Wednesday, 27 May 2015

সাহিত্য, ই-সাহিত্য কৰিবলৈ 
কাৰেণ্ট লাগে


আজিকালি সাহিত্য কৰিবলৈ কাৰেণ্ট লাগে৷ কথাটো হয় হয় লাগিছে মোৰ৷ আপুনিবা কি কয়, নাজানো৷

ইফালে আকৌ কাৰেণ্টৰ দুৰৱস্থা৷ জলা-কলা খুৱাইছে দিনে-নিশাই৷ থাকেনো কিমান? নথকাই হৈ পৰিছে দেখোন! অতএব সাহিত্য, ই-সাহিত্য নৰবগৈ যেনেই ভাব হয় কেতিয়াবা৷ অন্য কাৰণত নহয়, কাৰেণ্ট মানে ইলেকট্ৰিচিটিৰ অভাৱত৷ সাহিত্য কৰিবলৈ আজিকালি কাৰেণ্ট লাগে৷

চাওঁ বুলি যাওঁতে সিদিনা দেখিলোঁ, ২,০০০মেগাৱাট বিদ্যুৎশক্তি উৎপাদনৰ প্ৰতিশ্ৰুতিবদ্ধ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পথলী তেনেই এৰাবাৰী৷ এন.এইচ.পি.চি. নাই, আছে চি.আই.এছ.এফ., জলবোমাৰ ৰখীয়া হৈ৷ নাপাওঁ আমি বিদ্যুৎ৷ তাকে গুণি বিমৰ্ষমনে গুচি আহিলোঁ৷ ভংগুৰ ভূতাত্ত্বিক গঠন আৰু সংবেদনশীল ভূকম্পনিক অৱস্থাৰ প্ৰেক্ষাপটত বান্ধটোৰ নক্সা পৰিৱৰ্তন নকৰাকৈ এই প্ৰকল্প অসম্ভৱ বুলি কাৰিকৰী বিশেষজ্ঞ সমিতিয়ে সুস্থিৰ মত জনাই দিছে৷ বান্ধৰ পুনৰ্নিৰ্মাণৰ চিন্তা এতিয়াও হৈ উঠা নাই৷ আগতে বুজাবুজি৷ তাৰেই যেন অভাৱ ঘটিছে কৰবাত৷ সোৱণশিৰিয়ে কেতিয়া লাইট জ্বলাব, জ্বলাবনে নজ্বলাব কব নোৱাৰিলোঁ৷

তাৰ পিছত সিদিনা কাকতত পঢ়িলোঁ, কেন্দ্ৰীয় চৰকাৰৰ বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাত দিবাং নৈৰ ওপৰত ২,৮৮০মেগাৱাট শক্তিসম্পন্ন বৃহৎ হাইড্ৰইলেকট্ৰিক প্ৰজেক্ট নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পৰিৱেশ সংক্রান্তীয় অনুমতি প্ৰদান কৰিছে৷ ১৯মেত তাৰে পত্ৰ এন.এইচ.পি.চি. কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে৷ উক্ত অনুমোদনক লৈ সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্রিয়া প্ৰকাশ কৰিছে৷ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গৰজি উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু গণ মুক্তি সংগ্ৰাম, অসম৷ আন আন সংগঠনেও কৰ পানী কলৈ যায় মন কৰি আছে৷ কেন্দ্ৰীয় চৰকাৰ, এন.এইচ.পি.চি.ৰ বিশেষজ্ঞ, আছু, যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তিকে ধৰি ২৬টা জনগোষ্ঠীয় সংগঠনৰ মাজত যোৱা বছৰৰ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ত্ৰিপাক্ষিক বৈঠক৷ তাত যি সিদ্ধান্ত সৰ্বসন্মতিক্রমে গৃহীত হৈছিল, সেই সিদ্ধান্ত নস্যাৎ কৰা হৈছে৷ তাৰ পৰিণতিতে খৰ্ড়্গহস্ত হৈ যিকোনো মূল্যৰ বিনিময়ত বন্ধ কৰা হব দিবাং বৃহৎ বান্ধ বুলি তৃতীয় পক্ষটোৰ সংগঠনসমূহে হুংকাৰ শুনাইছে৷ বান্ধৰ সম্পূৰ্ণ নিৰাপত্তাৰ লগতে প্ৰকল্পৰ নামনি অংশত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে যথোপযুক্ত অধ্যয়ন, উচিত পদক্ষেপ, উচ্চপ্ৰযুক্তিলব্ধ আশ্বাস অবিহনে প্ৰকল্প সজা নহব৷ পৰিৱেশ অনুমতি বাতিল নকৰিলে দিবাং জলবিদ্যুৎ প্ৰকল্পৰ বাবে নিব খোজা সকলো নিৰ্মাণ সামগ্ৰী, যানবাহন, নিৰ্মাণকাৰী অভিযন্তা-বিষয়াৰ বিৰুদ্ধে প্ৰতিৰোধ আন্দোলন গঢ়ি তোলা হব৷ মানুহৰ জান-মালৰ অহেতুক ক্ষয়-ক্ষতিৰ লগতে পৈতৃক আৱাসস্থল, কৃষিভূমি ধুই নিবলৈ দিয়াৰ পক্ষে কোনো ধৰণৰ যুক্তি, সমৰ্থন থাকিব নোৱাৰে৷ আনহাতে এইটোও দিনৰ পোহৰৰ দৰেই ফটফটীয়া কথা যে প্ৰকল্প নহলে বিদ্যুৎ শক্তিও পোৱা নাযাব৷ কাৰণ বিদ্যুৎ শক্তি মাটি খান্দিলে নোলায়৷ কিবা প্ৰকাৰে তাক জেনেৰেট কৰিব লাগিব৷ হয়তো বিকল্পৰ কথা ভাবিব লাগিব৷ প্ৰকৃতিৰ দান বোঁৱতী নদীক ভেটা দি চকৰি ঘূৰাই বিদ্যুৎ উৎপাদন কৰাটো এটা মিতব্যয়ী কাৰবাৰ৷ কিন্তু তাকে কৰিবলৈ গৈ হানি হোৱাটো গ্ৰহণযোগ্য নহয়৷

বিপৰীত ফালৰ ছবিখনো খুবেই চিন্তনীয়৷ বিদ্যুৎ যোগানত হীনডেঢ়ি অথচ বিদ্যুতৰ মাচুল বৃদ্ধি! ইয়েই সম্প্ৰতি আমাৰ ৰাজ্যৰ সৰ্বসাধাৰণৰ কমৰত শোধাইছে মাধমাৰ৷ অসমৰ শক্তি বিভাগে নিজাববীয়াকৈ বিদ্যুৎ উৎপাদনত প্ৰয়োজনীয় গুৰুত্ব ঠিকমতে দিয়া নাই৷ কাৰবি আংলঙৰ ভেলৌঘাট, লংলিত আদিত নিৰ্মাণ কৰিবলৈ লোৱা ক্ষুদ্ৰ প্ৰকল্পৰ বিফল অতীতৰ ছবি মনলৈ আহিছে৷ সেইবোৰ হৈ নুঠাৰ ফলত আজি আমি দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷ প্ৰসংগক্রমে, বিদ্যুতৰ মাচুল তিনিগুণ পৰ্যন্ত বৃদ্ধি পাইছে বুলি কথা উঠিছে৷ বিদ্যুৎ সেৱাৰ লগতে ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰো দিনক-দিনে অস্বাভাৱিকভাৱে লোকচানৰ পৰিমাণ বাঢ়ি গৈছে৷ বিদ্যুৎ সেৱাৰ সামগ্ৰিক উন্নয়নৰ বাবে বিকল্প নীতি গ্ৰহণ নকৰাৰ কুফল ভোগ কৰিবলগীয়া হৈছে গ্ৰাহক ৰাইজে৷ বিদ্যুৎ গ্ৰাহক মঞ্চৰ পৰাই এনে অভিযোগ উত্থাপিত হৈছে৷

পঢ়িবলৈ পোৱা মতে, অসমত চলি থকা বিদ্যুতৰ ঘোৰ সংকট মোচনৰ অৰ্থে অসম বিদ্যুৎ নিয়ামক আয়োগ অনুমোদিত পৰিকল্পনা অনুসৰি বিদ্যুৎ বিতৰণ কোম্পানীয়ে বিদ্যুৎ যোগান ধৰাত ব্যৰ্থতা দেখুৱাইছে৷ মুঠ শক্তিৰ গড় হিচাপে ৩০শতাংশ বিদ্যুৎ যোগান ধৰে ৰাজ্য চৰকাৰৰ উৎপাদন কোম্পানী অসম শক্তি উৎপাদন নিগম লিমিটেডে৷ বাকী ৭০শতাংশ বিদ্যুৎ কেন্দ্ৰীয় কোম্পানীৰ পৰা বা মুকলি বজাৰৰ পৰা ক্রয় কৰিবলগীয়া হয়৷ কথা হল, বিতৰক কোম্পানী অসম শক্তি বিতৰণ নিগম লিমিটেডে কেৱল ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠান এ.পি.জি.চি.এলৰ পৰা বাকী অংশ ক্রয় কৰিব পাৰে৷ আন কোম্পানীৰ পৰাও আগতীয়াকৈ নগদ ধন দি শক্তি ক্রয় কৰিব লাগে৷ কিন্তু বছৰ বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ অহা এ.পি.ডি.চি.এল.এ আগতীয়াকৈ উচ্চ হাৰত ধন দি প্ৰয়োজনীয় বিদ্যুৎ ক্রয় কৰিব নোৱাৰা হেতুকেই ৰাজ্যত অভাবনীয়ভাৱে বৃদ্ধি পাব ধৰিছে লোড শ্বেডিং৷ পৰিসংখ্যানুযায়ী ৰাজ্যখনত ৩৩০লাখ বিদ্যুৎ গ্ৰাহক আছে৷ ইয়াৰে ৪শতাংশৰে বিদ্যুৎ বিলৰ ধন পোৱা নাযায়৷ আনহাতে প্ৰতি ইউনিট বিদ্যুতৰ বাবে গ্ৰাহকৰ পৰা যি মাচুল আদায় কৰা হয় তাৰ পৰাই বিতৰক কোম্পানীয়ে বিদ্যুৎ ক্রয়ৰ খৰছ, পৰিবহণৰ খৰছ বহন কৰিব লাগে৷ ৰাজ্য চৰকাৰৰ বিজুলী পৰিবহণকাৰী সংস্থা আছাম ইলেকট্ৰিচিটি গ্ৰীড কোম্পানীয়ে বিদ্যুৎ পৰিবহণত কেন্দ্ৰীয় পৰিবহণ কোম্পানী পি.জি.চি.আই.এল.কো অংশ দিব লাগে৷ তদুপৰি বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত শ্ৰমিক-কৰ্মচাৰীৰ সমস্ত দায়িত্ব পৰিবহণ কোম্পানীয়ে বহন কৰিব লাগে৷ ফলত আহৰণ কৰা ৰাজহৰ এটা বৃহৎ অংশ কৰ্মচাৰীৰ শিতানত ব্যয় হয়৷ পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ সমস্ত দায়িত্ব বিদ্যুৎ আইন ২০০৩ অনুসৰি চৰকাৰে পৃথককৈ বহন কৰা উচিত৷ গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা বিদ্যুৎ মাচুলৰ পৰা এনে শিতানলৈ ধন নিৰ্গমন কৰাটো অন্যায়৷ ইফালে, ৰাজ্যত বিদ্যুৎ সংকট দূৰ কৰাৰ বাবে ২০১৩-১৪ আৰু ২০১৪-১৫ বিত্তীয় বৰ্ষত নামৰূপ আৰু লাকুৱা তাপবিদ্যুৎ শক্তি প্ৰকল্প দুটাৰ পৰা ২,২০০মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদনৰ লক্ষ্য স্থিৰ কৰি ধন অনুমোদন কৰাৰ পিছতো কাম হোৱা নাই৷ সুবিধাবাদী কোনো চক্রই ৰাজ্যৰ শক্তি প্ৰকল্পসমূহক পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ কৰাৰ ষড়যন্ত্ৰও নুই কৰিব নোৱাৰি৷ এনে প্ৰেক্ষাপটত ৰাজ্যৰ বিদ্যুৎ খণ্ডত প্ৰচলিত বিদ্যুৎ নীতিৰ সংশোধন আৰু বিদ্যুৎ সেৱাত দেখা দিয়া আসোঁৱাহ তথা দুৰ্নীতি দূৰ কৰি এক বাস্তৱসন্মত বিকল্প নীতি গ্ৰহণ কৰা উচিত বুলি কাকতে-পত্ৰই পঢ়ি পতিয়ন গৈছোঁ৷

বাতৰি কাকতৰ জৰিয়তেই সকলোৱে গম পাইছোঁ যে অভাৱনীয় বিদ্যুৎ কৰ্তনে জুৰুলা কৰি তুলিছে ৰাজ্যবাসীক৷ দিনটোৰ অধিকাংশ সময়ে বিদ্যুৎ নাইকিয়া হোৱাৰ ফলত তীব্ৰ সংকট সন্মুখলৈ আহিছে৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ নথকাটো এতিয়া এই মুলুকত এটা অত্যন্ত স্বাভাৱিক ঘটনা৷ আমাৰ অঞ্চলৰ অৱস্থাও তথৈবচ৷ অঞ্চলবিশেষে বিদ্যুৎ কৰ্তন ১২-১৩ঘণ্টা পৰ্যন্ত চলিছে হেনো৷ ভিতৰুৱা অঞ্চলবোৰত ২-৩দিনলৈও বোলে কাৰেণ্ট নাথাকে৷ বিগত সপ্তাহটোত এইটো অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ গধূলিৰ পিছত অন্ধকাৰত সময় অতিবাহিত কৰিবলগীয়া হৈছে মানুহে৷ মৰিশালীলৈ ৰূপান্তৰিত হৈছে ঠাইবোৰ৷ জীৱন যেন শূন্য হৈ পৰিছে! আধুনিক জীৱন-যাত্ৰাত তাতোকৈ শোক লগা কথা কিবা থাকিলজানো আৰু? চাহিদা অনুপাতে যোগান স্বাভাৱিক নোহোৱাৰ কাৰণেই এই অথন্তৰ ঘটিছে বুলি সাধাৰণ মগজুৱে চিন্তা কৰি পাইছে৷

সিফালে বোলে নলবাৰীত অনিয়মীয়া বিদ্যুৎ যোগান, প্ৰতিবাদ, স্মাৰক-পত্ৰ৷ এইফালে বোলে ডবকাত শূন্যঘণ্টীয়া বিদ্যুৎ সেৱা, প্ৰতিবাদত কাৰ্যালয় ঘেৰাও, ঘাইপথ অৱৰোধ৷ সেইবোৰ নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ এই অৱস্থাৰ পৰিৱৰ্তন অসম্ভৱ বুলি বিভাগীয় অধিকাৰীয়েও আগে-ভাগে খোলামুখে জনাই দিছে৷ তাৰ মানে সমাধান সুদূৰ পৰাহত৷ সমস্যা বৃদ্ধি হৈয়ে আছে৷ কাবু হোৱা নাই৷ আকৌ বোলে দীৰ্ঘদিন ধৰি চলি অহা বিদ্যুতৰ সংকটে পাঠশালা নগৰবাসীলৈ নানা সমস্যাৰ সৃষ্টি কৰি আহিছে৷ কম ভল্টেজৰ বাবে ব্যৱসায়ীসকলে বাণিজ্যত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে৷ গৰমৰ সময়ত বৈদ্যুতিক পাংখা, এ.চি. মটৰ, কম্পিউটাৰ, ফটোষ্টেট মেচিন আদি চলাব নোৱাৰা অৱস্থা৷ বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ উপক্রম হৈছে৷ মঙলদৈৰ আইনজীৱীয়েও বোলে বিদ্যুৎ নিৰিখ বৃদ্ধিৰ প্ৰতিবাদ কৰিছে৷ গ্ৰাহকৰ উদাসীনতাৰ সুযোগ লৈ গ্ৰাহকৰ ওপৰত মাধমাৰ শোধাই বিদ্যুৎ কোম্পানীসমূহে মাচুল বৃদ্ধিৰ বাবে আগ বঢ়োৱা প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰা হৈছে৷ কোৱা হৈছে যে মাচুল বৃদ্ধি আইন ২০০৩ৰ ধাৰা অনুসৰি এয়া হোৱা নাই৷ মাচুল বৃদ্ধিৰ প্ৰস্তাৱৰ জৰিয়তে ৰাষ্ট্ৰীয় বিদ্যুৎ নীতি আৰু মাচুল নীতিত উল্লেখিত নীতিসমূহক উলংঘা কৰা হৈছে৷ বিদ্যুৎ কৰ্মচাৰীৰ দৰমহা, কাৰ্যালয় আৰু সাধাৰণ ব্যয়ৰ শিতানত ধাৰ্য কৰা ধন অযুক্তিপূৰ্ণ আৰু নতুন নিৰিখ ধাৰ্য কৰাৰ সময়ত সেই বৰ্ধিত ব্যয় গণ্য কৰাটো উচিত হোৱা নাই বুলিও অভিযোগ উঠিছে৷ নিউজ পে’পাৰৰ পৃষ্ঠাই আমাক এইবোৰ খবৰৰ যোগান নিতৌ ধৰি গৈছে৷ গতিকে ছালে-বেৰে কোবোৱা কথা কিছুমান কৈ বিভাগ বা ৰাজনীতিকে ৰাইজক ঠগিবলৈ চেষ্টা নকৰাই ভাল৷ বিদ্যুতৰ উৎপাদন নাই, শক্তিৰ যোগান নাই, বিল আহি আছে, নিৰিখ বাঢ়ি গৈ আছে৷ কিছুমান নিমিলা অংক৷

কোৱা হয়, সাহিত্য মানৱ মনৰ দাপোণ৷ ভাষাচিহ্নৰ সহায়ত প্ৰকাশিত উপলব্ধিয়ে সাহিত্য৷ সেই ভাষাচিহ্ন এতিয়া আধুনিক যুগত ঘৰে ঘৰে লেপটপ, ডেস্কটপ কম্পিউটাৰত আবদ্ধ৷ তাতেই হৈ যায় সাহিত্য, ই-সাহিত্যৰ সৃষ্টি৷ ইফালে প্ৰতিটো কম্পিউটাৰ চলিবৰ বাবে বিদ্যুৎ শক্তিৰ প্ৰৱাহ জৰুৰী৷ অন্যথা অচল, সাহিত্যহীন যন্ত্ৰ একোটা৷ লাইট নাথাকিলে, ফেন নাথাকিলে, কম্পিউটাৰ নচলিলে, কেনেকৈ হয় বাৰু সাহিত্য, ই-সাহিত্য?

সাহিত্যহীন সমাজ পংগু আৰু বৰ্বৰ৷ সাহিত্যৰ দীপ্তিময় পোহৰে সমাজক অজ্ঞানতাৰ কলীয়া আন্ধাৰৰ পৰা জ্ঞানময় আলোক-ৰাজ্যত উপনীত কৰোৱায়৷ সাহিত্যৰ আঁচলত ধৰি আগ বাঢ়ে জাতি৷ সাহিত্য জাতিৰ জীৱনী-শক্তি৷ সাহিত্য জাতীয় জীৱনৰ প্ৰতিকৃতি যাৰ মাজেদি জাতিৰ সভ্যতাৰ পৰম্পৰা প্ৰতিভাত হয়৷ জাতীয় সম্পদৰ ভিতৰত সাহিত্যই শ্ৰেষ্ঠ সম্পদ৷ সাহিত্যই জাতীয়ত্বৰ আচল চিনাকি৷ সাহিত্য বিনে জাতিৰ অস্তিত্ব টিকিবৰ সম্ভাৱনা নাই৷ সাহিত্য অবিহনে জাতি আৰু জাতি অবিহনে দেশ বৰ্তি থকা টান৷ জ্ঞানীলোকে কোৱা কথা এয়া৷


তাকে চাই ভাবিছোঁ, বিদ্যুৎ শক্তিয়ে যত নাইকিয়া হোৱাৰ উপক্রম ঘটিছে, তত সাহিত্য, ই-সাহিত্যনো কেনেকৈ বৰ্তি থাকিব? সাহিত্য কৰিবলৈ এতিয়া কাৰেণ্ট লা্গে৷ এই স্ৰোত, এই কাৰেণ্টৰ অৱস্থা দিনে দিনে হৈ আহিছে আধামৰা৷ সাহিত্যৰ অৱস্থা আধামৰা নহবগৈনে? তেহেলৈ জাতি, দেশৰ অৱস্থা কেনেকুৱা হবগৈ?

No comments:

Post a Comment