Wednesday 29 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
১৯. উৰহী গছৰ ওৰ বিচাৰি



পূবমুৱা এডভেন্সাৰ যাত্ৰা এটাৰ কাৰ্যসূচী হাতত লৈ কিবিথোলৈ আহি আমি এতিয়া মাথো কেইবাদশক পুৰণি অৱশেষহে দেখিছোঁ৷ প্ৰত্যক্ষদৰ্শী হোৱাৰ কোনো কথাই নাহে৷ বৰ্তমানৰ ভেটিত ৰৈ দূৰ অতীতক যিমান পাৰোঁ অনুভৱহে কৰিবলৈ প্ৰয়াস চলাইছোঁ৷ তাকে সাৰথি কৰি ভুলে-শুদ্ধই কল্পনা কিছুমানো কৰি পেলাইছোঁ৷ ইয়ালৈ আহি আচলতে আমি আপোনা-আপুনি হেৰাই থাকিলোঁ৷ বহিঃজগতৰ সৈতে কোনো যোগাযোগ বা সম্পৰ্ক নাই৷ কোনেও নাজানে ক'ত আছোঁ, কি কৰিছোঁ৷ অথচ ঠিকেই আছোঁ আমি৷ পৰিষ্কাৰ জল আৰু বিশুদ্ধ বায়ু সেৱন কৰি আছোঁ৷ শৰীৰ আৰু মন দুয়োটাই শক্তিশালী হৈ আছে৷

গাড়ীৰ পিছফালৰ আইনাৰে যাত্ৰাকালত মাজে মাজে পিছলৈ ঘূৰি ঘূৰি চাবলৈ এতিয়াও এৰা নাই৷ পিছত থৈ আহিছোঁ স্বপ্নময় সেই ঠাইবোৰ যিবোৰে আমাৰ দীৰ্ঘদিনীয়া কৌতূহল নিবাৰণ কৰিলে৷ চকু দুটা মুদি এতিয়া কাহো, কিবিথো যাৰে নাম লওঁ, চিনেমাৰ ৰীলৰ দৰে আহি থাকে এখন এখনকৈ প্ৰাণস্পৰ্শী দৃশ্যপটবোৰ৷ স্বপ্ন, সত্য, বাস্তৱ, কল্পনা, স্মৃতি সকলোৰে সমন্বয় ঘটোৱাৰ সুযোগ দি যোৱা সেই দুৰ্লভ স্নেপশ্বটবোৰ৷ ক'ৰবাত পাইছিলোঁ, সুখ ভগাই ল'লে হেনো পৰিমাণটো দুগুণ হৈ পৰে৷ সমস্ত কথাকে যদি শৃংখলাবদ্ধভাৱে লিখিত ৰূপ দিব পৰা যায়, তেনেহ'লে সি হয়তো আন দহজনকো জানিবলৈ, শুনিবলৈ, দেখিবলৈ, সুখ অনুভৱ কৰিবলৈ সহায় কৰিব৷ এনেহেন বিশাল কৰ্ষণ-ভূমিৰ বিস্তাৰিত বিৱৰণে অন্যকো কিজানি আমাৰ কৌতূহল, উত্তেজনা, যন্ত্ৰণা আৰু আনন্দ বেছি ভালকৈ উপলব্ধি কৰাৰ সুযোগ আগ বঢ়াব৷ গৌৰৱৰ কথা যে টীম মাৰ্ক' পল'ৰ অৰুণদা আৰু সঞ্জুৰ বাক্য নিৰ্মাণৰ ক্ষমতা আৰু দক্ষতা আছে৷ দুয়ো ইতিমধ্যে নিজস্ব কিতাপ প্ৰকাশ কৰিছে৷ উভতি গৈ অনুকূল মানসিক অৱস্থা প্ৰাপ্ত হোৱাৰ পিছতে এই দুজনে আমাৰ এডভেন্সাৰ যাত্ৰাটোক জীৱিত আৰু প্ৰাণস্পন্দনসমন্বিত সাহিত্যৰ ৰূপ দিয়াৰ আশা ৰাখিছোঁ৷ প্ৰাক ভ্ৰমণ-লেখা হিচাপে মোৰ ব্লগত পুঞ্জীভূত সমস্ত তথ্য আমি অহাৰ বহু আগতেই খোলাখুলিকৈ জনায়ো দিছোঁ, কিবা সহায় হ'লে হওক বুলি৷ ভ্ৰমণ কাহিনীৰ প্ৰতি আগ্ৰহী পাঠকে আমাৰ আগৰ বছৰৰ যাত্ৰাৰ দৰেই ৰাজ্যৰ আগশাৰীৰ বাতৰি কাকত, আলোচনীত তেওঁলোকৰ ৰচনা পঢ়িবলৈ পাব লাগিব বুলি সজোৰ দাবীও তুলিছোঁ দুয়োৰে আগত৷ অনিলদাই মোৰ কথাত হয়ভৰ দি গৈছে৷

ঘূৰি অহাৰ বাটত এনেবোৰ প্ৰত্যাশাই চিন্তা জগতত আশাবাদী ঢৌ তুলিব ধৰিলে৷ কোনে ক'ত লিখিব কিছু সময় ধৰি তাৰো যোগাত্মক চৰ্চা এটা চলিল৷ অনেকদিনীয়া ভাবনাৰ মূৰকত এতিয়া ইয়ালৈ আহি আমি ১৯৬২ৰ নীৰৱ সাক্ষীস্বৰূপ মিছিমি পাহাৰ আৰু স্ৰোতস্বিনী লোহিত দেখিলোঁ৷ ৱাৰ মেম’ৰিয়েল চালোঁ৷ হেলমেট টপ চালোঁ৷ নামতি ময়দান, কিবিথো, কাহো চালোঁ৷ চীনা যোদ্ধাৰ প্ৰৱেশ পথ দেখিলোঁ৷ অনেকজন মানুহক লগ পালোঁ৷ সষ্টম ভংগীমাৰে ভাৰতীয় চিপাহী দেখিলোঁ৷ তেওঁলোকৰ জীৱনবিলাক কম-বেছি পৰিমাণে আমাৰ বোধগম্যও হ'ল৷ আমি সৈনিকৰ চাউনী দেখিলোঁ৷ যুদ্ধৰ বাংকাৰ দেখিলোঁ৷ এইখিনি অৱশ্যে আজিৰ ৰূপ৷ অতীতত কেনে আছিল? জানিবলৈ পুৰণি কাহিনী, কিতাপ-আলোচনী, অভিজ্ঞৰ সাক্ষাৎকাৰ আৰু বৰ্ণনা, বিজ্ঞৰ নিৰ্মোহ আৰু নিৰপেক্ষ বিশ্লেষণ, সবাৰোপৰি ইণ্টাৰনেটৰ আশ্ৰয় লোৱাৰ বাহিৰে আজি আৰু অন্য উপায় নাই৷ বিজ্ঞানসন্মত প্ৰণালীবদ্ধ বৌদ্ধিক চিন্তাসমৃদ্ধ আমি কোনো গৱেষকো নহওঁ৷ নিচেই সামান্য পৰ্যটনকাৰীহে মাত্ৰ৷ ঘটনাক্রমে যেনি ঠেলি নিছে তেনিয়ে আমাৰ যাত্ৰা৷ ৱালং পোৱাৰ পিছত ডং৷ তাৰ পৰা যাত্ৰাই কোন দিশে গতি কৰে, কোন বাটে কেতিয়াকৈ ঘৰ ওলাওঁগৈ তাৰ এতিয়াও কোনো ঠিক নাই৷ মনবোৰ এনে হৈ পৰিছে যেন এই স্বেচ্ছা-নিৰ্বাসনৰ পৰা সতকাই উভতি যোৱাত নাই৷ অনিলদাৰ ভাষ্য এখোপ চ'ৰা৷ ২০ তাৰিখৰ আগতে ঘূৰাৰ মতলবেই নাই! পূব অৰুণাচলৰ কুমাৰী প্ৰকৃতিৰ মায়াজালে বাৰুকৈয়ে মেৰিয়াই পেলাইছে স্ফূৰ্তিবাজ মানুহটোক৷


যাত্ৰাৰ প্ৰস্তুতি কালতে এইখিনি বুটলিবলৈ পাইছোঁ যে পৌৰাণিক যুগৰে পৰা চলি অহা সীমা এটাকে মানি লৈ অতীজত ভাৰতীয় আৰু চীনাসকলে সৌহাৰ্দ্যপূৰ্ণ সহাৱস্থানেৰে জীৱনপাত কৰিছিল৷ আনুষ্ঠানিক সীমানিবন্ধন নোহোৱা সত্ত্বেও ঘোৰতৰ বিবাদৰ সূত্ৰপাত নোহোৱাকৈয়ে কালাতিপাত কৰি আহিছিল৷ ব্ৰিটিছ অহাৰ আগলৈকে সেই লৈ কোনো তৰ্ক-বিতৰ্কও নাছিল৷ ভাৰতীয় আৰু চীনা উভয়ে পুৰণি পৰম্পৰাগত কাল্পনিক সীমাৰেখাকে সন্মান জনাই আহিছিল৷ সেই ৰেখাৰ পূব অংশ হিমালয়ৰ দক্ষিণৰ পাদদেশেৰে, মধ্যাংশ হিমালয়েৰে আৰু পশ্চিম অংশ কাৰাকোৰাম পৰ্বতেৰে পাৰ হৈছিল৷ দীৰ্ঘদিন ধৰি ভাৰতীয় আৰু চীনাই মানি অহা উক্ত সীমান্তৰ প্ৰতিফলন ইংৰাজৰ পুৰণি চৰকাৰী মানচিত্ৰতো আনকি ঘটিছিল৷ উভয় দেশৰ আৱাসীসকলে তেনেদৰেই শান্তি-সম্প্ৰীতিৰে বাস কৰি চলি গৈছিল৷

১৬৮৫চনৰ পূৰ্বে ব্ৰিটিছ প্ৰশাসকে অঁকা নক্সাত চীন-ভাৰতৰ পশ্চিম খণ্ডটোৰ সীমা পৌৰাণিক সীমাৰ সৈতে কম-বেছি পৰিমাণে খাপ খাই আছিল বুলি কোৱা হয়৷ ১৯৩৬চনৰ আগলৈ পূব খণ্ডটোও অনুৰূপ ধৰণৰে আছিল৷ ইফালে ঊনৈশ শতিকাৰ দ্বিতীয় ভাগৰ পৰা বিংশ শতিকাৰ আৰম্ভণিলৈকে ব্ৰিটেইনৰ সাম্ৰাজ্যবাদী শক্তিয়ে চীনৰ তিব্বত আৰু চিংকিয়াং প্ৰভিন্সত দখলদাৰী কাৰ্যকলাপ আৰম্ভ কৰি দিয়ে৷ আনহাতে ইংৰাজ লোক পূবৰ দিশে নহা পৰ্যন্ত এইফালে সীমাক লৈ কোনো সমস্যাৰেই উদ্ভৱ হোৱা নাছিল৷ চীন-ভাৰতৰ পৰম্পৰাগত সীমান্তৰ চিন-চাব নাইকিয়া কৰিবলৈ তেওঁলোকৰ দ্বাৰা ভালেমান প্ৰচেষ্টা চলোৱা হৈছিল৷ ব্ৰিটিছ-ইণ্ডিয়াৰ এলেকা বঢ়াবলৈ চীনা অধিকৃত অঞ্চল কাটি নিয়া হৈছিল৷ চীনৰ অভিযোগ যে তিব্বতৰ স্থানীয় প্ৰতিনিধিৰ সৈতে গোপন চিঠিৰ আদান-প্ৰদান কৰি ১৯১৪চনত চিমলা চুক্তিৰ নামত ভাৰতৰ শাসনকৰ্তা ব্ৰিটিছৰ প্ৰতিনিধিয়ে কুখ্যাত মেকমোহন লাইনৰ সৃষ্টি কৰিছিল৷ যাৰ জৰিয়তে চীনা এলেকাধীন ৯০,০০০বৰ্গকিল’মিটাৰ ভূমি আঁজুৰি লোৱাৰ চক্রান্ত ৰচিছিল৷ পশ্চিম অংশতো ১৮৬০চনৰ পৰাই আকচাই চীনৰ ওপৰত লোলুপ দৃষ্টি ৰাখি আহিছিল ইংৰাজ সম্প্ৰসাৰণকাৰী বাহিনীয়ে৷ মিলিটেৰী চোৰাংচোৱা এজেণ্ট প্ৰেৰণ কৰাৰ লগতে বেআইনীভাৱে জৰীপৰ কাৰণে অনুপ্ৰৱেশ ঘটাইছিল আৰু সীমাৰেখা লণ্ডভণ্ড কৰি পেলাইছিল৷

স্পষ্টভাৱেই এইটো কোৱা হয় যে ভাৰত আৰু চীনৰ সীমা বিবাদ সৃষ্টি হৈছিল মূলতঃ দুটা এলেকাক কেন্দ্ৰ কৰি৷ তাৰে প্ৰথমটো আকচাই চীন৷ উত্তৰ খণ্ডৰ সেই অঞ্চলটোক লৈ ভাৰত, চীন আৰু পাকিস্তানৰ দাবীৰ অন্ত নাই৷ কাশ্মীৰ যেনেকৈ বিতৰ্কৰ আৱৰ্তত, তদনুৰূপ আকচাই চীনো৷ আকচাই চীন, ‘উচ্চতাত অৱস্থিত মৰুভূমি’ বুলি যাক অভিহিত কৰা হয়, তাত মানুহৰ বসতি নাই৷ স্থায়ী বসতি শূন্য৷ সঘন যাতায়াতৰ সুচলতাৰো কোনো লক্ষণ নাছিল৷ সেয়া আছিল চুইজাৰলেণ্ডৰ সমানেই বৰফাবৃত্ত এডোখৰ ঠাই৷ ৩৭,২৪৪বৰ্গ কিল'মিটাৰ জোৰা আকচাই চীন ভাৰতে দাবী কৰা মতে জম্মু আৰু কাশ্মীৰৰ অন্তৰ্গত এলেকা৷ ৰাজ্যখনৰ পূব অংশ৷ চীনে দাবী কৰা মতে জিনজিয়াং স্বায়ত্তশাসিত অঞ্চলৰ অধীনস্থ৷ কাৰাকোৰাম পৰ্বত সেই অঞ্চলৰে এটা অংশ৷ সেই অংশৰ পৰাই ওলাই আহিছে কাৰাকাছ নৈ৷ সেই নৈখনেই সবাতোকৈ ডাঙৰ৷ সেইখন আছে সৰ্বনিম্ন ১৪,০০০ফুট উচ্চতাত৷ দক্ষিণ-পশ্চিমৰ পাহাৰবোৰৰ উচ্চতা ২২,৫০০ফুটলৈ বিয়পি আছে৷ সেয়াই আকচাই চীন৷ চীনা ভাষাত 'আকচাই'ৰ অৰ্থ বগা জুৰি৷ 'চীন' শব্দটোৱে গিৰিপথ বুজায় নে চীনা অধিবাসীৰ সমাৰ্থক, সেয়া বুজা নাযায়৷ তাৰ পিছত দ্বিতীয়টুকুৰা হৈছে, ভাৰতবৰ্ষৰ মেপখনৰ একেবাৰে পূবত, মূল ভাৰত ভূখণ্ডৰ সৈতে এমূৰীয়াকৈ থকা নেফা, পিছলৈ যাৰ নাম পৰিৱৰ্তন হৈছে অৰুণাচল প্ৰদেশ বুলি, য’ৰ একেবাৰে অন্তিম মূৰত আমি এই ভ্ৰমণৰ অচিলাৰে মুক্ত বিচৰণ কৰি আছোঁ৷ মেপত আকচাই চীনৰ পৰা পূব দিশে চাই আহিলে পোৱা যায় সীমা সমস্যাক লৈ বিবাদমান এই দ্বিতীয়টো এলেকা যাক চীনে ‘দক্ষিণ তিব্বত’ বুলি অভিহিত কৰাৰ উপৰি বহু আগৰে পৰাই নিজৰ বুলি ধাৰাবাহিকভাৱে দাবী জনাই আহিছে৷

এই দুইক লৈ চুবুৰীয়া দুই বৃহৎ ৰাষ্ট্ৰৰ যুঁজ৷ আৰু ভৌগোলিক বিচিত্ৰতাৰ বিস্ময়পুৰী, আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰান্তীয় সীমাৱৰ্তী সেই অঞ্চলসমূহকে আমি আজি পুৱাৰে পৰা চাই ফুৰিছোঁ অনেক শিহৰণ মনৰ অভ্যন্তৰত লৈ, য'ত যুদ্ধ এখন লাগিছিল এতিয়াৰ পৰা ৫২ কি ৫৩বছৰৰ আগতে৷ পেটত ভাত-পানী নাই যদিও মানসিক আহাৰে আমাৰ মন-মগজু ভৰপূৰ কৰি ৰাখিছে৷ নয়ন ভৰাই তুলিছে 'ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ'খনৰ অপূৰ্ব ৰূপৱতী ভূ-প্ৰাকৃতিক সাজ-সজ্জাই৷ নামতিৰ পাইন অৰণ্যই কাণে কাণে যেন ক'ব বিচাৰিছে অনেকবোৰ পুৰণি কথা! তাৰ বাবেই গাড়ীৰ ভিতৰত বহি থাকিয়ে এতিয়া কাণ উণাই ৰৈছোঁ৷




পৰৱৰ্তী লেখা :
২০. ভাৰত-চীন-তিব্বত নেপথ্যৰ কথা

Monday 27 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
১৮. ৱালং অভিমুখে উভতনি যাত্ৰা



উত্তৰ-পূবৰ অন্তিম পূব মানেই ভাৰতৰ সকলোতকৈ কুহেলিকাময় বুলি অভিহিত লোহিতৰ দুপাৰৰ মিছিমি পাহাৰবোৰৰ সমাৱেশ৷ সেইসমূহক চকুৰ সন্মুখত লৈয়ে এইকেইদিন একেৰাহে ঘূৰা-ফিৰা কৰি আছোঁ৷ তাৰে আজি চতুৰ্থ দিন৷ কোৱা হয়, স্বাধীনতাৰ পিছৰে পৰা সামৰিক বাহিনীৰ লোকৰ আহ-যাহ এইফালে আগতকৈ বেছিকৈ চলিছে৷ দেশৰ নিৰাপত্তাৰ খাতিৰত নিয়োজিত লোকৰ পৰিয়ালৰ সদস্যৰ বাহিৰে অন্য মানুহ খুব কমেইহে হয়তো এইবোৰ ঠাইলৈ আহি পাইছে৷ বাহিৰা লোক বাদেই, উত্তৰ-পূবৰো কিমানে এই স্থানসমূহ গৰকিছে সেয়া লাখটকীয়া প্ৰশ্ন৷ 'সেই পথে অধিক অসমীয়া মানুহ যোৱা নাই' বুলিও কোনোবাই আমাৰ যাত্ৰাৰ আৰম্ভণিতে কোৱা মনত পৰিছে৷ অঞ্চলবোৰ দেখাৰ পিছত কথাটো এতিয়া সঁচা সঁচা লাগিছে৷ হ’লেও আমাৰ ৫ অভিযাত্ৰীয়ে সংখ্যাটো সামান্য হ'লেও কমাবলৈ সক্ষম হ’লোঁ৷ তাকে ভাবি আনন্দ পাইছোঁ৷ আমাৰ পিছত কোন কেতিয়া আহিব নাজানো৷ হেণ্ডিকেমটো অন কৰি শেষবাৰৰ বাবে চাৰিওফালে এপাক ঘূৰাবলৈ উদ্যত হ'লোঁ৷ তাৰ পিছত গাড়ীত নিজৰ ছিটত বহিলোঁগৈ৷

লোহিতৰ পাৰে পাৰে পেটেলে সাৱধানে ৰিটাৰ্ণ ড্ৰাইভ কৰি থাকিল ৱালঙক ভাবনাত ৰাখি৷ মাজে মাজে পিছফালৰ আইনাৰে এৰি থৈ অহা এলেকাবোৰলৈ দৃষ্টি নিক্ষেপ কৰিছোঁ৷ আমি এতিয়া সোঁতৰ দিশতেই ভটিয়াই গৈ আছোঁ৷ সৰল গছৰ তলেৰে বালিময় পথছোৱাত উপস্থিত হৈছোঁহি৷ অতি সুন্দৰ এইখিনি৷ ক'ত আছোঁ, ক'ত আছোঁ যেন লাগিছে৷ নিৰ্মীয়মান দলংখন অদূৰত ভাহি উঠিছে৷ লগতে নৈখনৰ সৈতে যোগ চিন এটাৰ সৃষ্টি কৰা থকা ৰছীৰ সাঁকোডালো৷ তাৰ বহু আগতেই 'অলপ ৰখাওকচোন' বুলি কৈ পিঠিত হেঁচুকি দিলোঁ আমাৰ চালকৰ৷ শিলগুটি আৰু মিহি বালিৰে পৰিপূৰ্ণ নদীপৃষ্ঠত ইতিমধ্যে সোমাই পৰিছিলোঁৱেই৷ তাতে গাড়ীৰ পৰা নামি দিলোঁ৷ মোকে দেখি অনিলদাও নামিল৷ পেটেলক গৈ থাকিবলৈ ইংগিত দিলোঁ৷ খৰস্ৰোতা লোহিতৰ ওপৰত সজা অস্থায়ী বেইলী ব্ৰীজখনেৰে খোজ কাঢ়ি পাৰ হোৱাৰ একান্ত ইচ্ছা৷ কাহোলৈ যোৱাৰ সময়তে ওপজা সেই হেঁপাহকণক দমাওঁনো কেনেকৈ? সেয়ে সুযোগটো ল'লোঁ৷ ইফালে প্ৰকৃতিৰ কিযে অপৰূপ ৰূপ! বালিতে তম্বু তৰি থাকি যাম যেন! ওৰে ৰাতি সুৰ শুনিম চীনৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰা লৌহিত্যসুন্দৰীৰ! সেইডোখৰত নৈখনৰ উচ্চাংশতো এটা কেঁকুৰি, নিম্নাংশতো এটা কেঁকুৰি৷ শিলনিৰে নৈখনৰ সেই ইংৰাজী বৰ্ণমালাৰ 'এছ'টোৰ ভাঁজ, লয়লাস নৃত্য, তৰংগায়িত ছন্দ, পাৰত খুন্দিওৱাৰ শব্দবোৰ দেখি-শুনি ঘপহকৰে মনত ওপঙিছিল Lord Alfred Tennysonৰ ‘The Brook’ কবিতাৰ টুকুৰা : ‘And out again I curve and flow, To join the brimming river, For men may come and men may go, But I go on for ever.’

লোহিত বৈ আছে, বৈ থাকিব৷ মহানদ ব্ৰহ্মপুত্ৰক ধিয়াই বৈ যোৱা খৰস্ৰোতা নৈখনৰ সেই অৰ্বুদ সুষমা অসামান্য৷ ৰং, ৰূপ আৰু গতিৰ কিযে সন্মোহনী! আমাৰ বাবে পাহৰিব নোৱাৰা বিধৰ৷ হেঁপাহ পলুৱাই তাক উপভোগ কৰি দৌৰি দৌৰি গৰাটো উঠিলোঁ৷ ওলোটাফালৰ পৰা চোৱাত প্ৰশ্ন এটাই মনত ক্ৰিয়া কৰিলে৷ লোহিতৰ পানী ইমান নীলা-সেউজীয়া কিয়? পৰশুৰাম কুণ্ডৰ পৰা কাহোলৈকে আমি লোহিতৰ পাৰে পাৰেই যাত্ৰা কৰি আহিছোঁ৷ সকলোতে দেখোন একেই শেলুৱৈ বৰণ! ইয়াতো, তাতো৷ কিয়? পানী এবিধ আকাৰহীন, বৰণহীন, জুলীয়া পদাৰ্থ বুলিহে আমি কিতাপত পঢ়িছিলোঁ৷ তেনেস্থলত কি হ'ব এই প্ৰাকৃতিক পৰিঘটনাৰ কাৰণ? শেলুৱৈৰ কাৰণে নে দ্ৰবীভূত হৈ থকা চূণশিল প্ৰভৃতি খনিজ পদাৰ্থৰ বাবে নে পোহৰ, পাহাৰ বা আকাশৰ প্ৰতিফলন নে কি কি কি? বৈজ্ঞানিক ব্যাখ্যাটো কি হ'ব পাৰে একধ্যানে ভাবিও থাকিলোঁ, লাহে লাহে আগ বাঢ়িও থাকিলোঁ৷ বহুত বছৰৰ আগতে গেংটকলৈ যাওঁতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ দাঁতিয়ে দাঁতিয়ে বৈ থকা তিস্তাখনৰো অনুৰূপ বৰণেইতো দেখিছিলোঁ! উত্তৰৰ সন্ধানত থাকোঁতে একে সময়তে অতীতৰ সেই মুহূৰ্তবোৰেও মনটো জোকাৰি গ'ল৷

পেটেলে গাড়ীখন আৰু অকণমান আগলৈ ৰাখিছে৷ ভালেই হৈছে৷ এইখিনি খোজ কাঢ়িবলৈ পোৱাটোৱে উভতনি অপৰাহ্নটোক সুকীয়া এটা মাত্ৰা প্ৰদান কৰিছে৷ খোজেৰেই আহি নিৰ্মীয়মান দলংখনৰ সমীপত থিয় দিলোঁহি৷ কাম-কাজ লক্ষ্য কৰিলোঁ৷ তাৰ পিছত কাষতে থকা হেঙিং ব্ৰীজখনৰ ফালে অগ্ৰসৰ হ'লোঁ৷ সাঁকোডালত দীঘলে দীঘলে ৬ছটাকৈ তক্তা পৰা আছিল৷ কাৰ্যসূচী অনুসাৰে কাইলৈ পুৱাতে আমি ডঙলৈ যাত্ৰা কৰিম৷ দীঘল ওলোমা দলং এখন পাৰ হৈ যাব লাগিব তেতিয়া৷ সেয়েহে সুবিধা পাই এইখনতে কিছু অনুশীলন কৰি পেলোৱাৰ মানস এটা হ'ল৷ সঞ্জু আৰু অনিলদাই কাম আৰম্ভ কৰিয়ে দিলে ইতিমধ্যে৷ এনে ধৰণৰ হেঙিং ৰ'প ব্ৰীজবোৰেই দুপাৰৰ যোগসূত্ৰ ৰক্ষা কৰি আহিছে৷ অন্যথা নদী পাৰ হোৱাটো সম্ভৱৰ কথাই নহয়৷ বৰফ-চেঁচা পানীৰ কোবাল প্ৰৱাহেযে মানৱ দেহাৰ সকলো ক্ৰিয়া-প্ৰক্ৰিয়া তৎমুহূৰ্ততে স্তব্ধ কৰি পেলাব পাৰে, তলত পৰম বিক্রমেৰে ধাৱমান নিৰ্মল জলধাৰালৈ এবাৰ চায়ে অনুমান কৰিব পাৰি৷ সিপাৰৰ মেছাইৰ পৰা মাক-জীয়েক এহাল দলংখনেৰে খুপি খুপি আহি আছিল৷ অনিলদা আৰু সঞ্জুৱে সিহঁতৰ সৈতে কথা পতা আৰু ফটো উঠোৱাত লাগি গ'ল৷ মই আৰু অৰুণদা গাড়ীলৈ আগ বাঢ়িলোঁ৷ মৰ্নিং ৱাকত মেয়ৰ ডেকাজনে দিয়া কমলা টেঙা এটা মোৰ আংগামী মোনাখনত তেতিয়াও সোমাই আছিল৷ তাকে উলিয়াই পৰিৱেশটোৰ স্বাদৰ সৈতে মিলাই দুয়ো ভগাই খালোঁ, জীপাল হ'লোঁ আৰু কাহোৰ কথাবোৰকে অলপপৰ পাগুলি থাকিলোঁ৷

শেহতীয়াকৈ, অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত ভাৰতে ৰে’ল ষ্টেচন নিৰ্মাণ কৰিব বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকাৰে গোৱাৰ পানাজীৰ এটা অনুষ্ঠানত ভাগ লৈ কৰা ঘোষণা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতে লিখিছিল৷ ৰে’ল ষ্টেচন নিৰ্মাণৰ সন্দৰ্ভত শীঘ্ৰেই এখন বুজাবুজি চুক্তিত স্বাক্ষৰ হোৱাৰো কথা আছিল৷ এতিয়ালৈ কি ৰূপ লৈছে নাজানো৷ ইফালে চীনো পিছ পৰি থকা ভকত নহয়৷ গগনচুম্বী মাউণ্ট এভাৰেষ্টৰ তলেৰে হিমালয় পৰ্বতত এটা সুৰংগ খান্দি নেপাললৈ ৰে’ল সেৱা সম্প্ৰসাৰণৰ বৃহৎ আঁচনি লৈছে! নাভূত-নাশ্ৰুত কথা যেন লাগিলেও টেকন'লজী আৰু টেকন'ক্ৰেট খণ্ডটো সবল হ'লে আজিৰ পৃথিৱীত য’তে-ত’তে যিকোনো চেলেঞ্জ স্বীকাৰ কৰি নিৰ্মাণ গঢ়ি তোলাটো সম্ভৱ৷ নেপাল ভ্ৰমণ কালত চীনা প্ৰযুক্তিকুশলীৰ পৃষ্ঠপোষকতাত কৃত বৃহৎ প্ৰজেক্ট নিজ চকুৰে দেখিছিলোঁ৷ সি যি কি নহওক, ভাৰতৰ বিশাল বজাৰখনক লক্ষ্য কৰিয়ে চীনে নেপাললৈ ৰে’ল সেৱা সম্প্ৰসাৰণৰ মৰসাহসী পদক্ষেপ হাতত লোৱা বুলিও প্ৰকাশ৷ গতিকে ভাৰতেও ৰৈ নাথাকি অৰুণাচলৰ চীন সীমান্তত ৰে’ল ষ্টেচন স্থাপন কৰিব বুলি জানিব পৰা গৈছে৷ অনাগত দিনত ৰে’ল যোগাযোগ তথা পৰিৱহণ ব্যৱস্থাৰ উন্নয়ন সাধি উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশ ক্ষিপ্ৰতৰ কৰা হ’ব বুলি আন এটা বাতৰিত প্ৰকাশ৷ তেতিয়া হ’লে আজি আমি থিয় হোৱা ভিতৰুৱা এই ঠাইবোৰলৈ এদিন ৰে’লগাড়ী আহিব! অসম্ভৱ পাছে একো নহয়৷ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং-বদৰপুৰ হিল ছেকছনত ব্ৰডগজ ট্ৰেক কনভাৰ্চনৰ বাবে গঢ়ি তোলা দুখন পাহাৰ সংযোগী দীৰ্ঘকায় ওখ দলঙৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে নিজ চকুৰে দেখা পাইছোঁ৷ তাৰে গইনা লৈ ক'ব পাৰোঁ যে ইয়াতো, ভাৰতীয় ৰে'লৰ ৱাগন এদিন এইমূৰে অহাটো সম্ভৱপৰ৷ মাথো সদিচ্ছা আৰু কৰ্মপটুতাৰহে দৰকাৰ৷ তাৰে লক্ষ্যত যুদ্ধৰ সলনি দুখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত টেকন'লজী আৰু টেকন'ক্ৰেটৰ প্ৰতিযোগিতা আৰু সহযোগিতা নিঃসন্দেহে অতিকৈ কাম্য আৰু লক্ষ্যণীয়৷

পাৰ্বত্য পথত দিনৰ দিনটো ধৰি ইমানখিনি যাত্ৰা কৰিও আমাৰ কাৰো একো অসুবিধা বা আমনিও লগা নাই৷ স্কৰপিঅ'খনৰ পিছ চকা এটাতহে মাত্ৰ বায়ুৰ পৰিমাণটো কম হৈ যোৱা যেন লাগিছিল৷ ইয়াত ৰওঁতে পেটেলে মন কৰিলে৷ বাটতে পোৱা বি.আৰ.অ'.ৰ ডাঙৰ কেম্প এটাত তেওঁ গাড়ী সুমুৱাই দিলে৷ হাৱা চেক কৰোৱাৰ পিছত হিচাপ মতে ভৰাই লোৱা হল৷ বিনিময়ত এটকাও নললে৷ এইবোৰ কথাত ধনৰ প্ৰসংগ নাহে৷ দেখিলোঁ যে অস্থায়ী হলেও ভিতৰুৱা ঠাইত পতা তেনেকুৱা কেম্পবিলাকত সেইবোৰ সা-সুবিধা আৰু সৰঞ্জাম কিছুমান মজুত থাকে৷ বিপদত কাৰোবাক সহায় কৰাটো তেওঁলোকৰ ধৰ্ম৷ আমিও আজি কিবিথোলৈ যাওঁতে গাড়ী এখন ঠেলি উঠোৱাত আনক সহায় কৰিছিলোঁ৷ এতিয়া আনৰ পৰা সহায় পালোঁ৷ বেলেন্স হৈ গল৷ মানুহকেইজনক আন্তৰিক ধন্যবাদ জনাই, হেণ্ডশ্বেক মাৰি আমি আকৌ গাড়ীত বহিলোঁ৷

সৌন্দৰ্যময় নৈ-নিজৰাবোৰৰ মাজেৰে উভতনি যাত্ৰাটো চলি থাকিল৷ ঠায়ে ঠায়ে সেনাৰ বাংকাৰবোৰো চকুত পৰি আছিল৷ আশ্বি হিল্‌ছৰ মাজেৰে আহি থাকোঁতে দেখিলোঁ, অথনিৰ ইণ্ডিগ আৰু চেণ্ট্ৰখন ৰৈ আছে৷ ঘাঁহনিত চক্ৰাকাৰে বহি দলটোৰ সদস্যসকলে কিবা খোৱাত লাগিছে৷ এইবাৰ আমাৰ সহায়ৰ প্ৰয়োজন নাই৷ কাজেই তাত ৰবলগীয়াও নহল৷ এপলক দৃষ্টি বিনিময় মাথো৷ নিজৰ গতিত গৈ থাকিলোঁ আমি, ৱালং ধিয়ায়৷

এটা বিৰল অপৰাহ্ন৷ নামতি সোমোৱাৰ লগে লগে যুদ্ধৰ কথাবোৰে মন-গহনত দোলা দিব ধৰিলে৷ ৬২ৰ যুদ্ধখন যদিও দেখদেখকৈ ভাৰত আৰু চীনৰ মাজত সংঘটিত হৈছিল, তাৰ সৈতে জড়িত হৈ আছিল অনেক ঘটনা-উপঘটনা৷ বুৰঞ্জী অনুসৰণ কৰি অতীতলৈ গৈ থাকিলে সেইবোৰৰ উমান পোৱা যায়৷ যুদ্ধখনে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্রম কৰিলে৷ ভূমি দখলক লৈ চীন-ভাৰত সীমান্তৰ এই খেলিমেলি স্বৰাজোত্তৰ কালতেই সূচনা হৈছিল৷ ব্ৰিটেইন আৰু ৰাছিয়াৰ সম্প্ৰসাৰণবাদী যুগৰ পৰাই ইয়াৰ আৰম্ভণি বুলিব পাৰি৷ তিব্বত, চীন আৰু ভাৰত ৰাষ্ট্ৰকে মুখ্য কৰি ব্ৰিটেইন, ছোভিয়েট ৰাছিয়া, আকচাই চীন, কাশ্মীৰ, নেফা বা অৰুণাচল প্ৰদেশ, জনছন লাইন, জনছন-আৰ্দাঘ লাইন, মেককাৰ্টনি-মেকডনাল্ড লাইন, মেকমোহন লাইন, লাইন অফ একচুৱেল কণ্ট্ৰল ইত্যাদি অনেক প্ৰসংগ ইয়াৰ সৈতে যোগ হৈ আছে৷ অলপ পিছতে নামতিতো আন্ধাৰ নামিব৷ এইটো নিশ্চিত যে যুদ্ধভূমিৰ জোনাকত নিশা এটা ৰৈ যোৱাৰ আশাটো থাকি যাব৷

কেতবোৰ ঐতিহাসিক সত্যৰ পম খেদি মনটো যিমানেই কুৰুকি কুৰুকি সোমাই গৈছে তিমানেই যেন কৌতূহলৰ অন্ত নপৰিবই! যাত্ৰাপথত আমি পোৱা ফলকবোৰত কিছুমান কথা লিখা আছে৷ সেয়া পঢ়িছোঁ৷ পঢ়ি জানিছোঁ৷ অৱশ্যে বহুত কথা লিখা নাইও৷ লিখাটো সম্ভৱো নহয়৷ লিখা নাই যুদ্ধখনৰ কাৰণটো কি? গুৰিটো কত? জৱাহৰলাল নেহৰুৰ ফৰৱাৰ্ড পলিচীয়ে ১৯৬২ৰ কাৰণ বুলি কেতিয়াবাতে শুনিছিলোঁ৷ তথাপিতো মনতে এটা প্ৰশ্ন জাগে, জন্মভূমিৰ স্বাধীনতা ৰক্ষাতকৈ কোনো মূল্যই বেছি হব নোৱাৰে বুলি কোৱা আমাৰ দেশৰ ভূতপূৰ্ব প্ৰধান মন্ত্ৰীজনেনো সেয়া অনুসৰণ কৰিলে কি সতে? বহুতে কবৰ দৰে নেহৰু একছত্ৰী নে আন কোনোবাও সংযুক্ত আছিল? তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী ভেংগালিল কৃষ্ণণ কৃষ্ণ মেনন, ইণ্ডিয়ান আৰ্মীৰ চীফ অফ আৰ্মী ষ্টাফ জেনেৰেল প্ৰাণ নাথ থাপাৰ, ইণ্ডিয়ান আৰ্মীৰ চীফ অফ জেনেৰেল ষ্টাফ লেফটেনেণ্ট জেনেৰেল ব্ৰিজ মোহন কৌল, ইণ্টেলিজেন্স বুৰৰ চীফ ভোলা নাথ মল্লিক, ... নামবোৰ মনলৈ আহে৷ তাকে লৈ এতিয়াও সমিধানবিহীন অনেক প্ৰশ্নই চেতনাত দোলা দি যায়৷ সময়ে, সময়ে সময়ে অৱশ্যে এই সংক্রান্তত ৰায়দান দি আহিছে৷ এই সমৰক India's Most Crushing Military Disaster বুলি অভিহিত কৰা ব্ৰিগেডিয়াৰ জন ডালভীৰ হিমালয়ান ব্ৰাণ্ডাৰ, নেভিল মেক্সৱেলৰ ইণ্ডিয়া চাইনা ৱাৰ, মৃণাল তালুকদাৰৰ '১৯৬২' আদি প্ৰণিধানযোগ্য৷

যুদ্ধখনৰ কথা ভাবি থাকোঁতেই নামতি প্লেইনচৰ যুদ্ধ-স্মাৰক পালোঁহি৷ সাৱধানে টাৰ্নিং লৈ পেটেলে আমাক সুদৃশ্য পাইন অৰণ্য পৌচাই দিলে৷ কৌতূহলী মনটোৱে পুৰণি কাহিনী খুঁচৰিবলৈ লাগি গ'ল৷


















পৰৱৰ্তী লেখা :
১৯. উৰহী গছৰ ওৰ বিচাৰি

Sunday 26 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
১৭. ৫০ৰ বৰ-ভূঁইকঁপৰ থলীলৈ চাই চাই



তললৈ নামি আহোঁতেই মুখামুখি হলোঁ বন্দুকধাৰী ডেকা এজনৰ৷ সুমিত বিভাৰ৷ ঝাৰখণ্ডৰ আদিবাসী লোক৷ গ্ৰেফত কাম কৰে৷ জি.আৰ.ই.এফ.ৰ নামটো শুনাৰ লগে লগে আমাৰ সৈতে একে হোষ্টেলত থাকি পঢ়া এন. ডি. গ'ৰেলৈ মনত পৰিল৷ মহাৰাষ্ট্ৰৰ ওচমানাবাদ জিলাৰ এই বন্ধুজনেও গ্ৰেফত চাকৰি কৰিছিল আৰু ষ্টাডী লিভ লৈ উচ্চ শিক্ষা আহৰণৰ অৰ্থে অৰুণাচললৈ আহিছিল৷ সি যি কি নহওক, কথা প্ৰসংগত গম পালোঁ, সুমিতে বন্দুকটোৰে চিকাৰ কৰে৷ তাৰ লগত আৰু এজন ডেকা আছিল৷ আমি ভালেমান সময় ধৰি কথা-বতৰা পাতিলোঁ৷ সহজ হোৱাৰ অন্তত আৰু ৰঙা স্পৰ্টিং পিন্ধা তাৰ লগৰটো আঁতৰি যোৱাৰ সুযোগতে এপাকত বন্দুকটো খুজি পেলালোঁ৷ এনলীয়া বন্দুকটো সি মোৰ হাতত তুলি দিলে৷ ওজনটো চালোঁ৷ এনেয়ে ইফালে-সিফালে টোঁৱায়ো চালোঁ৷ যোৰহটীয়া অধ্যয়ন কালত ৰৰৈয়াত এন.চি.চি.ৰ ফায়াৰিঙত যাওঁতে ৩০৩ ৰাইফল চালনাৰ কায়দা অলপ শিকিছিলোঁ৷ অতীতৰ অভিজ্ঞতাকণ চাঁতকৰে আকৌ এবাৰ মনৰ এটা কোণত ভাহি উঠিল৷ গুলী এটা খুজিছিলোঁ যদিও সি উলিয়াই নিদিলে৷ লগৰটোৰ তাতহে আছে বুলিলে৷

বন্দুকটো হাতত লৈ থকা অৱস্থাত ইণ্ডিয়ান আৰ্মীৰ জোৱানেও আলেঙে আলেঙে মোক লক্ষ্য কৰি থকাটো মন কৰিছিলোঁ৷ এজনে হাতত এছ.এল.আৰ.জাতীয় মস্ত দীঘল কেমেৰা এটা লৈ আছিল৷ তাৰে তেওঁ দূৰৰ পৰাই মোক ফ্ৰেমত বন্দী কৰি পেলোৱা যেন লাগিল৷ ভাবিছিল চাগৈ মই ক
বই নোৱাৰোঁ বুলি৷ কিন্তু পুলিচ-মিলিটেৰী দেখিলেই এটা চকুযে সেইফালে থৈয়েই দিয়া হয়! গতিকে আগতীয়াকৈ তেওঁক মই নজৰবন্দী কৰিছিলোঁ৷ কথাটোত অৱশ্যে চিন্তা কৰিবলগীয়া একো নাছিল৷ সৈন্য কবলিত এলেকাত আছোঁ আমি৷ গতিকে তেওঁলোকৰ আজ্ঞাবাহী হ'বই লাগিব৷ ইফালে বন্দুকটো লৈ ভাও দি থাকোঁতে অন্য দুজন জোৱান ওচৰ চাপি আহিল৷ তাৰে এজনে উপযাচি মোক শিকাব ধৰিলে, 'ভাইচাহাব, আপ ইসকো এইসে পাকড়িয়ে, অভি উধৰ দেখিয়ে৷ টাৰ্গেট পৰ৷ হাঁ, ৱেইসে৷ ময়ো তেওঁৰ কথা মানি তেনে ধৰণেই কৰাত সম্পৰ্কটো গাঢ় আৰু মুক্ত হৈ পৰিল৷ সীমান্তত কটোৱা চুটি সময়খিনি অচিনাকি চিনাকিৰ সৈতে সঁচাকৈয়ে বেচ উপভোগ্য হৈ পৰিছিল৷

অলপতে আমাৰ বাবে খাদ্য প্ৰস্তুত হোৱাৰ জাননী আহি গ'ল৷ দীঘলীয়া দোকানখনৰ এমূৰীয়াকৈ, বাঁওহাতে এটা আছুতীয়া কোঠা৷ টেবুল-চকী পৰা আছে৷ প্ৰৱেশদ্বাৰৰ বিপৰীতে দীঘলকৈ খিৰিকী৷ কোঠাৰ ভিতৰৰ পৰাই সেই খোলা খিৰিকীৰে চীন দেশলৈ মুকলিকৈ চাব পাৰি৷ ৰঙা চাহ আৰু মেগীৰ বাটি৷ ৰঙা চীনলৈ চাই চাই আমি আটায়ে চীনা খাদ্য খাব ধৰিলোঁ৷ এটা যেন বিৰল সংযোগ! নামনিত খেতিয়ক এজনে গৰু এহালেৰে হাল বায় আছিল৷ পথাৰৰ ৰূপটো আমাতকৈ বেলেগ৷ শিশুকেইটামানেও ওচৰতে খেলি আছিল৷ সিহঁতৰ কোৰ্হালত পৰিৱেশটো প্ৰাণময় হৈ উঠিছিল৷ ভাৰতীয় ভূভাগত থকা ঘৰবোৰ দেখাত নিচেই সাধাৰণ৷ বাঁহ, কাঠ, টিনপাতৰ৷ ডিঙিত ওলমি থকা অৰুণদাৰ ফিফ্‌টি এক্স ডিজিটেল কেমেৰাটোৰে চীনৰ দিশে জুম কৰি কপালত হাত দিবলগীয়া অৱস্থাই হ'ল! সিপাৰৰ কথাই বেলেগচোন৷ দুমহলীয়া আৰ.চি.চি. বিল্ডিং, মসৃণ পথ আদি লেন্সৰ মাজেৰে দৃষ্টিৰ নিকটলৈ আহিছে৷ চীন এলেকাত সীমান্তৰ পৰা ৪০কিলমিটাৰ নিলগত ছয় লেনযুক্ত হাইৱে আছে বুলি পঢ়িবলৈ পাইছিলোঁ৷ হাইৱেৰ পৰা সীমান্তৰ দিশে সোমাই অহা পথটো টু লেন বুলি পাইছিলোঁ৷ বিপৰীতে, নিজেই দেখি আহিছোঁ, ভাৰতৰ ৰাস্তা৷ যেনেতেনে এখন গাড়ী যাব পৰা ধৰণৰ৷ দুখন গাড়ী মুখামুখি হলে বিপদেই৷ সেই অভিজ্ঞতাও ইতিমধ্যে সঞ্চয় কৰিবলৈ পাইছোঁ৷

চীনৰ তুলনাত ভাৰতৰ অংশত পথৰ ব্যৱস্থা অদ্যাপি শোচনীয় হৈয়ে ৰৈছে৷ ট্ৰেন্স অৰুণাচল হাইৱে
 আৰু অৰুণাচল প্ৰদেশ ফ্ৰণ্টিয়াৰ হাইৱেৰ কথা কেতিয়াবাৰে পৰাই শুনি আছিলোঁ৷ ২০০৮চনৰ ৩১জানুৱাৰী তাৰিখে ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী ডক্টৰ মনমোহন সিঙে ঘোষণা কৰা মেকমোহন লাইনৰ সমান্তৰালভাৱে, অৰুণাচলৰ উত্তৰ-পশ্চিমৰ টাৱাঙৰ পৰা দক্ষিণ-পূবৰ কানুবাৰীলৈ ২,৪০৭কিলমিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাৱিত টু লেন ট্ৰেন্স অৰুণাচল হাইৱে আৰু ইষ্ট-ৱেষ্ট ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ হাইৱেৰ ম্যানমাৰ সীমান্তৱৰ্তী চাংলাং জিলাৰ বিজয় নগৰৰ পৰা তিব্বত সীমান্তৱৰ্তী টাৱাং জিলাৰ মাগো-থিংবোলৈ প্ৰস্তাৱিত ২,০০০কিলমিটাৰ দৈৰ্ঘ্যৰ অৰুণাচল প্ৰদেশ ফ্ৰণ্টিয়াৰ হাইৱেই আমি আজি উপস্থিত হ'ব পৰা কাহো, কিবিথো অঞ্চলটোতে পৰস্পৰে পৰস্পৰক ছেদ কৰাৰ কথা৷ নিৰাপত্তা আৰু সংস্থাপনৰ বাট মোকলোৱাৰ লগতে সীমান্তৱৰ্তী বিনন্দীয়া অঞ্চলসমূহক উদ্দেশ্য কৰি পৰ্যটনৰ উন্নয়ন সাধন এই পথ নিৰ্মাণৰ অন্যতম উদ্দেশ্য৷ কিন্তু আচৰিত পালোঁ, এইফালে আমি সীমান্ত পৰ্যন্ত আগুৱাই আহিলোঁ৷ ক'তো সেই পথৰ ৰেঙণি হ'লে এচেৰেঙাও দেখা নাই৷ ঘোষণাই ইতিমধ্যে ৭বছৰ গৰকিলে!

ইফালে দেশৰ বৰ্তমানৰজন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ সীমান্ত অঞ্চলেৰে গুজৰাটৰ পৰা মিজোৰামলৈ ৫,৩০০কিল
মিটাৰ দূৰত্ব সামৰি এক সুদীৰ্ঘ পথ নিৰ্মাণৰ অভিলাষী আঁচনি হাতত লৈছে৷ ভাৰতমালা নামৰ ১৪,০০০কোটিটকীয়া এই পথ যোগাযোগৰ দ্বাৰা সীমান্ত এলেকাৰ জৰিয়তে দেশৰ পূব আৰু পশ্চিম প্ৰান্তক উন্নয়নৰ দিশত আগ বঢ়াই নিয়া হব৷ অহা ৫বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লোৱা এই আঁচনিয়ে গুজৰাট, ৰাজস্থান, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ছিকিম, অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মিজোৰামক সামৰি লব৷ সীমান্তৰ উন্নয়নৰ লক্ষ্যত এয়া নিঃসন্দেহে যোগাত্মক বাৰ্তা৷

আশ্বি হিল্‌ছৰ দৰেই কাহোৰ পাহাৰৰ বক্ষতো বাংকাৰ কিছুমান চকুত নপৰাকৈ থকা নাই৷ শান্তিৰ মাজতো কিয় জানো, প্ৰতিটো বাংকাৰেই যুদ্ধৰ বিভীষিকা মনলৈ লৈ আনে৷ কাৰণ প্ৰতিটো ট্ৰেন্সেই সাক্ষী একো একোটা জীৱনৰ, সাক্ষী শত্ৰুৰ গুলীৰ মাজত জীৱন-মৃত্যুৰ খেলা কৰা মুহূৰ্ত কিছুমানৰ৷ ভূমি ৰক্ষকৰ জীৱন তেনেকুৱাই৷ সেই ভূমি ভাৰতেই হওক, চীনেই হওক, লাগিলে আন কোনোবা ৰাষ্ট্ৰই নহওক৷ এঠাইত পাহাৰৰ ওপৰলৈ সেনাৰ তত্ত্বাৱধানত ট্ৰেন্স খন্দোৱাই থকা হৈছিল৷ দেখি এনেহে লাগিল যেন যুদ্ধ সমাগত! যুদ্ধ এখনৰ বাবেহে যেন ৰৈ আছে সীমা চুই থকা দুখন বৃহৎ দেশ, পৃথিৱীৰ দুটা বৃহৎ শক্তি৷ ১৯৬২ৰ কথা আকৌ মনত পৰি গল৷ সাহসৰ বাদে ভাৰতীয় সেনাৰ হাতত প্ৰয়োজনীয় অস্ত্ৰকে ধৰি বহু বস্তুৰে অভাৱ আছিল তেতিয়া৷ ফলত ছত্ৰভংগ দিব লগা হৈছিল৷ আওমৰণে মৰিছিল বহুতো ফৌজী৷ সেইসকলৰ স্মৃতিতে নামতিত পাই অহা স্মাৰক, ৱালঙত দেখি অহা ৱাৰ মেমৰিয়েল, হেলমেট টপৰ স্মৃতিস্তম্ভ, কিবিথোৰ চকী৷ যুদ্ধ বিদায় আৰু মৈত্ৰীৰ হকে বিশ্ব-সম্প্ৰদায় একমত হোৱাৰ পিছত পাৰস্পৰিক সদ্ভাৱ বৃদ্ধিত এতিয়া গুৰুত্ব দিয়া হৈছে৷ এফালে বাংকাৰ নিৰ্মাণ, আনফালে যুদ্ধ বিদায়ৰ বিশ্বজোৰা শ্লগান৷ কথাবোৰ কিবা খেলিমেলি লাগি যায়৷ সহজবোধ্য নহয়চোন আমাৰ দৰে সাধাৰণ মানুহৰ কাৰণে! এইবোৰৰ ভিতৰত কেনে ধৰণৰ ৰাজনৈতিক বিচক্ষণতা, কেনে ধৰণৰ অভিসন্ধি নিহিত হৈ থাকে সাধাৰণ মগজুৰে আমি বুজিবই নোৱাৰোঁ৷

১৯৫০চনৰ বৰ-ভূঁইকঁপৰ অভিকেন্দ্ৰ এইফালেই আছিল৷ যায়ুৰ অন্তৱৰ্তী মেডগ এলেকা৷ সীমাৰ সিপাৰত ৰিণি ৰিণি ইয়াৰ পৰা দেখা পাহাৰবোৰৰ মাজতে কোনোবাখিনিত আছিল ৰিমা নামৰ ঠাইখন৷ তাৰ প্ৰায় ৬কিলমিটাৰ সিফালে ৰংথুচু পৰ্বতমালা৷ তাতে এলানি বিধ্বংসী জোঁকাৰণিৰ উৎপত্তি হৈছিল উক্ত বৰ্ষৰ আগষ্ট মাহৰ ১৫তাৰিখে৷ ভূপৃষ্ঠৰ পৰা ১৫কিলমিটাৰ তলত সৃষ্টি হোৱা শক্তিশালী জোঁকাৰণিটোৱে বিধ্বংসী ৰূপ লৈ ক্ৰমান্বয়ে বাগৰি আহিছিল অসমৰ দিশেও৷ ৰিখটাৰ স্কেলমতে ভূমিকম্পটোৰ উচ্চতম প্ৰাবল্য আছিল ৮.৬৷ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা কম্পন ছেগা-চোৰোকাকৈ ওৰে নিশাই অনুভূত হৈছিল৷ বুঢ়া লোকে কোৱামতে কেইবাদিনো ধৰি মাজে মাজে জোকাৰিয়ে আছিল হেনো৷ সেইটো আছিল বিংশ শতিকাৰ দশম বৃহৎ ভূঁইকঁপ যি ক্ষতিসাধনৰ লগে লগে বৃহৎ অঞ্চল জুৰি ভৌগোলিক গাঁথনিৰো ভাবিব নোৱাৰা ৰূপত পৰিৱৰ্তন সাধিছিল৷

ভূ-প্ৰাকৃতিক সংঘটনটোৱে ভয়ংকৰ ধৰণে কঁপাই তুলিছিল অসম আৰু চীন-তিব্বতৰ মাজৰ এই পাহাৰবোৰ৷ তললৈ খহি পৰিছিল অনেক ঠাইত৷ কেৱল আবৰ, মিছিমি পাহাৰতে হেনো ৭০খনমান গাঁও ভূমিস্খলনত জাহ গৈছিল৷ ব্ৰহ্মপুত্ৰ উপত্যকাত ২,০০০মান ঘৰ, মন্দিৰ-মচজিদ আদি চূৰ্চুমৈ হৈছিল৷ প্ৰাণ গৈছিল প্ৰায় ১,৫০০ৰ পৰা ৩,৩০০ মানুহৰ৷ শুনামতে, পাহাৰে ভেটি পেলোৱাত সোৱণশিৰি নৈখন বন্ধ হৈ পৰিছিল৷ ৮দিনৰ পিছত সোৱণশিৰিৰ সেই প্ৰাকৃতিক বান্ধ নিজে নিজে ছিগি গৈছিল৷ ২৩ফুট ওখকৈ পানী ওলাই আহিছিল জলবোমাৰ ৰূপত! চৌপাশে প্ৰভূত প্ৰকাৰে ক্ষতি সাধন কৰিছিল সেই জলবোমাই৷ সোৱণশিৰি, বুঢ়ীদিহিং, জীয়াভৰলী আদি বহু নৈয়ে তেতিয়াই গতিপথ সলালে৷ পৰশুৰাম কুণ্ড, উজনি অসমৰ শিৱসাগৰ-শদিয়া, ব্ৰহ্মপুত্ৰ নদত বিস্তৰ প্ৰভাৱ পৰিছিল ধাৰাবাহিক ভূকম্পনৰ৷ অনেক ঘৰ-দুৱাৰ মাটিৰ তলত পোত গৈছিল, বেৰ ফাটি খহি পৰিছিল, মাটিৰ তলৰ পৰা বোকা, বালি, পানী ওপৰলৈ ওলাই আহিছিল৷ ব্ৰহ্মপুত্ৰৰ তলী আগতকৈ বাম হৈ পৰিছিল৷ ফলত আজিকোপতিও অলপমান বৰষুণতে প্ৰবল বানপানীৰ সৃষ্টি হৈ আহিছে৷ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা, আনকি তেতিয়াৰ বাৰ্মাৰ পৰাও শুনা গৈছিল ভূমিকম্পৰ ফলত উদ্ভৱ হোৱা অদ্ভুত ধৰণৰ হো-হোৱনিৰ শব্দ৷ শ্বিলং, ইম্ফল, কলিকতা, দাৰ্জিলিং, ঢাকা বাদেই সুদূৰ নৰৱেতো ধৰা পৰিছিল ১৭,৯৪,০০০বৰ্গকিল'মিটাৰ জুৰি হোৱা কম্পনৰ তৰংগ৷ তাৰ ভিতৰত ৪৯,৭০০বৰ্গকিল'মিটাৰ এলেকা বেয়া ধৰণে ধ্বংসপ্ৰাপ্ত হৈছিল৷

সেই সাংঘাতিক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হোৱা আজি সুদীৰ্ঘ ৬৫বছৰ হ’লহি৷ প্ৰকৃতিৰ পুনৰ্নিৰ্মাণো হৈ গ’ল কেতিয়াবাতে৷ গতিকে তুলনামূলক কথাৰে নুবুজিলে সেয়া এতিয়া আৰু চিন-মোকামেৰে ধৰাৰ সাধ্য আমাৰ নাই৷ ইফালে অভিযোগৰ সুৰত আজিও কোৱা হয় যে যোৱা শতিকাৰ দুটা মূল ঘটনা, যি আমাৰ ৰাজ্যখনকে ধৰি উত্তৰ-পূবৰ ভূগোল আৰু বুৰঞ্জী বদলাই দিলে, ১৯৫০ৰ বৰ-ভূঁইকঁপ আৰু ১৯৬২ৰ চীনা যুদ্ধৰ বিষয়ে অসমীয়া সাহিত্যত একোকে পোৱা নাযায়৷ তাৰ পাছত তেনেকুৱা গুৰুতৰ ভূঁইকঁপ অনুভূত হোৱা নাই যদিও সৰুৰ পৰা মধ্যমীয়া প্ৰাবল্যৰ জোঁকাৰণি অনুভূত নোহোৱাকৈ থকা নাই৷

সেয়াই আছিল ১৯৫০ৰ 'মেডগ ভূমিকম্প' বা 'অসমৰ বৰ-ভূঁইকঁপ'৷ আৰু তাৰ ফলত হোৱা জান-মালৰ লোকচানকে আধাৰ স্বৰূপে লৈ কেতবোৰ আশংকাজনিত প্ৰকাশেৰে এতিয়া উত্তৰ-পূবৰ, বিশেষকৈ অসম আৰু অৰুণাচলত প্ৰস্তাৱিত জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ বাবে প্ৰয়োজনীয় বৃহৎ নদীবান্ধ নিৰ্মাণ কাৰ্যৰো ৰাজহুৱাভাৱে বিৰোধিতা কৰি অহা হৈছে৷ সাহিত্য সৃষ্টি বা কাৰিকৰী খুঁটি-নাতিবোৰৰ কথা আমি ক'ব নোৱাৰিম, কিন্তু কাহোত থিয় হৈ এইটো নিঃসন্দেহে সৌভাগ্য বুলি ভাবিবলৈ বাধ্য হৈছোঁ যে চীনা যুদ্ধ আৰু বৰ-ভূঁইকঁপ উভয়ৰে থলী আমি আমাৰ জীৱন কালত যিমানখিনি পাৰোঁ ওচৰৰ পৰা স্বচক্ষে দেখা পাইছোঁ বুলি আত্মসন্তুষ্টি নিশ্চয় আমৃত্যু লভি থাকিব পাৰিম৷ চীন সীমান্তগামী পূবমুখী যাত্ৰাত পূৰ্বতে বিচাৰ কৰি পোৱা ১৫টাৰ ভিতৰত সেই দুটা অন্যতম বিচিত্ৰতা আছিল৷ এই যাত্ৰাটোৱে সেয়া সম্ভৱ কৰিলে৷

আৰ্মীৰ ট্ৰাক এখনত অহা জোৱান তিনিজনে টেলিফোন প’ষ্ট এটাত উঠি তেওঁলোকৰ নিৰীক্ষণজাতীয় কিবা সৰঞ্জাম এটা ভাল কৰি আছিল৷ অলপ পিছতে জীপচি এখন ৰ’লহি৷ গম পালোঁ, সেইজন তেওঁলোকৰ অফিচাৰ৷ লগত সাংগোপাংগৰ দল৷ আমি আগুৱাই গ’লোঁ৷ কৰমৰ্দন কৰি কথা পাতিব ধৰিলোঁ৷ তেনেই কম বয়সীয়া, স্মাৰ্ট সৈনিক বিষয়াজন৷ মোছেই ঠুঁটিওৱা নাই ভালদৰে৷ বন্ধুত্বসুলভ মনোভাবেৰে বাৰ্তালাপ চলিল৷ কেনেকুৱা প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি তেওঁলোকে সীমান্ত ৰক্ষকৰ গুৰুত্বপূৰ্ণ কৰ্তব্য সম্পাদন কৰিব লাগে সেই সম্পৰ্কে খোলা মনেৰে কিছু আভাস দিলে৷ সীমান্তৰ সিপাৰৰ চীনা প্ৰতিৰক্ষাৰ কথাও পথৰ ওপৰতে চলা আমাৰ সেই আলোচনাত ঠাই পালে৷ তুলনামূলক তথ্যখিনিৰ পৰা গম পালোঁ, সিফালৰ সুৰক্ষা ব্যৱস্থা এইফালতকৈ কিমানগুণে উন্নত৷ উদাহৰণ হিচাপে উল্লেখ কৰিলে যে জোৱানৰ ইউনিফৰ্মত লগোৱা নেইম প্লেট পৰ্যন্ত পঢ়ি পেলাব পৰা জাতৰ শক্তিশালী যন্ত্ৰ সিফালে আছে৷ এইফালে অহৰহ শেন দৃষ্টি দি থাকে চীনা প্ৰহৰীয়ে৷

অলপ পাছতে জীপচি দৌৰাই তেওঁলোক গ’লগৈ৷ আমাৰো সময় হৈ আহিল৷ গাড়ীখন পেটেলে ঘূৰাই ল’লে৷ ভাৰতৰ একেবাৰ পূবৰ পথছোৱাৰ সমাপ্তি ঘোষণা কৰি থকা মূৰটো আকৌ এবাৰ মনত ৰৈ যোৱাকৈ চাই ল’লোঁ৷ সুযোগ পালে আকৌ কেতিয়াবা অহাৰ আশা এটা বুকুৰ একোণত সাঁচি লৈ কাহোক বিদায় জনাবলৈ ওলাইছোঁ৷ অৱশ্যে এয়া মাত্ৰ শাৰীৰিক বিদায়হে৷ জীৱন থকালৈকে মানস-পটৰ পৰা কাহোক মচিব পৰা নাযাব৷ কাহোৱে আমাৰ ভ্ৰমণ সফল আৰু সাৰ্থক কৰি তুলিলে৷









পৰৱৰ্তী লেখা :
১৮. ৱালং অভিমুখে উভতনি যাত্ৰা

Friday 24 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
১৬. কাহোৰ বৌদ্ধ মন্দিৰৰ বাৰাণ্ডাত ৰৈ



আমি কাহোত উপস্থিত হোৱাৰ লগে লগে কৰ পৰাজানো ভুটুংকৈ কেইবাজনো সেনা জোৱান আহি ওলাল৷ বন্ধুত্বৰ সুৰতে চা-চিনাকি আৰু কথা-বতৰা হল৷ দুৰ্গম, ভিতৰুৱা ঠাইত থাকি থাকি নিজৰ ভিতৰত কিমাননো আৰু সীমাবদ্ধ আলাপৰ বান্ধোনত থাকিব? সেয়ে তালৈ যোৱা কাৰোবাক দেখিলে তেওঁলোকেও আগ্ৰহেৰে আগুৱাই আহে, পৰিচয় হয়, মনৰ ভাব বিনিময় কৰে৷ কাৰণটো তেনেকুৱাই বুলি ধৰি ল'লোঁ৷ আনহাতে চোৰাংচোৱাৰ কায়দাৰে নতুনজনৰ আও-ভাও লোৱাৰ চেষ্টা বুলিও ভাবিব পাৰি৷ সি যি কি নহওক, আমি কতো অকণো অসুবিধাৰ সন্মুখীন হবলগীয়া হোৱা নাই৷ সকলোতে ভাল ব্যৱহাৰেই পাইছোঁ৷

চীনৰ দৃষ্টিভংগীৰে কিন্তু আমি এতিয়া 'দক্ষিণ তিব্বত'ত আছোঁ৷ চীনে অৰুণাচলখনক কেতিয়াবাৰে পৰাই দক্ষিণ তিব্বত আখ্যা দি আহিছে৷ ২০১৩চনৰ নবেম্বৰ মাহৰ শেষভাগত ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জী দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ আহিছিল৷ ইটানগৰত ভাষণ প্ৰসংগত মহামহিম ৰাষ্ট্ৰপতিগৰাকীয়ে 'অৰুণাচল ভাৰতৰ অংগ আৰু দৰকাৰী অংশ' বুলি কলে৷ সেইটোৱে নিমিষতে খং তুলিলে বেইজিঙৰ৷ চীন-ভাৰত সীমান্তৰ পূব দিশৰ বিবাদমান এলেকা সংক্রান্তত চীনৰ স্থিতি এতিয়াও পূৰ্বৰ দৰেই পৰিষ্কাৰ বুলি মন্তব্য কৰিলে চীনা বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ কুন গেঙে৷ এইটো ঠিক যে সীমান্ত বিষয়ক সমস্যা স্পষ্ট ৰূপত সমাধা হৈ নুঠাটো উভয় দেশৰে সম্পৰ্ক ৰক্ষাৰ বাটত এক দাঙিব নোৱাৰা শিল বুলি পৰিগণিত হৈ আহিছে৷ এই সমস্যাৰ সমাধান অবিহনে সকলো ক্ষেত্ৰতেই যেন জটিলতা আৰু জঠৰতা! তেনে মনোভাবে মৰহাই পেলাইছে উত্তৰ-পূৰ্বাঞ্চলবাসীৰো আশা-আকাংক্ষা-প্ৰত্যাশা৷

খুব ভোক লাগিছিল৷ কিবিথোতো একো খোৱা নহ'ল৷ কাহোত গাড়ীৰ পৰা নামি এলেকাটো প্ৰদক্ষিণ কৰি লোৱাৰ পিছতে বৌদ্ধ মন্দিৰটোৰ তলৰ দোকানখনত সোমাই পোনেই খাদ্যৰ অনুসন্ধান চলিল৷ অনিলদা আৰু সঞ্জুৱে সেই অভিযানত আগভাগ ললেগৈ৷ জনালে যে ভাত পোৱা নাযাব৷ 'মেগী' হব বুলি কলে৷ চলি যাব৷ তাকে তুৰন্তে আটাইকেইজনৰ কাৰণে অৰ্ডাৰ দিয়া হল৷ কোনে জানো কৈছিল, দুঃসাহসিক অভিযান বা যাত্ৰাৰ এক সুকীয়া মাদকতা আছে৷ এইবোৰ গতানুগতিক গলোঁ, চালোঁ, খালোঁ, মস্তি কৰিলোঁ, ঘূৰি আহিলোঁ নহয়৷ কেতিয়াবা থাকিবলৈকো ঠাইৰ আকাল হব পাৰে, কেতিয়াবা হয়তো খাবলৈকে ভাত নাই৷ আংশিকভাৱে আমাৰো তেনেকুৱাই চলিছে৷ ভাত নাই৷ কালিও, আজিও৷ থকাৰ চিন্তা অকণমান আছিল যদিও কিবাকৈ ৱালং আই.বি.ত ছিটকেইটা মিলিল৷ ভাত নিমিলিল৷ কালিও, আজিও!

সিফালে খাদ্য প্ৰস্তুত হয় মানে ভাৰতৰ অন্তিম পূবত অৱস্থিত একমাত্ৰ বুধিষ্ট গোম্‌পাটো চাওঁ বুলি উঠি গলোঁ৷ ৰাস্তাৰ সিপাৰে, ওপৰলৈ, পাহাৰৰ গাত মন্দিৰটো৷ ফেৰফেৰীয়া বতাহত শান্তি পতাকাও ফেৰ-ফেৰ শব্দ তুলি দুলি আছে৷ পকাৰ ভালেকেইটা চিৰি বগাই তালৈ যাব লাগে৷ দপদপাই গ'লোঁ উঠি৷ দ্বিতীয় গেটখন খুলিয়ে প্ৰথমে এখন দীঘল বাৰাণ্ডা৷ দৰজাৰ ওপৰত গজাল এটাতে ওলোমাই থোৱা থাকে তলাৰ চাবিটো৷ তলৰ পৰাই দোকানীজনে চিঞৰ মাৰি কথাটো জনাই দিলে৷ সেইটো হাতত ল'লোঁ৷ একো অসুবিধা নাইতো? এক মুহূৰ্ত কিবা এটা ভাবিলোঁ৷ তাৰ পিছত দৰজাখন নিজেই খুলি সোমাই গ'লোঁ৷ চুক-কাণ মাৰি ভিতৰখন চাবলৈ আৰম্ভ কৰি দিলোঁ৷ কাঠেৰে সজা সৰু বিহাৰ৷ কাঠৰে বেদী এখন৷ বুদ্ধৰ সৰু সৰু মূৰ্তিকেইটামান৷ ধৰ্মগুৰুৰ ফটো কেইখনমান৷ মালা, ধূপ৷ একেবাৰে মুখতে ৰূপৰ সাতোটা পাত্ৰত পানী ৰখা হৈছে৷ কাঁহী এখনতে দানস্বৰূপে ধন দিয়াৰ ব্যৱস্থাও আছে৷ তাতে সামান্য কিবা এটা আগ কৰি এখন্তেক ৰলোঁ৷ বুদ্ধ দৰ্শনৰ প্ৰতি টান এটা এনেয়েও আছে৷ বুদ্ধই মানুহৰ জীৱনৰ বাবে লাগতিয়াল কিমানযে প্ৰেকটিকেল কথা কৈ গৈছে! চাৰিওচুক চাই লৈ কাঠৰ দৰজাখন জপালোঁ৷ চাবিটো আগতে য'ত আছিল তাত থ'লোঁ৷ ষ্টেপেৰে নামিবলৈ লওঁতেহে মন কৰিলোঁ, বটল কিছুমান শাৰী পাতি ওভোতাকৈ পুতি ৰখা হৈছে৷ তেনেকৈয়ে ভূমিস্খলন ৰোধ কৰা হৈছে গোম্‌পাৰ এঢলীয়া অংশত৷ তাতে ফুলগছ কেইবিধমানো ৰোৱা হৈছে৷ ভূমি সংৰক্ষণৰ অভিনৱ টেকনিকটো দেখি ভাল লাগিল৷ নতুন কথা এটা শিকিলোঁ৷

মন্দিৰৰ বাৰাণ্ডাত থিয় দি দৃষ্টি প্ৰসাৰিত কৰোঁতেই ব্ৰহ্মপুত্ৰৰ পূবৰ মূল উপনৈ লোহিতখনৰ চীনৰ পৰা ভাৰতলৈ প্ৰৱেশদ্বাৰ দৃষ্টিগোচৰ হৈছিল৷ এই নৈখনে অতীতৰ বহুত কথা জানে৷ অদূৰত দৃশ্যমান সেই সেউজ উপত্যকাটোৰেই সৰ্পিলাকাৰে নৈখন সোমাই আহিছে৷ এইখিনিত তুলনামূলকভাৱে ঠেক৷ উপৰিভাগ ১০ফুটমান হ'ব পাৰে৷ গভীৰতা কোৱা নাযায়৷ কিন্তু অতিশয় খৰস্ৰোতা৷ সেউজীয়া-নীলা পানী৷ বৈ থাকোঁতে ওলোৱা খল্‌খলনি ইয়াৰ পৰাই অনৰ্গলভাৱে শুনা গৈছে, ওৰে বাট শুনি অহাৰ দৰেই৷ এই জলধাৰায়ে ব্ৰহ্মপুত্ৰক দুৰ্দান্তভাৱে শক্তিমন্ত কৰিছেগৈ৷ চকুৰ সন্মুখত উক্ত মুহূৰ্তটোত দেখি থকা পানীখিনি মহানদত চামিল হবলৈ কিমান সময়ৰ প্ৰয়োজন হব বাৰু? ইয়াত কিবা এটা পেলাই দিলে কিমান দিনত পাবগৈ ব্ৰহ্মপুত্ৰ? অলপ পৰ এনেয়ে ভাবি থাকিলোঁ থাউকতে উত্তৰ নথকা বিক্ষিপ্ত প্ৰশ্ন কিছুমান৷ তেনেকৈয়ে কাঠৰ টুকুৰা, মণিগুটি পেলাই দুঃসাহসী ছিকিমী কিনতাপে এদিন আৱিষ্কাৰ কৰিছিল চাংপো-চিয়াঙৰ গতিপথ৷ আমাৰ বাবে সম্ভৱ হোৱা পৰ্যন্ত লোহিতৰ গুৰিটো চোৱাৰ পিছত চিয়াংখন চাবলৈ মনটো লক্‌লকালে৷ তাৰ বাবে এই অৰুণাচলৰে টুটিং, গেলিং পাবগৈ লাগিব৷ সেয়াও চীন সীমান্তই৷ মুঠতে চীনে আমাক নেৰিছে!

বাৰাণ্ডাৰ পৰাই মূৰ তুলি চীনৰ দিশে চালোঁ৷ উভয় দেশৰ মাজৰ ১৯৬২ৰ যুদ্ধখনৰ পিছৰে পৰাই দক্ষিণ আৰু পূব এচিয়াত চীন আৰু ভাৰত পৰস্পৰ প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হৈ আহিছে৷ কেতিয়াবা বৰফ গলে, আকৌ গোট মাৰে! চীনে ভাৰতৰ প্ৰতিবেশী তথা বৈৰী দেশ পাকিস্তানৰ সৈতে বাণিজ্য আৰু সামৰিক দিশত ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাৰ লগতে আন দুখন ৰাষ্ট্ৰ ক্রমে নেপাল আৰু বাংলাদেশকো প্ৰভাৱিত কৰি আহিছে৷ ১৯৭৯চনত ডেং ঝিয়াওপিং ক্ষমতালৈ অহাৰ পিছত চীনে সম্প্ৰসাৰণৰ বিপৰীতে এচিয়াৰ দেশবোৰৰ সৈতে ব্যৱসায়-বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক স্থাপন কৰিব ধৰিছে৷ ম্যানমাৰৰ মিলিটেৰী জুণ্টা চৰকাৰৰো আনকি নিকট সমৰ্থক হিচাপে বিবেচিত হৈছে চীন দেশ৷

সেই চীনৰ ভূখণ্ড এতিয়া চকুৰ আগত৷ ঘৰবোৰ জিলিকি আছে৷ এয়া ভাৰত৷ সৌৱা চীন৷ মাজত চকুৰে নেদেখা লাইন অফ একচুৱেল কণ্ট্ৰল, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা৷ উভয় দেশে উভয় দেশক নিয়ন্ত্ৰণ কৰি আছে তাৰ দুয়ো পাৰে৷ নিয়ন্ত্ৰণ হেৰুৱালেই বিপদ! চীন-ভাৰত সম্পৰ্ক সন্দৰ্ভত ২০১৪চনত বি.বি.চি.য়ে প্ৰকাশ কৰা ৱৰ্ল্ড চাৰ্ভিচ পলৰ মতে ৩৩ শতাংশ ভাৰতীয়ই চীনক যোগাত্মকভাৱে চায়৷ ৩৫ শতাংশৰ আছে বিয়োগাত্মক দৃষ্টি৷ আনহাতে ভাৰতক যোগাত্মক দৃষ্টিৰে চায় ২৭ শতাংশ চীনা লোকে৷ ৩৫ শতাংশই নঞৰ্থক ৰূপত লয়৷ এই দৃষ্টিভংগী এশ শতাংশ সদৰ্থক কেনেকৈ হ'ব সেয়া চিন্তনীয় বিষয়৷

সামৰিক দৃশ্যপটলৈ মন কৰিলে দেখা যায়, মাজে মাজে চীনা সৈন্যই ভাৰত সীমান্তত অসন্তুষ্টিৰ সৃষ্টি কৰি নহা নহয়৷ ২০১৪ৰ ছেপ্টেম্বৰত উভয় দেশৰ মাজৰ সম্পৰ্কই বেয়া ৰূপ লৈছিল৷ শ্বুমাৰ খণ্ডত চীনৰ পিপুল্‌চ লিবাৰেচন আৰ্মীৰ দল এটা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ২কিলমিটাৰ ভিতৰলৈ সোমাই আহিছিল৷ সৌ-সিদিনা ২০ আৰু ২৮মাৰ্চত লাডাখ সীমান্তৰে চীনৰ সৈন্যৰ অনুপ্ৰৱেশৰ ঘটনাই ভাৰতক উদ্বিগ্ন কৰি তোলাৰ লগতে তাকে লৈ সীমান্তত উত্তেজনাৰো সৃষ্টি হৈছিল৷ ২০১৩চনত পি.এল.এ.ৰ সদস্যই লাডাখ সীমান্তৰে প্ৰৱেশ কৰি ভাৰতীয় ভূখণ্ডত প্ৰায় ৩সপ্তাহ ধৰি শিৱিৰ স্থাপন কৰি থকাৰ পিছত ২০১৫ত এয়া দ্বিতীয় ঘটনা৷ উত্তৰ লাডাখৰ বাৰ্টছি আৰু ডেপছাং অঞ্চলত চীনা সৈন্যৰ দুটা দলে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল৷ সেই স্থান ভাৰতীয় সেনা বাহিনীৰ অন্তিম শিৱিৰৰ সমীপৰ অ'ল্ড পেট্ৰ'ল পইণ্টত৷ উক্ত দুই স্থানৰ পৰা ভাৰতীয় সৈন্যক আঁতৰি যাবলৈ সংকেত দি চীনা সৈন্যই ভাৰতীয় ভূখণ্ডত প্ৰৱেশৰ প্ৰচেষ্টা চলাইছিল৷ কিন্তু ভাৰতীয় সেনা বাহিনীয়ে বেনাৰ প্ৰদৰ্শন কৰি চীনৰ সৈন্যক সেই স্থানৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে৷ এনেকুৱা ঘটনা সীমান্তত মাজে মাজে চলি থাকে৷ তেনেকুৱা বাতৰিবোৰে ১৯৬২ৰ ঘটনাপ্ৰৱাহলৈ মনত পেলাই দিয়ে৷ উক্ত যুদ্ধথলীতেই আমি এইকেইদিন আপোনমনে বিচৰণ কৰি আছোঁ৷ ইফালে গৈছোঁ, সিফালে গৈছোঁ, সামৰিক ইতিহাস আৰু সেউজীয়া প্ৰকৃতিৰ সোৱাদ লৈছোঁ৷

চীন-ভাৰতৰ মাজত সমিলমিল বঢ়াই বিৰোধী কাৰ্যকলাপৰ প্ৰশমন ঘটোৱাৰ উদ্দেশ্যে ২০০৬চনৰ ২১নবেম্বৰত তেতিয়াৰ ভাৰতৰ প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু চীনৰ ৰাষ্ট্ৰপতি হু জিনটাওৰ মাজত ১০দফীয়া যুটীয়া ঘোষণা প্ৰকাশ পাইছিল৷ খবৰৰ মতে দুয়োখন দেশৰ মাজৰ বাণিজ্যই প্ৰতি বছৰে ৫০শতাংশ বৃদ্ধি লাভ কৰিছে৷ পিছে চীনে পাকিস্তানৰ সৈতে ৰক্ষা কৰা গাঢ় সম্পৰ্ক, অৰুণাচলৰ ওপৰত কৰি অহা দাবী ইত্যাদিয়ে চুক্তিৰ পিছতো এনে সম্পৰ্কক সংশয়ৰ আৱৰ্তত নৰখা নহয়৷ ভাৰতে তিব্বতৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা চতুৰ্দশ ডালাই লামাক আশ্ৰয় প্ৰদান কৰাটোৱে এনে ধৰণৰ দ্বিপাক্ষিক সংযুক্তিত আজিকোপতিও অবিশ্বাসৰ ক'লা ডাৱৰ সৃষ্টি কৰিবলৈ এৰা নাই৷ ইফালে দ্বিপাক্ষিক বাণিজ্যই ২০৫০ত বিশাল অংক স্পৰ্শ কৰিব বুলি কোৱা হৈছে যদিও বৰ্তমান সময়ত ভাৰত আৰু চীনৰ সম্পৰ্ক সিমান শক্তিশালী নহয়৷ ঊৰ্ধ্বগামী ব্যৱসায়িক ঘাটিৰ সৈতে কেনেকৈ মোকাবিলা কৰা হ’ব তাকে লৈ ভাৰতৰ চিন্তা-দুশ্চিন্তা আৰম্ভ হৈছে৷ ২০০৮চনত চীন দেশ ভাৰতবৰ্ষৰ সবাতোকৈ বৃহৎ ব্যৱসায়িক সহযোগী হিচাপে দৃশ্যমান হৈছিল৷ দুয়োখন দেশে কূটনৈতিক আৰু সামৰিক সম্পৰ্ক প্ৰসাৰৰ দিশতো পদক্ষেপ ল’বলৈ মনস্থ কৰিছিল৷ ২০১২চনত চীনে প্ৰকাশ কৰিছিল যে চীন-ভাৰত মৈত্ৰী দেশখনৰ বাবে দৰকাৰী দ্বিপাক্ষিক সহযোগিতা হিচাপে চিহ্নিত হ’ব পাৰে৷ এই দুই বিশাল ৰাষ্ট্ৰৰ পাৰস্পৰিক সম্পৰ্ক কিমান সবল, তাৰ ওপৰতে নিৰ্ভৰ কৰিছে আহিবলগীয়া দিনবোৰত এচিয়া বাদেই, পৃথিৱীৰো বহুবোৰ কথা৷

পি. ভি. নৰসিংহ ৰাওৰ প্ৰধান মন্ত্ৰিত্বৰ কালত ১৯৯১চনত ভাৰতবৰ্ষত ‘লুক ইষ্ট পলিচী’ বা পূবলৈ চোৱা নীতিৰ সুভাৰম্ভণি ঘটোৱা হৈছিল৷ পৰৱৰ্তী প্ৰধান মন্ত্ৰী ক্ৰমে অটল বিহাৰী বাজপেয়ী আৰু ডক্টৰ মনমোহন সিঙে ইয়াক আগুৱাই নিয়ে৷ ভাৰতৰ বৈদেশিক নীতিৰ অন্তৰ্গত পূব প্ৰান্তৰ চুবুৰীয়া দেশসমূহৰ সৈতে বন্ধুত্ব আৰু অৰ্থনৈতিক সম্পৰ্ক গাঢ় কৰাৰ মানসেৰে গ্ৰহণ কৰা এই নীতিৰে ভাৰতৰ বৈদেশিক অৰ্থনীতিয়ে নহয়, উন্নয়নমুখী বিশ্ব অৰ্থনীতিৰ প্ৰতিও ভাৰতৰ দৃষ্টি সম্প্ৰসাৰিত কৰাৰ লগতে আন্তৰ্জাতিক মহলত ভাৰতৰ খোপনি মজবুত কৰাটোও লক্ষ্য৷ লুক ইষ্ট পলিচীৰ মাধ্যমেৰে এছিয়া-পেচিফিক অঞ্চলত ভাৰতবৰ্ষৰ উপস্থিতি সুদৃঢ় আৰু প্ৰভাৱশালী হৈ পৰাটো বেইজিং মহলে নিবিচাৰে বুলিও অভিযোগ আছে৷ ইফালে আমাৰ দেশৰ এই পূবলৈ চোৱা নীতি যথাযথভাৱে কাৰ্যকৰী হোৱাৰ বাটত চীনেই হৈছে নিৰ্ণায়ক, চীনেই হৈছে বিধায়কো৷ এই আঁচনিয়ে সঁচা ৰূপ পৰিগ্ৰহ কৰাত চীনৰ গুৰুত্বপূৰ্ণ আৰু সক্রিয় দৃষ্টিভংগীৰ প্ৰয়োজন আছে৷ দক্ষিণ-পূব এচিয়া আৰু পূব এচিয়াত ভাৰতৰ ৰাজনৈতিক, অৰ্থনৈতিক নৱজাগৰণত চীনৰ যোগাত্মক সঁহাৰিৰ একান্ত আৱশ্যক৷ দক্ষিণ-পূব আৰু পূব এচিয়াৰ শান্তি আৰু স্থিৰতাৰ প্ৰশ্নও ইয়াৰ সৈতে বিজড়িত হৈ আছে৷ এই ক্ষেত্ৰত ভাৰতে অঞ্চলটোত নিজৰ স্থান আৰু মানৰ উন্নয়ন সাধিব লাগিব৷ শেহতীয়াকৈ কেন্দ্ৰীয় গৃহৰাজ্য দপ্তৰৰ মন্ত্ৰী তথা অৰুণাচলৰে বাসিন্দা কীৰেন ৰিজিজুৱে সদৰি কৰা মতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ এন.ডি.এ. চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ-পূব এচিয়াৰ ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰস্থল কৰাৰ লক্ষ্যৰে পূৰ্বৰ Look-East Policyক Act East Policyলৈ পৰিৱৰ্তন কৰিছে৷ উত্তৰ-পূবৰ প্ৰকৃত বিকাশত এই নীতি কেনে সহায়ক হয় সেয়া সময়ে জনাব৷

ভাৰতে মুঠ ঘৰুৱা উৎপাদনৰ দিশৰ পৰা আমেৰিকা আৰু চীনৰ পিছতে এই দশকটোত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ খবৰ আহিছে৷ ইফালে আকৌ ভৱিষ্যৎ বাণী শুনা গৈছে যে মহাচীন নহয়, অচিৰেই এছিয়াৰ অৰ্থনৈতিক মহাশক্তি হিচাপে পৰিগণিত হ’ব ভাৰতহে! পৃথিৱীৰ অন্যতম শক্তিধৰ দেশ চীন অতদিনে অৰ্থনীতি, সামৰিক শক্তি আদি সকলো দিশতে আছিল এচিয়াৰ ছুপাৰ পাৱাৰ৷ কিন্তু এচিয়ান ডেভেলপমেণ্ট বেংকৰ এটা সমীক্ষাই সদৰি কৰিছে যে এই বছৰতে ভাৰতে অতিক্রম কৰিব বৃহত্তম অৰ্থনৈতিক শক্তি চীনক৷ 'এচিয়ান ডেভেলপমেণ্ট আউটলুক'ৰ বাৰ্ষিক প্ৰকাশনত ওলোৱা সমীক্ষাৰ তথ্যমতে ভাৰতৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে চলোৱা অভিযান ‘মেক্‌ ইন ইণ্ডিয়া’ চীনৰ তুলনাত অধিক কাৰ্যকৰী হ’ব৷

অনেক আশা, অনেক প্ৰত্যাশা৷ আমি সামান্য চিন্তাৰ, কল্পনাপ্ৰৱণ, উন্নয়নকামী, ভ্ৰমণকাৰী মানুহ৷ দেশৰ পূব মূৰটোৰ পৰা চুবুৰীয়া চীনৰ দিশে একান্তমনে চাই চাই এতিয়া অনৰ্গলভাৱে ভাবিব ধৰিছোঁ এনেবোৰ কথাকে৷

কাহোৰ বৌদ্ধ মন্দিৰৰ ষ্টেপেৰে এখোজ-দুখোজকৈ নামি আহি থাকোঁতে কিছুপৰ অন্য এটা চিন্তা কৰিলোঁ৷ ঘৰৰ পৰা ইয়ালৈ কিমান দূৰ হ’ব? আকাশলৈ চাই ভাবিলোঁ, ডিফুৰ দিশটো কেনি? আমাৰ ম’বাইল ফোনকেইটাৰ কোনো কাম নাই ইয়াত৷ হায়ুলিয়াঙৰ পৰাই দূৰসঞ্চাৰ ব্যৱস্থা শূন্য৷ সেইকেইটা বেগৰ ভিতৰত পৰি আছে নীৰৱে৷ আনহাতে আকস্মিকভাৱে চীন দেশৰ চিগনেল ইয়াত দৃশ্যমান গৈছে, পেটেলৰ হেণ্ডছেটটোত! দোকানৰ বাৰাণ্ডাত তাকে লৈ অলপ সময় অনিলদাহঁতৰ মাজত গৱেষণা এটাও চলিছিল৷







পৰৱৰ্তী লেখা :
১৭. ৫০ৰ বৰ-ভূঁইকঁপৰ থলীলৈ চাই চাই
অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
১৫. চীনলৈ চুটি পথৰ সন্ধান



কাহো বুলিলেই ভাৰত আৰু চীনৰ মাজৰ স্পৰ্শকাতৰ সীমান্তৰ ছবি এখন মনলৈ আহে৷ ১৯৬২ৰ যুদ্ধখনেই এই সীমান্তৰ আটাইতকৈ যেন সহজ পৰিচয়! ভাৰতৰ ফৰৱাৰ্ড পলিচীকে সেই ইণ্ডো-চাইনীজ ৱাৰৰ অন্তৰ্নিহিত কাৰণ বোলা হয়৷ আন একাংশৰ মতে চীনৰ আগ্ৰাসন৷ ফৰৱাৰ্ড পলিচীৰ উদ্দেশ্য আছিল চীনাৰ অগ্ৰগতি ৰোধ কৰা আৰু আকচাই চীনত ভাৰতৰ স্থিতি মজবুত কৰা৷ এই নীতি তদানীন্তন ভাৰতীয় শাসক মহলৰ সাম্ৰাজ্যবাদী মনোভাবৰ প্ৰতিফলন আৰু তাৰে পৰিণতি ৬২ৰ ৱালঙৰ যুদ্ধখন বুলিও কোৱা হয়৷ চাবলৈ গ'লে দুখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত সংঘৰ্ষমূলক মনোভাবৰ বীজ ৰোপিত হৈছিল ব্ৰিটিছ-ভাৰতৰ সময়ছোৱাতে৷ মোগল, ইংৰাজ, মহাসমৰ, স্বাধীনতা আন্দোলন, বৰ-ভূঁইকঁপ, চীন-ভাৰতৰ যুদ্ধ৷ অনেক ঘটনা-পৰিঘটনা৷ আমি একেলগে যাত্ৰা কৰি থকা প্ৰতিজনৰে জীৱন কাল সূচনা হোৱাৰ বা জ্ঞান হবৰ আগতেই সংঘটিত হৈ গৈছে এইবোৰ৷ পাৰ হৈ অহা জীৱনৰ বিভিন্ন স্তৰত শুনি অহা আৰু পঢ়ি পোৱা কথা৷ এই ভ্ৰমণৰ সময়ছোৱাত, যদিওবা সময় বহুত উকলি গ'ল, থলীসমূহৰ একাংশ দেখা পোৱাৰ সৌভাগ্য হৈছে৷ তাৰে অংশ হিচাপে সদ্যহতে আমি উপস্থিত হৈছোঁহি সীমামূৰীয়া শেষ স্থল কাহোত৷

গাড়ীৰ পৰা নমাৰ পিছত কাহোৰ ভূমি স্পৰ্শ কৰি থকাডোখৰৰ পৰাই দেখা পালোঁ, অৰ্ধচন্দ্ৰাকাৰ ৰূপ লৈ ৰাস্তাটো জংঘলত সোমাই পৰিছে৷ একেবাৰে আগলৈ লোৰ সৰু দলং এখন৷ সেই পৰ্যন্ত খোজেৰে যাব পাৰি৷ তাৰ আগৰফালে যোৱাটো সাধাৰণ লোকৰ বাবে নিষেধ৷ পথ নাই বুলি আমিও আগৰে পৰাই জানি আহিছোঁ৷ কিন্তু সেইটোৱেই চীনলৈ যোৱাৰ চুটি পথ, সহজ পথ, যি পথ বিচাৰি মোগল আহিছিল, ব্ৰিটিছ আহিছিল৷ এতিয়া তেনেকুৱা দিগ্বিজয়ী, সম্প্ৰসাৰণবাদী যোদ্ধা নাহিলেও চাগৈ নহাকৈ নাই কৌতূহলী, সত্যসন্ধানী গৱেষক-পৰ্যটক!

উত্তৰ-পূবেৰে চীনলৈ লুকাই থকা বাট মোকলোৱাৰ প্ৰসংগত উত্তৰ ভাৰতৰ সৰ্বপ্ৰথম স্বাধীন মুচলমান ৰজা, দিল্লীৰ প্ৰথমগৰাকী চুলতান তথা দাস বংশৰ প্ৰতিষ্ঠাতা কুতুবুদ্দিন আইবাকৰ সুদক্ষ সেনাপতি মহম্মদ ইবন বিন বখটিয়াৰ খলজিৰ নাম সবাৰো আগত আহিব৷ সিন্ধু আৰু গংগা উপত্যকাত প্ৰকৃত তুৰ্কীৰাজৰ কৰ্তৃত্ব স্থায়ী কৰাৰ পিছত গৌড়ত খোপনি লৈ সুসংগঠিত সৈন্যশক্তিৰে ব্ৰহ্মপুত্ৰ উপত্যকা ভেদি তিব্বত, মহাচীন আদি জয় কৰাৰ অভিপ্ৰায়েৰে অভিযান ৰচনা কৰিছিল খলজিয়ে৷ বিশাল অশ্বাৰোহীৰ দল এটাৰ নেতৃত্ব বহন কৰি, তিব্বতলৈ বাট বিচাৰি ১২০৫খ্ৰীষ্টাব্দত লুইতৰ উত্তৰ পাৰেদি তেওঁ কামৰূপ ৰাজ্যত প্ৰৱেশ কৰিছিল৷ উত্তৰ গুৱাহাটীৰ আশে-পাশে ৰাজধানী পাতি স্বতন্তৰীয়া শাসন চলাই থকা কামৰূপী ৰাজবংশীয় কোঁৱৰ পৃথুৱে খলজিৰ উক্ত আগমন ব্যৰ্থ কৰে৷ কামৰূপী আৰু জনজাতীয় সেনা-প্ৰজাই মাৰ বান্ধি হাজোৰ ওচৰত বৰনদীৰ পাৰত প্ৰত্যাক্ৰমণ চলাই তুৰ্কী বাহিনীক থান-বান কৰে৷ তাৰ কেইবা শতিকাৰ পিছত দিল্লীৰ মোগল সম্ৰাট ঔৰংগজেবৰ মাৰফতত বংগৰ চুবাদাৰ মীৰজুমলা, সেনাপতি ৰছিদ খাঁ, অম্বৰৰাজ ৰামসিংহৰ অসম অভিযান৷ বাদছাহৰ উদ্দেশ্য আছিল চীনৰ মিং সাম্ৰাজ্য জয় কৰা৷ আহোম স্বৰ্গদেউ জয়ধ্বজসিংহৰ শাসন কাল (১৬৪৮-১৬৬৩চন)কে সামৰি মোগলে ১৭বাৰ অসম আক্ৰমণ কৰিছিল৷ শেষত ১৬৭১চনত 'অসমীয়া ট্ৰেফেলগাৰ', শৰাইঘাটৰ ৰণত পৰাজয় বৰণ নকৰালৈকে তেওঁলোকৰ হাততো সেই তথ্যই আছিল৷ মানস-পটত ক্ৰিয়াশীল হৈ আছিল সেই আকাংক্ষা যে চীনলৈ কম কষ্টকৰ আৰু চমু বাটটো এইপিনেদিয়েই আছে৷ কাজেই উপৰ্যুপৰি অসমত সোমোৱাৰ প্ৰচেষ্টা৷ তাৰ পৰৱৰ্তী কালত উপদ্ৰৱী মানক নিয়ন্ত্ৰণাধীন কৰি ১৮২৬চনৰ ২৪ফেব্ৰুৱাৰীত কৰা ইয়াণ্ডাবু সন্ধিৰে অসম মুলুকত নিজৰ স্থিতি গজগজীয়া কৰি পেলোৱা ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্ৰিটিছ বাহাদুৰ৷ কিমানবোৰযে যুদ্ধ-বিগ্ৰহ! মূল কাৰণ একেটাই৷ সাম্ৰাজ্য সম্প্ৰসাৰণৰ জৰিয়তে চীনা ভূখণ্ড অভিমুখে চুটি পথৰ সন্ধান উলিওৱা৷ দীৰ্ঘ সময়ৰ অন্তত, ঊনৈশ শতিকাত ইংৰাজে ৰাস্তাটোৰ অৱস্থান একপ্ৰকাৰ নিশ্চিত কৰি পেলাইছিল৷ মূল ভাৰত ভূখণ্ডৰ পৰা এমূৰীয়াকৈ আঁতৰি থাকিলেও অসম আৰু চীনৰ কৰিড’ৰ এইফালেহে বুলি 'জন বুল' ব্ৰিগেড হাণ্ড্ৰেড পাৰ্চেণ্ট খাটাং হৈ পৰিছিল সেই কোন কাহানিবাই৷

পণ্ডিত-শিক্ষাবিদৰ অধ্যয়নতো ঠাৱৰ হৈছে এই কথা৷ মোগল বা ব্ৰিটিছে ভালকৈ গম পাইছিল যে চীনলৈ যোৱা চমু ৰাস্তাটো এইফালেই কেনিবাদি আছে৷ হিমালয়ৰ পাদদেশত অসম বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ অৱস্থিতি৷ অলপমান ওপৰলৈ নেফা৷ সিপাৰেই চীন৷ মাজত মাথো হিমালয়ৰ গিৰিমালা৷ ইয়াৰ মাজতেই নিশ্চয়কৈ লুকাই আছে চীনলৈ বা তেতিয়াৰ তিব্বতলৈ যোৱা উজু গিৰিপথটো৷ হাবি-জংঘলেৰে দুৰ্গম আছিল যদিও অতীজতে যাতায়াত চলিছিল এইটো পথেৰেই৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ জনৈক বিদ্বানৰ লেখাতো আমি পঢ়িবলৈ পাওঁ যে ব্যৱসায়ী, তীৰ্থযাত্ৰী, চোৰাং কাৰবাৰী আনকি হেনো দেহোপজীৱীনীৰো আহ-যাহ চলিছিল এই চমু বাটেৰে!

স্থানীয় পাৰ্বত্য জনগোষ্ঠীয় লোকসকলৰ জ্ঞাত আছিল পূবৰ পথৰ দুৱাৰখন ক’ত আছে৷ গতিকে এইফালেৰে চীন দেশলৈ যাবলৈ সহজ আৰু সম্ভৱ বুলি ভবা ইংৰাজ দুঃসাহসিক অভিযানকাৰীক প্ৰয়োজন আছিল একমাত্ৰ থলুৱা খামতি, মিছিমি, চিংফৌ আদি পৰ্বতীয়া অধিবাসীৰ সাহায্য৷ তেতিয়াৰ এই জংগীসকলৰ সহায়-সন্মতি অবিহনে সঠিক পথ বিচাৰি উলিওৱাটো অসম্ভৱ বুলি অত্যুৎসাহী ব্ৰিটিছেও আনকি ভাবি ল’বলৈ বাধ্য হৈছিল৷ ভূগোলৰ জ্ঞান আৰু বিশ্লেষণেৰে বৰ্তমানৰ পৰা ১০০বছৰৰ আগতেই তেওঁলোকে এইটোও অনুমান কৰি লৈছিল যে ব্ৰহ্মপুত্ৰৰে উজাই গ’লেই চীন সোমাব পৰা যাব৷ ব্ৰিটিছ অধিকৃত ভাৰত আৰু চীনৰ মাজত লোহিত ভেলী৷ কাজেই ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ শদিয়াত কোঠ মাৰিছিল ইংৰাজে৷ এনেয়ে নহয়৷ মতলব আছিল চীন চুই পেলোৱাৰ৷

স্বভাৱতে দুঃসাহসী ইংৰাজ জাতি৷ আজিৰ পৰা প্ৰায় ছকুৰি বছৰৰ আগতেই দাক্ষিণাত্যৰ পৰা আহি হেনৰী কোট্টামে খোজ কাঢ়িয়েই যাবলৈ মৰসাহ কৰিছিল চীন চাবলৈ৷ ১৮৭৬চনত শদিয়াৰ পৰাই সূচনা কৰিছিল সেই যাত্ৰা৷ পিছে পৰশুৰাম কুণ্ডত স্তব্ধ হৈ গৈছিল৷ অহাৰ বাটত ১১এপ্ৰিল তাৰিখে আমিও গৰকি আহিছোঁ ব্ৰহ্মকুণ্ড বা পৰশুৰাম কুণ্ড৷ নিজে যাত্ৰা কৰি গম পাই গৈছোঁ পথৰ উদ্গতি আজি কেনেকুৱা৷ তৎসত্ত্বেও ব্ৰিটিছ তেতিয়াই নিশ্চিত আছিল যে পথটো এইদিশেই লুকাই আছে ক'ৰবাত৷ পাৰ্বত্য জনগোষ্ঠীয় মানুহৰ সাহায্যত সন্ধান চলাই শদিয়াৰ পৰা তেজু, তেজুৰ পৰা ৱালং হৈ লোহিতৰ পাৰে পাৰে এদিন চীন দেশৰ ৰিমা ওলাইছিলগৈ অত্যুৎসাহী ইংৰাজ চাহাবৰ দল৷

এফালে ভাৰতৰ শদিয়া, আনফালে চীনৰ ৰিমা৷ জনা যায়, অতীজতে আহ-যাহ চলা শদিয়া-ৰিমা সংযোগী পথেৰে দেশ স্বাধীন হোৱাৰ পিছতো মানুহৰ আহ-যাহ চলি আছিল৷ আমডোৰ পৰা এইফাললৈ তিব্বতীসকলৰ আৰু এইফালৰ পৰা মিছিমিসকলৰ ৰিমালৈ অহা-যোৱা আছিল৷ কোনো হকা-বধা নাছিল৷ চৌখাম, নামচাইলৈ ঘটা বৌদ্ধসকলৰ আগমনেও তদনুৰূপ সত্যতাকে সমৰ্থন কৰে৷ ১৯৪৭চনত ভাৰত স্বাধীন হোৱাৰ পিছতে শদিয়াৰ গুৰুত্ব ক্ৰমান্বয়ে নাইকিয়া হ’ল৷ শদিয়া-দিল্লী, শদিয়া-শ্বিলঙৰ মাজৰ দূৰত্ব দিনে দিনে বৃদ্ধি হৈ থাকিল৷ ১৯৫০চনৰ বৰ-ভূঁইকঁপৰ পূৰ্বে শদিয়া আৰু ৰিমা দুয়ো মূৰৰ দুখন ডাঙৰ নগৰ আছিল৷ ভূমিকম্পই আৰু অধিক যতি পেলালে৷ শদিয়া হৈ পৰিল কলীয়াপানী৷ সীমা সমস্যা আৰু ৬২ৰ চীনা যুদ্ধখনৰ পৰিপ্ৰেক্ষিতত সিপাৰৰ ৰিমাৰ সৈতে যোগাযোগ নোহোৱাই হৈ থাকিল৷ পৰৱৰ্তী যুগত এইপাৰে তিনিচুকীয়াই শদিয়াক স্থলাভিষিক্ত কৰিলে৷ সিফালে ৰিমা আকৌ মেপৰ পৰাই অন্তৰ্ধান! তেনেকৈয়ে জাপ খাই থাকিল পূবৰ দুৱাৰখন৷

আগন্তুক দিনবোৰত এই চুটি বাটটো মোকলোৱা বা বন্ধ দৰজা খোলাৰ প্ৰসংগত নতুন চিন্তাই কি ৰূপ লয় সেই নিৰ্ঘণ্ট সময়ে প্ৰস্তুত কৰিব৷ স্বদেশৰ অন্তিম আৰু ক্ষুদ্ৰ গ্ৰাম্যাঞ্চল কাহোৰ এই স্থানত উপৱিত হৈ, যোৱা কেইদিন একেৰাহে অতিক্রম কৰি অহা দুৰ্গমতা, বিপদসংকুলতাখিনি মনতে সুঁৱৰি আজি আমি এইটো কথা অনুমান কৰিবলৈকো টান পাইছোঁ যে কিমান কষ্ট আৰু বিপদ-বিঘিনি হৈছিল চাগৈ, ব্ৰিটিছ অভিযানকাৰীৰ, অতীতৰ সেই যাত্ৰা আগ বঢ়াই নিয়াত! তাৰো আগৰ তিব্বতী, মিছিমিসকলৰ কথাটো ভাবিবই নোৱাৰি৷ আমি যেনিবা আজি ২০১৫ৰ বিশেষ এক সন্ধিক্ষণত গাড়ীত উঠি, কম সময়তে, কম আয়াসতে আহিব পাৰিছোঁ পথ-সমাপ্তি পৰ্যন্ত৷ কিন্তু তেতিয়া? কল্পনা কৰিবলৈ লৈ মূৰটো হঠাতে আচন্দ্ৰাই কৰা যেনেই লাগি গ'ল৷ কেনেকৈযে সম্ভৱ হৈছিল তেতিয়া!

এই পথ নে ষ্টীলৱেল পথ? চীনলৈ দৰাচলতে পূবৰ কোনটো পথ, কোনখন দুৱাৰ খোলা উচিত? সেই লৈও জল্পনা-কল্পনাৰ অন্ত নাইকিয়া৷ চীনগামী এইটো বাটে আমি নিজে আহিয়ে দেখিলোঁ, ইয়াত নাই কোনো বাধা৷ ইফালে দ্বিতীয় মহাসমৰৰ সময়ত এই পূৰ্বোত্তৰতে দুবছৰৰ লক্ষ্য বান্ধি ৯,০০০ফুট উচ্চতাৰ পাটকাই পৰ্বতৰ বক্ষ বিদীৰ্ণ কৰি সজা হৈছিল অসমৰ লেখাপানীৰ পৰা চীনৰ কুনমিঙলৈ ১,৭৩৬কিল’মিটাৰ দৈৰ্ঘ্যৰ ষ্টিলৱেল ৰ'ড৷ সৌভাগ্যক্ৰমে সেই বাটেও এদিন এছোৱা সোমাই পাইছোঁ আমি৷ পিছে ভাৰতৰ উত্তৰ-পূবৰ লগত চীন দেশৰ সংযোগ সাধিবলৈ চকুৰ আগত এতিয়া ওলাই থকা এইটো পথহে একে আষাৰে অধিক প্ৰশস্ত বুলিম৷ ষ্টীলৱেল ৰাস্তা কেতিয়াও বাস্তৱ নহয়৷ কাৰণ মাজত আছে অন্য এখন বিদেশ৷ ভাৰতৰ ৬১কিল'মিটাৰ, চীনৰ ৬৩২কিল'মিটাৰ৷ বাকী পথছোৱাৰ সৰহখিনিয়ে তৃতীয়খন চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত৷ সেই পথেৰে 'ল'কেল বাৰ্মুডা ট্ৰায়েংগল' অথবা বাৰ্মিজ ভাষাত 'নংয়াং' হ্ৰদ বুলি জনাজাত 'লে’ক অফ ন’ ৰিটাৰ্ণ' পৰ্যন্ত যাওঁতে আমি দেখিছিলোঁ, এটা যেন এৰি দিয়া পথহে সেইটো! ম্যানমাৰ হৈ চীনলৈ দূৰত্বও বহুত বেছি৷ ৱালঙৰ পথেৰে অনেকগুণে কম৷ নাথু-লা, বুম-লাৰ দৰে উচ্চতাৰ ভয় আৰু বৰফৰ বাধা কিবিথো-কাহোৰ এই পথছোৱাত নাই৷ সেয়ে হ’লেও চীনলৈ কোনবাটে কিমাননো দূৰ, সেয়া আজিও এটা মাত্ৰ তথ্যৰ ৰূপতে ৰৈ আছে৷ বৈদেশিক বাণিজ্য, পৰ্যটন আদিৰ বিকাশত অৱদান তেনেই শূন্য৷ ২০১১তে ষ্টিলৱেল পথ দেখিলোঁ৷ এইবাৰ এই পথো দেখিলোঁ৷ তুলনামূলক বিচাৰেৰে এইটোৱে চীনলৈ চুটি আৰু সহজ বাট৷

নকলেও চলে, প্ৰাকৃতিক সম্পদেৰে চহকী ব্ৰহ্মপুত্ৰ উপত্যকা৷ ইয়াৰ তেল, চাহপাত, কয়লা, কাঠ আদি সম্পদসমূহ আহৰণ কৰাৰ লক্ষ্য ব্ৰিটিছৰ আগৰে পৰাই আছিল৷ তাৰ বাবেই ৰাস্তা সাজিছিল, ৰেল লাইন বহুৱাইছিল৷ তাৰ লগতে চুবুৰীয়াৰ সীমাবোৰো যিমান পাৰি ঠেলি যোৱাৰ প্ৰৱণতা এটা আছিল, যাতে পিছলৈ আনে নিজৰ বুলি দাবী তুলিব নোৱাৰে৷ মেকমোহন লাইনক লৈ চীনৰ লগতো তেনেকুৱা এটাই হৈছিলগৈ৷ ঠিক তেনেতে দ্বিতীয় মহাযুদ্ধৰ দামামা বাজি উঠিল৷ সমস্ত পট পৰিৱৰ্তন কৰি দিলে উক্ত মহাসমৰে৷ ভূতৰ ওপৰত দানহৰূপে আহিল ফিৰিংগীৰ শাসনৰ বিৰুদ্ধে দেশীয় জনগণৰ স্বৰাজকামী আন্দোলনৰ শ্ল'গান 'কুইট ইণ্ডিয়া"৷

অতীতৰ বৰ-অসম আৰু চীনক চমু পথেৰে লগ লগোৱাৰ উদ্যোগ এটা হয়তো সেই সময়তে ব্ৰিটিছৰ দ্বাৰা লোৱা হৈছিল৷ কিন্তু যৱনিকাও পৰিল তেতিয়াই৷ ইংৰাজ গুচি যাবলগীয়া হ’ল ভাৰত ত্যাগ কৰি৷ তল পৰি ৰ’ল পূবৰ বাটটো কটাৰ প্ৰয়াস৷ সেই ৰুদ্ধ দুৱাৰ আজিও খোল খোৱা নাই! বহুতৰ মতে, ব্ৰিটিছ থকা হ’লে কিজানি কথাটো বেলেগ হ’লহেঁতেন৷ সেই পথটোৱেই হয়তো আনি দিলেহেঁতেন পূবৰ সৈতে পোনপটীয়া সম্পৰ্ক৷ দেশৰ এমূৰীয়া, পিছ পৰা উত্তৰ-পূৰ্বাঞ্চল অংশটোৰ ৰং-ৰূপ হয়তো কিছু বেলেগ হ’লহেঁতেন৷ কিন্তু নহ'ল৷ সেই পথ তেনেকৈয়ে থাকিল৷ যুদ্ধৰ প্ৰয়োজনত ষ্টিলৱেল পথ তৈয়াৰ কৰা হ'ল যদিও তাৰো তথৈবচ অৱস্থা৷ সেই পথ দূৰণিবটীয়া, এই পথ চমু৷ কাৰ্যতঃ কিন্তু দুয়োটাই আজিৰ তাৰিখতো একোটা বন্ধ পথ৷ বগাহাতী৷ 'ভাল ৰাস্তা য’লৈ যায় সভ্যতা আৰু প্ৰগতিৰ ৰথখন ত’লৈকে যায়' বোলা কথাষাৰ প্ৰণিধানযোগ্য৷ পথ বন্ধৰ ফলশ্ৰুতিত নেফা, অৰুণাচল, অসম, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন পঁয়া লাগি ৰ'ল৷ দিল্লীও যেন বহুদূৰ! দিল্লীত বহি উত্তৰ-পূবৰ উন্নতি কৰা সম্ভৱ নহয় বুলি শেহতীয়াভাৱে প্ৰধান মন্ত্ৰী মোদীয়েও অকপটে স্বীকাৰ কৰি লোৱাটো এইখিনিতে মন কৰিবলগীয়া৷


প্ৰসংগক্ৰমে, উত্তৰ-পূৰ্বাঞ্চলৰ সীমালৈ যদি লক্ষ্য কৰা যায় তেন্তে দেখা যাব যে ৯৮শতাংশই চুই আছে দক্ষিণ এচিয়াৰ ৰাষ্ট্ৰবোৰৰ সৈতে৷ মাত্ৰ ২শতাংশহে ভাৰতৰ সৈতে আছে৷ উত্তৰ-পূব যতেই শেষ হৈছে তাতেই আৰম্ভ হৈছে দক্ষিণ এচিয়া৷ উত্তৰ-পূবৰ ৮খন ৰাজ্য ক্রমে অসম, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু ছিকিমে চীন, ম্যানমাৰ, ভূটান, বাংলাদেশ আৰু নেপালৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰিত্ব লৈ আছে৷ তৎসত্ত্বেও সম্পৰ্ক আৰু সুচল যোগাযোগৰ দিশত এতিয়াও বিৰাজমান অনেক নিমিলা অংক!

১৯৬২চনৰ পিছত ২০০৬চন৷ যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে সেই বছৰতে নাথু-লা পাছ মুকলি কৰা হয়, সীমান্ত বাণিজ্যৰ লক্ষ্যৰে৷ চীন-ভাৰতৰ মাজৰ বাণিজ্যিক সম্পৰ্কৰ উত্থানত উল্লেখযোগ্য ভূমিকা ল’ব বুলি আশা কৰি আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন কামনাৰে কেইবাখনো ব্যৱসায়িক চুক্তিসহিত ভাৰতীয় আৰু চীনা অফিচাৰসকলৰ উপস্থিতিত ২০০৬চনত ছিকিম আৰু চীন অধিকৃত তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ মাজৰ নাথু-লা পাছ খুলি দিয়া হয়৷ ছিল্কৰুটৰ অংশবিশেষ নাথু-লা গিৰিপথ৷ মূলতঃ যোগাযোগৰ সুবিধা, বিভিন্ন খণ্ডৰ উন্নয়নৰ স্বাৰ্থত আৰু উমৈহতীয়া লাভালাভৰ বাবে বহু বিলিয়ন ডলাৰ ব্যয়সাপেক্ষ বিলাসী ছিল্কৰুট প্ৰকল্পত ভাৰত আৰু শ্ৰীলংকাৰ সৈতে একেলগে কাম কৰাৰ ইচ্ছা ব্যক্ত কৰিছে চীন দেশে৷ অতীজৰ  বিভিন্ন দিশত ভাব বিনিময়ৰ উপৰি চীন দেশৰ চহকী সাংস্কৃতিক পৰম্পৰা আৰু আধুনিক চীনা বিজ্ঞান-প্ৰযুক্তি, কৃষিৰ বিকাশৰ বিষয়কে ধৰি বিভিন্ন বিষয়ক জ্ঞান লাভৰ সুযোগ মুকলি হ’ব সেই ব্যৱস্থাৰ জৰিয়তে৷ সমুদ্ৰপৃষ্ঠৰ পৰা নাথু-লাৰ উচ্চতা ১৪,১৭০ফুট৷ বৰফাবৃত্ত সেই উচ্চ পথতকৈও নিকটৱৰ্তী, চুটি আৰু সহজ বুলি দেখদেখকৈ গণ্য কৰিব পাৰি পূবমূৰৰ এই বাটটোক৷


বিজ্ঞান-প্ৰযুক্তিক সাৰথি কৰি কৃষি, উদ্যোগ, বাণিজ্য সকলো ক্ষেত্ৰতে চীন দেশ আগ বাঢ়ি যোৱাটো আমি দেখিছোঁ৷ চীনত নিৰ্মিত বস্তু আজি গোটেই পৃথিৱীতে উভৈনদী৷ আমেৰিকাৰ দৰে পশ্চিমৰ ধনী দেশলৈও উচ্চমানৰ দ্ৰব্য চীনে ৰপ্তানি কৰে৷ ভাৰতৰ বজাৰবোৰত সস্তাতে চীনৰ সামগ্ৰী উপলব্ধ৷ উত্তৰ-পূবৰ ৰাজ্যবোৰৰ বজাৰ চীনা বস্তুৰে ভৰপূৰ৷ আমাৰ ঘৰবোৰতে দেখোঁ চাইনীজ মালৰ কদৰ! আনহাতে আমাৰ ঠাইত প্ৰস্তুত হোৱা বস্তু চীনলৈ কিমান যায় বা যাব সেয়া এটা প্ৰশ্ন৷ পথ যোগাযোগ স্থাপন হ’লে এইটো নিশ্চয় নোহোৱাকৈ নাথাকিব৷ কাৰণ আমাৰ কেঁচামাল আছে৷ উৎপাদনমুখী প্ৰচেষ্টা নাই৷ বস্তু পঠিয়াবলৈ সহজ ব্যৱস্থা নাই৷ ৰাস্তা খুলিলে এয়া সম্ভৱ হ’ব বুলি ভাবিব পাৰি৷ ভাৰত চৰকাৰৰ ‘লুক ইষ্ট পলিচী’, ‘এক্ট ইষ্ট পলিচী’, পূবৰ দুৱাৰ খোলাৰ প্ৰচেষ্টা সম্পৰ্কীয় কুৰুংকাৰাং মাজে-মধ্যে আনৰ দৰে আমিও শুনা পাই আহিছোঁ৷ বেপাৰ-বাণিজ্যই হওক, পৰ্যটনেই হওক পূবলৈ চালে পাবলগীয়া বহুত আছে৷ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত তেনেকৈয়ে উত্তৰ-পূবৰ জনসাধাৰণ আগ বাঢ়ি যাব বুলি আশা কৰাটো নিশ্চয় ভুল নহ’ব৷


ভাৰত-চীন সম্পৰ্ক সবল হ’বনে, চীন-ভাৰতৰ সন্দেহ আৰু অবিশ্বাস আঁতৰ হ’বনে, সীমান্তৰ সমস্যাবোৰৰ সন্তোষজনক সমাধান ওলাবনে নাই সেয়াও আমাৰ কাৰণে গম্ভীৰ প্ৰশ্ন৷ সীমান্ত অঞ্চল সদায়েই স্পৰ্শকাতৰ৷ আন্তঃৰাষ্ট্ৰীয় হওক কিম্বা আন্তঃৰাজ্যিক৷ চীন-ভাৰত সীমান্তৰ কথাবোৰ আমি মাজে মাজে শুনিবলৈ পাওঁ৷ একেদৰে অসম-নাগালেণ্ড, অসম-মেঘালয়, অসম-অৰুণাচল সীমান্তৰ কথাও আমি শুনিবলৈ পাওঁ৷ সীমান্তৰ সমস্যা সীমাৰ মাটি আৰু মানুহৰ জীৱন-জীৱিকাক লৈ৷ এই সমস্যাবোৰৰ ৰাজনৈতিক সু-সমাধানে ৰাজ্য বা দেশ একোখনক বিকাশৰ দিশত মুকলিমূৰীয়াভাৱে আগুৱাই নিব পাৰে৷


অসমৰ দৰেই তাম, মাৰ্বলমিশ্ৰিত চূণশিল, মাইকা, বেৰেল, নিকেল, সীহ, জিংক, চিলিমিনাইট, কীয়ানাইট, এচবেচটছ, বাঁহ, কাঠ আদি বহুমূলীয়া সম্পদেৰে ভাৰতৰ অন্তিম পূবৰ প্ৰদেশ অৰুণাচলখন ভৰপূৰ৷ উচিত মানুহৰ জৰিয়তে এই সম্পদসমূহৰ উচিত ব্যৱহাৰে ৰাজ্যখনক দোপত দোপে আগুৱাই নিব পাৰে৷ অঞ্চলটোৰ ক্ষিপ্ৰবেগী উন্নয়ন সাধন হ’লে সামগ্ৰিকভাৱে ভাৰতবৰ্ষখনেই আগুৱাই যাব৷ কাহো পাই এয়া অনুভৱ কৰিছোঁ, পূবৰ দুৱাৰখন খোলোৱাত অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ-পূবৰ সম্পদ আৰু মানুহৰ এক বিশিষ্ট ভূমিকাযে আছে, তাত সন্দেহ নাই৷ তাৰ লগতে আছে সৌহাৰ্দপূৰ্ণ আৰু চৰ্তহীন ভাৰত-চীন ৰাজনৈতিক মৈত্ৰী৷ ব্ৰিটিছে যিটোৰ মীমাংসা নকৰি ওলোমাই থৈ গ’ল, আধুনিক ধাৰণাৰে দুয়োখন দেশে মিলিজুলি সীমাই সৃষ্টি কৰা সেই দীৰ্ঘদিনীয়া জঞ্জালটোক কবৰ দিব লাগিব৷ সময় সলনি হ’ল৷ মানুহে এতিয়া যুদ্ধ-বিগ্ৰহ নিবিচাৰে, বিচাৰে শান্তি-সম্প্ৰীতি৷ উন্নতিহে মানুহৰ প্ৰিয় শব্দ৷ উন্নয়নহে আজি শেষ আৰু সৰ্বজনগ্ৰাহ্য কথা৷ চুটি পথটোৰ গুৰুত্বও সেইখিনিতে৷



পৰৱৰ্তী লেখা :
১৬. কাহোৰ বৌদ্ধ মন্দিৰৰ বাৰাণ্ডাত ৰৈ
অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
১৪. পূবৰ শেষ পথটোৰে ভাৰতবৰ্ষৰ অন্তিম গাঁওখনলৈ



কেঁকুৰিটোত বাঁৱে ঘূৰি তলমুৱা হোৱাৰ পিছৰে পৰাই ৰাস্তাটো ক্রমে ক্রমে আৰু নামনিলৈ নামিব ধৰিলে৷ প্ৰথমে পালোঁ মেছাই৷ লোহিতখন তাৰ পৰা আৰু অলপ তলত আছে৷ সেইখিনিতে প্ৰজেক্ট উদায়াকৰ উদ্যোগত কম্পজিত বেইলী ব্ৰীজ এখনৰ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে৷ মুঠ ৪৬০ফুট দীঘল হব এই দলংখন৷ খুঁটাৰ ওপৰত এঠাইত লিখি থোৱা আছে দুটা শব্দ৷ সদা সাহসিক৷ হেলমেট টপৰ তাগ্ৰা ৰহ’’ৰ পিছত এই শক্তিশালী শব্দযুগলে হৃদয়ক বৰকৈ আলোড়িত কৰিলে৷ সদায় সাহসী হবলৈ যেন আমাকো ৰিঙিয়াই দিছে ফলকখনে৷ হয়ো অৱশ্যে৷ 'তাগ্ৰা' আৰু 'সাহসিক' নহলে এনে ঠাইলৈ অহাৰ চিন্তা কৰাটোৱেই অমূলক৷ এতিয়াহে বুজিছোঁ, এই পথত পথিকৰ সংখ্যা কিয়নো তাকৰ৷

সেইখনৰ ওপৰলৈ লগাই ৰখা আন এখন ব'ৰ্ডত লিখা আছে আৰু এক সাংঘাতিক, তেজস্বী বাক্য৷ ‘We believe in do before die, rather than do or die.’ জীৱন, মৰণ আৰু কৰ্মক সাঙুৰি এষাৰ অতি অৰ্থপূৰ্ণ বচন৷ ডু অৰ ডাই নহয়, ডু বিফ'ৰ ডাই৷ নতুন কনচেপ্ট এটা ময়ো শিকিলোঁ৷ এনেকুৱা প্ৰাসংগিক আৰু সময়সাপেক্ষ কথা কিছুমান জীৱনৰ বাটত আগতেও পাইছোঁ৷ মুহূৰ্ততে মনলৈ অাহিল একে ধৰণৰ মিল থকা আৰু প্ৰয়োজনীয় আন দুটা উদাহৰণ... শ্ল' এণ্ড ষ্টেডী নহয়, 'ফাষ্ট এণ্ড একিউৰেট'৷ ন'লেজ ইজ পাৱাৰ নহয়, 'এপ্লাইড ন'লেজ ইজ পাৱাৰ'৷ প্ৰচলিত ধাৰণাৰ বিপৰীতে এনেবোৰ শক্তিশালী বাক্য বা বাক্যাংশই সদায়ে চিন্তাৰ খোৰাক যোগায় যায় আৰু মনক বল দিয়ে৷ ইয়ালৈ আহি নতুনকৈ আৰু এষাৰ সংগ্ৰহ কৰিলোঁ৷

সেইখিনিতে লোহিতৰ ওপৰত তাঁৰৰ হেঙিং ব্ৰীজ এখনো পালোঁ৷ ধেনুভিৰীয়া এনে ওলোমা সাঁকোবোৰ এই অঞ্চলবিলাকৰ লাইফ-লাইন৷ নদীখনক পথালিকৈ ছেদ কৰি নিজেই যেন বিৰাট একোটা সৌন্দৰ্যৰ আঁকৰ! সেইবোৰেই সিপাৰৰ গাঁৱৰ লগত এইপাৰৰ যোগাযোগ ৰক্ষাকাৰী একমাত্ৰ সাধন৷ আৰ.চি.চি. দলং কোন যুগত হ'ব তাৰ কোনো তাৰিখ কৈ দিব নোৱাৰি৷ কিবিথোলৈ গৈ থকাৰ সময়ত ওপৰৰ পৰা সোঁহাতে তলফাললৈ চাই চাই যাওঁতে লেণ্ডস্কেপৰ দৰে সুন্দৰ আৰু মনোমোহা আটাইবোৰ দৃশ্যৰে বিভিন্ন সময়ত বিভিন্ন এংগোলত চকুহালে একেলেথাৰিয়ে ৰূপ দৰ্শন কৰি আছিল৷ ডেৰ ঘণ্টামানৰ আগতে তেনেকৈয়ে সমস্তখিনি উপভোগ কৰি আছিলোঁ উচ্চতাৰ পৰা৷ ক্ৰমে ক্ৰমে নামনিলৈ নামি এতিয়া সেইবোৰৰে মাজলৈ সোঁশৰীৰে সোমাই গৈ আছোঁ৷ বিপৰীতে, ওপৰৰ ফাললৈ দৃষ্টি প্ৰসাৰিত কৰোঁতে লক্ষ্য কৰিছোঁ, পাহাৰৰ বক্ষত কিবিথোলৈ যোৱা অকোৱা-পকোৱা ৰাস্তাটো৷ অনন্যসুন্দৰ অন্য এক লেণ্ডস্কেপ! চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ, চলচ্চিত্ৰৰ ল'কেচন নিৰ্দেশক আদিৰ বাবে এনেবোৰ স্থান নিঃসন্দেহে বিবেচনাযোগ্য৷

নিৰ্মাণৰত দলঙৰ কাষেৰেই ৰাস্তাটো পুনৰবাৰ তললৈ নামিল৷ যেন লোহিতৰ বুকুত বিলীন হৈ পৰিবগৈ!  সেইফালেই আমাৰ গাড়ীখন সশব্দে নামি গল৷ শিলাখণ্ডৰে ভৰ্তি হৈ থকা এলেকাটোৰে শিল-বালিৰ ওপৰেদি পেটেলে ধীৰে ধীৰে আগুৱাই নিব ধৰিলে৷ অদূৰত ঠেক লোৰ দলং এখন৷ গাইবস্তিত সিদিনা কমলা দিদিৰ দোকানত লালচাহ বিচাৰি সোমাওঁতে ট্ৰাকৰ চালক-হেণ্ডিমেনকেইজনে কৈ থকা শুনিছিলোঁ, লোহিতৰ ওপৰত কাহোৰ ৰাস্তাত থকা দলংখন খুলি পেলালে বুলি৷ কালিও ৱালঙত কাৰোবাৰ মুখত একেষাৰকে শুনা পাইছিলোঁ৷ শুনিয়ে বুকুখন কিবা গধুৰ লাগি গৈছিল৷ খবৰটো ভুল হ'লেই ভাল হয় বুলিও মনে-প্ৰাণে কামনা কৰিছিলোঁ৷ পানী বাঢ়িলে বা সেনাৰ কোনো জৰুৰী নিৰ্দেশ আহিলে এনে ধৰণৰ দলংবোৰ তৎক্ষণাৎ খুলি পেলোৱা হয়৷ তেতিয়া যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে৷ গাড়ী পাৰ কৰিবলৈ বিকল্প কোনো বাট নাথাকে৷ অসুবিধা সেইখিনিতে৷

এইখনেই সেই ব্ৰীজখন৷ ওপৰৰ পৰা অকণমানকৈ দেখি আছিলোঁ৷ এতিয়া আমাৰ চকুৰ সন্মুখতে৷ মাত্ৰ কেইমিটাৰমান নিলগত৷ নাই, খোলা নাইকিয়া৷ সম্পূৰ্ণ সুৰক্ষিত আছে৷ উঃ ৰক্ষা! ভাগ্য ভাল আমাৰ৷ ইফালে পৰ্বতৰ বক্ষৰ পৰা একেলেথাৰিয়ে দেখি অহাৰ পিছত লোহিতৰ জলপৃষ্ঠ ইমান ওচৰৰ পৰা এয়াই প্ৰথম পাইছোঁ৷ দলঙৰ মাত্ৰ কেইহাতমান তলেৰে বৈ আছে খৰ সোঁতৰ নৈখন৷ হাত মেলিলেই যেন সেই স্ফটিকউজ্জ্বল পানী স্পৰ্শ কৰিব পাৰিম! আনহাতে পৰশুৰাম কুণ্ডত ৰাজ্যখনৰ ভিতৰতে দীঘল পকী দলংখনৰ পিছত হাৱাই ব্ৰীজৰ বাদে গাড়ী পাৰ কৰোৱাব পৰা লোহিতৰ ওপৰত এইখনেই একমাত্ৰ দলং দেখিলোঁ৷ তাকো অস্থায়ী৷ দৈৰ্ঘ্য ১৭০ফুট৷

সোঁ-বাওঁ, আগ-পাছ, কেউফালে অতি সুন্দৰ, নয়নাভিৰাম ভূ-প্ৰাকৃতিক সাজোন৷ ধীৰে ধীৰে দলংখন পাৰ হ’লোঁ৷ সিপাৰ হৈ পাইন গছৰ বাগিচাহে যেন! তাৰ মাজে মাজে বালিয়ে বালিয়ে গাড়ীখন অগ্ৰসৰ হ'ব ধৰিলে৷ নৈৰ বুকুৰে সৰলৰ তলে তলে সেইছোৱা যাত্ৰা বুজাব নোৱাৰা ধৰণৰ সুখপ্ৰদায়ক আৰু অতিশয় উপভোগ্য আছিল৷ সেয়া এছোৱা অতিশয় শান্তিময় পথ৷ উপত্যকাৰ বালিপথ এৰি কম সময়তে আকৌ পাহাৰত উঠিবলগীয়া হ’ল৷ কেঁচা ৰাস্তাৰে গৈ পকাত উঠিলোঁ৷ এইবাৰ লোহিতৰ সিটো অৰ্থাৎ সোঁ পাৰেদি৷ মাজে মাজে বি.আৰ.অ’.ৰ কেম্প একোটা৷ অস্থায়ী চালি কিছুমান৷ খেলি থকা কণমানি কেইটামান৷ তাৰ বাদে দেখিবলৈ একো নাই৷ কেৱল উন্মুক্ত প্ৰকৃতি৷ দুবাহু মেলি যেন আমাৰ আগমনলৈকে বাট চাই আছিল!

সুউচ্চ পৰ্বত শৃংগৰ মাজৰ ঠেক আৰু জয়াল উপত্যকাত ভাৰত-চীন সীমান্তত অৱস্থিত কাহো এখন সৰু গাঁও৷ জনসংখ্যা ১০০ হ’বনে নহ’ব সন্দেহ৷ অসামৰিক লোক নিৰ্বিঘ্নে উপস্থিত হ'ব পৰা এইটোৱেই ভাৰতৰ পূৰ্ব সীমা৷ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা ইয়াৰ পৰা তেনেই ওচৰত৷ এখন গ্ৰাম্য বিদ্যালয়, এটা বৌদ্ধ বিহাৰ, এখন সৰু চাহ দোকানৰ সৈতে ই এক নীৰৱ ঠাই য’ত কুমাৰী প্ৰকৃতিয়ে অনুপম দৃশ্যৰাজিৰে মোক চা মোক চা কৰি ৰয়৷ অনৱৰতে সেনাৰ তহলদাৰী চলি থাকে ইয়াত৷ গাঁৱৰ বাসিন্দাৰ বাহিৰে কাৰো বাবে থকাৰ অনুমতি নাই৷ সদায়েই এক যুদ্ধসদৃশ পৰিৱেশ৷ পাহাৰৰ ওপৰে-তলে বাংকাৰেই বাংকাৰ৷ সাজিয়েই আছে, সাজিয়েই আছে৷ মাজত শূন্য অঞ্চল৷ তাৰ এফালে ভাৰতীয় সৈন্য, আনফালে চীনা সৈন্য৷ স্বদেশৰ নিৰাপত্তা ৰক্ষাৰ নামত শপত খোৱাসকলৰ হাতে হাতে উদ্যত মাৰণাস্ত্ৰ৷ ইয়াৰ পৰা চীনৰ দিশে চাবও পাৰি, বাধাহীনভাৱে ফটো তুলিবও পাৰি৷

নামনিলৈ বৈ থকা নৈখনৰ পাৰে পাৰে শিলাময় পাহাৰৰ কাষে কাষে উজনিলৈ আমি গৈ আছোঁ৷ নৈখন ঠেক দেখা গৈছে৷ ৰাস্তাটোও তেনেই ঠেক যদিও মোটামুটিভাৱে ভালেই পাইছোঁ৷ ইফালে মনত অনেক উৎকণ্ঠা৷ লোহিত অন্ত পৰি আহিছে৷ ৰাস্তাও শেষ হৈ আহিছে৷ তেনেকৈ আৰু কেইটামান কিল’মিটাৰ মাথো৷ এঠাইত স্থিৰ হৈ গ’লোঁ৷ সন্মুখত কেঁকুৰি এটা৷ সোঁহাতে ওপৰলৈ বুধিষ্ট গোম্‌পাটো৷ দোকানখন ৰাস্তাটোৰ বাওঁহাতে৷ তাৰ নামনিলৈ ঘৰ কিছুমান৷ খেতি পথাৰ অলপমান৷ কাহো পালোঁহি৷

ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এয়াই অন্তিমখন ভাৰতীয় গাঁও, য’লৈকে আমাৰ দৰে চিভিলিয়ান মানুহৰ আহ-যাহ সম্ভৱ হৈছে৷ বুজিলোঁ, আমাৰ হেঁপাহৰ যাত্ৰাটোৰো এয়াই অন্তিম অৱস্থান হ'ব৷ আমি আমাৰ চূড়ান্ত গন্তব্যস্থল কাহোত সোঁশৰীৰে, সুস্থশৰীৰে উপস্থিত হ’লোঁ৷ তেতিয়া সময় দিনৰ প্ৰায় ২.৪৫বজা৷ ঠিক কেঁকুৰিটোতে দোকানখনৰ কাষত পেটেলে গাড়ীখন ৰাখিলে৷ ওচৰতে পায়চাৰি কৰি থকা সৈন্য বাহিনীৰ জোৱানে জনাই দিলে সেই কথা৷ পূবমুৱা যাত্ৰাটোৰ সফল সমাপ্তি ঘটিল৷ মনত গভীৰ আনন্দৰ ভাবনা লৈ আমি আটায়ে এজন এজনকৈ গাড়ীৰ পৰা নামি শেষভূমিৰ স্পৰ্শসুখ গ্ৰহণ কৰিলোঁ৷

সীমান্ত বুলিলেই অনুভৱ কৰোঁ এক ধৰণৰ মাদকতা৷ ষ্টীলৱেল পথেৰে অৰুণাচলৰ নামপঙৰ আগলৈ ভাৰত-ম্যানমাৰৰ সীমান্ত, মেঘালয়ৰ ডাউকী-তামাবিলত ভাৰত-বাংলাদেশ সীমান্ত, উত্তৰ বংগৰ পানীটেংকী-কাকৰভিটাত ভাৰত-নেপাল সীমান্ত৷ সীমান্তত উপস্থিত হ’লেহে আচলতে সেই মাদকতা প্ৰকৃতাৰ্থত উপলব্ধি কৰা যায়৷ একদম সঁচা কথা৷ কিন্তু সীমান্তৰ সঁচা মাদকতা বিচাৰিলে লোহিতৰ পাৰে পাৰে এনেকৈ আহিলেহে দেখিছোঁ, কৌতূহলী মনৰ দেধাৰ খোৰাক পোৱা যায়৷ বিৰলধৰ্মী এটা এডভেন্সাৰ যাত্ৰা৷ সীমান্তমুখী এই যাত্ৰাই আমাক ভৱিষ্যতৰ দিনবোৰতো অবৰ্ণনীয় সুখস্মৃতি আৰু বিপুল উৎসাহ যোগাই থাকিব৷ ভাৰতৰ পূবমূৰীয়া পথৰ অন্তিমত নিজকে অৱতীৰ্ণ কৰোৱাৰ পিছত প্ৰথমেই এই বোধটোৱে টীম মাৰ্ক' পল'ৰ প্ৰতিজন সদস্যৰে হ'ল৷





















পৰৱৰ্তী লেখা :
১৫. চীনলৈ চুটি পথৰ সন্ধান