Tuesday, 5 May 2015

মিছিমি পৰ্বতৰ কমলা দিদি
(দীঘলীয়া ভ্ৰমণ কাহিনীৰ এছোৱা)


এক...

সুমিত সিং পেটেলৰ কুশলী ড্ৰাইভিঙত আমাৰ ঘনক’লা স্কৰপিঅ’খন পৰ্বতৰ গাৰে অকাই-পকাই গৈ আছিল৷ সেউজীয়া উপত্যকাটোৰ তলে তলে পাক সলাই সলাই বৈ আছিল স্ফটিক-স্বচ্ছ লোহিতখন৷ খৰস্ৰোতা পানীবোৰ শিলে শিলে ঠেকা খোৱাত অহৰহ শব্দময় হৈ আছিল পৰিৱেশটো৷ সেউজ নৈখন আৰু সৰ্পিল ৰাস্তাটো, যেন কোনো কালে লগ নলগা পৃথক পৃথক বৰণৰ দুডাল জৰীহে! আমি সোঁতৰ বিপৰীতে যাত্ৰা কৰি আছিলোঁ৷ নামনিৰ পৰা উচ্চতালৈ৷ সদ্যহতে লক্ষ্য আছিল ৱালং৷ ১৯৬২ৰ চীন-ভাৰতৰ যুদ্ধথলী সেয়া৷ থাকিম ক’ত, খাম ক’ত, নাজানো পিছে৷ অনিশ্চয়তাই আমাৰ এই ভ্ৰমণৰ বৈশিষ্ট্য৷ থিমটোৱেইযে 'য' হ'গা দে'খা যায়েগা' টাইপৰ৷

সন্মুখত বহা অৰুণদাই কেতিয়াবাতে কৈছিল, ‘লালচাহ একাপ খাব লাগিছিল৷’ শুনা পাইছিলোঁ যদিও আওকাণ কৰাৰ বাদে আছিলেইবা কি? কাৰণ লালচাহ খাবলৈ হ’লে হোটেল থাকিব লাগিব৷ এই দুৰ্গম পৰ্বতীয়া অৰণ্য-পথত চাহৰ হোটেল বিচৰা আৰু কাছ কণী বিচৰা একেই কথা৷ ঘৰেই য’ত দেখিবলৈ নাই, হোটেল আৰু ক’ত? চুপচাপ বহি ৰৈছিলোঁ দাদাৰ ঠিক পিছৰ ছিটটোত, খিৰিকীয়েদি বাহিৰলৈ চাই আনমনা ভাবত৷ 'জানে ছাৰ, ইয়াত মদ পালেও চাহ নাপাব৷" মাজে মাজে এই ধৰণৰ স্বগতোক্তি অনিলদাৰ৷ সঞ্জু চুপচাপ৷ গাড়ীৰ হেন্দোলনিতে মাজে মাজে নোটবুকখনত খচাখচ লিখে কিবিকিবি, জপায়, অলপ পিছতে আকৌ মেলে৷ পেটেলেহে ক’ৰবাত কেতিয়াবা পথৰ দাঁতিত সৰুকৈ ঘৰ একোটা আহি ওলালেই গাড়ীখন শ্ল’ কৰিছিল৷ আশাৰে সেইফালে চাইছিল৷ ষ্টাৰ্ট বন্ধ নকৰাকৈয়ে খিৰিকীৰে ডিঙি উলিয়াই একোবাৰ ৰিঙিয়াইছিল, ‘চ্যায় মিলেগা ক্যা?’

দেখদেখকৈ সিফালৰ পৰা অহা উত্তৰবোৰ আছিল নিগেটিভ৷ ক’ৰবাত আকৌ হাজাৰ চিঞৰিলেও বা বিকট শব্দ কৰা হৰ্ণটো হেঁচি ধৰিলেও নিৰুত্তৰ৷ ক’ৰবাত গাভৰু এজনীয়ে হাতখন লৰাই দেখুৱাইছিল৷ বুজা গৈছিল যে গৰম চাহৰ আশাত চেঁচাপানী৷ তেনেকৈয়ে কিমান কিল’মিটাৰ অতিক্রম কৰিছিলোঁ হিচাপ নাই৷ কেঁকুৰিৰ পিছত কেঁকুৰি পিছলৈ থৈ উঠি আছোঁ, গৈ আছোঁ মাথো আগলৈ৷ লেণ্ডস্কেপৰ বিচিত্ৰতা আৰু বিভিন্নতাই খেয়ালী আৰু সংবেদনশীল কবিমনটোক খোৰাক যোগাব পাৰিলেও, ৱালঙৰ যুদ্ধৰ কাহিনীৰ বৰ্ণনাৰে মই তেওঁক কিছু উত্তেজিত কৰি ৰাখিব পাৰিলেও লালচাহ কাপৰ প্ৰতি আসক্তিটো চাগৈ কোনো ৰকমেই শাম কটা নাছিল অৰুণদাৰ৷ ভবামতে কামটো সম্ভৱ নোহোৱাত নিজৰ অজানিতেই প্ৰকাশ কৰা উচপিচনিতে সেয়া গম পাই গৈছিলোঁ৷ লগত থকা বটলটো খুলি ঠাণ্ডা পানীকে কোটকোটকৈ কেইঢোকমান গিলি লৈছিল৷ তাৰ পিছত হাত এখন আগ বঢ়াইছিল মুখৰ আগতে ডেচব’ৰ্ডত ৰখা বিস্কুতৰ পেকেটটোৰ ফালে৷

এঠাইত পৰ্বতৰ ঢালত ঘৰ এটা দেখা পাই আমাৰ ড্ৰাইভাৰ-কাম-গাইড পেটেলে আগৰ দৰে ব্ৰেক মাৰিলে৷ একেই চিৎকাৰ, ‘চ্যায় মিলেগা?’ ইমান সময়ে একেটা কথাকে চিঞৰি চিঞৰি সদুত্তৰ নাপাই একপ্ৰকাৰ চিৎকাৰৰ নামান্তৰেই হৈ পৰিছিলগৈ পেটেলৰ মাতটো আৰু শব্দকেইটা! পথৰ দাঁতিত বাঁহৰ ডবল বেৰ দিয়া পুৰণি টিনৰ দুচলীয়া এটা ঘৰ৷ এখন সৰু খিৰিকী৷ এখনেই কাঠৰ দৰজা৷ বাহিৰত বিধ্বস্তপ্ৰায় তক্তাপোচ এখন৷ দেখাত আৰু একো নাই৷ খিৰিকীখনেৰেই চাগৈ আদান-প্ৰদান৷ সোনকালেই মূৰ এটা ওলাই আহিছিল সেই ফুটাটোৱেদি... ‘মিলেগা লেকিন বানানে পৰেগা৷’

কণ্ঠলৈ পানী আহিছিল অৰুণদাৰ৷ তলে তলে আমাৰো৷ প্ৰকাশ কৰা নাছিলোঁ অৱশ্যে৷ জাঁপ মাৰি স্কৰপিঅ’খনৰ পৰা নামিলোঁ পাঁচটা মানুহ৷ ধম্ ধমকৈ দৰজা বন্ধ হ’ল৷ দপদপাই সোমাই গ’লোঁ দোকান বুলি ভাবি লোৱা ঘৰটোলৈ৷ সোমাই গ’লোঁ মানে একেবাৰে অবাধ গতি৷ এইখনেদি প্ৰৱেশ কৰি বাহিৰৰ দৰজাইদি ওলাই চিধাই পিছফাল৷ দুটামানে পিছফালৰ নঙলাইদি সোমাই আগফাল৷ মোমায়েকৰ ঘৰহে যেনিবা! আগে-পিছে আহি-গৈ থকা অতি চিনাকি মানুহহে যেন আমি! অনুসন্ধানী দৃষ্টিৰে কম সময়তে কোনপিনে কি আছে পিটপিটালোঁগৈ৷ খোজৰ লগে লগে চলিল কথাৰো ফুলজাৰি৷

তেনেকৈ সোমাই যোৱাত যিকোনো গৃহস্থ স্বাভাৱিকতে নাৰ্ভাচ হোৱাৰ কথাই৷ সুধিলে, ‘আপলোগ কানি ত’ৰনেৱালা হ্যায় ক্যা?’ বুজি পালোঁ, আমাৰ ধুমুহা গতি, সাজপাৰ আৰু মতি-গতি দেখি পাহাৰত পপীফুলৰ খেতি ধ্বংস কৰিবলৈ অহা প্ৰশাসনৰ মানুহ বুলিয়ে ধাৰণা কৰি লৈছে তাই৷ সঞ্জুৱে ভুলটো ভাঙি দিলে, ‘নেহী নেহী, হামলোগ টুৰিষ্ট হ্যায় …  আছামছে আয়া হ্যায়, ঘুমনেকে লিয়ে … লালচ্যায় মিলেগা?’

মধ্যবয়সীয়া মানুহজনী৷ নাম কমলা৷ মিছিমি মানুহ৷ মিছিমি মহিলাৰ নাম কমলা? কেনেকৈ? আচৰিতেই হ’লোঁ কথা প্ৰসংগত তাই যেতিয়া নিজৰ নামষাৰ ক’লে৷ সাংবাদিকৰ স্বভাৱগত উৎসুকতা আৰু ক্ষিপ্ৰতাৰে সঞ্জুৱে ইতিমধ্যে তাইৰ নাম-ধাম বাহিৰ কৰিলেই৷ পকেট নোটবুকখনত টুকিবলৈও লাগি গ’ল৷ তাকে দেখি কমলা অবাক নহয়নো কেনেকৈ?

সি যি কি নহওক, ক্ষণিক পিছৰে পৰা কমলা কিন্তু আমাৰ বাবে আৰু কমলা হৈ নাথাকিল৷ হৈ পৰিল কমলা দিদি৷ হিন্দীতে আমি কথা-বতৰা পাতিবলৈ ধৰিলোঁ৷ অৰুণাচলৰ মানুহমাত্ৰেই হিন্দী জানে৷ কোনো কোনোৱে অসমীয়াও জানে৷ কমলা দিদিক সুধিলোঁ, অসমীয়া ভাষা জানে নেকি বুলি৷ ক’লে, ‘কাণছে চুনতা হুঁ৷’ বুজিলোঁ, অসমীয়া কথা তাই শুনিছে৷ বুজি পায়ো চাগৈ, ক’ব কিজানি নোৱাৰে৷ হ’ব, ভাব বিনিময়ৰ অৰ্থে কিবা এটা বুজি পালেই হ’ল৷

জুহালত কমলা দিদিয়ে নুমাই যোৱা জুইকুৰা ফুকিয়াই ফুকিয়াই জ্বলাইছে৷ পানীৰ কেটলি এটা লোৰ ফ্ৰেমটোৰ ওপৰত তুলি দিছে৷ জুহালৰ চৌপাশে অ’ত-ত’ত কেইবাখনো পীৰা৷ আমাৰ নিচিনাকৈ আন মানুহো জুইৰ উত্তাপ শৰীৰত লৈ বহে চাগৈ তাত৷ কেটলিটোৰ ঠিক ওপৰত এখন ধোঁৱাচাং৷ ওপৰত কিবাকিবি তুলি থোৱা আছে৷ ওচৰতে কোৰ, কটাৰী, বাচন-বৰ্তন আৰু বস্তাকেইটামান৷ দোকান বোলা দীঘলীয়া আকৃতিৰ দুকোঠলীয়া ঘৰটোৰ এফালে গাতে গা লগাই এইখন আচলতে এখন চালিহে৷ দোকানখনত চিপচ, বিস্কুত, ভুজিয়া, চাহপাত, গাখীৰ, চাবোন ইত্যাদি পায়৷ বিয়েৰৰ বটলো আছে৷ মনত পৰি গ'ল, অনিলদাই অথনি ঠিকেই কৈছিল৷ আমি সোমাই অহা কোঠাটোৰ বাহিৰৰ পিনে থকা দৰজাখনৰ মুখতে এঢলীয়াটোত এখন বাঁহৰ চাং৷ তাতে ধোৱা-পখলা কৰা হয়৷ তাঁৰ এডালত কাপোৰ মেলা আছে৷ চৰিয়া এটাত এদ’ম কাপোৰ তিয়াইও থোৱা আছে৷ সৌ তলৰ লোহিতৰ পৰা পানী ইয়ালৈ কঢ়িয়াই অনাটো মুখৰ কথানে? ভীষণ কষ্ট হয় চাগৈ৷ হ’লেও ইহঁত পাহাৰীয়া মানুহ৷ কষ্টক কষ্ট বুলি গণ্য নকৰাটো জন্মগত প্ৰবৃত্তি৷ তেনে স্বাভাৱিকতাৰেই গঢ় লৈ উঠে কমলা দিদিহঁতৰ জীৱন-যাত্ৰা৷ এফালৰ পৰা নিৰীক্ষণ কৰি গ'লোঁ মই৷

দোকানখন মাটিৰ ওপৰত আছে যদিও চাঙৰ দুটা মূৰ শূন্যত৷ দোকানৰ পিছফালে থকা সিহঁতৰ শোৱা কোঠালিটোও একেই৷ চাংঘৰ৷ খুঁটিৰ ওপৰত শূন্যত উপঙি থকাকৈ সজা৷ দৰজাখনেৰে ভুমুকিয়াই দেখিলোঁ, ভিতৰত বাঁহৰ গাধৈ৷ তাতে ঢাৰি পাৰি থোৱা আছে৷ পোনে পোনে থকা সিফালৰ বেৰখনত সৰুকৈ কটা খিৰিকী এখন৷ সেইফালেৰে প্ৰাকৃতিক দৃশ্য চাবলৈ বৰ ভাল লাগিব চাগৈ৷ মনটোৱে কুটকুটালে৷ পিছে অনধিকাৰ প্ৰৱেশ উচিত নহ’ব৷ সেয়ে সেই আশা বাদ দিলোঁ৷ দৰজামুখৰ পৰাই দেখা পালোঁ, ভিতৰত চিকচিকীয়া ৰন্ধন সঁজুলিবোৰ গজালত ওলোমাই চিজিলকৈ থোৱা হৈছে৷ কম্বল, গাৰু, কাপোৰ কিছুমান জাপি ৰখা অৱস্থাত আছে৷ সেই কোঠাটোৰ ভিতৰতো সোঁমাজতে জুই ধৰাৰ ব্যৱস্থা আছে৷ জুই হৈছে পাহাৰীয়া মানুহৰ নিত্য-সহচৰ৷ মিছিমিয়েই হওক, টাংচাই হওক কিম্বা কুকি, নগা৷ কথাটোত মিল আছে৷ চাংঘৰটোৰ তলৰ ফালে পাহাৰৰ এঢলীয়া বক্ষত সিহঁতে খেতি কৰে৷ বেঙেনা, জলকীয়া, কচু আদি চকুত পৰিল৷ কমলা গছ কিছুমানো দেখিলোঁ৷ সুমথিৰাৰ খেতি এইফালে ভাল হয়৷ ঢালটো য’ত শেষ হৈছে তাতে লোহিতখন৷ ভাঁজ এটা লৈ বৈ আহিছে ওপৰফালৰ পৰা৷ দৃশ্যবোৰ চালে চকুৰোৱা৷ শিলনিত পৰি খলখলাই আছে লোহিতৰ বোঁৱতী ধাৰ৷

কমলা দিদিৰ সৈতে প্ৰথমতে চাহৰ বন্দোবস্ত হৈছিল যদিও ঠাণ্ডা লগাত কফি খোৱাটোৱে খাটাং হ’ল৷ তায়ো ক’লে, ‘কফি বানা দে’গা হা’ বুলি৷ কামবোৰ তাই ফটাফট কৰি যাব ধৰিলে৷ মানুহজনীলৈ একান্তমনে চাই থাকিলোঁ আৰু মোহিত নহৈ নোৱাৰিলোঁ৷ সুবিধা বুজি ক্লিক কৰা কেমেৰাৰ ফ্লাচটো গাত পৰা মাত্ৰকে উচপ খাই উঠিল তাই৷ হাঁহিলে৷ চিন্তা কৰিলোঁ, কথাটো ঠিক নহ'ল নেকি বাৰু? অন্য কথা এটাও লগে লগে মন কৰিলোঁ যে ইমান অসুবিধা আৰু সীমাবদ্ধতাৰ মাজতো ইহঁতৰ মুখত অনৱৰতে সৰল হাঁহিটো লাগিয়ে থাকে৷ পিছপৰা ভিতৰুৱা ঠাইত থাকিও বৰ সুখী ইহঁত৷ মুখমণ্ডলৰ পৰা শিশুসুলভ স্বৰ্গীয় আভা নুগুচেই৷ বিপৰীতে আমাৰ একাংশ চহৰীয়া নাগৰিকৰ মাটি-বাৰী, ঘৰ-গাড়ী, বেংক বেলেঞ্চ আদি অপৰ্যাপ্ত থাকিও মুখত নাথাকে জীৱনৰ এই মহৌষধপালি৷ প্ৰাপ্তি-অপ্ৰাপ্তিৰ অংক কৰোঁতে কৰোঁতেই বিধ্বস্ত হয় জীৱন৷ বয়স যায়গৈ৷ হেৰাই যায় হাঁহি৷ বিপৰীতে কমলা দিদিহঁতৰ দৰে আকালো নথকা ভঁৰালো নথকা মানুহবোৰৰ সুখী স্বৰূপটোলৈ চাই মনে মনে কিবা এটা শিকিলোঁ যেন লাগিল৷

আমি কমলা দিদিৰ সৈতে তেনেই মিলি পৰিলোঁ৷ তাই যেন আমাৰ তেজ-মঙহৰ সম্বন্ধৰ বাইদেউহে, কথা-বতৰাবোৰ তেনেকুৱা জাতৰে হ’লগৈ৷ ঘৰুৱা ভাব আৰু আন্তৰিকতাৰ উদ্ৰেক হ’ল কম সময়ৰ ভিতৰতে৷ তায়ো আমাক ঘূৰাই সুধিলে নিতান্তই সাধাৰণ চিন্তা আৰু খোলা মনৰ প্ৰশ্ন কিছুমান৷ আমি কি মানুহ, আমি ক’লৈ যাম, কিয় যাম ইত্যাদি ইত্যাদি৷ উত্তৰত অকণো লুকঢাক নাৰাখি ক’লোঁ, ‘আমি অসমৰ, কাৰবি আংলং জিলাৰ ডিফুৰ পৰা আহিছোঁ৷ আমিও পাহাৰৰ মানুহেই৷’ কমলা দিদিৰ ভূগোলৰ পৰিসৰ কেনেকুৱা নুবুজিলোঁ যদিও হা কৰি অলপ পৰ মেলি ৰোৱা সৰলমতীয়া মুখখনলৈ চাই ভালকৈয়ে বুজি পালোঁ যে তাই নিশ্চয় বাৰুকৈয়ে হাবুডুবু খাইছে, ক’ৰ মানুহ আহি ওলাল এইকেইটা, বুলি৷ পিছত গম পাইছিলোঁ যে তেজুলৈকে গৈছে তাই, ইটানগৰ আজিও দেখাগৈ হ'লে নাই৷

গুড ডে’ বিস্কুতৰ ডাঙৰ পেকেট এটা ষ্টিলৰ কাঁহী এখনতে খুলিলে কমলা দিদিয়ে৷ ডাঙৰ কাপত কফি একাপকৈ দি গ’ল৷ বিস্কুতৰ থালখন এফালৰ পৰা প্ৰত্যেকৰে মুখৰ আগে আগে দাঙি ধৰিলে৷ জুইকুৰাক ঘেৰি বহি লৈছিলোঁ আমিকেইটাই৷ বিভিন্ন কথা ওলাই আছিল৷ শুনি আচৰিত হ’লোঁ যেতিয়া কমলা দিদিয়ে জনালে যে তাইৰ ডাঙৰ ল’ৰাটো চেন্নাইত আছে৷ সি ইঞ্জিনিয়াৰিং পঢ়ি আছে৷ সৰুটো তেজুত৷ সিও পঢ়ি আছে৷ ভাবি ভাল লাগিল যে এনেকুৱা এটা সংগ্ৰামী পাৰ্বত্য জীৱন অতিবাহিত কৰিও কমলা দিদিৰ দৰে মাক এজনী শিক্ষাৰ প্ৰতি আগ্ৰহান্বিত হৈছে৷ গভীৰ শ্ৰদ্ধাৰ ভাব এটা মনত জাগিল, মানুহজনীলৈ৷ সন্তানৰ শিক্ষা-দীক্ষাৰ প্ৰতি আগ্ৰহশীল এনে মাতৃৰ পৰা সমাজে কিবা নহয় কিবা ভাল ফলাফল নিশ্চয়কৈ আশা কৰিব পাৰে৷

ঘৰটোত পুৰুষ এজনো আছিল৷ মিছিমি দা এখনৰ নালডালত জমা হোৱা ময়লাবোৰ তেওঁ অইন এখন দাৰে ৰুকি ৰুকি পৰিষ্কাৰ কৰি আছিল পিছফালৰ দৰজাখনৰ মুখতে ঘাঁহনিত বহি লৈ৷ কমলা দিদিৰ স্বামী চাগৈ৷ আন কিছুমান জনজাতিৰ দৰে মিছিমিৰো দাখনেই প্ৰধান অস্ত্ৰ৷ সেইখন নহ’লে তেওঁলোকৰ বাবে আনকি ঘৰৰ পৰা এখোজ ওলোৱাও টান হৈ পৰে৷ মিছিমিৰ দা, খামতিৰ মোনা৷ বৈশিষ্ট্যপূৰ্ণ আৰু আদৰণীয় সাংস্কৃতিক সম্পদ৷ তেনেকুৱা দা আমি একোখনকৈ কিনিবলৈ পাম নেকি সোধা হ’ল৷ 'নাই মিলেগা' বুলিয়ে উত্তৰ আহিল৷ যাবৰ পৰত এখন উলিয়াইছিল যদিও পাঁচটা মানুহৰ মাজত এখনে চাহিদা পূৰণ কৰে কেনেকৈ? ঘূৰি আহোঁতে নিব পৰাকৈ পালে যোগাৰ কৰি থ’ব বুলি কোৱাত প্ৰসংগটো সিমানতে সামৰা হ’ল৷

কফি-বিস্কুতৰ বাবদ হিচাপতকৈ কেইটামান টকা ইচ্ছা কৰিয়ে বেছিকৈ দি দিয়া হ’ল কমলা দিদিক, পুতৌ কৰি নহয়, মৰমতে৷ ঘূৰাই পাবলগীয়া ধনখিনি দিব নালাগে বুলি কোৱাত তাই আচৰিতেই হ’ল৷ মুখৰ ফালে চালে অলপপৰ৷ আকৌ এবাৰ চাগৈ ভাবিলে, কি মানুহ অ’ ইহঁত, বুলি৷ আহিবলৈ ওলাই অৰুণদাই লগত নিয়া এজাপ কাৰবি পহ’ৰ 'তাইক এখন দি যাওঁ নেকি' বুলি ফুচফুচাই মোক সুধিলে৷ আকাল নাইকিয়া মানুহক দিয়াতকৈ যাৰ প্ৰকৃতাৰ্থত প্ৰয়োজন তাকহে দিয়া উচিত বুলি মই মন্তব্য কৰিবলৈহে পালোঁ, দাদা আৰু ৰৈ নাথাকিল৷ সাউৎকৈ গৈ গাড়ীৰ দৰজা খুলি নিজৰ বেগৰ পৰা এখন উলিয়াই আনিলেগৈ আৰু কমলা দিদিৰ ডিঙিত সাদৰেৰে আঁৰি দিলে৷ ৰঙা ৰঙৰ নতুন আৰু আকৰ্ষণীয় বস্তুপদ দেখি তায়ো পিটিকি পিটিকি চাই থাকিল অলপপৰ৷ কি ধৰণে বৈছে, কি ফুল দিছে থাওকতে তাকেই মন কৰিছিল চাগৈ৷ কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকাই-বুজাই দিলোঁ৷ চকুৰ তিৰবিৰণি দেখিয়ে ইংগিত পালোঁ যে তাই কিমানযে আনন্দিত হৈছে! তেনেকুৱাতে সঞ্জুৱেও ফুলাম গামোচা এখন উলিয়ালে৷ সেইখনো ডিঙিত পিন্ধাই সন্মান যঁচা হ’ল৷ গামোচাখন পাই তাই আনন্দত আত্মহাৰা হৈ পৰিল৷ অনেক সময় সেইখনকে লিৰিকি-বিদাৰি থাকিল৷ কেনেকৈ ফুলবোৰ বাছিছে, সূতাবোৰ কেনেকুৱা জাতৰ, দীঘ-বাণি আদি ইলুটি-সিলুটিকৈ চায়ে থাকিল, চায়ে থাকিল৷ বুজিলোঁ, গামোচাখন খুব পছন্দ হৈছে তাইৰ৷ ক’লে, ‘আগে কা এ’ক হ্যায় মেৰে পাচ৷ বহুত আচ্ছা হ্যেয় য়ে৷ গামচা ব'লতা হ্যায় না?’

বিদায় ল’বৰ বেলি হ’লহি৷ ‘আৰু একটা থাকিলে দিবিনা৷’ হঠাতে কমলা দিদিৰ মুখৰ পৰা ওলাই আহিল বাক্যটো৷ মানে, থাকিলে আৰু এখন গামোচা বিচাৰিছে তাই৷ বাক্যটো মোৰ কাণত ধৰা পৰাত ‘কমলা দিদিয়ে অসমীয়া ক’ব পাৰে দেখোন’ বুলি উলাহতে চিঞৰ মাৰি দিলোঁ৷ ‘আৰু একটা থাকিলে দিবিনা’, তাইৰ মিছিমি জিভাখনত শব্দকেইটা শুনি এনেযে মিঠা লাগিছিল! মই হাল্লা কৰি দিয়াত তাই হাঁহিলে৷ সৰলমতীয়া, লাজকুৰীয়া হাঁহি এটা৷ মই বুজি পালোঁ, তাই ভঙা ভঙা অসমীয়া ক’ব পাৰে৷ লাজ কৰিহে কোৱা নাই৷ ক’ৰবাত ভুল হৈ যাব পাৰে বুলি অহেতুক সংকোচ৷ নাগালেণ্ডত নগাসকলৰ মাজত চলা লিংগুৱা-ফ্ৰাংকা নাগামিজৰ অনুৰূপ ধৰণে অৰুণাচল প্ৰদেশৰ থলুৱা অধিবাসীসকলৰ মাজতো নিজৰ মাতৃভাষাৰ সুৰতে এক ধৰণৰ খিচিৰি দোৱান চলে৷ মৌ-বৰষা তেনেকুৱা কথা-বতৰাবোৰ শুনি খুব ভাল লাগে৷ অৰুণাচলত অধ্যয়নৰত কালছোৱাত তেনেকুৱা ঢেৰ শুনাৰ সৌভাগ্য মোৰ হৈছে৷ এতিয়া কমলা দিদিৰ পৰাও বহুদিনৰ মূৰত অন্ততঃ এষাৰি শুনা পালোঁ৷ মনটো কিবা যেন ভৰি পৰিল৷ পিছে আৰু এখন দিবলৈহে হাততযে গামোচা আৰু নাই! পৰশুৰাম কুণ্ডত গা ধুওঁতেই তিয়নি এৰাৰ নামত তিনিজনৰ তিনিখন গ'ল৷ নহ'লে কমলা দিদিয়ে নিঃসন্দ্হে আৰু এখন পায়৷

‘ৱাপচ আনে কা টাইম মে’ চ্যায় পীকে জানা’ বুলি কমলা দিদিয়ে কৈ পঠালে৷ স্বামী-স্ত্ৰীহাল বাহিৰ ওলাই আহি আমাক বিদায় দিলে৷ গধুৰ মন লৈ গাড়ীত বহিলোঁগৈ৷ গাড়ী চলি গ’ল তাৰ পৰা প্ৰায় ২০-২২ কিল’মিটাৰমান আগলৈ থকা ৱালং অভিমুখে৷ বাটে বাটে আৰু মাজে-মধ্যে ওলাই থাকিল কমল দিদিৰ কথা৷



দুই...

ৱালঙৰ পৰা অহি আছোঁ৷ যাম ৰ’য়িঙলৈ৷ আঞ্জাৱ ডিষ্ট্ৰিক্টৰ পৰা মাজত লোহিত ডিষ্ট্ৰিক্ট এৰি ল’ৱাৰ ডিবাং ভেলী পামগৈ৷ ৰাতিপুৱা চাহ খায়ে সোনকালে যাত্ৰা আৰম্ভ কৰিছোঁ৷ আঞ্জাৱ ব্ৰীজ পাৰ হৈ আহি হঠাৎ এঠাইত পেটেলে ব্ৰেক মাৰিলে৷ পাহৰিয়েই গৈছিলোঁ৷ চকুৰ আগত পথৰ দাঁতিত সেয়া দেখোন কমলা দিদিৰ দোকানখন! পেটেলে ভাল মনত পেলালে দেই৷ চালকৰ মনত থাকেই বাটৰ কথা৷

আগফালে দৰজা-খিৰিকী বন্ধ৷ তাইৰ নাম ধৰি কেইবাৰমান চিঞৰিলোঁ৷ অলপ পৰৰ পিছত পিছফালৰ পৰা মাত এটা ভাহি আহিল৷ গাড়ীখন চপাই ৰাখি বাহিৰেদি সোমাব পৰা বাটটোৰ শলখাকেইডালৰ ওপৰেৰেই মহতিয়াই গোটেইমখা সোমালোঁগৈ দপদপাই৷ কমলা দিদি খেতিৰ পৰা আহি পাইছে তেতিয়া৷ গা-পা ধুই খোৱাৰ যা-যোগাৰ কৰিব ধৰিছে৷ খাই-বৈ লৈহে বোধহয় দোকান খুলিব৷ দৃষ্টি নিবদ্ধ হ’ল তাইৰ মূৰটোত৷ মূৰত জিলিকিছে ফুলাম গামোচা! চুলি শুকুৱাবলৈ পাগ মাৰি লৈছে৷ ৰ’ব নোৱাৰি কৈয়ে পেলালোঁ, ‘সিদিনা আমি দিয়াখন নহয়নে?’ ‘নেহী৷’ তাই হাঁহি মাৰি উত্তৰ দিলে৷ ‘য়ে বহুত পহলেকা হ্যায়৷’ হ’বও পাৰে৷ তাই সিদিনা কৈছিল, আগতে কোনোবাই এখন দিছিল বুলি৷ গামোচাৰ প্ৰতি তাইৰ আদৰটো দেখি ভাল লাগি গ'ল৷ গৌৰৱ এটাও জন্মিল পেটে পেটে৷

কমলা দিদিয়ে মাকৈ খাই যাবলৈ ক’লে আমাক৷ কথাৰ লগে লগে কেৰাহীত পপকৰ্ণৰ পেকেট এটা খুলি জুইকুৰা বঢ়াই দিলে৷ ঢাকোনখন বাওঁহাতেৰে সামান্য ফাঁক কৰি সোঁহাতত লৈ থকা টাৰুডালেৰে অবিৰাম লৰোৱাত লাগিল৷ কেইটামান মাকৈ ফাঁকেৰে উফৰি তাইৰ গালৈকে জঁপিয়ালে৷ অকণমানি পেকেট এটাৰ পৰা একেৰাহী হ’লগৈ মাকৈখিনি৷ পুনৰবাৰ সোঁৱৰালে, ‘পপকৰ্ণ খাকে যানা হাঁ৷’ মন থাকিলেও আমাৰ হাতত তেতিয়া জুহালৰ গুৰিত বহি মাকৈ চোবোৱাৰ সময় নাছিল৷ লোহিতৰ পাৰৰ খেতি-বাতি চোৱাৰ কথাও ভাবি আহিছিলোঁ৷ পাৰিলে কষ্টই-মষ্টই ইয়াত এৰাতি খপি যাব পাৰিলেও বেয়া নাছিল৷ পিছে আন্ধাৰ হোৱাৰ পূৰ্বে ৰ’য়িং পাবগৈ লাগিব৷ এইফালৰ পৰা নামি নামি আন এফাল৷ পাহাৰৰ পৰা ভৈয়াম৷ দূৰত্বলৈ চাই পাহাৰত সময় বেছি লাগে৷ আকৌ, বাটতে তেজুত বন্ধু ধৰ্মেনৰ ঘৰত সোমাই তাৰ মাকজনীক চাই যোৱাৰ হেঁপাহ এটাও পুহি ৰাখিছোঁ৷ বাইশ বছৰৰ পিছত চাৰপ্ৰাইজ ভিজিটৰ ৰূপত এই দৰ্শনটো দিবলৈ মনটো উন্মাদ হৈ আছে মোৰ৷ তেল ভৰাবলৈ খুপা গৈ পালেই ম’বাইল নেটৱৰ্ক পাই যাম আৰু তেতিয়াই তাৰ পৰা মাকৰ কনটেক্ট নম্বৰ বিচাৰিম৷ গতিকে সময়ৰ কথা সোঁৱৰাই কমলা দিদিক মাত লগাই যাব ওলালোঁ৷ 

তেনেকুৱাতে ওলাল মিছিমি দাৰ বিষয়টো৷ ক’লে, ‘বিচৰা হৈছিল, কিন্তু পোৱা নগ’ল৷ এইফালে কিনিবলৈ তেনেকৈ নাপায়৷’ নিজৰ ঘৰৰে এখন দিব খুজি আগ বঢ়ালে৷ আকৌ সমস্যা৷ পাঁচটা মানুহৰ কোনটোৱে পাব এতিয়া? দাখনৰ সৈতে খাপ নাছিল৷ মিছিমি দাৰ খাপটোৰ বিশেষত্ব আছে৷ অজগৰৰ ছালেৰে নিৰ্মাণ কৰাৰ উপৰি পুৰণি পইচা লগাই আটকধুনীয়া কৰি ৰাখে৷ খাপটো নথকা হেতুকে কোনেও নোলোৱাটোকে ঠিৰাং হ’ল৷

‘কমচেকম চ্যায় ত’ পিকে যাৱ৷’ চাহ খাবলৈ টানি ধৰিলে তাই৷ ‘হাৱাইৰ যাত্ৰী নিবাসত অলপ আগতে চাহ খায়ে ওলাইছোঁ৷ গতিকে মাতষাৰহে দিবলৈহে সোমালোঁ৷ চাহ কৰিব নালাগে’ বুলি কৈ বুজালোঁ৷ বেচেৰীয়ে ভাগৰে-জুগৰে সৌ পাহাৰতলিত খেতিৰ কাম কৰি অলপ আগতে আহি পাইছে৷ দিগদাৰী দিয়াৰ সত নগ’ল৷ গাড়ীখনলৈ আগ বাঢ়িলোঁ আমি৷ তেনেকুৱাতে পিছফালৰ পৰা তাই ৰিং মাৰিলে, ‘আপলোগ ফিৰ কব আয়েগা?’


প্ৰশ্নটোৰ উত্তৰ সেই মুহূৰ্তত আমাৰ কাৰো জিভাতেই নাছিল৷ সেয়া অনিশ্চয়তা৷ হয়তো আকৌ কেতিয়াবা দেখা হ’ব, হয়তো নহ’বও পাৰে৷ জীৱন তেনেকুৱাই৷ কেঁকুৰিত হেৰাই যায় কত লগ পোৱা, কত কথা-বতৰা৷ বাটত আহি থাকোঁতে কমলা দিদিৰ শেষ প্ৰশ্নটোৱে আমাৰ মনবোৰ স্বাভাৱিকতে গধুৰ কৰি পেলাইছিল৷ তেতিয়াই মনতে ভাবিছিলোঁ, কমলা দিদিক অন্ততঃ লিখিত ৰূপত স্মৃতিপটত সাঁচি ৰাখিব লাগিব৷








No comments:

Post a Comment