Wednesday, 1 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
৬. চাংৱিনটি পাৰ হলোঁ



ৱালঙৰ যুদ্ধ বুলি অভিহিত ১৯৬২ৰ চীন-ভাৰতৰ যুদ্ধত ১১ ইনফেনট্ৰি ব্ৰিগেডে চাইনীজ ৰেড আৰ্মীক ৰোধ কৰিবলৈ সক্ষম হৈছিল যদিও ভাৰতীয় সেনা বাধ্য হৈছিল হায়ুলিয়াঙলৈকে পিছ হুহকিবলৈ৷ উক্ত যুদ্ধত ৱালঙৰ পতন হৈছিল৷ আনহাতে চীনা বাহিনীয়ে কি ভাবিজানো, চাংৱিনটি নামৰ ঠাইখিনিতে থমকি ৰল৷ তাৰ পৰা আৰু আগুৱাই নাহিল৷ বহুতে কয়, ইচ্ছা কৰা হলে বোলে পাৰিলেহেঁতেন৷ হায়ুলিয়াং, তেজু, তিনিচুকীয়া অধিকাৰ কৰাটো চৈনিক শক্তিৰ বাবে একো ডাঙৰ কথা নাছিল৷ কিন্তু নাহিল৷ স্বদেশলৈ উভতিহে গলগৈ৷ কিয় গলগৈ? সেইটো আজিও এটা ডাঙৰ প্ৰশ্ন৷ সেই সত্য বিচাৰি অনেকজনে আজিও ঘূৰ্মূটিয়াই ফুৰিছে৷ তাকে আমিও পঢ়িছোঁ, পঢ়ি গম পাইছোঁ৷ ব্যাখ্যা, অপব্যাখ্যা পিছকথা৷

ইমান দূৰ বাট আহিলোঁ, লোহিত ব্ৰীজৰ পৰা হায়ুলিয়াঙলৈ ১১৮কিল’মিটাৰ আৰু হায়ুলিয়াঙৰ পৰা এই ডাইভাৰ্চন পইণ্টলৈ ৪৭কিল’মিটাৰ, মুঠতে ১৬৫কিল’মিটাৰেই হ’লহি, লোহিতৰ ওপৰত ইমান সময়ে কিন্তু গাড়ী পাৰ হ’ব পৰা দ্বিতীয় এখন দলং দেখা পোৱা নাছিলোঁ৷ ক্ষন্তেক আগতে কেঁকুৰি এটা ঘূৰোঁতেই লোৰ দলং এখনৰ টুকুৰা এটা হঠাতে দৃষ্টিগোচৰ হ’ল৷ নতুন এক উত্তেজনাই ততালিকে লগ ল’লে৷ চকু থিৰ ৰাখি গ’লোঁ সেইফালে৷ তাৰ পূৰ্বে বাটৰ দাঁতিয়ে দাঁতিয়ে পোৱা জলপ্ৰপাতকেইটামানে দৃষ্টি হৰিছিল৷ ৰৈ ৰৈ চাই আহিছিলোঁ৷ অলপ পাছতে চাংৱিনটি নামৰ স্বল্পখ্যাত ঠাইডোখৰত উপস্থিত হ’লোঁগৈ৷ এজোপা গছ, এটা মন্দিৰ, এখন চাইনব'ৰ্ড৷ এটা জিৰণী-চ'ৰা, বিপৰীতে ঘৰকেইটামান৷ সোঁহাতে মেৰ লৈ পথ এটা গুচি গৈছে৷ দলঙেৰে নৈ পাৰ হৈ বাওঁহাতে অকাই-পকাই উঠি পাহাৰৰ আঁৰত লুকাই পৰিছে৷ পেটেলে জনালে, ‘ছাৰ, সেইফালেই হাৱাই৷' জিলা সদৰলৈ যোৱা তিনিআলিটো পালোঁহি তাৰমানে!

হাৱাই আঞ্জাৱ ডিষ্ট্ৰিক্টৰ হে’ড কোৱাৰ্টাৰ৷ লোহিতৰ ওপৰত সজা সেইখন হ’ল হাৱাই ব্ৰীজ৷ সেইখনেই দূৰৰ পৰা আমাৰ চকুত ধৰা দি আহিছিল, উত্তেজনাৰ মাত্ৰাটো ক্ৰমাৎ বঢ়াই আহিছিল৷ পৃষ্ঠপটত পাহাৰখনক লৈ, তলত নদীখনক লৈ ধুনীয়া লাগিছে দৃশ্যটো৷ সেইফালেদি লোহিত পাৰহৈ হাৱাইলৈ প্ৰায় ৮কিল’মিটাৰ৷ যদিও ঠাইখনৰ বিষয়ে শুনি আছোঁ, হাৱাই আমাৰ পোনপটীয়া লক্ষ্য নহয়৷ গতিকে ৰৈ নাথাকি পেটেলে আমাক চিধা ৰাস্তাৰে নি থাকিল৷ ঘূৰি আহোঁতে সুবিধা মিলাই জিলা সদৰখন চোৱাৰ আশাৰ বীজ এটা মনৰ গহ্বৰত ৰোপণ কৰি থ’লোঁ৷

চাংৱিনটিৰ আগলৈ য়াতং, কিবিয়াং, লাউতুল, খেৰেং আদি বাটত পোৱা সৰু সৰু ঠাই৷ জনবসতি পাতল৷ পাক মাৰি মাৰি যিমানেই আগলৈ গৈ আছোঁ দৃষ্টিত ধৰা দিছে নৈ আৰু পাহাৰৰ নেৰানেপেৰা যুগলবন্দী৷ দুখন পাহাৰৰ মাজৰ উপত্যকা মানেই নৈ এখন বৈ আছেই আছে৷ সকলো উপনৈৰ লক্ষ্য এটাই৷ সেয়া হৈছে লোহিত৷ অ'ত-ত'ত এই মিলন কেইবাবাৰো দেখা পাইছোঁ৷ নেদেখাতো কিমান আছে চাগৈ! পথৰ দুয়ো দাঁতিত দেখা পাইছোঁ সুমথিৰা গছবোৰ৷ সুমথিৰা এতিয়া নাই৷ ক’ৰবাত কাচিৎ এটা৷ তাকো একেবাৰে টিকনিত৷ ৰৈছোঁ, চাইছোঁ, দেখি জিভা লিকলিকাইছে যদিও খাবৰ সুযোগ নাই৷ গছ লোকৰ চৌহদৰ ভিতৰত৷ চৌহদত আকৌ দীঘলে দীঘলে বাঁহ বান্ধি দিয়া বেৰা৷ তাৰ উপৰি দেৱালসদৃশ হৈ পৰা এডৰা সিজু নে সাগৰফেণা গছো দেখা পাইছোঁ৷ ধঁতুৰাৰ দৰে ঈষৎ হালধীয়া ৰঙৰ ফুল ফুলি জাতিষ্কাৰ হৈ থকা, নাম নজনা এবিধ উদ্ভিদো জেওৰাৰ ৰূপত দেখিলোঁ৷ এই অঞ্চলৰ উদ্ভিদসমূহ আকাৰত ডাঙৰ৷ ইয়াত প্ৰদূষণ বুলিবলৈ মুঠেই নাই৷ জলবায়ু নিৰ্মল৷ ইফালে আজি বতৰটোও খুব ভাল৷ বৰষুণক লৈ চিন্তা কৰিবলগীয়া একো নাই৷

পাহাৰৰ ওপৰত ৰৌদ্ৰোজ্জ্বল বৰফৰ জিলিঙনি বিয়পিছে৷ আনন্দমনে গৈ আছোঁ আমি৷ স্পীকাৰত ইটোৰ পিছত সিটো গান বাজি আছে৷ মোৰ সন্মুখৰ চিটত বহা অৰুণদাই মাজে মাজে ভলিওমটো কমোৱা-বঢ়োৱা কৰি আছে৷ মন কৰিছোঁ, তেওঁৰ প্ৰিয় গীত বাজিলেই শব্দটো বঢ়াই দিয়ে৷ কথাটো অনিলদা আৰু মই টং নকৰা নহওঁ৷ নিজৰ মাজতে ইংগিতেৰে আমি তাকে কোৱা-কুই কৰি ৰসৰ সঞ্চাৰ কৰি গৈছোঁ৷ ইফালে বুদ্ধি কৰি অনিলদাক টোপনি মৰাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ এটাও পাঙিছোঁ, তেওঁ অকণো গম নোপোৱাকৈ৷ সঞ্জু মগন হৈ আছে সিফালৰ খিৰিকীৰে সেউজীয়াৰ আৱেষ্টনীত লোহিতৰ নৃত্য চোৱাত৷ গাড়ীৰ হেন্দোলনি আৰু সংগীতৰ মিঠা সুৰে টোপনিৰ ভাব অকণমান জগাই তুলিছে৷

অতীতৰ তুলনাত সহজ আৰু সুচল হৈছে বুলি কোৱা হয় যদিও আজিও ক’বলৈ গ’লে এয়া এক দুৰ্গম যাত্ৰাই৷ কিন্তু তাতেইতো আচল ৰোমাঞ্চ৷ সেই ৰোমাঞ্চ বিচাৰি কতজনৰযে হাঁহাকাৰ! আমিও তাৰে বশৱৰ্তী হৈ এয়া লোহিতৰ পাৰে পাৰে ধাৱমান হৈছোঁ৷ আলিটো ঠেক যদিও বেয়া নহয়৷ গাড়ীৰ গতি কিন্তু ধীৰ৷ স্পীডত যোৱাৰ ইচ্ছা জাগে মাজে মাজে৷ কিন্তু বিপদযে পদে পদে! স্পীড থ্ৰীল্‌ছ, বাত্‌ কিল্‌ছ৷ ষ্টাৰ্ট আৰ্লি, গ’ কেয়াৰফুলি, ৰিচ্ছ টাইমলি৷ ১৯৯১চনৰ নবেম্বৰ মাহত টাৱাঙলৈ যাওঁতে সৰ্পিলাকাৰ ৰাস্তাটোৰ দাঁতিয়ে দাঁতিয়ে শিলৰ দেহত লিখি থোৱা দেখিছিলোঁ সাৱধানতাসূচক এনে সংলাপ কিছুমান৷ শুনিছোঁ, সেইফালে হেনো এতিয়া ৰাস্তা উন্নত হৈছে৷ ডায়লগবোৰ আজি আছেনে নাই নাজানো৷ এইফালে কিন্তু ডায়লগো নাই, ৰাস্তাও ডেড্‌লী, মানে ঘাতক৷ মাজে মাজে কোনোবাডোখৰত পাহাৰৰ শিল-মাটি খহি পূৰ্বতে থকা বাটটো বন্ধ হৈ পৰাৰ ইংগিত৷ ওপৰেদি নতুনকৈ কাটি উলিওৱা হৈছে৷ শিল-বালি ঢালিছে যদিও পকী হোৱাই নাই৷ কেতিয়া হ’ব নাজানো৷ অৱশ্যে নিৰাপদভাৱে আমি তেনে ধৰণৰ অংশ অতিক্রম কৰি আহিছোঁ৷ পেটেলৰ কুশলী নিয়ন্ত্ৰণক মনতে শলাগিছোঁ৷ ড্ৰাইভিং হুইলত মানুহটোক শুৱাইছে৷ আমি ঠিক উপস্থিত হোৱাৰ সময়তে পুনৰায় এঠাইত এক্সকেভেটৰে ৰ’ড ক্লিয়েৰ কৰি থকা অৱস্থাত পালোঁ৷ ভাগ্য ভাল যে লেণ্ড স্লাইড বা ৰ’লিং ষ্ট’নৰ কাৰণে সৰহপৰ আবদ্ধ হ’বলগীয়া হোৱা নাই৷ যিখিনি সময় ৰৈছোঁ সেই সুযোগতে আগ-পাছ, সোঁ-বাওঁৰ প্ৰাকৃতিক দৃশ্য চাই আত্মহাৰাহে হৈছোঁ৷ অনুৰূপ অভিজ্ঞতা কালিও হৈছিল৷ এতেকে আমনি লগাৰ প্ৰশ্নই নাই৷ একেৰাহে আহি থকাটোত ব্ৰেক দিবলৈ অৰুণদাই মাজতে ৰঙা চাহৰ কথা উলিয়াইছিল৷ পিছে দোকান সতকাই পোৱা কঠিন৷ দোকান বিচৰা আৰু পৰ্বতত কাছ কণী বিছৰা, একে কথা৷ এইটো অভিজ্ঞতাও এতিয়ালৈ আৰু নতুন হৈ থকা নাই৷ গুগলী বিস্কুত আৰু বটলত অনা পানীৰেই মনৰ ইচ্ছাৰ নিবৃত্তি ঘটাবলগীয়া হৈছে৷

ওখ ওখ পৰ্বত৷ জনপ্ৰাণীহীন পথ৷ পৰ্বতৰ গাত কেতিয়াবা দেখা যায় চাৰি-পাঁচটামান চাংঘৰ৷ বুজি লওঁ যে সেইখন এখন গাঁও৷ গভীৰ উপত্যকাটোৱেদি বৈ যোৱা লোহিতৰ ওপৰেৰে কেতিয়াবা দেখা যায় একোখন চাচপেনচন ফুট ব্ৰীজ৷ নীৰৱ, নিস্তব্ধ পৰিৱেশ৷ মটৰ চাইকেল কেইখনমান পথৰ দাঁতিত সাজি লোৱা চালিৰ তলত বা পলিথিনেৰে ঢাকি ৰখা অৱস্থাত পোৱা যায়৷ বুজি পাওঁ যে গৰাকী সেইখন গাঁৱৰে৷ কোনেও বাহনবোৰৰ একো ক্ষয়-ক্ষতি নকৰে সম্ভৱ৷ গতিকে ৰখীয়া নাথাকিলেও মুক্তভাৱে এৰি থৈ যাব পাৰি৷ একে সময়তে এইটোও ভাবিবলৈ বাধ্য হওঁ যে পে’ট্ৰল ক’ৰ পৰা কেনেকৈনো যোগাৰ কৰে ইহঁতে? কিল’মিটাৰৰ পিছত কিল’মিটাৰ অতিক্রম কৰিছোঁ, তেল ডিপ’ এটাও পোৱা নাই৷ কাৰ্যতঃ পোৱা নাযাবও৷ খুপাতেই সেই দৃশ্য শেষ৷ কোনোবাইযে লিখিছিল, ‘খুপা ইজ দ্যা অনলী ৰিফিলিং ষ্টেছন অন দিছ ডিৰেকচন’, এই পৰ্যন্ত কথাটো সত্য বুলি মানিছোঁ৷ কোনোবাই কৈছিল, ‘বি.আৰ.টি.এফ.ৰ কেম্প, আৰ্মী, আৰু কোনো কোনো মানুহৰ ওচৰত বটলত পে’ট্ৰল, ডিজেল পোৱা যায়, চ’ৰা দামত৷’ সেইষাৰ কথাও চাগৈ সত্যই হ’ব৷ নহ’লেবা সংখ্যানগণ্য সত্ত্বেও এই বাহনবোৰ চলি আছেনো কি শক্তিত? আকৌ, তেল ভৰাবলৈ খুপালৈ যোৱাটোও কি মুখৰ কথা? ভাবিবকে নোৱাৰিচোন! গতিকে গাড়ী-মটৰৰ বিলাস এই বাটে সমূলি চকুত পৰা নাই৷ সমতলৰ গাড়ীৰ উৎপাতটো ইয়াত নাই৷ শান্তিৰে যাব পাৰিছোঁ আমিও৷ নহ'লে চাইড দিয়াৰ নামত কিমানযে ৰ'বলগীয়া হ'লহেঁতেন!












পৰৱৰ্তী লেখা :
. অৰুণাচল প্ৰদেশ, দ্যা পাৱাৰ হাউচ

No comments:

Post a Comment