এইবাৰ বিহুটি কেনেকৈ গ’ল?
এক.
ভাৰত ভূখণ্ডৰ প্ৰথম সূৰ্যোদয় য’ত হয়, সেয়াই ডং৷ ৱালং আই.বি.ৰ
পৰা খুব পুৱাতে ওলাই গৈ পাহাৰ বগাই আমি ডং মালভূমিত থিয় হ’লোঁগৈ৷ বিহুৰ বতৰ৷ হাজাৰ ফুট
তলত লোহিতখন এৰি, পাইন অৰণ্যানিৰ মাজে মাজে উচ্চতালৈ ট্ৰেকিং কৰোঁতে ম’বাইলত বিহুগীতেই বাজি আছিল অহৰহ৷
বুজাব নোৱাৰা এটা পৰিৱেশ৷ এঘণ্টা কটাই আমি নামিব ধৰিলোঁ৷ ‘... নাম দিলে ডং যাৰ আকাশে আজি...’ গীতটি গুণগুনাই পূৰ্বৰ ট্ৰেক
অনুসৰণ কৰি ক্রমান্বয়ে তললৈ আহি আছোঁ৷ একোবত থিয় পৰ্বতৰ নামনিত থকা ডং গাঁওখনৰ প্ৰথমটো
ঘৰ চকুৰ আগত ভাহি উঠিল৷ শান্তি পতাকাবিলাক কেওপাশে উৰি আছিল৷ দৃশ্যপটে কৈ দিলে যে বুদ্ধিষ্ট
মানুহেই হ’ব সেইঘৰ৷ বাট সলাই ঘৰটোৰ ওচৰ
চাপিলোঁহি৷ পাথৰ কিছুমান জাপি বাউণ্ডেৰী ৱালৰ দৰে কৰি ৰখা হৈছে৷ তাৰ মাজতে ফাঁক এটা
বিচাৰি পাই সোমাই দিলোঁ সেইফালেৰে৷
দূৰৰ পৰাই দেখিলোঁ, এজাক গৰু৷ মতাই-মাইকীয়ে ডাঙৰে-পোৱালিয়ে লগ লগাই সংখ্যাত ত্ৰিশমানেই হ’ব৷ পাহাৰৰ ওপৰতো গৰুৰ খোজ কিছুমান
লক্ষ্য কৰিছিলোঁ৷ ইহঁতৰে খোজ চাগৈ৷ চৰিবলৈনো ইমান ওপৰলৈ যায়নে? ‘ইহঁতৰ ঘৰত আজি গাখীৰ খাব লাগিব’ বুলি নিজৰ মাজতে কৈ কৈ সোমাই
গ’লোঁ৷ দৈ, ক্রীম, মিঠায়ো পাব পাৰোঁ,
কি ঠিক? এজন লোকে গৰুজাকক তেতিয়া নিমখ খুৱাই আছিল৷ গৰুজাকে তেওঁক বেৰি ধৰিছিল৷ নিমখ
খুৱালে হেনো ঘৰ নাপাহৰে৷ এটা বিশ্বাস৷ আজি গৰু বিহুৰ দিন৷ সেয়া এইজনে জানেনে নাজানে
নাজানো৷ পৰম্পৰাবিলাক কেনেকুৱা জানিবৰ মন যায়৷
ট্ৰেডিচনেল ষ্টাইলৰ পাইন কাঠৰ চাংঘৰ এটা৷ লক্ চিষ্টেমেৰে মজবুতকৈ
সজা৷ ওপৰত টিনপাত৷ উদ্দেশ্য বেকত কৰাত গিৰিহঁতে হাঁহিৰে সম্ভাষণ জনালে আমাক৷ খটখটী বগাই পোনেই মুকলি বাৰাণ্ডা
এডোখৰ৷ চকী, মুঢ়া ৰখা আছিল যদিও চিক্চিকাই থকা তক্তাৰ ওপৰতে লেপেটি কাঢ়ি বহি ল’লোঁ৷ ঘৰটোৰ চাৰিওফালে কেইবা প্ৰকাৰৰ
ফুল ফুলি আছে৷ জপনামুখতে জাতিষ্কাৰ হৈ থকা টিক্টিকিয়া ৰঙা গোলাপ এজোপাই আমাক আদৰিছিল৷
পিৰালিসুন্দৰীকে ধৰি আমাৰ ফালে সচৰাচৰ দেখা ফুলবোৰো তাত পালোঁ৷ চৌহদটো বেচ পৰিষ্কাৰ৷ মেয়ৰ (জাখ্ৰিং) মানুহ সেইঘৰ৷ গৰুৰ লগতে গাহৰি,
কুকুৰ, কুকুৰা আদিও আছে৷ এটা পাত্ৰত গাহৰিৰ দানা সিজাই থকাটো সোমাই যাওঁতেই চকুত পৰিছিল৷
গৃহস্থৰ নাম টপদেন মেয়ৰ৷ পৰিবাৰ পেটমা৷ সৰু সৰু মৰম লগা ছোৱালী দুজনী আছে৷ আমাৰ ফালৰ
পৰা কাৰবি পহ’ এখন আৰু ফুলাম গামোচা এখন উপহাৰ
স্বৰূপে দিয়া হ’ল৷ গজাল এটা বিচাৰি উলিয়াই লগত
নিয়া কেলেণ্ডাৰ এখন নিজ হাতে মই বেৰত ওলোমাই দিলোঁ৷
গৃহস্থই আমালৈ চাহৰ প্ৰস্তাৱ আগ
বঢ়ালে৷ মই তেওঁৰ আগত গাখীৰ খোৱাৰ ইচ্ছাটো ব্যক্ত কৰিলোঁ৷ পিছে ভবামতে নহ’ল৷ গাখীৰ তেওঁলোকে নিখীৰায়৷ খীৰোৱাৰ
নিয়ম নাই বুলি ক’লে৷ সেয়া পোৱালিয়েই খায়৷ আনে
নাখায়৷ গৰুৰ গাখীৰ গৰুৰ পোৱালিৰ বাবেহে৷ মানুহৰ ক্ষেত্ৰত যেনেকৈ মাতৃদুগ্ধ মানৱ সন্তানৰ
বাবে৷ আনক জানো দিয়ে? ঠিকেইতো৷ কথা প্ৰসংগত জানিলোঁ, চাহ খাবৰ বাবে তেওঁলোকে পাউডাৰ গাখীৰৰ পেকেট ৱালঙৰ পৰা কিনি
আনেগৈ৷ ভাবিলোঁ, চোতালতে গাখীৰ উভৈনদী, অথচ খাবলৈ পাউডাৰ কিনি আনিবলগীয়া হয় কেইবা কিল’মিটাৰ বাটকুৰি বাই৷ কি আচৰিত!
অলপ পিছতে আমাক খাবলৈ শুকান চিৰা আৰু চাহ দিলেহি৷
চিৰাকেইটা দেখি মনটো নাচি উঠিল৷ পাহাৰ বগাই ভোকটো লাগি আহিছিলেই৷ তাতে বিহুৰ বতৰৰ কথা৷
‘কি এনেকুৱা পৰম ভাগ্য’ বুলিয়ে ভাবি ল’লোঁ৷ চিৰা চোবাই চোবাই
অনেক কথা পাতিলোঁ৷ ঘড়ীত তেতিয়া দিনৰ ১০.৩০৷ গাখীৰ, দৈ, ক্রীম, মিঠাই নাথাকিলেও বিহু
বুলি শুকান চিৰাকেইটা অন্ততঃ ভাগ্যত কেনেকৈযে মিলিল! আজিও ভাবোঁ৷
দুই.
বিহুৰ দিনা ব্ৰহ্মপুৱাতে আঞ্জাৱ জিলাৰ সদৰ হাৱাইৰ
পৰা ল'ৱাৰ ডিবাং ভেলীৰ ৰ’য়িং অভিমুখে ৰাওনা হ’লোঁ৷ বাটত তেজু পাম৷ লোহিত জিলাৰ
সদৰ৷ খুপাত গাড়ীত তেল ভৰাওঁতেই বন্ধু ধৰ্মেনৰ পৰা ভনীয়েকৰ ম’বাইল ফোনৰ নম্বৰটো এছ.এম.এছ.যোগে
হাতলৈ আহিল৷ লগে লগে ভনীক ফোন লগালোঁ৷ তাই মোক পাহৰিলে৷ পাহৰিবৰ কথাই৷ ৯৩চনৰ পৰা আজি
অত বছৰ হ’ল! সেই তেতিয়াই তেজুলৈ যাওঁতে
তাইক মই অংক শিকাইছিলোঁ৷ নিজৰ ভাগৰ জিনছ পেণ্ট এটাও দি থৈ আহিছিলোঁ তাইক৷ মনৰ পৰা সেইবোৰ কেতিয়াবাই মচ খাইছে৷ ক’লোঁ, ‘খুপাৰ পৰা গৈ আছোঁ, তোমালোকক
লগ পাম৷’ তেজু সোমাওঁতেই মোক ৰিং এটা
কৰি জনাবলৈ ক’লে তাই৷ ট্ৰেন্সপ’ৰ্ট অফিচৰ সন্মুখত পথৰ কাষত গছৰ
ছাঁত আমাৰ গাড়ী ৰখালোঁ৷ তেতিয়া দিনৰ এক বাজিছিল৷ শকুন্তলা বজাৰলৈ গৈছিল৷ অলপ পৰ ৰোৱাৰ
পিছতে তাই ওলালহি৷ মই দেখিয়েই চিনি পালোঁ৷ তাইৰ মনত কিন্তু তেতিয়াও প্ৰশ্নবোধক৷ সি
যি কি নহওক, ককায়েকৰ লগৰ ককায়েক যেতিয়া কথা শুনিবই লাগিব৷ তাতে এই সুযোগতে সিহঁতৰ
মাকক মোৰ চোৱাৰ একান্ত ইচ্ছা৷ ধৰ্মেনেও সেই নিৰ্দেশ দি থৈছে৷ তাইৰ বগা গাড়ী আগে আগে৷ আমাৰ
ক’লা গাড়ী পিছে পিছে৷ চৌহদৰ বাহিৰত
ৰ’লোঁগৈ৷ মাক গে’টৰ মুখতে ৰৈ আছিল৷
‘ধৰ্মেনে কৈছিল, মা বুঢ়ী হৈ গ’ল৷ ক’তা? ঠিকেইতো আছে আপুনি৷’ ভিতৰত বহিলোঁগৈ৷ ‘ক’ৰ পৰা আহি ওলালি তই’ বুলি খবৰ-খাতি লোৱা আৰম্ভ কৰিলে৷
আচৰিতো হ’ল চাগৈ৷ সৰু ওলাই আহিল তেনেতে৷ মই তাইক
সাবটি ধৰিলোঁ৷ কাষতে বহুৱালোঁ৷ ক’লোঁ, ‘মোক তোৰ মনত আছেনে নাই অ’ সৰু?’ আগৰ দৰেই তাই মোৰ লগত কথা পতাত
লাগিল৷ ‘ক’ৰ পৰা আহিলি? ককাইদেউ ক’ত?’ ইত্যাদি ইত্যাদি৷ আগৰ দৰে, একেই
দেখিলোঁ সৰুকো৷ সৰু ধৰ্মেনৰ সৰুজনী ভনীয়েক৷ বেচেৰী ফিজিকেলি হেণ্ডিকেপ্ড৷ জ্যেষ্ঠ হিচাপে আমাৰ
হৈ অৰুণদাই মাৰ ডিঙিত কাৰবি পহ’ এখন পিন্ধাই সাদৰ-সন্মান যাচিলে৷
কথা পাতি থাকোঁতেই ভিতৰৰ পৰা মায়ে
বিহুৰ পিঠা এগালমান আনি আমাৰ মুখৰ আগত মেলি দিলেহি৷ ক’লে, ‘খা৷’ তিলপিঠাখিনি দেখি আনন্দ লাগি গ’ল৷ আজি বিহুৰ দিন৷ সন্মুখত এয়া বিহুৰ পিঠা৷ কিযে ভাগ্য! পহিলা ব'হাগত তেজুৰ পিঠাৰে বিহু খাইছোঁ! কেইখনমান খাই কিছুপৰ বহি বিদায় মাগিলোঁ৷
তিনি.
ছৈখোৱাঘাট৷ ঘাটতে দিনৰ ভাতকেইটা খাই হোটেলৰ পিছফালে
মুকলিত থকা দমকলটোত হাত ধুবলৈ গৈছোঁ৷ এপালমান চেঙেলীয়া৷ যাব শদিয়ালৈ৷ আহিছে মৰাণৰ পৰা৷
তাত থাকি লৈ বিহু মাৰিব৷ ছোৱালীও আছে ছজনীমান৷ ইয়াতে পুৰিকেইখনমানকৈ চোবাই লৈছে৷ এতিয়া
ব্ৰহ্মপুত্ৰ পাৰ হ’ব৷ কান্ধতে ঢোলেটি, পিঠিত একোটিকৈ স্কুলবেগ৷ বেগত নিশ্চয় কিতাপ এখনো নাই৷ নথকাটোৱেই স্বাভাৱিক৷ এয়া বিহুৰ বতৰ৷ কাজেই থাকিব লাগিব চুৰীয়া, গামোচা, গেঞ্জী,
পাঞ্জাবী৷ থাকিব লাগিব গামখাৰু, হাঁচতি, মেখেলা-চাদৰ৷ মই দমকল মাৰি দিলোঁ৷ এটা এটাকৈ সিহঁতে
হাত ধুলে৷ পিছত তাৰে এটাই হেঁচুকিলে৷ মই পখালিলোঁ৷ তালে তালে কথাও পাতি থাকিলোঁ৷ মজা লাগে ইহঁতৰ লগত
কথা পাতি৷ মুক্ত মন, নাই কোনো চিন্তা-ভাবনা৷ কেইটামানৰ মুখত তেতিয়াও বিহুনামেই চলি আছিল৷ ভাল বিহু লাগিছে ইহঁতৰ৷ নালাগিবনো
কিয়? ব’হাগৰ ভৰপক এতিয়া৷ অসমীয়া মানুহৰ
সবাতোকৈ আদৰৰ মাহ এইটো৷ বহুপৰ মই সিহঁতকেইটাকে লক্ষ্য কৰি থাকিলোঁ৷ এটা সময়ত জাকটো হুৰহুৰকৈ ঘাটলৈ নামি গ’ল৷ আমিও গাড়ীত উঠিলোঁ ধলা অভিমুখে৷
ঘাটৰ পৰা আহোঁতে গাঁৱৰ মাজে মাজেই বহুদূৰ বাট৷
চৌহদৰ গছ-গছনিত ফুলি থকা কপৌফুলবোৰে দৃষ্টি আকৰ্ষণ কৰিলে৷ জাতীয় সাজ পিন্ধা ডেকা-আদহীয়া
লোকক বিহু বুলি জুম বান্ধি ইঘৰ-সিঘৰ আহ-যাহ কৰা দেখা পালোঁ৷ কোনোবা ঘৰত মাৰি থকা হুঁচৰি
দলো পালোঁ৷ শদিয়াৰ পাৰেও অনুৰূপ চিত্ৰ দেখিছিলোঁ৷ ঢোলৰ মাতে ৰজনজনাই থকা, কুলিৰ মাতে
তাল-ফাল লগাই থকা গ্ৰামীণ পৰিৱেশটোৱে আমাকো আনন্দ দি গ’ল৷ বিহুৰ অনুভৱ এটা দি গ'ল৷
চাৰি.
মঞ্চ বিহুৰ প্ৰতি অনীহা এটা বহু আগৰে পৰাই ধীৰে
ধীৰে মোৰ মনত গঢ় লৈ উঠিছে৷ আগতে ফাংচন চাবলৈ দৌৰ মাৰিছিলোঁ৷ ভূপেন হাজৰিকা আহিছিল,
ডলী ঘোষ সাধ্য আহিছিল৷ এতিয়া যিয়েই নাহক, নাযাওঁ৷ বিহুৰ মঞ্চত শিল্পীৰ ‘গান’ চুৰু হয় মাজনিশাৰ পিছত৷ শিল্পীলৈ
গেলা বিলাহী, পঁচা কণী দলিওৱা; ইনষ্ট্ৰুমেণ্ট ভঙা আদিৰ পয়োভৰ বৃদ্ধি পাবলৈ ধৰিছে৷ সেইবোৰৰ নিশ্চয় কাৰণ আছে৷ বিশ্লেষণ আছেনে নাই নাজানো৷ মদ খাই কাজিয়া কৰাটোও সাধাৰণ, নৈমিত্তিক কথা৷
অসমৰ ভিতৰতে ঢকুৱাখনাৰ ফাট বিহুৰ এটা সুকীয়া ঐতিহ্য
আৰু বৈশিষ্ট্য আছে৷ আহোম যুগৰ হাবুং সাম্ৰাজ্যৰ অন্তৰ্গত চাৰিকড়িয়াৰ ফাটত ষোল্ল শতিকাৰ
পৰাই ফাট বিহু অনুষ্ঠিত কৰি অহা হৈছে৷ বিশেষকৈ ইয়াৰ মুকলি বিহু আকৰ্ষণীয় আৰু চাবলগীয়া৷ কৃত্ৰিম আধুনিকতাতকৈ প্ৰাকৃতিক
পৰিৱেশ বুলিলে এনেয়েও মনটো আগ বাঢ়ে৷ তাতে বিহু বুলিলেই এক ধৰণৰ উতনুৱা ভাবে ক্ৰিয়া কৰেই৷ ৰ’ব নোৱাৰি৷ তেহেলৈ আমাৰ বাৰেবৰণীয়া সংস্কৃতিৰ স্বাস্থ্যকৰ বতাহ এছাটি ল’বলৈকে ঢকুৱাখনালৈ ঢাপলি মেলিলোঁ, পালোঁগৈ ম’হঘুলি চাপৰি৷ গোগামুখৰ বন্ধু
সন্দিকৈৰ জীয়েক পৰীক ঘৰতে লগ পালোঁ বিহু নাচনীৰ সাজত৷ তাই তেতিয়া নাচিবলৈ যাবলৈ ওলাইছে৷ ঢোলটো কাষতে পাই এনেয়ে টংটঙাই চালোঁ৷
এইবাৰ বিহুটো এনেকৈয়ে আহিল, গ’ল৷
No comments:
Post a Comment