Saturday, 30 May 2015

কুকুৰ



কথাটো উলিয়ালে বৈকুণ্ঠই৷ যেনিয়ে-তেনিয়ে কুকুৰেই কুকুৰ৷ ৰাস্তাত কুকুৰৰ সংখ্যা ইমান বাঢ়িছে! ৰাতি ট্ৰেইনত আহিলেও বৰ হাল্লা কৰে৷

চাৰিআলিৰ চুকটোতে প্ৰায়ে আমাৰ মিলন ঘটে৷ আজিও প্ৰাতঃভ্ৰমণ সমাপ্ত কৰি সেইখিনিতে ইফাল-সিফাল কৰি আছিলোঁ৷ তেনেকুৱাতে কুকুৰখুজীয়া খোজ দি বৈকুণ্ঠ ওলালহি৷ পিছে পিছে লম্বুজী৷ আচলতে দুয়ো একেলগেই আহি আছিল৷ এঘৰৰ চকোৱাৰ ওপৰেৰে ফুলকেইপাহমান ছিঙাৰ নিত্যনৈমিত্তিক তাড়নাটো এৰাব নোৱাৰি লম্বুজী পিছ পৰিল৷ বৈকুণ্ঠই সময় পাই গল মোৰ সৈতে দুআষাৰ পাতিবলৈ৷ ঘড়ীত পুৱা চাৰি বাজি পঁয়ত্ৰিশ মিনিট পাৰ হৈছে তেতিয়া৷

বৈকুণ্ঠৰ চকুলৈ চাই সমৰ্থনৰ সুৰত কলোঁ, হয় হয়; ঠিকেই৷ ময়ো অলপ আগতে হিচাপ লগাইছোঁ৷ এইফালে চাৰিটা, সেইফালে পাঁচটা; ময়ো পাইছোঁ৷ সিহঁতে আজিকালি গ্ৰুপ বান্ধি ফুৰিবলৈ লৈছেহে৷ মানুহ দেখিলেই চাপি আহে, ভুকে৷ সৌৱা চাওকচোন৷ কাষতে সৌ দুটাই কেনেকৈ লেঙেৰ-পেঙেৰখন কৰি আছে! ৰাস্তাটো সিহঁতৰ পৈত্ৰিক সম্পত্তিহে যেনিবা! আৰ্মী কেম্পৰ চুৱা-পাতনিৰ পৰাও নুগুচেই পাঁচোটামান৷ অনবৰতে পেট পেলাই বহি থাকে, ওচৰে-পাজৰে, এৰেহাৰ লোভত৷ বস্তাত ভৰাই গোটেইকেইটাকে ডিমাপুৰলৈ চালান দি দিম, গম পোৱা নাই ইহঁতে?’

তেনেকুৱাতে লম্বুজী আহিল৷ মাত লগাই থানা ৰডেদি দুয়ো অগ্ৰসৰ হল৷ এখোজ-দুখোজকৈ ময়ো ঘৰমুৱা হলোঁ৷ তেনেকুৱাতেই মনত দোলা দিলেহি পুৰণি দিনৰ স্নেপশ্বট কিছুমানে৷

গৰমেণ্ট বয়জ হাইস্কুলৰ তলৰ শ্ৰেণীত পঢ়োঁ৷ থানা ৰ’ডেদি চাইকেল মাৰি সন্দিকৈ ছাৰ, প্ৰদীপ গগৈ ছাৰৰ ঘৰলৈ যাওঁ৷ ইংৰাজী, অংক পঢ়োঁগৈ৷ থানা ৰ’ডৰ কেঁকুৰিটোতে ৰমিনহঁতৰ ঘৰ৷ ৰাস্তাৰ পৰা কিছু তললৈ অৱস্থিত ঘৰটো৷ ৰমিন, ফাটু, ৰমিলা৷ ভিক্টৰ, ভিনচেণ্ট, হেইৰিয়েট৷ ৰোডিল, বেনাৰ্ট, জনাৰ্ট, ফিঅ৷ কিমানৰযে মুখবোৰ ইখনৰ পিছত সিখনকৈ চাঁত চাঁতকৈ মনৰ পৰ্দাত নিমিষৰ ভিতৰতে চিনেমাৰ ৰীলৰ দৰে আহিল-গ’ল! কিছুমান আছে, কিছুমান এতিয়া এই দুনীয়াতে নাই৷

ডেভিলো নাই৷ ৰমিনহঁতৰ হৃষ্ট-পুষ্ট কুকুৰটোৰ নামেই ডেভিল৷ গাৰ বৰণ আছিল এঙাৰ-ক’লা৷ নামে-চেহেৰাই কিবা অদ্ভুত মিল৷ ঠাণ্ডা-গৰমৰ কথা নাই, জপনাখনৰ মুখতে পায়চাৰি কৰি থাকে সি৷ ৰাতিপুৱা, আবেলি, গধূলি৷ উঃ! কিযে এক সন্ত্ৰাস! দূৰৰ পৰা তাক দেখিয়ে বিতত হৈ পৰোঁ৷ এইডাল, ভিতৰ সোমাই গ’লেই হয়৷ নাযায়৷ ৰৈ থাকে তাতে৷ কেনেকৈ পাৰ হওঁ? দেখিলেই ভৌ-ভৌকৰে খেদা মাৰি আহে৷ বৰ ভয় লাগে৷ ঠিকছে কেইবাৰমান পেডেল মাৰি ভৰি দুখন ফ্ৰেমত তুলি দিওঁ৷ ডাউনত জোৰেৰে গৈ থাকে  চাইকেলখন৷ ভুকি ভুকি পিছে পিছে ডেভিলেও খেদি থাকে৷ বহুত দিন অস্বস্তিত ভোগালে সি৷ এদিন শুনিলোঁ, ডেভিল মৰিল৷ ‘হায় হায়’ বুলিলোঁনে ‘উঃ ৰক্ষা ভাই’ বুলিলোঁ জানো, পাহৰিলোঁ৷ বহুত বছৰেই হ'ল৷

জাতটো পাহৰিলোঁ যদিও সৰুতে আমাৰ ওচৰতে বাস কৰা সম্বন্ধীয় বৰদেউতা এজনে পোহা এটা কুকুৰ দেখিছিলোঁ৷ মস্ত কুকুৰটোক বাথৰুমত বন্দী কৰি থৈছিল৷ ঘৰৰ সদস্যৰ উপস্থিতিত খিৰিকীৰ ৰডৰ ফাঁকেৰে আমি দূৰৰ পৰাই তাক জুপি জুপি চাইছিলোঁ৷ ইমান ডাঙৰ কুকুৰ মই জীৱনত দেখা নাই৷ আমাৰ কাষৰ তুতুহঁতৰ কুকুৰজনীৰ নাম আছিল নিকি৷ তাই দীঘলীয়া, চাপৰ, মুগা বৰণীয়া আছিল৷ ৰাস্তাৰ সিপাৰে ওপৰলৈ থকা ঘৰৰ ক"লা কুকুৰজনীৰ নাম আছিল ৰকী৷ ডক্টৰ ভূপেন হাজৰিকা এবাৰ ডিফুলৈ আহোঁতে ৰকীক সন্মুখত বহুৱাই লৈ তাৰ ছবি অংকন কৰি পেলাইছিল৷ ছবিখন পিছত দৰজাত ওলোমাই থোৱা মনত পৰে৷

আৰু মনত পৰে, আমি সৰু থাকোঁতে চুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰৰ কোৱাৰ্টাৰত এটা বৰ ভয়ংকৰ কুকুৰ আছিল৷ ৰাতি এৰাল খুলি দিয়াৰ পিছত ৰাস্তাৰে আহ-যাহ কৰা কেইবাটাও মানুহক সি কুকুৰ-দাঁত বহুৱালে৷ তাৰ ভয়তে ৰাতি-বিৰাতি সেইফালে অহা-যোৱা কৰাই টান হৈ পৰিল৷ নিশা ৰে’লত অহা মানুহে সাৱধানতাবশতঃ দীঘল টাঙোন একোডাল যোগাৰ কৰি লৈ নতুবা আদবাটতে গছৰ ডাল একোটা ভাঙি লৈহে আগ বাঢ়িছিল৷ ইমানেই দুৰ্দান্ত! দুৰ্ভাগ্যবশতঃ এদিন মই সেই ভয়ংকৰ প্ৰাণীটোৰ পাল্লাত পৰিছিলোঁ৷ হাইস্কুলৰ নিম্ন শ্ৰেণীৰ ছাত্ৰাৱস্থাত সহপাঠীৰ আবাস হোৱাৰ সূত্ৰে বিভাগীয় সেই ঘৰবোৰ আমাৰ খেলাঘৰ আছিল৷ অবাধ আহ-যাহ চলিছিল৷ সিহঁতৰ ঘৰত খন্দা ট্ৰেন্সটো চাবলৈ যাওঁতে মুকলি হৈ থকা কুকুৰটোৱে মোক দেখা পালে৷ লগে লগে খেদি আহিল৷ কুকুৰটোৰ কুকীৰ্তিৰ ৰেকৰ্ড মোৰ জনা আছিল৷ গতিকে মিতিৰালি বাদ দি লগে লগে চিঞৰি-বাখৰি কুকুৰ-লৰ ধৰিলোঁ৷ দুৰ্ভাগ্যবশতঃ কেনেবাকৈ পিছল খাই ঘাঁহনিত বাগৰি পৰিলো৷ সি মোৰ কাষ পালেহি৷ ওলমি পৰা তাৰ দীঘল জিভা, জোঙা জোঙা দাঁত, ৰঙা চকু! ভয় খাইছিলোঁ যদিও কিবা প্ৰকাৰে বাগি দি আকৌ চেঁকুৰ ধৰিলোঁ৷ সিও পিছ নেৰিলে৷ কাষৰ ড্ৰাইভাৰৰ ঘৰটোত সোমাই গৈহে ৰক্ষা৷ দৃশ্যটো মনত পৰিলে এতিয়াও গাৰ নোম শিয়ঁৰি উঠে৷ কেনেকৈযে বাচিলোঁ সিদিনা!

কুকুৰৰ প্ৰতি কোনো শ্ৰদ্ধা নাই মোৰ৷ তাৰ স্পষ্ট কাৰণ আছে৷ কলেজত পঢ়ি থকাৰ দিন তেতিয়া৷ আমাৰ প্ৰতিৱেশী মীৰা বাইদেউৰ লগত ৰাস্তাৰ ওপৰতে গুৰুত্বপূৰ্ণ কথা এটা পাতি আছোঁ৷ সাঁজ লাগো লাগো৷ তেনেকুৱাতে আহক সিহঁতৰ জিমি নে তমিটো৷ কথা নাই বতৰা নাই দৌৰি আহিল আৰু বাওঁ কলাফুলটোতে চুমা এটা দিলেই নহয় খাই! তলকিবই নোৱাৰিলোঁ৷ তেজ বিৰিঙি উঠিল৷ লগে লগে হস্পিতাল৷ নাভিক কেন্দ্ৰ কৰি আঠটা ইনজেকচন চুৰু৷ চাৰি বছৰ বয়সতে বান্দৰে কামোৰাত ষোল্লটা বেজী ল’বলগীয়া হৈছিল৷ সেয়া ল'বলৈ গৈ হেনো দেদাউৰি পাৰিছিলোঁ৷ বেজী বুলিলেই সাতজাঁপ৷ কাজেই মনে মনে থাকিব নোৱাৰিলোঁ এইবাৰো৷ তাতে এতিয়া কুকুৰৰ আতংক৷ নহ’লেবা জলাতংক! কিবাকৈ ক’ৰ্চটো কমপ্লিট হ’লগৈ যেনিবা৷ বহু বছৰৰ মূৰকত এদিন খবৰ পালোঁ, তমি নে জিমিটো সিফলীয়া হ’ল৷ ভালেই পালোঁ৷ এশ গৰু মাৰিলে বাঘৰো মৰণ৷ সি বেটাই হেনো আৰু কাৰোবাক কাৰোবাক অকাৰণতে অত্যাচাৰ কৰিছিল৷ আচলতে তেতিয়াৰ পৰাই কুকুৰ জাতিটোৰ প্ৰতি ভাল ভাব কমিল৷ সেই দিন ধৰি উৰহী ভাজিখন মায়ে আজিও মোক দিওঁ-নিদিওঁকৈহে দিয়ে৷ আপুনিয়েই কওক এতিয়া, ক’ৰ পৰা শ্ৰদ্ধাডাল থাকিব?

শান্তৰ ওপৰত অত্যাচাৰ চলাই ইহঁতে৷ দুষ্টক ধৰিব নোৱাৰে৷ মছজিদৰ দানপাত্ৰ ভাঙি ধন সোপাকে লৈ যায়, মন্দিৰৰ মূৰ্তি দাঙি লৈ যায়, গেৰেজৰ পৰা গাড়ী উলিয়াই নিয়ে, ফুলনিৰ ফুল নিতৌ ছিঙি নিয়ে চোৰে৷ ইহঁতবোৰৰ খবৰেই নাই৷ দুৰ্বলীৰ ওপৰত হ’লে বৰমতা! ছাগলী, কুকুৰা পোৱালিবোৰক দৌৰাই দৌৰাই কমখন হায়ৰাণ নকৰেনে? খঙেই উঠে৷

মনত আছে, সৰুতে আমি ভাই-ভনীকেইটায়ো আনিছিলোঁ এবাৰ, ক’লা-বগা মৰমলগা কুকুৰ পোৱালি এটা৷ নোদোকা মতা কুকুৰ৷ ট্ৰেইনিঙো আৰম্ভ হৈ গৈছিল তাৰ৷ আমি গোটেইকেইটাই ৰিংমাষ্টাৰ৷ কিন্তু কি হ’ব? মাৰ যিহে চিৎকাৰ! পৰিৱেশ প্ৰদূষণকাৰী সেই চিঞৰকেইটাৰ কবলত পৰি চখটো সমূলি বিসৰ্জন দিবলৈ বাধ্য হ’লোঁ৷ জীৱনত আৰু গঢ় লৈ নুঠিল সেই চখ, সেই বিলাস৷ বিপৰীতে, কুকুৰভীতিয়েহে নিজকে কাবু কৰিলে জীৱনভৰ৷ কুকুৰ বুলিলেই ‘চাবধান’ থকা হ’লোঁ৷ কুকুৰ পোহা মানুহ বুলিলে সেইঘৰলৈ যাবলৈকে পিছ হুঁহকা হ’লোঁ৷ সোমোৱাৰ আগতেই এশবাৰ চিন্তা কৰোঁ৷ ‘ঐ তহঁতৰ কুকুৰ বান্ধ’ বুলি পোনেই কৈ দিওঁ আৰু প্ৰতিপলে সষ্টম হৈ ৰওঁ৷ কিবা যেন সহজ হ'ব নোৱাৰা হৈ পৰোঁ!

কুকুৰ থকা ঘৰলৈ পৰাপক্ষত নাযাওঁৱেই যদিও এবাৰ আমোদজনক ঘটনা এটা ঘটিল৷ এতিয়া আমোদজনক বুলিছোঁ যদিও তেতিয়া পিছে জীৱন যায় যায় ধৰণৰহে আছিল৷ বিশেষ দৰকাৰ এটাত পৰি কলিতা খুৰাৰ ঘৰ পালোঁগৈ৷ চৌহদৰ মস্ত গে’টখন খুলি সোমাই গ’লোঁ৷ এচুকৰ পৰা চিধাই ওলাই আহিল নহয় ব্লেক ড’বাৰমেন এটা৷ মোৰ হাতত খবৰ নাছিল যে তেওঁ তেনেকুৱা এটা পুহিছে৷ গে'টতো কোনাে ইণ্ডিকেচন নাই৷ নহ'লে কিছুমানৰ ঘৰত 'কুকুৰৰ পৰা সাৱধান' ধৰণৰ ফলক লাগি থকা দেখোঁ৷ ‘মা, মৰিলোঁ!’ দেখিয়ে ধাতু উৰি যোৱাৰ উপক্রম হ’ল৷ ড'বাৰমেন! এইবিধৰ বিষয়ে ভালকৈ জনা আছে মোৰ৷ খুৰাৰ তাৎক্ষণিক উপস্থিতিয়ে ভাগ্যক্ৰমে পৈত্ৰিক প্ৰাণটো বচালে৷ নহ’লে সেইদিনাই ফালিলেহয় মোৰ টেঁটেৰা দেহা৷ তেতিয়াৰ পৰা আৰু সেইফালে মুখ কৰা নাই৷ যি কথা আছে ফোনত হ’ব৷ কেৱল কলিতা খুৰাৰ ঘৰতেই নহয়, কুকুৰ থকা মানুহৰ ঘৰত আৰু যোৱাত নাই ভাই৷ মা কচম৷ কাণত ধৰিছোঁ৷

কুকুৰে-মানুহে একেলগে সনা-পিতিকা হৈ কিছুমান মানুহে কেনেকৈযে বাস কৰে, ভাবি নাপাওঁ৷ বিলাসী গাড়ীত সুন্দৰী কুকুৰণীয়ে ডিঙি উলিয়াই বতাহ খাই যোৱাও দেখিছোঁ৷ প্ৰাতঃভ্ৰমণতো প্ৰায়ে পাওঁ, এটা ল’ৰাই ডিঙিত বে’ল্ট বন্ধা দুটা কুকুৰ শিকলিৰে টানি লৈ ফুৰায়৷ হগুৱায়৷ মূতুৱায়৷ তাহাঁতৰ হোৱালৈ সি ৰৈ থাকে এপৰ ধৰি৷ কিহবাত এবাৰ পঢ়িছিলোঁ, হাতত গ্লোভছ পিন্ধি বোলে কুকুৰটোৰ পিছে পিছে ল’নত ঘূৰি ফুৰে কোনোবা এজন কুকুৰৰ মালিকে৷ কুকুৰে মল ত্যাগ কৰে৷ গৃহস্থই নিজহাতে সেয়া পেলায়! এক প্ৰভুভক্ত, এক কুকুৰভক্ত৷ আমি সৰুৰে পৰা শুনা আৰু দেখা কথাটো আকৌ আছিল যে সৰু ল’ৰা-ছোৱালীয়ে চোতালতে পায়খানা কৰে, ঘৰৰ কুকুৰটোৱে খায়৷ এতিয়া কিবা ওলোটা নিয়ম দেখোন! আনহাতে, নিজে নাখালেও কুকুৰৰ কাৰণে ডেইলী মাংস কিনা মানুহো পাইছোঁ৷ সন্তান আৰু পৰিবাৰক মাছ-মাংস নুখুৱালেও কুকুৰলৈ আনিবই৷ দেহিঐ, অমাতৰ জীৱ এটাৰ প্ৰতি ইমানযে প্ৰেম! স্বৰ্গযাত্ৰাত যুধিষ্ঠিৰৰ আগে আগে কুকুৰ এটা যোৱাৰ ছবিখনলৈকো মনত পৰে৷ সঁচা-মিছা নাজানো৷ পিছে সেইবুলিয়ে কুকুৰক ইমান আসৈ দিব নোৱাৰি দেই৷ ‘ছল পালে কুকুৰে ডিঙিলৈকে জঁপিয়ায়’ বোলা এষাৰ কথা আছে৷ কামোৰ খোৱা দিনটো, বেজীৰ খোঁচকেইটা হ’লে মোৰ মনত আছে এতিয়াও৷

আজিও, কথা নাই বতৰা নাই ক’লাকৈ লাহী কুকুৰণী এজনী আগুৱাই আহিছিল৷ ঔচ ঔচ ক’মনে ছেই ছেই ক’ম, মুহূৰ্ততে ভাবিলোঁ৷ এই মোক চেলেকাৰ মতলব কৰিছে নেকি? নে কামুৰিব? শত্ৰু বুলি ভাবিছে নেকি? নে মিত্ৰ? এইচ.এম.ভি.ৰ গৰাকী বুলিও চাগৈ ভুলতে ভাবি ল’ব পাৰে৷ একো ধৰিব নোৱাৰি৷ বিশ্বাসটো কেতিয়াবাই ভংগ হৈছে মোৰ৷ কেৱল সজ্ঞানে লক্ষ্য কৰি আছোঁ গতি-বিধি৷ বেছি তেৰি-মেৰি কৰিলেই গোৰ শোধাম, গম পাই যাব বাপ্পেকে৷ ভৰিত জোতা আছে যেতিয়া সাহস অকণমান মোৰো হৈছে৷ তাই হিংসুক হ’লে মই কি চাই থাকিম? খুন কা বদলা খুন৷ আগতে এবাৰ তেজ উলিয়াই দিলতো একো নকৰিলোঁ৷ এৰি দিলোঁ৷ এতিয়া ময়ো ডাঙৰ হৈছোঁ, বুজা হৈছোঁ৷ এনেকুৱা এটা কিক্ দিম যে নৰ্দমাত চিতভেংলা খাই পৰি থাকিবগৈ৷ তাইৰ মতি-গতি ভাল নেদেখি ফাৰ্ষ্ট ৱাৰ্নি হিচাপে ‘ঐ, যাঃ’ বুলি দম এটা দি দিলোঁ৷ মোৰ পিছে পিছে আহি আছিল মাক-জীয়েক এহাল৷ সাৱধানবাণী শুনি জীয়েকে মিহিকৈ সুৰ লগাই মাতিলে, ‘ডলী... গ’ গ’’৷ বুজিলোঁ, এইজনী ডলী৷ দেখিছোঁ ইহঁতে আজিকালি মানুহৰ নামবোৰো অধিকাৰ কৰি ল’লে! ৰামু, সম্ৰাট, পপী, ৰাণী, ডলী, আৰু কত কি! চব লৈ ল’লে! কোঁচ, কান্ধ, চোফা চেট, বিছনাটো আগতেই ল’লে৷ ইংৰাজী ভাষাটোও আয়ত্ত কৰি পেলালে!

আমি স্কুলত পঢ়ি থকা দিনত, বিশেষকৈ কুকুৰ-টেঙীয়া সংগীবোৰৰ মাজত কুকুৰক লৈ চলা গালিবোৰৰ খুব প্ৰচলন আছিল৷ খং উঠিলেই হ’ল, ‘কুকুৰ চাল্লা’, ‘কুত্তা কা বাচ্চা’; ‘চা-আ-ল-লা কুকুৰ পোৱালি’৷ কিবা জগৰ লগালেই হ’ল, ‘চিনি পোৱা নাই, ঐ কুত্তা’৷ ৰিণিকি ৰিণিকি মনত পৰাৰ ভিতৰত এনেকুৱা এষাৰো আছিল, ‘কুত্তা কা বাচ্চা, কভি নেহী আচ্ছা, জ’ হ্যায় আচ্ছা, ৱ’ ভি কুত্তা-কামিনা৷’ কিনো অৰ্থ বহন কৰিছিল নাজানো৷ প্ৰকাশ কৰা হৈছিল কিন্তু সুৰ লগাই৷ অনামী ৰচকৰ সেই সৃষ্টিবোৰৰ প্ৰচলন বা ব্যৱহাৰিকতা আজিকালি কেনেকুৱা পৰ্যায়ত আছে গম নাপাওঁ৷ আনহাতে, এবাৰ বয়সত ডাঙৰ কোনোবা এজনে তেওঁতকৈ সৰু কোনোবা এটাক বুজাই আছিল, ‘কুত্তা কা বাচ্চা’ বা ‘কুকুৰ পোৱালি’ বুলি কাকো নক’বি দেই৷ অধম আৰু নীচ অৰ্থত আমাৰ ভাষাত মানুহক ‘কুকুৰ’ বুলি গালি পৰাৰ দস্তুৰ এটা আছে হয়৷ পিছে ‘কুকুৰ পোৱালি’ বুলি ক’লে গালি পৰাজনৰ মাক-বাপেকক অট’মেটিক কুকুৰ-কুকুৰণী আখ্যায়িত কৰা হয়৷ তোক যদি ‘গাহৰি পোৱালি’ বুলি কোনোবাই কয়, তই কেনে পাবি? তোৰ মাৰ-দেউতাৰ জানো গাহৰি? হুঁ?’ সৰুটোৱে একো নামাতি তলমূৰকৈ আছিল৷

No comments:

Post a Comment