Monday, 6 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
১২. ৱালং : প্ৰথম চিন্তা থকা-খোৱাৰ



আমি ৱালঙত উপস্থিত হওঁতে ঘড়ীত বিয়লি ২.৩০৷ প্ৰথম কথা থকা-খোৱাৰ চিন্তা দূৰ কৰা৷ কতো একো ঠিক কৰি থোৱা হোৱা নাছিল৷ আগতীয়াকৈ কোনো যোগাযোগো নাই৷ এতেকে ৱালং পায়ে পি.ডব্লিউ.ডি.ৰ আই.বি.টো বিচৰাত লাগিলোঁ৷ ছিট পাওঁ-নাপাওঁ পিছৰ কথা৷ খুপাৰ পৰাই অৱশ্যে কিছু ইনফৰ্মেচন লৈ আহিছিলোঁ৷ কাৰণ এইফালে ফোন নধৰে৷ মবাইলটো নায়েই৷ লক্ষ্যস্থানৰ কথাটো উল্লেখ কৰাত পেটেলে ওপৰলৈ পকাই নি পৰিদৰ্শন বঙলা এটাৰ সন্মুখত গাড়ীখন খাৰা কৰিলে৷ পিছে সেইটো এন.চি.চি.ৰহে আই.বি. আছিল৷ গাড়ীৰ শব্দ শুনি মানুহ এজন ওলাই আহিছিল৷ তেওঁকে সুধি চালোঁ৷ দূৰলৈ তৰ্জনী টোঁৱাই দেখুৱাই দিলে আমাৰ লক্ষ্য৷ দূৰত্ব বৰ বেছি নাছিল৷ তাৰ পৰা দেখা পায়ে আছিলোঁ৷ পাহাৰৰ বুকুৱেদি আগুৱাই সেই লক্ষ্যস্থান নিমিষতে ওলালোঁগৈ৷

গাড়ীৰ পৰা নামিছোঁ কি নাই, ওপৰৰ ফালৰ পৰা খটখটীয়েদি মানুহ এজন নামি আহিব ধৰিলে৷ বোধ হয় আমাক দেখিয়ে আগ বাঢ়ি আহিছে৷ কৃষ্ণ প্ৰধান৷ আই.বি.টোৰ ৰান্ধনি৷ ডেকা বয়সৰ৷ শদিয়াত ঘৰ৷ তেওঁকে সুধিলোঁ পোনে পোনে৷ ৰুম খালী আছেনে? থাকিব পৰা যাবনে? অনুনয়সুৰীয়া অসমীয়া মাতষাৰ শুনি তেওঁৰো প্ৰতিক্রিয়া যোগাত্মক হল যেন লাগিল৷ কলে, খালী আছে৷ কিন্তু ডি.চি. অফিচৰ পাৰ্মিচন লাগিব৷ চিন্তা কৰিলোঁ, ডি.চি. অফিচ? মানে আঞ্জাৱৰ জিলাধিপতিৰ কাৰ্যালয়৷ সেইটো আছেগৈ সৌ হাৱাইত৷ হায়ুলিয়াং এৰি আহোঁতে চাংৱিনটিত সোঁফালে হাৱাইৰ ৰাস্তাটো পেলাই থৈ আহিছোঁ৷ কেতিয়াও গৈ পোৱাও নাই তালৈ৷ সেইটো ইয়াৰ পৰা এতিয়া কম বুলি ধৰিলেও ৫০কিলমিটাৰ নিলগত হব৷ কি কৰা যায় তেনেহলে? হাৱাইলৈ যাব লাগিব, পাৰ্মিচন আনিবলৈ? খৰতকীয়াকৈ উপায় চিন্তিবলৈ লাগিলোঁ৷ কি বুদ্ধি খটোৱা যায়? এচিষ্টেণ্ট ইঞ্জিনিয়াৰ বন্ধু ধৰ্মেনৰ ৰেফাৰেন্স দি কলোঁ যে আমি ইঞ্জিনিয়াৰ চাহাবৰ মানুহ৷ মই তেওঁৰ বন্ধু৷ এইসকল মোৰ বন্ধু৷ আৰু সুধিলোঁ, চাৰ্কোল অফিচাৰ, মানে চি.অ. চাহাব কত থাকে বাৰু? তেওঁকে লগ ধৰি আহোঁ নহলে৷ কৃষ্ণ প্ৰধানে কলে, চি.অ. চাহাব নাই৷ ষ্টাফ এজন আছে৷ আহকচোন তেওঁৰ ওচৰলৈকে যাওঁ৷ কি কৰে চাওঁ৷

আই.বি.ৰ সন্মুখৰ বহল চোতালখনতে গাড়ীসহ থিয়দঙা দি বাকীকেইজন সদস্যই ৱালঙৰ সৌন্দৰ্য চাই মগন হৈ থাকিল৷ পিছফালৰ ষ্টেপটোৰে কৃষ্ণৰ সৈতে মই ক্রমান্বয়ে তললৈ নামিব ধৰিলোঁ৷ দুশৰো অধিক খটখটী নামিলত তলেৰে যোৱা মূলপথটো পালোঁগৈ৷ চিনি পালোঁ, সেইফালেৰেই আমি গাড়ীৰে ক্ষন্তেক আগে পাৰ হৈ গৈছিলোঁ৷ অকণমান আগলৈ ৰাস্তাৰ দাঁতিত ৮খনমান দোকান আছে৷ ৱালঙৰ বজাৰ বুলিবলৈ সিমানেই তাৰমানে! বিচৰা মানুহজনৰ নাম কৈ কৈ কৃষ্ণই দোকানী আৰু তাত উপস্থিত আন আন চিনাকি মানুহবোৰক হিন্দীতে এফালৰ পৰা সুধিবলৈ ধৰিলে, এইফালে কোনোবাই দেখিছিলনেকি, ঘৰত আছেনে নাই আদি৷ তেনেকৈ কেইবা ঠাইটো বিচাৰ-খোঁচাৰ চলোৱা হল৷ নাই, কোনো শুং-সূত্ৰ নোলাল মানুহজনৰ৷ যেন বতাহত মিলি গল অপৰিচিত ব্যক্তিজন! কৃষ্ণৰ লগত ইতিমধ্যে টুকুৰা-টুকুৰিকৈ নেপালী ভাষাত কথা পতা আৰম্ভ কৰি দিছিলোঁ মই৷ অচিনাকিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধিৰ বাবে ভাষা অব্যৰ্থ অস্ত্ৰ৷ কিবা এটা ভাবি তেওঁ অলপ পিছতে কলে, ব বলক৷ সুমুৱাই দিম৷ কাগজ-পত্ৰ পিছত দেখা যাব৷ অস্ত্ৰপাটে কামত দিলে তেনেহলে! ঘূৰি আহি দুয়ো চিৰিৰ গুৰি পালোঁহি৷ এইবাৰ ওপৰলৈ বগোৱাৰ পাল৷ বগাওঁতে বগাওঁতে কেঁচাঘাম বাজ হৈ গল৷ আহি পায়ে কৃষ্ণই ৰুমৰ পৰা চাবিকোচা আনিলেগৈ আৰু তলা খুলি দিলে৷ কাঠৰে নিৰ্মিত ঘৰ৷ পুৰণি হৈছে৷ নামতি লজ লিখা কোঠাটোত সোমালোঁ সঞ্জু আৰু মই৷ যুদ্ধথলী নামতিৰ নামেৰেই নামতি লজ৷ নামতি প্লেইনচৰ কথা শুনি আছোঁ৷ চাবগৈ লাগিব৷ গাড়ীৰ পৰা বয়-বস্তুবোৰ কঢ়িয়াই আনি ৰুমত থিতাপি ললোঁ৷

আহল-বহল ৰুমটো৷ দুফালে দুখন বিছনা, এডাল আলনা, টেবুল এখন৷ খালী ঠাইখিনিলৈ চাই বিছনা আৰু দুখনমান ধৰিবহে৷ প্ৰতিখন বিছনাত কম্বল দুখনকৈ, আঁঠুৱা এখন আৰু গাৰু এটা৷ ভাাবিলোঁ, ঠাণ্ডা লাগিব নেকি ৰাতি? লাগিলে নিজৰো কম্বল এখন আছে বাৰু৷ সি যি কি নহওক, পাইন কাঠৰ ঘৰটোত সোমায়ে কিবা এটা ভাল লাগি গল৷ আপোন আপোন ভাব জাগিল৷ শান্তিময় পৰিৱেশ৷ অৱশ্যে খোজ কাঢ়িলে ফ্লৰত হোৱা ধুক্‌ ধুক্‌ শব্দটোৱে ভৌতিক অনুভূতি এটাও নজগোৱাকৈ নাথাকিল৷ আমাৰ বিপৰীতে থকা কোঠালিত সোমাল অনিলদা আৰু অৰুণদা৷ পেটেলক ওপৰৰ ফালে থকা ঘৰ এটাত কোঠাৰ ব্যৱস্থা কৰি দিলে কৃষ্ণই৷ গাড়ী থাকিল সন্মুখৰ মুক্ত প্ৰাংগণত৷

থকাটো ভাগ্যক্রমে হৈ গল যেনিবা৷ এতিয়া খোৱাৰ চিন্তা৷ খুপাতেই ৰাতিপুৱা ৰুটি কেইটামান খোৱা৷ ভাত নাই৷ মিনাৰেল ৱাটাৰ আৰু গুগলী মেৰী বিস্কুতেৰেই চলাই দিয়া হৈছে৷ কমলা দিদিয়ে কফি একাপ খুৱাইছিল, বচ সিমানেই৷ কৃষ্ণক সুধিলোঁ, ভাত পোৱা যাবনে কৃষ্ণ? নাই, এতিয়া নহ'ব ছাৰ, একেবাৰে গধূলিহে পাব৷ ৰুটি হবনেকি? নাই, ৰুটিও নহব৷ পাকঘৰ বন্ধ হৈ গৈছে৷

বেগকেইটা নিজৰ নিজৰ জেগাত থৈ উশাহ সলাইছোঁহে মাত্ৰ, অনিলদাই খৰখেদা লগালে৷ গম পালোঁ, তেওঁৰ পেটে কেঁচু-কুমটি খান্দিব লাগিছে৷ খাদ্যৰ সন্ধানত দোকান বিচাৰি ইমিডিয়েট তললৈ যোৱাৰ প্ৰস্তাৱ দিলে৷ মই নগলোঁ৷ বাকী ৰাইজ গলগৈ৷ ঘৰ্মাক্ত দেহাটো পখালি নোলোৱালৈকে কিবা যেন শান্তি নোপোৱা হলোঁ৷ ৰাতিপুৱা খুপাত ধৰ্মেনৰ কোৱাৰ্টাৰত চিমাই যতনাই দিয়া কুহুমীয়া পানীৰে গা ধুইছিলোঁ৷ ইয়াত সেমেকা শীতল পৰিৱেশ যদিও এতিয়া ঠাণ্ডা পানীকে হলেও কেইমগমান ঢালিব লাগিব৷ সিদ্ধান্তটো ঠিৰাং কৰি পেলাইছিলোঁ ঘামি-জামি ষ্টেপকেইটা বগাই থাকোঁতেই৷

তীব্ৰতা নাথাকিলেও ৱালঙৰ আকাশত আবেলিৰ ৰদজাকৰ অস্তিত্ব তেতিয়াও বৰ্তি আছিল৷ পিছে সূৰ্যদেৱ থিয় পৰ্বতটোৰ আঁৰ হবলৈ সৰহপৰ বাকী নাছিল৷ গতিকে হিচাপ কৰি চাই ময়ো ততাতৈয়া কৰিলোঁ গা ধুবলৈ৷ পানী হলে একেবাৰে ঠাণ্ডা৷ হলেও কথা নাই৷ মন বান্ধি লোৱা হৈছে৷ তাতে নতুন, অজান ঠাই দেখাৰ আনন্দত উত্তেজনাৰ লেভেলটো একেবাৰে তুংগত উঠি আছিল৷ গতিকে আই.বি.ৰ শীতল জলে ইচ্ছাশক্তিক কাবু কৰিব মুঠেও নোৱাৰিলে৷

সুকলমে পালোঁহি ৱালং৷ গা ধুই থাকোঁতেই মনটোৱে পাগুলিব ধৰিছিল এৰি অহা বাটটো আৰু অঞ্চলটোৰ অতীতৰ কথাবোৰ৷ সৌ-সিদিনালৈকে যি কোনো অসামৰিক লোকৰ কাৰণে ৱালঙেই শেষ সীমা আছিল ভাৰতৰ৷ তাৰ আগলৈ মাথো সামৰিক বাহিনীৰ শিৱিৰ৷ তাৰ বাদে পাহাৰৰ বুকুত অ'ত-ত'ত দুই-এক মিছিমি, মেয়ৰ অধ্যুষিত অকণমানি গাঁও৷ লোহিতৰ পাৰে পাৰে এটা সৰ্পিল পথ৷ যেন এডাল অকোৱা-পকোৱা ৰছী৷ সেয়া আমি পাই আহিছোঁ৷ ৰছীৰ এটা মূৰে ভাৰত-চীনৰ সীমা৷ মেকমোহন লাইন৷ সেয়া যেন এডাল পথালিকৈ টনা চকুৰে নেদেখা ৰঙা ৰছী৷ গুগল আৰ্থত চালে তেনেকুৱাই লাগে৷ কতবাৰযে চোৱা হৈছে এই ৰঙা আঁকডাল, অহাৰ আগতে, প্ৰস্তুতি পৰ্বত৷ তাৰ পিছ খেদি হেৰায়ো গৈছোঁ বহুবাৰ৷ সেইডালেদি উৰি উৰি যাবলৈ মন যায় সীমান্তলৈ৷ চাবলৈ মন যায়, কিনো ইমান খেলিমেলিখন লাগি থাকে চীন-ভাৰত সীমান্ত বুলিলেই!


ভাৰত-চীন সীমান্তৰ বুৰঞ্জীয়ে কয়, ১৯১৪চনত চিমলাত সৃষ্টি হৈছিল বহুচৰ্চিত এই লাইনডালৰ৷ ভাৰতৰ তেতিয়াৰ বৈদেশিক সচিব ছাৰ হেনৰী মেকমোহনৰ নামেৰে ৩০বছৰ পিছত নাম দিয়া হৈছিল 'মেকমোহন লাইন' বুলি৷ সেই অদৃশ্য ৰেখাৰ স্থিতি অনুভৱৰ দুচকুৰে কিমানে দেখিছে সংখ্যাটো জনাৰ সাধ্য নাই৷ কাল্পনিক উক্ত ৰেখাৰ কল্পেই চীন-ভাৰতৰ সীমা বিবাদো তাহানি ১৯১৪চনৰে পৰাই চলি আহিছে৷ ১৯৫১চনত বিষয়টো জোৰদাৰ হৈছে৷ ১৯৬২ত সশস্ত্ৰ বিস্ফোৰণ! চীনৰ সৈতে অৰুণাচলৰ সীমা ১,১২৬কিল”মিটাৰ৷ টাৱাঙৰ পৰা কিবিথো পৰ্যন্ত এই বিবাদমান অাঁচডালক লৈ আজিও ভাৰত-চীনে যুঁজিয়েই থাকিবলগীয়া হৈছে৷ এনে অন্তহীন মতানৈক্যৰ বাবেই পৃথিৱীৰ সকলোতকৈ বিবাদস্পদ সীমা বুলি কোৱা হয় মেকমোহন লাইন অঞ্চলটোক৷ তাৰে পাশ্বৱৰ্তী স্বদেশীয় অঞ্চলটোত ভুমুকি এটা মাৰিবলৈকে আমিও আহিছোঁ৷ তাকে লৈ উত্তেজনা এটাই ভিতৰি ভিতৰি কিমান দিনৰ পৰাযে ক্রিয়া কৰি আছিল! ম’বাইল ফোনত কতযে এছ.এম.এছ. দিয়া-দিয়ি অৰুণদা আৰু মোৰ মাজত! সেয়া এটা বেলেগ অধ্যায়৷

প্ৰতীক্ষাৰ ফল মিঠা৷ অৱশেষত মিঠা দিনটো আহি পাইছে৷ বাথৰুমৰ টেপটো খুলি লৈ বাল্টিৰ পৰা মগেৰে ঠাণ্ডা পানীবোৰ গায়ে-মূৰে হুৰমূৰকৈ ঢালি থাকি তাকেই ৰোমন্থন কৰি গ’লোঁ৷ সেই ৱালঙত ক্ষন্তেক আগতে আহি উপস্থিত হ’ব পৰাৰ আনন্দত মনটো নাচি আছে৷ ঠাণ্ডা পলাই কেনিবাদি ফাট মাৰিলে৷ দেহাৰ কেট-কুটেই নাই! হিমচেঁচা পানীবোৰ শৰীৰৰ ওপৰেৰে বৈ গৈ থাকিল৷











পৰৱৰ্তী লেখা :
১৩. ৰেগুলাৰ মেট দেউকণ গগৈ

No comments:

Post a Comment