Friday, 24 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
১২. কিবিথো, দ্যা লেণ্ড অফ ফেণ্টাচি



ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ অন্তিম ব’ৰ্ডাৰ প’ষ্ট এই কিবিথো৷ উত্তৰৰ পৰা দক্ষিণলৈ কিবিথো এটা উপত্যকা যাৰ পূব আৰু পশ্চিম প্ৰান্তত দণ্ডায়মান পৰ্বতৰ লানি৷ এই ঠাইৰ পৰা ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ খোজ কাঢ়ি যাব পাৰি৷ পিছে আমি সামান্য অসামৰিক লোক৷ সিমানলৈকে প্ৰৱেশ কৰাত নিষেধাজ্ঞা আছে৷ কিতাপ-পত্ৰৰ পাত লুটিয়াই জানিছিলোঁ যে সীমাৰ এইপাৰে যেনেকৈ সশস্ত্ৰ ভাৰতীয় সেনাৰ কোঠ, ঠিক তেনেকৈ কিবিথোৰ সিপাৰে ৰাউ ট্ৰেনজিত পইণ্টেৰে টাটু, টিথাং, ৰিমা, ৰংথু চু ভেলী আদি চীন অধ্যুষিত এলেকাত আছে সদাসষ্টম চাইনিজ ৰে’ড আৰ্মীৰ বাহৰ৷ গুগল আৰ্থত লক্ষ্য কৰিলে নদীৰ পাৰে পাৰে গাংকুয়াও, শ্বাকুয়ংকুন, ঝিয়ানিকুন, নামমি আদি ঠাই কিছুমানৰ নাম পোৱা যায়৷

ভাৰতবৰ্ষৰ পৰা চীন দেশলৈ যোৱা আটাইতকৈ সহজ পথটোও আছে কিবিথোতে৷ ফ’ৰ লেন হাইৱেৰে সীমান্তৰ সিপাৰ হেনো তুলনামূলকভাৱে ভাৰতীয় অঞ্চলতকৈ কেইবাগুণে উন্নত৷ চীনৰ ফালে মালভূমি অঞ্চল৷ গতিকে অনুমতিপ্ৰাপ্ত গাড়ী একেবাৰে সীমান্তলৈকে অহাটো সম্ভৱ৷ আনহাতে ইয়ালৈ নিজে আহি দেখা পাইছোঁ, ভাৰতৰ ফালে অটব্য অৰণ্য আৰু থিয় পৰ্বত৷ ৰাস্তাও অনুন্নত৷ এই ভৌগোলিক বিপদসংকুলতা আৰু যাতায়াতৰ প্ৰতিকূলতা সত্ত্বেও দূৰ অতীতত মানুহৰ আহ-যাহ আছিল বুলি বুৰঞ্জীয়ে কয়৷ ১৯৬২চনৰ আগৰ দিনবোৰত কিবিথোৰ পৰাই ৰিমাত থকা তিব্বতীয় গাঁওবাসীলৈ বুলি চাউলকে ধৰি ৰচদ-পাতিৰ যোগান ধৰা হৈছিল৷ যুদ্ধৰ সময়ছোৱাত চাইনিজ পি.এল.এ. (Peoples Liberation Army)ৰ সদস্যসকলে সেইবোৰ কাঢ়ি নিছিল বুলি পঢ়িবলৈ পাইছোঁ৷ পি.এল.এ. পৃথিৱীৰ সকলোতকৈ শক্তিশালী সৈন্যবাহিনী৷ মাও চে-তুঙৰ সৈন্যবাহিনী, ৬২ৰ সমৰত যি নিজৰ পৰাক্ৰম দেখুৱাই থৈছে৷

সীমান্তৰ সিটো পাৰে চীনৰ ঝায়ু চহৰ৷ উচ্চতা ৮,২৫৬ফুট৷ সীমাৰ পৰা সেই দিশত প্ৰায় ৬০কিল’মিটাৰ দূৰত্বত আছে চীনৰ বিশাল হাইৱে’ এছ-২০৷ সেই হাইৱে’ৰ পৰা মজলীয়া ধৰণৰ পথ এটা আগুৱাইছে ভাৰত ভূখণ্ডৰ দিশলৈ৷ নদীৰ পাৰে পাৰে সৰু পথ এটা সীমান্তলৈ৷ অৰ্থাৎ, চীনৰ পৰা ভাৰতলৈ এইফালেই আছে সুগম পথ৷ কিবিথো আৰু ঝায়ুৰ দূৰত্ব বেছি নহয়ো৷ পাহাৰীয়া যদিও তাত নাই তেনেকুৱা একো প্ৰাকৃতিক বাধা-বিপত্তি৷ নাই কোনো সুউচ্চ বৰফাবৃত্ত গিৰিমালা৷ তুলনামূলকভাৱে উন্নত নহ’লেও এইপাৰে কিবিথো, কাহো পৰ্যন্ত ভাৰতৰ ৰাস্তা আছে৷ পূবৰ ৰাস্তাটো তাতে গৈ শেষ হৈছে৷ অৰ্থাৎ, মাজত মাথো কেইকিল’মিটাৰমান৷ মাত্ৰ কেই কিল’মিটাৰমান তৈয়াৰ কৰিলেই আধুনিক বিশ্বৰ দুখন বৃহৎ ৰাষ্ট্ৰৰ মাজৰ আটাইতকৈ চমু আৰু মসৃণ সংযোগী পথ ৰচনা হৈ পৰিব পাৰে৷ তেনে পথ নিৰ্মাণৰ কাৰণে এইডোখৰতকৈ সুবিধা লাডাখৰ পৰা অৰুণাচলৰ ভিতৰত ক’তোৱেই নাই৷ এইটোৱেই সম্ভৱপৰ আৰু সহজ ‘Road to China’ বুলি ইতিমধ্যে প্ৰতিপন্ন হৈ গৈছে৷ প্ৰসংগক্ৰমে, ছিকিম ফালে বৰফৰ মাজেৰেই চীনলৈ ৰাস্তা খোল খাইছে৷ এতিয়া 'পূবলৈ চোৱা নীতি'য়ে কি কৰে, সেয়া আমাৰ বাবে লক্ষ্যণীয়৷

৫টা দশকৰ পূৰ্বে ৰিমাৰ পৰাই চীনে আৰম্ভ কৰিছিল পূবৰ বিধ্বংসী আক্রমণ৷ ৰিমাৰ উচ্চতা ১৫,৩৫৬ফুট৷ ৰিমা পাৰ হৈ চামে৷ তাৰ পিছত দিছু৷ দিছুৰ ওচৰতে কাহো৷ সেইফালেৰেই চীনা সৈন্য বাহিনীৰ আগমন ঘটিছিল Battle of Walongলৈ৷ ভাৰতীয় সেনাৰ পৰা চীনা সেনাই পোনতে দখল কৰিছিল সীমান্তত লাগি থকা এই কিবিথো৷ তাৰ পিছত নামতি প্লেইনছ৷ তাৰ পিছত ৱালং৷ পাইছিলগৈ চাংৱিনটি৷ তাৰ পৰা ঘূৰি এই বাটেৰেই প্ৰত্যাৱৰ্তন কৰি নিজৰ সীমাত ৰলগৈ৷

ইতিহাসত দিগ্বিজয়ৰ কাৰণে যুদ্ধ কৰা যুদ্ধমোদী বীৰৰ অনেক দৃষ্টান্ত পোৱা যায়৷ কাৰ্ল ফন ক্লজউহৎছৰ ‘অন ৱাৰ’ত কোৱা হৈছে, ‘কোনো ৰাষ্ট্ৰই সম্প্ৰসাৰণৰ নীতি গ্ৰহণ কৰিলে সেই সম্প্ৰসাৰণ সম্ভৱ হ’ব কেৱল যুদ্ধৰে৷’ ভাৰত-চীনৰ ক্ষেত্ৰতো একেটাই কথা৷ সম্প্ৰসাৰণ যি পক্ষয়ে নকৰক, মূলতঃ ভূমি বিবাদৰ বাবেই আজিৰ পৰা ৫৩বছৰৰ পূৰ্বে ভাৰতে এই স্থানতে মিলিটাৰী আক্রমণৰ পোনপ্ৰথমে সন্মুখীন হৈছিল আৰু পৰাজিত হৈছিল৷ প্ৰমাণিত হৈছিল প্ৰতিৰক্ষাৰ দায়িত্ববাহী ভাৰতীয় সৈন্যৰ পৰিচালক তথা দেশৰ উচ্চ ৰাজনীতিক সষ্টম হৈ নথকাটো৷ স্পষ্ট ৰূপত উদ্ভাসিত হৈছিল সেই মহলসমূহৰ বিচক্ষণহীনতাৰ দুখলগা ছবিখন৷ আনহাতে আচৰিত হ’বলগীয়া কথাটো এয়ে আছিল যে নামখা চু, লংজুৰ দৰে এইফালে কোনো ফ’ৰৱাৰ্ড প’ষ্ট স্থাপন কৰাও হোৱা নাছিল! যুদ্ধৰ সম্পূৰ্ণ আশংকাহীন আছিল এই অঞ্চলবোৰ৷ মেকমোহন লাইন আৰু লাইন অফ একচুৱেল কণ্ট্ৰলে একে অৱস্থান সূচাই আছিল শেষ পূৰ্বোত্তৰত৷ তথাপিও এখন যুদ্ধ লাগিল৷ এই বাটেৰেই পৰুৱাৰ দৰে সোমাই আহিল চীনা সেনানী৷ ৰোধিব নোৱাৰিলে কোনেও৷

চীনৰ সেই আক্রমণৰ অৰ্ধশতিকা পূৰ্তিৰ ক্ষণত কিবিথোৰ সীমান্ত চকী ইণ্ডো-চাইনা যুদ্ধত ভাগ লোৱা, মৃত্যুবৰণ কৰা, হেৰাই যোৱা ভাৰতীয় জোৱানসকলৰ স্মৃতিত উচৰ্গা কৰা হৈছে৷ সুগভীৰ অৰণ্যানিৰে আৱৰা ঠাইখণ্ড আগতে সামৰিকভাৱে নিয়ন্ত্ৰণ কৰি থকা হৈছিল লোহিত জিলাৰ সদৰ তেজুত থকা ব্ৰিগ্ৰেড হেডকোৱাৰ্টাৰৰ পৰা৷ কিবিথো এতিয়া আনজাৱ জিলাত৷ ব্ৰিগেড হেডকোৱাৰ্টাৰ কিবিথোতে এতিয়া স্থাপন কৰা হৈছে৷ নিৰাপত্তা সবল কৰা হৈছে৷ ৱালঙৰ পুনৰবাৰ পতন হ’ব নোৱাৰে বুলি দৃঢ়তাৰে কৈ অহা হৈছে৷ নিৰাপত্তা-সচেতনতাৰ স্বাৰ্থত যিকোনো লোকৰ প্ৰৱেশ আৰু গতি-বিধিত অহৰহ চকু ৰখা হৈছে৷

প্ৰৱেশ দ্বাৰৰ পৰা আগুৱাবলৈ হ’লে তালাচী বা পৰীক্ষণ চকীত সবিশেষ দাখিল কৰিব লাগে৷ ভিতৰ ফালে এটা হেলিপেড আৰু সৰু-সুৰা দোকান আছে৷ ঠাই হিচাপত তেনেই সৰু৷ সৰহখিনিয়েই সৈন্য বাহিনীৰ লোক৷ চিভিলিয়ান লোকক হেলিপেডলৈ যাব দিয়া নহয়৷ পোনে পোনে যাবগৈ পাৰি৷ দোকান-বজাৰ পাৰ হৈ আগলৈ আছে ভিউ পইণ্ট৷ তাৰ পৰা কাল্পনিক বাউণ্ডেৰী লাইন, ন’ মেন্‌চ লেণ্ড, চাইনিজ বাংকাৰ আদি দেখা যায়৷ কিবিথোত পৰিদৰ্শন বাংলো এটাও আছে৷ কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ বাবে নহয়৷ ৩০কিল’ৱাট শক্তিসম্পন্ন মাইক্র’-হাইডেল ইলেকট্ৰিক প্ৰজেক্ট এটাও নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ আগলৈ থকা কাহো গাঁৱৰ বাবেও ৩০কিল’ৱাট শক্তিসম্পন্ন মাইক্র’-হাইডেল ইলেকট্ৰিচিটি প্ৰকল্প আছে৷

সেউজীয়া অৰণ্য, শিলাময় পৰ্বত, জান-জুৰি, জলপ্ৰপাতেৰে ভৰপূৰ এই বৃহত্তৰ অঞ্চলটো৷ জনসমাগমৰ পৰা সুদূৰত প্ৰকৃতিৰাণীয়ে যেন ইয়াত কেতবোৰ বিৰল ৰূপ-সৌন্দৰ্য অকৃপণভাৱে ঢালি-বাকি দিছে৷ এইখন এনে এখন পাৰ্বত্য নিবাস যিয়ে আগমনকাৰীৰ মন-প্ৰাণ হৰি নিব পাৰে৷ লোহিতৰ ওপৰেদি লোৰ ৰছীত ওলমি থকা দলংবোৰ পাৰ হোৱাটো ইয়ালৈ অহা প্ৰতিজনৰে বাবে এক শ্বাসৰুদ্ধকৰ অভিজ্ঞতা৷ তেনেকুৱা ওলোমা দলঙৰ মধ্যভাগত সন্মুখীন হোৱা শক্তিশালী বতাহৰ কবলত পৰি দুলি থকা দলঙেৰে তলেদি বৈ থকা খৰস্ৰোতা নৈখন ইপাৰ-সিপাৰ হোৱাটো নিশ্চয়কৈ এটা ৰোমাঞ্চকৰ কামেই৷ অন্যান্য প্ৰাকৃতিক বাধাক জয় কৰা আন এটা কাম হৈছে ভাৰত-চীন সীমাৰ কিবিথোৰ পৰা ভাৰত-ম্যানমাৰ সীমাৰ তালুক পাছলৈ পদচালনা৷ দেশৰ ভিতৰতে এইটো সবাতোকৈ চেলেঞ্জিং ট্ৰেকিং বুলি ধৰা হয়৷ এই পথত পোৱা যায় অনেক অৰ্কিড, বন্যপ্ৰাণী, গৰম পানীৰ প্ৰৱাহ, যুদ্ধ-বিমানৰ ওলমি থকা ভগ্নাংশ আদি৷ সকলোবোৰৰ সমাহাৰে যেন সঁচা অৰ্থত অঞ্চলটোক কৰি তুলিছে ‘লেণ্ড অফ ফেণ্টাচি’৷ ইয়াত কোনো কৃত্ৰিমতা নাই, সকলোৱেই প্ৰাকৃতিক৷ সকলোবোৰেই প্ৰকৃতিয়ে সৰজা৷ এইখনেই সেই ঠাই যি এটা কথা কৈ যায় যে প্ৰকৃতিৰ সৌন্দৰ্য কোনোপধ্যে জোখা নাযায়৷ নিজ চকুৰে নেদেখিলে বা নাচালেহি কলমেৰে তাক বৰ্ণনা কৰাটো কিমানখিনি সম্ভৱপৰ, ক'ব নোৱাৰিম৷






পৰৱৰ্তী লেখা :
১৩. 'সৈন্যৰ আড্ডা'ৰ পৰা চীনলৈ এভুমুকি

No comments:

Post a Comment