Wednesday, 15 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
৪. জীৱনত প্ৰথমবাৰৰ বাবে পালোঁ মেয়ৰ টিৰ স্বাদ



পুৱা তেতিয়া ৬.৪৫ বাজিছিল৷ দূৰ দিগন্তলৈ প্ৰসাৰিত দৃষ্টিৰে শেষবাৰৰ বাবে চাই সঞ্জু আৰু মই প্ৰাতঃভ্ৰমণৰ পৰা উভতিবলৈ আৰম্ভ কৰিছোঁ৷ কেইখোজমান আগলৈ আহিয়ে পথৰ দাঁতিত মেয়ৰ ষ্টৰ বুলি লিখা সৰু দোকান এখন৷ কৰবাত কেনেবাকৈ পালে চাহ একাপ খোৱাৰ প্ৰৱণতা এটা জাগিয়ে আছিল৷ ভিতৰ নোসোমাওঁতেই ১২ কি ১৩বছৰীয়া ছোৱালী এজনীক পালোঁ৷ সুধিলোঁ, বেহেন, চ্যায় মিলেগা ক্যা? নমক চ্যায় হগা, তাই অলপমান ভাবি মৃদু সুৰত কলে৷ নমক চ্যায়? মানে লৱণ-চাহ! সেইটো আকৌ কি? ঘৰত লাল-চাহহে খাওঁ আমি৷ এইখন অৰুণাচলৰে চাংলাং জিলাৰ নামপং বস্তিৰ টাংচা চাঙত থকাকেইদিন বাঁহৰ কাপত নাজঙে যতনাই দিয়া তিতা-চাহ খাই পাইছোঁ৷ নাজং, জাংখং, অংলেমহঁতে ক'লাৰঙী সেই পানীয়ক ফালাপ বুলিছিল৷ সোৱাদটো তিতা৷ দৰৱৰ কাম কৰে বুলি কৈছিল৷ কিন্তু এইটো আকৌ কি চাহ বুলিলে এই! নতুন কথা শুনিলোঁ দেখােন! খাই চোৱা যাওকচোন বুলিয়ে দুকাপ দিবলৈ কোৱা হ'ল তাইক৷ ছোৱালীজনীয়ে জুইকুৰাত দিবৰ বাবে ডাঙৰ খৰি এডাল দা এখনেৰে টুকুৰা কৰি আছিল৷ কম সময়ৰ ভিতৰতে চিচাৰ গিলাচত ভৰ্তিকৈ দুগিলাচ আনিলে৷ পুনৰবাৰ সোধাত সেয়া মেয়ৰ টি বুলি কলে৷ বৰণটো ঈষৎ সেউজীয়া৷ সুধিলোঁ, 'কি কি দিছ ইয়াত?' মাখন আৰু সামান্য পৰিমাণৰ নিমখ মিহলাই তৈয়াৰ কৰা হৈছে৷ জীৱনত প্ৰথমবাৰৰ বাবে খালোঁ৷ চাহপাতবিধৰ বিষয়ে নাজানিলোঁ৷ সোৱাদটো কিন্তু বৰ ভাল লাগিল৷ জিভাখনত যেন এঠা লাগি ৰ'ল! গোন্ধটোও নাকত ওলমি ৰল!

দোকানখনত ছোৱালী আছিল দুজনী৷ ডাঙৰজনীয়ে কেইখোজমান অাঁতৰত কাঁহী-বাটিকেইটামান ধুই আছিল৷ নিয়মমাফিক, সঞ্জুৱে পইচা কিমান হল সুধিলে৷ দুয়োজনীয়ে একেলগে কৈ উঠিল, পইচা নালাগে বুলি৷ আচৰিত হলোঁ কথাষাৰ শুনি৷ কিয় পইচা নালাগে বুলি সোধাত কলে যে চাহ আচলতে সিহঁতৰ দোকানত বিক্রী কৰা নহয়৷ নিজে খাবলৈহে বনোৱা হৈছিল৷ সেয়ে ঘপকৈ দিব পাৰিলে! আৰু এটা কথাক লৈ আচৰিত হলোঁ৷ বিক্রী কৰা নহয় মানে আমি জৰুৰ সিহঁতৰ ভাগৰখিনিকে খাই পেলালোঁ! নিজকে কিবা অপৰাধী অপৰাধী যেন লাগি গল৷ মনত আউল লাগিল৷ এয়া অতিথিপৰায়ণতা বুলিম নে কি? খুৱালে, এতিয়া পইচাও নহয়! অনেক আপত্তি সত্ত্বেও সঞ্জুৱে বলপূৰ্বকভাৱে টকা ২০টা আগ বঢ়াই কাউণ্টাৰতে থৈ দিলে৷ সিহঁত দুজনী তেতিয়া অকণমানি টিভিটোত কিবা চিৰিয়েল চোৱাত মগ্ন৷ সোধাত সেয়া ডিশ্ব টিভিৰ জৰিয়তে চাবলৈ পাইছে বুলি ক'লে৷ দুয়োজনী বাই-ভনী৷

কথা পাতি জানিলোঁ যে ডাঙৰজনীয়ে তেজুত পঢ়িছিল৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দি উঠি ঘৰলৈ আহিছে৷ সৰুজনী ক্লাছ ছিক্সত৷ তেজুতে মাহীয়েকৰ ঘৰত থাকি পঢ়ে সিহঁতে৷ নৈখনৰ সিটো পাৰে দেখা পাই থকা গাঁওখনতে ঘৰ৷ সেইখিনিতে ঘৰকেইটামান অথনিতে লক্ষ্য কৰিছিলোঁ৷ হেঙিং ব্ৰীজখনেৰেই অহা-যোৱা চলে৷ মেয়ৰ জনগোষ্ঠীৰ মানুহ সিহঁত৷ ৱালঙৰ আগলৈ মেয়ৰ মানুহৰে বসতি৷ আজিকালি জাখ্ৰিং বোলে৷ সিহঁতৰ মাকৰ গাটো ভাল নহয়৷ দেউতাক তেজুলৈ গৈছে দোকানৰ মাল আনিবলৈ৷ গতিকে ইহঁত দুজনীয়েই দোকানখন চম্ভালিছে৷ তৎক্ষণাৎ কমলা দিদিলৈ আকৌ মনত পৰি গল৷ আহ-যাহৰ বাবে আজিও সুচল নোহোৱা, আধুনিক সা-সুবিধাৰ পৰা শতযোজন দূৰৈত এনেহেন পিছ পৰা, ভিতৰুৱা ঠাইত বসতি কৰিও শিক্ষাৰ প্ৰতি তেওঁলোকৰ ধাউতি আছে৷ কথাটো ভাল লাগিল৷ সিহঁতৰ সৈতে কিছু সময় কথা পাতি, পঢ়া-শুনাত গুৰুত্ব দিবলৈ সোঁৱৰাই আমি বিদায় ললোঁ৷ অপলক নেত্ৰে দুয়ো আমালৈ চাই থাকিল৷

কেইগজমান আঁতৰত অন্য এখন সৰু দোকান৷ অন্যান্য বয়-বস্তুৰ উপৰি লাইশাক, বন্ধাকবি আদি পাচলি চকুত পৰিল৷ চালিৰ তললৈ সোমাই গ’লোঁ৷ দোকান চলাওঁতাগৰাকী আদহীয়া মহিলা৷ টুকুৰিয়াই চালোঁ৷ ভগা ভগা অসমীয়া ক’ব পাৰে তেওঁ৷ তাকে শুনি আমাৰ মুখতো নাগামিজ ফুটিবলৈ ল'লে৷ পৰিৱেশটো বৰ ভাল লগা হৈ পৰিল৷ শাকখিনি সতেজ৷ পুৱা তুলি আনিছে৷ নিজৰ ঘৰৰ উৎপাদন৷ বিচৰামতেই ৩৫টকা দি সোপাকে কিনি পেলালোঁ৷

দোকানখনত আমাৰ আৰু কিনো কিনিবলগীয়া আছে তাকে অলপ পৰ চকু ফুৰালোঁ৷ প্ৰয়োজনীয় তেনেকুৱা একো নোলাল৷ লাইশাককেইডাল নতুন৷ বাকী পাচলি বেঙেনা টোটোৰা পৰা, বন্ধাকবিও পুৰণি৷ কেইদিন হৈছে ঠিকনা নাই৷ গতিকে নল’লোঁ৷ হ'লেও এই পাৰ্বত্য যাত্ৰা আৰম্ভ কৰোঁতেই শাক-পাচলি সংক্ৰান্তত অৰুণাচলী বন্ধু ধৰ্মেনে দিয়া সকীয়নিৰ স্পষ্ট প্ৰমাণ পালোঁ৷ 

সেইখিনি সময়তে মানুহজনীয়ে মোৰ কান্ধত ওলমি থকা, ক’হিমালৈ যাওঁতে মই উপহাৰ স্বৰূপে পোৱা আংগামী মোনাটো নিৰ্ভয়ে আৰু বৰ মনোযোগেৰে লুটিয়াই-পুটিয়াই চাব ধৰিলে৷ মই তেওঁলৈ মনেই কৰা নাছিলোঁ৷ পিছত গম পাই ঘূৰি চাওঁতে চকুৱে চকুৱে পৰিল৷ তেওঁ হাঁহিলে৷ মোনাটোৱে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ কেনেকুৱা শালত বৈছে, দীঘ-বাণি আদি অনুমান কৰি কিছু কথা ক'লে আৰু সুধিলেও কিবাকিবি৷ এইফালৰ জনজাতীয় মানুহখিনিয়েও নিজৰ কাপোৰ নিজে বৈ-কাটি লয়৷ তেওঁক মোৰ শিপিনী যেন ধাৰণা হ'ল৷ ইফালে নামচাই, চৌখামত খামতি মোনা এটা সংগ্ৰহ কৰিব নোৱাৰাৰ বেদনাটোৱে সুযোগ পাই তৎমুহূৰ্ততে আকৌ উকাই উঠিল৷

প্ৰাতঃভ্ৰমণ সামৰি আই.বি.লৈ ঘূৰি গৈ আছোঁ আমি৷ কেণ্টনমেণ্টৰ এলেকাত সোমোৱাৰ পিছতে ৰাস্তাৰ দুপাৰে আৰ্মীৰ দুখন ৱেট কেণ্টিন চকুৰ আগলৈ আহিল৷ এখন সোঁহাতে সামান্য ওপৰত, আনখন বাঁওহাতে পথৰ পৰা কিছু তলত৷ ফৌজী, চিভিলিয়ান সকলোৰে বাবেই মুকলি এই দোকান৷ এয়াই নেকি ৱালঙৰ জেনেৰেল ষ্ট’ৰ? প্ৰশ্নটো মনলৈ আহিল৷ ওপৰৰখনলৈ চাওঁতে বাহিৰৰ বেঞ্চত বহি এজনে চাহ খাই থকা দেখা পালোঁ৷ কেণ্টিনৰ পৰিচালকজনো আছিল৷ চকুৱে চকুৱে পৰিল৷ অচিনাকি যদিও তেওঁ এমোকোৰা হাঁহিৰে হাত বাউল দি মাতিলে৷ ‘চামোচা ৰে’ডী হ্যায়৷ চাব আ যাইয়ে৷ খাকে যাইয়ে৷’ আমিও সঁহাৰি জনাই উঠি গ’লোঁ৷

সঞ্জু আৰু মই গৰমে গৰমে দুটা দুটাকৈ চিঙাৰা খালোঁ৷ ভোক লাগি আছিল৷ চিঙাৰাকেইটা ভাল বনাইছে৷ চাইজো ডাঙৰ৷ এনেহেন ঠাইত ইমান ভাল জাতৰ চিঙাৰা ওলাব বুলি ভাবিবই নোৱাৰি৷ সঁচাকৈ ক’বলৈ গ’লে আচৰিতেই হ’লোঁ৷ খুপাৰ চিঙাৰকেইটালৈকো লগে লগে মনত পৰিল৷ তাৰ কাৰিকৰ ওস্তাদ নহয়৷ ইয়াত কিন্তু ঠিক আছে৷ অলপ পিছতে জেলেপীও ৰে’ডী হৈ যাব বুলি ক’লে৷ চাহো ইতিমধ্যে হৈ গৈছিল৷ মেয়ৰ টিৰ সোৱাদটো তল পেলাবৰ মন নাছিল যদিও চাহ দুগিলাচ খুজিলোঁ৷ খাই থাকোঁতেই দোকানখনত কি কি আছে পিতপিতালোঁ৷

আকাৰত অস্থায়ীভাৱে সজা সৰু দোকান৷ কিন্তু নিত্যব্যৱহাৰ্য লাগতিয়াল সামগ্ৰীৰে ভিতৰখন ঠাহ খাই আছে৷ ৱালঙৰ ভিতৰত নিৰ্ভৰযোগ্য দোকানেই বুলিব পাৰি৷ সেনাৰ গাড়ীৰে মাল অনা হয়৷ লেণ্ড স্লাইডৰ পাকচক্ৰত পথ বন্ধ হৈ পৰিলে এয়াৰ ড্ৰপিঙো হয় চাগৈ৷ ট্ৰেক চুট দেখা পাই চাবৰ ইচ্ছা হ’ল৷ সঞ্জুৱে দুযোৰ ট্ৰেক চুট, পাতল টাৱেল আৰু আৰ্মীৰ টি চাৰ্ট কিনিলে৷ মোৰ পকেটত তেতিয়া মানীপাৰ্চটো নথকাত মন থাকিলেও পিছত দেখা যাব বুলি নিজকে প্ৰবোধ দিলোঁ৷ ইণ্ডিয়ান আৰ্মীৰ ৱালং জেনেৰেল ষ্ট’ৰ এয়াই বুলি ধাৰণা কৰি ল’লোঁ৷

আই.বি.ত উপস্থিত হোৱাত আমাৰ হাতত লাইশাক, কমলা, কাপোৰৰ টোপোলা দেখি বাকীসকল স্তম্ভিত নোহোৱাকৈ নাথাকিল৷ ব্ৰহ্মপুৱাতে ক’তনো গৈছিলোঁ তাৰ বিৱৰণী এফালৰ পৰা শুনোৱাব লগা হ’ল সকলোকে৷ শাকৰ মুঠাটো ৰান্ধনি কৃষ্ণৰ হাতত তুলি দিলোঁ৷ আগনিশা শুকান আলুভাজিৰে ভাত খাই থকাৰ সময়তে দেউকণ গগৈয়ে হাতযোৰ কৰি কৈছিল, ‘পাচলি নাই৷ আজি এনেকৈয়ে কোনোমতে পেটটো ভৰাওক৷ কাইলৈ গাঁৱৰ ফালে লাইশাক পাওঁ নেকি বিচাৰি যাম৷’ আমি ঘূৰি আহি সোমোৱাৰ পৰত বাৰাণ্ডাত ৰৈ থকাৰ পৰাই মোৰ হাতত লাইশাকৰ ঠোঙাটো দেখা পাই তেওঁ কি ভাবিলে নাজানো৷ মানুহজনৰ ইপ্সিত কামফেৰা আমি ইতিমধ্যে সমাধা কৰিয়ে পেলালোঁ৷ কাণ্ড দেখি গগৈদেউৰ মুখত বিৰিঙি উঠিল প্ৰশংসাৰ মিঠা হাঁহি৷ 'এইকেইটাই পুৱাই পুৱাই ক’ত লাইশাকগাল বিচাৰি পালেগৈ' বুলি আচৰিতো হৈছিল চাগৈ!

কমলা খুৱাই, ট্ৰেক চুট দেখুৱাই, লাইশাক চমজাই ওলাই যাবৰ বাবে সাজু হ’লোঁ৷ চিঙাৰাই পেট ভৰাই ৰখাত আই.বি.ত মোৰ পুৱাৰ আহাৰ খোৱাটো নহ’লগৈ৷ সঞ্জুৱে খালে৷ কৃষ্ণক ক’লোঁ বান্ধি দিবলৈ৷ ৰুটি ৫খন আৰু আলুভাজি ধুনীয়াকৈ সি পেকিং কৰি দিলে৷ গৰম টোপোলাটো হাতত লৈ সিদ্ধান্ত ল’লোঁ যে হাবিতেই হওক, পানীতেই হওক, বাটত য’তেই ভোক লাগিব ত’তেই খাম বাপ্পেকে৷ ৰুটি-ভাজিৰে পিকনিক হ’ব আজি৷ পানীৰ বটল কেইটামানো লগত লৈ ল’লোঁ৷ গা ধুৱাৰতো প্ৰশ্নই নাই৷ কাৰণ আজি দিনৰ স্নানকাৰ্য আই.বি.ৰ বন্ধ বাথৰুমত নহয়, নদীৰ বুকুত, মুক্ত প্ৰাকৃতিক পৰিৱেশত গৰমপানীত হ’ব বুলি কালিয়েই ঠিৰাং কৰি থোৱা হৈছিল৷ নৈত গা ধুৱাৰ উৎসাহটো অৰুণদাৰ আকৌ এখোপ চ'ৰা৷ ডিখাৰুৰ সেই নঙঠা শৈশৱক পাহৰেনো কোন সতে? ইফালে অন্য ধৰণৰ এটা অভিজ্ঞতা লাভৰ আশাৰে ময়ো তলে তলে উন্মাদ হৈ আছোঁ কালি পেটেল আৰু অৰুণদাই কথাটো ঘোষণা কৰিবৰ পৰাই৷ একো কোৱাহে নাই৷











পৰৱৰ্তী লেখা :
৫. দিনটোৰ প্ৰথম যাত্ৰা : সদলবলে হেলমেট টপলৈ

No comments:

Post a Comment