Friday, 24 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
১৩. 'সৈন্যৰ আড্ডা'ৰ পৰা চীনলৈ এভুমুকি



'সৈন্যৰ আড্ডা' অৰ্থাৎ কিবিথো৷ উত্তৰ-পূবৰ অন্তিম পূবৰ জনপদ৷ জানো যে থাকিবৰ বাবে আমাৰ দৰে মানুহৰ কাৰণে ইয়াত কোনো ঠাই নহ'ব৷ সৈনিকৰ অনুগ্ৰহ হ’লে, বিশেষ অতিথি হৈ আহিলে হয়তো তেওঁলোকৰ মেছত এটা ৰুম, এসাজ দাইল-ভাত পোৱা যাব পাৰে৷ থকা-খোৱাৰ সম্ভাৱনা হওক বা নহওক, সেয়া পিছ কথা, চৌপাশৰ দৃশ্যপটৰ সৌন্দৰ্যই কিন্তু আমাৰ দৰে প্ৰকৃতিৰ মায়াজালত নিজকে আবদ্ধ ৰাখি ভাল পোৱা ভ্ৰমণকাৰীক মোহিত কৰিছে৷ পাহৰাই দিছে তিনিচুকীয়াৰ পৰা কিবিথোলৈ কৰা কষ্টকৰ ৩২০কিল’মিটাৰ দীৰ্ঘযাত্ৰাত পূৰ্বতে কোনোবাই হিচাপ কৰি উলিওৱা প্ৰায় ২৮টা পাহাৰ, অনেক ইউ টাৰ্ণ, এছ টাৰ্ণ, ঠেক দলং, ভূমিস্খলন ইত্যাদি ইত্যাদি৷

ভাৰতৰ পূব প্ৰান্তৰ শেষ ৰাস্তাৰ মূৰটো পাবলৈ আমি উদগ্ৰীৱ হৈ আছিলোঁ, বহুদিনৰে পৰাই৷ সদ্যহতে সেইখিনি পাইছোঁহি৷ কিবিথোলৈ প্ৰায় ৫কিল’মিটাৰ বাকী আছে৷ এনে অৱস্থাতে সোঁফালে সোমাই যোৱা দেখিলোঁ ইমান দিনে আমাৰ মনত অপাৰ কৌতূহলৰ সমাৱেশ ঘটাই অহা সেই পথটো৷ দাঁতিতে হালধীয়া ৰঙৰ সেই পকী ব’ৰ্ডখন৷ আকৃতিত কাঁড়ৰ মূৰটোৰ দৰে ফলকখনত কেপিটেল লেটাৰত লিখা আছে WELCOME TO ‘THE EASTERNMOST ROAD’ OF INDIA৷ সেইছোৱাই হৈছে ভাৰতবৰ্ষৰ একেবাৰে পূব প্ৰান্তৰ পথ৷ দ্বিতীয় কোনো পথ নাই, তাৰ পৰা আগলৈ ৰাস্তা নাই৷ সিফালে ন’ মেনচ লেণ্ড৷ তাৰ সিফালে চীন৷ এই মূৰ পালেই দীৰ্ঘদিনীয়া উত্তেজনাৰ বশৱৰ্তী হৈ যেন সজোৰে চিঞৰি উঠা যায় দুটা শব্দ... মিছন একমপ্লিছড!

ব্যতিক্ৰম আমাৰো নহ’ল৷ গম পাই গ'লোঁ, স্বদেশৰ শেষ পূবকণ পাবলৈ বেছি সময় নাই তাৰ মানে! সেইদিশে সোমাই গ’লে মেছাইলৈ ১কিল’মিটাৰ৷ মেছাই ব্ৰীজ পাৰ হৈ আগলৈ দিছু৷ দিছুলৈ ১২কিল’মিটাৰ৷ তাৰ মূৰতে কাহো৷ কাহোত থকা বুধিষ্ট টেম্পলৰ পৰা চাইনিজ আৰ্মীৰ বেৰেক স্পষ্টকৈ দেখা যায় বুলি শুনি আছোঁ৷ কেইঘণ্টামানৰ পিছতে উপস্থিত হ'মগৈ তাত৷ আনহাতে দিছুৰ পৰাই ভাৰত, চীন, ম্যানমাৰ সীমান্তৰ মিলন ঘটা ট্ৰাই জংছনলৈ ট্ৰেকিং কৰিব পাৰি৷ ঘন অৰণ্য আৰু পৰ্বতৰ মাজে মাজে যাওঁতে দূৰত্ব ৬২কিল’মিটাৰ, ৬-৭দিন লাগে৷ কৌতূহলৰ পিছত কৌতূহল!৷

পেটেলৰ কথামতে এতিয়াই সেইবাটে নগৈ পোনে পোনে আমি কিবিথোৰ ফালে গ’লোঁগৈ৷ প্ৰথমে কিবিথো, আমাৰ প্ৰথম লক্ষ্য৷ আমি যাত্ৰা কৰি থকা ৰাস্তাটোৰ ঠিক তলে তলে, সোঁহাতে ৰাস্তাটোৰ সমান্তৰালভাৱেই সৰ্পাকৃতি লৈ বৈ আছে সেউজ-নীলা লোহিত৷ ওপৰত ঘন সেউজীয়া পৰ্বত৷ পৰ্বতৰ ঠায়ে ঠায়ে বৰফৰ চামনি৷ সিপাৰেও পৰ্বতমালা৷ ফাকে ফাকে গোমা আকাশখন৷ অথনি উদ্ধাৰ কাৰ্যত গাড়ীখন ঠেলা মাৰিবৰ সময়ত দেখা দিয়া বৰষুণজাক এতিয়া নাই যেনিবা৷ বতৰটো অলপমান ডঙা যেন লাগিছে৷ তাকে কেন্দ্ৰ কৰি মনত স্ফূৰ্তিও লাগিছে৷ আগলৈ গ'লত ইমান দিনে ইণ্টাৰনেটত উপলব্ধ ফটোত দেখি অহা ব’ৰ্ডাৰ ৰ’ডছ অৰ্গেনাইজেচনৰ পিলাৰটো ওলাল৷ যেন চিনাকি ছবি এখন! গুগলৰ পৰা ডাউনল'ড কৰি কিমানবাৰযে চোৱা নহৈছে! আধা কিল’মিটাৰমান থাকোঁতে ইণ্ডো-তিবেতান ব’ৰ্ডাৰ পুলিচৰ শৌৰ্য, দৃঢ়তা, কৰ্মনিষ্ঠা আৰু পৰাক্ৰমৰ প্ৰতিভূ ২৫বেটেলিয়নৰ ডি কোম্পানীৰ সেউজীয়া চাইনব'ৰ্ড এখনে আমাক স্বাগতম জনালে৷ অলপ সময়ৰ ভিতৰতে সোঁশৰীৰে 'সৈনিক আড্ডা'ৰ দুৱাৰমুখত উপস্থিত হ’লোঁ৷

Eclectic আলোচনীখনৰ সৈতে দিয়া North-East Travel Guideখনলৈ চিধাই মনত পৰিল৷ কেইমাহমানৰ আগতে এদিন নিজৰ অফিচত তাৰে এটা বিশেষ পৃষ্ঠাত টোকৰ মাৰি জ্যেষ্ঠ ভ্ৰমণসংগী অৰুণদাই কৈছিল, ‘ইয়ালৈ যাম ওলাওক, একেলগে, ভাল লাগিব৷’ Twenty roads less travelled৷ তাৰ ভিতৰৰে এইটো ৰাস্তাও এটা৷ বাছি ল’লোঁ, ওলালোঁ, আহি গ’লোঁ, পালোঁহি কিবিথো৷ কেৱল কিবিথোৱেই পোৱা নাই, পালোঁ বহুত কিবা-কিবি৷ ইমান কিবা-কিবি অইন বাটে একে থুপতে আছেনে নাই সি এটা গধুৰ প্ৰশ্ন৷ সেই প্ৰাপ্তিৰ মাজে মাজে মুহূৰ্ত বুজি নিজৰ অতীতটোকো আকৌ ঘূৰাই পাইছোঁ! আৰু এই সকলোখিনিলৈ চাই, উদ্দেশ্য আমাৰ পূৰ্ণ হৈছে বুলিয়ে ক'ব লাগিব৷

সফলতা প্ৰাপ্তিৰ আনন্দত আমাৰ মনবোৰে হালি-জালি নাচোন আৰম্ভ কৰিলে৷ ঘড়ীত দিনৰ ১.৩০ বাজিছিল তেতিয়া৷ পুৱা ৮.৩০ৰ পৰাই পাহাৰে-পাহাৰে ঘূৰাঘূৰি কৰি আছোঁ৷ পেটেলে ঠিকে-ঠাকে, কুশলতাৰে ড্ৰাইভ কৰি আনিছে৷ সাহস দিছে৷ জ্ঞান দিছে৷ পোৱাই দিছে লক্ষ্যস্থান কিবিথো৷ নিজৰ মনতে শলাগিছোঁ তেওঁৰ ড্ৰাইভিং আৰু অভিজ্ঞতাক৷ কিবিথোৰ আকাশখনলৈ চালোঁ৷ ডিঙি মেলি মেলি ওখ-চাপৰ চৌপাশলৈও দৃষ্টি নিক্ষেপ কৰিলোঁ৷

ৰাষ্ট্ৰৰ সবাতোকৈ স্পৰ্শকাতৰ বুলি অভিহিত চীন সীমান্তৰ সুৰক্ষাত এমূৰীয়াকৈ নিয়োজিত ভাৰতীয় সৈন্যৰ গুৰুত্বপূৰ্ণ এলেকা এইটো৷ আৰম্ভণিতেই শৃংখলাবদ্ধতাৰ প্ৰমাণ পাই গ'লোঁ৷ কিবিথোৰ প্ৰৱেশদ্বাৰস্বৰূপ চে'ক প’ষ্টটোতে আমি ৰৈ গ’লোঁ৷ দেখা পাই আছোঁ, সোমায়েই পথটো দুভাগ হৈছে৷ বাঁওহাতৰ ৰাস্তাটো ক’লা-বগা ডাং এডালেৰে ভেটি থৈছে৷ বুজি পালোঁ, সেই দিশে সোমোৱা নিষেধ৷ সংৰক্ষিত এলেকা৷ বোধ হয় ব্ৰিগেড হেডকোৱাৰ্টাৰ সেইপিনেই৷ সোঁপিনে ভিউ পইণ্ট, হেলিপেড, কিবিথো ভিলেজ ইত্যাদি৷ ব’ৰ্ড এখনত কাঁড় চিনসহ সেয়া লিখি থোৱা হৈছে৷ ফটো তোলা নিষেধ৷ সেয়াও স্পষ্টকৈ উল্লেখ কৰা আছে৷ নিষেধাজ্ঞাসূচক তেনেকুৱা জাননী সমস্ত ৰাস্তাটোত এয়াই প্ৰথমবাৰ দেখিলোঁ৷ দীঘলীয়া বাটটোত ক'তো কেতিয়াও তালাচী বাদেই কাৰো কোনো প্ৰশ্নৰো সন্মুখীন হোৱা নাছিলোঁ৷ কিন্তু এয়াযে কিবিথো!

ইয়াত সকলো কথা আৰু কাম ইণ্ডিয়ান আৰ্মীৰ অফিচাৰৰ মৰ্জিত চলে৷ সেইটো অৱশ্যে আমি আগতীয়াকৈয়ে আৰু ভালকৈয়ে জানো৷ আমাৰ কাৰো সৈতে সম্পৰ্ক বা চিনা-জনাও নাই৷ বেপৰুৱা ভাবত, মুক্ত মন লৈ আহিছোঁ এই অচিনাকি ঠাইলৈ৷ গাড়ীৰ পৰা নামি ৰখীয়াৰ কাষ চাপি গ'লোঁ৷ বাঁও দাঁতিতে আছিল গাৰ্ড প'ষ্টটো৷ ৰখীয়াই আমালৈ চালে৷ ক'ৰ পৰা আহিছে, কি কৰে, ক'ত যাব ইত্যাদি প্ৰশ্ন কৰিলে৷ ইনাৰলাইন পাৰ্মিট, আই. কাৰ্ড আদি খুজিলে৷ সেইবোৰ ঠিকে-ঠাকে দিয়া হ'ল৷ চিকিউৰিটি বুথটোৰ ভিতৰৰ পৰাই লেণ্ডলাইনত উচ্চপদস্থ বিষয়ালৈ ফোন লগাই কিবাকিবি পাতিলে৷ তাৰ পিছত কোনফালে যাব পাৰিব, কোনফালে যাব নালাগিব ভালকৈ বুজাই দিলে৷

চন্তৰী জোৱানৰ আজ্ঞা পাই নতুন উৎসাহেৰে গাড়ী সোঁহাতে সোমাল৷ মালভূমি যেন ঠাইডোখৰ৷ অলপমান আগলৈ সৰু ট্ৰাক এখন ৰৈ আছিল৷ ওপৰে-তলে মতাই মাইকীয়ে এজাকমান বনুৱা৷ বি.আৰ.অ’.ৰ কামত আহি দিনান্তত কেম্পলৈ ঘূৰাৰ প্ৰস্তুতি চলি চাগৈ৷ আমাৰ গাড়ীখন তাতে ৰৈ দিবলগীয়া হ’ল৷ চেণ্ট্ৰী প’ষ্টত থকা গাৰ্ডজন হুইচেল বজাই প্ৰায় দৌৰি অহাদি আগুৱাই আহিল৷ আগত ৰাস্তাটো ভাগ হৈছে৷ চিধা গৈ লেফট টার্ণ লৈ আগুৱাই গৈ থাকিবলৈ পেটেলক পুনৰবাৰ নিৰ্দেশ দিলে আৰু খৰ খোজেৰেই উভতি গ’ল৷ এনে লাগিল, কল্পনাৰ কিবিথোত এতিয়াহে যেন সোমাই পৰিলোঁ!

তেনেকৈ যাওঁতে যাওঁতে এসময়ত গাঁও এখনত নিজকে আৱিষ্কাৰ কৰিলোঁ৷ দুশাৰী পুৰণি ঘৰ৷ ৰঙা টিনপাতবোৰত মামৰে ধৰিছে৷ মাজেৰে ৰাস্তা৷ পোন কেঁচা ৰাস্তাৰ শেষমূৰটোত, পাহাৰৰ আওগৰীয়া ঢালত আই.টি.বি.পি.ৰ এটা শিৱিৰ৷ তাৰ পৰা আগলৈ যাব পৰা কোনো বাট নাই৷ কিবিথোৰ পথ ইয়াতে সমাপ্ত বুলি ধৰিব পাৰিলোঁ৷ গাড়ীৰ পৰা নামি খোজ কাঢ়ি কেম্পটোৰ গে’ট পালোঁগৈ৷ মুখতে ৰৈ থকা কৰ্তব্যৰত ৰখীয়াজনৰ সৈতে থিয়ৈ থিয়ৈ কিছুপৰ আলাপ চলিল৷ ব’মডিলাৰ অৰুণাচলী যুৱক৷ দুবছৰ হৈছে ইয়াত ডিউটি কৰা৷ আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰি থকা অৰুণাচল প্ৰদেশৰ বৃহৎ মেপখন মনতে আঁকি-বাকি ভাবিলোঁ অলপপৰ৷ ক’ত ব’মডিলা, ক’ত কিবিথো!  উভয়তে অৱশ্যে ৬২ৰ যুদ্ধখনৰ প্ৰভাৱ পৰিছিল৷ 


শুনামতে, চীনা আহি ব'মডিলা পালত নামনিৰ তেজপুৰৰ পৰাও মানুহ পলাইছিল৷ চীনৰ সেনা তেজপুৰ অভিমুখে অগ্ৰসৰ হোৱাৰ খবৰ পায়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আবাল-বৃদ্ধ-বণিতাকে ধৰি অসংখ্য মানুহ দিনে-নিশাই ফেৰী আৰু নাৱেৰে ভাগি আহি দক্ষিণ পাৰৰ ভূৰবন্ধা ঘাট পাইছিলহি৷ নিজৰ সাতাম পুৰুষীয়া বাপতিসাহোন ঘৰ-বাৰী, স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ মায়া-মোহ ত্যাগ কৰি প্ৰাণ লৈ শৰণাৰ্থীৰ ৰূপত অাঁতৰি আহিবলগীয়া হৈছিল মানুহবোৰ৷ পদুম পুখুৰীত বস্তাই বস্তাই পেলাইছিল ভাৰতীয় টকা৷ অৰুণাচলৰ পৰা অসম ৰাইফলছৰ জোৱান আৰু বিষয়াও ভাগি আহিছিল৷ ভূৰবন্ধা ঘাট হৈ পৰিছিল ট্ৰেনজিত কেম্প৷ অসংখ্য বাছ-ট্ৰাক অধিগ্ৰহণ কৰি চৰকাৰে শৰণাৰ্থীসকলক স্থানান্তৰিত কৰিবলগীয়া হৈছিল৷ আজিও কোৱা হয়, মানৰ আক্ৰমণৰ পিছত অসমীয়া মানুহৰ বাবে সেয়া আছিল দ্বিতীয়টো অথন্তৰ৷ আৰু এইফালে কিবিথো? সম্পূৰ্ণৰূপে তেতিয়া চীনা বাহিনীৰ দখলত৷ পিয়াপি দি আছিল পি.এল.এ.ৰ যোদ্ধাই৷ ৱালঙত বাজি উঠিছিল বিপদ-ঘণ্টা

আমি ৰৈ থকা সেই স্থানৰ পৰা চীন দেশৰ দিশে মূৰটো ঘূৰায়েই অদূৰত বৰফাবৃত্ত পাহাৰৰ লানি, গছ-গছনি, মালভূমিৰ বুকুত ৰঙা-বগা ৰঙেৰে ঠাহ খাই থকা দুমহলীয়া পকী বিল্ডিং কিছুমান স্পষ্টকৈ দেখা পালোঁ৷ সেউজীয়া-বগাবোৰ চীনা সৈন্যৰ বেৰেক৷ মসৃণ পথো দেখা গৈছে৷ লোহিত নৈখন জিলিকি আছে৷ খালী চকুৰে দেখি থকা ফাঁকটোৰেই নৈখন ভাৰতত প্ৰৱেশ কৰিছে৷ একেই ৰং, নীলা-সেউজীয়া৷ সোঁহাতে দূৰত লোহিতৰ সিটো পাৰে তলৰ ফালে অৱস্থিত কিবিথো চাৰ্কোলৰ অন্তৱৰ্তী, পূব ভাৰতৰ শেষৰখন গাঁও কাহো৷ কিবিথো চাই আমি কাহোলৈ যাম৷ তালৈ এই স্থানৰ পৰা দূৰত্ব আনুমানিক ২০কিল’মিটাৰৰ কম নহ’ব৷

ব্ৰিটিছে জন্ম দিয়া মেকমোহন লাইন আৰু চীনে উদ্ভাৱন কৰা লাইন অফ একচুৱেল কণ্ট্ৰল৷ এই মূৰত দুয়োডাল সীমাৰেখা একেডালেই৷ ভূতপূৰ্ব চীনা প্ৰধান চৌ এন-লায়েই এদিন ভাৰতীয় প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুক বুজাইছিল সেই কথা৷ পাহাৰৰ ওপৰৰ পৰা ব'ৰ্ডাৰৰ সিপাৰৰ চীন দেশ অভিমুখে মুকলিকৈ ভালেমান পৰ চালোঁ৷ হ'লেও, সীমান্ত চোৱাৰ ইচ্ছাটো যেন বৰ এটা পূৰ নহ’ল! আৰু যিমান পাৰি আগুৱাব পৰা হ’লে! ৰখীয়া সৈনিকৰ কথামতে খোজেৰেই তলৰ অংশলৈ নামি গৈ অঞ্চলটো পৰ্যবেক্ষণ কৰিলোঁ৷ ৰাস্তা নাই৷ বেছি দূৰলৈ যাবও নোৱাৰি৷ আমাক ঘেৰি আছে পাহাৰে৷ এসময়ত ভিউ পইণ্টটোৰ পৰা ঘূৰি আহিলোঁ আৰু গাড়ীত বহিলোঁ৷ ঠিক তেনে মুহূৰ্ততে কিবিথোৰ আকাশমণ্ডলেৰে মুকুতাসদৃশ বৰষুণৰ টোপাল কিছুমান নামি আহিল৷ ব্যাখ্যা কৰিব নোৱাৰা এটা যেন ঈশ্বৰীয় পৰিঘটনা! বহুপ্ৰত্যাশিত যাত্ৰাটো সফল হোৱা বুলি আমাৰ ভাব হ'ল৷ আমেৰিকান লেখক ক্লাউড এম. ব্ৰিষ্টলৰ ভাষাৰেও, 'আমি যি প্ৰত্যাশা কৰোঁ সেইটোহে সাধাৰণতে লাভ কৰোঁ"৷

কিবিথোত জনবসতি সেৰেঙা৷ শান্ত পৰিৱেশত স্থানীয় লোকৰ কেইটামান মাত্ৰ বাসগৃহ, কাৰ্যালয় কেইটামান, দোকান দুখনমান৷ বচ, আমাৰ দৰে সাধাৰণজনৰ বাবে কিবিথো সিমানেই৷ বাকী প্ৰকৃতিৰ মায়াজাল৷ গাঁৱৰ মাজৰ কেঁচা ৰাস্তাটোৰে আহি থাকোঁতে সেইবোৰ দেখিলোঁ৷ তাতে দোকান এখনত সোমাই দুপৰীয়াৰ আহাৰ খোৱাৰ কথা ওলাইছিল৷ পিছে খোজ-খবৰ কৰি জনা গ’ল যে ভাত নহ’ব৷ 'মেগী' বনাবলৈও সময় লাগিব৷ পোহৰ থাকোঁতেই সোনকালে কাহো পোৱাৰ উত্তেজনা আৰু হেঁপাহত চলন্ত গাড়ীৰ ভিতৰতে বিস্কুত আৰু পানীৰেই পেটৰ বিদ্ৰোহ থমোৱা হ’ল৷ আমাৰ ৫জনৰ বাদে অন্য কোনো ভ্ৰমণকাৰীও তাত দেখা নাপালোঁ৷

স্বাভাৱিকতেই কিবিথোত সেনাৰ ছাউনী আদিয়েই সৰহ৷ সেনা জোৱানৰ সংখ্যাটোৱেই বেছি৷ ভাৰত-চীন সীমান্তত ইণ্ডিয়ান আৰ্মীৰ লাষ্ট প’ষ্ট এইটো৷ ইয়াৰ পৰা সীমান্তলৈ বতাহত ৮কিল’মিটাৰ৷ গাৰ্ড প’ষ্টত ৰিপ’ৰ্ট কৰি সৈন্য কবলিত এলেকাটোৰ পৰা এটা সময়ত আমি ধীৰে ধীৰে ওলাই আহিলোঁ৷ তাৰ আগেয়ে শেষবাৰৰ বাবে পৰিপাৰ্শ্বলৈ এবাৰ দৃষ্টি নিক্ষেপ কৰিলোঁ৷ মনে মনে উচ্চাৰণ কৰিলোঁ, আকৌ কেতিয়া আহিম নাজানো৷ সুযোগ পালে আহিম কিন্তু৷ সেই অপেক্ষা আগলৈও থাকিব৷

উভতি নামনিলৈ গতি কৰি পূবৰ অন্তিম পথছোৱাৰ আৰম্ভণিৰ মূৰটোত উপস্থিত হ’লোঁহি৷ গাড়ীখন বাঁওহাতে ঘূৰিল৷ লাহে লাহে সেইফালেৰে আমি সোমাই গ’লোঁ৷ সীমান্ত অঞ্চলটোৰ ভিতৰত চীনৰ ভূভাগ সেইফালেৰেই আটাইতকৈ ওচৰত দেখা পোৱা যায়৷ নতুন কৌতূহল কিছুমানে বুকুত খুন্দিয়াবলৈ যো-জা কৰিলে৷










পৰৱৰ্তী লেখা :
১৪. পূবৰ শেষ পথটোৰে ভাৰতবৰ্ষৰ অন্তিম গাঁওখনলৈ

No comments:

Post a Comment