হাইৱে'ত বিহুৰ তোৰণ,
গছত শিল্পীৰ বিজ্ঞাপন
(গল্প নহয়, সত্য)
এইবাৰ ব’হাগ মাহটোৰ ভিতৰতে ডিফুৰ পৰা ওলাই উত্তৰ পাৰৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অসমৰ এমূৰলৈ ঘূৰা-ঘূৰি কৰোঁতে লক্ষ্য কৰিলোঁ দুটা নতুন কথা৷
মোৰ বাবে এই নতুন কথা দুটাৰ প্ৰথমটো হ’ল বিহুৰ তোৰণ৷ ভ্ৰমণকালত কেইবা ঠাইতো দৃষ্টি আকৰ্ষণ কৰিলে নেশ্যনেল হাইৱে’ৰ ইপাৰ-সিপাৰকৈ সজা সুদৃশ্য তোৰণে৷ তাৰ তলেৰেই গাড়ীৰে পাৰ হৈ গৈছোঁ৷ গৈ থাকোঁতেই কৌতূহলপূৰ্বকভাৱে তোৰণলৈ চাইছোঁ৷ কিনো লিখিছে, যি পাৰোঁ পঢ়াৰ প্ৰয়াস কৰিছোঁ৷ মনত খেলাইছে, সাহিত্য সভাৰ অধিৱেশনৰ সময়ত তেনে ধৰণৰ তোৰণৰ পয়োভৰ দেখা পাওঁ৷ অধিৱেশন হৈ যোৱাৰ পিছতো বহুত দিনলৈকে দণ্ডায়মান অৱস্থাত থাকে৷ ঠিক তেনেকুৱা বিহু-তোৰণো ঠাইবিশেষে দেখা পালোঁ সুদীৰ্ঘ দূৰত্বৰ যাত্ৰাটোত৷ অনুষ্ঠান হৈ যোৱাৰ পিছতো ক’ৰবাত ক’ৰবাত তোৰণ সগৰ্বে থিয় হৈ আছে৷ তোৰণৰ ফ্লেক্সত দুয়োফালে লিখা আছে, ... কেন্দ্ৰীয় (ক’ৰবাত আঞ্চলিক) বিহু সমিতিৰ সৌজন্যত ব’হাগী মেলা (ক’ৰবাত উৎসৱ), দিন-বাৰ-স্থান; শুভেচ্ছা বা ওলগৰ শৰাই, আদৰণী জাপি-গামোচাৰ ছবি; সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণৰ উল্লেখ, আমন্ত্ৰিত নামী-দামী আৰ্টিষ্টৰ নাম আৰু ফটো, স্মৰণিকা উন্মোচনৰ খবৰকে ধৰি প্ৰতিযোগিতা আৰু পুৰস্কাৰৰ ধনৰাশিৰ অংকৰে তোৰণৰ শৰীৰ মেটমৰা৷ তোৰণ অধ্যয়ন কৰিয়েই সবিশেষ নহ’লেও গুৰুত্বপূৰ্ণ অংশৰ বিষয়ে জানিব পৰা যায়৷
দ্বিতীয়টো হ’ল, শিল্পীৰ এড্, মানে বিজ্ঞাপন৷ এনেয়ে পে’পাৰে-পত্ৰই বিহুৰ আগে আগে সৰু-বৰ বিজ্ঞাপন কিছুমান দেখোঁ৷ কোন শিল্পীক কিমান নম্বৰত ডায়েল কৰিলে পাব ইত্যাদি ইত্যাদি লিখা থাকে৷ তেনেকুৱা বিজ্ঞাপন হাইৱেৰ দাঁতিৰ গছে-খুঁটায়ে দেখা পালোঁ৷ শিল্পীৰ ছবি থকা প্ৰায় এফুট ডেৰফুট বা তাতোকৈ সৰু জোখৰ ফ্লেক্স গজাল মাৰি থোৱা যাত্ৰাকালত অ'ত-ত'ত চকুত পৰিল৷ লিখা আছে, ... এইবাৰ সাজু হৈছে ন-পুৰণি এমুঠি গীত লৈ৷ বিহুমঞ্চৰ বাবে যোগাযোগ কৰক৷ ফোন নম্বৰ ...
আমাৰ ওচৰে-পাজৰে দেখিবলৈ নোপোৱা বাবেই এইবাৰ বিহুত চকুত পৰা এই দুটা বস্তু মোৰ বাবে ব্যতিক্ৰম হৈ ৰ'ল আৰু দি গ'ল নতুন সোৱাদ৷ ভ্ৰমণ কৰিলে নতুন কথা শিকিব পাৰি, চাব পাৰি৷ ময়ো চালোঁ, শিকিলোঁ৷
No comments:
Post a Comment