লোহিত, ডিবাং, চিয়াং দেখিলোঁ
অৰুণাচল প্ৰদেশৰ একেবাৰে পূব প্ৰান্তত থকা জিলাখন
হৈছে আঞ্জাৱ৷ এই জিলাখনৰ চীন দেশ চুই থকা ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্ত লাইন অফ্
এক্চুৱেল কণ্ট্ৰ’লৰ অংশ এটাৰে লোহিত নৈখন ভাৰত
ভূখণ্ডলৈ সোমাই আহিছে৷ পূব তিব্বতৰ জায়াল শ্বু পৰ্বতমালাৰ পৰা ওলাই সীমান্তৱৰ্তী ঠাই
কিবিথোৰ ঠেক উপত্যকাৰে নৈখন ভাৰতত প্ৰৱেশ কৰিছে৷ তাৰ পিছত মিছিমি পৰ্বতৰ ফাঁকে ফাঁকে
ধাৱমান হৈ ক্রমে আঞ্জাৱ আৰু লোহিত জিলা অতিক্ৰম কৰিছে৷ এনেকৈ প্ৰায় ২০০কিল’মিটাৰ বৈ গৈ ডিবাং আৰু চিয়াঙৰ
সৈতে মিলিত হৈছে৷ লোহিত ব্ৰহ্মপুত্ৰৰ আৰম্ভণিৰ এখন মুখ্য উপনৈ৷ মিছিমি পৰ্বতেৰে পূবত
নিগৰা জলৰাশিৰ সিংহভাগ পৰিৱহণ কৰে এই লোহিতে৷
ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমা চুই থকা অৰুণাচল
প্ৰদেশৰ আন এখন জিলা হৈছে আপাৰ ডিবাং ভেলী৷ কেয়া পাছেৰে সীমান্ত এৰি ভাৰতত প্ৰৱেশ কৰি
নামনি অভিমুখে একা-বেঁকাকৈ বৈ আহিছে ডিবাং নৈ৷ ১৯৫কিল’মিটাৰ গতিপথ অতিক্রম কৰাৰ পিছত
ল’ৱাৰ ডিবাং ভেলীয়েদি বাগৰি ডিব্ৰু-ছৈখোৱাৰ
উত্তৰত লোহিতত মিলি গৈছে এই নৈ৷
অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ গেলিঙত চিয়াং নাম লৈ ভাৰতবৰ্ষত সোমাই আহিছে চীনৰ চাংপো৷ চীনৰ চাংপো অৰুণাচলত চিয়াং৷ এই চিয়াঙেই নামনিত দিহাং৷ নিম্নভাগলৈ আহি নৈখন লোহিত আৰু ডিবাঙৰ জলধাৰাৰ সৈতে এক হৈছে৷
লোহিত, ডিবাং, চিয়াং …এই তিনি স্বাভিমানী নৈ লগ লাগিয়ে
মহানদ ব্ৰহ্মপুত্ৰ, যি অসমৰ বুকুৰে বৈ গৈছে বংগোপসাগৰক ধিয়ায়৷ যাত্ৰাপথত আঁকোৱালি লৈছে
অনেক সৰু-বৰ খ্যাত-অখ্যাত নৈ-জান-জুৰিক৷
উত্তৰ-পূবৰ অন্তিম পূবৰ পৰা বৈ অহা লোহিত নৈখনকে
পূৰ্বতে লৌহিত্য বা ব্ৰহ্মপুত্ৰ নদৰ মূল সুঁতি বুলি ধাৰণা কৰা হৈছিল৷ দীঘলীয়া এক অন্বেষণ
কাৰ্যৰ অন্তত ১৯২৪চনত উদ্ভিদবিদ কেপ্টেইন ফ্ৰান্সিচ কিংডন ৱাৰ্ড আৰু নৃতত্ত্ববিদ লৰ্ড কাউডৰে সকলো ভৌগোলিক
সাঁথৰ ভাঙি এই সত্য পোহৰলৈ আনে যে তিব্বতৰ কৈলাশ পৰ্বতৰ দক্ষিণ ঢাল আৱৰি থকা চেমা-যুংদং
হিমবাহৰ পৰা উৎপত্তি হোৱা চাংপোহে ব্ৰহ্মপুত্ৰ নদৰ মূল সুঁতি৷ দুঃসাহসিক মানুহৰ অদম্য
সাহস আৰু ত্যাগৰ ফলতে এদিন এই সত্য উদ্ঘাটন হৈছিল বুলিব পাৰি৷
অজস্ৰ উপনৈৰে সমৃদ্ধ চাংপোৰ পানী কঢ়িওৱা শক্তি আন যিকোনো নদীতকৈ বহুগুণে বেছি৷ চাংপোৱেই নাম লৈছে চিয়াং৷ উচ্চতা আৰু গতিৰ অংক কৰি সেয়েহে চিয়াঙক পৃথিৱীৰ অন্যতম খৰস্ৰোতা নৈ বুলিও অভিহিত কৰা হয়৷
অৰুণাচল প্ৰদেশৰ মুঠ ১৮খন জিলাৰ ভিতৰত ১০খনৰে নামকেইটা নৈৰ সৈতে সংযুক্ত৷ তাৰে ৬খন জিলাৰ নামৰ লগত সংলগ্ন হৈ আছে এই মূল নৈ ৩খন৷ পৃথিৱীৰ প্ৰায়বোৰ সভ্যতাই নদীকেন্দ্ৰিক৷ তদনুৰূপভাৱে এই নৈকেইখনিক লৈয়ো গঢ়ি উঠিছে অৰুণাচলৰ খামতি, মিচিমি, মেয়ৰ, আদি-গালো সভ্যতা-সংস্কৃতি৷
লোহিত, ডিবাং, চিয়াং …অলপতে এই তিনিওখন নৈৰে ৰূপ-বৈভৱ নিজ
চকুৰে দৰ্শন কৰিবলৈ পালোঁ৷ নদী আৰু মানুহৰ সম্পৰ্কযে চিৰন্তন, কথাটি আকৌ এবাৰ বুজিলোঁ৷
No comments:
Post a Comment