এটা পেছাৰ কথা কওঁ...
ভাৰতৰ পূব-অৰুণাচলত, আমাৰ পৰা মাথো কেইশমান কিল’মিটাৰ নিলগতে দৰ্শনীয় ইমানবোৰ
থলী একেলগে থুপ খাই আছে যে তালৈ গৈ অহাৰ পিছ মুহূৰ্তৰে পৰা এতিয়ালৈ তাকে ভাবিয়ে আছোঁ,
ভাবিয়ে আছোঁ৷ এই লৈ কোনে কি ধৰণৰ চিন্তা-চৰ্চা কৰি আছে নাজানো৷ সদ্যহতে তাকে ভিত্তি
কৰি মোৰ মনলৈ অহা এটা পেছাৰ বিষয়ে ব্যক্ত কৰিব খুজিছোঁ৷ জীৱিকা সলনি কৰাৰ ইচ্ছাত নিজেও
তেতিয়াৰে পৰাই হাবুডুবু খাই আছোঁ অৱশ্যে৷ মই বিশ্বাস কৰোঁ যে কিবা এটা কৰি চলি আছোঁ বুলি সেইটোতেইযে জীৱনভৰ
লাগি থাকিব লাগিব তাৰ কি মানে আছে? বৃত্তি সলনি কৰাটোত একঘেয়ামীৰ পৰা মুক্তি, জীৱনৰ
নতুন প্ৰত্যাহ্বান, শিক্ষা আৰু বিচিত্ৰ অভিজ্ঞতাৰ লগতে স্বাধীনচিতীয়া মনৰ বাধাহীন বিচৰণৰ আনন্দ নিহিত হৈ আছে৷ এই পৰ্যন্ত নিজে তিনিবাৰকৈ বৃত্তি সলনি কৰি পোৱা হেতুকে এইষাৰ ডাঠি ক’ব পাৰিছোঁ৷
এইবাৰ ব'হাগ বিহুত উক্ত অঞ্চলসমূহত কৰা মোৰ ভ্ৰমণ প্লিজাৰ
ট্ৰিপ বা বিলাস-ভ্ৰমণ মুঠেই নাছিল৷ নহ’লে দুৰ্গম স্থান আৰু বিপদসংকুলতা বাছি নল’লোঁৱেইহেঁতেন৷ বৰং সেই পথে যাব
বিচাৰিলোঁ যি পথে সৰহ মানুহ (কোনোবাই ‘অসমীয়া মানুহ’ বুলি কৈছিল) আজিও যোৱা নাই৷ কেনেকৈনো এই প্ৰচলিত ধাৰণাটোক
ভুল প্ৰমাণিত কৰিব পাৰি এতিয়া তাৰে চিন্তা এটা কৰিছোঁ৷
নিজে প্ৰেকটিকেলি যিখিনি পালোঁ আৰু চালোঁ তাৰ ভিত্তিতে
এটা জীৱিকাৰ সম্বন্ধে জনাবলৈ লৈছোঁ৷ তাৰ বাবে পোনতেই লাগিব এখন ভাল গাড়ী৷ ধৰক নিজৰ
স্কৰপিঅ’ এখন৷ তাৰ পিছৰ কথাবোৰ হ'ব এনেকুৱা...
১. আপুনি গাড়ী চলাব জানিব লাগিব৷ আন বহুতৰ দৰে
আপুনি কেৱল গাড়ীখন ৰাস্তাৰ ওপৰেৰে পাৰ কৰাই নিব জনাটোৱেই নহয়, কাৰিকৰী কথা আৰু প্ৰয়োজন
অনুপাতে মেৰামতিৰ জ্ঞানো থাকিব লাগিব৷ কাৰণ আপুনি য’লৈ যাব তাত বিচাৰিলেই গেৰেজ বা মেকানিক নাই৷ ধৰক
আপুনি এজন শিক্ষিত, সাহসী আৰু কুশলী ড্ৰাইভাৰ৷ পানী ফালি, পাহাৰীয়া বোকা খচকি নিৰ্বিঘ্নে
ওলাই যাব লাগিব আপুনি৷ লাইচেন্স, পাৰ্মিট, কাগজ-পত্ৰ সকলো থাকিব লাগিব আপ-টু-ডেট যাতে ক'তো কোনেও অনাহকত ৰখোৱাৰ সাধ্য নাই৷
২. দুৰ্গম পাহাৰত ড্ৰাইভিং কৰাত আপোনাৰ ৰুচি থাকিব
লাগিব৷ তাৰ বাবে ভিতৰি লাগিব এটা এডভেন্সাৰাচ মাইণ্ডছেট৷ ড্ৰাইভিং হ’ব লাগিব আপোনাৰ প্ৰিয় হ’বী৷ ইটোৰ পিছত সিটো এল টাৰ্ণ, এছ টাৰ্ণ, ইউ টাৰ্ণ, জেদ টাৰ্ণ পাৰ হৈ যাব লাগিব আপুনি৷ উচ্চতা-ভয় থাকিব নালাগিব৷ প্ৰয়োজন অনুপাতে হিল ট্ৰেকিং
কৰাৰো অভ্যাস লাগিব৷ খাদ্যকে ধৰি প্ৰয়োজনীয় বস্তু-বাহানি মজুত থাকিব আপোনাৰ গাড়ীত৷
৩. আপুনি কেৱল ড্ৰাইভাৰেই নহয়, আপুনি এজন শেহতীয়া
তথ্যৰে পৰিপুষ্ট, অধ্যয়নশীল আৰু দক্ষ গাইডো৷ ৰাস্তাৰ দুকাষৰ ঠাইসমূহ, নৈ-নিজৰা, পাহাৰ-জলপ্ৰপাত, দলং, পথ-উপপথৰ নামকে ধৰি অঞ্চলটোৰ ভূগোল, বুৰঞ্জী আপোনাৰ আয়ত্তত থাকিব লাগিব৷ জনগোষ্ঠীয়
কলা-সংস্কৃতি, উৎসৱ-পাৰ্বণ, পোছাক-পৰিচ্ছদ, খাদ্য-পৰম্পৰা, জীৱন-শৈলী সম্বন্ধে জ্ঞাত
হ’ব লাগিব৷ পৰিৱেশ পৰ্যটন সম্পৰ্কীয়
কথাবোৰ, ক’ত হিল কেম্প আছে, ক’ত ইক’ লজ আছে, ক’ত ৰিজৰ্ট আছে, হোম ষ্টে’ ক’ত পোৱা যাব, মেয়ৰ টি ক’ত পায়, খামতি মোনা বা মিছিমি
দা ক’ত পাব, কোনটো কেঁকুৰিত কেতেকী ফুল ফুলি আছে, কমলা টেঙা কোনখিনিত ছিঙিব পাৰিব সেয়া আপোনাৰ নখ দৰ্পণত
থাকিব লাগিব৷ যোগাযোগো থাকিব লাগিব সেইমতে৷
৪. আপোনাৰ ভাষাজ্ঞান থাকিব লাগিব৷ ইংৰাজী, হিন্দী,
অসমীয়াৰ উপৰি অন্যান্য স্থানীয় ভাষা যেনে খামতি, মিছিমি, মেয়ৰ (জাখ্ৰেং)৷ আনকি তলে তলে চীনা
ভাষাও আয়ত্ত কৰাৰ যত্ন এটা থাকিব৷ ‘পূবলৈ চোৱা নীতি’ অনুক্রমে পূবৰ দুৱাৰ খোল খালে ভাষা জনা বাবেই আনতকৈ আগতে
আপোনাৰ ভাগ্যৰবি উদয় হ'ব ভাবিব নোৱাৰা ধৰণে৷
৫. আপুনি কেৱল ড্ৰাইভাৰ বা গাইডেই নহয়, আপুনি এজন
পাৰ্গত ফটোগ্ৰাফাৰো৷ নিজৰ হাতত ভাল কেমেৰা থকাৰ উপৰি আপুনি যিকোনো কেমেৰা অ’পাৰেট কৰিব পৰা, স্থিৰ ফটো আৰু
চলমান ফটো দুয়োটাই সুন্দৰভাৱে তুলিব পৰা হাত আৰু দৃষ্টিভংগীৰ গৰাকী হ’ব লাগিব৷
৬. আপুনি ড্ৰাইভাৰ, গাইড বা ফটোগ্ৰাফাৰেই নহয়, আপুনি নিজেই নিজৰ এডভাৰ্টাইজাৰ৷ ৰোমাঞ্চকৰ কাহিনী, ভ্ৰমণ ডায়েৰী লিখাত আপোনাৰ দখল থাকিব লাগিব৷ কৌতূহলী আৰু সৃষ্টিশীল
মনৰ লোক হিচাপে বাটে-পথে পোৱা অভিজ্ঞতাসমূহক নিৰ্মোহ আৰু সাৱলীলভাৱে লিখিত ৰূপ দান কৰি কাকত-আলোচনীত প্ৰকাশ কৰাতো সিদ্ধহস্ত হ’ব লাগিব৷ আপোনাৰ গাড়ীত থাকিব
দৰকাৰী কিতাপ, লিফলেট্, বুকলেট আৰু যন্ত্ৰ য’ত শেহতীয়া আৰু শুদ্ধ তথ্যপাতি, ফটোগ্ৰাফ, ৰ’ড-মেপ, দূৰত্ব, অৱস্থিতি ইত্যাদি থাওকতে
পোৱা যাব৷
৭. নিজাববীয়াকৈ কম্পিউটাৰ ছেট এটা থকাৰ উপৰি আপুনি
ম’বাইল, ইণ্টাৰনেট আদিৰ সৈতে অভ্যস্ত হাই-টেক মানুহ হ’ব লাগিব৷
৮. আপুনি এজন প্ৰকৃতিপ্ৰেমী হ’বই লাগিব৷ জৈৱ বৈচিত্ৰ্যৰ
সংৰক্ষণ, সংবৰ্ধনৰ প্ৰতি দায়বদ্ধতা থাকিব লাগিব৷
৯. ভাৰত-চীন সীমান্তক সাৰথি কৰি আপুনি হ’ব লাগিব এজন আগৰণুৱা ট্যুৰ অ’পাৰেটৰ৷ ইনাৰ লাইন পাৰ্মিটৰ পৰা
আৰম্ভ কৰি প্ৰয়োজনীয় অনুজ্ঞা-পত্ৰ, থকা-মেলাৰ বন্দবস্ত ইত্যাদিৰ ব্যৱস্থা কৰি দিব পাৰিব লাগিব৷
১০. ভ্ৰমণকাৰীৰ বাবে সুযোগ-সুবিধা আৰু ইয়াৰ সৈতে
জড়িত সেৱাৰ যোগান ধৰাই কাম আপোনাৰ৷ এই কামত আপুনি ৱান মেন আৰ্মী৷ পৰ্যটনকাৰীক লৈয়ে আপোনাৰ জীৱন আৰু অন্নমুঠি৷ সাংস্কৃতিক,
শৈক্ষিক, সংহতিমূলক, আনন্দদায়ক, ৰোমাঞ্চকৰ, স্বাস্থ্যমূলক, ক্রীড়ামূলক, পৰিৱেশ পৰ্যটন
সম্পৰ্কীয় আপোনাৰ ইতিবাচক চিন্তা আৰু কৰ্মই ইয়াক সম্ভৱ কৰি তুলিব৷
এইখিনি মনলৈ আহি থকাত খোলাকৈ কৈ পেলালোঁ৷ কথা হ’ল, মোৰ গাড়ীও নাই, চলাবও নাজানো৷
কিন্তু মই নোৱাৰিলেও হয়তো আন কোনোৱে এই বৃত্তিক আন্তৰিকতাৰে আঁকোৱালি ল’বও পাৰে৷ আপোনাৰ কামটো হ’ব, কালি উল্লেখ কৰা অৰুণাচল প্ৰদেশৰ
১৫টা পইণ্টলৈ নিজৰ গাড়ীত বহুৱাই, নিজে চলাই, নিজে গাইড কৰি এবাৰত চাৰিজন আগ্ৰহী আৰু
কৌতূহলী পৰ্যটকক কঢ়িয়াই নি বিৰলধৰ্মী ভ্ৰমণৰ সোৱাদ দিয়া৷ ব্যৱসায়িক কথাখিনি একান্তভাৱে নিজৰ৷ সেয়া মোক ক'বও নালাগে, তাত মোৰ কোনো কমিছনৰ অংকও নাই৷ প্ৰচেষ্টাটোত মোৰ ফালৰ পৰা থাকিব মাথো আন্তৰিক শুভকামনা৷
এই বৃত্তিলৈ আপোনাক স্বাগতম আৰু গুড লাক৷
No comments:
Post a Comment