অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
পুৱাৰ ৰ'দজাক খুব ধুনীয়াকৈ ওলাইছিল৷ ঠিক ৮.৩০বজাত পেটেলে গাড়ী ষ্টাৰ্ট দিলে৷ আমি আই.বি.ৰ পৰা দিনটোৰ বাবে বাহিৰ হ'লোঁ৷ দুপৰীয়া ভাত ক’ত খাম, খানা মিলিবনে নিমিলিব, একো নিশ্চিতি নাই৷ যাত্ৰাহে গুৰুত্বপূৰ্ণ৷ ফাৰ্ষ্ট টাৰ্গেট হেলমেট টপ৷ অথনি মৰ্নিং ৱাকত পোৱা জংছনটোৰ পৰা লেফ্ট টাৰ্ণ ল’লোঁ৷ ৰাস্তাটো ঠেক৷ অলপ আগত ঘৰ কেইটামান পালোঁ৷ গাঁও এখন৷ তাৰ পিছৰে পৰা অনেক জেড টাৰ্ণ লৈ ক্রমান্বয়ে ঊৰ্ধ্বমুখী সৰ্পিল গতি৷ সোঁহাতে হৰহৰাই পৰি থকা একেবাৰে থিয় জলপ্ৰপাত এটাও দেখিলোঁ৷ উঠিয়ে আছোঁ, উঠিয়ে আছোঁ৷ লগে লগে চৌপাশৰ দৃশ্যৰাজি চাই তবধ মানি গৈছোঁ৷ সন্মুখৰ পৰ্বতত বৰফৰ দলিচা৷ যিমানেই আৰোহণ কৰিছোঁ ৱালংখন সিমানেই তললৈ গৈ আছে৷ ৰানৱেটো, লোহিতখন, ৰাস্তাটো ক্রমে সৰু হৈ গৈ আছে৷ আৰ্মী কেম্পৰ বেৰেকবোৰ দিয়াশলাইৰ বাকচ সদৃশ হ’লগৈ৷ আমাৰ অৱস্থান এসময়ত বৰফৰ সমান্তৰাল হৈ পৰিল৷ মাজত বৃহৎ শূন্য৷ অকোৱা-পকোৱা ৰাস্তা আৰু উচ্চতা-ভীতিত আতংকিত হৈ আগৰ ছিটত বহা অৰুণদাৰ মাত-কথা বন্ধ হৈ অহাটো মন কৰিলোঁ৷
তেনেকৈয়ে ১৮কিল’মিটাৰ উঠি উঠি হেলমেট টপ পালোঁহি৷ আমি নিৰ্দিষ্ট এঠাইত ৰ’লোঁ৷ ইণ্ডিয়ান আৰ্মীৰ জোৱান এজন প্ৰায় দৌৰি অহাদি আগ বাঢ়ি আহিল৷ কৰমৰ্দন কৰিলে আৰু আমাৰ পৰিচয় ল’লে৷ তেওঁৰ নাম এছ. শেখৰ৷ নিৰাপত্তাজনিত কাৰণত সীমান্ত অঞ্চলত নিয়োজিত ৰক্ষীসকলে সকলোৰে প্ৰতি শেন দৃষ্টিযে ৰাখে তাৰে উমান এটা পাই গ'লোঁ৷ ওচৰতে তেওঁ কেম্প সজাৰ কামত ব্যস্ত আছিল৷ আমাৰ আঁতি-গুৰি জানি লৈ অলপ পিছত নিজৰ কৰ্মস্থলীৰ দিশে কদমত গ’লগৈ৷
মিছিমি পৰ্বতৰ নিস্তব্ধ শিখৰত বিচৰণ কৰিলোঁ আমি৷ সন্মুখত অজ্ঞাত সৈনিকৰ প্ৰশস্ত ৰণবীৰতাৰ সোঁৱৰণত নিৰ্মিত এটা অকণমানি স্মাৰক৷ সাধাৰণ নিৰ্মাণ, কিন্তু অসাধাৰণ সন্মান৷ সৈনিকৰ বুৰঞ্জীত ই সদায়ে ওখ স্থান পাই আহিছে৷ এডাল বুঢ়া পাইন গছ৷ তাৰ তলতে এখন টিনপাতৰ চালি৷ তাৰ তলতে সজা হৈছে এই স্মাৰক৷ সৰু জোখৰ তিনি বৰণীয়া জাতীয় পতাকা এখনৰ তলতে এখন বেদী৷ বেদীৰ ওপৰত যুদ্ধাস্ত্ৰ কেইবিধমান৷ তাতে ধূপ জ্বলোৱা আৰু খাদ্য-পদাৰ্থ আগ বঢ়োৱাৰ ব্যৱস্থা ৰখা হৈছে৷ ১২ জম্মু এণ্ড কাশ্মীৰ ৰাইফলছে এই বেদী সাজি উলিয়াইছিল৷ ১৯৮৮চনৰ নবেম্বৰ মাহত কৰ্ণেল পি. এছ. বাদলে উন্মোচন কৰিছিল৷ পিছলৈ ১৯ পাঞ্জাব আৰু ১১৬ আৰ.চি.চি. (জি.আৰ.ই.এফ.)য়ে ২০০৬চনৰ ছেপ্টেম্বৰ মাহত নতুনকৈ ইয়াৰ উন্নয়ন সাধে৷ ভেটিটোলৈ উঠি গৈ সন্মুখত থিয় দি পোনে পোনে চালোঁ৷ ‘হেলমেট টপ’ বুলি ৰঙাত বগা আখৰেৰে লিখা আছে৷ তাতে পুষ্পমালা অৰ্পণ কৰা হয়৷ তাৰ ঠিক তলতে লিখা আছে দুটা শব্দ৷ ‘তাগ্ৰা ৰহ’’৷ চকুত পৰা মাত্ৰকে এই শব্দ দুটাই বৰকৈ মনোযোগ আকৰ্ষণ কৰিলে৷ জীৱনৰ প্ৰতিটো মুহূৰ্ততে মানসিক, শাৰীৰিকভাৱে শক্তিশালী হৈ থাকিবলৈ আমাকো যেন বাণীষাৰে সকীয়ালে৷ চিন্তা কৰিলোঁ, তাগ্ৰা নহ’লে, শাৰীৰিক-মানসিক সক্ষমতা নহ’লে, শত্ৰুৰ বিপক্ষে যুদ্ধ দিয়া সম্ভৱ জানো? তদনুৰূপ, এই স্থানত পদাৰ্পণ কৰাটোও অসম্ভৱ৷ দেহা থাকিলেহে বেহা৷ স্বাস্থ্যই পৰম বল বুলি সৰুৰে পৰাই সকলোৱে শুনিয়ে আহিছোঁ৷ দেশখন সঁচা ৰূপত শক্তিশালী হ’বলৈ হ’লে সশস্ত্ৰ সেনা জোৱানৰ দৰে দেশৰ প্ৰতিজন মানুহেই তাগ্ৰা, তজবজীয়া হ’ব লাগিব৷ বেমাৰী, ঢিলা মানুহৰ স্থান সেনা বাহিনীত নাই কিজানি৷ সেয়ে লিখি থৈছে, 'তাগ্ৰা ৰহ''৷
ঠিক সোঁহাতে, ৬২ৰ যুদ্ধত ভাগ লোৱা ভাৰতীয় সৈন্য বাহিনীৰ পল্টনকেইটাৰ নাম উল্লেখ কৰা আছে৷ ১৯৬২চনৰ ২২অক্টোবৰৰ পৰা ১৬নবেম্বৰ পৰ্যন্ত ১১ ইনফেনট্ৰ্ৰী ব্ৰিগেড, ৬ কুমাওঁ, ৪ শিখ, ৩/৩ গোৰ্খা ৰেজিমেণ্ট, ২/৮ গোৰ্খা ৰেজিমেণ্ট আৰু ৪ ডোগ্ৰা ৰেজিমেণ্টৰ জোৱানসকলে উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে অজানা এলেকাটোত তয়াময়া যুদ্ধত লিপ্ত হৈছিল৷ যুদ্ধখনৰ বাবে কোনো প্ৰস্তুতি নথকা ভাৰতীয় সৈন্যই পৰ্যাপ্ত পৰিমাণৰ যুদ্ধাস্ত্ৰৰ অভাৱত সীমান্ত পাৰ হৈ আগ বাঢ়ি অহা চীনা সৈন্যৰ অতৰ্কিত আক্রমণত তিষ্ঠিব নোৱাৰিলে৷ সন্মুখ সমৰত বহুতৰে মৃত্যু ঘটিল৷ কোনো কোনোৱে ছত্ৰভংগ দিলে৷ কিছুমানে প্ৰাণ লৈ বগুৱা বাই পলাবলৈ উদ্যত হ’ল৷ তিনিওফালে ওখ পৰ্বতে ঘেৰা দুৰ্গম ৱালং ভেলীত তেনে পৰিস্থিতিত পৰি নিখোজো হ’ল বহুজন৷ যিখিনি ৰ’ল সেইখিনিৰ বাবে ওপৰৱালাৰ নিৰ্দেশ বা কামাণ্ড বুলিবলৈ একো কথাই নাথাকিল৷ শেষৰটো বুলেট হাতত থকালৈকে, শেষৰজন সৈন্য জীৱিত থকালৈকে তেওঁলোকে কেৱল যুদ্ধ কৰি গ’ল৷ প্ৰাণ বিসৰ্জন দিলে দেশৰক্ষাৰ হকে৷ যুদ্ধত ভাগ লোৱা এই গোটেইকেইটা ইউনিটৰ নাম এখন ব’ৰ্ডত ৰঙা চিয়াঁহীৰে লিখি থোৱা দেখা পালোঁ৷
বাওঁহাতে ‘টাইম মেগাজিন’ত প্ৰকাশিত সেই বিখ্যাত শাৰীটো৷ 'AT WALONG TROOPS LACKED EVERY THING EXCEPT GUTS'৷ চীন-ভাৰতৰ ৱালং ৱাৰত মৃত্যুবৰণ কৰা ভাৰতীয় সৈন্যৰ প্ৰতি উচৰ্গা কৰা হৈছিল সাপ্তাহিক বাৰ্তালোচনীখনৰ ৩০নবেম্বৰ ১৯৬২ তাৰিখৰ সংখ্যাটি (Vol. I.XXX No. 22)৷ ১৯৬২ৰ ছেপ্টেম্বৰত যেতিয়া চীনে ভাৰতৰ উত্তৰ-পূবৰ Tiger's mouthএদি আক্রমণ চলোৱাৰ পৰিকল্পনা ৰচনা কৰিলে তেনেকুৱা এক অভাৱনীয় পৰিস্থিতিত অভাৱৰ মাজতো যিটোৱে চীনা সৈন্যক ভেটিবলৈ সমৰ্থ হৈছিল সেয়া আছিল ভাৰতীয় সৈন্যৰ সাহস৷ কিন্তু বাকী অত্যাৱশ্যকীয় উপকৰণখিনি নোহোৱাকৈ অকল সাহসক ধৰি ৰাখিয়ে এখন যুদ্ধ জয় কৰাটো সম্ভৱ জানো? তাকে এপিটাফত লিখি ৰখা হৈছে৷ ৬২ত মোৰ জন্মই হোৱা নাছিল৷ এইষাৰ বিশেষ বাক্য এতিয়া হেলমেট টপৰ স্মাৰকত লিখি ৰখা দেখিলোঁ বগাত ৰঙা আখৰেৰে৷
আনহাতে লগতে থকা পাইন গছজোপাত গজাল মাৰি থোৱা ক’লা-বগা ব’ৰ্ড এখনত লিখা আছে If I adv follow me, If I wdr kill me, If I die avange me, So help me God. 3 Coy 6 Assam৷ আত্মবলিদানৰ এটা সংকল্প, এটা প্ৰাৰ্থনা৷ অকণমান আঁতৰত ৬ আছাম ৰেজিমেণ্টৰ তৰফৰ পৰা সজা ছহিদ বেদী এডোখৰ আছে৷ কৰ্ণেল জি. ডি. ৰাজে ১৯৮৮চনৰ ১আগষ্ট তাৰিখে এই বেদী আনুষ্ঠানিকভাৱে মুকলি কৰিছিল৷
হেলমেট টপৰ মূল স্মাৰকৰ ষ্টেপ দুটাৰ দুয়ো দাঁতিত, ভেটিটোত লাগি থকাকৈ কলগছ ৰুই থোৱা দেখিলোঁ৷ চৌপাশে পাইন গছে আৱৰি আছে এলেকাটো৷ আমাৰ সমান্তৰালভাৱে সোঁফালে জিলিকি আছে বৰফাবৃত্ত পৰ্বত৷ বাওঁফালে ৰাস্তাটো আগলৈ গৈ হাবিত নেদেখা হৈছে৷ পিছফালেও পৰ্বত৷ নিৰ্জন শীতল ঠাই৷
পৰৱৰ্তী লেখা :
হেলমেট টপৰ মূল স্মাৰকৰ ষ্টেপ দুটাৰ দুয়ো দাঁতিত, ভেটিটোত লাগি থকাকৈ কলগছ ৰুই থোৱা দেখিলোঁ৷ চৌপাশে পাইন গছে আৱৰি আছে এলেকাটো৷ আমাৰ সমান্তৰালভাৱে সোঁফালে জিলিকি আছে বৰফাবৃত্ত পৰ্বত৷ বাওঁফালে ৰাস্তাটো আগলৈ গৈ হাবিত নেদেখা হৈছে৷ পিছফালেও পৰ্বত৷ নিৰ্জন শীতল ঠাই৷
পৰৱৰ্তী লেখা :
৬. হেলমেট টপত হিমাচলৰ দীনেশ কুমাৰ
No comments:
Post a Comment