‘এওঁৰ মুখত হাঁহি বিৰিঙাব পৰাটোৱেই
মোৰ সবাতোকৈ
ডাঙৰ সফলতা’
এওঁৰ কান্ধৰ ওপৰেৰে মোৰ বাঁওহাতখন পাৰ কৰি, হাতখন
তাতে আলফুলে ৰাখি লাহেকৈ কৈ উঠিলোঁ… ‘এওঁৰ মুখত হাঁহি বিৰিঙাব পৰাটোৱেই মোৰ সবাতোকৈ ডাঙৰ সফলতা৷’
সন্মুখত পৱিত্ৰদা বহি আছিল৷ বাক্যটো শুনি তেওঁ
অলপ সময় চিন্তা কৰিলে৷ তাৰ পিছত হাঁহি মাৰিয়ে মন্তব্য দিলে, ‘ঠিক, ঠিক৷ ঠিক ভাবিছা৷ এওঁলোকেইতো
আচল৷’
আগৰ প্ৰসংগ এটা লৈ এওঁ অথনিৰে পৰাই মিচিক-মিচিককৈ
হাঁহি আছিল৷ এতিয়া হাঁহিটো আৰু অলপ বহল হৈ পৰিল৷ এওঁলৈ চাই ক’লোঁ, ‘এতিয়া দাদা আৰু মোক ৰঙা চাহ দুকাপ
দিবা নিশ্চয়...’
‘হ’ব হ’ব, আনি আছোঁ... দাদা অকণমান বহক দেই৷’ ভাবিব নোৱাৰা উৎসাহেৰে তৎক্ষণাতে ৰাজী হ’ল এওঁ৷ ধৰি থকা অৱস্থাৰ পৰা কান্ধটোক
মুক্তি দিলোঁ৷ গহীন খোজেৰে এওঁ পাকঘৰ অভিমুখে গ’লগৈ৷
পত্নী আঁতৰ হ’ল কি নহ’ল, পৱিত্ৰদাৰ ফালে চাই চকুৰ টিপ এটা মাৰি দিলোঁ৷ দাদাই
ধৰিব নোৱাৰিলে একো৷ সৰুকৈ ক’লোঁ, ‘টেকনিকটো কেনে পালে?’
‘মানে?’
‘কিয় অলপ আগতেযে ক’লোঁ?’
দাদাই নুবুজিলে৷ চিৰিয়াচ হৈ পৰিল৷ বুজাবলগীয়া হ'ল৷
‘কালি জনশতাব্দীত যোৰহাটলৈ গৈছিলোঁ৷ ডবাৰ বেৰত মাৰি
থোৱা বেংক অফ ইণ্ডিয়াৰ ষ্টিকাৰ এটাত পঢ়িছিলোঁ সেই বাক্যটো... এওঁৰ মুখত হাঁহি বিৰিঙাব পৰাটোৱেই
মোৰ সবাতোকৈ ডাঙৰ সফলতা৷ দেখিয়েই মুখস্থ কৰি লৈছিলোঁ,
ক’ৰবাত কেতিয়াবা কামত লগাব লাগিব
বুলি৷ আপুনি অহাত একেলগে চাহ খাবৰ মন গ’ল৷ মাৰি দিলোঁ ডায়লগটো৷’
বচ, কাম হৈ গ’ল৷ লালচাহ দুকাপ আহিল৷ লগত কেইবাবিধো খোৱাবস্তু৷
ট্ৰেখনৰ পৰা নমাই থ’ব ধৰিলে এওঁ৷
এইবাৰ দাদাৰ হাঁহি উঠি গ’ল৷ তাকে চাই একো নুবুজিলেও পত্নীৰ
মুখমণ্ডলতো হাঁহিৰ বলিৰেখা উজলি উঠিল৷
এওঁ কিবা সোধাৰ আগতেই মই মুখ মেলিলোঁ, ‘দাদা, কৈছিলোঁ নহয় আপোনাক, এওঁৰ
মুখত হাঁহি বিৰিঙাব পৰাটোৱেই মোৰ সবাতোকৈ ডাঙৰ সফলতা৷ গম পালে এতিয়া? খাওক, চাহ খাওক৷’
‘ধেইত তেৰিকা’ বুলি হাঁহি সামৰিব নোৱাৰি পৱিত্ৰদা অলপ সময়ৰ বাবে
কোঠাটোৰ পৰা বাহিৰ ওলাল৷ ভৰিৰ ওপৰত ভৰি তুলি মই গৰম চাহত চুমুক দিলোঁ৷ গৰম হৈ থকা মালপোৱা
এটাও হাতত তুলি ল’লোঁ, সফলতাৰ আনন্দত৷
No comments:
Post a Comment