Sunday 31 May 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

(মোৰ এই দীঘলীয়া, ধাৰাবাহিক, সচিত্ৰ ভ্ৰমণ-লেখা 'অকব'ৰ ভ্ৰমণ ভাল পোৱা বন্ধু-বান্ধৱীসকলৰ হাতত আনন্দমনে তুলি দিলোঁ৷ প্ৰস্তুতি কালত যুগুতোৱা, পূৰ্বতে প্ৰকাশিত লেখাৰ পৰা প্ৰয়োজন অনুসৰি তথ্যাদিৰ সংযোজন ইয়াত থাকিব৷)
.................................................................



‘অৰুণাচলৰ মিঠা ৰ’দ-কাঁচলিত
নিৰল আদিম সৰু গাঁও এখনি
নাম দিলে ডং যাৰ আকাশে আজি
উঠিছে শতিকাৰ প্ৰথম বেলি...’
(গীতৰ কথা : ডাক্তৰ লোকেন্দ্ৰ ভট্টাচাৰ্য, কণ্ঠ : সন্ধ্যা মেনন, ৰচনা-কাল : ১৯৯৯চন)

এক ৷৷ ডঙলৈ এবাৰ যাব পৰা হ’লে!

সহস্ৰাব্দৰ সূৰ্যোদয়ক লৈ বিখ্যাত হৈ পৰা ডঙলৈ এবাৰ যাব পৰা হ’লে! মনে মনে এইদৰে ভাবিছিলোঁ অনেকবাৰ৷ আজিও চিন্তা কৰোঁ, ১৯৯৯-২০০০ৰ সেই বিৰল সংক্রান্তিত ডঙত ঘটা মহাজাগতিক পৰিঘটনাৰ সময়ত মই ক’ত, কিহত ব্যস্ত আছিলোঁনো? তেতিয়া এই কথাটো মূৰত কিয় খেলোৱা নাছিল? ইন্‌ফৰ্মেচন নাছিল নে কি? কিয় ১৫বছৰ লাগিল মোৰ, ডংমুখী যাত্ৰা এটা সাকাৰ কৰি তুলিবলৈ? ১৯৯৩তেইতো এবাৰ তেজু পাইছিলোঁগৈ৷ তেনেহ’লে, সময়ত সেই জাগতিক সংঘটনৰ সাক্ষী হ’ব নোৱাৰিলোঁগৈ কিয়? কি অসুবিধা আছিল? নিজকে নিজে প্ৰায়ে সোধো৷ উত্তৰ বিচাৰি নাপাওঁ৷ বিমৰ্ষ হওঁ৷ এটা যেন ডাঙৰ আফচোচ! তৎসত্ত্বেও অসন্তুষ্টি নাশ কৰিবলৈকে উক্ত স্থানত জীৱনৰ পৰৱৰ্তী সময়ত হ’লেও কেতিয়াবা এদিন ভৰি থ’বলৈ মনতে পাঙি ৰাখিছিলোঁ৷ সেয়েহে ‘লে’ক অৱ ন’ ৰিটাৰ্ণৰ পিছৰ এডভেন্সাৰ ট্ৰিপটো ক’লৈ মৰা হ’ব?’ বুলি কথা ওলাওঁতে চিধাই অৰুণদাক কৈ দিছিলোঁ, ‘ডঙলৈ যাওঁ ব’লক’ বুলি৷ ডং কি, ক’ত, কিয় বিখ্যাত মই বুজাবলগীয়া হৈছিল তেতিয়া৷ লোকালয়ৰ পৰা আঁতৰত বিৰাজমান নীৰৱতা আৰু পাহাৰ-পৰ্বত, নৈ-নিজৰাৰ যুগলবন্দীৰে কুমাৰী প্ৰকৃতিৰ মোহময়ী সৌন্দৰ্যৰ ব্যাখ্যা মোৰ মুখত শুনি তৎমুহূৰ্ততে আগ্ৰহী হৈ পৰিছিল অৰুণদা৷ কৈছিল, ‘ষ্টাডী কৰকচোন আপুনি৷ সময়-সুবিধা মিলাই ওলাম৷’ নিজেও ইণ্টাৰনে’টত খুঁচৰি চাই উৎসাহিত হৈছিল, ভাবত তন্ময় হৈছিল৷

এইখিনিতে কোৱা ভাল, অৰুণদা মানে অৰুণ টেৰণ৷ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ গধুৰ দায়িত্ববাহী হৈয়ো অফিচৰ সীমাহীন কৰ্মব্যস্ততাক চেৰাই সুযোগ পালেই যি ডুবি থাকিব খোজে কিতাপ, কবিতা, ভ্ৰমণ-লেখা, মেণ্ডলিন, মাউথ অৰ্গেন, কেমেৰা, ফটোগ্ৰাফী, চিত্ৰাংকন আদি বিষয়ত৷ মোৰ দৰেই এডভেন্সাৰ ট্ৰিপ মৰা আৰু যেতিয়াই তেতিয়াই প্ৰকৃতিৰ বুকুত মুক্ত বিচৰণ, তেওঁৰো প্ৰিয়৷ প্ৰিয় মানে খুবেই প্ৰিয়৷ বয়সৰ প্ৰভেদ থাকিলেও সেয়ে তাল-মিল আছে আমাৰ, মনে বিচৰা এনে কথা-কাণ্ডবোৰৰ অচিলাৰেই৷ চাকৰি বা ব্যৱসায়, পেছাৰ নামত যিয়েই নাথাকক, অন্ততঃ এইটো নিচাৰ ক্ষেত্ৰত আমি দুয়ো ফ্ৰি লেন্স মানুহ৷ তাৰ বাবে জীৱনৰ অন্য কিছুমান কথা-কাণ্ড ত্যাগ কৰিবলৈও সাজু৷

অগ্ৰজ ভ্ৰাতৃপ্ৰতিম অৰুণদাৰ কথামতেই ষ্টাডী কৰিছিলোঁও, পাৰ উপচি পৰা উদ্দীপনা বুকুত লৈ৷ সেই মানসিক অৱস্থাটোত প্ৰকৃততে ক্রিয়াশীল আছিল অন্তৰত স্বতঃস্ফূৰ্তভাৱে উদ্ৰেক হোৱা এটা যোগাত্মক প্ৰৱণতা৷ যাৰ পৃষ্ঠপটত উহ্য হৈ আছিল পূব অৰুণাচলৰ পাহাৰত সেউজীয়া সৰল গছ আৰু সোণোৱালী ববচা বনেৰে পৰিপূৰ্ণ ডং উপত্যকা চোৱাৰ সুতীব্ৰ হেঁপাহ৷ গতিকে একেটা বহাতে ডং সম্পৰ্কে কেইবা পৃষ্ঠাৰ নোট ৰেডী হৈ গৈছিল মোৰ৷ স্ফটিক-উজ্জ্বল, খৰস্ৰোতা, ৰূপহী লোহিতৰ ওপৰৰ হেঙিং ব্ৰীজ পাৰ হৈ ডেৰঘণ্টীয়া ট্ৰেকিং কৰি ইতিমধ্যে ডং মালভূমি পাইছিলোঁগৈয়ে, কল্পনাতে৷ স্বীকাৰ কৰোঁ, সেই অধ্যয়নত মোৰ মূল সহচৰ আছিল ইণ্টাৰনেট৷ থপিয়াই থপিয়াই য’তে যি পাওঁ পঢ়ি পেলাইছিলোঁ৷ টোকাটো সাজু কৰি অৰুণদাক জনাইছিলোঁও৷ কিন্তু নাজানো, কি কাৰণত যাত্ৰাটো বাস্তৱায়িত হৈ উঠা নাছিল তেতিয়া৷ সময় হোৱা নাছিল চাগৈ৷ নিয়তিৰ দ্বাৰা নিয়ন্ত্ৰিত সকলো কাম-কাজৰে সময় বন্ধা থাকেযে! পৰিয়ালসহ অৰুণদা ফুৰিবলৈ গুচি গৈছিল ভূটানলৈ৷ সময়ে-অসময়ে ময়ো ভ্ৰমি ফুৰিছিলোঁ দিহিঙে-দিপাঙে৷ কেতিয়াবা অকলেই ‘হিল কুইন’ত ল’ৱাৰ হাফলঙলৈ, মেলেং গ্ৰাণ্টৰ প্ৰশান্ত কুমাৰ বৰাৰ আহ্বানত সঞ্জু বৰাৰ সৈতে গিবন অভয়াৰণ্যত সোমাইছিলোঁগৈ, ৰেঞ্জাৰ বিভীষণ টকবিৰ আতিথেয়তাত গৰমপানী সংৰক্ষিত বনাঞ্চলৰ মাজৰ ফটাশিল জলপ্ৰপাত চাইছিলোঁগৈ৷ কেতিয়াবা আকৌ মেঘালয়ৰ চেৰাপুঞ্জী বা শ্বিলং-মাউলিননং পাৰ কৰি ডাউকী-তামাবিল পালোঁগৈ৷ বিনিময় প্ৰথা চোৱাৰ তাগিদাত কেতিয়াবা অকলেই আন্ধাৰে-মুন্ধাৰে জোনবিল মেলা, সুৰেন ক্রামছাৰ ঘৰৰ আগেদি খোজ কাঢ়ি কাংথিলাংছ’, ইত্যাদি ইত্যাদি৷ তাৰ মাজতো মনৰ খু-দুৱনি মাৰিবলৈ অৰুণদাৰ লগত একেলগে সোমাইছোঁগৈ বাদুলী খোৰোঙত৷ জাছিংফাত এসন্ধ্যা বহিছোঁ৷ ভৱিষ্যতৰ স্পটসমূহৰ কথা ভাবি উলিয়াইছোঁ৷ যোৱাও হৈছিল৷ কেৱল যোৱা হোৱা নাছিল ডঙলৈহে৷ দু্য়ো দুয়োকে লগ পালেই সেই বিষয়ে মুকলি আলোচনাও নোহোৱাকৈ নাছিল অৱশ্যে৷ বোধ হয় সময়টো অহা নাছিল৷ বুজি পাইছিলোঁ, নিয়তিৰ পৰিকল্পনামতে সকলো কামৰে সময় একোটা নিৰ্দিষ্ট কৰা থাকে৷ বিশ্বাস কৰিবলৈ মন যায়, ভ্ৰমণৰ ক্ষেত্ৰত জোতাযোৰেহে যাত্ৰাৰ চয়-নিচয় কৰে! ‘চৰণেহে জানে মৰণৰ ঠাই’, জোতাইহে জানে ভ্ৰমণৰ ঠাই৷

(পৰৱৰ্তী খণ্ড : দুই ৷৷ ডঙতকৈ আগলৈ যোৱাৰ সময় আহিল)



Saturday 30 May 2015

কেমেৰা



ছিক্সটি এক্স ৱাইড অপ্তিকেল জুমৰ ডিজিটেল কেমেৰাটো পাই আদীশ লৰাটো কব নোৱাৰা হৈ পৰিল৷ যেন বিৰাট ফটোগ্ৰাফাৰহে এটা! কুইক ষ্টাৰ্ট গাইড আৰু মেনুবোৰ পঢ়ি পঢ়ি কিটিপ-কাটাপ কেইটামান নিজে নিজেই আয়ত্ত কৰিছে৷ বাৰ্ড ৱাট্‌চিং মত চৰাই অনুসৰণ কৰাৰ নিচাই পাইছে তাক৷ কেমেৰা ষ্ট্ৰেপডালেৰে যন্ত্ৰটো ডিঙিত ওলোমাই লৈ দিনটোত কতবাৰ চৌহদৰ ভিতৰতে ইফালে দৌৰ, সিফালে দৌৰ৷ কিযে ব্যস্তত্য! কেপচাৰ কৰি আনিয়ে দেখুৱায়৷ ফটোগ্ৰাফী সম্বন্ধে ময়ো বিশেষ নাজানো একো৷ এনেয়ে ভাল লাগে কামটো৷ আনুষ্ঠানিক কোনো ডিগ্ৰী-ডিপ্লমা-চাৰ্টিফিকেট নাই৷ গতিকে কাচ, এপাৰেচাৰ, লেনচ, ভিউ ফাইণ্ডাৰ, জুম, অবজেক্ট, পইণ্টচ অফ ইণ্টাৰেষ্ট, বেক গ্ৰাউণ্ড, পজিচন, ৱাইড এংগল, টেলিফটো, শ্বাটাৰ স্পীড, ফ্লেশ্ব, এক্সপ'জাৰ, এইচ.ডি. আদি ফটোগ্ৰাফ্ৰিক টাৰ্মবোৰৰ সৈতে পৰিচয়ো সীমিত৷ তবু এল.চি.ডি.ত স্নেপবোৰ এটা এটাকৈ চাওঁ৷ তাৰে দুই-এটা শব্দমিহলি পজিটিভ কমেণ্ট একোটা তাৰ ফালে এৰি দিওঁ৷ হাঁহি এমোকোৰা মুখত আৰু উৎসাহ এসোপা বুকুত লৈ সি অন্য এফালে গুচি যায়গৈ, বেলেগ এটা চৰাইৰ সন্ধানত৷

কোনোবা মুহূৰ্তত সোধে, বাৰ্ড ৱাট্‌চিং আৰু বাৰ্ড ফটোগ্ৰাফীৰ বাবে কত গলে ভাল হ বুলি৷ কি উত্তৰ দিওঁ? নাজানো৷ ভাবি থাকোঁ মনে মনে৷ সদ্যহতে আমাৰ চৌহদৰ চৰাইবোৰ শীৰ্ষক বিষয় এটাতে লগাই দিছোঁ৷ চাই থাকা, তুলি থাকা৷ ঘৰচিৰিকা, শালিকা, বুলবুলি এতিয়ালৈকে পিকচাৰ ফ্ৰেমত বন্দী হোৱা চৰাই৷ তদুপৰি পাতবেং, সাপ, জিঞা, আমলখি আদি যিহকে মন যায়৷ কৈছোঁ, 'কেৱল ক্লিক্‌ কৰিলেই নহব৷ চৰাইবোৰৰ সম্বন্ধে জনাৰো আগ্ৰহ লাগিব৷' সিদিনা হেমাঞ্জলি পেহীয়েকে পেন ড্ৰাইভত অনা ফটোবোৰ লেপটপটোত লৈ খুব মনোযোগেৰে নিৰীক্ষণ কৰিছে সি৷ অভিভূত হৈ পৰিছে চৰাইৰ জগতখন দেখি৷ বিভিন্ন প্ৰজাতিৰ পক্ষী আৰু সিহঁতৰ বৰ্ণনা থকা কিতাপকেইখনমানো আনিছিল তাই৷ সিও পাত লুটিয়াবলৈ সুযোগ পালে৷ তাৰ মাজেৰে তাক জনাই দিছোঁ যে চৰাইৰ বিষয়ে জানিবলগীয়া কথা অনন্ত৷ ই নিজেই এখন বিশাল পৃথিৱী৷ গতিকে গভীৰ অধ্যয়ন লাগিব৷ থিয়ৰি আৰু প্ৰেকটিকেল উভয়ে গুৰুত্বপূৰ্ণ৷' ইতিমধ্যে সিহঁতৰ ক্লাছ নাইনৰ ছে'ল্‌ফ ফটোগ্ৰাফী প্ৰজেক্টৰ নামত সি দুঠাইলৈ গ'ল আৰু কাহানিও নোপােৱা অভিজ্ঞতাৰ লগতে আনন্দও লভিলে৷ ভাবি থৈছোঁ, আমাৰ চৌহদৰ চৰাইবোৰ শীৰ্ষক কামখিনি সম্পূৰ্ণ কৰিব পাৰিলে পৰৱৰ্তী টপিক আমাৰ ঠাইখনৰ চৰাইবোৰ৷ তাৰ পিছত ক্ৰমে আমাৰ জিলাখনৰ চৰাইবোৰ, আমাৰ ৰাজ্যখনৰ চৰাইবোৰ, আমাৰ দেশৰ চৰাইবোৰ, আমাৰ বিশ্বখনৰ চৰাইবোৰ৷ ভাবিব নোৱাৰা ধৰণে ক্ৰমাৎ বৰ্ধিত পৰিসৰৰ একো একোটা প্ৰজেক্ট৷ এটা জীৱনত কমপ্লিট কৰিব পৰাটো সম্ভৱেই নহ'ব কিজানি! 'তেনেকুৱা কাম একোটা কৰি উলিয়াব পাৰিলে কিযে মজা লাগিব তোমাৰ বয়সৰ মগজুৱে এই মুহূৰ্তত ভাবি উলিয়াব হয়তো নোৱাৰিব৷ দৰাচলতে বাৰ্ড ৱাট্‌চিং বা বাৰ্ড ফটোগ্ৰাফী একোটা আনন্দপ্ৰদায়ক হবীয়ে নহয়, বিশাল পৰিধিৰ এখন কৰ্মক্ষেত্ৰও৷ এন ইণ্টাৰেষ্টিং প্ৰচেচ অফ লাইফ-লং লাৰ্নিং৷ এই সামান্য নিকন কেমেৰাটো আৰু উৎসাহী মনটোৱেই তাৰ বাবে প্ৰাথমিক সাধন বা আধাৰ৷ এনেকৈয়ে সাধনা আগ বঢ়াই নিব লাগিব৷ সমান্তৰালভাৱে নিজৰ পঢ়াশুনাখিনিও নিয়মিত ৰূপত জাৰি ৰাখিব লাগিব৷

ল"ৰাটোৰ চকুকেইটা টেলেকা-টেলেক হৈ পৰিল আৰু তিৰবিৰাবলৈ ধৰিলে৷ মনে মনে ভাবিলোঁ, নিচাটো ভালেই হৈছে৷ ডেচট্ৰাকটিভ নহয়, কনষ্ট্ৰাকটিভ৷ বাপেকে এইটো বয়সত হাতত কেটেপা, মোনাত মাৰ্বল আৰু বাটলু-গুটি লৈ চৰাই মাৰি ফুৰিছিল৷ ই যেনিবা সেইবিধ কৰা নাই৷ ধুনীয়া ধুনীয়া চৰাইবোৰ নিধন কৰি পাপ অন্ততঃ গোটোৱা নাই ই৷

মাকে পিছে ডাবিহে দিয়ে৷ নপঢ়ি-নুশুনি কেমেৰা লৈ কত ঘূৰি ফুৰিছ, হাঁ? যা, পঢ়া টেবুলত বহ৷ ঘূৰি ফুৰিবলৈ পালে একো নালাগে? লগৰ সন্দীপন, পেং, জিৰবনহঁতক চাগৈচোন কি কৰি আছে৷ লোকে ভালদৰে পাছো কৰিব, ভাল চাকৰিও পাব৷ তোৰহে একোডাল নহব৷

ভেকাহি খাই ল'ৰাৰ সেমেনা-সেমেনি৷ মোৰ চাপ’ৰ্ট পাই সাহসেৰে ৰয় যেনিবা৷ পিছত সুযোগ বুজি ৰ'টাৰী মাল্টি চিলেক্টৰেৰে মাকৰ আগত ফটোবোৰ ৰিৱাইণ্ড কৰি কৰি মনিটৰত প্লে' বেক ইমেজ দেখুৱায়৷ তেওঁ বুজি-চুজি নাপায়৷ তেওঁক লাগে বিভিন্ন ভংগীমাত তেওঁৰ নিজৰ ফটো৷ বাকীবোৰ কিবা ফটোৱেই হ’লনে? ঘৰচিৰিকা, জিঞা, জবা, চন্দ্ৰমা, সাপ, ভেকুলী, ... সেইবোৰ ডিলিট কৰি দিবলৈ অৰ্ডাৰ৷ মাকক লাগে টেন চি.জি.পি.এ.৷ ৰাতি শুৱাৰ পৰতো ক’লে একেটাই কথা৷ ‘টেন পইণ্ট আনি দিব পাৰিলে মোক আৰু একো নালাগে৷’ এইকেইদিন ৰিজাল্টৰ বতৰ চলি আছে৷ তেওঁৰো হেনো ল’ৰাৰ কাৰণে ভাবি এতিয়াই বুকুখনত কঁপনি আৰম্ভ হৈছেই৷ প্ৰেছাৰৰ টেবলেট খাবৰ হ'ল তাৰ মানে! আজিকালি আকৌ কথা-কাণ্ড এনেকুৱাহে৷ ল’ৰা-ছোৱালীৰ পৰীক্ষা আহিল মানে মাক-বাপেকৰ প্ৰেছাৰ বাঢ়িল! মাকবোৰৰ অলপ বেছিয়ে চাগৈ!

সিমানতে ময়ো এওঁক সজোৰে ভেটা দিলোঁ... ‘ধু-উ-উ-ৰ৷ তেনেকুৱা চাৰ্টিফিকেট ঢেৰ দেখিছোঁহে’৷ ছখন টেক্সটবুক পঢ়ি নম্বৰ গোটোৱাটো এটা কথা হ’ল নেকি? এইবোৰকে তুমি জ্ঞানৰ মাপকাঠী বুলি ভাবি আছা? পৰীক্ষাৰ বহীত এগাল নম্বৰ তুলিলেই নহ’ব নহয়৷ মগজুত জ্ঞান কিমান থুপ খাইছে? সেইখিনি ভাঙি-পিটি নিজে কি গঢ়িব পাৰিছে? আগতে কোৱা হৈছিল ন’লেজ ইজ পাৱাৰ৷ এতিয়া সেই দিন গ'ল৷ এপ্লাইড ন’লেজ ইজ পাৱাৰ৷ হৌৰা, গম পাইছা? মাৰ্কছিটৰ পিছত দৌৰাটো বাদ দিয়া৷ শুৱনি মাৰ্কছিটৰ নামত ইমান কষ্ট কৰি পিছলৈ আনৰ তলত মাথা মৰা কাম নকৰিলেও হ’ব ল'ৰাই৷ হ’লেই যেনিবা তোমাৰ ল’ৰা এম.বি.এ.৷ বিদেশতেই গ’ল বাৰু৷ আনকহে ধনী কৰিবগৈ৷ আৰুনো কিডাল ফলাব? চাকৰি নাই৷ ঘোচ দি চাকৰি কিনিব লাগিব৷ কোনো দৰকাৰ নাই দেই৷ হয় ছাৰ, হয় ছাৰ কৰি জীৱনভৰ মূৰ তল কৰি থাকোঁতেই যাব৷ কিমান পুঁজি হ'লে জীৱনটো হ'বগৈ, উত্তৰেই বিচাৰি উলিয়াব নোৱাৰিব কোনোদিনে৷ ঘৰ, গাড়ী, বাৰীৰ প্ৰতিযোগিতাত ৰাইজৰ উন্নয়নৰ ধন সোঁৱে-বাঁৱে কুক্ষিগত কৰিবলৈহে জানিব৷ আৰুনো কি? তেনেকুৱা অফিচাৰ নহ'লেও হ'ব দিয়া তোমাৰ ল'ৰা৷ তাতোকৈ নিজৰ ইচ্ছাত কিবাকিবি এটা কৰিবলৈ দিয়া তাক৷ চেল্‌ফ-এম্‌প্লয়ড৷ নিজেই নিজৰ বছ৷ সৰ্বক্ষণ স্বাধীনতা আৰু জীৱনভৰ ভৰপূৰ আনন্দ অন্ততঃ থাকিব৷ লাইফ ইজ ফৰ লিভিং, ভাই৷ টেনচন কিহৰ ইমান? ৰিলেক্স৷ বান্ধোনহীন মুক্ত বিহংগৰ দৰেই হ’ব লাগিব জীৱন৷ এৰি দিয়া জীৱনক, যিফালে যায় যাওক সেইফালেই৷ টেন পইণ্ট টেন পইণ্ট মন্ত্ৰটি জপ কৰিবলৈ বাদ দিয়া দেই৷’

তেওঁ চুপচাপ থাকিল৷ পুৱা পঢ়াশুনা সমাপ্ত হোৱাৰ পিছত দেখিলোঁ, ষষ্ঠ শ্ৰেণীত পঢ়া ভনীয়েক আনিছায়ো ডিঙিত কেমেৰাটো ওলোমাই বগা পাৰ চৰাইহাল বিচাৰি গৈছে, আগফাল-পিছফাল, ইফালে এবাৰ সিফালে এবাৰ, একদম ব্যস্ত৷ সন্ধিয়া দেখিলোঁ, নিজেই শ্বুটিং ম’ডটো সলাই মুন চিলেক্ট কৰি লৈ মুকলি আকাশেৰে গৈ থকা জোনবাইক জুম ইন জুম আউট কৰাৰ চেষ্টা কৰিছে৷ চাগৈ, মাকক মই কোৱা কথাবোৰ মনে মনে শুনি আছিল তায়ো৷ স্বাধীনতা শব্দটো তাইৰো বাৰু প্ৰিয় শব্দ নেকি? ভাবিলোঁ৷

কেমেৰাই দুটাকৈ বিন্দাচ জীৱন গঢ় দিবগৈ পাৰিব নিশ্চয়৷














কুকুৰ



কথাটো উলিয়ালে বৈকুণ্ঠই৷ যেনিয়ে-তেনিয়ে কুকুৰেই কুকুৰ৷ ৰাস্তাত কুকুৰৰ সংখ্যা ইমান বাঢ়িছে! ৰাতি ট্ৰেইনত আহিলেও বৰ হাল্লা কৰে৷

চাৰিআলিৰ চুকটোতে প্ৰায়ে আমাৰ মিলন ঘটে৷ আজিও প্ৰাতঃভ্ৰমণ সমাপ্ত কৰি সেইখিনিতে ইফাল-সিফাল কৰি আছিলোঁ৷ তেনেকুৱাতে কুকুৰখুজীয়া খোজ দি বৈকুণ্ঠ ওলালহি৷ পিছে পিছে লম্বুজী৷ আচলতে দুয়ো একেলগেই আহি আছিল৷ এঘৰৰ চকোৱাৰ ওপৰেৰে ফুলকেইপাহমান ছিঙাৰ নিত্যনৈমিত্তিক তাড়নাটো এৰাব নোৱাৰি লম্বুজী পিছ পৰিল৷ বৈকুণ্ঠই সময় পাই গল মোৰ সৈতে দুআষাৰ পাতিবলৈ৷ ঘড়ীত পুৱা চাৰি বাজি পঁয়ত্ৰিশ মিনিট পাৰ হৈছে তেতিয়া৷

বৈকুণ্ঠৰ চকুলৈ চাই সমৰ্থনৰ সুৰত কলোঁ, হয় হয়; ঠিকেই৷ ময়ো অলপ আগতে হিচাপ লগাইছোঁ৷ এইফালে চাৰিটা, সেইফালে পাঁচটা; ময়ো পাইছোঁ৷ সিহঁতে আজিকালি গ্ৰুপ বান্ধি ফুৰিবলৈ লৈছেহে৷ মানুহ দেখিলেই চাপি আহে, ভুকে৷ সৌৱা চাওকচোন৷ কাষতে সৌ দুটাই কেনেকৈ লেঙেৰ-পেঙেৰখন কৰি আছে! ৰাস্তাটো সিহঁতৰ পৈত্ৰিক সম্পত্তিহে যেনিবা! আৰ্মী কেম্পৰ চুৱা-পাতনিৰ পৰাও নুগুচেই পাঁচোটামান৷ অনবৰতে পেট পেলাই বহি থাকে, ওচৰে-পাজৰে, এৰেহাৰ লোভত৷ বস্তাত ভৰাই গোটেইকেইটাকে ডিমাপুৰলৈ চালান দি দিম, গম পোৱা নাই ইহঁতে?’

তেনেকুৱাতে লম্বুজী আহিল৷ মাত লগাই থানা ৰডেদি দুয়ো অগ্ৰসৰ হল৷ এখোজ-দুখোজকৈ ময়ো ঘৰমুৱা হলোঁ৷ তেনেকুৱাতেই মনত দোলা দিলেহি পুৰণি দিনৰ স্নেপশ্বট কিছুমানে৷

গৰমেণ্ট বয়জ হাইস্কুলৰ তলৰ শ্ৰেণীত পঢ়োঁ৷ থানা ৰ’ডেদি চাইকেল মাৰি সন্দিকৈ ছাৰ, প্ৰদীপ গগৈ ছাৰৰ ঘৰলৈ যাওঁ৷ ইংৰাজী, অংক পঢ়োঁগৈ৷ থানা ৰ’ডৰ কেঁকুৰিটোতে ৰমিনহঁতৰ ঘৰ৷ ৰাস্তাৰ পৰা কিছু তললৈ অৱস্থিত ঘৰটো৷ ৰমিন, ফাটু, ৰমিলা৷ ভিক্টৰ, ভিনচেণ্ট, হেইৰিয়েট৷ ৰোডিল, বেনাৰ্ট, জনাৰ্ট, ফিঅ৷ কিমানৰযে মুখবোৰ ইখনৰ পিছত সিখনকৈ চাঁত চাঁতকৈ মনৰ পৰ্দাত নিমিষৰ ভিতৰতে চিনেমাৰ ৰীলৰ দৰে আহিল-গ’ল! কিছুমান আছে, কিছুমান এতিয়া এই দুনীয়াতে নাই৷

ডেভিলো নাই৷ ৰমিনহঁতৰ হৃষ্ট-পুষ্ট কুকুৰটোৰ নামেই ডেভিল৷ গাৰ বৰণ আছিল এঙাৰ-ক’লা৷ নামে-চেহেৰাই কিবা অদ্ভুত মিল৷ ঠাণ্ডা-গৰমৰ কথা নাই, জপনাখনৰ মুখতে পায়চাৰি কৰি থাকে সি৷ ৰাতিপুৱা, আবেলি, গধূলি৷ উঃ! কিযে এক সন্ত্ৰাস! দূৰৰ পৰা তাক দেখিয়ে বিতত হৈ পৰোঁ৷ এইডাল, ভিতৰ সোমাই গ’লেই হয়৷ নাযায়৷ ৰৈ থাকে তাতে৷ কেনেকৈ পাৰ হওঁ? দেখিলেই ভৌ-ভৌকৰে খেদা মাৰি আহে৷ বৰ ভয় লাগে৷ ঠিকছে কেইবাৰমান পেডেল মাৰি ভৰি দুখন ফ্ৰেমত তুলি দিওঁ৷ ডাউনত জোৰেৰে গৈ থাকে  চাইকেলখন৷ ভুকি ভুকি পিছে পিছে ডেভিলেও খেদি থাকে৷ বহুত দিন অস্বস্তিত ভোগালে সি৷ এদিন শুনিলোঁ, ডেভিল মৰিল৷ ‘হায় হায়’ বুলিলোঁনে ‘উঃ ৰক্ষা ভাই’ বুলিলোঁ জানো, পাহৰিলোঁ৷ বহুত বছৰেই হ'ল৷

জাতটো পাহৰিলোঁ যদিও সৰুতে আমাৰ ওচৰতে বাস কৰা সম্বন্ধীয় বৰদেউতা এজনে পোহা এটা কুকুৰ দেখিছিলোঁ৷ মস্ত কুকুৰটোক বাথৰুমত বন্দী কৰি থৈছিল৷ ঘৰৰ সদস্যৰ উপস্থিতিত খিৰিকীৰ ৰডৰ ফাঁকেৰে আমি দূৰৰ পৰাই তাক জুপি জুপি চাইছিলোঁ৷ ইমান ডাঙৰ কুকুৰ মই জীৱনত দেখা নাই৷ আমাৰ কাষৰ তুতুহঁতৰ কুকুৰজনীৰ নাম আছিল নিকি৷ তাই দীঘলীয়া, চাপৰ, মুগা বৰণীয়া আছিল৷ ৰাস্তাৰ সিপাৰে ওপৰলৈ থকা ঘৰৰ ক"লা কুকুৰজনীৰ নাম আছিল ৰকী৷ ডক্টৰ ভূপেন হাজৰিকা এবাৰ ডিফুলৈ আহোঁতে ৰকীক সন্মুখত বহুৱাই লৈ তাৰ ছবি অংকন কৰি পেলাইছিল৷ ছবিখন পিছত দৰজাত ওলোমাই থোৱা মনত পৰে৷

আৰু মনত পৰে, আমি সৰু থাকোঁতে চুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰৰ কোৱাৰ্টাৰত এটা বৰ ভয়ংকৰ কুকুৰ আছিল৷ ৰাতি এৰাল খুলি দিয়াৰ পিছত ৰাস্তাৰে আহ-যাহ কৰা কেইবাটাও মানুহক সি কুকুৰ-দাঁত বহুৱালে৷ তাৰ ভয়তে ৰাতি-বিৰাতি সেইফালে অহা-যোৱা কৰাই টান হৈ পৰিল৷ নিশা ৰে’লত অহা মানুহে সাৱধানতাবশতঃ দীঘল টাঙোন একোডাল যোগাৰ কৰি লৈ নতুবা আদবাটতে গছৰ ডাল একোটা ভাঙি লৈহে আগ বাঢ়িছিল৷ ইমানেই দুৰ্দান্ত! দুৰ্ভাগ্যবশতঃ এদিন মই সেই ভয়ংকৰ প্ৰাণীটোৰ পাল্লাত পৰিছিলোঁ৷ হাইস্কুলৰ নিম্ন শ্ৰেণীৰ ছাত্ৰাৱস্থাত সহপাঠীৰ আবাস হোৱাৰ সূত্ৰে বিভাগীয় সেই ঘৰবোৰ আমাৰ খেলাঘৰ আছিল৷ অবাধ আহ-যাহ চলিছিল৷ সিহঁতৰ ঘৰত খন্দা ট্ৰেন্সটো চাবলৈ যাওঁতে মুকলি হৈ থকা কুকুৰটোৱে মোক দেখা পালে৷ লগে লগে খেদি আহিল৷ কুকুৰটোৰ কুকীৰ্তিৰ ৰেকৰ্ড মোৰ জনা আছিল৷ গতিকে মিতিৰালি বাদ দি লগে লগে চিঞৰি-বাখৰি কুকুৰ-লৰ ধৰিলোঁ৷ দুৰ্ভাগ্যবশতঃ কেনেবাকৈ পিছল খাই ঘাঁহনিত বাগৰি পৰিলো৷ সি মোৰ কাষ পালেহি৷ ওলমি পৰা তাৰ দীঘল জিভা, জোঙা জোঙা দাঁত, ৰঙা চকু! ভয় খাইছিলোঁ যদিও কিবা প্ৰকাৰে বাগি দি আকৌ চেঁকুৰ ধৰিলোঁ৷ সিও পিছ নেৰিলে৷ কাষৰ ড্ৰাইভাৰৰ ঘৰটোত সোমাই গৈহে ৰক্ষা৷ দৃশ্যটো মনত পৰিলে এতিয়াও গাৰ নোম শিয়ঁৰি উঠে৷ কেনেকৈযে বাচিলোঁ সিদিনা!

কুকুৰৰ প্ৰতি কোনো শ্ৰদ্ধা নাই মোৰ৷ তাৰ স্পষ্ট কাৰণ আছে৷ কলেজত পঢ়ি থকাৰ দিন তেতিয়া৷ আমাৰ প্ৰতিৱেশী মীৰা বাইদেউৰ লগত ৰাস্তাৰ ওপৰতে গুৰুত্বপূৰ্ণ কথা এটা পাতি আছোঁ৷ সাঁজ লাগো লাগো৷ তেনেকুৱাতে আহক সিহঁতৰ জিমি নে তমিটো৷ কথা নাই বতৰা নাই দৌৰি আহিল আৰু বাওঁ কলাফুলটোতে চুমা এটা দিলেই নহয় খাই! তলকিবই নোৱাৰিলোঁ৷ তেজ বিৰিঙি উঠিল৷ লগে লগে হস্পিতাল৷ নাভিক কেন্দ্ৰ কৰি আঠটা ইনজেকচন চুৰু৷ চাৰি বছৰ বয়সতে বান্দৰে কামোৰাত ষোল্লটা বেজী ল’বলগীয়া হৈছিল৷ সেয়া ল'বলৈ গৈ হেনো দেদাউৰি পাৰিছিলোঁ৷ বেজী বুলিলেই সাতজাঁপ৷ কাজেই মনে মনে থাকিব নোৱাৰিলোঁ এইবাৰো৷ তাতে এতিয়া কুকুৰৰ আতংক৷ নহ’লেবা জলাতংক! কিবাকৈ ক’ৰ্চটো কমপ্লিট হ’লগৈ যেনিবা৷ বহু বছৰৰ মূৰকত এদিন খবৰ পালোঁ, তমি নে জিমিটো সিফলীয়া হ’ল৷ ভালেই পালোঁ৷ এশ গৰু মাৰিলে বাঘৰো মৰণ৷ সি বেটাই হেনো আৰু কাৰোবাক কাৰোবাক অকাৰণতে অত্যাচাৰ কৰিছিল৷ আচলতে তেতিয়াৰ পৰাই কুকুৰ জাতিটোৰ প্ৰতি ভাল ভাব কমিল৷ সেই দিন ধৰি উৰহী ভাজিখন মায়ে আজিও মোক দিওঁ-নিদিওঁকৈহে দিয়ে৷ আপুনিয়েই কওক এতিয়া, ক’ৰ পৰা শ্ৰদ্ধাডাল থাকিব?

শান্তৰ ওপৰত অত্যাচাৰ চলাই ইহঁতে৷ দুষ্টক ধৰিব নোৱাৰে৷ মছজিদৰ দানপাত্ৰ ভাঙি ধন সোপাকে লৈ যায়, মন্দিৰৰ মূৰ্তি দাঙি লৈ যায়, গেৰেজৰ পৰা গাড়ী উলিয়াই নিয়ে, ফুলনিৰ ফুল নিতৌ ছিঙি নিয়ে চোৰে৷ ইহঁতবোৰৰ খবৰেই নাই৷ দুৰ্বলীৰ ওপৰত হ’লে বৰমতা! ছাগলী, কুকুৰা পোৱালিবোৰক দৌৰাই দৌৰাই কমখন হায়ৰাণ নকৰেনে? খঙেই উঠে৷

মনত আছে, সৰুতে আমি ভাই-ভনীকেইটায়ো আনিছিলোঁ এবাৰ, ক’লা-বগা মৰমলগা কুকুৰ পোৱালি এটা৷ নোদোকা মতা কুকুৰ৷ ট্ৰেইনিঙো আৰম্ভ হৈ গৈছিল তাৰ৷ আমি গোটেইকেইটাই ৰিংমাষ্টাৰ৷ কিন্তু কি হ’ব? মাৰ যিহে চিৎকাৰ! পৰিৱেশ প্ৰদূষণকাৰী সেই চিঞৰকেইটাৰ কবলত পৰি চখটো সমূলি বিসৰ্জন দিবলৈ বাধ্য হ’লোঁ৷ জীৱনত আৰু গঢ় লৈ নুঠিল সেই চখ, সেই বিলাস৷ বিপৰীতে, কুকুৰভীতিয়েহে নিজকে কাবু কৰিলে জীৱনভৰ৷ কুকুৰ বুলিলেই ‘চাবধান’ থকা হ’লোঁ৷ কুকুৰ পোহা মানুহ বুলিলে সেইঘৰলৈ যাবলৈকে পিছ হুঁহকা হ’লোঁ৷ সোমোৱাৰ আগতেই এশবাৰ চিন্তা কৰোঁ৷ ‘ঐ তহঁতৰ কুকুৰ বান্ধ’ বুলি পোনেই কৈ দিওঁ আৰু প্ৰতিপলে সষ্টম হৈ ৰওঁ৷ কিবা যেন সহজ হ'ব নোৱাৰা হৈ পৰোঁ!

কুকুৰ থকা ঘৰলৈ পৰাপক্ষত নাযাওঁৱেই যদিও এবাৰ আমোদজনক ঘটনা এটা ঘটিল৷ এতিয়া আমোদজনক বুলিছোঁ যদিও তেতিয়া পিছে জীৱন যায় যায় ধৰণৰহে আছিল৷ বিশেষ দৰকাৰ এটাত পৰি কলিতা খুৰাৰ ঘৰ পালোঁগৈ৷ চৌহদৰ মস্ত গে’টখন খুলি সোমাই গ’লোঁ৷ এচুকৰ পৰা চিধাই ওলাই আহিল নহয় ব্লেক ড’বাৰমেন এটা৷ মোৰ হাতত খবৰ নাছিল যে তেওঁ তেনেকুৱা এটা পুহিছে৷ গে'টতো কোনাে ইণ্ডিকেচন নাই৷ নহ'লে কিছুমানৰ ঘৰত 'কুকুৰৰ পৰা সাৱধান' ধৰণৰ ফলক লাগি থকা দেখোঁ৷ ‘মা, মৰিলোঁ!’ দেখিয়ে ধাতু উৰি যোৱাৰ উপক্রম হ’ল৷ ড'বাৰমেন! এইবিধৰ বিষয়ে ভালকৈ জনা আছে মোৰ৷ খুৰাৰ তাৎক্ষণিক উপস্থিতিয়ে ভাগ্যক্ৰমে পৈত্ৰিক প্ৰাণটো বচালে৷ নহ’লে সেইদিনাই ফালিলেহয় মোৰ টেঁটেৰা দেহা৷ তেতিয়াৰ পৰা আৰু সেইফালে মুখ কৰা নাই৷ যি কথা আছে ফোনত হ’ব৷ কেৱল কলিতা খুৰাৰ ঘৰতেই নহয়, কুকুৰ থকা মানুহৰ ঘৰত আৰু যোৱাত নাই ভাই৷ মা কচম৷ কাণত ধৰিছোঁ৷

কুকুৰে-মানুহে একেলগে সনা-পিতিকা হৈ কিছুমান মানুহে কেনেকৈযে বাস কৰে, ভাবি নাপাওঁ৷ বিলাসী গাড়ীত সুন্দৰী কুকুৰণীয়ে ডিঙি উলিয়াই বতাহ খাই যোৱাও দেখিছোঁ৷ প্ৰাতঃভ্ৰমণতো প্ৰায়ে পাওঁ, এটা ল’ৰাই ডিঙিত বে’ল্ট বন্ধা দুটা কুকুৰ শিকলিৰে টানি লৈ ফুৰায়৷ হগুৱায়৷ মূতুৱায়৷ তাহাঁতৰ হোৱালৈ সি ৰৈ থাকে এপৰ ধৰি৷ কিহবাত এবাৰ পঢ়িছিলোঁ, হাতত গ্লোভছ পিন্ধি বোলে কুকুৰটোৰ পিছে পিছে ল’নত ঘূৰি ফুৰে কোনোবা এজন কুকুৰৰ মালিকে৷ কুকুৰে মল ত্যাগ কৰে৷ গৃহস্থই নিজহাতে সেয়া পেলায়! এক প্ৰভুভক্ত, এক কুকুৰভক্ত৷ আমি সৰুৰে পৰা শুনা আৰু দেখা কথাটো আকৌ আছিল যে সৰু ল’ৰা-ছোৱালীয়ে চোতালতে পায়খানা কৰে, ঘৰৰ কুকুৰটোৱে খায়৷ এতিয়া কিবা ওলোটা নিয়ম দেখোন! আনহাতে, নিজে নাখালেও কুকুৰৰ কাৰণে ডেইলী মাংস কিনা মানুহো পাইছোঁ৷ সন্তান আৰু পৰিবাৰক মাছ-মাংস নুখুৱালেও কুকুৰলৈ আনিবই৷ দেহিঐ, অমাতৰ জীৱ এটাৰ প্ৰতি ইমানযে প্ৰেম! স্বৰ্গযাত্ৰাত যুধিষ্ঠিৰৰ আগে আগে কুকুৰ এটা যোৱাৰ ছবিখনলৈকো মনত পৰে৷ সঁচা-মিছা নাজানো৷ পিছে সেইবুলিয়ে কুকুৰক ইমান আসৈ দিব নোৱাৰি দেই৷ ‘ছল পালে কুকুৰে ডিঙিলৈকে জঁপিয়ায়’ বোলা এষাৰ কথা আছে৷ কামোৰ খোৱা দিনটো, বেজীৰ খোঁচকেইটা হ’লে মোৰ মনত আছে এতিয়াও৷

আজিও, কথা নাই বতৰা নাই ক’লাকৈ লাহী কুকুৰণী এজনী আগুৱাই আহিছিল৷ ঔচ ঔচ ক’মনে ছেই ছেই ক’ম, মুহূৰ্ততে ভাবিলোঁ৷ এই মোক চেলেকাৰ মতলব কৰিছে নেকি? নে কামুৰিব? শত্ৰু বুলি ভাবিছে নেকি? নে মিত্ৰ? এইচ.এম.ভি.ৰ গৰাকী বুলিও চাগৈ ভুলতে ভাবি ল’ব পাৰে৷ একো ধৰিব নোৱাৰি৷ বিশ্বাসটো কেতিয়াবাই ভংগ হৈছে মোৰ৷ কেৱল সজ্ঞানে লক্ষ্য কৰি আছোঁ গতি-বিধি৷ বেছি তেৰি-মেৰি কৰিলেই গোৰ শোধাম, গম পাই যাব বাপ্পেকে৷ ভৰিত জোতা আছে যেতিয়া সাহস অকণমান মোৰো হৈছে৷ তাই হিংসুক হ’লে মই কি চাই থাকিম? খুন কা বদলা খুন৷ আগতে এবাৰ তেজ উলিয়াই দিলতো একো নকৰিলোঁ৷ এৰি দিলোঁ৷ এতিয়া ময়ো ডাঙৰ হৈছোঁ, বুজা হৈছোঁ৷ এনেকুৱা এটা কিক্ দিম যে নৰ্দমাত চিতভেংলা খাই পৰি থাকিবগৈ৷ তাইৰ মতি-গতি ভাল নেদেখি ফাৰ্ষ্ট ৱাৰ্নি হিচাপে ‘ঐ, যাঃ’ বুলি দম এটা দি দিলোঁ৷ মোৰ পিছে পিছে আহি আছিল মাক-জীয়েক এহাল৷ সাৱধানবাণী শুনি জীয়েকে মিহিকৈ সুৰ লগাই মাতিলে, ‘ডলী... গ’ গ’’৷ বুজিলোঁ, এইজনী ডলী৷ দেখিছোঁ ইহঁতে আজিকালি মানুহৰ নামবোৰো অধিকাৰ কৰি ল’লে! ৰামু, সম্ৰাট, পপী, ৰাণী, ডলী, আৰু কত কি! চব লৈ ল’লে! কোঁচ, কান্ধ, চোফা চেট, বিছনাটো আগতেই ল’লে৷ ইংৰাজী ভাষাটোও আয়ত্ত কৰি পেলালে!

আমি স্কুলত পঢ়ি থকা দিনত, বিশেষকৈ কুকুৰ-টেঙীয়া সংগীবোৰৰ মাজত কুকুৰক লৈ চলা গালিবোৰৰ খুব প্ৰচলন আছিল৷ খং উঠিলেই হ’ল, ‘কুকুৰ চাল্লা’, ‘কুত্তা কা বাচ্চা’; ‘চা-আ-ল-লা কুকুৰ পোৱালি’৷ কিবা জগৰ লগালেই হ’ল, ‘চিনি পোৱা নাই, ঐ কুত্তা’৷ ৰিণিকি ৰিণিকি মনত পৰাৰ ভিতৰত এনেকুৱা এষাৰো আছিল, ‘কুত্তা কা বাচ্চা, কভি নেহী আচ্ছা, জ’ হ্যায় আচ্ছা, ৱ’ ভি কুত্তা-কামিনা৷’ কিনো অৰ্থ বহন কৰিছিল নাজানো৷ প্ৰকাশ কৰা হৈছিল কিন্তু সুৰ লগাই৷ অনামী ৰচকৰ সেই সৃষ্টিবোৰৰ প্ৰচলন বা ব্যৱহাৰিকতা আজিকালি কেনেকুৱা পৰ্যায়ত আছে গম নাপাওঁ৷ আনহাতে, এবাৰ বয়সত ডাঙৰ কোনোবা এজনে তেওঁতকৈ সৰু কোনোবা এটাক বুজাই আছিল, ‘কুত্তা কা বাচ্চা’ বা ‘কুকুৰ পোৱালি’ বুলি কাকো নক’বি দেই৷ অধম আৰু নীচ অৰ্থত আমাৰ ভাষাত মানুহক ‘কুকুৰ’ বুলি গালি পৰাৰ দস্তুৰ এটা আছে হয়৷ পিছে ‘কুকুৰ পোৱালি’ বুলি ক’লে গালি পৰাজনৰ মাক-বাপেকক অট’মেটিক কুকুৰ-কুকুৰণী আখ্যায়িত কৰা হয়৷ তোক যদি ‘গাহৰি পোৱালি’ বুলি কোনোবাই কয়, তই কেনে পাবি? তোৰ মাৰ-দেউতাৰ জানো গাহৰি? হুঁ?’ সৰুটোৱে একো নামাতি তলমূৰকৈ আছিল৷

Thursday 28 May 2015

লৌহিত্যৰ হট্‌ স্প্ৰীঙত গা ধোৱাৰ মজা
(ভ্ৰমণ কাহিনীৰ এছোৱা)


চ’ত-ব’হাগৰ সন্ধিক্ষণ৷ পাহাৰীয়া ট্ৰেক অনুসৰণ কৰি ডং মালভূমিৰ পৰা নামি আছোঁ৷ দেহৰ সঞ্চালনাত পুৱাৰ ঠাণ্ডা ভাবটো তেতিয়ালৈ ভালেখিনি স্তিমিত হৈছে৷ পেটৰ ভিতৰত ভোক এটাহে চৰি আহিছে৷ ব্ৰহ্মপুৱাতে খোৱা এপিয়লা ৰঙাচাহ আৰু মেৰী বিস্কুত দুখনৰ বাহিৰে জেগাত একো এটা পৰা নাই৷ থিয় পৰ্বতৰ পাদদেশত সৌৱা ডং ভিলেজ৷ যি হয় হ’ব বুলি প্ৰথমেই পোৱা ঘৰটোতে সোমাই দিলোঁ আমি৷ বাট বিচাৰোঁতে কিছু বেলি হ’ল যদিও উলিয়াবলৈ সক্ষম হ’লোঁ৷


গৃহস্থৰ নাম টপদেন মেয়ৰ৷ পৰিবাৰ পেটমা৷ পুতলাসদৃশ, মৰমলগা সৰু সৰু সন্তান এহাল৷ পাইন কাঠৰ ঘৰটো৷ চৌহদত নানান ফুলে জকেমকাই আছে৷ কাঠৰ মজিয়াত লেপেটি কাঢ়ি বহি বিশ্ৰাম ল’লোঁ৷ কিনো ভাগ্য আছিল জানো, শুকান চিৰাকেইটামান তাতে চোবাবলৈ পালোঁ! বিহুৰ বতৰত পেটমাই আগ বঢ়োৱা সেই খাদ্য আমাৰ বাবে ভগৱানৰ আশীৰ্বাদ বুলিয়ে ধৰিলোঁ৷ বিহু (!) খাই পুনৰ ট্ৰেকিং৷ লোহিতৰ ওপৰৰ হেঙিং ব্ৰীজখনৰ সোঁমাজ পালোঁহি৷ অলপ অলপকৈ দুলি আছে সাকোঁখন৷ তাৰ ঠিক তলতে দুখন নৈৰ মিলন ঘটিছে৷ এখন ঠাণ্ডা, এখন গৰম৷ প্ৰকৃতিৰ কিযে লীলা! প্ৰথমখন খৰস্ৰোতা লোহিত, ইখন গহীন-গম্ভীৰ হট্ স্প্ৰীং৷


আজি আমি এই হট্ স্প্ৰীঙত গা ধুম৷ লোহিতৰ কম পানীৰ ধাৰ এটা বৈ আহি গৰম পানীৰ জুৰিটোৰ সৈতে অলপমান আগত মিলিছে৷ গৰম আৰু ঠাণ্ডাৰ ধাৰ দুটা য’ত লগ হৈছে তাৰ পানীখিনি কুহুমীয়া৷ সেই সংগমস্থল উদ্ঘাটন কৰি কালি আমি মহা আনন্দেৰে গা ধুইছিলোঁ, হেলমেট টপৰ পৰা নামি আহি৷ জীৱনত আগেয়ে ক’তো, কাহানিও নোপোৱা অভিজ্ঞতা এটা৷


বহু সময় জুৰি গা ধুইছিলোঁ কালি৷ সাঁতুৰিব নাজানো যদিও যথেষ্ট সাৱধানতা আছিল৷ আগতেই চাই লৈছিলোঁ, সোঁত কিমান খৰ, পানীৰ গভীৰতা কিমান, উটুৱাই নিব পাৰিব নেকি মোক, নিলে কিমান নিব, ক'লৈ নিব, কি হ’ব-নহ’ব, ইত্যাদি ইত্যাদি৷ তলিখন  সৰু সৰু গোলাকাৰ শিলগুটিৰে ভৰা৷ কালি সেই নিৰ্দিষ্ট ঠাইখিনিয়ে বাছি লৈছিলোঁ আমি৷ ইকাটি হ’লে ঠাণ্ডা, সিকাটি হ’লে গৰম৷ মাজত কুহুমীয়া৷ বেলেগ ধৰণৰ মজা এটা৷ আগতে ক’তো দেখা নাই, পোৱা নাই৷ হেঁপাই পলুৱাই কৰা জলকেলিৰ পিছত এটা সময়ত উঠি আহিছিলোঁ৷ বান্দৰে পিঠা ভগোৱাৰ অবিকল ৰূপত অনিলদাই কাগজত মেৰিয়াই ৰখা মোৰ ভাগৰ ৰাতিপুৱাৰ তিনিখন শুকান ৰুটি আৰু সামান্য আলুভাজিকে চাৰিভাগ কৰিছিল প্ৰকাণ্ড শিল এটাৰ ওপৰত বহি৷ স্ফূৰ্তি কৰি তাকে খাই লৈ গাড়ী এৰি দিছিলোঁ নামতি প্লেইনচ, কিবিথো, কাহোৰ ভাৰত-চীন সীমান্তলৈ বুলি৷ আজি এয়া আন এটা গুৰুত্বপূৰ্ণ দিন৷ ডঙৰ পোন্ধৰ বছৰ পুৰণি সপোনটো পূৰা কৰিছোঁ সেউজীয়া পাইন আৰু সোণোৱালী বননিৰ যুগলবন্দীৰ ছবি বুকুত সামৰি৷ মনটোৱে অবিৰতভাৱে নাচিব লাগিছে৷ ঘূৰি ঘূৰি ওঁঠত ভাহিছে সন্ধ্যা মেননে গোৱা গীতটোৰ সেই একেটাই কলি... 'নাম দিলে ডং যাৰ আকাশে আজি'৷


কথা আছিল যে আজি গৰম পানীত নামিম৷ ঠিকছে গা ধুম৷ এয়াই শেষ সুযোগ৷ এয়াই আজিৰ সিদ্ধান্ত৷ ইতিমধ্যে ওলোমা দলং পাৰ হৈ লোহিতৰ বুকুত সোমাই পৰিছোঁ৷ নদীপৃষ্ঠৰ বালিত নিজৰ নিজৰ খোজ ৰাখি ৰাখি, শিলাময় খণ্ডৰ কাষলৈ গৈ পায়েই দেখিলোঁ, ঠিক যেন এটা চৌবাচ্চা! শিলগুটিৰে ঘেৰা প্ৰাকৃতিক চৌবাচ্চাটো৷ কাষৰে-পাজৰে অসংখ্য বুদবুদ৷ ধোঁৱা ওলাই আছে উপৰিভাগৰ পৰা৷ গন্ধকৰ গোন্ধ এটাও উৰি আহি নাকত লাগিছেহি৷ পানী বৰ বেছি কলাফুল পৰ্যন্ত৷ সাঁতোৰৰ জ্ঞান নাথাকিলেও চিন্তা কৰিবলগীয়া একো নাই৷ শুভ্ৰ বালিত পোত খাই থকা প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ তলেৰে নিগৰি অহা কিছুমান জলধাৰা৷ নামনিৰ দিশে বৈ গৈছে৷ কিছু আগত লোহিতৰ সোঁতত বিলীন হৈছে৷ গা ধুবৰ বাবে বৰ সুবিধাজনক ঠাই৷ স্থানীয় মেয়ৰ, মিছিমি আবাসীসকলে এই ব্যৱস্থাৰেই স্নান কাৰ্য কৰে৷ ঠাণ্ডা ঠাই, প্ৰকৃতিয়ে প্ৰসন্নচিত্তে দান দিয়া গৰম পানী! ইয়াতকৈ আৰু লাগিছে কি?


ট্ৰেকিং ড্ৰেছযোৰ সোলোকাই শিলৰ ওপৰত থ’লোঁ৷ কান্ধত অনৱৰতে কঢ়িয়াই লৈ ফুৰা আংগামী মোনাটোত ভৰাই নিয়া হাফপেণ্টটো পিন্ধি লৈ লাহেকৈ চৌবাচ্চাটোত নামি দিলোঁ৷ সঞ্জু, অৰুণদা, পেটেলে ইতিমধ্যে অৱস্থান কৰিছেই৷ আঃ! গৰম৷ পানীৰ উষ্ণতাই কিছু সময়লৈ দেহত পোৰণি তুলি থাকিল৷ হট ৱাটাৰ থেৰাপী! লাহে লাহে সহ্য কৰিব পৰা হ’লোঁহি৷ ইলুটি-সিলুটিকৈ বহু পৰ জলক্রীড়া চলিল৷ ঘুলিত লেটি লৈ থকা ম’হৰ দৰে পৰি থাকিলোঁ, আমি গোনা-মতাকেইটা৷ তলমুৱাকৈ, ওপৰমুৱাকৈ, সোঁকাটিহৈ, বাওঁকাটিহৈ, পদ্মাসনত বহি, ভিন্ন ভিন্ন পজিচনত৷ উৱা! চাবোন মৰাৰো কোনো দৰকাৰ নাইচোন৷ গাৰ ছাল আপোনা-আপুনি চিকচিকীয়া হৈ পৰিছে, জেউতি ওলাইছে দেহৰ পৰা৷ বুজি পালোঁ, অলপ আগতে দেখি অহা মিছিমি-মেয়ৰ ছোৱালীবোৰৰ মূৰৰ চুলি, গাৰ ছাল কিয় ইমান উজ্জ্বল৷


মুকলিত গা ধুই আগৰে পৰাই ভাল পাওঁ৷ যিমান টাইলচ-গিজাৰ-শ্বাৱাৰ ফিটিং নাথাকক, বাথৰুম নামৰ বন্ধ কোঠাটোৰ ভিতৰত কিহবাই হেঁচা মাৰি ৰখা যেনহে লাগে মোৰ৷ বিপৰীতে, এয়া চৌপাশে নয়নাভিৰাম প্ৰাকৃতিক শোভা৷ মুক্ত প্ৰকৃতি, মুক্ত মন৷ ভাৰতৰ পূব মূৰৰ উল্লেখযোগ্য নৈ লোহিতৰ বুকুত আমি৷ প্ৰকৃতিপ্ৰদত্ত বাথটাব এটাত সোমাই আছোঁ অথনিৰে পৰা৷ না ম’বাইল ফোন বাজিব, না কাৰোবাৰ চামন আহিব৷ কোনো যান্ত্ৰিকতা নাই৷ কোনো টেনচন্ নাই৷


উঠি আহিবৰ মন নাছিলেই বুইছেনে? ডঙৰ স্বৰ্গীয় নৈসৰ্গিকতাই মন-প্ৰাণ ভাবিব নোৱাৰা ৰূপত উদ্বেলিত কৰি ৰখাৰ পিছত অনুভৱ হৈছিল, সেউজীয়া লোহিতৰ বুকুতে এয়া যেন আটাইতকৈ সুখৰ ঠাই৷


সুখৰ ভাগ আপুনিও লওক৷ এতিয়াই কৈ থওঁ, কেতিয়াবা সেই স্পটলৈ গ’লে হাতত আপুনি অপৰ্যাপ্ত সময় লৈ যায় যেন৷ খৰ-ধৰ নকৰিব৷ খৰ-ধৰত সুখ নাই৷



Wednesday 27 May 2015

ফুল চোৰ মানুহবোৰ


'ঠোঙাত কি আনিছে?'
'ফুল৷'
'সদায় সদায় ফুলবোৰ ছিঙেযে আপুনি?'
'পূজা কৰিবলৈ লাগে৷'

আনৰ ফুলেৰে নিজলৈ পূজা!

সেয়া মালা৷ সকলোৱে পেহী বুলিয়ে মাতে তেওঁক৷ খুব ৰাতিপুৱাই ওলায়৷ চুটি-চাপৰ, অবিবাহিতা মানুহজনী৷ শাৰী পিন্ধিয়ে ৰাস্তাত মাজে মাজে দৌৰো মাৰে৷ নিঃসংকোচে গে'ট খুলি আৰ-তাৰ ঘৰত সোমায়৷ ফুলনিত ফুলি থকা ফুলবোৰ ছিঙি ঠোঙাত ভৰায়৷ গৃহস্থলৈ কেৰেপ নাই৷ সকলোৱেই চিনি পায়েই আৰু তেওঁক৷ চাৰিআলিত দুখনকৈ দোকান চলায়৷ বাঙালী মানুহ৷ বাৰ মাহত তেৰটা পূজা থাকেই৷ গতিকে ফুলো লাগেই৷

সেয়া গ'ল মালা পেহী৷ তাৰ পিছত আহক লম্বুজী৷ ৰ'ড কেৰিয়াৰৰ একছত্ৰী ব্যৱসায়ী৷ নামটোৱেই কয় যে ওখ মাৰোৱাৰী লোক৷ জপং জপং খোজ৷ খোজৰ তালে তালে কেইজোপামান নিৰ্দিষ্ট ফুলগছলৈ চকু৷ প্ৰায় দৌৰি যোৱাৰ দৰে নিজকে সেইদিশে এৰি দিয়ে৷ ফুলবোৰ ছিঙেগৈ৷ সম্ভ্ৰান্ত চোৰ৷ পেহীয়ে ঢুকি নোপোৱাবোৰ তেওঁৰ৷ গণেশজী, হনুমানজীৰ ৰেগুলাৰ পূজা-অৰ্চনা চলে৷

আৰু দুগৰাকী মহিলা আহে৷ তাৰে এগৰাকীৰ হাতত প্লাষ্টিকৰ ঠোঙা এটা থাকে৷ দেখনত নেপালী যেনেই লাগিছিল তেওঁক৷ ৰঙা-বগা শাঁখা-বালাৰ পৰা আজিহে মাত্ৰ নিশ্চিত হ'লোঁ যে নহয়, তেওঁ বাঙালীহে৷ বাটে-বাটে সুবিধা বুজি তেৱোঁ ফুলত হাত দিয়ে৷ ডিভাইদাৰৰ মাজৰ ফুলকেইপাহো পৰশৰ পৰা বাদ নপৰে৷ তাৰ মানে পূজা এখন তেওঁৰো আছে৷

অগা-পিছাকৈ আৰু এজন আহে৷ শুভ্ৰ ধুতি-কুৰ্তা পৰিহিত, এইজনৰ কামেই যেন ফুল ছিঙা৷ হাতত এখন মোনা৷ আনখন হাতত এডাল ডাঁৰিকী৷ ম'বাইলত অহৰহ ভগৱানৰ গান বাজি থাকে৷ পূজাৰী যেনেই লাগে বিহাৰী মানুহজনক৷ আৰ্মী কেম্পৰ জবাজোপাৰ মালিক যেনিবা তেওঁহে! হাকুটিয়াই হাকুটিয়াই এফালৰ পৰা লঠঙা কৰে৷ তাৰ পিছত বেলেগ পইণ্টলৈ যায়গৈ৷

প্ৰত্যুষতে প্ৰতিদিনে ফুল ছিঙি অহা দেখিছোঁ এইসকলক৷ নিজৰ ঘৰত ফুলগছ তাৰমানে এডালো নাই৷ ৰুই ল'ব কিয় নোৱাৰে, নাজানো৷ ফুল হ'লে লাগিবই৷ ঈশ্বৰৰ আৰাধনা, সন্তুষ্টিৰ কথা আছে৷ সেয়েহে গৰাকীয়ে নৌ গম পাওঁতেই পুৱাই পুৱাই চুৰি কাৰবাৰ৷ অতদিনে চুৰি ফুলকেই যাচি আহিছে আৰাধ্যসকললৈ! প্ৰাৰ্থনা-ভিক্ষা মাগি আহিছে সমস্ত জগত নিজৰ হ'বলৈ!


প্ৰকৃতিৰ বুকুত ভৰাফুলেৰে জাতিষ্কাৰ হৈ থকা গছ-বিৰিখৰ অকৃত্ৰিম ৰূপ-মাধুৰী উপভোগ কৰি ভাল পোৱা আপোনাৰ-মোৰ প্ৰতিটো প্ৰভাতৰ মানসিক-আত্মিক তৃপ্তিকণ খুদ নিজৰ চৌহদৰ পৰাই নিয়মিতভাৱে কাঢ়ি নি আছে এনেকুৱা ভগৱন্তপ্ৰেমী চোৰবোৰে৷ এইটো কেনে কথা? কি শাস্তি দিয়া যায় এইজাতৰ চোৰক? উপহাৰ দিম বুলি মনতে ভাবনা কৰি আছোঁ, ফুল গছৰ পুলি একোটাকৈ৷ নিজৰ ঘৰত ৰুই লওক৷ তাৰ পিছত কিমান পূজা কৰে কৰিব৷ আপত্তি নাই৷ নিজলৈ কিমান খোজে খুজি থাকিব৷ ক'বলৈ নাই৷
সাহিত্য, ই-সাহিত্য কৰিবলৈ 
কাৰেণ্ট লাগে


আজিকালি সাহিত্য কৰিবলৈ কাৰেণ্ট লাগে৷ কথাটো হয় হয় লাগিছে মোৰ৷ আপুনিবা কি কয়, নাজানো৷

ইফালে আকৌ কাৰেণ্টৰ দুৰৱস্থা৷ জলা-কলা খুৱাইছে দিনে-নিশাই৷ থাকেনো কিমান? নথকাই হৈ পৰিছে দেখোন! অতএব সাহিত্য, ই-সাহিত্য নৰবগৈ যেনেই ভাব হয় কেতিয়াবা৷ অন্য কাৰণত নহয়, কাৰেণ্ট মানে ইলেকট্ৰিচিটিৰ অভাৱত৷ সাহিত্য কৰিবলৈ আজিকালি কাৰেণ্ট লাগে৷

চাওঁ বুলি যাওঁতে সিদিনা দেখিলোঁ, ২,০০০মেগাৱাট বিদ্যুৎশক্তি উৎপাদনৰ প্ৰতিশ্ৰুতিবদ্ধ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পথলী তেনেই এৰাবাৰী৷ এন.এইচ.পি.চি. নাই, আছে চি.আই.এছ.এফ., জলবোমাৰ ৰখীয়া হৈ৷ নাপাওঁ আমি বিদ্যুৎ৷ তাকে গুণি বিমৰ্ষমনে গুচি আহিলোঁ৷ ভংগুৰ ভূতাত্ত্বিক গঠন আৰু সংবেদনশীল ভূকম্পনিক অৱস্থাৰ প্ৰেক্ষাপটত বান্ধটোৰ নক্সা পৰিৱৰ্তন নকৰাকৈ এই প্ৰকল্প অসম্ভৱ বুলি কাৰিকৰী বিশেষজ্ঞ সমিতিয়ে সুস্থিৰ মত জনাই দিছে৷ বান্ধৰ পুনৰ্নিৰ্মাণৰ চিন্তা এতিয়াও হৈ উঠা নাই৷ আগতে বুজাবুজি৷ তাৰেই যেন অভাৱ ঘটিছে কৰবাত৷ সোৱণশিৰিয়ে কেতিয়া লাইট জ্বলাব, জ্বলাবনে নজ্বলাব কব নোৱাৰিলোঁ৷

তাৰ পিছত সিদিনা কাকতত পঢ়িলোঁ, কেন্দ্ৰীয় চৰকাৰৰ বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাত দিবাং নৈৰ ওপৰত ২,৮৮০মেগাৱাট শক্তিসম্পন্ন বৃহৎ হাইড্ৰইলেকট্ৰিক প্ৰজেক্ট নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পৰিৱেশ সংক্রান্তীয় অনুমতি প্ৰদান কৰিছে৷ ১৯মেত তাৰে পত্ৰ এন.এইচ.পি.চি. কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে৷ উক্ত অনুমোদনক লৈ সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্রিয়া প্ৰকাশ কৰিছে৷ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গৰজি উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু গণ মুক্তি সংগ্ৰাম, অসম৷ আন আন সংগঠনেও কৰ পানী কলৈ যায় মন কৰি আছে৷ কেন্দ্ৰীয় চৰকাৰ, এন.এইচ.পি.চি.ৰ বিশেষজ্ঞ, আছু, যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তিকে ধৰি ২৬টা জনগোষ্ঠীয় সংগঠনৰ মাজত যোৱা বছৰৰ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ত্ৰিপাক্ষিক বৈঠক৷ তাত যি সিদ্ধান্ত সৰ্বসন্মতিক্রমে গৃহীত হৈছিল, সেই সিদ্ধান্ত নস্যাৎ কৰা হৈছে৷ তাৰ পৰিণতিতে খৰ্ড়্গহস্ত হৈ যিকোনো মূল্যৰ বিনিময়ত বন্ধ কৰা হব দিবাং বৃহৎ বান্ধ বুলি তৃতীয় পক্ষটোৰ সংগঠনসমূহে হুংকাৰ শুনাইছে৷ বান্ধৰ সম্পূৰ্ণ নিৰাপত্তাৰ লগতে প্ৰকল্পৰ নামনি অংশত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে যথোপযুক্ত অধ্যয়ন, উচিত পদক্ষেপ, উচ্চপ্ৰযুক্তিলব্ধ আশ্বাস অবিহনে প্ৰকল্প সজা নহব৷ পৰিৱেশ অনুমতি বাতিল নকৰিলে দিবাং জলবিদ্যুৎ প্ৰকল্পৰ বাবে নিব খোজা সকলো নিৰ্মাণ সামগ্ৰী, যানবাহন, নিৰ্মাণকাৰী অভিযন্তা-বিষয়াৰ বিৰুদ্ধে প্ৰতিৰোধ আন্দোলন গঢ়ি তোলা হব৷ মানুহৰ জান-মালৰ অহেতুক ক্ষয়-ক্ষতিৰ লগতে পৈতৃক আৱাসস্থল, কৃষিভূমি ধুই নিবলৈ দিয়াৰ পক্ষে কোনো ধৰণৰ যুক্তি, সমৰ্থন থাকিব নোৱাৰে৷ আনহাতে এইটোও দিনৰ পোহৰৰ দৰেই ফটফটীয়া কথা যে প্ৰকল্প নহলে বিদ্যুৎ শক্তিও পোৱা নাযাব৷ কাৰণ বিদ্যুৎ শক্তি মাটি খান্দিলে নোলায়৷ কিবা প্ৰকাৰে তাক জেনেৰেট কৰিব লাগিব৷ হয়তো বিকল্পৰ কথা ভাবিব লাগিব৷ প্ৰকৃতিৰ দান বোঁৱতী নদীক ভেটা দি চকৰি ঘূৰাই বিদ্যুৎ উৎপাদন কৰাটো এটা মিতব্যয়ী কাৰবাৰ৷ কিন্তু তাকে কৰিবলৈ গৈ হানি হোৱাটো গ্ৰহণযোগ্য নহয়৷

বিপৰীত ফালৰ ছবিখনো খুবেই চিন্তনীয়৷ বিদ্যুৎ যোগানত হীনডেঢ়ি অথচ বিদ্যুতৰ মাচুল বৃদ্ধি! ইয়েই সম্প্ৰতি আমাৰ ৰাজ্যৰ সৰ্বসাধাৰণৰ কমৰত শোধাইছে মাধমাৰ৷ অসমৰ শক্তি বিভাগে নিজাববীয়াকৈ বিদ্যুৎ উৎপাদনত প্ৰয়োজনীয় গুৰুত্ব ঠিকমতে দিয়া নাই৷ কাৰবি আংলঙৰ ভেলৌঘাট, লংলিত আদিত নিৰ্মাণ কৰিবলৈ লোৱা ক্ষুদ্ৰ প্ৰকল্পৰ বিফল অতীতৰ ছবি মনলৈ আহিছে৷ সেইবোৰ হৈ নুঠাৰ ফলত আজি আমি দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷ প্ৰসংগক্রমে, বিদ্যুতৰ মাচুল তিনিগুণ পৰ্যন্ত বৃদ্ধি পাইছে বুলি কথা উঠিছে৷ বিদ্যুৎ সেৱাৰ লগতে ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰো দিনক-দিনে অস্বাভাৱিকভাৱে লোকচানৰ পৰিমাণ বাঢ়ি গৈছে৷ বিদ্যুৎ সেৱাৰ সামগ্ৰিক উন্নয়নৰ বাবে বিকল্প নীতি গ্ৰহণ নকৰাৰ কুফল ভোগ কৰিবলগীয়া হৈছে গ্ৰাহক ৰাইজে৷ বিদ্যুৎ গ্ৰাহক মঞ্চৰ পৰাই এনে অভিযোগ উত্থাপিত হৈছে৷

পঢ়িবলৈ পোৱা মতে, অসমত চলি থকা বিদ্যুতৰ ঘোৰ সংকট মোচনৰ অৰ্থে অসম বিদ্যুৎ নিয়ামক আয়োগ অনুমোদিত পৰিকল্পনা অনুসৰি বিদ্যুৎ বিতৰণ কোম্পানীয়ে বিদ্যুৎ যোগান ধৰাত ব্যৰ্থতা দেখুৱাইছে৷ মুঠ শক্তিৰ গড় হিচাপে ৩০শতাংশ বিদ্যুৎ যোগান ধৰে ৰাজ্য চৰকাৰৰ উৎপাদন কোম্পানী অসম শক্তি উৎপাদন নিগম লিমিটেডে৷ বাকী ৭০শতাংশ বিদ্যুৎ কেন্দ্ৰীয় কোম্পানীৰ পৰা বা মুকলি বজাৰৰ পৰা ক্রয় কৰিবলগীয়া হয়৷ কথা হল, বিতৰক কোম্পানী অসম শক্তি বিতৰণ নিগম লিমিটেডে কেৱল ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠান এ.পি.জি.চি.এলৰ পৰা বাকী অংশ ক্রয় কৰিব পাৰে৷ আন কোম্পানীৰ পৰাও আগতীয়াকৈ নগদ ধন দি শক্তি ক্রয় কৰিব লাগে৷ কিন্তু বছৰ বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ অহা এ.পি.ডি.চি.এল.এ আগতীয়াকৈ উচ্চ হাৰত ধন দি প্ৰয়োজনীয় বিদ্যুৎ ক্রয় কৰিব নোৱাৰা হেতুকেই ৰাজ্যত অভাবনীয়ভাৱে বৃদ্ধি পাব ধৰিছে লোড শ্বেডিং৷ পৰিসংখ্যানুযায়ী ৰাজ্যখনত ৩৩০লাখ বিদ্যুৎ গ্ৰাহক আছে৷ ইয়াৰে ৪শতাংশৰে বিদ্যুৎ বিলৰ ধন পোৱা নাযায়৷ আনহাতে প্ৰতি ইউনিট বিদ্যুতৰ বাবে গ্ৰাহকৰ পৰা যি মাচুল আদায় কৰা হয় তাৰ পৰাই বিতৰক কোম্পানীয়ে বিদ্যুৎ ক্রয়ৰ খৰছ, পৰিবহণৰ খৰছ বহন কৰিব লাগে৷ ৰাজ্য চৰকাৰৰ বিজুলী পৰিবহণকাৰী সংস্থা আছাম ইলেকট্ৰিচিটি গ্ৰীড কোম্পানীয়ে বিদ্যুৎ পৰিবহণত কেন্দ্ৰীয় পৰিবহণ কোম্পানী পি.জি.চি.আই.এল.কো অংশ দিব লাগে৷ তদুপৰি বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত শ্ৰমিক-কৰ্মচাৰীৰ সমস্ত দায়িত্ব পৰিবহণ কোম্পানীয়ে বহন কৰিব লাগে৷ ফলত আহৰণ কৰা ৰাজহৰ এটা বৃহৎ অংশ কৰ্মচাৰীৰ শিতানত ব্যয় হয়৷ পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ সমস্ত দায়িত্ব বিদ্যুৎ আইন ২০০৩ অনুসৰি চৰকাৰে পৃথককৈ বহন কৰা উচিত৷ গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা বিদ্যুৎ মাচুলৰ পৰা এনে শিতানলৈ ধন নিৰ্গমন কৰাটো অন্যায়৷ ইফালে, ৰাজ্যত বিদ্যুৎ সংকট দূৰ কৰাৰ বাবে ২০১৩-১৪ আৰু ২০১৪-১৫ বিত্তীয় বৰ্ষত নামৰূপ আৰু লাকুৱা তাপবিদ্যুৎ শক্তি প্ৰকল্প দুটাৰ পৰা ২,২০০মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদনৰ লক্ষ্য স্থিৰ কৰি ধন অনুমোদন কৰাৰ পিছতো কাম হোৱা নাই৷ সুবিধাবাদী কোনো চক্রই ৰাজ্যৰ শক্তি প্ৰকল্পসমূহক পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ কৰাৰ ষড়যন্ত্ৰও নুই কৰিব নোৱাৰি৷ এনে প্ৰেক্ষাপটত ৰাজ্যৰ বিদ্যুৎ খণ্ডত প্ৰচলিত বিদ্যুৎ নীতিৰ সংশোধন আৰু বিদ্যুৎ সেৱাত দেখা দিয়া আসোঁৱাহ তথা দুৰ্নীতি দূৰ কৰি এক বাস্তৱসন্মত বিকল্প নীতি গ্ৰহণ কৰা উচিত বুলি কাকতে-পত্ৰই পঢ়ি পতিয়ন গৈছোঁ৷

বাতৰি কাকতৰ জৰিয়তেই সকলোৱে গম পাইছোঁ যে অভাৱনীয় বিদ্যুৎ কৰ্তনে জুৰুলা কৰি তুলিছে ৰাজ্যবাসীক৷ দিনটোৰ অধিকাংশ সময়ে বিদ্যুৎ নাইকিয়া হোৱাৰ ফলত তীব্ৰ সংকট সন্মুখলৈ আহিছে৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ নথকাটো এতিয়া এই মুলুকত এটা অত্যন্ত স্বাভাৱিক ঘটনা৷ আমাৰ অঞ্চলৰ অৱস্থাও তথৈবচ৷ অঞ্চলবিশেষে বিদ্যুৎ কৰ্তন ১২-১৩ঘণ্টা পৰ্যন্ত চলিছে হেনো৷ ভিতৰুৱা অঞ্চলবোৰত ২-৩দিনলৈও বোলে কাৰেণ্ট নাথাকে৷ বিগত সপ্তাহটোত এইটো অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ গধূলিৰ পিছত অন্ধকাৰত সময় অতিবাহিত কৰিবলগীয়া হৈছে মানুহে৷ মৰিশালীলৈ ৰূপান্তৰিত হৈছে ঠাইবোৰ৷ জীৱন যেন শূন্য হৈ পৰিছে! আধুনিক জীৱন-যাত্ৰাত তাতোকৈ শোক লগা কথা কিবা থাকিলজানো আৰু? চাহিদা অনুপাতে যোগান স্বাভাৱিক নোহোৱাৰ কাৰণেই এই অথন্তৰ ঘটিছে বুলি সাধাৰণ মগজুৱে চিন্তা কৰি পাইছে৷

সিফালে বোলে নলবাৰীত অনিয়মীয়া বিদ্যুৎ যোগান, প্ৰতিবাদ, স্মাৰক-পত্ৰ৷ এইফালে বোলে ডবকাত শূন্যঘণ্টীয়া বিদ্যুৎ সেৱা, প্ৰতিবাদত কাৰ্যালয় ঘেৰাও, ঘাইপথ অৱৰোধ৷ সেইবোৰ নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ এই অৱস্থাৰ পৰিৱৰ্তন অসম্ভৱ বুলি বিভাগীয় অধিকাৰীয়েও আগে-ভাগে খোলামুখে জনাই দিছে৷ তাৰ মানে সমাধান সুদূৰ পৰাহত৷ সমস্যা বৃদ্ধি হৈয়ে আছে৷ কাবু হোৱা নাই৷ আকৌ বোলে দীৰ্ঘদিন ধৰি চলি অহা বিদ্যুতৰ সংকটে পাঠশালা নগৰবাসীলৈ নানা সমস্যাৰ সৃষ্টি কৰি আহিছে৷ কম ভল্টেজৰ বাবে ব্যৱসায়ীসকলে বাণিজ্যত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে৷ গৰমৰ সময়ত বৈদ্যুতিক পাংখা, এ.চি. মটৰ, কম্পিউটাৰ, ফটোষ্টেট মেচিন আদি চলাব নোৱাৰা অৱস্থা৷ বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ উপক্রম হৈছে৷ মঙলদৈৰ আইনজীৱীয়েও বোলে বিদ্যুৎ নিৰিখ বৃদ্ধিৰ প্ৰতিবাদ কৰিছে৷ গ্ৰাহকৰ উদাসীনতাৰ সুযোগ লৈ গ্ৰাহকৰ ওপৰত মাধমাৰ শোধাই বিদ্যুৎ কোম্পানীসমূহে মাচুল বৃদ্ধিৰ বাবে আগ বঢ়োৱা প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰা হৈছে৷ কোৱা হৈছে যে মাচুল বৃদ্ধি আইন ২০০৩ৰ ধাৰা অনুসৰি এয়া হোৱা নাই৷ মাচুল বৃদ্ধিৰ প্ৰস্তাৱৰ জৰিয়তে ৰাষ্ট্ৰীয় বিদ্যুৎ নীতি আৰু মাচুল নীতিত উল্লেখিত নীতিসমূহক উলংঘা কৰা হৈছে৷ বিদ্যুৎ কৰ্মচাৰীৰ দৰমহা, কাৰ্যালয় আৰু সাধাৰণ ব্যয়ৰ শিতানত ধাৰ্য কৰা ধন অযুক্তিপূৰ্ণ আৰু নতুন নিৰিখ ধাৰ্য কৰাৰ সময়ত সেই বৰ্ধিত ব্যয় গণ্য কৰাটো উচিত হোৱা নাই বুলিও অভিযোগ উঠিছে৷ নিউজ পে’পাৰৰ পৃষ্ঠাই আমাক এইবোৰ খবৰৰ যোগান নিতৌ ধৰি গৈছে৷ গতিকে ছালে-বেৰে কোবোৱা কথা কিছুমান কৈ বিভাগ বা ৰাজনীতিকে ৰাইজক ঠগিবলৈ চেষ্টা নকৰাই ভাল৷ বিদ্যুতৰ উৎপাদন নাই, শক্তিৰ যোগান নাই, বিল আহি আছে, নিৰিখ বাঢ়ি গৈ আছে৷ কিছুমান নিমিলা অংক৷

কোৱা হয়, সাহিত্য মানৱ মনৰ দাপোণ৷ ভাষাচিহ্নৰ সহায়ত প্ৰকাশিত উপলব্ধিয়ে সাহিত্য৷ সেই ভাষাচিহ্ন এতিয়া আধুনিক যুগত ঘৰে ঘৰে লেপটপ, ডেস্কটপ কম্পিউটাৰত আবদ্ধ৷ তাতেই হৈ যায় সাহিত্য, ই-সাহিত্যৰ সৃষ্টি৷ ইফালে প্ৰতিটো কম্পিউটাৰ চলিবৰ বাবে বিদ্যুৎ শক্তিৰ প্ৰৱাহ জৰুৰী৷ অন্যথা অচল, সাহিত্যহীন যন্ত্ৰ একোটা৷ লাইট নাথাকিলে, ফেন নাথাকিলে, কম্পিউটাৰ নচলিলে, কেনেকৈ হয় বাৰু সাহিত্য, ই-সাহিত্য?

সাহিত্যহীন সমাজ পংগু আৰু বৰ্বৰ৷ সাহিত্যৰ দীপ্তিময় পোহৰে সমাজক অজ্ঞানতাৰ কলীয়া আন্ধাৰৰ পৰা জ্ঞানময় আলোক-ৰাজ্যত উপনীত কৰোৱায়৷ সাহিত্যৰ আঁচলত ধৰি আগ বাঢ়ে জাতি৷ সাহিত্য জাতিৰ জীৱনী-শক্তি৷ সাহিত্য জাতীয় জীৱনৰ প্ৰতিকৃতি যাৰ মাজেদি জাতিৰ সভ্যতাৰ পৰম্পৰা প্ৰতিভাত হয়৷ জাতীয় সম্পদৰ ভিতৰত সাহিত্যই শ্ৰেষ্ঠ সম্পদ৷ সাহিত্যই জাতীয়ত্বৰ আচল চিনাকি৷ সাহিত্য বিনে জাতিৰ অস্তিত্ব টিকিবৰ সম্ভাৱনা নাই৷ সাহিত্য অবিহনে জাতি আৰু জাতি অবিহনে দেশ বৰ্তি থকা টান৷ জ্ঞানীলোকে কোৱা কথা এয়া৷


তাকে চাই ভাবিছোঁ, বিদ্যুৎ শক্তিয়ে যত নাইকিয়া হোৱাৰ উপক্রম ঘটিছে, তত সাহিত্য, ই-সাহিত্যনো কেনেকৈ বৰ্তি থাকিব? সাহিত্য কৰিবলৈ এতিয়া কাৰেণ্ট লা্গে৷ এই স্ৰোত, এই কাৰেণ্টৰ অৱস্থা দিনে দিনে হৈ আহিছে আধামৰা৷ সাহিত্যৰ অৱস্থা আধামৰা নহবগৈনে? তেহেলৈ জাতি, দেশৰ অৱস্থা কেনেকুৱা হবগৈ?

Monday 25 May 2015

গুমটিত বহাৰ আনন্দ
(জীৱনৰ কথা)


জ্ঞান হ'বৰ দিন ধৰি যিখন দোকানলৈ আহ-যাহ কৰিছিলোঁ সেয়া দৰাচলতে আছিল এটা গুমটি৷ গুমটি শব্দটো অসমীয়া বিশ্বকোষত আছেনে নাই নাজানো৷ গুগলত কি আছে চোৱা নাই৷ অসমীয়া ৱিকিপেডিয়াত হ'লে চকুত নপৰিল৷ বানানটো চাওঁ বুলি অভিধান মেলোঁতে গুমটিৰ অৰ্থ পালোঁ, আলিৰ দাঁতিত দোকান পাতিবলৈ সাজি লোৱা খুৰা থকা কাঠৰ বাকচৰ নিচিনা ঘৰ৷

সেয়া যি কি নহওক, চাৰিআলিৰ চুক এটাতে আঁহত এজোপাৰ তলত থকা হৰেন গগৈৰ গুমটিটোৱেই আছিল মনত পৰাৰ ভিতৰত মোৰ জীৱনৰ প্ৰথম দোকান৷ আমি কৈছিলোঁ, হৰেনদাৰ দোকান৷ আচলতে এটা গুমটি৷ চাৰিটা খুঁটি৷ উঠাব-নমাব পৰা এখন জাপ৷ দাঁতিৰে ওলোৱা-সোমোৱাৰ এটা সৰু বাট৷ সেইখনক খিৰিকী বোলেনে দৰজা? তাতে ৰিং দুটা থাকে, তলা এটা মাৰে৷ জাপৰ ভিতৰফালে খিলি থাকে৷ খোলাৰ সময়ত বাঁহৰ খুঁটি এটাৰে ঢোকা দি দাঙি ৰাখে৷

জীৱনৰ উত্তৰণ কল্পে হৰেনদা ঠিকাদাৰ হৈ পৰাৰ পিছত চন্দনদাই গুমটিটো চলাইছিল৷ চন্দনদাও এদিন ঠিকাদাৰ হৈ পৰিল৷ এতিয়া সেই গুমটি নাই৷ তাৰ ঠাইত পকী দোকান-ঘৰ হ'ল৷ স্থানীয় মানচিত্ৰও বহুত সলনি হ'ল৷ আঁহতজোপা আছে৷ কথা ক'ব পৰা হ'লে সেইজোপাই চিঞৰি চিঞৰি, হাঁহি হাঁহি ক'লেহেঁতেন, আমাৰ শৈশৱ-কৈশোৰ-যৌৱনৰ অতীতমধুৰ সময়খিনিৰ শেষ নোহোৱা কথা৷

গুমটি আৰু আছিল৷ আমি পঢ়া এল.পি. স্কুলৰ সন্মুখৰ, আমি সদায় খেলা ফিল্ডখনত থিয় দিলে, ৰাস্তাৰ ইপাৰেই আছিল পুতুলদাৰ গুমটি৷ চাৰিআলিটোৰে আন এফালে পুৰুষোত্তমৰ গুমটি৷ এইবোৰ আমি তেতিয়াই দেখা দোকান৷ কলেজত পঢ়ালৈকে আছিল৷ এতিয়া এখনো নাই৷ গুমটিয়ে আৰম্ভ কৰা দোকান বিপ্লৱেই আজি গৈ গৈ খলপা-খলপ শ্বপিং মল হোৱা বুলি মোৰ এটা ধাৰণা আছে৷ কোনে কি ধৰণে ভাবে নাজানো৷

হৰেনদাৰ গুমটিৰ আগত আঁহত গছজোপাৰ তলখনত আমাৰ অবাধ ৰাজত্ব৷ সেয়া আমাৰ মাৰ্বল খেলা ঠাই৷ বাহিৰত সাজি দিয়া বেঞ্চত বহি চলে ডাঙৰৰ আড্ডা৷ কটা আৰু গোটা তামোল-পাণ; বান্দৰ ছাপ, হৰিণ ছাপ চাধা; শংখ বিড়ি, মাদাৰ ইণ্ডিয়া বিড়ি; কেপষ্টেন, চাৰমিনাৰ, উইলচ চিগাৰেট; গৰুগাড়ী, টি গাৰ্ল মাৰ্কা দিয়াচলাই; কুকিচ আৰু ডাঙৰ কটা বিস্কুত, মৰ্টন, পেকেট বা খোলা চানা-ডালমুট, মাৰ্বল, বগৰী আৰু তেঁতেলীৰ পেকেট৷ গুমটিৰ আইতেম সিমানেই৷

আৰু এখন ছবি স্পষ্টকৈ মনৰ পৰ্দাত আজিও ভাহে৷ তামোলখনৰ দাম যিদিনা পাঁচ পইচাৰ পৰা বাঢ়ি দহ পইচা হৈছিল, হৰেনদাই দীঘল ডাঠ বাকলা এটুকুৰাত লিখিছিল... তামোল খনে দহ পইচা৷ বৈয়ামকেইটাৰ সন্মুখত গ্ৰাহকৰ চকুত পৰাকৈ সেইখন থৈ দিছিল৷ আনুমানিক বাসত্তৰ-তেসত্তৰ চনমানৰ কথা সেয়া৷ এতিয়া তামোল এখনৰ দাম কিমান হ'লগৈ?

সৌভাগ্যক্রমে গুমটিটোত উঠি বহাৰ সুযোগ মোৰ মিলিছিল৷ হৰেনদাই নলুৱা কটাৰী এখনেৰে তামোল কাটে৷ কেঁচা তামোল, বুঢ়া তামোল৷ সমানে সমানে তিনি বা চাৰিটুকুৰা কৰাত তেওঁ সিদ্ধহস্ত৷ কেঁচী এখনেৰে পাণবোৰ খচাখচ কাটে৷ ঠাৰি আৰু আগটো পেলাই দিয়ে৷ তাৰ পিছত পাণখিলা সমান জোখত মুহূৰ্ততে দুই বা তিনিটুকুৰা কৰে৷ সৰু বাল্টি এটাত জুবুৰিয়াই ইখনৰ লগত সিখন ঘঁহি সেইখিনি ধোৱে৷ গ্ৰাহকে খুজিলে প্লাষ্টিকৰ প্লেট এখনতে পাণ-তামোল, চূণ-চাধা আগ বঢ়াই দিয়ে৷ পুৰণি গামোচাৰ টুকুৰা এটাত হাতখন মচে৷ তাৰ পিছত চিগাৰেট এটাও দিয়ে৷ মেছটো দিয়ে৷ গ্ৰাহকে পইচা দিয়ে৷ পইচা থোৱা কাঠৰ বাকচটোৰ ওপৰত ফুটা এটা থাকে৷ মুদ্ৰাটো সেইফালেৰেই সুমুৱাই দিয়ে৷ এটকাৰ নোটখন দিলে কব্জা লগোৱা বাকচটোৰ ঢাকোনখন দাঙে৷ ভিতৰত কিছুমান খলপ থাকে৷ তাতে তেওঁ ভাগে ভাগে থয়৷ বৈয়ামৰ ভিতৰত চানা-ডালমুট জোখা জৰ্দাৰ খালী টেমা এটাও থাকে৷ তলিৰ ফালে কোবাই যিমান পাৰি ভিতৰলৈ সুমুৱাই লোৱা হৈছিল৷ দহ পইচাত এটেমা৷ ডাঙৰ কটা বিস্কুত সৈতে চানা চোবাই মজা লাগিছিল৷ পাগেই বেলেগ তাৰ!

বাকচসদৃশ অকণমানি গুমটিখনৰ ভিতৰত বহি কিবা যেন এক ধৰণৰ উম লাগে৷ তক্তাৰ ওপৰত পাটী এখন পৰা থাকে৷ তাতে লেপেটি কাঢ়ি বহোঁ৷ আলেখলেখ চাই থাকোঁ৷ বাহিৰখনলৈ লক্ষ্য কৰি ভাল লাগে৷ ৰাস্তাৰে অহা-যোৱা কৰা মানুহবোৰ চাওঁ৷ কোন আহিল, কোন গ'ল? বৰষুণ দিলে আকৌ বেলেগ এটা মজা৷ আৰু দুটামান সোমাইহি গুমটিটোৰ ভিতৰত৷ থেপাথেপিত আৰু উমাল হৈ উঠে ভিতৰখন৷ তাৰ মাজতেই ভু-ভাৰস্তৰ বকলা চলি থাকে৷ মজা লাগে শুনি৷ পিছে বেয়া কথাৰ ভিতৰত দোকানত বহাটোও এটা বেয়া কথাই আছিল সেই সময়ত৷ গতিকে ঘৰৰ পৰা কোনোবাই বিচাৰি অহাৰ আগতেই বাহিৰ ওলাওঁ আৰু নোহোৱা হৈ যাওঁ৷

পুতুলদাৰ গুমটিটোতো বহিবলৈ পাইছিলোঁ৷ তেতিয়া হাইস্কুলৰ ওপৰ শ্ৰেণী পাইছোঁগৈ৷ দোকানীক ইটো-সিটো কৰি দিওঁ৷ পান কাটি দিওঁ৷ দোকান সজাই দিওঁ৷ স্তম্ভ আকাৰে খুচুৰা পইচাবোৰ হিচাপ কৰি দিওঁ৷ পৃথিৱীৰ কথাৰে আড্ডা জমে৷ বেছিভাগ খেলৰে কথা৷ গুমটিৰ ভিতৰতে পুতুলদা ৰাতি শুৱে৷ কেতিয়াবা কিবা কিনিবলৈ আহি খুব পুৱাতেই তেওঁক জগাওঁ৷ চিঞৰি চিঞৰি টিনৰ জাপখনত ভুকুৱাওঁ৷ ফিল্ডত ফুটবল খেলাৰ সময়ত বলে আহি দোকানৰ ভিতৰখন লণ্ডভণ্ড কৰি পেলায়৷ পুতুলদাৰ উঠে খং৷ আমাৰ হাঁহি!

কলেজত পঢ়ালৈকে পুৰুষোত্তমৰ গুমটিত বহা মনত আছে৷ মানুহৰ মুখত পৰি উচ্চাৰণ বিভ্ৰাট হৈ পুৰুষোত্তম নামটো হৈছিলগৈ পুচতম৷ ৰাস্তা সাজোঁতে খালী হোৱা আলকতৰাৰ ড্ৰামচিট আৰু দলঙৰ পুৰণি ডেকিঙেৰে তৈয়াৰী পুচতমৰ গুমটিটো৷ পি.ডব্লিউ.ডি.ৰ মাষ্টাৰ ৰোলৰ কৰ্মী আছিল তেওঁ৷ দোকানৰ আগৰ বেঞ্চখনত লগৰীয়াবোৰ বহে৷ ভিতৰত যাকে-তাকে সোমাবলৈ নিদিয়ে৷ কাণকটাকেইটাকযে একেবাৰে মানা৷ পুৰুষোত্তম মাদ্ৰাজী মানুহ৷ এটা চকু গণ্ডগোলীয়া৷ সেই চান্সতে অসুৰকেইটাই কিবিকিবি সৰকায়৷ ঘৈণীয়েকজনী পিছে বৰ কাঢ়া৷ কোনোবা সময়ত পুতেক লক্ষ্মণ বহে৷ জিভাৰ অত্যাচাৰত তাৰ নামেও অৰিজিনেলিটি হেৰুৱাই লচমন নহ'লে লাচুমা হৈ পৰিল৷ সি থাকিলে ভিতৰে-বাহিৰে চেঙেলীয়াৰ উপস্থিতিৰ সংখ্যা বাঢ়ে৷ উৎপাতো বাঢ়ে৷ লাচুমাৰ বায়েকে চাচাম্মায়ো মাজে-সময়ে গুমটি চলায়৷ আন কোনো নাথাকিলে চাচাম্মাৰ লগত ডেকাহঁতৰ চুপতা-চুপতি বেছিকৈ চলে৷ মাক আহি ওলাল মাত্ৰক গোটেইসোপাৰ ফৰিংছিটিকা!

বৰ জমনি দিন আছিল সেইবোৰ৷ এতিয়াও গুমটিত বহিবলৈ মন যায়৷ পিছে চাৰিআলিটোত গুমটি এখনো নাইকিয়াই হ'লচোন৷ চব হৈ পৰিল দোকান! মানুহৰ জীৱনবোৰ কিবা বেলেগ ধৰণৰ হৈ পৰিল৷ হ’লেও এতিয়াও প্ৰতিটো মুহূৰ্ততে পূৰ্বৰ সেই নিৰ্ভেজাল আনন্দকণৰে সন্ধানত থাকোঁ৷

(ফটোত পুৰুষোত্তমৰ গুমটি, জুন ১৯৮৪চন, ডিফু)

Sunday 24 May 2015

নিঃসংগ মৌনতাৰ সংগী, প্ৰকৃতি


মানুহৰ সংগ যিমান ভাল লগা, অকলশৰে থাকিবলৈ দুগুণ ভাল লগা হয়, যদি মানুহৰ নিঃসংগ মৌনতা মুখৰ কৰি সংগী হয় সংগীত, কিতাপ আৰু প্ৰকৃতি৷

অলপতে পঢ়া প্ৰবন্ধ এটাৰ (আধুনিক মানুহৰ বিষণ্ণতা-বিলাস, পল্লবী ডেকা বুজৰবৰুৱা; আমাৰ অসম, ১৭.৫.২০১৫) এই কথাখিনিয়ে চিন্তা কৰাৰ বাট এটা মোলৈ লগে লগেই মুকলি কৰিছিল৷ লেখাটিত তিনিটা সংগীৰ কথা কোৱা হৈছিল সংগীত, কিতাপ আৰু প্ৰকৃতি৷ এই তিনিও মিলি নিঃসংগ মৌনতা মুখৰ কৰি তুলিব পাৰে, ঠিকেই৷ কিন্তু অভিজ্ঞতা আৰু বিবেচনাৰে নিজৰ ক্ষেত্ৰত মই আৰু অকণমান সংকোচন কৰিব বিচাৰিম৷ তিনিৰ জেগাত এক, অৰ্থাৎ তাৰে দুটা বাদ দি কেৱল এটাতে সীমিত থাকিম৷ বাদ দিম সংগীত আৰু কিতাপ৷ ৰাখিম প্ৰকৃতি৷ কেৱল প্ৰকৃতি৷ কিয়নো, প্ৰকৃতিতেই উপলব্ধ শিক্ষা, সংগীত সব-কিছু৷ প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ সুযোগতে সেই অভিজ্ঞতা আৰু উপলব্ধি মোৰ হৈছে৷ অৰ্থাৎ নিঃসংগ মৌনতা মুখৰ কৰিবলৈ মোৰ হিচাপত কেৱল এটা সংগী, প্ৰকৃতিয়েই যথেষ্ট৷ মানুহ ভেদে ইয়াৰ চিন্তা আৰু ব্যাখ্যা অৱশ্যেই বেলেগ বেলেগ হব৷ সেই লৈ মোৰ কোনো বিৰোধ নাই৷ নিজৰ কথাটোহে উল্লেখ কৰিছোঁ, সুযোগটো পাই৷ আপুনিও আপোনাৰ মনৰ কথা জনাব পাৰে, খোলাকৈ৷

মানুহৰ সংগ ভাল পাওঁ৷ উপভোগ কৰোঁ৷ কিন্তু সকলোৰে নহয়৷ সংগীত ভাল পাওঁ৷ সেয়াও উপভোগ কৰোঁ৷ পিছে সকলো গীত শুনি নহয়৷ সেইদৰে, কিতাপ পঢ়িও ভাল পাওঁ আৰু উপভোগ কৰোঁ৷ পিছে সকলো কিতাপ নহয়৷ মানুহভেদে এই নিৰ্বাচনৰ তাৰতম্য, পৰিমাণৰ হীন-ডেঢ়ি নিশ্চয়কৈ থাকিব৷ তাত দ্বিমত নাই৷ আনহাতে, গভীৰতালৈ নগৈও কব পাৰি যে এইবোৰ তেনেই স্বাভাৱিক আৰু সৰল কথা৷ দেখা যায়, পিছৰ দুয়োটা বিষয়ৰেই পোনপটীয়া সম্পৰ্ক আছে মানুহৰ সৈতে৷ তেনেস্থলত মানুহৰ সংগত থাকি নিঃসংগ হব কেনেকৈ?

সংগীত আৰু কিতাপৰ ক্ষেত্ৰত এইটো স্পষ্ট যে, কিছুমান গায়কৰ গান শুনিব পাৰি বা কিছুমান লেখকৰ কিতাপ পঢ়িব পাৰি ঠিকেই৷ পিছে গায়কজনক বা লেখকজনক দেখিলে, লগ পালে, সংশ্ৰৱ হলে শ্ৰদ্ধা ভাবটো নেদেখা অৱস্থাত যিমান শক্তিশালী আছিল তাতোকৈ কম হৈ পৰে৷ তাৰ কাৰণ আগতীয়াকৈ জনা নাযায়, সময়তহে ওলায়৷ গতিকে কোনোবাই কবৰ দৰে ওচৰ নাচাপি দূৰত থকাই ভাল৷ ওচৰ চাপিলে কিছুমান কথা সহ্য নহব, মতান্তৰ হব, কিজানি মনান্তৰো হব৷ গীতৰ কথা আৰু নিজৰ কথা-কাণ্ড তথা বক্তব্যৰ সৈতে শিল্পীজনৰ ব্যক্তিগত চৰিত্ৰৰ আকাশ-পাতাল অমিল ওলাব৷ কলমৰ ভাষা আৰু লেখকজনৰ অন্তৰৰ কথাৰ মাজত আকাশ-পাতাল তফাৎ ধৰা পৰিব৷ মুখাৰ আঁৰৰ মুখ বুলি যাক কোৱা হয়৷ হেনজানি আঁতৰত থকাই শ্ৰেয়ঃ৷ কথা হল, কিমান আঁতৰত? কৰবাত পঢ়িছিলোঁ, এই ব্যৱধান ঠিক যেন দুটা কেটেলা পহুৰ অৱস্থানৰ দৰেই৷ হিচাপতকৈ ওচৰ চাপিলে ইটোৱে সিটোৰ খোঁচ খাব৷ হিচাপৰ দূৰত্ব বৰ্তাই ৰাখিলে কেতিয়াও খোঁচ নাখায়৷ সেয়াই নিৰাপদ অথচ কাৰ্যকৰী দূৰত্ব৷

আমি সকলো প্ৰকৃতিৰ সন্তান৷ প্ৰকৃতিয়েই মাই-বাপ৷ প্ৰকৃতিৰ দানসমূহক লৈয়ে জীয়াই আছোঁ সকলোৱে৷ নিৰ্মল বায়ু আৰু নিৰ্মল পানী প্ৰকৃতিয়ে নিৰন্তৰভাৱে আগ বঢ়াই থকা এই দুটা ন্যূনতম অপৰিহাৰ্য উপচাৰ৷ তাৰ অবৰ্তমানত জীৱ ধাৰণেই নহব৷ সৰ্বোপৰি, প্ৰকৃতি নিজেই বৃহৎ জ্ঞানভাণ্ডাৰ৷ তাৰে পৰাই উৎপত্তি সংগীতৰ, উৎপত্তি কিতাপৰ, উৎপত্তি বহু কিবাকিবিৰ৷

অতএব মই ক’ব খোজোঁ যে দৰকাৰ পৰিলে মই অকলশৰীয়াকৈও থাকিব পাৰিম৷ সংগীত আৰু কিতাপো এৰিব পাৰিম৷ প্ৰকৃতি কিন্তু মোক লাগিবই৷ এসোপা গান, এগাল কিতাপ দিলেও থাকিব নোৱাৰিম যদিহে প্ৰকৃতিৰ পৰা মোক বিচ্ছিন্ন কৰি দিয়া হয়৷ গান নুশুনাকৈও থাকিম, কিতাপ নপঢ়াকৈও থাকিম, একো কথা নাই৷ প্ৰকৃতিক উপেক্ষা কৰি কিন্তু মুহূৰ্তও থাকিব নোৱাৰিম৷ ইয়ে মুখৰ কৰি তুলিব৷ ইয়াক লৈয়ে বিলাস কৰিম৷

নেছাৰ ইজ দ্যা বেষ্ট৷ প্ৰকৃতিয়েই সৰ্বোত্তম৷ মানুহৰ নিঃসংগ মৌনতা মুখৰ কৰি তুলিবলৈ প্ৰকৃতিয়েই সৰ্বশ্ৰেষ্ঠ সংগী, এককভাৱেই যি মানুহক জীয়াই ৰাখিছিল, ৰাখিছে আৰু ৰাখিবও৷


প্ৰকৃতিক আমি জীয়াই ৰখাৰ সহজ অৰ্থও তাতেই নিহিত হৈ আছে৷

Visit to DONG on 14.4.2015, from DIPHU

Team :
1. MD. ABDUS SAZID, Diphu
2. MR. ARUN TERON, Diphu
3. MR. SANJU BORA, Diphu
4. MR. SUMIT SINGH PATEL, Tinsukia

DONG :
Location : Anjaw district of Arunachal Pradesh, India
Co-ordinates : 28.16964°N 97.03781°E
Elevation : 1,240 m (4,070 ft)
Time zone : IST (UTC+5:30)
Located on the right of Lohit river, while going towards Kibithu, Dong is a small but beautiful village of Meyor communities. Surrounded by majestic snow-capped mountains and picturesque pine forests, the village welcomes earliest sunrise in in the country.
Dong lies at the junction of the Lohit river and the Sati (or Sai Ti) stream. The Dong valley is unspoiled and has great natural beauty. The village, with just 8 households, can be reached on foot from the opposite side of rive Lohit in a 90 minutes climb.
Situated at a distance of 7 KM from Walong, it is connected by a nice foot suspension bridge over the Lohit.
Dong Valley is the place where the first sunrise of the country can be witnessed. It is located on the tri-junction of India, China and Myanmar.

Saturday 23 May 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন এক ৷৷ দিনাংক ১০.৪.২০১৫

কিবা পাহৰোঁ বুলিয়েই লগত নিবলগীয়া দৰকাৰী বস্তুৰ তালিকা এখন ভাবি-চিন্তি দুদিনমানৰ আগতেই কৰি থোৱা হৈছিল৷ সেইটো নিয়ম৷ যাত্ৰাৰ দিনা আবেলি লিষ্ট চাই চাই এটা এটাকৈ কলা বেগটোত সুমুৱালোঁ৷ বেগ এটাই যদিও শেষৰ চেইনডাল মাৰোঁতে ৭.৪৫ বাজিল৷ ট্ৰেইনৰ সময় ইফালে ৮বাজি ৪৮মিনিট৷ আনদিনৰ হিচাপত সময় হোৱা নাছিল যদিও গৰম ভাতকেইটামান টপাটপ খাই ললোঁ৷ ষ্টেচনলৈ নিবলৈ অনিলদাই গাড়ীৰে পুত্ৰক পঠিওৱাৰ কথা৷ ভাত খাই থাকোঁতেই ফোনকলটো আহিছিল৷ গতিকে নিৰ্দেশ মানি ঘৰৰ সন্মুখত মজুত থাকিলোঁ৷ বহু সময় বাট চালোঁ৷ নাহেহে নাহে৷ ওলোটাই ফোন কৰি জানিলোঁ, প্ৰথমে অৰুণদাক উঠাব৷ তাৰ পিছত মোক৷ মূৰকত অটৰিক্সা এখনত বহি অৰুণদা আহিল৷ সময় চমু চাপি আহিছে৷ ময়ো লগে লগে উঠিলোঁ৷ ষ্টেচনতে সঞ্জুক লগ পালোঁ৷ সাংবাদিক মানুহ৷ বাতৰি খেদি কাহিলি পুৱাই ওলাই যোৱাৰ পিছত সুদূৰ উমপেনাইৰ পৰা ট্ৰেইন এৰাৰ মাত্ৰ দুঘণ্টা আগতে ঘূৰি আহি ঘৰ পাইছেহি৷ ষ্টৰীকেইটা খচাখচ লিখিয়ে নাকে-কাণে ভাতকেইগৰাহ গুজি এয়া প্ৰথমেই উপস্থিত৷ চকা লগোৱা, ৰঙা, মস্ত বেগটোৰে সৈতে আটাইতকৈ দেৰিকৈ ওলালহি অনিলদা৷ ক্ষন্তেকৰ ভিতৰতে গাড়ীখনো প্লেটফৰ্ম সোমাল৷ ১৫৯৫৯ নং উজনিমুৱা হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ৷ উঠিলোঁ আৰু নিশা ৯.০০বজাত আমি চাৰিও ডিফুৰ পৰা তিনিচুকীয়া অভিমুখে ৰাওনা হলোঁ৷ তাৰ পৰা সেউজী অৰুণাচল৷

মোহময়ী অৰুণাচলৰ প্ৰতি ৰঙাচীনৰ শেন-দৃষ্টি৷ চীনৰ সৈতে অৰুণাচলৰ সীমাৰ দৈৰ্ঘ্য ১,১২৬কিল'মিটাৰ৷ দক্ষিণ তিব্বত নাম দি তাৰে এটা অংশ তেওঁলোকৰ বুলি চীনে দাবী জনায়েই আহিছে৷ মাউণ্ট এভাৰেষ্টৰ তলেৰে সুৰংগ খান্দি তিব্বতক সংযোগ কৰাৰ দুঃসাহসিক পৰিকল্পনাৰ কথাও সংবাদ মহলৰ জৰিয়তে শুনা গৈছে৷ ক'বলৈ গ'লে সমগ্ৰ অৰুণাচল প্ৰদেশক লৈয়ে ভাৰতৰ সৈতে তেওঁলোকৰ প্ৰবল বিবাদ৷ বিষয়টো অপৰিহাৰ্য বুলিও বেইজিঙে কৈ আহিছে৷ আনহাতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীজীয়ে প্ৰকাশ কৰা ভাৰতীয় দৃষ্টিভংগীৰ সৈতে সুৰ মিলাই চীনে কৈছে যে উভয় দেশে পাৰস্পৰিকভাৱে সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰি আলোচনাৰ মাধ্যমেৰে বিবদমান বিষয়সমূহ নিষ্পত্তি কৰিব পাৰে৷ নিশ্চয়কৈ চীন-ভাৰতৰ এই সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত উভয় পক্ষৰে সমান দায়িত্ব আছে৷ ইপিনে অৰুণাচলক লৈ তেওঁলোকে কোনো পৰিস্থিতিতে আপোচমূলক স্থিতি প্ৰকাশ নকৰে বুলিও চীনে সকীয়াই দিছে৷ মোদী চৰকাৰে শেহতীয়াভাৱে চীনৰ সীমামূৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত সামগ্ৰিকভাৱে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (এ.এফ.এছ.পি.এ. বা আফ্‌স্পা) জাৰি কৰিছিল৷

মাজে মাজে চীনা সৈন্যই সীমান্তত অসন্তুষ্টি আৰু উত্তেজনাৰ সৃষ্টি কৰি আহিছে৷ ২০ আৰু ২৮মাৰ্চত লাডাখ সীমান্তৰে চীনৰ সৈন্যৰ অনুপ্ৰৱেশৰ ঘটনাই ভাৰতক উদ্বিগ্ন কৰি তোলাৰ লগতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (লাইন অফ একচুৱেল কণ্ট্ৰল, চমুকৈ এল.এ.চি.) অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল৷ ২০১৩চনত চীনৰ পিপুল্‌চ লিবাৰেচন আৰ্মী (পি.এল.এ.)য়ে লাডাখ সীমান্তৰে প্ৰৱেশ কৰি ভাৰতীয় ভূখণ্ডত প্ৰায় তিনিসপ্তাহ ধৰি শিৱিৰ স্থাপন কৰি থকাৰ পিছত ২০১৫ত এয়া দ্বিতীয় ঘটনা৷ উত্তৰ লাডাখৰ বাৰ্টছি আৰু ডেপছাং অঞ্চলত চীনা সৈন্যৰ দুটা দলে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল৷ সেই স্থান ভাৰতীয় সেনা বাহিনীৰ অন্তিম শিৱিৰৰ সমীপৰ অ'ল্ড পেট্ৰ'ল পইণ্টত৷ উক্ত দুই স্থানৰ পৰা ভাৰতীয় সৈন্যক আঁতৰি যাবলৈ সংকেত দি চীনা সৈন্যই ভাৰতীয় ভূখণ্ডত প্ৰৱেশৰ চেষ্টা চলাইছিল৷ কিন্তু ভাৰতীয় সেনা বাহিনীয়ে বেনাৰ প্ৰদৰ্শন কৰি চীন সৈন্যক সেই স্থানৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে৷ এনেকুৱা ঘটনা সীমান্তত মাজে মাজে চলি থাকে৷

অৰুণাচলক ডিষ্টাব্‌ড এৰিয়া ঘোষণা কৰিছে৷ আপোনালোকে যাব নোৱাৰিব নেকি! বাতৰি কাকতত পঢ়ি জনৈক বন্ধুৱে ফোনযোগে জনোৱা সংশয়প্ৰকাশক খবৰটোৱে অৰুণদাৰ উৎসাহতো চেঁচা পানী অকণমান ঢালিছিল৷ প্ৰসংগটোৰ উল্লেখেৰে চিন্তিতভাৱে দিনৰ বেলাতেই মোক প্ৰশ্ন কৰিলে, আমাৰ যাত্ৰাটো কি হব তেনেহলে? দাদাক বুজালোঁ, আফ্‌স্পাৰ অধীনত অৰুণাচলেই নহয়, সমস্ত উত্তৰ পূৰ্বাঞ্চল অশান্ত এলেকা বুলি কেতিয়াবাতে সংজ্ঞাবদ্ধ হৈছে৷ চিন্তা কৰিব নালাগে দাদা৷ যাত্ৰা হবই হব৷ আৰু এতিয়া এয়া, যাত্ৰা কৰি আছোঁ৷ সংশয়ক জয় কৰিছোঁ৷ কথাবোৰ আলোচনা কৰিছোঁ৷

কথাটো হল, চলিত বছৰৰ প্ৰথম ভাগতে কেন্দ্ৰীয় চৰকাৰে অসম, অসমৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ২০কিলমিটাৰ এলেকাত আফ্‌স্পাৰ ম্যাদ বৃদ্ধি কৰিছিল৷ তাকে কেন্দ্ৰ কৰি প্ৰশ্নটোৰ অৱতাৰণা৷ আফ্‌স্পা উঠাই দিয়াৰ পক্ষতো সজোৰ যুক্তি শুনিবলৈ পোৱা গৈছে৷ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছাৰ দৰকাৰ৷ চীনৰ শক্তিক প্ৰতিহত কৰাৰ চেষ্টা চলোৱাতকৈ চৰকাৰৰ দ্বাৰা ঘোষিত এক্ট ইষ্ট নীতিৰে উত্তৰ-পূবৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱবোৰ পূৰণ কৰাত গুৰুত্ব দিয়া উচিত বুলি সচেতন মহলত গণ্য কৰা হৈছে৷এক্ট ইষ্ট পলিচী কাৰ্যকৰী কৰাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰধান অন্তৰায় হৈ দেখা দিছে বুলিও বিভিন্নজনে মত ব্যক্ত কৰিছে৷ ইয়ে দক্ষিণ-পূব এচিয়াৰ আন দেশৰ সৈতে অঞ্চলটোক সংযোগ কৰাত কঠিনতা থিয় কৰিছে৷ অশান্ত এলেকালৈ কেনেকৈ মানুহ আহিব পাৰে? যোগাযোগৰ কেনেকৈ উন্নয়ন ঘটিব পাৰে? বাতৰি কাকততে পঢ়িবলৈ পাইছিলোঁ এই কথাবোৰ৷ ট্ৰেইনত বহি তাকে পাগুলি পাগুলি জনালোঁ দাদাক, যাতে মানুহজন টেনচনমুক্ত হয়৷

আমিও অৱশ্যে কিছুমান অনিশ্চয়তাকে সন্মুখত লৈ যাত্ৰা কৰি আছোঁ৷ এছ. ফৰত সঞ্জু আৰু মই৷ এছ. ছিক্সত অৰুণদা আৰু অনিলদা৷ একেখন ফৰ্ম ফিল্‌-আপ কৰি একে সময়তে ৰিজাৰ্ভেচনৰ টিকট আগতীয়াকৈ নিজেই কাটিছিলোঁ যদিও ছিটকেইটা একেলগে নহল৷ কিয়বা তেনেকুৱা হল? বিষয়টো মোৰ বাবে হৈ পৰিল এটা সাঁথৰ৷ সি যি কি নহওক, শুৱাৰ আগলৈকে কেইবাবাৰো চাণ্টিং মাৰি সংযোগ ৰক্ষা কৰি থাকিলোঁ৷

যোগাযোগ সম্বন্ধীয় দৰকাৰী ফোনকল কেইটামান কৰি উঠি পুৱা ৪বজাত মবাইল ফোনটোত এলাৰ্ম দি নিজৰ বাৰ্থত শুই পৰিলোঁ৷ সিফালে দিনটোৰ ভাগৰত শ্ৰান্ত-ক্লান্ত সঞ্জু৷ ওপৰত বাৰ্থটোত আগে-ভাগে উঠি লৈ তেওঁ কেতিয়াবাই হেলিকাপ্তাৰ চলাবলৈ আৰম্ভ কৰি দিছিল৷

নিশা ১১.৩০ত হঠাতে মোৰ মবাইলৰ চিনাকি ৰিংটনটো বাজি উঠিল৷ চকু দুটা জাপ খাইছিল ইতিমধ্যে৷ খকামকাকৈ চাওঁ যে বন্ধু ধৰ্মেন৷ ইটানগৰৰ পৰা কৰিছে সি৷ খবৰ লৈছে৷ 
তহঁত আহিছনে নাই?
আৰে, ফৰকাটিং পালোঁহি৷
গুড্‌৷
দৰকাৰী কথাকেইটামান জনালে সি৷
তলৰ পৰাই শাক-পাচলি অলপ কিনি লবি৷ ওপৰত নাপাবি৷ পালেও দাম বহুত বেছি৷ মোৰ তাত থকা জেগা ঠিক কৰি থৈছোঁ৷ চিমাৰ হাতত চাবিটো আছে৷ তাইক লগ ধৰিবি...
কাইলৈ তোক যোগাযোগ কৰিম বুলি লাইনটো কাটিলোঁ আৰু নিদ্ৰাদেৱীৰ কোলাত পুনৰবাৰ আশ্ৰয় ললোঁ৷

এটা অনিশ্চয়তাৰ পৰা মুক্তি! ৰেলতে অকণমান নিতাল মাৰি লব লাগিব৷ কাইলৈ পুৱাৰে পৰাই আৰম্ভ হব আচল যাত্ৰা৷ সপোনৰ ডং অভিমুখে যাত্ৰা! চীন সীমান্তলৈ কিমান দূৰ নাজানো৷

গাড়ীখন নিজৰ ট্ৰেকত, নিজৰ গতিত আগলৈ চলি গৈ থাকিল৷