এনেকৈ, কম আয়াসতে, ঘৰতে আগতীয়াকৈ কৰি আহিব লাগে ৷ আকৌ সুধিলে কিতনা লিয়া ? মই বোলোঁ পূৰাপূৰি একচৌ ৷ ঠিক হে্, লিজিয়ে বুলি মিচিকিয়াই সন্তুষ্টিৰে ঘূৰাই দিলে ৷
ঘৰত বহি বহিয়ে অনলাইনত আই.এল.পি.খন কৰিছিলোঁ ৷ একো কষ্টই নাই ৷ অৱশ্যে তৎমুহূৰ্ততে মই চিন্তা কৰিলোঁ অন্য এটা কথা ৷ অনলাইনত ১০০ টকা লয়, গেটত ৫০ টকাত হয় ৷ গতিকে নিজৰ ৰাজ্যখনে ৰাজহ বেছি পোৱাৰ স্বাৰ্থতে অনলাইনত হোৱাটো বোধ হয় সমৰ্থন কৰিছে তেওঁ ৷ অতি স্বাভাৱিক কথা ৷
সকলোৰে চেকিং সমাধা হোৱাৰ পাছত গাড়ী ষ্টাৰ্ট দিবলৈ কলে ৷ ইঞ্জিনে গৰজি উঠাৰ লগে লগে নতুন উত্তেজনাই মোৰ মনটো আৱৰি ধৰিলেহি ৷ মনত পৰিল, ইয়াৰ আগৰবাৰ ৰয়িঙলৈ যাওঁতে ছাজিদ আলমৰ অদৃশ্য চাবি উপস্থিত বুদ্ধিৰ বলত অৰুণাচল পুলিচক বাগি দি গাড়ীয়ে-মানুহে ভুটুংকৈ পাৰ হৈ গৈছিলোঁ এই চেক গেট ৷ পাছ-চাছ নাছিল এজনৰো ৷
ধীৰে ধীৰে বাছখনৰ চকাকেইটা ঘূৰিবলৈ ললে ৷ গেট পাৰ হল ৷ যাত্ৰা আৰম্ভ কৰিলে আগলৈ ৷ মোহময়ী অৰুণাচলৰ দৃষ্টিনন্দন পৰ্বতবোৰ সুদূৰত জিলিকিছে ৷ অৰুণাচলপ্ৰিয় মনটোতো থৌকি-বাথৌ লাগি গৈছে ৷ ২৩ কিলমিটাৰ গলেই ৰয়িং ৷ (ক্ৰমশঃ)

No comments:

Post a Comment