Thursday, 16 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
৭. পাইন অৰণ্যৰ মাজেৰে নামি গৰমপানীলৈ



৬২ৰ যুদ্ধখনৰ অৱশেষ স্বৰূপে এদিন মিছিমি পাহাৰৰ এই অঞ্চলটোতো গুলীয়াগুলীৰ সমাপ্তি ঘটিছিল৷ যুদ্ধ বিৰতিৰ পিছত ভাৰতীয় বাংকাৰসমূহত পৰি থকা দেখা গৈছিল প্ৰহৰী সৈনিকৰ নিথৰ মৃতদেহবোৰ৷ চীনা সৈন্যই সেই শৱবোৰ ঢাকিলে৷ দুৰ্গম বনাঞ্চলৰ পাইন গছৰ তলত, ঘাঁহৰ মাজত, শিলৰ ফাঁকত যুদ্ধবিধ্বস্ত সৈন্যৰ নিষ্ক্ৰিয় বন্দুক-বাৰুদকে ধৰি আন আন কেতবোৰ হাথিয়াৰ, ইউনিফৰ্মৰ টুকুৰা, বস্তু-বাহানি আজিও সিঁচৰতি হৈ থকা বুলি ধাৰণা কৰা হয়৷ ৱালঙৰ ভূমিস্খলনৰ থলী পৰিষ্কাৰ কৰোঁতে তেনে সামগ্ৰী হেনো এতিয়াও উদ্ধাৰ হৈয়ে আছে৷ তাৰ ভিত্তিতে এই ধাৰণা৷ তেনেদৰে, যুদ্ধ শাম কটাৰ পিছত অনুসন্ধান চলাওঁতে অতীতৰ কোনোবা এদিন হেলমেট টপত পোৱা গৈছিল সৈনিকৰ মূৰত পৰিধান কৰা হেলমেটকেইটামান৷ তাৰ পৰাই হেলমেট টপ৷

পাইন অৰণ্যৰ মাজেৰে হেলমেট টপৰ পৰা অকাই-পকাই উভতনি যাত্ৰা আৰম্ভ হল তল অভিমুখে৷ ঢেঁকীয়াজাতীয় উদ্ভিদে আৱৰা এঠাইত বেঞ্চ এখন পাতি থোৱা আছিল৷ সেইটো এটা অঘোষিত ভিউ পইণ্ট যেনেই লাগিল৷ গাড়ী ৰখাই গোটেইকেইটাই বহি পৰিলোঁ অলপ পৰ৷ ৰদ পৰি জলমলাই আছে মিছিমি পাহাৰৰ শৈলশিখৰ৷ পৰ্বতৰ সেউজীয়াৰ ওপৰত বৰফৰ দলিচা৷ তাৰ ওপৰত নীলা আকাশ৷ মাজে মাজে শুকুলা মেঘ৷ নেপালৰ ৫,৭১০ফুট উচ্চতাত অৱস্থিত পোখৰাৰ সৈতে ৱালঙক তুলনা কৰা হয়৷ সেই তুলনা ১০০ শতাংশই নিশ্চয় প্ৰকৃতিক লৈয়ে৷ পোখৰাত নেপাল-হিমালয়ৰ অন্নপূৰ্ণা ৰে্ঞ্জত দৃশ্যমান মৎস্যপুচ্ছ চাই চাই কেইদিনমান বিভোৰ হৈ আছিলোঁ৷ সেয়া ২০১১চনৰ কথা৷ চাৰাংকোটৰ শীৰ্ষলৈ তেতিয়া ট্ৰেকিং কৰিছিলোঁ৷ হেলমেট টপৰ এইখিনিলৈ যেনিবা গাড়ীৰে৷ মুক্ত প্ৰকৃতিৰ খেলাখন এপৰে প্ৰাণভৰি উপভোগ কৰাৰ অন্তত সকলোটি গাড়ীত উঠিলোঁহি৷ বগাকৈ ফুলি থকা অনামী বনৰীয়া ফুল, কহুঁৱাজাতীয় উদ্ভিদ কিছুমানো লক্ষ্য কৰিলোঁ৷

নামি আহি আছোঁ৷ আকাশখনলৈ চাই গৈ থাকিলে এৰোপ্লেনত উৰি থকাৰ দৰে শূন্যতে উপঙি আছোঁ যেন লাগে৷ অৰুণদাৰ মাত-কথা বন্ধ৷ আগছিটত বহি শিহৰণকাৰী ৰাস্তাটোৰ লগতে খোলা দৃশ্যৰাজি দেখি ভয়ত পেটতে হাত-ভৰি লুকাইছে৷ হাইট ফ'বিয়া! তাকে লৈ গাড়ীৰ ভিতৰতে ৰগৰ তুলিছোঁ অনিলদা আৰু মই৷ খিৰিকীৰ কাষত বহা সঞ্জুও চুপচাপ৷ পেটেলে সাৱধানে ষ্টিয়েৰিং কাটি আছে৷ কথা-বতৰা নাই৷ এবাৰ সোঁৱে পকায়, এবাৰ বাঁৱে৷ সামান্য অসাৱধানতাই পাঁচোটা প্ৰাণীক মাংসপিণ্ডত পৰিণত কৰি পেলাব পাৰে ক্ষন্তেকৰ ব্যৱধানতে৷ তেনেতে এঠাইত দেখোঁ যে প্ৰকাণ্ড প্ৰকাণ্ড পাথৰ পৰি পথ ৰুদ্ধ! যা, কি হ’ব এতিয়া? ব’ৰ্ডাৰ ৰ’ডছ অৰ্গেনাইজেচনৰ দুজন লোকে ঠেলা-ঠেলি কৰি আছে৷ বলে পৰা নাই৷ সিহঁত দুটাতকৈ পাথৰবোৰ ডাঙৰ৷ অথনি ধুমকৈ উঠা শব্দটো তৎক্ষণাতে মনত পৰিল৷ ফৌজীভাই দীনেশ কুমাৰে ঠিকেই কৈছিল৷ সি যি কি নহওক, এতিয়া সহায়কাৰীৰ ভূমিকা লোৱাটোহে আমাৰো কৰ্তব্য৷

ঘপকৈ সিদ্ধান্তটো লৈয়ে সন্মুখ সমৰত আৰ্মীৰ জোৱানে জঁপিয়াই পৰাৰ অনুৰূপে আমিও তুৰন্তে গাড়ীৰ দৰজা খুলি নামি গ’লোঁ৷ লগে-ভাগে ঠেলি ঠেলি কেইবাটাও ডাঙৰ ডাঙৰ পাথৰ কাষৰীয়া কৰা হ’ল৷ শৰীৰৰ ঘাম বাহিৰ হৈ গ’ল তাকে কৰোঁতে৷ সৰু টুকুৰাবিলাক ঘপাঘপ কাষৰ জংঘললৈ দলিয়ালোঁ৷ যেনে-তেনে যেনিবা গাড়ীখন পাৰ কৰিব পৰা হ’লগৈ৷ পিছত যেতিয়া তল আহি পাওঁ পাওঁ হ’লোঁহি তেতিয়া লগ পালোঁ এখন এক্সকেভেটৰ৷ নিশ্চয় শিলবোৰ আঁতৰাবলৈকে গৈ আছে৷ আমাৰ কাম আমি ইতিমধ্যে হাতেৰেই কৰি পাৰ হৈ আহিলোঁ! হেলমেট টপত লিখি ৰখা 'তাগ্ৰা ৰহ’', কথাষাৰে পিছৰ সময়বোৰতো মনত থিত লৈ ৰ’ল৷ তাগ্ৰা থকাটোৱেই প্ৰত্যেক মানুহৰ বাবে প্ৰথম কথা৷ তাগ্ৰা নহ’লে বাধা অতিক্ৰম কৰা মস্কিল৷ সেয়া লাগিলে সামৰিক লোকেই হওক, অসামৰিক লোকেই হওক৷ জীৱনৰ বাবে এটা খুব লাগতিয়াল কথা৷

অলপ পাছতে আমি মূলপথটোত উঠিলোঁ৷ লেফট টাৰ্ণ লৈ টিলাম অভিমুখে দৌৰিব লাগিল আমাৰ গাড়ী৷ মৰ্ণিং ৱাকত সঞ্জু আৰু মই য’লৈকে গৈছিলোঁ অৰুণদাহঁতক সেইডোখৰ দেখুৱালোঁ৷ এতিয়াহে গম পাইছোঁ, পুৱাতে আমি কিমান দূৰত্ব অতিক্রম কৰিছিলোঁ! বি.আৰ.অ'.ৰ কেম্পটোৰ পিছফালেৰে পুৱাতে পোৱা হেঙিং ব্ৰীজখনলৈ আঙুলিয়াই দেখুৱালোঁ৷ তাৰ পিছৰে পৰাই লোহিতৰ দাঁতিয়ে দাঁতিয়ে গৈ থকা অকণমানি ৰাস্তাটো ক্রমে ক্রমে গভীৰ অৰণ্য এখনত সোমাই পৰিল৷ দুয়ো পাৰে সৈন্য বাহিনীৰ কাৰ্যালয়, ভৱন ইত্যাদি৷ গৰমপানী কেম্প৷ সোঁমাজেদিয়ে কিবিথোগামী ৰাস্তাটো৷ কৰ্তব্যৰত ফৌজী বাটৰ দাঁতিত ইউনিফৰ্মত ৰৈ আছে৷ একো বাধা নাই পোৱা পিছে৷ ক'লা স্কৰপিঅ' এখনত ঘূৰি থকা মানুহকেইটাৰ বিষয়ে সকলো ইনফৰ্মেচন পায়ে গৈছে চাগৈ৷ আনহাতে সন্দেহ কৰিবলৈও একো নাই৷ ন’বল্‌ ইণ্ডিয়ান আমি৷

টিলাম পালোঁ৷ টিলাম ৱালঙৰ পৰা প্ৰায় ৪-৫কিল’মিটাৰৰ ভিতৰত৷ এই ঠাই গৰম পানীৰ উঁহৰ বাবে জনাজাত৷ লোহিত আৰু দিচু নৈৰ মিলনস্থল এইখিনিতে৷ ইয়াতে আছে এটি উষ্ম প্ৰৱাহ৷ তাতে আমাৰ দুপৰীয়াৰ গা ধুৱাৰ পৰিকল্পনা৷ এইটো দিশত নদীগৰ্ভত কেইবা ঠাইতো গৰম পানীৰ উঁহ আছে বুলি শুনিছিলোঁ৷ ঔষধি গুণসম্পন্ন এনে উষ্ণ প্ৰৱাহৰ ধাৰ এটাৰ ওচৰতে টুৰিজিম বিভাগৰ ৭টা পকী ঘৰ একে শাৰীতে সজা হৈছে৷ ডাঙৰ ডাঙৰকৈ সজা দুচলীয়া টিনপাত দিয়া একে আৰ্হিৰ ঘৰকেইটাত থাকোঁ বুলিলে থাকিব পাৰি৷ কিন্তু তুলী-তোছক, লেপ-কম্বল, গাৰু-বিছনা চাদৰ একো নাই৷ খাদ্যও পোৱা নাযায় তাত৷ সেইখিনিতে, সামান্য আগলৈ আন ঘৰো দুটা আছে৷ তাৰে এটা ব্যক্তিগত৷ কাঠৰ ঘৰ৷ আনটো চৰকাৰী৷ দুমহলীয়া যদিও আৰ.চি.চি. ঘৰটোৰ চৌহদটো তেনেই জংঘলেৰে পোত গৈ থকা দেখিলোঁ৷ বোধ হয় কোনো নৰমনিচ নাথাকে৷ চাওঁতাও নাই৷ টুৰিষ্টৰ আহ-যাহ বহুদিন ধৰি ঘটা নাই বুলি ঘৰকেইটালৈ চাই একে আষাৰেই কৈ দিব পাৰি৷

মূল ৰাস্তাটোৰ পৰা সোঁহাতে ফালৰি কাটি তললৈ নামি যোৱা দিশে সোমাই টুৰিজিমৰ ঘৰকেইটাৰ আগেৰে আগুৱাই আমাৰ গাড়ীখন একেবাৰে মূৰলৈ থকা গে’ট এখনৰ ওচৰত ৰখোৱা হ'ল৷ দুমহলীয়া ঘৰটোৰ গে’ট সেইখন৷ তলা বন্ধ৷ সেইখিনিতে আছে লুংলুঙীয়া বাট দুটা৷ বাওঁহাতৰটো হৈছে নৈলৈ নামি যোৱা বাট৷ পাইনৰ পাতেৰে সজা তোৰণ এখন আছে৷ তাৰ তলেৰে সোমাই যাব লাগে৷ আনটো অৰ্থাৎ সোঁহাতৰটোৰে ডঙলৈ যায়৷ ওলোমা দলংখনত উঠেগৈ৷ আমাৰ হেঁপাহৰ বাট আচলতে সেইটোহে৷ আমাৰ গাড়ীখনৰ চালক পেটেলে কথাবোৰ জানে৷ কাপোৰ-কানি হাতত লৈ তেওঁক অনুসৰণ কৰি আমি নদীপৃষ্ঠৰ বালিচৰলৈ নামি গ’লোঁ৷ কাৰণ কাৰ্যসূচীমতে এতিয়া আছে, গৰমপানীত সমূহীয়া স্নানকাৰ্য৷ ডং যাত্ৰা নহয়৷





















পৰৱৰ্তী লেখা :
৮. দুপৰৰ স্নান কাৰ্য সমাধা হল গৰম-ঠাণ্ডাৰ সংগমত

No comments:

Post a Comment