অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
৭. অৰুণাচল প্ৰদেশ, দ্যা পাৱাৰ হাউচ
চাংৱিনটিৰ পিছতে মাটিনালা মাইক্র’ হাইডেল পালোঁ৷ বোঁৱতী পানীয়ে
প্ৰজেক্ট উটুৱাই নিছে ঠিকেই৷ সেয়া আমি দেখিও আহিছোঁ৷ তৎসত্ত্বেও, অৰুণাচলৰ এইটো কোণত, ভিতৰুৱা ভিতৰুৱা স্থানত এনেকুৱা কেইবাটাও ক্ষুদ্ৰ, অতিক্ষুদ্ৰ জলবিদ্যুৎ উৎপাদন প্ৰকল্প গঢ়ি তোলা হৈছে৷
এখন এখন ঠাইক কেন্দ্ৰ কৰি এইবোৰ নিৰ্মাণ কাৰ্যৰ লক্ষ্য বান্ধি লোৱা হয়৷ কম কম শক্তিৰ এই
প্ৰকল্পবোৰে স্থানীয় গাঁওবোৰলৈ অবিৰতভাৱে বিদ্যুৎ যোগান ধৰি আহিছে৷ অৰুণাচল চৰকাৰৰ
নিয়মেই আছে বোলে য’তে যেইঘৰেই নাথাকক, পৰ্বতৰ টিঙত
থাকিলেও হেনো বিদ্যুৎ সংযোগ পাবই লাগিব৷ সঁচা-মিছা নাজানো৷ কিন্তু দুৰ্গম পাহাৰৰ
ওপৰত জিলিকি থকা ঘৰবোৰ, য’লৈ এনেয়ে হ’লে যোৱাটোৱে মস্কিল, সেইফাললৈকো
কাৰেণ্টৰ তাঁৰ যোৱা নিজৰ চকু দুটাৰে দেখিলোঁ৷ সেয়েহে ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে আন নহ’লেও লাইটৰ প’ষ্টৰ উপস্থিতি একেলেথাৰিয়ে পাই আহিছোঁ৷
কোনো কোনো এনেকুৱা অসুচল বা দুৰূহ ঠাইত খুঁটাবোৰ পোতা আছেযে ঠাইডোখৰলৈ চাই কেনেকৈযে
কামটো কৰিছে, প’ষ্টবোৰ কি উপায়ে পুতিছেগৈ, তাঁৰবোৰ
কি বুদ্ধি খটুৱাই টনাটো সম্ভৱ হৈছে সিও মনত বিৰাট একো একোটা প্ৰশ্নবোধকেই হৈ পৰিছে৷
যিমানে আগলৈ আহিছোঁ, সিমানেই দেখিছোঁ, প্ৰতিটো ক্ষেত্ৰতে প্ৰত্যাহ্বান, কেৱল প্ৰত্যাহ্বান৷
তেনে প্ৰত্যাহ্বানক স্বীকাৰ কৰি জ্ঞান, কৌশল আৰু ধৈৰ্য খটুৱাই প্ৰতিটো চেলেঞ্জকে
অতিক্রম কৰি যোৱাই মানুহৰো কৰ্তব্য৷ অৰুণাচলৰ অগম্য ঘোকোটত মানুহৰ সেই জয়যাত্ৰা দেখি
আমি উৎফুল্লিত হৈ পৰিছোঁ৷ আমাৰ মুখেৰেও আপোনা-আপুনি ওলাই গৈছে বিজয়ৰ গান৷
সূৰ্যোদয়ৰ দেশ অৰুণাচল৷ ভাৰত ভূখণ্ডৰ ভিতৰত অৰুণাচলতে সূৰ্য প্ৰথমে উদয় হয় বুলি কেৱল অৰুণাচলী কিম্বা ভাৰতীয়ই নহয়, পৃথিৱীয়ে জানে৷ সেই উদিত সূৰুযৰ কোমল কিৰণে অৰুণাচল প্ৰদেশৰ ভূমি স্পৰ্শ কৰাৰ পিছতহে দেশৰ আনবোৰ ৰাজ্যলৈ পোহৰ বাগৰে৷ এইটো প্ৰাকৃতিকভাৱে, ভৌগোলিকভাৱে এক চিৰসত্য৷ তেনেস্থলত অৰুণাচল হৈছে ভাৰতবৰ্ষৰ আলোকৰ আৰম্ভণি উৎস৷ পাৱাৰ হাউচ৷ সেই একেটা মাথো সূৰ্যই অৰুণাচলৰ পৰা বাগৰ সলাই ক্ৰমান্বয়ে দেশৰ আন আন দিশ পোহৰাই তোলে৷ তেহেলৈ অৰুণাচলৰ সূৰ্যই আমাক এই বাৰ্তাটোৱে নিদিয়েনে যে কেৱল দিন কিয়, নিশাও দেশখনক দিনৰ সমানেই পোহৰাই ৰাখিব পাৰে অৰুণাচলে! কেনেকৈ? সেই ক্ষমতা অৰুণাচলৰ আছে৷ প্ৰকৃতিয়ে সেই একক আৰু অনন্য ক্ষমতা অৰুণাচল প্ৰদেশক দি থৈছে৷ চন্দ্ৰ-সূৰ্যই কওক, পৰ্বত-পাহাৰ বা নদ-নদীয়েই কওক সকলো প্ৰকৃতিৰেই অৱদান৷ অৰুণাচলৰ পাহাৰীয়া জান-জুৰি, নৈ-নিজৰাবোৰে ভৈয়ামৰ নদীসমূহক বহল আৰু সৰ্বসময় জলময় কৰি ৰাখিছে৷ উপত্যকা অঞ্চলক উৰ্বৰা কৰি তুলিছে৷ এই নৈ-নিজৰা, জান-জুৰিৰ আধিক্যৰ বাবেই জলবিদ্যুৎ শক্তি উৎপাদনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশ আমাৰ দেশখনৰ ভিতৰতে সৰ্বাধিক সমল আৰু সম্ভাৱনাৰে চহকী৷ হিমালয়ৰ পাদদেশেৰে বৈ অহা খৰস্ৰোতা প্ৰতিখন নৈয়ে তাৰ উপাদান৷ কেৱল বিদ্যুৎ শক্তি বিক্রী কৰিয়েই পূবৰ অৰুণাচলে ভাৰতৰ আন ৰাজ্যক কিনি থ’ব পাৰে৷ সেই ধাৰণাৰো সবল ভিত্তি আছে৷
অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত প্ৰায় ৫০,০০০মেগাৱাট শক্তিসম্পন্ন জলবিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে ১৪৭টা নদীবান্ধ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ইতিমধ্যে অনুমোদন দিয়া হৈছে৷ চিয়াং উপত্যকাত ৪২টা, দিবাং উপত্যকাত ১৩টা আৰু লোহিত উপত্যকাত ১০টা বান্ধ৷ কামেং আৰু অন্যান্য লাপি-লুপাবোৰ আছেই! আনহাতে, এন.এইচ.পি.চি.ৰ দ্বাৰা নিৰ্মীয়মান ২,০০০মেগাৱাট নামনি সোৱণশিৰি প্ৰকল্পৰ উপৰি চিয়াং আৰু দিবাঙৰ বৃহৎ নদীবান্ধক লৈ চলা চৰ্চাও এতিয়া আৰু নতুন প্ৰসংগ হৈ থকা নাই৷ ভূতাত্ত্বিক, টেক্টোনিক আৰু ভূকম্পনগত দৃষ্টিভংগীৰ পৰা হিমালয়ৰ পাদদেশ, মেইন বাউণ্ডেৰী থ্ৰাষ্টৰ দক্ষিণভাগক কোনো বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বাবে বিবেচনা নকৰিবলৈ বিশেষজ্ঞই পৰামৰ্শ দিয়াৰ কথাও সৰ্বজনবিদিত৷ গৱেষকৰ মতে ইয়াৰ ফুট হিল্চ আৰু এম.বি.টি.ৰ মাজৰ এলেকা অতি সংবেদনশীল আৰু ভংগুৰ৷ সেয়ে বৃহৎ আকাৰৰ নদী বান্ধ নিৰ্মাণৰ বাবে অনুপযুক্ত বুলি বিবেচিত হৈছে৷ সোৱণশিৰি, কামেং, দিবাং, লোহিত আদি প্ৰকল্পবোৰ মেইন বাউণ্ডেৰী থ্ৰাষ্ট বা মেইন বাউণ্ডেৰী ফল্ট আৰু ফুট হিল্চৰ মাজত পৰে৷ অৰুণাচলৰ থুনুকা পাহাৰৰ বাবে বৃহৎ প্ৰকল্প বা বৃহৎ নদীবান্ধ জলবোমাত পৰিণত হ'ব পাৰে৷ তেনে জলবোমাই নামনি খণ্ডৰ আবাসীসকলৰ জীৱন আৰু সম্পত্তিৰ হানি কৰিব বুলি শংকিত হৈ চুবুৰীয়া ৰাজ্য, বিশেষভাৱে অসমত দীৰ্ঘদিন ধৰি এই বৃহৎ নদীবান্ধসমূহৰ বিৰোধিতা কৰি অহা হৈছে৷
জলবিদ্যুৎ উৎপাদনৰ বহুমুখী কিম্বা ক্ষুদ্ৰ, অতিক্ষুদ্ৰ প্ৰকল্প স্থাপনৰ জৰিয়তে বিদ্যুৎ বিষয়ত স্বাৱলম্বী হোৱাৰ উপৰি অৰুণোদয়ৰ লগতে বৰফাবৃত্ত পৰ্বত, খৰস্ৰোতা জান-জুৰি, জলপ্ৰপাত, আন্তৰ্জাতিক সীমান্ত, খেয়ালি প্ৰকৃতি ইত্যাদি দেখুৱাই; একা-বেঁকা পথেৰে পৰ্যটকক ভ্ৰমণ কৰোৱাই; জাংগল চাফাৰি, ট্ৰেকিং, পেৰা গ্লাইডিং, হোৱাইট ৱাটাৰ ৰাফটিং, এংগলিং আদি অনেকবোৰ এডভেন্সাৰ স্প’ৰ্টছৰ বেহা পাতি; জনগোষ্ঠীয় ইক’ কেম্প স্থাপন কৰি, বাৰেবৰণীয়া জনজাতীয় সংস্কৃতিৰ প্ৰদৰ্শন কৰোৱাই এই ৰাজ্যখন অনায়াসে ভাৰতৰ এক নম্বৰ ৰাজ্য হৈ যাব পাৰে বুলি মোৰ মনত এটা সৰল জাতৰ ধাৰণাই আগৰে পৰাই স্থিতি লৈ আছে৷ তেনে বৃহৎ সম্ভাৱনাৰ বাবেই চাগৈ মেক্মোহন লাইনৰ সিপাৰৰ পৰা চীনেও গিলো গিলোকৈ থাকে! অৰুণাচলখন তেওঁলোকৰ অংগ বুলি এতিয়াও বহুতো চীনাই খোলাখুলিভাৱেই মন্তব্য কৰে৷ নিজৰ মানচিত্ৰত জোৰ-জবস্তি সুমুৱাই লয়! আন নালাগে আমাৰ দেশৰ খুদ প্ৰধান মন্ত্ৰীৰ ভ্ৰমণ কালতে অৰুণাচলবিহীন উত্তৰ-পূৰ্বাঞ্চলেৰে ভাৰতীয় মানচিত্ৰ প্ৰদৰ্শন কৰিবলৈও অকণো কুণ্ঠাবোধ নকৰে! ইফালে ভাৰতৰ টুৰিষ্ট মেপত অৰুণাচলে শীৰ্ষস্থান কেতিয়াবাই পাব লাগিছিল যদিও কাৰ্যতঃ কিন্তু সেয়া আজিকোপতিও হৈ উঠা নাই৷ অৰুণাচলৰ জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ৰাজ্যখনে দৰাচলতে কাৰো ওচৰতে হাত পতাৰ দৰকাৰেই নাই৷ প্ৰকৃতিয়েই ইয়াক সেই প্ৰচণ্ড শক্তিৰ একমাত্ৰ অংশীদাৰ, সেই বিপুল বৈভৱৰ একমাত্ৰ স্বত্বাধিকাৰী কৰি থৈছে৷ তাক বুজা, প্ৰকৃতিৰ লগত সন্তুলন ৰাখি যথোপযুক্তভাৱে তাক সদ্ব্যৱহাৰ কৰা টেকন'ল'জি আৰু টেকন'ক্ৰেটৰ আজিও অভাৱ চাগৈ৷ তাৰ মাজতে মোৰ অৰুণাচলী ই্ঞ্জিনিয়াৰ বন্ধু ধৰ্মেনহঁতৰ চেলেঞ্জিং কাম-কাজবোৰে মনটোক অভিভূত কৰি তোলে মাজে মাজে৷ আশাবাদীও কৰি তোলে৷
এতিয়াও মনত পৰে, নিৰজুলিৰ অভিযান্ত্ৰিক শিক্ষানুষ্ঠানত অধ্যয়নৰত অৱস্থাতে ১৯৯২চনৰ নবেম্বৰ মাহত আমাক নৰ্থ ইষ্টাৰ্ণ ইলেকট্ৰিক পাৱাৰ কৰ্প'ৰেচন লিমিটেড (নেপকো)ৰ তত্ত্বাৱধানত নিৰ্মাণ কাৰ্য চলি থকা ৰঙানদী হাইড্ৰইলেকট্ৰিক প্ৰজেক্ট দেখুৱাবলৈ লৈ গৈছিল৷ অৰুণাচল প্ৰদেশৰ বিদ্যুৎ শক্তি উৎপাদনৰ ক্ষমতা সম্বন্ধে তেতিয়াই অৱগত হৈছিলোঁ৷ একে সময়তে অভিভূত আৰু আহ্লাদিতও হৈছিলোঁ৷ আৰু এতিয়া মাটিনালা মাইক্র’ হাইডেলৰ সন্মুখলৈ চাই ভাবিছোঁ, ৪,০০০মেগাৱাট দিবাং ইটালীন প্ৰকল্প, ৩,০০০মেগাৱাট দিবাং বহুমুখী প্ৰকল্প, ২,৮৮০মেগাৱাট দিবাং জলবিদ্যুৎ প্ৰকল্প, ২,৭০০মেগাৱাট নামনি চিয়াং প্ৰকল্প, ১,০০০মেগাৱাট চিয়াং প্ৰকল্প, ৯,৬০০মেগাৱাট শক্তিসম্পন্ন চিয়াং জলবিদ্যুৎ প্ৰকল্প, লোহিতৰ ১,৭৫০মেগাৱাট নামনি ডিম’ৱে প্ৰকল্প, লোহিতৰ ১,২৫০মেগাৱাট উজনি ডিম’ৱে প্ৰকল্প, লোহিতৰ ১,৪৫০মেগাৱাট কালাই প্ৰকল্প, লোহিতৰ ১,২৫০মেগাৱাট হাটাং-২ প্ৰকল্প… পিছলৈ হাতত লোৱা এই প্ৰকল্পবোৰ সম্পূৰ্ণ আৰু কাৰ্যক্ষম হ’বলৈ হ’লে দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক মানচিত্ৰত অৰুণাচলৰ স্থান আৰু মান ক’তযে হ’বগৈ! কল্পনা কৰিব নোৱাৰি৷
উত্তৰ-পূবৰ সবাতোকৈ ঈৰ্ষণীয় সম্পদ-সম্ভাৰেৰে চহকী অৰুণাচল প্ৰদেশ৷ এই সম্ভাৰৰ বাবে কেতবোৰ ৰাজ্যৰ অৰুণাচললৈ বিৰাট হিংসা বুলিও মাজে মাজে ভাব এটা হয়৷ প্ৰতি মুহূৰ্ততে অগ্ৰগতি আৰু বিকাশৰ দিশে ধাৱমান আজিৰ সভ্য, উন্নত বিশ্বখনত বিদ্যুৎ শক্তি অবিহনে মানুহৰ অস্তিত্বই সংকটাপন্ন হৈ পৰাটো এতিয়া এক মন কৰিবলগীয়া সত্য আৰু সহজবোধ্য কথা৷ অৰুণাচল এই শক্তিৰ অক্ষয় ভাণ্ডাৰ ৰূপত ৰৈ আছে৷ আধুনিক যুগৰ মানুহে এয়া কেনে ধৰণে হৰণ-ভগন কৰে সেয়া সময়ে ক'ব৷
উত্তৰ-পূবৰ সবাতোকৈ ঈৰ্ষণীয় সম্পদ-সম্ভাৰেৰে চহকী অৰুণাচল প্ৰদেশ৷ এই সম্ভাৰৰ বাবে কেতবোৰ ৰাজ্যৰ অৰুণাচললৈ বিৰাট হিংসা বুলিও মাজে মাজে ভাব এটা হয়৷ প্ৰতি মুহূৰ্ততে অগ্ৰগতি আৰু বিকাশৰ দিশে ধাৱমান আজিৰ সভ্য, উন্নত বিশ্বখনত বিদ্যুৎ শক্তি অবিহনে মানুহৰ অস্তিত্বই সংকটাপন্ন হৈ পৰাটো এতিয়া এক মন কৰিবলগীয়া সত্য আৰু সহজবোধ্য কথা৷ অৰুণাচল এই শক্তিৰ অক্ষয় ভাণ্ডাৰ ৰূপত ৰৈ আছে৷ আধুনিক যুগৰ মানুহে এয়া কেনে ধৰণে হৰণ-ভগন কৰে সেয়া সময়ে ক'ব৷
আহল-বহল আৰু মিহি ৰাস্তা এডোখৰিৰ মাজেৰে গাড়ীখন পাৰ হৈ যাব ধৰিলে৷ হঠাতে এইডোখৰ ইমান বহল হৈ পৰিল, যেন এয়াৰপ’ৰ্টৰ ৰানৱেহে! তাৰ ওপৰেৰে চকাকেইটা চলি গৈ থাকোঁতে তেনে অনুভৱেই হ’ল৷ আধা কিল’মিটাৰৰ বেছি হ’ব, সেইডোখৰ পাৰ হৈ আকৌ আগৰ দৰে, ঠেক৷ দুয়ো পাৰে ব’ৰ্ডাৰ ৰ’ডছ অৰ্গেনাইজেচনৰ কেম্প কিছুমান৷ দুই-এটাহে স্থায়ী ঘৰ৷ বেছিভাগেই আলকতৰাৰ ড্ৰামচিটেৰে অস্থায়ীভাৱে নিৰ্মিত৷ কিন্তু এইখিনি ঠাই মাজতে ইমান বহল কিয়? স্বাভাৱিকতে প্ৰশ্নৰ অৱতাৰণা হ’ল৷ পেটেলে মাত দিলে, ‘বাটত বাধা আহি গ’লে সেনাৰ গাড়ীবিলাকে অস্থায়ীভাৱে ইয়াতে বাহৰ পাতে ছাৰ৷ মাল-বস্তু ষ্টক কৰে৷ সেয়ে বহলকৈ ৰাখিছে৷’ টিডিঙৰ সেইখিনিতো কালি আহোঁতে এনেকুৱা এটুকুৰা দেখা পাইছিলোঁ৷ এইছোৱা অৱশ্যে তাতোকৈ বেছি ডাঙৰ৷ সেয়ে মনত কৌতূহল জাগিছে৷ ৰাস্তা নিৰ্মাণৰ সামগ্ৰী, যন্ত্ৰপাতিকে ধৰি সা-সৰঞ্জাম আদি ৰাখিবৰ বাবেও হ'ব পাৰে চাগৈ৷ প্ৰয়োজনত হেলিকাপ্তাৰো নমায় কিজানি৷ সেইবোৰ অৱশ্যে এটাও আমি সদ্যহতে দেখা নাই পোৱা৷ কি ঠিক, ১৯৬২ৰ সমৰৰ সময়ত কানাডাত নিৰ্মিত কেৰিবাউ, অট্টাৰ আদি এয়াৰক্ৰেফট নমোৱা এডভান্সড লেণ্ডিং গ্ৰাউণ্ডো হ'ব পাৰে এইবোৰ ঠাই৷ ৱালঙৰ ফালে ক’ৰবাত ধ্বংসপ্ৰাপ্ত তেনেকুৱা যুদ্ধ-বিমানৰ টুকুৰা আজিও পৰি আছে হেনো! কাৰোবাক পালে এই কথাটো সুধিম সুধিম বুলি ভাবি থাকোঁতেই গ’ল৷ সুধিমনো কাক? শ্ৰমিকৰ ঘৰ কিছুমান পাইছোঁ৷ গাহৰিকেইটামান আপোনমনে চৰি আছে৷ ল’ৰা-ছোৱালীয়ে খেলি আছে৷ কোনোবাই দৰজাৰ ফাঁকেৰে অবাক দৃষ্টিৰে গাড়ীখনলৈ চাইছে৷ ক’ৰবাৰ পৰা পানী কঢ়িয়াই অনা মহিলা এগৰাকীও পাৰ হৈ আহিছোঁ৷ মৈমনচিঙীয়া নে চিলেটীয়া সুৰৰ কথা-বতৰা উফৰি আহি কাণত পৰিছিল৷ ক্ষন্তেকৰ বাবে নামিছিলোঁ যদিও আচল কথাটো সোধা নহ’লগৈ৷ গাড়ী আকৌ চলি গ'ল৷
এই ৰাস্তাত ইতিমধ্যে কেইবাটাও সৰু-বৰ জলপ্ৰপাত দেখি আহিছোঁ৷ হঠাতে বাঁওহাতে ওখকৈ আকৌ এটা জলপ্ৰপাত ওলাল৷ গাড়ী ৰাখি আটায়ে তাৰ সুন্দৰতাত মছগুল হৈ পৰিলোঁ৷ তেনেকুৱাতে ধুনীয়া ল'ৰা এটাৰ আবিৰ্ভাৱ৷ পিছফালৰ পৰা অকলে অকলে খোজ কাঢ়ি আহি আছে৷ তজবজীয়া ডেকাটিৰ পিঠিত স্কাই বেগ, হাতত আজিকালি ডেকা-গাভৰুৰ হাতে হাতে দেখা ধৰণৰ মস্ত ম’বাইল হেণ্ডছেট এটা৷ গান শুনি শুনি আহি আছিল চাগৈ৷ জেণ্টছ পাৰ্লাৰৰ পৰশত চুলিখিনি তাৰ ৰঙা৷ ‘এইফালে নে’টৱৰ্কেই নাই, ইয়াৰ হাতত ম’বাইলটো আকৌ কিয়?’ ম'বাইলক লৈ অতিশয় কৌতূহলী হৈ পৰিল সঞ্জু৷ নে'টৱৰ্কৰ অৱৰ্তমানত নিজৰ ম'বাইল কোন কেতিয়াৰে পৰা নিথৰ হৈ পৰি আছে৷ ফে'চবুক, হোৱাটছ-আপ একোডাল কৰিব পৰা নাই৷ ফোন এটাও আহিবলৈ বা কৰিবলৈ নাই৷ তাকে লৈ ল'ৰাটোৰ সৈতে কথা পতাৰ যুক্তি বিচাৰি পালে সঞ্জুৱে৷ ডেকাই জনালে যে তাৰ নামষাৰ কানেক্ট’৷ তেজুত পঢ়ে৷ এইবাৰ ক্লাছ টেনত৷ বন্ধত ঘৰত আছেহি৷ ৰাস্তাটোৰ আগলৈ থকা গাঁওখনলৈ যাব সি৷ দূৰত্ব কিমান নাজানিছিলোঁ যদিও মৰমতে কানেক্ট’ক গাড়ীত উঠাই লোৱাৰ ইচ্ছা এটা হৈছিল৷ সি যাব বিচৰা গাঁওখনত নমাই দি যাম, কথা পাতি যাম৷ পিছে জেগাৰ অভাৱত তাক খোজ কাঢ়ি থাকিবলৈকে কোৱা হ’ল৷ সিও অৱস্থাটো বুজি পালে আৰু হাঁহি মাৰিয়ে টুৰিষ্টৰূপী আমাক গৈ থাকিবলৈ ইংগিত দিলে৷ পাহাৰৰ মানুহ, পাহাৰত খোজ কঢ়াত হেলা নাই৷ ভৰি দুখনক সম্বল কৰিয়ে ইহঁতে ক’ৰ পৰা ক’ত পাইগৈ তাৰ হিচাপ নাই৷ স্বাস্থ্যপাতিও ভাল ইহঁতৰ৷ কোমলবয়সীয়া যদিও কানেক্ট’ক শাৰীৰিকভাৱে, আৰু মানসিকভাৱেও বেছ শক্তিশালী যেনেই লাগিল৷ কথা-বতৰাও ভাল লাগিল৷ ইহঁতেইতো অৰুণাচলৰ ভৱিষ্যৎ যি গঢ়ি তুলিব আমাৰ কল্পনাৰ পাৱাৰ হাউচ আৰু ৰাজ্যখনক প্ৰগতিৰ দিশে আগুৱাই লৈ যাব৷
পিছত সঞ্জুৱে ডেকাটিৰ নামটো পাহৰি গ'ল৷ বাৰে বাৰে সুধি থাকিল মোক৷ ময়ো বাৰে বাৰে সোঁৱৰাই থাকিবলগীয়া হ’ল৷ সুবিধা বুজি পিছৰ এবাৰত যেনিবা নোটবুকখনত টুকি ল’লে৷
পিছত সঞ্জুৱে ডেকাটিৰ নামটো পাহৰি গ'ল৷ বাৰে বাৰে সুধি থাকিল মোক৷ ময়ো বাৰে বাৰে সোঁৱৰাই থাকিবলগীয়া হ’ল৷ সুবিধা বুজি পিছৰ এবাৰত যেনিবা নোটবুকখনত টুকি ল’লে৷
পৰৱৰ্তী লেখা :
৮. মিছিমি পৰ্বতৰ কমলা দিদি
No comments:
Post a Comment