Wednesday, 1 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
৫. হায়ুলিয়াঙৰ পৰা আগলৈ কি কি দেখিলোঁ?



হায়ুলিয়াঙৰ পৰা এক কিলমিটাৰমান যোৱাৰ পিছতে ৰাস্তা এটা বাঁওহাতে সোমাই গৈছে৷ সেইফালেই চাগলাগাম৷ চাগলাগাম আঞ্জাৱ জিলাৰ এটা প্ৰশাসনিক খণ্ড৷ প্ৰবল বৰষুণৰ কবলত পৰি ২০১০চনত এই ৰাস্তাটো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল৷ মেটেংলিয়াং হৈ এই বাটে চাগলাগামলৈ ৫৭কিলমিটাৰ দূৰ৷ আমাৰ ৰাস্তাটো চিধা৷ পেটেলে চিনি পায়৷ তেওঁ এনেয়ে সেইফালে এবাৰ কেঁৰাকৈ চালে আৰু নিজৰ দিশত ষ্টিয়েৰিংডাল পোনাই ৰাখি গৈ থাকিল৷ পেটেলৰ ড্ৰাইভিঙে আমাক আশ্বস্ত কৰিছে আৰু আনন্দ দি আছে৷ মানুহটো আমাৰ সৈতে একদম মিলি পৰিছে৷

নিঃসংগতাৰ মাদকতা হৃদয়ত লৈ তেনেকৈয়ে গৈ আছোঁ আগলৈ৷ কৰবাত মাইলৰ পিছত মাইল ধৰি কোনো লোকালয় বুলিবলৈ নাই৷ হাবি, হাবি আৰু হাবি৷ অথচ যাত্ৰাৰ এক ধৰণৰ আমেজ আছে৷ মাজে মাজে আৰ্মীৰ আড্ডা কিছুমান পোৱা গৈছে৷ হেঙাৰ পিছে নাই পোৱা কতো৷ হঠাতে ৰাস্তাৰ ইপাৰৰ পৰা সিপাৰলৈ ফায়াৰিং চলি থকা ঠাই এডোখৰ পালোঁ৷ বুজি পালোঁ যে জনসমাগমৰ পৰা নিলগত সেয়া আৰ্মড ফ'ৰ্চৰ ফায়াৰিং ৰেঞ্জ৷ আচল ঠাইখিনি পোৱাৰ এক ফাৰ্লংমান আগতেই ফ্লেগ লৈ ইউনিফৰ্মত ৰৈ আছে চেণ্ট্ৰী৷ বাধা নাই দিয়া৷ পাৰ হৈ যাবলৈ চিগনেল দিছে৷ পথটোৰ বাঁওহাতে ৪০-৫০মিটাৰমান আঁতৰত মুকলি এঢলীয়া পাহাৰৰ ওপৰত মাটিত পেট পেলাই জলফাইৰঙী আঁক-বাক সাজ পিন্ধা সৈন্য কিছুমান৷ পুনৰ পথৰ সোঁপাৰে ৪০-৫০মিটাৰমান আঁতৰত তললৈ থকা মুকলি ফিল্ডত টাৰ্গেট বৰ্ড ৬খনমান৷ ৰাস্তাৰ ওপৰেৰেই গুলীচালনাৰ আখৰা! ওখৰ পৰা চাপৰলৈ৷ প্ৰশিক্ষণথলীৰ পৰিৱেশটো দেখি চাঁতকৈ মনত পৰি গল যোৰহাটত পঢ়ি থকা অতীতৰ এদিন৷ এন.চি.চি.ৰ অন্তৰ্গত আমাক এবাৰ পাৱেটৰ পৰা ৰৰৈয়াৰ ফায়াৰিং ৰেঞ্জলৈ সেনাৰ ট্ৰাকত ভৰাই লৈ গৈছিল৷ তাত থ্ৰি নট থ্ৰি ৰাইফলেৰে ক্ৰমে থিয় হৈ, আঁঠু কাঢ়ি, বস্তাত শুই শুই অাঁতৰত পুতি ৰখা ঘূৰণীয়া চকৰি অঁকা টাৰ্গেটলৈ গুলীওৱাৰ শিক্ষা দিয়া হৈছিল৷ সিদিনা টাৰ্গেট ফালি ছিৰাছিৰ কৰি দিছিলোঁ যদিও ৰিজাল্ট তুলনামূলকভাৱে মোৰ ভাল নোলাল৷ গুলী-বাৰুদৰ সৈতে সম্পৰ্কটো সেয়াই প্ৰথম, সেয়াই শেষ৷ টাৰ্গেট কৰিব নোৱাৰাৰ দুখ নহয়, সিদিনাৰ বন্দুকৰ কুন্দাৰ খুন্দাকেইটাইহে জীৱনলৈ মনত দাগ কাটি থৈ গল৷

এই পৰিৱেশ দেখি পুৰণি কথাটোৱে ততালিকে মনত দোলা দিলেহি৷ কেঁকুৰি এটা পাৰ হৈ তাৰে বৰ্ণনা দিব ধৰিলোঁ সহযাত্ৰীবৃন্দৰ আগত৷ বাটত দেখি অহা এই জোৱানসকলে কুন্দাৰ খুন্দাই নহয়, শব্দ, ধোঁৱা, ওপৰৱালাৰ কামাণ্ড সকলোৰে সন্মুখীন হবলগীয়া হৈছে দেশৰ প্ৰতিৰক্ষাৰ স্বাৰ্থত৷ আমাৰ দৰে আৰামত ঘূৰি-ফুৰি থকা নাগৰিকৰ নিৰাপত্তাৰ স্বাৰ্থত! পেটৰ দায়ত ঘৰ-পৰিবাৰ এৰি থৈ কৰ মানুহ কত আছেহি ঠিকনা নাই৷ একে সময়তে আন এটা সঁচা কথাও সংগোপনে চিন্তা কৰিলোঁ৷ মাৰণাস্ত্ৰৰ এইযে প্ৰেকটিছটো হৈ আছে, এইটো আচলতে কিহলৈ? বিদেশী শত্ৰুক উদ্দেশ্যি? পিছে কতা, দেশী শত্ৰু বুলি প্ৰতিপন্ন হোৱা ৰাজনীতিক, আমোলাইচোন এওঁলোকক সীমান্তৰ ৰক্ষক পাতি লাজ নোহোৱাকৈ এফালৰ পৰা লুটি-পুতি খাই খতম কৰিছে! দিনক-দিনে জহন্নামে নিয়াইছে দেশখনক৷ অতএব, এই বন্দুকৰ নলীবিলাক সেই খঁকুৱা দানৱবোৰৰ ফালে টোঁৱালেহে ভাৰতবৰ্ষখন যদি উদ্ধাৰ হলহেঁতেন! কথাটো এওঁলোকে কোনদিনা বুজি উঠিববা? অন্যথা প্ৰতিৰক্ষাৰ নামত এইবোৰ অনুশীলন, কুচকাৱাজ ধাপ্পাবাজীৰহে নামান্তৰ মাথো৷

হায়ুলিয়াং এৰি এঘণ্টামান গৈছোঁ৷ তেনেকুৱাতে কেঁকুৰি এটা পালোঁ৷ কেঁকুৰিৰ অভাৱ নাই এই ৰাস্তাত৷ তথাপি এইটো কেঁকুৰি যেন অলপ বেলেগ৷ জলপ্ৰপাত আকাৰে পাহাৰৰ ওপৰৰ পৰা বহলকৈ নামি অহা পানীয়ে প্ৰথমবাৰৰ বাবে বাট ভেটিলে এই বিশেষ কেঁকুৰিটোত৷ ৰাস্তাছোৱাও ভগা৷ ওপৰত পানী চপচপীয়া৷ যেন বিকশিত অসমৰ নগৰ-মহানগৰৰ কৃত্ৰিম বানপানী! দীঘলীয়া এলেকা এটা জলমগ্ন কৰি পেলোৱাৰ পিছত একেখিনি পানী পথৰ ওপৰেৰে বাগৰি কেইবাটাও ধাৰাত বিভক্ত হৈ তললৈ নামিছে৷ সেয়া যেনিবা অন্য এটা জলপ্ৰপাতহে! আচলতে এটা দীঘলীয়া জলপ্ৰপাতৰ পেট ফালি মাজেৰে ৰাস্তাটো গৈছে বুলি ক’লেও ভুল নহ’ব৷ পিছত গোটেইখিনি পানী এক হৈ নামনিৰে বৈ থকা লোহিতত পৰিছে৷ পথটোৰ দাঁতিতে আকৌ অকণমানি মন্দিৰ এটাও৷ মাল কঢ়িওৱা সৰু গাড়ী এখন আমাৰ আগে আগে পাৰ হ'ল৷ দৃশ্যটো দেখি ১৯৯০চনত গোৱালৈ ট্ৰেইনেৰে যাওঁতে বাটত পোৱা দুধ সাগৰ জলপ্ৰপাতৰ কথা চেৰেংকৈ মনলৈ আহিল৷ তাত ওখৰ পৰা নামি অহা গাখীৰসদৃশ ধাৰ দুটা এক হৈ ৰে’ল দলঙৰ তলেৰে সোমাই নামনি অভিমুখে যায়গৈ৷ ইয়াতো তেনেকুৱা দলং এখন থকা হ’লে! স্পটটোৰ উন্নয়নত অকণমান গুৰুত্ব দিয়া হ'লে!  ৰৈ ৰৈ চাবলগীয়া হ’লহেঁতেন মানুহে৷ এতিয়া আন মনুষ্য নাই, আমিহে কেৱল৷৷

অনুপম সেই সৌন্দৰ্যক নেওচিব নোৱাৰি আমাৰ গাড়ীখন ৰখাবলৈ কোৱা হ’ল৷ আটায়ে নামি গৈ ওপৰৰ ফালে থকা শিলত বগালোঁ আৰু পানীৰ খেলা বেছ কিছু সময় উপভোগ কৰিলোঁ৷ তাৰ পিছত গাড়ীত উঠি পানী পাৰ৷ খোজেৰে নোৱাৰি৷ পেটেলক আকৌ ৰখোৱা হ'ল এই পাৰে৷ প্ৰকৃতিৰ উন্মুক্ত দান৷ আমি হ’লোঁ তাৰে ভোগী দৰ্শক৷ ইমান সোনকালে হেঁপাহ ক’তনো পলাব? দাঁতিলৈ যোৱা দেখি অৰুণদাই মোলৈ চাই চিঞৰিলে, ‘হেই হেই, বেছি আগলৈ নাযাব দেই৷’ অঘটন ঘটাৰ শংকা! ময়ো আগ-পাছ ভাবি-গুণি, অংক কৰিহে খোজ পেলাইছিলোঁ৷ তথাপি দাদাৰ সাৱধানতাসূচক আটাহক সমৰ্থন জনাই এখোজ পিছুৱাই থ’লোঁ৷ ক’ৰ পানী ক’লৈ যায়, বহি, কুঁজা হৈ জংঘলৰ ফাঁকেৰে হ'লেও চাবলৈ হ’লে নেৰিলোঁ৷ তেনেকুৱাতে বিপৰীতফালৰ পৰা মটৰ চাইকেল দুখন আহি ওলাল৷ ইহঁতনো কেনেকৈ পাৰ হয় ভালকৈ চাওঁ ৰহ বুলি পজিচন লৈ ল’লোঁ৷ হেণ্ডিকেমটো আদিৰ পৰা অন্তলৈ চালু কৰি ৰাখিলোঁ৷ আধালৈকে ডুব যোৱা চকাৰে ভৰি দাঙি সাৱধানে ডেকাকেইটা পাৰ হ’ল৷ সিহঁতৰ বাবে এইটো নিত্যনৈমিত্তিক অহা-যোৱা, ভাতৰ লগত পানী খোৱাৰ দৰে কথা৷ দুজনকৈ আৰোহী উঠি যোৱা বাইকে পানী ছটিয়াই যোৱা দৃশ্যটো আমি তধা লাগি চাই ৰ’লোঁ৷ অনুমান কৰাৰ চেষ্টা কৰিলোঁ যে খুব বৰষুণ পৰিলে এই ঠাইটুকুৰাত পাৰাপাৰ হোৱাটো কিমান বিপদজনক হ’ব? গাড়ীয়ে হওক, মটৰ চাইকেলেই হওক, পানীৰ শক্তিয়ে বাহন সহজেই ঠেলি নি খাদত পেলাবগৈ৷ গতিকে ওপৰৰ পৰা অহা ঢলটো শান্ত নোহোৱা পৰ্যন্ত নিৰাপদ দূৰত্বত ৰৈ থাকিবই লাগিব৷ বৰষুণৰ বতৰত আমি অহাটো ধৰ্মেনে কিয় ভয় কৰি আছিল আকৌ এবাৰ বাৰুকৈয়ে বুজি উঠিলোঁ৷ আমাৰ ভাগ্য ভাল যে নিৰাপদে পাৰ হ’ব পাৰিলোঁ৷ এই ঠাইখিনিত শক্তিশালী দলং এখনৰ খুবেই প্ৰয়োজন আছে৷

প্ৰায় ৪৫মিনিট যোৱাৰ পিছত এইবাৰ আহিল এটা বিশেষ ইউ টাৰ্ণ৷ ইউ টাৰ্ণৰো অভাৱ নাই এই ৰাস্তাত৷ তথাপি এইটো অলপ বেলেগ৷ একেবাৰে মূৰত দেখা গৈছে আৰ.চি.চি. দলং এখন৷ বাওঁহাতে ৰিটেইনিং ৱাল এখন৷ ওপৰৰ পৰা উফৰি অহা ৰলিং ষ্টন ৰাস্তাত সিঁচৰতি হৈ পৰিছে৷ সোঁহাতে পৰ্বতৰ পৰা খৰস্ৰোতা নৈ এখন নামি আহিছে৷ তাকে পাৰ হবৰ বাবে এটা বৃহৎ পাক লব লাগিব৷ দলং নৌপাওঁতেই নদীপৃষ্ঠলৈ আঙুলিয়াই পেটেলে কৈ উঠিল, সৌখিনিতে এটা হাইডেল আছিল ছাৰ৷ পানীয়ে উটুৱাই লৈ গল৷ কি? বুলি আমি আটায়ে আশ্চৰ্যচকিত হৈ পৰিলোঁ৷ 'নদী মাথো বয়, কালৈকো নৰয়, বাধা দি ৰাখিব পাৰে?' বুলি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰযোগে প্ৰচাৰিত নীলিমা খাটুনৰ কণ্ঠৰ জনপ্ৰিয় গীত এটি শৈশৱ-কৈশোৰত আমি খুব শুনিবলৈ পাইছিলোঁ৷ শাৰীকেইটাৰ মৰ্মাৰ্থ যেন সন্মুখলৈ অহা দৃশ্যটোৱে আজি বুজাই দিলে! প্ৰকাণ্ড শিলৰ দৰে কিবা এটাৰ অৱশেষ নদীখনৰ সোঁমাজত দেখা গৈছে৷ তাতেই আছিল হাইডেলটো৷ এতিয়া অন্য চিন-মোকাম নাই! তেনেকুৱা অঘটন ঘটাবলৈ পানীৰ ফ'ৰ্চ কিমান প্ৰৱল হব লাগিব, অনুমান এটা কৰি চালোঁ৷ জলবোমা শব্দটো মনলৈ আহিল৷ পাহাৰীয়া খৰস্ৰোতা নৈৰ ভয়ংকৰ সোঁতক ভেটি ৰাখিবলৈ চেষ্টা কৰাটো লৰা-ধেমালিৰ নামান্তৰ মাত্ৰ৷ তথাপিও মানুহে তাকে কৰিবলৈ এৰা নাই৷ নেৰেও৷ উন্নতৰ পৰা উন্নততৰ প্ৰযুক্তি খটুৱাই প্ৰাকৃতিক সম্পদ সম্ভাৰৰ পৰাই মানুহে আহৰণ কৰি গৈছে মানৱ জাতিৰ দৈনন্দিনৰ বাবে প্ৰয়োজন হোৱা ইটো-সিটো-বহুতো৷ দলং পাৰ হৈ সিপাৰ পালোঁগৈ ইতিমধ্যে৷

সন্মুখৰ পৰ্বতে বৰফৰ খেল দেখুৱাই আমাৰ মনবোৰত নাচোন তুলি আছিল৷ গাড়ীৰ আইনাৰ মাজেৰে বাৰেপতি তালৈকে চকুহালক টানি নিয়ে৷ সুনীল আকাশ, শুভ্ৰ ডাৱৰৰ চপৰাৰ সৈতে মাজে মাজে বেলিটোৰ লুকাভাকু৷ বগা আৰু ধোঁৱাবৰণীয়া শিল, নীলা-সেউজীয়া পানী আৰু সেউজ বৰণীয়া উদ্ভিদৰ খেলা৷ সেইবোৰে যেন এই হেৰাই যোৱা মানুহকেইটাক অনৱৰতে মণিট'ৰিং কৰিহে আছে! আমি আগ বাঢ়ি গৈ আছোঁ৷ ঠায়ে ঠায়ে আগতেই হৈ যোৱা বৰষুণৰ পানীৰ ডোঙা৷ ঠায়ে ঠায়ে ৰাস্তাটোৱে নিজৰ কাহিল ৰূপটো প্ৰদৰ্শন কৰিছে৷  স্কৰপিঅখনৰ বহল চকাকেইটাই আগত পোৱা পানী, গাঁত আদি যিকোনো বাধা-বিঘিনি হেলাৰঙে অতিক্ৰম কৰি গৈছে৷ যৰে পৰাই পৰ্বত শিখৰ আহল-বহলকৈ দেখা পাইছোঁ, তাতে পেটেলক ব্যাঘাত জন্মাইছোঁ৷ ততালিকে তেওঁ এক্সেলাৰেটৰ এৰি দিছে, ব্ৰেকত হেঁচা মাৰিছে, গিয়েৰ সলাইছে৷

দিনৰ ১১বজাৰ অলপ পাছতে চাৰটি পালোঁ৷ ইয়াতো নদী এখন পাৰ হব লাগে৷ বেইলি ব্ৰীজ পতা আছে৷ পাৰ হোৱাৰ পিছতে ৰাস্তাটো অদৃশ্য! তেনেতে কাষতে দেখা গল, অন্য এখন লোৰ দলং৷ ভাগি পৰি আছে৷ ট্ৰাচ, প্লেট কিছুমান দমাই ৰখা হৈছে৷ আন একাংশ এতিয়াও জংঘলত৷ ব্ৰীজত পাৰি থোৱা আইৰণ শ্বিটৰ ওপৰেৰে ঘটং ঘটংকৈ আমাৰ গাড়ীখন পাৰ হল৷ সিপাৰ হৈ পেটেলে ৰখালে৷ আমাক চাই আহিবলৈ ক'লে৷ আমি নামি আহি এইপাৰৰ ভগ্নস্তুপটোৰ কাষ পালোঁহি৷ নদীৰ শক্তি, পানীৰ শক্তি প্ৰত্যক্ষ কৰি পুনৰবাৰ বিচূৰ্তি খালোঁ৷ প্লেটৰ ফুটাৰে তলেৰে বৈ থকা চাৰটিখন চালোঁ৷ গাখীৰ-বগা জলধাৰ৷ শিলত খুন্দা-খুন্দলি খাই সশব্দে নামনি অভিমুখে গৈ আছে৷ ডিজিটেল কেমেৰাটোৰ লেন্সখন ফুটাটোৱেদি সুমুৱাই দিলোঁ৷
















পৰৱৰ্তী লেখা :
চাংৱিনটি পাৰ হলোঁ

No comments:

Post a Comment