Friday, 24 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
১৬. কাহোৰ বৌদ্ধ মন্দিৰৰ বাৰাণ্ডাত ৰৈ



আমি কাহোত উপস্থিত হোৱাৰ লগে লগে কৰ পৰাজানো ভুটুংকৈ কেইবাজনো সেনা জোৱান আহি ওলাল৷ বন্ধুত্বৰ সুৰতে চা-চিনাকি আৰু কথা-বতৰা হল৷ দুৰ্গম, ভিতৰুৱা ঠাইত থাকি থাকি নিজৰ ভিতৰত কিমাননো আৰু সীমাবদ্ধ আলাপৰ বান্ধোনত থাকিব? সেয়ে তালৈ যোৱা কাৰোবাক দেখিলে তেওঁলোকেও আগ্ৰহেৰে আগুৱাই আহে, পৰিচয় হয়, মনৰ ভাব বিনিময় কৰে৷ কাৰণটো তেনেকুৱাই বুলি ধৰি ল'লোঁ৷ আনহাতে চোৰাংচোৱাৰ কায়দাৰে নতুনজনৰ আও-ভাও লোৱাৰ চেষ্টা বুলিও ভাবিব পাৰি৷ সি যি কি নহওক, আমি কতো অকণো অসুবিধাৰ সন্মুখীন হবলগীয়া হোৱা নাই৷ সকলোতে ভাল ব্যৱহাৰেই পাইছোঁ৷

চীনৰ দৃষ্টিভংগীৰে কিন্তু আমি এতিয়া 'দক্ষিণ তিব্বত'ত আছোঁ৷ চীনে অৰুণাচলখনক কেতিয়াবাৰে পৰাই দক্ষিণ তিব্বত আখ্যা দি আহিছে৷ ২০১৩চনৰ নবেম্বৰ মাহৰ শেষভাগত ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জী দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ আহিছিল৷ ইটানগৰত ভাষণ প্ৰসংগত মহামহিম ৰাষ্ট্ৰপতিগৰাকীয়ে 'অৰুণাচল ভাৰতৰ অংগ আৰু দৰকাৰী অংশ' বুলি কলে৷ সেইটোৱে নিমিষতে খং তুলিলে বেইজিঙৰ৷ চীন-ভাৰত সীমান্তৰ পূব দিশৰ বিবাদমান এলেকা সংক্রান্তত চীনৰ স্থিতি এতিয়াও পূৰ্বৰ দৰেই পৰিষ্কাৰ বুলি মন্তব্য কৰিলে চীনা বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ কুন গেঙে৷ এইটো ঠিক যে সীমান্ত বিষয়ক সমস্যা স্পষ্ট ৰূপত সমাধা হৈ নুঠাটো উভয় দেশৰে সম্পৰ্ক ৰক্ষাৰ বাটত এক দাঙিব নোৱাৰা শিল বুলি পৰিগণিত হৈ আহিছে৷ এই সমস্যাৰ সমাধান অবিহনে সকলো ক্ষেত্ৰতেই যেন জটিলতা আৰু জঠৰতা! তেনে মনোভাবে মৰহাই পেলাইছে উত্তৰ-পূৰ্বাঞ্চলবাসীৰো আশা-আকাংক্ষা-প্ৰত্যাশা৷

খুব ভোক লাগিছিল৷ কিবিথোতো একো খোৱা নহ'ল৷ কাহোত গাড়ীৰ পৰা নামি এলেকাটো প্ৰদক্ষিণ কৰি লোৱাৰ পিছতে বৌদ্ধ মন্দিৰটোৰ তলৰ দোকানখনত সোমাই পোনেই খাদ্যৰ অনুসন্ধান চলিল৷ অনিলদা আৰু সঞ্জুৱে সেই অভিযানত আগভাগ ললেগৈ৷ জনালে যে ভাত পোৱা নাযাব৷ 'মেগী' হব বুলি কলে৷ চলি যাব৷ তাকে তুৰন্তে আটাইকেইজনৰ কাৰণে অৰ্ডাৰ দিয়া হল৷ কোনে জানো কৈছিল, দুঃসাহসিক অভিযান বা যাত্ৰাৰ এক সুকীয়া মাদকতা আছে৷ এইবোৰ গতানুগতিক গলোঁ, চালোঁ, খালোঁ, মস্তি কৰিলোঁ, ঘূৰি আহিলোঁ নহয়৷ কেতিয়াবা থাকিবলৈকো ঠাইৰ আকাল হব পাৰে, কেতিয়াবা হয়তো খাবলৈকে ভাত নাই৷ আংশিকভাৱে আমাৰো তেনেকুৱাই চলিছে৷ ভাত নাই৷ কালিও, আজিও৷ থকাৰ চিন্তা অকণমান আছিল যদিও কিবাকৈ ৱালং আই.বি.ত ছিটকেইটা মিলিল৷ ভাত নিমিলিল৷ কালিও, আজিও!

সিফালে খাদ্য প্ৰস্তুত হয় মানে ভাৰতৰ অন্তিম পূবত অৱস্থিত একমাত্ৰ বুধিষ্ট গোম্‌পাটো চাওঁ বুলি উঠি গলোঁ৷ ৰাস্তাৰ সিপাৰে, ওপৰলৈ, পাহাৰৰ গাত মন্দিৰটো৷ ফেৰফেৰীয়া বতাহত শান্তি পতাকাও ফেৰ-ফেৰ শব্দ তুলি দুলি আছে৷ পকাৰ ভালেকেইটা চিৰি বগাই তালৈ যাব লাগে৷ দপদপাই গ'লোঁ উঠি৷ দ্বিতীয় গেটখন খুলিয়ে প্ৰথমে এখন দীঘল বাৰাণ্ডা৷ দৰজাৰ ওপৰত গজাল এটাতে ওলোমাই থোৱা থাকে তলাৰ চাবিটো৷ তলৰ পৰাই দোকানীজনে চিঞৰ মাৰি কথাটো জনাই দিলে৷ সেইটো হাতত ল'লোঁ৷ একো অসুবিধা নাইতো? এক মুহূৰ্ত কিবা এটা ভাবিলোঁ৷ তাৰ পিছত দৰজাখন নিজেই খুলি সোমাই গ'লোঁ৷ চুক-কাণ মাৰি ভিতৰখন চাবলৈ আৰম্ভ কৰি দিলোঁ৷ কাঠেৰে সজা সৰু বিহাৰ৷ কাঠৰে বেদী এখন৷ বুদ্ধৰ সৰু সৰু মূৰ্তিকেইটামান৷ ধৰ্মগুৰুৰ ফটো কেইখনমান৷ মালা, ধূপ৷ একেবাৰে মুখতে ৰূপৰ সাতোটা পাত্ৰত পানী ৰখা হৈছে৷ কাঁহী এখনতে দানস্বৰূপে ধন দিয়াৰ ব্যৱস্থাও আছে৷ তাতে সামান্য কিবা এটা আগ কৰি এখন্তেক ৰলোঁ৷ বুদ্ধ দৰ্শনৰ প্ৰতি টান এটা এনেয়েও আছে৷ বুদ্ধই মানুহৰ জীৱনৰ বাবে লাগতিয়াল কিমানযে প্ৰেকটিকেল কথা কৈ গৈছে! চাৰিওচুক চাই লৈ কাঠৰ দৰজাখন জপালোঁ৷ চাবিটো আগতে য'ত আছিল তাত থ'লোঁ৷ ষ্টেপেৰে নামিবলৈ লওঁতেহে মন কৰিলোঁ, বটল কিছুমান শাৰী পাতি ওভোতাকৈ পুতি ৰখা হৈছে৷ তেনেকৈয়ে ভূমিস্খলন ৰোধ কৰা হৈছে গোম্‌পাৰ এঢলীয়া অংশত৷ তাতে ফুলগছ কেইবিধমানো ৰোৱা হৈছে৷ ভূমি সংৰক্ষণৰ অভিনৱ টেকনিকটো দেখি ভাল লাগিল৷ নতুন কথা এটা শিকিলোঁ৷

মন্দিৰৰ বাৰাণ্ডাত থিয় দি দৃষ্টি প্ৰসাৰিত কৰোঁতেই ব্ৰহ্মপুত্ৰৰ পূবৰ মূল উপনৈ লোহিতখনৰ চীনৰ পৰা ভাৰতলৈ প্ৰৱেশদ্বাৰ দৃষ্টিগোচৰ হৈছিল৷ এই নৈখনে অতীতৰ বহুত কথা জানে৷ অদূৰত দৃশ্যমান সেই সেউজ উপত্যকাটোৰেই সৰ্পিলাকাৰে নৈখন সোমাই আহিছে৷ এইখিনিত তুলনামূলকভাৱে ঠেক৷ উপৰিভাগ ১০ফুটমান হ'ব পাৰে৷ গভীৰতা কোৱা নাযায়৷ কিন্তু অতিশয় খৰস্ৰোতা৷ সেউজীয়া-নীলা পানী৷ বৈ থাকোঁতে ওলোৱা খল্‌খলনি ইয়াৰ পৰাই অনৰ্গলভাৱে শুনা গৈছে, ওৰে বাট শুনি অহাৰ দৰেই৷ এই জলধাৰায়ে ব্ৰহ্মপুত্ৰক দুৰ্দান্তভাৱে শক্তিমন্ত কৰিছেগৈ৷ চকুৰ সন্মুখত উক্ত মুহূৰ্তটোত দেখি থকা পানীখিনি মহানদত চামিল হবলৈ কিমান সময়ৰ প্ৰয়োজন হব বাৰু? ইয়াত কিবা এটা পেলাই দিলে কিমান দিনত পাবগৈ ব্ৰহ্মপুত্ৰ? অলপ পৰ এনেয়ে ভাবি থাকিলোঁ থাউকতে উত্তৰ নথকা বিক্ষিপ্ত প্ৰশ্ন কিছুমান৷ তেনেকৈয়ে কাঠৰ টুকুৰা, মণিগুটি পেলাই দুঃসাহসী ছিকিমী কিনতাপে এদিন আৱিষ্কাৰ কৰিছিল চাংপো-চিয়াঙৰ গতিপথ৷ আমাৰ বাবে সম্ভৱ হোৱা পৰ্যন্ত লোহিতৰ গুৰিটো চোৱাৰ পিছত চিয়াংখন চাবলৈ মনটো লক্‌লকালে৷ তাৰ বাবে এই অৰুণাচলৰে টুটিং, গেলিং পাবগৈ লাগিব৷ সেয়াও চীন সীমান্তই৷ মুঠতে চীনে আমাক নেৰিছে!

বাৰাণ্ডাৰ পৰাই মূৰ তুলি চীনৰ দিশে চালোঁ৷ উভয় দেশৰ মাজৰ ১৯৬২ৰ যুদ্ধখনৰ পিছৰে পৰাই দক্ষিণ আৰু পূব এচিয়াত চীন আৰু ভাৰত পৰস্পৰ প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হৈ আহিছে৷ কেতিয়াবা বৰফ গলে, আকৌ গোট মাৰে! চীনে ভাৰতৰ প্ৰতিবেশী তথা বৈৰী দেশ পাকিস্তানৰ সৈতে বাণিজ্য আৰু সামৰিক দিশত ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাৰ লগতে আন দুখন ৰাষ্ট্ৰ ক্রমে নেপাল আৰু বাংলাদেশকো প্ৰভাৱিত কৰি আহিছে৷ ১৯৭৯চনত ডেং ঝিয়াওপিং ক্ষমতালৈ অহাৰ পিছত চীনে সম্প্ৰসাৰণৰ বিপৰীতে এচিয়াৰ দেশবোৰৰ সৈতে ব্যৱসায়-বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক স্থাপন কৰিব ধৰিছে৷ ম্যানমাৰৰ মিলিটেৰী জুণ্টা চৰকাৰৰো আনকি নিকট সমৰ্থক হিচাপে বিবেচিত হৈছে চীন দেশ৷

সেই চীনৰ ভূখণ্ড এতিয়া চকুৰ আগত৷ ঘৰবোৰ জিলিকি আছে৷ এয়া ভাৰত৷ সৌৱা চীন৷ মাজত চকুৰে নেদেখা লাইন অফ একচুৱেল কণ্ট্ৰল, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা৷ উভয় দেশে উভয় দেশক নিয়ন্ত্ৰণ কৰি আছে তাৰ দুয়ো পাৰে৷ নিয়ন্ত্ৰণ হেৰুৱালেই বিপদ! চীন-ভাৰত সম্পৰ্ক সন্দৰ্ভত ২০১৪চনত বি.বি.চি.য়ে প্ৰকাশ কৰা ৱৰ্ল্ড চাৰ্ভিচ পলৰ মতে ৩৩ শতাংশ ভাৰতীয়ই চীনক যোগাত্মকভাৱে চায়৷ ৩৫ শতাংশৰ আছে বিয়োগাত্মক দৃষ্টি৷ আনহাতে ভাৰতক যোগাত্মক দৃষ্টিৰে চায় ২৭ শতাংশ চীনা লোকে৷ ৩৫ শতাংশই নঞৰ্থক ৰূপত লয়৷ এই দৃষ্টিভংগী এশ শতাংশ সদৰ্থক কেনেকৈ হ'ব সেয়া চিন্তনীয় বিষয়৷

সামৰিক দৃশ্যপটলৈ মন কৰিলে দেখা যায়, মাজে মাজে চীনা সৈন্যই ভাৰত সীমান্তত অসন্তুষ্টিৰ সৃষ্টি কৰি নহা নহয়৷ ২০১৪ৰ ছেপ্টেম্বৰত উভয় দেশৰ মাজৰ সম্পৰ্কই বেয়া ৰূপ লৈছিল৷ শ্বুমাৰ খণ্ডত চীনৰ পিপুল্‌চ লিবাৰেচন আৰ্মীৰ দল এটা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ২কিলমিটাৰ ভিতৰলৈ সোমাই আহিছিল৷ সৌ-সিদিনা ২০ আৰু ২৮মাৰ্চত লাডাখ সীমান্তৰে চীনৰ সৈন্যৰ অনুপ্ৰৱেশৰ ঘটনাই ভাৰতক উদ্বিগ্ন কৰি তোলাৰ লগতে তাকে লৈ সীমান্তত উত্তেজনাৰো সৃষ্টি হৈছিল৷ ২০১৩চনত পি.এল.এ.ৰ সদস্যই লাডাখ সীমান্তৰে প্ৰৱেশ কৰি ভাৰতীয় ভূখণ্ডত প্ৰায় ৩সপ্তাহ ধৰি শিৱিৰ স্থাপন কৰি থকাৰ পিছত ২০১৫ত এয়া দ্বিতীয় ঘটনা৷ উত্তৰ লাডাখৰ বাৰ্টছি আৰু ডেপছাং অঞ্চলত চীনা সৈন্যৰ দুটা দলে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল৷ সেই স্থান ভাৰতীয় সেনা বাহিনীৰ অন্তিম শিৱিৰৰ সমীপৰ অ'ল্ড পেট্ৰ'ল পইণ্টত৷ উক্ত দুই স্থানৰ পৰা ভাৰতীয় সৈন্যক আঁতৰি যাবলৈ সংকেত দি চীনা সৈন্যই ভাৰতীয় ভূখণ্ডত প্ৰৱেশৰ প্ৰচেষ্টা চলাইছিল৷ কিন্তু ভাৰতীয় সেনা বাহিনীয়ে বেনাৰ প্ৰদৰ্শন কৰি চীনৰ সৈন্যক সেই স্থানৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে৷ এনেকুৱা ঘটনা সীমান্তত মাজে মাজে চলি থাকে৷ তেনেকুৱা বাতৰিবোৰে ১৯৬২ৰ ঘটনাপ্ৰৱাহলৈ মনত পেলাই দিয়ে৷ উক্ত যুদ্ধথলীতেই আমি এইকেইদিন আপোনমনে বিচৰণ কৰি আছোঁ৷ ইফালে গৈছোঁ, সিফালে গৈছোঁ, সামৰিক ইতিহাস আৰু সেউজীয়া প্ৰকৃতিৰ সোৱাদ লৈছোঁ৷

চীন-ভাৰতৰ মাজত সমিলমিল বঢ়াই বিৰোধী কাৰ্যকলাপৰ প্ৰশমন ঘটোৱাৰ উদ্দেশ্যে ২০০৬চনৰ ২১নবেম্বৰত তেতিয়াৰ ভাৰতৰ প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু চীনৰ ৰাষ্ট্ৰপতি হু জিনটাওৰ মাজত ১০দফীয়া যুটীয়া ঘোষণা প্ৰকাশ পাইছিল৷ খবৰৰ মতে দুয়োখন দেশৰ মাজৰ বাণিজ্যই প্ৰতি বছৰে ৫০শতাংশ বৃদ্ধি লাভ কৰিছে৷ পিছে চীনে পাকিস্তানৰ সৈতে ৰক্ষা কৰা গাঢ় সম্পৰ্ক, অৰুণাচলৰ ওপৰত কৰি অহা দাবী ইত্যাদিয়ে চুক্তিৰ পিছতো এনে সম্পৰ্কক সংশয়ৰ আৱৰ্তত নৰখা নহয়৷ ভাৰতে তিব্বতৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা চতুৰ্দশ ডালাই লামাক আশ্ৰয় প্ৰদান কৰাটোৱে এনে ধৰণৰ দ্বিপাক্ষিক সংযুক্তিত আজিকোপতিও অবিশ্বাসৰ ক'লা ডাৱৰ সৃষ্টি কৰিবলৈ এৰা নাই৷ ইফালে দ্বিপাক্ষিক বাণিজ্যই ২০৫০ত বিশাল অংক স্পৰ্শ কৰিব বুলি কোৱা হৈছে যদিও বৰ্তমান সময়ত ভাৰত আৰু চীনৰ সম্পৰ্ক সিমান শক্তিশালী নহয়৷ ঊৰ্ধ্বগামী ব্যৱসায়িক ঘাটিৰ সৈতে কেনেকৈ মোকাবিলা কৰা হ’ব তাকে লৈ ভাৰতৰ চিন্তা-দুশ্চিন্তা আৰম্ভ হৈছে৷ ২০০৮চনত চীন দেশ ভাৰতবৰ্ষৰ সবাতোকৈ বৃহৎ ব্যৱসায়িক সহযোগী হিচাপে দৃশ্যমান হৈছিল৷ দুয়োখন দেশে কূটনৈতিক আৰু সামৰিক সম্পৰ্ক প্ৰসাৰৰ দিশতো পদক্ষেপ ল’বলৈ মনস্থ কৰিছিল৷ ২০১২চনত চীনে প্ৰকাশ কৰিছিল যে চীন-ভাৰত মৈত্ৰী দেশখনৰ বাবে দৰকাৰী দ্বিপাক্ষিক সহযোগিতা হিচাপে চিহ্নিত হ’ব পাৰে৷ এই দুই বিশাল ৰাষ্ট্ৰৰ পাৰস্পৰিক সম্পৰ্ক কিমান সবল, তাৰ ওপৰতে নিৰ্ভৰ কৰিছে আহিবলগীয়া দিনবোৰত এচিয়া বাদেই, পৃথিৱীৰো বহুবোৰ কথা৷

পি. ভি. নৰসিংহ ৰাওৰ প্ৰধান মন্ত্ৰিত্বৰ কালত ১৯৯১চনত ভাৰতবৰ্ষত ‘লুক ইষ্ট পলিচী’ বা পূবলৈ চোৱা নীতিৰ সুভাৰম্ভণি ঘটোৱা হৈছিল৷ পৰৱৰ্তী প্ৰধান মন্ত্ৰী ক্ৰমে অটল বিহাৰী বাজপেয়ী আৰু ডক্টৰ মনমোহন সিঙে ইয়াক আগুৱাই নিয়ে৷ ভাৰতৰ বৈদেশিক নীতিৰ অন্তৰ্গত পূব প্ৰান্তৰ চুবুৰীয়া দেশসমূহৰ সৈতে বন্ধুত্ব আৰু অৰ্থনৈতিক সম্পৰ্ক গাঢ় কৰাৰ মানসেৰে গ্ৰহণ কৰা এই নীতিৰে ভাৰতৰ বৈদেশিক অৰ্থনীতিয়ে নহয়, উন্নয়নমুখী বিশ্ব অৰ্থনীতিৰ প্ৰতিও ভাৰতৰ দৃষ্টি সম্প্ৰসাৰিত কৰাৰ লগতে আন্তৰ্জাতিক মহলত ভাৰতৰ খোপনি মজবুত কৰাটোও লক্ষ্য৷ লুক ইষ্ট পলিচীৰ মাধ্যমেৰে এছিয়া-পেচিফিক অঞ্চলত ভাৰতবৰ্ষৰ উপস্থিতি সুদৃঢ় আৰু প্ৰভাৱশালী হৈ পৰাটো বেইজিং মহলে নিবিচাৰে বুলিও অভিযোগ আছে৷ ইফালে আমাৰ দেশৰ এই পূবলৈ চোৱা নীতি যথাযথভাৱে কাৰ্যকৰী হোৱাৰ বাটত চীনেই হৈছে নিৰ্ণায়ক, চীনেই হৈছে বিধায়কো৷ এই আঁচনিয়ে সঁচা ৰূপ পৰিগ্ৰহ কৰাত চীনৰ গুৰুত্বপূৰ্ণ আৰু সক্রিয় দৃষ্টিভংগীৰ প্ৰয়োজন আছে৷ দক্ষিণ-পূব এচিয়া আৰু পূব এচিয়াত ভাৰতৰ ৰাজনৈতিক, অৰ্থনৈতিক নৱজাগৰণত চীনৰ যোগাত্মক সঁহাৰিৰ একান্ত আৱশ্যক৷ দক্ষিণ-পূব আৰু পূব এচিয়াৰ শান্তি আৰু স্থিৰতাৰ প্ৰশ্নও ইয়াৰ সৈতে বিজড়িত হৈ আছে৷ এই ক্ষেত্ৰত ভাৰতে অঞ্চলটোত নিজৰ স্থান আৰু মানৰ উন্নয়ন সাধিব লাগিব৷ শেহতীয়াকৈ কেন্দ্ৰীয় গৃহৰাজ্য দপ্তৰৰ মন্ত্ৰী তথা অৰুণাচলৰে বাসিন্দা কীৰেন ৰিজিজুৱে সদৰি কৰা মতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ এন.ডি.এ. চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ-পূব এচিয়াৰ ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰস্থল কৰাৰ লক্ষ্যৰে পূৰ্বৰ Look-East Policyক Act East Policyলৈ পৰিৱৰ্তন কৰিছে৷ উত্তৰ-পূবৰ প্ৰকৃত বিকাশত এই নীতি কেনে সহায়ক হয় সেয়া সময়ে জনাব৷

ভাৰতে মুঠ ঘৰুৱা উৎপাদনৰ দিশৰ পৰা আমেৰিকা আৰু চীনৰ পিছতে এই দশকটোত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ খবৰ আহিছে৷ ইফালে আকৌ ভৱিষ্যৎ বাণী শুনা গৈছে যে মহাচীন নহয়, অচিৰেই এছিয়াৰ অৰ্থনৈতিক মহাশক্তি হিচাপে পৰিগণিত হ’ব ভাৰতহে! পৃথিৱীৰ অন্যতম শক্তিধৰ দেশ চীন অতদিনে অৰ্থনীতি, সামৰিক শক্তি আদি সকলো দিশতে আছিল এচিয়াৰ ছুপাৰ পাৱাৰ৷ কিন্তু এচিয়ান ডেভেলপমেণ্ট বেংকৰ এটা সমীক্ষাই সদৰি কৰিছে যে এই বছৰতে ভাৰতে অতিক্রম কৰিব বৃহত্তম অৰ্থনৈতিক শক্তি চীনক৷ 'এচিয়ান ডেভেলপমেণ্ট আউটলুক'ৰ বাৰ্ষিক প্ৰকাশনত ওলোৱা সমীক্ষাৰ তথ্যমতে ভাৰতৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে চলোৱা অভিযান ‘মেক্‌ ইন ইণ্ডিয়া’ চীনৰ তুলনাত অধিক কাৰ্যকৰী হ’ব৷

অনেক আশা, অনেক প্ৰত্যাশা৷ আমি সামান্য চিন্তাৰ, কল্পনাপ্ৰৱণ, উন্নয়নকামী, ভ্ৰমণকাৰী মানুহ৷ দেশৰ পূব মূৰটোৰ পৰা চুবুৰীয়া চীনৰ দিশে একান্তমনে চাই চাই এতিয়া অনৰ্গলভাৱে ভাবিব ধৰিছোঁ এনেবোৰ কথাকে৷

কাহোৰ বৌদ্ধ মন্দিৰৰ ষ্টেপেৰে এখোজ-দুখোজকৈ নামি আহি থাকোঁতে কিছুপৰ অন্য এটা চিন্তা কৰিলোঁ৷ ঘৰৰ পৰা ইয়ালৈ কিমান দূৰ হ’ব? আকাশলৈ চাই ভাবিলোঁ, ডিফুৰ দিশটো কেনি? আমাৰ ম’বাইল ফোনকেইটাৰ কোনো কাম নাই ইয়াত৷ হায়ুলিয়াঙৰ পৰাই দূৰসঞ্চাৰ ব্যৱস্থা শূন্য৷ সেইকেইটা বেগৰ ভিতৰত পৰি আছে নীৰৱে৷ আনহাতে আকস্মিকভাৱে চীন দেশৰ চিগনেল ইয়াত দৃশ্যমান গৈছে, পেটেলৰ হেণ্ডছেটটোত! দোকানৰ বাৰাণ্ডাত তাকে লৈ অলপ সময় অনিলদাহঁতৰ মাজত গৱেষণা এটাও চলিছিল৷







পৰৱৰ্তী লেখা :
১৭. ৫০ৰ বৰ-ভূঁইকঁপৰ থলীলৈ চাই চাই

No comments:

Post a Comment