Thursday, 14 May 2015

টেকেলীফুটা ঘাটৰ 
জীয়া জীয়া বচা মাছকেইটা
(ভ্ৰমণৰ ইটো-সিটো)


শদিয়া-ছৈখোৱা পাৰঘাটত মাছ ভাজিৰে ভাত এসাজ দকচি খোৱাৰ ইচ্ছা এটা অনিলদা, অৰুণদা আৰু সঞ্জুৰ মনৰ অভ্যন্তৰত তেতিয়াই প্ৰৱল হৈ উঠিছিল যেতিয়া ৰ’য়িঙৰ পৰা শান্তিপুৰ গে’টেৰে অৰুণাচল এৰি অসমৰ শদিয়া-ধলা হৈ গুঁইজানলৈ বুলি যাত্ৰাপথটো চূড়ান্ত কৰিলোঁ৷ বানবিধ্বস্ত শদিয়াৰ কেঁচা ৰাস্তাৰে আহি আহি আমি ঘাট পালোঁহি৷ ভাগ্য ভালেইনে বেয়াই আছিল নাজানো, চিধাই গাড়ীখন ফেৰীত উঠোৱাৰ সুযোগ মিলি গ’ল৷ ফলত শদিয়াৰ পাৰে মাছ-ভাত খোৱাৰ মুদা মৰিল৷ অনতিপলমে ব্ৰহ্মপুত্ৰৰ বুকুৰে আৰম্ভ হৈ গ’ল জলযাত্ৰা৷ মাছ-ভাতৰ ছবিখনো মনৰ ভিতৰতে থাকি গ’ল গুজৰি-গুমৰি৷ ঘাটত ইলুটি-সিলুটিকৈ ভাজি থকা মাছ, তাৰ লগত গৰম গৰম ভাত৷ কথাটোৱে ঘনাই অশান্তি দিবলৈ ধৰিলে তিনিও সহযাত্ৰীক৷ ছেগ বুজি ময়ো মাজে মাজে তেওঁলোকক জোকাই থাকিলোঁ৷ আমি নিৰামিষ৷ মাছ-মাংস-কণীৰ লগত মনত পৰাৰ দিন ধৰি কাৰবাৰ নাই৷


সিপাৰে ছৈখোৱা৷ ফেৰীখনে ঘাট চুলেগৈ৷ আমাৰ ক'লা স্কৰপিঅ'খন তেতিয়াও ফেৰীৰ পৰা নমাই নাই৷ মাটি পায়েই বিচাৰ-খোঁচাৰ আৰম্ভ হৈ গ’ল মাছৰ৷ ক’তো কেনিও পিছে মাছ ভাজি থকা এজনকো দেখা নগ’ল৷ আগ বাঢ়ি অনিলদাই হোটেলে হোটেলে গৈ ডেকচিবোৰৰ ঢাকোন দাঙি দাঙি চালেগৈ৷ দোকানীয়েও চাগৈ ভাবিলে, কি মানুহ আহিল এইটো? আগৰে ভজা মাছ পোৱা গ’ল, অৰ্ডাৰ দিয়া হ'ল৷ কিন্তু ভবা ধৰণে খাই সুখ পোৱা নগ’ল৷ ফলত আশাটো সম্পূৰ্ণ নহ’ল এজনৰো৷ থাকিল তেনেকৈয়ে৷

কম দিনৰ ভিতৰতে আকৌ এটা সুযোগ মিলিল৷ ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত ফাট বিহু চোৱাৰ মানস৷ তাৰ পৰাই চিধা টেকেলীফুটা ঘাট৷ ঘাটৰ মাছ-ভাজিৰ কথা আগৰে পৰাই কৈ কৈ লোভ লগাই আছিলোঁ৷ আনহাতে, ‘মাছ চিনা, ৰন্ধা আৰু খোৱাত বাঙালীৰ আগত কোনো হ’ব নোৱাৰে’ বুলিও চলতি কথা এষাৰ নথকা নহয়৷ গতিকে ঘাট পায়ে পুনৰবাৰ অনিলদাকে দায়িত্ব দিয়া হ’ল মাছৰ তলানলা লোৱাৰ৷ ছৈখোৱাৰ অভিজ্ঞতাৰে পুষ্ট অনিলদাই চালিৰ তলৰ হোটেলত সোমাই আগৰ দৰেই কেৰাহীৰ ঢাকোন উদঙালেগৈ৷ ভজা মাছ আছে৷ চলি যাব৷ কিন্তু তাতোকৈ সুখ আৰু সৌভাগ্যৰ কথা হ’ল, ডেকচি এটাৰ ভিতৰত পাই গ’ল জীয়া জীয়া বচা মাছ সাতোটা! ছটফটায়ে আছিল তেতিয়া৷ বিজয়ৰ হাঁহি এমোকোৰা মুখত লৈ ডেকচিটোকে অনিলদাই আনিলে উঠাই, আনে যাতে লৈ ল’ব নোৱাৰে, তেনে ভাবত৷ অলপ পিছতেই কাটি-বাছি-ভাজিবৰ নিৰ্দেশ৷ ছৈখোৱাৰ পোতকটো যেন টেকেলীফুটাত সুতে-মূলে লৈ ল’ব, মতলবটো তেনেকুৱাই দেখা গ'ল৷ দাম-দৰৰ কথা নাই৷ পিছত যি হয় হ’ব৷ মাছ মুঠতে এৰাত নাই৷


বৰলুইতৰ পাৰত প্লাষ্টিকৰ চালিৰ তলত মনোজ পেগুৰ হাতে ৰন্ধা মাছে-ভাতে উদৰ পূৰাই উঠি আহোঁতে বেলি পশ্চিমত৷ ইফালে পাবগৈ লাগে জোনাই৷ ছৈখোৱাত পূৰণ নোহোৱা আশাটো অৱশেষত পূৰ হ’ল যেনিবা টেকেলীফুটাত৷ নহ’লে জীৱনলৈ খেদ এটা থাকি গ’লহেঁতেন কিজানি৷ মন কৰিলোঁ, ছৈখোৱা ঘাটৰ মাছ-ভাত সাজৰ কথা ওলালে আগতে জঁই পৰি যোৱা অনিলদা, অৰুণদাৰ মন আৰু মুখকেইখন সজীৱ কৰি তুলিলে টেকেলীফুটাৰ বচা মাছকেইটাই৷ গোগামুখৰ পুৰণি বন্ধু সন্দিকৈৰ উপস্থিতি আৰু আন্তৰিক সহযোগিতাই মুহূৰ্তকেইটা পাহৰিব নোৱাৰা কৰি থ'লে৷

আমি নিৰামিষ মানুহ৷ চাই চায়েই আনন্দ লভিলোঁ৷

No comments:

Post a Comment