Sunday, 3 May 2015

ভ্ৰমণ কাহিনী লিখিবলৈ লৈ...


হেৰাই যোৱাৰ আনন্দত কেইবাদিনো ধৰি আৱগাহন কৰি নিজৰ পুনৰাবিৰ্ভাৱ ঘটোৱাৰ পিছতে কেইবাজনেও কথাটো গম পাই মোক ভ্ৰমণ কাহিনী লিখিবলৈ হেঁচা মাৰি ধৰিছে৷ নিজৰ পিছে অনুভৱটো হৈছে এনেকুৱা... এই বৃত্তান্ত ঘপৰাই লিখি উলিওৱাটো সহজসাধ্য কাম নহ’ব৷ অন্ততঃ মোৰ পক্ষে৷ যাত্ৰাটোৱেই যেতিয়া অনিৰ্দিষ্টতা-অনিশ্চয়তাৰ সমাহাৰ, তৎক্ষণাতে প্ৰতিবেদন যুগুতোৱাটোও মস্কিলেই৷ পাকৈত লেখাৰুৰ কথা সুকীয়া৷ মোৰ ভ্ৰমণ সংগী অৰুণদা আৰু সঞ্জুৱে ক্রমে বাতৰি কাকত আৰু আলোচনীৰ বাবে লিখি আছে৷ মই লেখক নহওঁ৷ বিক্ষিপ্তভাৱে আংবাং কিবাকিবি কথাৰে সচৰাচৰ কৰাৰ দৰে লেখা-ধেমালি খেলি থাকি নিজে নিজেই আনন্দ লৈ থকাৰহে পক্ষপাতী৷ তথাপি গোপন প্ৰচেষ্টা এটা অব্যাহত ৰাখিছোঁ৷ কিন্তু কেতিয়ামানে হয়গৈ, ভ্ৰমণ কাহিনী বুলিব পৰা কিবা থাকেগৈনে নাই, নাজানো৷ জনা মানুহক সুধিছোঁ, ভ্ৰমণ কাহিনী হ’বলৈ হ’লে কি কি কথা অৱশ্যেই সন্নিৱিষ্ট হ'ব লাগিব? উত্তৰ পাইছোঁ৷ ভাবি মূৰে-কপালে হাত দিছোঁ৷ ইমান দক্ষতা মোৰ নাই৷ তথাপিও, ক’বলৈ লাজেই লাগে যদিও কৈছোঁ, কিবা এটা কৰিব লাগিব দেখিছোঁ, কাৰণ নহ’লে হয়তো আশাভংগৰ পাপে চুব পাৰে মোক৷ আগতীয়াকৈ সকীয়নি দিয়াসকল খড়গহস্ত হ’লেটো এইফালে শেষেই আৰু৷

সদ্যহতে চিন্তা কৰি পাইছোঁ, কেইবাটাও কথাত মোৰ এইবাৰৰ ভাৰত-চীন সীমান্ত ভ্ৰমণটো আছিল বিশেষ তাৎপৰ্যবহনকাৰী৷ মাজতে ধৰি লৈ কওঁ, নামচাইৰ পৰা কাহোলৈ দূৰত্ব বৰ বেছি ৩০০ কিল’মিটাৰ৷ বিশ্বাস নহ’ব যে এই সামান্য দূৰত্বতে আছে ১৫টাকৈ সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক, ভৌগোলিক, ঐতিহাসিক, সামৰিক, অভিযান্ত্ৰিক, আন্তঃৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন তথা তাৎপৰ্যবহুল দৰ্শনথলী৷ আমাৰ দেশৰ আন কোনফালে এই ধৰণে কম পৰিসৰত থুপ খাই থকা ইমান বিচিত্ৰতা আছে মই হ’লে সঁচাকৈ নাজানো৷ এইফালে কিন্তু নিজ চকুৰে দেখা পালোঁ ৷ তালিকাভুক্ত কৰিলে সেইকেইটা হ’ব এনেকুৱা...
১. লেণ্ড অফ গ’ল্ডেন পেগোডা
২. অৰুণাচলৰ অ’ৰেঞ্জ কেপিটেল
৩. পুণ্যতীৰ্থ পৰশুৰাম কুণ্ড
৪. অৰুণাচল প্ৰদেশৰ ভিতৰত দীৰ্ঘতম দলং
৫. মহাবাহু ব্ৰহ্মপুত্ৰৰ যাত্ৰা আৰম্ভণিৰ স্থল
৬. ভাৰতৰ পূব মূৰৰ অন্তিম তেল ডিপ’
৭. চীন-ভাৰতৰ মাজৰ ১৯৬২চনৰ যুদ্ধ থলী
৮. ভাৰবৰ্ষৰ ভূখণ্ডত সূৰ্যৰ কিৰণ প্ৰথমে পৰা স্থান
৯. ভাৰতৰ সবাতোকৈ পূবৰ পথ, য’ৰ পৰা আগলৈ আৰু পথ নাই
১০. উত্তৰ-পূবৰ অন্তিম পূব
১১. ভাৰতীয় সৈন্যবাহিনীৰ একেবাৰে পূব প্ৰান্তীয় ব’ৰ্ডাৰ প’ষ্ট
১২. ব্ৰহ্মপুত্ৰৰ মূল উপনৈ লোহিতৰ ভাৰতবৰ্ষত প্ৰৱেশ দ্বাৰ
১৩. ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অন্তিমখন ভাৰতীয় গাঁও
১৪. লাইন অফ একচুৱেল কণ্ট্ৰ’লৰ সিপাৰৰ ৰঙা চীন
১৫. ১৯৫০চনৰ বৰভূঁইকঁপৰ উৎপত্তি স্থল

এইখিনি মাত্ৰ পূব দিশৰ চীন সীমান্তগামী চুটি পথ এটাৰ সৈতে সম্পৰ্কযুক্ত সমলহে৷ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিয়েই পোৱা নামচাইৰ পৰা ভাৰত ভূখণ্ডৰ শেষৰখন গাঁও কাহোলৈকে ইয়ে দি যায় সীমাহীন মাদকতা৷ সমস্ত চফৰটোত ইয়াৰোপৰি আছে আৰু অনেক কিবাকিবি কথা৷ পিছে, নিজকে শৃংখলাবদ্ধ কৰাটোৱেই হেনো আটাইতকৈ টান কাম৷ ভ্ৰমণ কাহিনী লিখিবলৈ লৈ পদে পদে থমকিবলগীয়া হোৱাৰ কাৰণো সেয়াই৷ সেই শৃংখলাবদ্ধতাকে এতিয়া বিচাৰিয়ে আছোঁ, বিচাৰিয়েই আছোঁ৷

ফিফটিন পইণ্টছ৷ ১৫টা স্পট বা থলী একেবাৰতে৷ এই বিৰল টুৰিষ্ট চাৰ্কিটক লৈ এটা সুন্দৰ পেছা গঢ় লৈ উঠিব নোৱাৰেনে? যাত্ৰাকালৰ অভিজ্ঞতাৰে ক’ব খোজোঁ এতিয়াও গঢ়ি উঠা নাই বুলি৷ পূবৰ এই দৰ্শনীয় সমলখিনিক সাৰথি কৰিয়ে মোৰ মনত খেলাইছে এটা জীৱিকাৰ কথা৷ উনুকিয়ালে হয়তো কাৰোবাৰ কামত আহিব পাৰে বুলি ভাবিছোঁ৷ তাৰ জৰিয়তে হয়তো কাৰোবাৰ জীৱনে নতুন বৃত্তিৰে বিচিত্ৰধৰ্মী গতি এটা ল’বও পাৰে৷ সেয়ে ক’ম বুলি ভাবিছোঁ৷ কাইলৈ৷ প্ৰথমে জীৱন, তাৰ পিছতহে কাহিনী৷ ঠিকে আছেনে?

No comments:

Post a Comment