Wednesday, 27 May 2015

ফুল চোৰ মানুহবোৰ


'ঠোঙাত কি আনিছে?'
'ফুল৷'
'সদায় সদায় ফুলবোৰ ছিঙেযে আপুনি?'
'পূজা কৰিবলৈ লাগে৷'

আনৰ ফুলেৰে নিজলৈ পূজা!

সেয়া মালা৷ সকলোৱে পেহী বুলিয়ে মাতে তেওঁক৷ খুব ৰাতিপুৱাই ওলায়৷ চুটি-চাপৰ, অবিবাহিতা মানুহজনী৷ শাৰী পিন্ধিয়ে ৰাস্তাত মাজে মাজে দৌৰো মাৰে৷ নিঃসংকোচে গে'ট খুলি আৰ-তাৰ ঘৰত সোমায়৷ ফুলনিত ফুলি থকা ফুলবোৰ ছিঙি ঠোঙাত ভৰায়৷ গৃহস্থলৈ কেৰেপ নাই৷ সকলোৱেই চিনি পায়েই আৰু তেওঁক৷ চাৰিআলিত দুখনকৈ দোকান চলায়৷ বাঙালী মানুহ৷ বাৰ মাহত তেৰটা পূজা থাকেই৷ গতিকে ফুলো লাগেই৷

সেয়া গ'ল মালা পেহী৷ তাৰ পিছত আহক লম্বুজী৷ ৰ'ড কেৰিয়াৰৰ একছত্ৰী ব্যৱসায়ী৷ নামটোৱেই কয় যে ওখ মাৰোৱাৰী লোক৷ জপং জপং খোজ৷ খোজৰ তালে তালে কেইজোপামান নিৰ্দিষ্ট ফুলগছলৈ চকু৷ প্ৰায় দৌৰি যোৱাৰ দৰে নিজকে সেইদিশে এৰি দিয়ে৷ ফুলবোৰ ছিঙেগৈ৷ সম্ভ্ৰান্ত চোৰ৷ পেহীয়ে ঢুকি নোপোৱাবোৰ তেওঁৰ৷ গণেশজী, হনুমানজীৰ ৰেগুলাৰ পূজা-অৰ্চনা চলে৷

আৰু দুগৰাকী মহিলা আহে৷ তাৰে এগৰাকীৰ হাতত প্লাষ্টিকৰ ঠোঙা এটা থাকে৷ দেখনত নেপালী যেনেই লাগিছিল তেওঁক৷ ৰঙা-বগা শাঁখা-বালাৰ পৰা আজিহে মাত্ৰ নিশ্চিত হ'লোঁ যে নহয়, তেওঁ বাঙালীহে৷ বাটে-বাটে সুবিধা বুজি তেৱোঁ ফুলত হাত দিয়ে৷ ডিভাইদাৰৰ মাজৰ ফুলকেইপাহো পৰশৰ পৰা বাদ নপৰে৷ তাৰ মানে পূজা এখন তেওঁৰো আছে৷

অগা-পিছাকৈ আৰু এজন আহে৷ শুভ্ৰ ধুতি-কুৰ্তা পৰিহিত, এইজনৰ কামেই যেন ফুল ছিঙা৷ হাতত এখন মোনা৷ আনখন হাতত এডাল ডাঁৰিকী৷ ম'বাইলত অহৰহ ভগৱানৰ গান বাজি থাকে৷ পূজাৰী যেনেই লাগে বিহাৰী মানুহজনক৷ আৰ্মী কেম্পৰ জবাজোপাৰ মালিক যেনিবা তেওঁহে! হাকুটিয়াই হাকুটিয়াই এফালৰ পৰা লঠঙা কৰে৷ তাৰ পিছত বেলেগ পইণ্টলৈ যায়গৈ৷

প্ৰত্যুষতে প্ৰতিদিনে ফুল ছিঙি অহা দেখিছোঁ এইসকলক৷ নিজৰ ঘৰত ফুলগছ তাৰমানে এডালো নাই৷ ৰুই ল'ব কিয় নোৱাৰে, নাজানো৷ ফুল হ'লে লাগিবই৷ ঈশ্বৰৰ আৰাধনা, সন্তুষ্টিৰ কথা আছে৷ সেয়েহে গৰাকীয়ে নৌ গম পাওঁতেই পুৱাই পুৱাই চুৰি কাৰবাৰ৷ অতদিনে চুৰি ফুলকেই যাচি আহিছে আৰাধ্যসকললৈ! প্ৰাৰ্থনা-ভিক্ষা মাগি আহিছে সমস্ত জগত নিজৰ হ'বলৈ!


প্ৰকৃতিৰ বুকুত ভৰাফুলেৰে জাতিষ্কাৰ হৈ থকা গছ-বিৰিখৰ অকৃত্ৰিম ৰূপ-মাধুৰী উপভোগ কৰি ভাল পোৱা আপোনাৰ-মোৰ প্ৰতিটো প্ৰভাতৰ মানসিক-আত্মিক তৃপ্তিকণ খুদ নিজৰ চৌহদৰ পৰাই নিয়মিতভাৱে কাঢ়ি নি আছে এনেকুৱা ভগৱন্তপ্ৰেমী চোৰবোৰে৷ এইটো কেনে কথা? কি শাস্তি দিয়া যায় এইজাতৰ চোৰক? উপহাৰ দিম বুলি মনতে ভাবনা কৰি আছোঁ, ফুল গছৰ পুলি একোটাকৈ৷ নিজৰ ঘৰত ৰুই লওক৷ তাৰ পিছত কিমান পূজা কৰে কৰিব৷ আপত্তি নাই৷ নিজলৈ কিমান খোজে খুজি থাকিব৷ ক'বলৈ নাই৷

No comments:

Post a Comment