Wednesday, 29 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
১৯. উৰহী গছৰ ওৰ বিচাৰি



পূবমুৱা এডভেন্সাৰ যাত্ৰা এটাৰ কাৰ্যসূচী হাতত লৈ কিবিথোলৈ আহি আমি এতিয়া মাথো কেইবাদশক পুৰণি অৱশেষহে দেখিছোঁ৷ প্ৰত্যক্ষদৰ্শী হোৱাৰ কোনো কথাই নাহে৷ বৰ্তমানৰ ভেটিত ৰৈ দূৰ অতীতক যিমান পাৰোঁ অনুভৱহে কৰিবলৈ প্ৰয়াস চলাইছোঁ৷ তাকে সাৰথি কৰি ভুলে-শুদ্ধই কল্পনা কিছুমানো কৰি পেলাইছোঁ৷ ইয়ালৈ আহি আচলতে আমি আপোনা-আপুনি হেৰাই থাকিলোঁ৷ বহিঃজগতৰ সৈতে কোনো যোগাযোগ বা সম্পৰ্ক নাই৷ কোনেও নাজানে ক'ত আছোঁ, কি কৰিছোঁ৷ অথচ ঠিকেই আছোঁ আমি৷ পৰিষ্কাৰ জল আৰু বিশুদ্ধ বায়ু সেৱন কৰি আছোঁ৷ শৰীৰ আৰু মন দুয়োটাই শক্তিশালী হৈ আছে৷

গাড়ীৰ পিছফালৰ আইনাৰে যাত্ৰাকালত মাজে মাজে পিছলৈ ঘূৰি ঘূৰি চাবলৈ এতিয়াও এৰা নাই৷ পিছত থৈ আহিছোঁ স্বপ্নময় সেই ঠাইবোৰ যিবোৰে আমাৰ দীৰ্ঘদিনীয়া কৌতূহল নিবাৰণ কৰিলে৷ চকু দুটা মুদি এতিয়া কাহো, কিবিথো যাৰে নাম লওঁ, চিনেমাৰ ৰীলৰ দৰে আহি থাকে এখন এখনকৈ প্ৰাণস্পৰ্শী দৃশ্যপটবোৰ৷ স্বপ্ন, সত্য, বাস্তৱ, কল্পনা, স্মৃতি সকলোৰে সমন্বয় ঘটোৱাৰ সুযোগ দি যোৱা সেই দুৰ্লভ স্নেপশ্বটবোৰ৷ ক'ৰবাত পাইছিলোঁ, সুখ ভগাই ল'লে হেনো পৰিমাণটো দুগুণ হৈ পৰে৷ সমস্ত কথাকে যদি শৃংখলাবদ্ধভাৱে লিখিত ৰূপ দিব পৰা যায়, তেনেহ'লে সি হয়তো আন দহজনকো জানিবলৈ, শুনিবলৈ, দেখিবলৈ, সুখ অনুভৱ কৰিবলৈ সহায় কৰিব৷ এনেহেন বিশাল কৰ্ষণ-ভূমিৰ বিস্তাৰিত বিৱৰণে অন্যকো কিজানি আমাৰ কৌতূহল, উত্তেজনা, যন্ত্ৰণা আৰু আনন্দ বেছি ভালকৈ উপলব্ধি কৰাৰ সুযোগ আগ বঢ়াব৷ গৌৰৱৰ কথা যে টীম মাৰ্ক' পল'ৰ অৰুণদা আৰু সঞ্জুৰ বাক্য নিৰ্মাণৰ ক্ষমতা আৰু দক্ষতা আছে৷ দুয়ো ইতিমধ্যে নিজস্ব কিতাপ প্ৰকাশ কৰিছে৷ উভতি গৈ অনুকূল মানসিক অৱস্থা প্ৰাপ্ত হোৱাৰ পিছতে এই দুজনে আমাৰ এডভেন্সাৰ যাত্ৰাটোক জীৱিত আৰু প্ৰাণস্পন্দনসমন্বিত সাহিত্যৰ ৰূপ দিয়াৰ আশা ৰাখিছোঁ৷ প্ৰাক ভ্ৰমণ-লেখা হিচাপে মোৰ ব্লগত পুঞ্জীভূত সমস্ত তথ্য আমি অহাৰ বহু আগতেই খোলাখুলিকৈ জনায়ো দিছোঁ, কিবা সহায় হ'লে হওক বুলি৷ ভ্ৰমণ কাহিনীৰ প্ৰতি আগ্ৰহী পাঠকে আমাৰ আগৰ বছৰৰ যাত্ৰাৰ দৰেই ৰাজ্যৰ আগশাৰীৰ বাতৰি কাকত, আলোচনীত তেওঁলোকৰ ৰচনা পঢ়িবলৈ পাব লাগিব বুলি সজোৰ দাবীও তুলিছোঁ দুয়োৰে আগত৷ অনিলদাই মোৰ কথাত হয়ভৰ দি গৈছে৷

ঘূৰি অহাৰ বাটত এনেবোৰ প্ৰত্যাশাই চিন্তা জগতত আশাবাদী ঢৌ তুলিব ধৰিলে৷ কোনে ক'ত লিখিব কিছু সময় ধৰি তাৰো যোগাত্মক চৰ্চা এটা চলিল৷ অনেকদিনীয়া ভাবনাৰ মূৰকত এতিয়া ইয়ালৈ আহি আমি ১৯৬২ৰ নীৰৱ সাক্ষীস্বৰূপ মিছিমি পাহাৰ আৰু স্ৰোতস্বিনী লোহিত দেখিলোঁ৷ ৱাৰ মেম’ৰিয়েল চালোঁ৷ হেলমেট টপ চালোঁ৷ নামতি ময়দান, কিবিথো, কাহো চালোঁ৷ চীনা যোদ্ধাৰ প্ৰৱেশ পথ দেখিলোঁ৷ অনেকজন মানুহক লগ পালোঁ৷ সষ্টম ভংগীমাৰে ভাৰতীয় চিপাহী দেখিলোঁ৷ তেওঁলোকৰ জীৱনবিলাক কম-বেছি পৰিমাণে আমাৰ বোধগম্যও হ'ল৷ আমি সৈনিকৰ চাউনী দেখিলোঁ৷ যুদ্ধৰ বাংকাৰ দেখিলোঁ৷ এইখিনি অৱশ্যে আজিৰ ৰূপ৷ অতীতত কেনে আছিল? জানিবলৈ পুৰণি কাহিনী, কিতাপ-আলোচনী, অভিজ্ঞৰ সাক্ষাৎকাৰ আৰু বৰ্ণনা, বিজ্ঞৰ নিৰ্মোহ আৰু নিৰপেক্ষ বিশ্লেষণ, সবাৰোপৰি ইণ্টাৰনেটৰ আশ্ৰয় লোৱাৰ বাহিৰে আজি আৰু অন্য উপায় নাই৷ বিজ্ঞানসন্মত প্ৰণালীবদ্ধ বৌদ্ধিক চিন্তাসমৃদ্ধ আমি কোনো গৱেষকো নহওঁ৷ নিচেই সামান্য পৰ্যটনকাৰীহে মাত্ৰ৷ ঘটনাক্রমে যেনি ঠেলি নিছে তেনিয়ে আমাৰ যাত্ৰা৷ ৱালং পোৱাৰ পিছত ডং৷ তাৰ পৰা যাত্ৰাই কোন দিশে গতি কৰে, কোন বাটে কেতিয়াকৈ ঘৰ ওলাওঁগৈ তাৰ এতিয়াও কোনো ঠিক নাই৷ মনবোৰ এনে হৈ পৰিছে যেন এই স্বেচ্ছা-নিৰ্বাসনৰ পৰা সতকাই উভতি যোৱাত নাই৷ অনিলদাৰ ভাষ্য এখোপ চ'ৰা৷ ২০ তাৰিখৰ আগতে ঘূৰাৰ মতলবেই নাই! পূব অৰুণাচলৰ কুমাৰী প্ৰকৃতিৰ মায়াজালে বাৰুকৈয়ে মেৰিয়াই পেলাইছে স্ফূৰ্তিবাজ মানুহটোক৷


যাত্ৰাৰ প্ৰস্তুতি কালতে এইখিনি বুটলিবলৈ পাইছোঁ যে পৌৰাণিক যুগৰে পৰা চলি অহা সীমা এটাকে মানি লৈ অতীজত ভাৰতীয় আৰু চীনাসকলে সৌহাৰ্দ্যপূৰ্ণ সহাৱস্থানেৰে জীৱনপাত কৰিছিল৷ আনুষ্ঠানিক সীমানিবন্ধন নোহোৱা সত্ত্বেও ঘোৰতৰ বিবাদৰ সূত্ৰপাত নোহোৱাকৈয়ে কালাতিপাত কৰি আহিছিল৷ ব্ৰিটিছ অহাৰ আগলৈকে সেই লৈ কোনো তৰ্ক-বিতৰ্কও নাছিল৷ ভাৰতীয় আৰু চীনা উভয়ে পুৰণি পৰম্পৰাগত কাল্পনিক সীমাৰেখাকে সন্মান জনাই আহিছিল৷ সেই ৰেখাৰ পূব অংশ হিমালয়ৰ দক্ষিণৰ পাদদেশেৰে, মধ্যাংশ হিমালয়েৰে আৰু পশ্চিম অংশ কাৰাকোৰাম পৰ্বতেৰে পাৰ হৈছিল৷ দীৰ্ঘদিন ধৰি ভাৰতীয় আৰু চীনাই মানি অহা উক্ত সীমান্তৰ প্ৰতিফলন ইংৰাজৰ পুৰণি চৰকাৰী মানচিত্ৰতো আনকি ঘটিছিল৷ উভয় দেশৰ আৱাসীসকলে তেনেদৰেই শান্তি-সম্প্ৰীতিৰে বাস কৰি চলি গৈছিল৷

১৬৮৫চনৰ পূৰ্বে ব্ৰিটিছ প্ৰশাসকে অঁকা নক্সাত চীন-ভাৰতৰ পশ্চিম খণ্ডটোৰ সীমা পৌৰাণিক সীমাৰ সৈতে কম-বেছি পৰিমাণে খাপ খাই আছিল বুলি কোৱা হয়৷ ১৯৩৬চনৰ আগলৈ পূব খণ্ডটোও অনুৰূপ ধৰণৰে আছিল৷ ইফালে ঊনৈশ শতিকাৰ দ্বিতীয় ভাগৰ পৰা বিংশ শতিকাৰ আৰম্ভণিলৈকে ব্ৰিটেইনৰ সাম্ৰাজ্যবাদী শক্তিয়ে চীনৰ তিব্বত আৰু চিংকিয়াং প্ৰভিন্সত দখলদাৰী কাৰ্যকলাপ আৰম্ভ কৰি দিয়ে৷ আনহাতে ইংৰাজ লোক পূবৰ দিশে নহা পৰ্যন্ত এইফালে সীমাক লৈ কোনো সমস্যাৰেই উদ্ভৱ হোৱা নাছিল৷ চীন-ভাৰতৰ পৰম্পৰাগত সীমান্তৰ চিন-চাব নাইকিয়া কৰিবলৈ তেওঁলোকৰ দ্বাৰা ভালেমান প্ৰচেষ্টা চলোৱা হৈছিল৷ ব্ৰিটিছ-ইণ্ডিয়াৰ এলেকা বঢ়াবলৈ চীনা অধিকৃত অঞ্চল কাটি নিয়া হৈছিল৷ চীনৰ অভিযোগ যে তিব্বতৰ স্থানীয় প্ৰতিনিধিৰ সৈতে গোপন চিঠিৰ আদান-প্ৰদান কৰি ১৯১৪চনত চিমলা চুক্তিৰ নামত ভাৰতৰ শাসনকৰ্তা ব্ৰিটিছৰ প্ৰতিনিধিয়ে কুখ্যাত মেকমোহন লাইনৰ সৃষ্টি কৰিছিল৷ যাৰ জৰিয়তে চীনা এলেকাধীন ৯০,০০০বৰ্গকিল’মিটাৰ ভূমি আঁজুৰি লোৱাৰ চক্রান্ত ৰচিছিল৷ পশ্চিম অংশতো ১৮৬০চনৰ পৰাই আকচাই চীনৰ ওপৰত লোলুপ দৃষ্টি ৰাখি আহিছিল ইংৰাজ সম্প্ৰসাৰণকাৰী বাহিনীয়ে৷ মিলিটেৰী চোৰাংচোৱা এজেণ্ট প্ৰেৰণ কৰাৰ লগতে বেআইনীভাৱে জৰীপৰ কাৰণে অনুপ্ৰৱেশ ঘটাইছিল আৰু সীমাৰেখা লণ্ডভণ্ড কৰি পেলাইছিল৷

স্পষ্টভাৱেই এইটো কোৱা হয় যে ভাৰত আৰু চীনৰ সীমা বিবাদ সৃষ্টি হৈছিল মূলতঃ দুটা এলেকাক কেন্দ্ৰ কৰি৷ তাৰে প্ৰথমটো আকচাই চীন৷ উত্তৰ খণ্ডৰ সেই অঞ্চলটোক লৈ ভাৰত, চীন আৰু পাকিস্তানৰ দাবীৰ অন্ত নাই৷ কাশ্মীৰ যেনেকৈ বিতৰ্কৰ আৱৰ্তত, তদনুৰূপ আকচাই চীনো৷ আকচাই চীন, ‘উচ্চতাত অৱস্থিত মৰুভূমি’ বুলি যাক অভিহিত কৰা হয়, তাত মানুহৰ বসতি নাই৷ স্থায়ী বসতি শূন্য৷ সঘন যাতায়াতৰ সুচলতাৰো কোনো লক্ষণ নাছিল৷ সেয়া আছিল চুইজাৰলেণ্ডৰ সমানেই বৰফাবৃত্ত এডোখৰ ঠাই৷ ৩৭,২৪৪বৰ্গ কিল'মিটাৰ জোৰা আকচাই চীন ভাৰতে দাবী কৰা মতে জম্মু আৰু কাশ্মীৰৰ অন্তৰ্গত এলেকা৷ ৰাজ্যখনৰ পূব অংশ৷ চীনে দাবী কৰা মতে জিনজিয়াং স্বায়ত্তশাসিত অঞ্চলৰ অধীনস্থ৷ কাৰাকোৰাম পৰ্বত সেই অঞ্চলৰে এটা অংশ৷ সেই অংশৰ পৰাই ওলাই আহিছে কাৰাকাছ নৈ৷ সেই নৈখনেই সবাতোকৈ ডাঙৰ৷ সেইখন আছে সৰ্বনিম্ন ১৪,০০০ফুট উচ্চতাত৷ দক্ষিণ-পশ্চিমৰ পাহাৰবোৰৰ উচ্চতা ২২,৫০০ফুটলৈ বিয়পি আছে৷ সেয়াই আকচাই চীন৷ চীনা ভাষাত 'আকচাই'ৰ অৰ্থ বগা জুৰি৷ 'চীন' শব্দটোৱে গিৰিপথ বুজায় নে চীনা অধিবাসীৰ সমাৰ্থক, সেয়া বুজা নাযায়৷ তাৰ পিছত দ্বিতীয়টুকুৰা হৈছে, ভাৰতবৰ্ষৰ মেপখনৰ একেবাৰে পূবত, মূল ভাৰত ভূখণ্ডৰ সৈতে এমূৰীয়াকৈ থকা নেফা, পিছলৈ যাৰ নাম পৰিৱৰ্তন হৈছে অৰুণাচল প্ৰদেশ বুলি, য’ৰ একেবাৰে অন্তিম মূৰত আমি এই ভ্ৰমণৰ অচিলাৰে মুক্ত বিচৰণ কৰি আছোঁ৷ মেপত আকচাই চীনৰ পৰা পূব দিশে চাই আহিলে পোৱা যায় সীমা সমস্যাক লৈ বিবাদমান এই দ্বিতীয়টো এলেকা যাক চীনে ‘দক্ষিণ তিব্বত’ বুলি অভিহিত কৰাৰ উপৰি বহু আগৰে পৰাই নিজৰ বুলি ধাৰাবাহিকভাৱে দাবী জনাই আহিছে৷

এই দুইক লৈ চুবুৰীয়া দুই বৃহৎ ৰাষ্ট্ৰৰ যুঁজ৷ আৰু ভৌগোলিক বিচিত্ৰতাৰ বিস্ময়পুৰী, আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰান্তীয় সীমাৱৰ্তী সেই অঞ্চলসমূহকে আমি আজি পুৱাৰে পৰা চাই ফুৰিছোঁ অনেক শিহৰণ মনৰ অভ্যন্তৰত লৈ, য'ত যুদ্ধ এখন লাগিছিল এতিয়াৰ পৰা ৫২ কি ৫৩বছৰৰ আগতে৷ পেটত ভাত-পানী নাই যদিও মানসিক আহাৰে আমাৰ মন-মগজু ভৰপূৰ কৰি ৰাখিছে৷ নয়ন ভৰাই তুলিছে 'ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ'খনৰ অপূৰ্ব ৰূপৱতী ভূ-প্ৰাকৃতিক সাজ-সজ্জাই৷ নামতিৰ পাইন অৰণ্যই কাণে কাণে যেন ক'ব বিচাৰিছে অনেকবোৰ পুৰণি কথা! তাৰ বাবেই গাড়ীৰ ভিতৰত বহি থাকিয়ে এতিয়া কাণ উণাই ৰৈছোঁ৷




পৰৱৰ্তী লেখা :
২০. ভাৰত-চীন-তিব্বত নেপথ্যৰ কথা

No comments:

Post a Comment