সূৰ্যটোলৈ চাই এতিয়া
আগতকৈ বেছি ভাল লাগে...
প্ৰতিদিনেই পুৱা শুই উঠাৰ পিছত দেখা সূৰ্যটোলৈ
এবাৰ চাওঁ৷ এনেয়ে৷ এটা যেন অভ্যাস৷ যেনেকৈ নীলা আকাশখন চাওঁ৷ বগা ডাৱৰবোৰ চাওঁ৷ ফুল
চাওঁ, পখিলা চাওঁ৷ নিশাৰ তৰাভৰা আকাশখন চাই আপোনপাহৰা হওঁ৷ নাৰিকলজোপাৰ পাতৰ ফাকেৰে,
শিৱ মন্দিৰটোৰ জৰীজোপাৰ কাষেৰে, বছৰৰ বিভিন্ন সময়ত ভিন ভিন স্থানত ৰয়হি উদিত সূৰ্য৷
দেখিলেই এবাৰ চাওঁ৷ কিমানযে প্ৰচুৰ আৰু প্ৰচণ্ড শক্তিৰ ভাণ্ডাৰ এই সূৰ্যটো! সৰুৰে পৰাই
দেখি আহিছোঁ, ক’ৰ পৰাযে ওলাইহি নিতৌ পুৱাই পুৱাই!
নাজানো৷ বহুতে নমস্কাৰ কৰাও দেখিছোঁ, দিনটোৰ প্ৰথমবাৰ দেখা মাত্ৰকে৷
‘সূৰ্য পূবফালে উদয় হয়’ বুলি এল.পি. স্কুলত আমি হাতৰ আখৰ লিখিছিলোঁ, তিনি শাৰীকৈ, পৰিষ্কাৰ আৰু গোট গোটকৈ৷ পূবনো কোনফালে বুলি সুধিলে ক’ব জানিছিলোঁ ভূগোল-সাধাৰণজ্ঞানৰ কিতাপ পঢ়ি যে সূৰ্যটো যিফালে উদয় হয় সেইফালেই পূব দিশ৷ তাৰ বিপৰীতে পশ্চিম৷ সূৰ্যৰ পিনে মুখ কৰি হাত দুখন মেলি দিলে বাঁওহাতে উত্তৰ, সোঁহাতে দক্ষিণ৷ ‘দিশ নিৰ্ণয়’ নামৰ পাঠটোৰ কথাবোৰ তেতিয়াই শিকিছিলোঁ৷ চতুৰ্দিশৰ কথা মনতো ৰৈ গৈছিল নিৰহ-নিপানীকৈ৷ তাৰ পিছত ঈশান, অগ্নি, নৈঃঋত, বায়ু, ঊৰ্ধ্ব আৰু অধঃ৷ দশোদিশ৷ কিন্তু সকলো কথাৰে এটা আৰম্ভণি থকাৰ দৰে দিশৰ ক্ষেত্ৰতো পোনতে পূব৷ অৰ্থাৎ প্ৰথমে সূৰ্য৷ সূৰ্যই আধাৰ৷ সূৰ্যৰ পৰাই উৎপত্তি হেনো সৌৰজগতৰ৷ পঢ়ি পাইছোঁ, সঁচা-মিছা গৱেষণা নাই কৰা৷ দেখিছিলোঁ, পূব পিনে মূৰ কৰিয়ে কৰা হয় অনেক মাংগলিক কাৰ্যাদিও৷
কিতাপতেই পঢ়িবলৈ পাইছিলোঁ, ভাৰতবৰ্ষৰ পূব দিশৰ বিষয়ে৷ ‘ভাৰতৰে পূৰ্বদিশৰ সূৰ্য উঠা দেশ’ অৰুণাচল৷ অৰুণৰ পৰাই অৰুণাচল৷ ভূগোলৰ মানচিত্ৰত দেখিছিলোঁ৷ কিন্তু অৰুণাচলৰ পূব প্ৰান্ত কেনি? বিচৰা নাছিলোঁ৷ চন ২০০০তহে গম পাইছিলোঁ, অৰুণাচলৰ পূব অৰ্থাৎ ভাৰতবৰ্ষৰ পূববিন্দু কোনটো৷ আৰু তেতিয়াৰ পৰা সেই অন্তিম পূবত পদাৰ্পণ কৰাৰ প্ৰবল হাবিয়াহ এটাই মনটোক উত্ৰাৱল কৰি ৰাখিছিল৷ পাগল কৰি তুলিছিল৷ গুগল মেপ, চেটেলাইট ইমেজেৰীত বিচাৰি ঘুৰ্মুটিয়াই ফুৰিছিলোঁ৷ সৌ-সিদিনা সেই অভিলাষা পূৰ্ণ হ’ল৷ দেশৰ পূব, অৰুণাচলৰ পূব, আমাৰ পূব দেখিলোঁ৷ মেপত নহয়, স্বচক্ষে৷ য’ৰ পৰা আহে ভাৰতীয় বেলিটো, সেই ঠাই পালোঁগৈ৷ ‘সূৰ্য হেনো নামি আহে এই বাটেৰেই’ বুলি কোৱা ডং উপত্যকা, ডং মালভূমিত সোঁশৰীৰে উপস্থিত হ’লোঁ৷ জীৱনৰ বাবে এয়া যেন এটা সফলতা কিম্বা সাৰ্থকতা৷ সূৰ্যৰ পৰাই যদি জীৱৰ সৃষ্টি তেন্তে জীৱনৰ এটা অৱশ্যকৰণীয় কাম যেন সমাধা হ’ল!
এতিয়া সূৰ্যটোলৈ চাই আগতকৈ বেছি ভাল লাগে৷ সূৰ্য
অহাৰ বাটটো মই দেখা পালোঁ, চিনি পালোঁ৷ এতিয়াও প্ৰতিদিনেই পুৱা শুই উঠাৰ পিছত সূৰ্যটোলৈ
আগৰ দৰেই এবাৰ চাওঁ৷ এনেয়ে নহয়৷ এতিয়া মই জানো, ভাৰত ভূমিৰ কোনটো বাটেৰে যাত্ৰা কৰি
এই শক্তিধৰ আহি আমাৰ সন্মুখত ৰৈ আছেহি৷ আৰু সেই ভাবনাটোৱেই প্ৰতিটো দিনৰ আৰম্ভণিতে,
পুৱাই পুৱাই দি যায়হি অবৰ্ণনীয় এক সুখানুভূতি৷ তেনে বিৰল সুখানুভূতিৰ অংশীদাৰ হ’ব বিচাৰিলে আপুনিও পাৰে৷ একো
ডাঙৰ কথা বা টান কাম নহয়৷ সৃষ্টিকৰ্তাৰ নিয়ম মানি সূৰ্য সদায় আহি আছে, আহি থাকিব৷ আজি
পুৱা সূৰুযৰ ৰেঙণিয়ে আপোনাক স্পৰ্শ কৰাৰ সময়তে মাথো কৈ থ’লোঁ, এই সামান্য কথাষাৰি৷
ফটো... অৰুণাচলত অৰুণৰ আভা
No comments:
Post a Comment