Tuesday, 12 May 2015

আকৌ হেৰাই গলোঁ আমি...


মই : ইনফৰ্মেচন... ৮, ৯, ১০ মে ২০১৫৷ ফাট বিহু৷ ঢকুৱাখনা৷
অৰুণদা : অ.কে., লেট্‌চ ট্ৰাই৷

দুদিনৰ আগতে পাতি থোৱা কথামতেই ৯মেৰ পুৱা ৭.০০বজাত ঘৰৰ সন্মুখত বগা বলেৰখন হাজিৰ হৈ গল৷ বেগটোত কাপোৰ এসাজ ভৰাই উঠি দিলোঁ৷ অৰুণদা, অনিলদা, মই৷ ড্ৰাইভিং হুইলত হৰছিং বে'৷ আকৌ হেৰাই গলোঁ আমি৷ এনেকৈয়ে হেৰাই গৈছোঁ আগতেও বহুবাৰ৷ হেৰাই থাকিম আগলৈও৷ হেৰোৱাৰ মজা আছে৷

কিবিথো-ডঙেই এতিয়ালৈ লিখি শেষ কৰিব পৰা নাই৷ হঠাতে অ.কে.হৈ গল পৰৱৰ্তী এটা ভ্ৰমণ৷ ডিফুৰ পৰা ফ্লেগ অফ্‌ কৰি একেবাৰে নাৰায়ণপুৰ, বিহপুৰীয়াত সোমাই লেটেকু পুখুৰী (মাধৱদেৱৰ জন্মস্থান), ভোগপুৰেদি ওলাই বান্দৰদেৱা হৈ লখিমপুৰ, গোগামুখত নিশাৰ আলহী৷ পিছদিনা পুৱাতে উঠি গেৰুকামুখ (নদীবান্ধ)৷ ঘূৰি ঢকুৱাখনা, মহঘূলি চাপৰি, ফাট বিহু৷ চাৰিকৰীয়া পাৰ হৈ লুইতৰ টেকেলী ফুটা ঘাট৷ ওভতি ঘিলামৰাইদি ফাটি চমৰাজান৷ ধেমাজি, চিলাপথাৰ, জোনাই, মুৰ্কংচেলেক এৰি থৈ অৰুণাচল প্ৰদেশৰ ৰুকচিনত ৰ'লোঁগৈ৷ পুনৰবাৰ অৰুণাচলৰ হাত-বাউলি! বৰ্ষাৰণ্য পবাৰ মাজে মাজে পুৱাই পুৱাই পাচিঘাট, ৰাণাঘাট৷ চিয়াঙৰ সিপাৰ৷ পৰিকল্পনাবিহীন, হঠাৎ সাকাৰ হৈ উঠা এটা সুন্দৰ যাত্ৰা৷

বাইল ফোনৰ চুইচ অফ৷ টিভি, নিউজ পেপাৰৰ পৰাও চকু আঁতৰত৷ দৃষ্টি আগলৈ, মাথোঁ আগলৈ৷ আকাশ, নৈ, পাহাৰ৷ তাকে ধিয়াই আকৌ পালোঁগৈ চাৰিকৰীয়াৰ পাৰ৷ মহঘূলি চাপৰি৷ ডিক্রং, ৰঙানদী, সোৱণশিৰি, ব্ৰহ্মপুত্ৰ, জীয়াঢল, গাই, চিমেন, চিয়াং৷ চিয়াঙৰে গালং... ওঁঠত লৰচৰ কৰিছিল ভূপেনদাৰ সেই সমন্বয়ৰ সুমধুৰ গান৷ চিয়াঙেই চাংপো চীনদেশত৷ লক্ষ্য মনতে বান্ধি থলোঁ যে চিয়াঙৰ প্ৰৱেশ-পথ গেলিং, পৰ্বত শিখৰৰ মোহময়ী টুটিং পামগৈ কোনোবাদিন৷ সেইদিশে বগাই গৈ চীন সীমান্ত আকৌ চাম৷

৫২নং ৰাষ্ট্ৰীয় ঘাইপথ, ব্ৰডগজ, চাহপাত, টকৌপাত, চাংঘৰ, এন.এইচ.পি.চি., ডফলা পৰ্বত৷ বিহপুৰীয়াৰ ‘লখিমী’ আলোচনী, ধৰ্মেশ্বৰ কটকী, নীলমণি ভট্ট৷ গোগামুখৰ পৱিত্ৰ সন্দিকৈ৷ জোনাইৰ ৰয়েল পেগু, বিজয় বৰি৷ ৰুকচিনৰ চামচন৷ সুখৰ এটি আবেলি, সুখৰ এটি সন্ধিয়া, সুখৰ টোপনি৷ ফাট বিহুৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাতে পাই ইছমাইল হুছেইনক ধৰিছিলোঁ গবা মাৰি৷ আৰু ব্ৰহ্মপুত্ৰৰ টেকেলী ফুটা ঘাটৰ জীয়া জীয়া বচা মাছকেইটা? বানে ধোৱা ধেমাজিৰ গ্ৰাম্যাঞ্চলেৰে পাক লওঁতে চকুত পৰা এতিয়াও পানীৰ তলত থকা ঘৰকেইটা?

কত কথা, কত বতৰা!

১৫ঘণ্টীয়া লং ড্ৰাইভেৰে পিছনিশা ঘৰ সোমাই দেখোঁ যে পথৰ ওপৰত জঁপিয়াই থকা নৱজাতক ছাগলীক স্কুটীৰ খুন্দা-পৰশৰ পৰা বচাবলৈ গৈ শ্ৰীমতীৰ নিজৰে চিৎভেংলা৷ মুহূৰ্ততে বাঁওহাতত ডিচল’কেচন, ফ্ৰেকচাৰ, চকুপানী৷ ক্রেপ বেণ্ডেজ, এক্স ৰে’, টেবলেট, ইনজেকচন৷ ডাক্তৰ ৰাতুলদাৰ পৰিচৰ্যা৷ ডাক্তৰ ডেনথং, ৰুবেনহঁতৰ টনাটনিৰ পিছত কালি প্লাষ্টাৰ অফ পেৰিচৰ প্ৰলেপ৷ সদ্যহতে ডিঙিত ওলমিছে এখন বগা হাত৷ আমালৈও সুযোগ, সেৱক হোৱাৰ৷

গোটেইখিনি সামৰি-সুতৰি এতিয়াহে সময়কণ পালোঁ জনাবলৈ নিজৰ উপস্থিতি৷ কত কথা, কত বতৰা৷ অভিজ্ঞতা আৰু আনন্দ৷ ভাবৰ খেলিমেলি৷ কিবিথো-ডঙেই এতিয়ালৈ লিখি অন্ত কৰিব নাই পৰা৷ ইফালে সন্মুখত সাজু হৈ আছে মেনচুখা৷

হেৰাই থাকিম মাজে মাজে৷ হেৰোৱাৰ মজা আছে৷

No comments:

Post a Comment