Thursday, 16 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
৮. দুপৰৰ স্নান কাৰ্য সমাধা হল গৰম-ঠাণ্ডাৰ সংগমত



লোহিতৰ বালি-চাপৰিৰ পৰাই দেখা পোৱা গল দীঘল হেঙিং ব্ৰীজ এখন৷ প্ৰাতঃভ্ৰমণত মেয়ৰ ডেকাজনে কোৱা ডঙৰ ওলোমা দলং এইখনেই৷ সেইটোৱেই লোহিতৰ ওপৰেৰে ডং মালভূমিলৈ যোৱাৰ বাট৷ আমাৰ দীৰ্ঘদিনীয়া হেঁপাহৰ বাট৷ মনটো নাচি উঠিল৷ ঠিক তাৰ তলতে লোহিত আৰু দিচুৰ মিলন ঘটিছে৷ সেই মিলনস্থল নাপাওঁতেই আধা কিলমিটাৰমান উজাই গৰম পানীৰ উঁহ৷ শিলৰ তলৰ পৰা ওলাই আহিছে উষ্ম ভাপযুক্ত পানী৷ গন্ধকৰ ফুৰ্ফুৰীয়া গোন্ধ এটা উৰি আহি নাকত লাগিল৷ ঠাইটুকুৰা চৌবাচ্ছাৰ দৰে শিলেৰে ঘেৰি থোৱা হৈছে৷ দ এফুটমান হ'ব৷ অসংখ্য বুদবুদ ফুটি আছে৷ পানীৰ উপৰিভাগত ধোঁৱা ওলাই থকা দেখিলোঁ৷ স্থানীয় জনজাতীয় লৰাকেইটামানে সেই ডোংটোতে বহি লৈ কথা পাতি পাতি মহা আৰামেৰে গাত চাবোন ঘঁহি আছে৷ সিহঁতক দেখি সঞ্জু আৰু অৰুণদা আগ বাঢ়িল আৰু কিবাকিবি সুধিলেগৈ৷

সেয়া পাৰ হৈয়ে নাতিদূৰত পৰিষ্কাৰ আৰু মিহি বালিত দুটা খুঁটা পুতি ভলীবলৰ নেট এখন বান্ধি থোৱা দেখিলোঁ৷ ইয়াত ভলী খেলা চলে তাৰ মানে! ৰাতিপুৱা পালোঁ ক্রিকেটাৰ ছোৱালী এমখা৷ এতিয়া ভলীবল৷ খেলি থকা অৱস্থাত পোৱা হ’লে বা বল এটা পোৱা হ’লেও বিৰল প্ৰকাৰৰ স্ফূৰ্তি অকণমান ৰচিব পৰা গ’লহেঁতেন৷ পিছে তাত তেতিয়া কোনোটোৱেই উপলব্ধ নাছিল৷ এনেয়ে এবাৰ নেটখনৰ ওচৰলৈকে গ’লোঁ৷ অভ্যাসবশতঃ চুই চালোঁ৷ ওপৰলৈ হাত দুখন মেলি উচ্চতা জুখিলোঁ৷ এটা মূৰে ৰঙা ফিটা বান্ধি থোৱা আছিল৷ ক’ৰ্টৰ চিন-চাব নাই৷ গোটেইখন বালিময়৷ খেলৰ আগতে শিলগুটিৰে আঁচ পাৰি লয় চাগৈ৷ নহ’লে লাইন বুজাবলৈ নদীৰ পাথৰ, চেণ্ডেল আদিও পাতি ল’ব পাৰে৷

একালৰ ভলীবল খেলৰ আজিও জলজল-পটপট হৈ থকা মিঠা মিঠা স্মৃতিবোৰ মনলৈ ঘূৰি আহিল৷ ক’ৰ্ট কটা, খুঁটা পোতা, নে’ট বন্ধা, খেলৰ শেষত সন্ধিয়া পুনৰ নে’ট-বল সামৰি ঘৰলৈ লৈ অনা, প্ৰতিযোগিতা পতা, খেলত ভাগ লোৱা ইত্যাদি ইত্যাদি কতযে কাম!৷ নেৰিষ্টত আমাৰ বেটছটো চেম্পিয়ন আছিল৷ বে’ষ্ট অফ ফাইভৰ ফাইনেল খেলখনত প্ৰথমে ০-২ত পিছ পৰি থকাৰ পিছত আমাৰ টীমৰ কেপ্টেইন শৰতে এজন প্লে’য়াৰ বদলালে৷ কি ভাবি নাজানো, চাবষ্টিটিউট বেঞ্চৰ পৰা মোক সুযোগ দিয়া হ’ল৷ উৎসাহেৰে মৰণপণ খেল খেলি অৱশেষত অভাবনীয়ভাৱে আমিহে ৩-২ত ওলোটাই জিকিলোঁ আৰু চূড়ান্ত বিজয়ী হৈ গ'লোঁ৷ ভলীবল বুলিলেই সেই বিয়লিটোৰ তুমূল প্ৰতিদ্বন্দ্বিতাপূৰ্ণ, উত্তেজনাপূৰ্ণ, শ্বাসৰুদ্ধকৰ খেলখন পোনেই মনলৈ আহে৷ শৰৎ দত্ত, য়াংগাৰ জমিৰ, লাললিয়ানচিয়ামা, লালজিৰলিয়ানাহঁতলৈ মনত পৰে৷ খেলত জিকাৰ পিছত কিমানযে আনন্দ! উৎফুল্লিত ছাত্ৰ-ছাত্ৰীবোৰৰ কিমানযে অভিনন্দন! কিবা যেনিবা বিশ্ববিজয়ীহে হ’লোঁ! চেম্পিয়ন হিচাপে আমি লাভ কৰা চলন্ত ট্ৰফীটো আকৌ সৰ্বসন্মতিক্রমে মোকেই ৰাখিবলৈ দিয়া হ'ল৷ হোষ্টেলত মোৰ পঢ়া টেবুলখনত সযতনে সজাই থৈছিলোঁ কষ্টকৰ জয়লাভৰ ফল সেই সোণোৱালী স্বীকৃতি৷ লোহিতৰ বালিত ভলী খেলৰ জালখন আলফুলে স্পৰ্শ কৰি থাকোঁতে মানস-পটত জীৱন্ত ৰূপত উদ্ভাসি উঠা বিগত দিনৰ সুখদায়ক ছবিবোৰ তাৰ বিন্ধাবোৰৰ মাজেৰে পুনৰ যেন এবাৰ চাবলৈ সুযোগ পালোঁ!

সঁচাকৈয়ে সেই জীৱন আছিল বৰ অনুপম৷ তাকে ঘূৰাই পোৱা যেন লাগিছে এই বালি-চাপৰিত নামি৷ এতিয়াও, এই বালিতে লিখা ৰ'ব টীম মাৰ্ক' পল'ৰ এইবাৰৰ ভ্ৰমণৰ কত শত কথা! অনুপম আনন্দ যোগাই যাব আমাৰ জীৱনৰ অনাগত দিনবোৰলৈ৷ লোহিতৰ বহল বক্ষত ক্ষুদ্ৰ অনুভূতিক জাগ্ৰত কৰি তোলা স্থানডোখৰৰ মাজুলীসদৃশ অৱস্থিতিক সেয়ে মোৰ মৰম লাগি গ’ল৷ পশ্চিমমুৱাকৈ এঠাইত ৰৈ চৌপাশে ডিঙি মেলি ঘূৰি ঘূৰি চালোঁ৷ 'আকাশে-বতাহে... আই ফিল লাইক চামথিং চামথিং...' চিঞৰি চিঞৰি গান গাবৰ মন গ'ল৷

পাহাৰলানিৰ গাতে লাগি বাওঁফালেৰে বৈছে লোহিতখন৷ সিপাৰ হৈ ওপৰলৈ ডং মালভূমি৷ এইপাৰে গৰম পানীৰ ঢল৷ মাজতে দ্বীপযেন মাজুলী৷ তাতে দুটাকৈ আৰ.চি.চি. ৰে’ষ্ট শ্বে’ড সাজি থোৱা হৈছে৷ পাইন গছ কেইডালমানো আছে৷ ভটীয়াই অকণমান আগলৈ গ’লে লোহিতৰ ফালৰ পৰা ফাটি এই দিশলৈ বাগৰি অহা এটা সুঁতি৷ সেইডোখৰত নদীৰ বুকুখন সৰু-বৰ অজস্ৰ শিলগুটিৰে তেনেই শিলাময়৷ পানীও অতিপাত চেঁচা৷ প্ৰথম কাম হিচাপে আমি দুফালৰ পৰা অহা গৰম-ঠাণ্ডাৰ ধাৰ দুটাৰ ঠিক মিলন হোৱা ঠাইটুকুৰা অনুসন্ধান কৰি উলিয়ালোঁ৷ সৃষ্টিকৰ্তাৰ এনে বিৰল প্ৰাকৃতিক সংযোজনাক অভিভূত মন আৰু নয়নেৰে লক্ষ্য কৰি ৰ'লোঁ বহুপৰ ধৰি৷


ডিখাৰুৰ নষ্টালজিয়াৰে গধুৰ হৈ পৰা অৰুণদাই পানী পালেহে মাত্ৰ, চাবোন ঘঁহি গা ধোৱা আৰম্ভ কৰিলেই৷ কিবা গুণগুণাইছে যদিও মোৰ কাণে ঢুকি পোৱা নাই৷ জন-অৰণ্যৰ অবাঞ্চিত কোলাহলৰ পৰা আঁতৰি মুকলিমূৰীয়াভাৱে এনে ধৰণৰ আত্মিক উপভোগৰ কাৰণে কিমানযে হেঁপাহ তেওঁৰ! সৰুতে ডিখাৰুত সাঁতুৰি-নাদুৰি, জঁপিয়াই-দৌৰি কম পানীখেলখন খেলিছিলেনে অৰুণদাহঁতে! তাকে লৈ কবিতাও ৰচিবলৈ এৰা নাই৷ আমাৰ আকৌ নদীও নাই, পুখুৰীও নাই৷ লে'কত জঁপিয়ালোঁ, ভোগদৈত সোঁতৰ বিপৰীতে তামাম চেষ্টা দিলোঁ যদিও সাঁতোৰ আৰু শিকা নহ’ল৷ জীৱনৰ বাবে অতি প্ৰয়োজনীয় বুলি ভবা এই কথাটো থাকি গ'ল৷ সেয়ে সকলো সময়তে পানীলৈ সমীহ৷ এতিয়াও পদে পদে সাৱধানতা অৱলম্বন কৰিছোঁ৷ তাতে পাহাৰীয়া খৰস্ৰোতা অচিন নৈ৷

পাহাৰীয়া নৈত গা ধুৱাৰ মজাই বেলেগ অৱশ্যে৷ সঞ্জু আৰু মই ইমান সোনকালে নামিবৰ মন নকৰিলোঁ৷ 'সমাধিৰ কবি'জনক অকলেই এৰি শিলনিৰ ওপৰেদি সাৱধানে আগলৈ গৈ থাকিলোঁ আমি দুটা৷ সঞ্জু এঠাইত ৰৈ গ’ল৷ মই আগুৱাবলৈ নেৰিলোঁ৷ ডঙলৈ যোৱা বাটৰ হেঙিং ব্ৰীজখনৰ তল পালোঁগৈ৷ অকলশৰীয়া অৱস্থাত লোহিতৰ কোবাল সোঁত আৰু পাথৰত খুন্দিওৱা পানীৰ শব্দই প্ৰাণত ভীতি সঞ্চাৰ নকৰাকৈ থকা নাছিল৷ তথাপি শিলাময় এলেকাটোৰ কিছু দূৰেদি যোৱা দীঘল সাঁকোখন ঘূৰি ঘূৰি নোচোৱাকৈ নোৱাৰিলোঁ৷ কোনেও ক'ব নোৱাৰাকৈ এইখনৰ সৈতে মোৰ বহুদিনীয়া সপোন এটা জড়িত হৈ আছে৷ ১৫বছৰৰ আগতেই শুনিছিলোঁ এইখনৰ কথা৷ তেতিয়া নহ'ল৷ এতিয়া চকুৰ সন্মুখত! ইয়াৰ ওপৰেৰে কাইলৈ পাৰ হ’ম ডঙলৈ৷ দলংখনেৰে তেতিয়া ছোৱালীকেইজনীমান আহি আছিল৷ সিহঁতৰ দেখোন ভয়-ভীত অকণোৱেই নাই! ময়ো শংকা বিদূৰ কৰি প্ৰকৃতিৰ সুবিমল সুষমা পান কৰাত ধৰিলোঁ৷ লোহিত আৰু দিচুৰ সেই সংগমস্থলতে ৰ’লোঁ কিছুপৰ৷ পানীত নামিব নোৱাৰি৷ প্ৰচণ্ড সোঁত৷ টানি নিলে আৰু ৰক্ষা নাই৷ চাগৈ পৰশুৰাম কুণ্ড উলিয়াবগৈ৷ তাৰ পিছত উটাই-ভহাই ব্ৰহ্মপুত্ৰ৷ শেষত বংগোপসাগৰ৷ অৱধাৰিত যে তেতিয়ামানে দেহা দেহা হৈ নাথাকেগৈ আৰু৷

ঘূৰি আহি ঠাণ্ডা-গৰমৰ সংযোগথলী পালোঁহি৷ মিটিং পইণ্টতে নামি গা ধুব ধৰিলোঁ৷ ইকাটি হ’লে ঠাণ্ডা৷ সিকাটি মাৰিলে গৰম৷ মাজত কুহুমীয়া৷ কি আচৰিত! সঁচাই প্ৰকৃতিয়ে কিছু দিছে দেই অৰুণাচলক! বহু কথা এতিয়াও প্ৰচাৰ হোৱাই নাই, বহু বস্তু এতিয়াও অনাৱিষ্কৃত হৈয়ে আছে৷ আমাৰ বাবেও জীৱনত আগেয়ে কাহানিও ক'তো নেদেখা, নুশুনা আৰু নোপোৱা বিধৰ এক অভিজ্ঞতা৷ এনেকুৱা স্থল কিমানে দেখিছে আৰু মজা লৈছে সেয়াও এটা প্ৰশ্ন৷

হেঁপাহ পলুৱাই পানী খেলি থাকিলোঁ৷ সাঁতুৰিব মই নাজানো৷ সেয়ে পানীৰ সোঁতটো কিমান শক্তিশালী আগতেই পৰীক্ষা কৰি লৈছিলোঁ৷ গভীৰতাও বৰ বেছি নাছিল৷ একাঁঠুৰো কমহে৷ কিন্তু সেইকণতে এবাৰ নিজকে এৰি দিয়াত সোঁতে টানি নিয়া যেন অনুভৱ হৈছিল৷ খপজপাই উঠি স্বাভাৱিক হ’লোঁ৷ আগতকৈ সাৱধান হৈ পৰিলোঁ৷ সাৱধানতাৰ এই চেতনা কোনো সময়তে, কোনো কাৰণতে হেৰুৱাব নোৱাৰি৷ অন্য কথাত, অসাৱধানতাক কোনো কাৰণতে সুযোগ দিয়া নাযায়৷ অসাৱধান হ'লেই অঘটন৷

গা ধুই উঠি অথনি মোৰ ভাগৰ বাচি যোৱা ৰুটি তিনিখনকে খোৱাৰ চিন্তা কৰিলোঁ৷ হেলমেট টপত দুখনহে খাইছিলোঁ৷ আলুভাজিও ঠোঙাটোৰ ভিতৰত অলপমান আছিলেই৷ অনিলদাই আগতেই গা-পা ধুই চুলি ফণিয়াই ফণিয়াই ৰৈ আছিল৷ নিৰলাত চিগাৰেট এটা হুপাৰ ইচ্ছাও হৈছিল চাগৈ৷ তেওঁকে সেইকেইখন সমানে ৪ভাগ কৰিবলৈ দায়িত্ব দিয়া হ’ল৷ বান্দৰে পিঠা ভগোৱাৰ অনুৰূপ কাৰবাৰ৷ প্ৰথমে না কৰিছিল যদিও বৰকৈ ধৰাত সৈমান হ’ল যেনিবা৷ পাৰৰ মস্ত বহল শিল এটাৰ ওপৰত বগাই তেওঁ বহি ল’লে৷ তাৰ পিছত ৩খন ৰুটিক ৪ভাগ কৰা কাম৷ খাৱৰীয়া অনিলদা, অৰুণদা, সঞ্জু আৰু মই৷ অনিলদাৰ সৈতে পেটেলে বেলেগফালে গা ধুইছিলগৈ হেতুকে কাষত নাছিল৷ আগে-ভাগে গাড়ীলৈ গুচি গ’লত তেওঁ এই সুযোগ হেৰুৱালে৷

অনিলদাই কেনেদৰে অংকটো মিলালে নাজানো৷ ভাগত পৰা সামান্যখিনিকে ঘূৰণীয়া হৈ শিলৰ বুকুত বহি প্ৰত্যেকে মহা হেঁপাহেৰে খালোঁ৷ দুপৰৰ ভোকটো ইতিমধ্যে লাগি আহিছিল৷ স্বাভাৱিকতে সেই সামান্য পৰিমাণৰ ৰুটিয়ে পেটৰ প্ৰয়োজন একোপধ্যে পূৰাব নোৱাৰিলে৷ তথাপিও মনত বিৰাট আনন্দ এটা লাভ কৰিলোঁ৷ অনিলদাই অলপমান বেছিকৈ পোৱা বুলি পিছত সঞ্জুৱে অভিযোগ দৰ্শালে৷ সি যি কি নহওক, লোহিত কিনাৰেৰ বালিঘাটত চূৰ্চুৰীয়াকৈ পিকনিক এটাই যেন হৈ গ’ল আমাৰ! ভাগ্য ভাল ৰুটিকেইখন হাতত আছিল৷ আই.বি.ৰ ৰান্ধনি কৃষ্ণ প্ৰধানলৈ মনত পৰিল৷ সি মৰম কৰি বান্ধি দিছিল বুলিহে এইকণ সুখ ল'বলৈ পালোঁ৷ আনহাতে আমাৰ ড্ৰাইভাৰ কাম গাইড সুমিত সিং পেটেলে এই ঠাইকণৰ বিষয়ে কৈছিল বুলিহে এনেকৈ হঠাতে আহি পালোঁ৷ অৰুণদাই কালিয়ে জোৰ নিদিয়া হ'লেও এই অভিজ্ঞতা থাকিয়ে গ'লহেঁতেন৷















পৰৱৰ্তী লেখা :
৯. যুদ্ধভূমি নামতি দেখিলোঁ

No comments:

Post a Comment