Saturday, 23 May 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন এক ৷৷ দিনাংক ১০.৪.২০১৫

কিবা পাহৰোঁ বুলিয়েই লগত নিবলগীয়া দৰকাৰী বস্তুৰ তালিকা এখন ভাবি-চিন্তি দুদিনমানৰ আগতেই কৰি থোৱা হৈছিল৷ সেইটো নিয়ম৷ যাত্ৰাৰ দিনা আবেলি লিষ্ট চাই চাই এটা এটাকৈ কলা বেগটোত সুমুৱালোঁ৷ বেগ এটাই যদিও শেষৰ চেইনডাল মাৰোঁতে ৭.৪৫ বাজিল৷ ট্ৰেইনৰ সময় ইফালে ৮বাজি ৪৮মিনিট৷ আনদিনৰ হিচাপত সময় হোৱা নাছিল যদিও গৰম ভাতকেইটামান টপাটপ খাই ললোঁ৷ ষ্টেচনলৈ নিবলৈ অনিলদাই গাড়ীৰে পুত্ৰক পঠিওৱাৰ কথা৷ ভাত খাই থাকোঁতেই ফোনকলটো আহিছিল৷ গতিকে নিৰ্দেশ মানি ঘৰৰ সন্মুখত মজুত থাকিলোঁ৷ বহু সময় বাট চালোঁ৷ নাহেহে নাহে৷ ওলোটাই ফোন কৰি জানিলোঁ, প্ৰথমে অৰুণদাক উঠাব৷ তাৰ পিছত মোক৷ মূৰকত অটৰিক্সা এখনত বহি অৰুণদা আহিল৷ সময় চমু চাপি আহিছে৷ ময়ো লগে লগে উঠিলোঁ৷ ষ্টেচনতে সঞ্জুক লগ পালোঁ৷ সাংবাদিক মানুহ৷ বাতৰি খেদি কাহিলি পুৱাই ওলাই যোৱাৰ পিছত সুদূৰ উমপেনাইৰ পৰা ট্ৰেইন এৰাৰ মাত্ৰ দুঘণ্টা আগতে ঘূৰি আহি ঘৰ পাইছেহি৷ ষ্টৰীকেইটা খচাখচ লিখিয়ে নাকে-কাণে ভাতকেইগৰাহ গুজি এয়া প্ৰথমেই উপস্থিত৷ চকা লগোৱা, ৰঙা, মস্ত বেগটোৰে সৈতে আটাইতকৈ দেৰিকৈ ওলালহি অনিলদা৷ ক্ষন্তেকৰ ভিতৰতে গাড়ীখনো প্লেটফৰ্ম সোমাল৷ ১৫৯৫৯ নং উজনিমুৱা হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ৷ উঠিলোঁ আৰু নিশা ৯.০০বজাত আমি চাৰিও ডিফুৰ পৰা তিনিচুকীয়া অভিমুখে ৰাওনা হলোঁ৷ তাৰ পৰা সেউজী অৰুণাচল৷

মোহময়ী অৰুণাচলৰ প্ৰতি ৰঙাচীনৰ শেন-দৃষ্টি৷ চীনৰ সৈতে অৰুণাচলৰ সীমাৰ দৈৰ্ঘ্য ১,১২৬কিল'মিটাৰ৷ দক্ষিণ তিব্বত নাম দি তাৰে এটা অংশ তেওঁলোকৰ বুলি চীনে দাবী জনায়েই আহিছে৷ মাউণ্ট এভাৰেষ্টৰ তলেৰে সুৰংগ খান্দি তিব্বতক সংযোগ কৰাৰ দুঃসাহসিক পৰিকল্পনাৰ কথাও সংবাদ মহলৰ জৰিয়তে শুনা গৈছে৷ ক'বলৈ গ'লে সমগ্ৰ অৰুণাচল প্ৰদেশক লৈয়ে ভাৰতৰ সৈতে তেওঁলোকৰ প্ৰবল বিবাদ৷ বিষয়টো অপৰিহাৰ্য বুলিও বেইজিঙে কৈ আহিছে৷ আনহাতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীজীয়ে প্ৰকাশ কৰা ভাৰতীয় দৃষ্টিভংগীৰ সৈতে সুৰ মিলাই চীনে কৈছে যে উভয় দেশে পাৰস্পৰিকভাৱে সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰি আলোচনাৰ মাধ্যমেৰে বিবদমান বিষয়সমূহ নিষ্পত্তি কৰিব পাৰে৷ নিশ্চয়কৈ চীন-ভাৰতৰ এই সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত উভয় পক্ষৰে সমান দায়িত্ব আছে৷ ইপিনে অৰুণাচলক লৈ তেওঁলোকে কোনো পৰিস্থিতিতে আপোচমূলক স্থিতি প্ৰকাশ নকৰে বুলিও চীনে সকীয়াই দিছে৷ মোদী চৰকাৰে শেহতীয়াভাৱে চীনৰ সীমামূৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত সামগ্ৰিকভাৱে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (এ.এফ.এছ.পি.এ. বা আফ্‌স্পা) জাৰি কৰিছিল৷

মাজে মাজে চীনা সৈন্যই সীমান্তত অসন্তুষ্টি আৰু উত্তেজনাৰ সৃষ্টি কৰি আহিছে৷ ২০ আৰু ২৮মাৰ্চত লাডাখ সীমান্তৰে চীনৰ সৈন্যৰ অনুপ্ৰৱেশৰ ঘটনাই ভাৰতক উদ্বিগ্ন কৰি তোলাৰ লগতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (লাইন অফ একচুৱেল কণ্ট্ৰল, চমুকৈ এল.এ.চি.) অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল৷ ২০১৩চনত চীনৰ পিপুল্‌চ লিবাৰেচন আৰ্মী (পি.এল.এ.)য়ে লাডাখ সীমান্তৰে প্ৰৱেশ কৰি ভাৰতীয় ভূখণ্ডত প্ৰায় তিনিসপ্তাহ ধৰি শিৱিৰ স্থাপন কৰি থকাৰ পিছত ২০১৫ত এয়া দ্বিতীয় ঘটনা৷ উত্তৰ লাডাখৰ বাৰ্টছি আৰু ডেপছাং অঞ্চলত চীনা সৈন্যৰ দুটা দলে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল৷ সেই স্থান ভাৰতীয় সেনা বাহিনীৰ অন্তিম শিৱিৰৰ সমীপৰ অ'ল্ড পেট্ৰ'ল পইণ্টত৷ উক্ত দুই স্থানৰ পৰা ভাৰতীয় সৈন্যক আঁতৰি যাবলৈ সংকেত দি চীনা সৈন্যই ভাৰতীয় ভূখণ্ডত প্ৰৱেশৰ চেষ্টা চলাইছিল৷ কিন্তু ভাৰতীয় সেনা বাহিনীয়ে বেনাৰ প্ৰদৰ্শন কৰি চীন সৈন্যক সেই স্থানৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে৷ এনেকুৱা ঘটনা সীমান্তত মাজে মাজে চলি থাকে৷

অৰুণাচলক ডিষ্টাব্‌ড এৰিয়া ঘোষণা কৰিছে৷ আপোনালোকে যাব নোৱাৰিব নেকি! বাতৰি কাকতত পঢ়ি জনৈক বন্ধুৱে ফোনযোগে জনোৱা সংশয়প্ৰকাশক খবৰটোৱে অৰুণদাৰ উৎসাহতো চেঁচা পানী অকণমান ঢালিছিল৷ প্ৰসংগটোৰ উল্লেখেৰে চিন্তিতভাৱে দিনৰ বেলাতেই মোক প্ৰশ্ন কৰিলে, আমাৰ যাত্ৰাটো কি হব তেনেহলে? দাদাক বুজালোঁ, আফ্‌স্পাৰ অধীনত অৰুণাচলেই নহয়, সমস্ত উত্তৰ পূৰ্বাঞ্চল অশান্ত এলেকা বুলি কেতিয়াবাতে সংজ্ঞাবদ্ধ হৈছে৷ চিন্তা কৰিব নালাগে দাদা৷ যাত্ৰা হবই হব৷ আৰু এতিয়া এয়া, যাত্ৰা কৰি আছোঁ৷ সংশয়ক জয় কৰিছোঁ৷ কথাবোৰ আলোচনা কৰিছোঁ৷

কথাটো হল, চলিত বছৰৰ প্ৰথম ভাগতে কেন্দ্ৰীয় চৰকাৰে অসম, অসমৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ২০কিলমিটাৰ এলেকাত আফ্‌স্পাৰ ম্যাদ বৃদ্ধি কৰিছিল৷ তাকে কেন্দ্ৰ কৰি প্ৰশ্নটোৰ অৱতাৰণা৷ আফ্‌স্পা উঠাই দিয়াৰ পক্ষতো সজোৰ যুক্তি শুনিবলৈ পোৱা গৈছে৷ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছাৰ দৰকাৰ৷ চীনৰ শক্তিক প্ৰতিহত কৰাৰ চেষ্টা চলোৱাতকৈ চৰকাৰৰ দ্বাৰা ঘোষিত এক্ট ইষ্ট নীতিৰে উত্তৰ-পূবৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱবোৰ পূৰণ কৰাত গুৰুত্ব দিয়া উচিত বুলি সচেতন মহলত গণ্য কৰা হৈছে৷এক্ট ইষ্ট পলিচী কাৰ্যকৰী কৰাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰধান অন্তৰায় হৈ দেখা দিছে বুলিও বিভিন্নজনে মত ব্যক্ত কৰিছে৷ ইয়ে দক্ষিণ-পূব এচিয়াৰ আন দেশৰ সৈতে অঞ্চলটোক সংযোগ কৰাত কঠিনতা থিয় কৰিছে৷ অশান্ত এলেকালৈ কেনেকৈ মানুহ আহিব পাৰে? যোগাযোগৰ কেনেকৈ উন্নয়ন ঘটিব পাৰে? বাতৰি কাকততে পঢ়িবলৈ পাইছিলোঁ এই কথাবোৰ৷ ট্ৰেইনত বহি তাকে পাগুলি পাগুলি জনালোঁ দাদাক, যাতে মানুহজন টেনচনমুক্ত হয়৷

আমিও অৱশ্যে কিছুমান অনিশ্চয়তাকে সন্মুখত লৈ যাত্ৰা কৰি আছোঁ৷ এছ. ফৰত সঞ্জু আৰু মই৷ এছ. ছিক্সত অৰুণদা আৰু অনিলদা৷ একেখন ফৰ্ম ফিল্‌-আপ কৰি একে সময়তে ৰিজাৰ্ভেচনৰ টিকট আগতীয়াকৈ নিজেই কাটিছিলোঁ যদিও ছিটকেইটা একেলগে নহল৷ কিয়বা তেনেকুৱা হল? বিষয়টো মোৰ বাবে হৈ পৰিল এটা সাঁথৰ৷ সি যি কি নহওক, শুৱাৰ আগলৈকে কেইবাবাৰো চাণ্টিং মাৰি সংযোগ ৰক্ষা কৰি থাকিলোঁ৷

যোগাযোগ সম্বন্ধীয় দৰকাৰী ফোনকল কেইটামান কৰি উঠি পুৱা ৪বজাত মবাইল ফোনটোত এলাৰ্ম দি নিজৰ বাৰ্থত শুই পৰিলোঁ৷ সিফালে দিনটোৰ ভাগৰত শ্ৰান্ত-ক্লান্ত সঞ্জু৷ ওপৰত বাৰ্থটোত আগে-ভাগে উঠি লৈ তেওঁ কেতিয়াবাই হেলিকাপ্তাৰ চলাবলৈ আৰম্ভ কৰি দিছিল৷

নিশা ১১.৩০ত হঠাতে মোৰ মবাইলৰ চিনাকি ৰিংটনটো বাজি উঠিল৷ চকু দুটা জাপ খাইছিল ইতিমধ্যে৷ খকামকাকৈ চাওঁ যে বন্ধু ধৰ্মেন৷ ইটানগৰৰ পৰা কৰিছে সি৷ খবৰ লৈছে৷ 
তহঁত আহিছনে নাই?
আৰে, ফৰকাটিং পালোঁহি৷
গুড্‌৷
দৰকাৰী কথাকেইটামান জনালে সি৷
তলৰ পৰাই শাক-পাচলি অলপ কিনি লবি৷ ওপৰত নাপাবি৷ পালেও দাম বহুত বেছি৷ মোৰ তাত থকা জেগা ঠিক কৰি থৈছোঁ৷ চিমাৰ হাতত চাবিটো আছে৷ তাইক লগ ধৰিবি...
কাইলৈ তোক যোগাযোগ কৰিম বুলি লাইনটো কাটিলোঁ আৰু নিদ্ৰাদেৱীৰ কোলাত পুনৰবাৰ আশ্ৰয় ললোঁ৷

এটা অনিশ্চয়তাৰ পৰা মুক্তি! ৰেলতে অকণমান নিতাল মাৰি লব লাগিব৷ কাইলৈ পুৱাৰে পৰাই আৰম্ভ হব আচল যাত্ৰা৷ সপোনৰ ডং অভিমুখে যাত্ৰা! চীন সীমান্তলৈ কিমান দূৰ নাজানো৷

গাড়ীখন নিজৰ ট্ৰেকত, নিজৰ গতিত আগলৈ চলি গৈ থাকিল৷

No comments:

Post a Comment