Wednesday, 1 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
৪. এইবাৰহে সঁচাসঁচিকৈ হেৰাই গলোঁ আমি



হায়ুলিয়াঙত বি.এছ.এন.এল.ৰ টাৱাৰ আছে৷ মবাইল নেটৱৰ্কৰ ছিগনেল দেখা দিছে৷ প্ৰথমেই ধৰ্মেনক জনালোঁ যে আমি খুপা এৰি হায়ুলিয়াং পাইছোঁহি৷ পৰৱৰ্তী লক্ষ্য ৱালং৷ আতিথেয়তাৰ বাবে তাক ধন্যবাদ দিলোঁ৷ বন্ধুসকলেও কৃতজ্ঞতা প্ৰকাশ কৰিলে৷ সংগীসকলক দেখা কৰিব নোৱাৰি সিও দুখ প্ৰকাশ কৰিলে৷ ৱালং নাপাওঁতেই য়াপাক হাইডেলৰ নিৰ্মাণস্থলীত সোমাই জনৈক সহকৰ্মীক লগ ধৰিবলৈ নিৰ্দেশনা দিলে সি৷ ৱালঙত কাকো এতিয়ালৈ ফোনত কনটেক্ট কৰিব পৰা নাই৷ তাত থকা-মেলাৰ ক্ষেত্ৰত সেই সহকৰ্মীজনে সহায় কৰিব পাৰিব বুলি জনালে৷ হায়ুলিয়াং এৰাৰ পিছত আমাৰ মাজত ফোনৰ যোগাযোগ আকৌ কোনদিনা স্থাপন হব নাজানো৷ ৱালঙত কত থাকিম সেয়াও অনিশ্চিত৷ তেনে সংযোগবিহীনতা, অনিশ্চয়তাভৰা সময়টো অহাৰ বাবেইটো বাট চাই আছিলোঁ! পাই গলোঁ এতিয়া৷ Carl Edward Saganৰ বাক্য এশাৰী মনলৈ আহিল... I don't know where I'm going but I'm on my way.

হায়ুলিয়াঙত ভাৰতীয় সৈন্য বাহিনীৰ কেম্প আছে৷ লোহিতৰ পাৰে পাৰে এই কেম্প৷ লোহিতৰ সিটো পাৰ মানেই ওখ পৰ্বত৷ কিবিথোলৈ যোৱা ৰাস্তাটো কেম্পৰ মাজেৰেই পাৰ হৈছে৷ পহৰা চকী আছে যদিও আমাক কোনেও হকা-বাধা কৰা নাছিল, তালাচীও লোৱা নাছিল৷ সন্দেহ কৰিবলগীয়াও একোটো নাছিল আমাক লৈ৷ সাধাৰণ মানুহ, পাগল ভ্ৰমণকাৰী৷ বচ সিমানেই৷ আপোন ভাবত বিভোৰ হৈ আমি গৈ আছোঁ৷ কৰবাত কোনোবাই ৰবলৈ ইংগিত দিলে, কিবা সুধিলে কথা পাতিবলৈ অনিলদা, সাত ঘাটৰ চেঙেলী মানুহটো আছেই৷ দেখাতহে চুটি-চাপৰ, বুদ্ধিত বৃহস্পতি৷ তাতে আমাৰ স্পনচৰ বুলি সন্মানীয় অভিধা এটা তেওঁক দিয়া হৈছেই ইতিমধ্যে৷ আমি যতে যি খৰছ নকৰোঁ কিয়, বেক পকেটত হাত দিয়া কাৰবাৰটো তেওঁৰ৷ অনিলদা লগত থকাত যাত্ৰাটো সকলো সময়তে হৈ আছে সজীৱ আৰু সৰস৷

ঠেক ৰাস্তাটোৰে আমাৰ গাড়ীখন অগ্ৰসৰ হব ধৰিছে৷ বহিঃজগতৰ সৈতে যোগাযোগ শূন্য৷ হাতে হাতে থকা ম'বাইলটোহঁতৰ কাম নাই৷ বেগৰ তলত পেলাই থোৱাই কথা৷ এইবাৰহে প্ৰকৃতাৰ্থত যেন হেৰাই গ'লোঁ আমি! কোনেও নাজানে এতিয়া আমি কত, আমি কি কৰিছোঁ-নকৰিছোঁ৷ নিজেও নাজানো আমি কত৷ কত থাকিম, কি খাম, কেনি যাম৷ মাথো জানো যে আমি চীন সীমান্তলৈ গৈ আছোঁ৷ জানো যে এই বাটটোৱেই চীনলৈ যোৱা সকলোতকৈ চমু বাট৷ পেটেলে যেনেকৈ ষ্টিয়েৰিং পকাইছে সেইমতেই গৈ আছোঁ৷ মাত কথা নাই, সংগীত নাই৷ প্ৰকৃতি গহীন হৈ পৰাৰ দৰে গাড়ীৰ ভিতৰখনতো গহীন ভাব এটাই বিৰাজ কৰিছে৷

সংগীত, কিতাপ আৰু প্ৰকৃতি৷ এই তিনিও মিলি মানুহৰ নিঃসংগ মৌনতা মুখৰ কৰি তুলিব পাৰে বুলি কথা এটা আছে৷ নিজৰ অভিজ্ঞতা আৰু বিবেচনাৰে ইয়াৰ সংকোচন ঘটাই তিনিৰ জেগাত আমি এতিয়া এক কৰি পেলাইছোঁ৷ সেয়া হৈছে প্ৰকৃতি৷ কেৱল প্ৰকৃতি৷ কিয়নো প্ৰকৃতিতেই উপলব্ধ সংগীত, শিক্ষা, সব-কিছু৷ প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ সুযোগতে সেই অভিজ্ঞতা আৰু উপলব্ধি লভিছোঁ৷ বুজি পাইছোঁ যে নিঃসংগ মৌনতা মুখৰ কৰিবলৈ কেৱল এইটো সংগীয়েই যথেষ্ট৷ আমি প্ৰকৃতিৰ সংগসুখ লাভ কৰি আছোঁ, প্ৰচুৰভাৱে৷ আমি সকলো প্ৰকৃতিৰেই সন্তান৷ প্ৰকৃতিয়েই মাই-বাপ আমাৰ৷ প্ৰকৃতিৰ দান বায়ু, পানীক লৈয়ে জীয়াই আছোঁ সকলোৱে৷ প্ৰকৃতি হৈছে বৃহত্তম জ্ঞানভাণ্ডাৰ৷ তাৰ পৰাই উৎপত্তি সংগীতৰ, উৎপত্তি সাহিত্যৰ৷ গতিকে ন্যূনতম হিচাপত সংগীত আৰু কিতাপ বিসৰ্জন দিলেও প্ৰকৃতি কিন্তু আমাক লাগিব৷ লাগিলে গান নুশুনাকৈয়ে যাত্ৰা কৰি থাকিম, কিতাপ নপঢ়াকৈয়ে গৈ থাকিম, প্ৰকৃতি কিন্তু এৰিব নোৱাৰিম৷ প্ৰকৃতিয়েই সৰ্বোত্তম৷ নেছাৰ ইজ দ্যা বে’ষ্ট৷ আমাৰ এই নিঃসংগ মৌনতা মুখৰ কৰি তুলিবলৈ প্ৰকৃতিয়েই সৰ্বশ্ৰেষ্ঠ সংগী৷ গহীন প্ৰকৃতিৰ মাজত সোমাই পৰি চিন্তাবোৰে এনেদৰেই ভাবনাত অনৰ্গল খলকনি তুলি গৈছে৷

অৰুণাচলৰ তুলনাবিহীন এই কুমাৰী অৰণ্যানী৷ Land of the dawn-lit mountains, Orchid state of India, Paradise of the Botanists ইত্যাদি বিশেষণেৰে বিভূষিত৷ ইয়াৰ অন্তৰালত এতিয়াও অপাৰ বিস্ময় নিহিত হৈ আছে৷ উচ্চতা অনুপাতে বেলেগ বেলেগ ৰূপ, বেলেগ বেলেগ বৈশিষ্ট্য৷ গ্ৰাছলেণ্ড, বেম্ব' ফৰেষ্ট, ডিগ্ৰেডেড ফৰেষ্ট, আলপাইন ফৰেষ্ট, টেম্পাৰেট ফৰেষ্ট, পাইন ফৰেষ্ট, চাবট্ৰপিকেল ফৰেষ্ট, ট্ৰপিকেল ফৰেষ্ট৷ বন বিষয়া কিম্বা গৱেষক এজনো নহওঁ৷ আমি সাধাৰণ দৰ্শক হৈ আহিছোঁ, পৰ্যবেক্ষক হৈ পৰিছোঁ, কোনো ক্ষতি-হানি নকৰাকৈ দুচকুৰে মাত্ৰ উপভোগ কৰি গৈছোঁ ৰাজ্যখনৰ বুকুত বিনন্দীয়া প্ৰকৃতিয়ে মুক্তহস্তে বিলাই থকা বিস্তৃত সৌন্দৰ্যমালা৷ পাহাৰলৈয়ে চাম নে পানীলৈয়ে চাম? আকাশলৈয়ে চাম নে ডাৱৰলৈয়ে চাম?

পৃথিৱীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছত এইবাৰহে সঁচাসঁচিকৈ যেন নিজকে হেৰুৱাই পেলাইছোঁ, তেনেকুৱাই ধাৰণা হৈছে৷ এই ধৰণে হেৰোৱাত মনৰ যি আনন্দ সেয়া বুজোৱাত কলমযে অসমৰ্থ, সন্দেহ নাই৷




পৰৱৰ্তী লেখা :
৫. হায়ুলিয়াঙৰ পৰা আগলৈ কি দেখিলোঁ?

No comments:

Post a Comment