লৌহিত্যৰ হট্ স্প্ৰীঙত গা ধোৱাৰ মজা
(ভ্ৰমণ কাহিনীৰ এছোৱা)
চ’ত-ব’হাগৰ সন্ধিক্ষণ৷ পাহাৰীয়া ট্ৰেক অনুসৰণ কৰি ডং মালভূমিৰ পৰা নামি আছোঁ৷ দেহৰ সঞ্চালনাত পুৱাৰ ঠাণ্ডা ভাবটো তেতিয়ালৈ ভালেখিনি স্তিমিত হৈছে৷ পেটৰ ভিতৰত ভোক এটাহে চৰি আহিছে৷ ব্ৰহ্মপুৱাতে খোৱা এপিয়লা ৰঙাচাহ আৰু মেৰী বিস্কুত দুখনৰ বাহিৰে জেগাত একো এটা পৰা নাই৷ থিয় পৰ্বতৰ পাদদেশত সৌৱা ডং ভিলেজ৷ যি হয় হ’ব বুলি প্ৰথমেই পোৱা ঘৰটোতে সোমাই দিলোঁ আমি৷ বাট বিচাৰোঁতে কিছু বেলি হ’ল যদিও উলিয়াবলৈ সক্ষম হ’লোঁ৷
গৃহস্থৰ নাম টপদেন মেয়ৰ৷ পৰিবাৰ পেটমা৷ পুতলাসদৃশ, মৰমলগা সৰু সৰু সন্তান এহাল৷ পাইন কাঠৰ ঘৰটো৷ চৌহদত নানান ফুলে জকেমকাই আছে৷ কাঠৰ মজিয়াত লেপেটি কাঢ়ি বহি বিশ্ৰাম ল’লোঁ৷ কিনো ভাগ্য আছিল জানো, শুকান চিৰাকেইটামান তাতে চোবাবলৈ পালোঁ! বিহুৰ বতৰত পেটমাই আগ বঢ়োৱা সেই খাদ্য আমাৰ বাবে ভগৱানৰ আশীৰ্বাদ বুলিয়ে ধৰিলোঁ৷ বিহু (!) খাই পুনৰ ট্ৰেকিং৷ লোহিতৰ ওপৰৰ হেঙিং ব্ৰীজখনৰ সোঁমাজ পালোঁহি৷ অলপ অলপকৈ দুলি আছে সাকোঁখন৷ তাৰ ঠিক তলতে দুখন নৈৰ মিলন ঘটিছে৷ এখন ঠাণ্ডা, এখন গৰম৷ প্ৰকৃতিৰ কিযে লীলা! প্ৰথমখন খৰস্ৰোতা লোহিত, ইখন গহীন-গম্ভীৰ হট্ স্প্ৰীং৷
আজি আমি এই হট্ স্প্ৰীঙত গা ধুম৷ লোহিতৰ কম পানীৰ ধাৰ এটা বৈ আহি গৰম পানীৰ জুৰিটোৰ সৈতে অলপমান আগত মিলিছে৷ গৰম আৰু ঠাণ্ডাৰ ধাৰ দুটা য’ত লগ হৈছে তাৰ পানীখিনি কুহুমীয়া৷ সেই সংগমস্থল উদ্ঘাটন কৰি কালি আমি মহা আনন্দেৰে গা ধুইছিলোঁ, হেলমেট টপৰ পৰা নামি আহি৷ জীৱনত আগেয়ে ক’তো, কাহানিও নোপোৱা অভিজ্ঞতা এটা৷
বহু সময় জুৰি গা ধুইছিলোঁ কালি৷ সাঁতুৰিব নাজানো যদিও যথেষ্ট সাৱধানতা আছিল৷ আগতেই চাই লৈছিলোঁ, সোঁত কিমান খৰ, পানীৰ গভীৰতা কিমান, উটুৱাই নিব পাৰিব নেকি মোক, নিলে কিমান নিব, ক'লৈ নিব, কি হ’ব-নহ’ব, ইত্যাদি ইত্যাদি৷ তলিখন সৰু সৰু গোলাকাৰ শিলগুটিৰে ভৰা৷ কালি সেই নিৰ্দিষ্ট ঠাইখিনিয়ে বাছি লৈছিলোঁ আমি৷ ইকাটি হ’লে ঠাণ্ডা, সিকাটি হ’লে গৰম৷ মাজত কুহুমীয়া৷ বেলেগ ধৰণৰ মজা এটা৷ আগতে ক’তো দেখা নাই, পোৱা নাই৷ হেঁপাই পলুৱাই কৰা জলকেলিৰ পিছত এটা সময়ত উঠি আহিছিলোঁ৷ বান্দৰে পিঠা ভগোৱাৰ অবিকল ৰূপত অনিলদাই কাগজত মেৰিয়াই ৰখা মোৰ ভাগৰ ৰাতিপুৱাৰ তিনিখন শুকান ৰুটি আৰু সামান্য আলুভাজিকে চাৰিভাগ কৰিছিল প্ৰকাণ্ড শিল এটাৰ ওপৰত বহি৷ স্ফূৰ্তি কৰি তাকে খাই লৈ গাড়ী এৰি দিছিলোঁ নামতি প্লেইনচ, কিবিথো, কাহোৰ ভাৰত-চীন সীমান্তলৈ বুলি৷ আজি এয়া আন এটা গুৰুত্বপূৰ্ণ দিন৷ ডঙৰ পোন্ধৰ বছৰ পুৰণি সপোনটো পূৰা কৰিছোঁ সেউজীয়া পাইন আৰু সোণোৱালী বননিৰ যুগলবন্দীৰ ছবি বুকুত সামৰি৷ মনটোৱে অবিৰতভাৱে নাচিব লাগিছে৷ ঘূৰি ঘূৰি ওঁঠত ভাহিছে সন্ধ্যা মেননে গোৱা গীতটোৰ সেই একেটাই কলি... 'নাম দিলে ডং যাৰ আকাশে আজি'৷
কথা আছিল যে আজি গৰম পানীত নামিম৷ ঠিকছে গা ধুম৷ এয়াই শেষ সুযোগ৷ এয়াই আজিৰ সিদ্ধান্ত৷ ইতিমধ্যে ওলোমা দলং পাৰ হৈ লোহিতৰ বুকুত সোমাই পৰিছোঁ৷ নদীপৃষ্ঠৰ বালিত নিজৰ নিজৰ খোজ ৰাখি ৰাখি, শিলাময় খণ্ডৰ কাষলৈ গৈ পায়েই দেখিলোঁ, ঠিক যেন এটা চৌবাচ্চা! শিলগুটিৰে ঘেৰা প্ৰাকৃতিক চৌবাচ্চাটো৷ কাষৰে-পাজৰে অসংখ্য বুদবুদ৷ ধোঁৱা ওলাই আছে উপৰিভাগৰ পৰা৷ গন্ধকৰ গোন্ধ এটাও উৰি আহি নাকত লাগিছেহি৷ পানী বৰ বেছি কলাফুল পৰ্যন্ত৷ সাঁতোৰৰ জ্ঞান নাথাকিলেও চিন্তা কৰিবলগীয়া একো নাই৷ শুভ্ৰ বালিত পোত খাই থকা প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ তলেৰে নিগৰি অহা কিছুমান জলধাৰা৷ নামনিৰ দিশে বৈ গৈছে৷ কিছু আগত লোহিতৰ সোঁতত বিলীন হৈছে৷ গা ধুবৰ বাবে বৰ সুবিধাজনক ঠাই৷ স্থানীয় মেয়ৰ, মিছিমি আবাসীসকলে এই ব্যৱস্থাৰেই স্নান কাৰ্য কৰে৷ ঠাণ্ডা ঠাই, প্ৰকৃতিয়ে প্ৰসন্নচিত্তে দান দিয়া গৰম পানী! ইয়াতকৈ আৰু লাগিছে কি?
ট্ৰেকিং ড্ৰেছযোৰ সোলোকাই শিলৰ ওপৰত থ’লোঁ৷ কান্ধত অনৱৰতে কঢ়িয়াই লৈ ফুৰা আংগামী মোনাটোত ভৰাই নিয়া হাফপেণ্টটো পিন্ধি লৈ লাহেকৈ চৌবাচ্চাটোত নামি দিলোঁ৷ সঞ্জু, অৰুণদা, পেটেলে ইতিমধ্যে অৱস্থান কৰিছেই৷ আঃ! গৰম৷ পানীৰ উষ্ণতাই কিছু সময়লৈ দেহত পোৰণি তুলি থাকিল৷ হট ৱাটাৰ থেৰাপী! লাহে লাহে সহ্য কৰিব পৰা হ’লোঁহি৷ ইলুটি-সিলুটিকৈ বহু পৰ জলক্রীড়া চলিল৷ ঘুলিত লেটি লৈ থকা ম’হৰ দৰে পৰি থাকিলোঁ, আমি গোনা-মতাকেইটা৷ তলমুৱাকৈ, ওপৰমুৱাকৈ, সোঁকাটিহৈ, বাওঁকাটিহৈ, পদ্মাসনত বহি, ভিন্ন ভিন্ন পজিচনত৷ উৱা! চাবোন মৰাৰো কোনো দৰকাৰ নাইচোন৷ গাৰ ছাল আপোনা-আপুনি চিকচিকীয়া হৈ পৰিছে, জেউতি ওলাইছে দেহৰ পৰা৷ বুজি পালোঁ, অলপ আগতে দেখি অহা মিছিমি-মেয়ৰ ছোৱালীবোৰৰ মূৰৰ চুলি, গাৰ ছাল কিয় ইমান উজ্জ্বল৷
মুকলিত গা ধুই আগৰে পৰাই ভাল পাওঁ৷ যিমান টাইলচ-গিজাৰ-শ্বাৱাৰ ফিটিং নাথাকক, বাথৰুম নামৰ বন্ধ কোঠাটোৰ ভিতৰত কিহবাই হেঁচা মাৰি ৰখা যেনহে লাগে মোৰ৷ বিপৰীতে, এয়া চৌপাশে নয়নাভিৰাম প্ৰাকৃতিক শোভা৷ মুক্ত প্ৰকৃতি, মুক্ত মন৷ ভাৰতৰ পূব মূৰৰ উল্লেখযোগ্য নৈ লোহিতৰ বুকুত আমি৷ প্ৰকৃতিপ্ৰদত্ত বাথটাব এটাত সোমাই আছোঁ অথনিৰে পৰা৷ না ম’বাইল ফোন বাজিব, না কাৰোবাৰ চামন আহিব৷ কোনো যান্ত্ৰিকতা নাই৷ কোনো টেনচন্ নাই৷
উঠি আহিবৰ মন নাছিলেই বুইছেনে? ডঙৰ স্বৰ্গীয় নৈসৰ্গিকতাই মন-প্ৰাণ ভাবিব নোৱাৰা ৰূপত উদ্বেলিত কৰি ৰখাৰ পিছত অনুভৱ হৈছিল, সেউজীয়া লোহিতৰ বুকুতে এয়া যেন আটাইতকৈ সুখৰ ঠাই৷
সুখৰ ভাগ আপুনিও লওক৷ এতিয়াই কৈ থওঁ, কেতিয়াবা সেই স্পটলৈ গ’লে হাতত আপুনি অপৰ্যাপ্ত সময় লৈ যায় যেন৷ খৰ-ধৰ নকৰিব৷ খৰ-ধৰত সুখ নাই৷
No comments:
Post a Comment