Wednesday, 8 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
২. ৱাৰ মেমৰিয়েলত পদাৰ্পণ



পুৱা তেতিয়া ৫.৩০ বাজে৷ আগ সন্ধিয়া ভবা ধৰণেই সঞ্জু আৰু মই Hut of Remembranceৰ সন্মুখত, ৰাস্তাটোৰ দাঁতিত উপস্থিত হলোঁ৷ বিপৰীত ফালে নিৰ্মীয়মান ৱালং এয়াৰ ষ্ট্ৰিপ৷ হালধীয়া, ৰঙা পতাকা কিছুমান বতাহত উৰি আছে যুদ্ধ স্মাৰকটোৰ ওপৰৰ ফালে৷ ৱালঙৰ যুদ্ধত চীনা বাহিনীৰ হাতত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ সোঁৱৰণত এই স্মৃতি স্তম্ভ সজা হৈছে৷ বাহিৰৰ গুলপীয়া-সেউজীয়া ৰং দিয়া বেৰত বগাৰে লিখা Lest WE forget শব্দ তিনিটা এতিয়া আমাৰ সন্মুখত৷ আমি বাহৰ পতা অদূৰৰ গড়কাপ্তানি পৰিদৰ্শন বাংলোৰ পৰাই স্পষ্টকৈ এই আখৰখিনি পঢ়িব পাৰি৷ প্ৰথমেই পোৱা ষ্টেপকেইটাৰ গুলপীয়া বেৰখনত এখন কলা মাৰ্বলৰ প্লেট সংস্থাপন কৰা আছে৷ তাত লোহিত ব্ৰিগেডৰ মাৰফতত ইংৰাজী ভাষাত কেপিটেল লেটাৰত এইখিনি খোদিত আছে... This Hut of Remembrance has been built in the everlasting memory of our fellow countrymen who greatly outnumbered on the snowy mountain tops and rugged defiles of Walong, without the shelter of even a tent and suffering from extremes of cold, hunger and thirst and laid down their lives in Oct-Nov 1962 in a most gallant conflict for our tomorrow and halted the Chinese war machine here at Walong. ...The Lohit Brigade, Nov. 2009

ক্ৰিকেট খেলিবলৈ ফিল্ডলৈ যোৱা ছোৱালীৰ পালটো আগৰ কেঁকুৰিটোত কেতিয়াবাই নেদেখা হৈ পৰিছিল৷ সিহঁতৰ কোঢ়ালবোৰো নুশুনা হৈ পৰিছিল৷ সিহঁতজাকৰ পিছতে আৰ্মীৰ ট্ৰাক এখন পাৰ হৈ গল৷ তলৰ অংশটো চাই হ'লত খটখটীয়েদি উঠি ওপৰলৈ গ'লো আমি৷ এটা গোলাপ-ৰঙীন পৰিৱেশ৷ যেন গোলাপৰ পাহিৰ আৱেষ্টনীত সোমাই পৰিলোঁ! ওপৰত উঠিয়ে ঠিক তেনে অনুভৱ হ'ল৷ ষ্টেপৰ পোনে পোনে স্মৃতি-পঁজাটো৷ তাৰ ৰঙো গুলপীয়া৷ মুঠতে চৌপাশে গোলাপী ৰঙৰে আৱেশ৷ বাঁওহাতলৈ আছে বন্দুকৰ নলী তলমুৱাকৈ ৰখা সৈনিকৰ ব্ৰঞ্জৰ মূৰ্তি এটা৷ ফেয়াৰৱেল টু আৰ্মছ! ভাৰতীয় সেনাৰ সাহসৰ স্বীকৃতি স্বৰূপে ২০১৪চনৰ ১৬নবেম্বৰত জি.অ.চি. ৩ কৰ্পছৰ তৰফৰ পৰা এই প্ৰতিকৃতি উচৰ্গা কৰা হৈছে৷ চাপৰ পেডেষ্টেলটোৰ তলফালে সন্মুখত লগোৱা মাৰ্বলৰ প্লেটখনত লিখা আছে Horatiusৰ উক্তি 'And how can a man die better than facing fearful odds for the ashes of his fathers and the temples of his Gods.' তেনেদৰেই, দুকাষে খোদিত আছে ক্রমে গুৰু গ্ৰন্থ চাহেব আৰু গীতাৰ সাৰবাক্য৷ কিছু পৰ ৰৈ থাকি শ্ৰদ্ধা জনালোঁ দেশৰ হকে প্ৰাণ আহুতি দিয়া সৈনিকসকলৰ প্ৰতি৷

আন এখন ডাঙৰ ফলক৷ সংক্ষিপ্ত ৰূপত Battle of Walongৰ বৰ্ণনা সেই ফলকত কাটি ৰখা হৈছে৷ ৬২চনত ৱালঙক ৰক্ষাৰ প্ৰচেষ্টাত অকণো পিছ নোহুহকা আঞ্জাৱ আৰু লোহিত জিলাৰ জনসাধাৰণৰ সন্মানাৰ্থে এই স্মাৰক প্ৰতিষ্ঠা কৰা হৈছে৷ সৌভাগ্য যে আজি আমি স্বচক্ষে এয়া প্ৰত্যক্ষ কৰিব পাৰিছোঁ৷

স্মৃতি-গৃহটিৰ এফালে বেৰ এখনত লগোৱা ফলকত লিখা আছে This memorial has been erected in the everlasting memory of our fellow countrymen who greatly outnumbered on the snowy mountain tops and rugged defiles of Walong, without the shelter of even a tent and suffering from extremes of cold, hunger and thirst and laid down their lives in Oct-Nov 1962 in a most gallant conflict for our tomorrow and halted the Chinese war machine here at Walong. The epitaph for the memorial was composed by late Mr. Bernard S. Dougal, DC, Lohit, 1963-65.

৮২ মাউণ্টেইন ব্ৰিগেডে এই যুদ্ধ-স্মাৰক সাজি উলিয়াইছে ক্রমে জি.অ.চি. ৪ কৰ্পছৰ লেফটেনেণ্ট জেনেৰেল ডি. বি. শেখাটকাৰ, জি.অ.চি. ৩ কৰ্পছৰ মেজৰ জেনেৰেল অশোক চাকি, ৫/১১ গোৰ্খা ৰাইফলচ, ৪৮ বি.আৰ.টি.এফ. প্ৰজেক্ট উদায়াক, ৩৮২ ফিল্ড কোম্পানী (৬২ ইঞ্জিনিয়াৰ ৰেজিমেণ্ট), অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী মুকুট মিথি, ৰাজ্যিক মন্ত্ৰী কালিখ পুল, লোহিত জিলাৰ জনসাধাৰণৰ উদাৰ আৰু মহত্ত্বপূৰ্ণ সহযোগ তথা অকুণ্ঠ সমৰ্থনত৷ এখন দেৱালত তাৰে কৃতজ্ঞতাসূচক প্ৰকাশ৷

ৱালঙৰ সমৰত প্ৰাণ আহুতি দিয়া ৬ কুমাওঁৰ ১২৫গৰাকী, ৪ ডোগ্ৰাৰ ১১৪গৰাকী, ৪ শিখৰ ৮৫গৰাকী, ২/৮ গোৰ্খা ৰাইফলচৰ ১গৰাকী, ৪৪ হেভী মৰ্টাৰ ৰেজিমেণ্টৰ ৫গৰাকী, ২ আছাম ৰাইফলচৰ ৫গৰাকী, ৬ মাহাৰৰ ৪গৰাকী, ৫২ (পাৰা) ফিল্ড বেটেৰীৰ ৬গৰাকী, ১৭ (পাৰা) ফিল্ড ৰেজিমেণ্টৰ ৩গৰাকী, ৩/৩ গোৰ্খা ৰাইফলচৰ ৫০গৰাকী সেনাৰ নাম পদবীৰ সৈতে খোদাই কৰা আছে স্মৃতি-পঁজাটোৰ দুয়ো ফাল মিলাই ৫টা স্থলত প্ৰতিষ্ঠা কৰা কলা মাৰ্বলৰ প্লেটসমূহত৷ কেপ্টেইন, মেজৰ, চুবেদাৰ, নায়ক, লেন্সনায়ক, হাবিলদাৰ, ৰাইফলমেন, চিপাহী আদি বিভিন্ন ৰেংকৰ যোদ্ধা আছিল সেইসকল৷ ইয়াৰ বাহিৰে অন্য কাৰণত যুদ্ধত হেৰাই যোৱা সৈনিকো অৱশ্যে নথকা নহয়৷

Battle of Walongৰ সময়ানুক্রমিক তথ্য হিচাপত এখন ফলকত ইংৰাজীত এনেকৈ আছে...
1. Chinese invasion of India in Lohit Valley commenced on MC Mahon ridge north of Kibithu at 11.45 PM 21 Oct 1962 Kibithu was being held by own troops as temporary position.
2. Chinese contacted Walong defences at Namti, 7 KMs from Walong at the dawn of 25 Oct 1962.
3. Indian 11 Infantry Brigade was defending Walong under numerous handicaps. There being no road beyond Tezu, which is 230 KMs to the south. There was a severe shortage of artillery, rations, ammunition, winter clothing and defence stores at Walong.
4. Chinese amassed superior forces opposite Walong (Five infantry and two artillery brigades) repeated human wave attacks followed. Indian troops fighting under the most inspiring leadership of Brig NC Rawlley, MC, held back the Chinese along track Kibithu-Walong for 22 days. This position came to be known as Tiger's Mouth. Times Magazine wrote 'At Walong Indian troops lacked every thing. The only thing they did not lack was guts.'
5. On 14 Nov 1962, Chinese occupied high feature Tri Junction (west of this place) which was not held by Indian troops. This enabled them domination of Walong.
6. 11 Infantry Brigade was ordered to withdraw on 16 Nov 1962.
7. Own troops caused crippling losses on the Invading Chinese. Mule trains carrying Chinese casualties between Namti and Croati. Chinese suffered approximately 4000 casualties and were unable to advance towards Tezu.

বাওঁকাষৰ আন এখন ফলকত Defenders of Walong 1962, ৱালঙক প্ৰতিৰোধ কৰা বাহিনীসমূহৰ নামবোৰ আছে৷ HQ 11 Inf Brgৰ অন্তৰ্গত 6 Kumaon, 4 Sikh, 4 Dogra (14 Nov 1962 onwards), 3/3 GR (First week of Nov onwards), 2/8 GR (2 Coys from 28 Oct to 12 Nov 1962), 2 Assam Rifles (one wing), PL B Coy 6 Mahor (MG), 71 Heavy Mortar Battery, 52 Para Field Batteryয়ে এই প্ৰতিৰোধ সংগ্ৰাম আগ বঢ়াইছিল৷

সোঁকাষৰ ফলকত গেলেণ্ট্ৰি এৱাৰ্ড মহাবীৰ চক্র আৰু বীৰ চক্র প্ৰাপক ক্রমে ১জন আৰু ১১জন সৈনিক আৰু যুদ্ধবন্দী এজন সৈনিকৰ নামো আছে পদবী আৰু ৰেজিমেণ্টৰ উল্লেখেৰে৷

সিফালে আকচাই চীন আৰু এইফালে নেফাত ১৯৬২চনৰ ২০অক্টোবৰৰ পৰা ২১নবেম্বৰলৈ চলা চীনো-ইণ্ডিয়ান ৱাৰত বিজয়ী হৈছিল চীন৷ ভূমি দখলক কেন্দ্ৰ কৰি চলা এই যুঁজখন শাম কটাৰ পিছত আকচাই চীন সম্পূৰ্ণৰূপে চীনৰ হাতলৈ যায়৷ ভাৰতীয় যোদ্ধা আছিল ১০,০০০-১২,০০০জন৷ তাৰ বিপৰীতে চীনৰ ৮০,০০০৷ ভাৰত পক্ষৰ ১,৩৮৩জন নিহত, ১,০৪৭জন আহত, ১,৬৯৬জন সন্ধানহীন আৰু ৩,৯৮৬জন সৈন্য বন্দী হৈছিল৷ তাৰ বিপৰীতে চীনা বাহিনীৰ ৭২২জন নিহত আৰু ১,৬৯৭জন আহত৷ সমৰখনৰ সৰহখিনিয়েই সংঘটিত হৈছিল বৰফাবৃত্ত সুউচ্চ পৰ্বতমালাত, সমুদ্ৰপৃষ্ঠৰ পৰা যাৰ উচ্চতা ৫,০০০মিটাৰৰ পৰা ৭,০০০মিটাৰ৷ শত্ৰুৰ বুলেটৰ আঘাততকৈ অঞ্চলসমূহৰ ভূ-প্ৰাকৃতিক আৰু উষ্ণতাজনিত প্ৰতিকূল পৰিস্থিতিত পৰিও বহু সেনা জোৱানৰ মৃত্যু ঘটিছিল৷

এই যুঁজখনৰ ইতিহাস আচলতে অতি দীঘলীয়া৷ আমাৰ সন্মুখত যি দেখা পাইছোঁ সেয়া শেষ পৰিণতিৰ কিছু হিচাপ-কিতাপহে৷ এনে ভয়াৱহ অৱশেষ পৰ্যবেক্ষণ কৰাৰ পিছত স্বাভাৱিকতে মনত প্ৰশ্ন জাগি উঠিছে, ব্ৰিটিছ অহাৰ আগতে তেনেকুৱা সীমা বিবাদ আছিলজানো? হাজাৰ বছৰীয়া পৰম্পৰাগত সমিলমিল এখন যুদ্ধই স্তিমিত কৰিব পাৰেজানো? যুদ্ধৰ অবৰ্ণনীয় বিভীষিকাক পৰিহাৰ কৰাৰ অৰ্থেই আজি কি ভাৰত, কি চীন, শত্ৰু কি, মিত্ৰ কি, সকলোৱে চিঞৰিব লাগিছে, যুদ্ধ নালাগে, শান্তি লাগে, আলোচনা লাগে বুলি৷ 

১৯৬২ত হেৰাই যোৱা সৈনিকসকলৰ প্ৰতি অকণমান শ্ৰদ্ধা নিবেদন কৰিবলৈ গৈ ৱাৰ মেম’ৰিয়েলৰ গোলাপী পৰিৱেশটোত আমি ভালে বেলি থমকিলোঁ৷





















পৰৱৰ্তী লেখা :
৩. ৱালঙৰ পকা কমলাৰ জুতি ল'বলৈ পালোঁ

No comments:

Post a Comment