Saturday 29 March 2014


ঋতুৰাজ বসন্তৰ আগমনৰ সময় এয়া৷ শীতৰ শুষ্কতাই লঠঙা কৰি থৈ যোৱা গছ-লতিকাত ন-কুঁহিপাত মেলাৰ বতৰ৷ ডালে ডালে চৰাই-চিৰিকটিৰ বিৰামহীন কূজন৷ ফুলে ফুলে ভ্ৰমৰৰ গুঞ্জন৷ যেন বহাগৰ আগমনী গীতহে! প্ৰকৃতিৰ এনে আশাব্যঞ্জক, প্ৰাণসঞ্চাৰকাৰী ৰূপ-লাবণ্যই প্ৰকৃতিৰ সন্তান মানুহৰো দেহ-মন চঞ্চল কৰি তোলে৷ লুইতপৰীয়া মানুহখিনিও তাৰ ব্যতিক্রম নহয়৷ চতৰ শেষত অহা নৱ-বহাগৰ বা লাগি উতলা হোৱা এই মানুহখিনিয়ে কঁকালত টঙালি বান্ধি প্ৰস্তুত হয় উজনি-নামনি, পৰ্বত-ভৈয়াম, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ জাতীয় উৎসৱ আৰু সংস্কৃতিৰ পৰিচায়ক বিহুটিক আদৰিবলৈ৷

উৎসৱৰ অনাবিল আনন্দই মতলীয়া কৰি তোলে সৰু-বৰ, ধনী-নিৰ্ধনী সকলোটিকে৷ বহাগেই আনি দিয়ে চিত্তলৈ সজীৱতা, হিয়ালৈ উদাৰতা আৰু মনলৈ দৃঢ়তা৷ সেইবাবেই বহাগৰ সৈতে আমাৰ সম্বন্ধ ইমান নিবিড়৷

পাখি লগা ঘোঁৰাত উঠি সময়ে তাৰ চলমান গতি অব্যাহত ৰাখে৷ শিক্ষা, ধৰ্ম, ৰাজনৈতিক শক্তি, নাগৰিকীকৰণ, উদ্যোগীকৰণৰ প্ৰভাৱ পৰে লোক-সংস্কৃতিৰ ওপৰত৷ শত শত শতিকাৰ পটভূমিত গঢ় লৈ উঠা কৃষিভিত্তিক উৎসৱ বিহুটিও প্ৰভাৱিত হয় চহৰমুখী সভ্যতাৰ গড্ডলিকা প্ৰৱাহৰ দ্বাৰা৷ বহাগৰ উদাৰতা ক্রমাৎ মোলান পৰি আহে৷ হাহাকাৰ ৰূপত দেখা দিয়ে সময়হীনতাই৷ গঢ় লৈ উঠে সমস্যা, বৈৰিতা আৰু সংঘাত৷ সৃজনীশীলতাৰ ঠাই লয় ধ্বংসকামিতাই৷ খাদ্য পদাৰ্থৰ দাম হয় গগনচুম্বী, সহজলভ্য হৈ পৰে আগ্নেয়াস্ত্ৰ, বাৰুদ, ড্ৰাগছ৷ মানুহে মানুহৰ শোণিতেৰে ফাকু খেলে৷ কেওফালে বিৰাজ কৰে নিৰাপত্তাহীনতা, অস্থিৰতা, আতংক আৰু ঘৃণা৷

তথাপিও বহাগ নহাকৈ নাথাকে৷ আশাৰ বাণী বুকুত লৈ প্ৰতিবাৰেই বহাগ আহে৷ এইবাৰো আহিছে৷ কোমল কুঁহিপাতৰ ফাঁকেৰে বহাগ আহিবই৷ ই চিৰন্তন সত্য৷ লগে লগে বহাগৰ সৈতে সম্পৃক্ত অসমীয়াৰ বাপতি-সাহোন বিহুটিও৷

বসন্তৰ পৰশ পাই আমে মলিয়াইছে৷ মৌ-মাখিবোৰে আপোনমনে গুনগুনাই ফুৰিছে৷ তেনেস্থলত জীৱশ্ৰেষ্ঠ হৈ মানুহে মনবোৰ সুমেৰু-কুমেৰুহেন কৰি ৰাখিলে কিবা লাভ হব জানো? আহক তেন্তে, প্ৰথম বহাগতে ঢোলত চাপৰ মাৰি সৱে মিলি সংকল্প লওঁ সমাজখন নকৈ গঢ়াৰ, জাতিটোক সুস্থ-সবল কৰাৰ৷


হাগেই দিয়ক সঞ্জীৱনী সুধা৷ বিহুৱে যোগাওক প্ৰেৰণা৷ বসন্তই মলিনতা দূৰ কৰক৷ নতুন বছৰটি হওক কৰ্মোদ্যমেৰে পৰিপূৰ্ণ আনন্দেৰে ভৰা৷

(স্থানীয় কাকত এখনৰ সহযোগী সম্পাদক হৈ থাকোঁতে ১৯৯৫চনৰ ১৪এপ্ৰিলত ৰঙালী বিহু বিশেষ সংখ্যাৰ বাবে লিখা সম্পাদকীয়)

Saturday 15 March 2014

বিশ্বকাপ ২০০৬ৰ সেই ঘটনাটো...
Torsten Fringsৰ কেৰিয়াৰলৈ নামি আহিল যৱনিকা

২০০৬ৰ জাৰ্মানী বিশ্বকাপ৷
অনুষ্ঠিত হৈছে ঘৰুৱা দল জাৰ্মানী আৰু আৰ্জেণ্টিনাৰ মাজৰ কোৱাৰ্টাৰ ফাইনেল, বাৰ্লিনত৷ 
Miroslav Klose আৰু Roberto Ayalaৰ গলেৰে ফলাফল ১-১ হোৱাত পেনাল্টি শ্বুট আউট৷ জাৰ্মানীৰ গলৰক্ষক Jens Lehmannৰ দেহত আকাশী ৰঙৰ সাজ৷ গলৰ পিছফালে এখন বিজ্ঞাপন৷ আকাশী ৰঙৰ বেকগ্ৰাউণ্ড৷ বিজ্ঞাপনখনত দেখা গৈছে তিনিজনকৈ মানুহ৷ তেওঁলোকৰ শৰীৰতো আকাশী আৰু বগা চাৰ্ট৷

এই লৈ আৰ্জেণ্টিনাৰ সমৰ্থকসকলৰ মাজত সবল জোকাৰণি উঠিল৷ তেওঁলোকে ঘোৰ আপত্তি দৰ্শালে যে এইটো ইচ্ছাকৃতভাৱে কৰা হৈছে, পেনাল্টি কিকৰ সময়ত আৰ্জেণ্টিনাৰ খেলুৱৈৰ মনোযোগ ভংগ কৰিবৰ বাবে৷

উত্তেজনাৰে পূৰ্ণ এক মুহূৰ্ত৷ 
কোনে ছেমি-ফাইনেল খেলিব! 

পেনাল্টি শ্বুট আউট আৰম্ভ হল৷ জাৰ্মানীৰ হৈ Oliver Neuville, Michael Ballack, Lukas Podolski আৰু Tim Borowskiএ গল দিলে৷ আৰ্জেণ্টিনাৰ হৈ কৃতকাৰ্য হল Julio Cruz আৰু Maxi Rodriguez৷ আনহাতে Roberto Ayala আৰু Esteban Cambiassoৰ শ্বট জাৰ্মান গলকীপাৰ Jens Lehmannএ প্ৰতিহত কৰিলে৷ 

ফলাফল জাৰ্মানী ৪, আৰ্জেণ্টিনা ২৷ 
জাৰ্মানীৰ ছেমি ফাইনেলত পদাৰ্পণ৷ 
বিশ্বকাপৰ পৰা আৰ্জেণ্টিনাৰ বিদায়৷ 

আৰু তাৰ পিছত? হঠাতে আৰম্ভ হ'ল অন্য এক খেল৷

জাৰ্মানীৰ কেপ্টেইন Michael Ballackৰ মতে উচতনি প্ৰথমে আৰ্জেণ্টিনাৰ ফালৰ পৰাই আহিছিল৷ পেনাল্টি শ্বট লবলৈ গৈ থাকোঁতে জাৰ্মান খেলুৱৈক উদ্দেশ্যি আৰ্জেণ্টিনাৰ খেলুৱৈয়ে টিটকাৰি মাৰিছিল৷ Tim Borowskiএ অন্তিম কিকটো কাৰ্যকৰী কৰিলে৷ জাৰ্মানী বিজয়ী হল৷ তেতিয়া Borowskiএ নিজৰ ওঁঠৰ ওপৰত তৰ্জনী আঙুলিটো ৰাখি আৰ্জেণ্টিনাৰ খেলুৱৈসকলৰ ফালে চাই তেওঁলোকক মনে মনে থাকিবলৈ ইংগিত দিছিল৷ সমুচিত প্ৰত্যুত্তৰ৷ সেইটোৱেই আৰ্জেণ্টাইন খেলুৱৈসকলক উত্তেজিত কৰি তুলিলে৷

বিজেতা সদায়ে উৎফুল্লিত, বিজিত সদায়ে বিমৰ্ষ৷
যি জিকি যায় সি হাঁহি যায়, যি হাৰি যায় সি কান্দি যায়৷

পৰাজয়ৰ গ্লানিত আৰ্জেণ্টাইনসকলে যেন নিয়ন্ত্ৰণ হেৰুৱাইছিল সেইদিনা৷ ঘটনাটো চাই থকা আৰ্জেণ্টিনাৰ Maxi Rodriguezএ সোঁমাজতে থকা জাৰ্মানীৰ Bastian Shweinsteigerৰ উদ্দেশ্যি চোঁচা ললে৷ আৰ্জেণ্টাইন গলকীপাৰ Roberto Abbondanzieriয়ে Rodriguezক টানি আঁতৰাই নিয়াৰ পূৰ্বেই Shweinsteigerক তেওঁ এঘোচা সোধালে৷ Heinze, Ayala, Sorin, Rodriguez সকলোৰে যেন ধৈৰ্যৰ বান্ধোন সুলকিছিল সিদিনা৷

Cufreএ গুৰিওৱা জাৰ্মান খেলুৱৈ Per Mertesackerএ পিছত কৈছিল... যদিওবা মই একোৱেই কৰা নাছিলোঁ, আৰ্জেণ্টিনাৰ এজন খেলুৱৈয়ে মোক আক্রমণ কৰিছিল৷ মোৰ উৰুত তিনি-চাৰিটা ৰঙা দাগ বহি আছে৷ তেওঁ মোক আকৌ এবাৰ কৰঙণৰ চুকত গুৰিয়াইছিল৷ জাৰ্মান খেলুৱৈ Torsten Fringsএ নিজৰ প্ৰতিক্রিয়া প্ৰকাশ কৰিছিল এইবুলি... 'They are bad losers. They lost their minds. ... It just shows they are bad sports and are badly behaved. I hope their players get suspended.' তাৰ পিছত Fringsৰ কি হল সেয়া সৰ্বজনবিদিত৷

২০০৬ৰ বিশ্বকাপত অংশ লোৱা জাৰ্মানীৰ এজন নিপুণ, ৰক্ষণশীল মিডফিল্ডাৰ আছিল Torsten Frings৷ শক্তিশালী শ্বটৰ ক্ষেত্ৰতো তেওঁৰ সুনাম৷ 

ভিডিঅ ফুটেজ চাই ফিফাৰ Disciplinary Committeeয়ে ঠাৱৰ কৰিছিল যে Fringsএ আৰ্জেণ্টিনাৰ ফৰৱাৰ্ড Julio Cruzক ঘুচিয়াইছিল৷ আনহাতে Cruzএ নিজৰ ভাষ্যত সেইটো কিন্তু অস্বীকাৰহে কৰিছিল৷ Disciplinary Committeeয়ে এইটোও নিশ্চিত কৰিছিল যে কাজিয়াখনৰ সূত্ৰপাত ঘটোৱাত Fringsএ উচতনি দিছিল৷ সকলোৰে যেন তৰ্জনী Torsten Fringsৰ ফালে৷

ইফালে ৩০জুনৰ জাৰ্মানী-আৰ্জেণ্টিনাৰ মেচৰ পেনাল্টিৰ পিছত সংঘটিত সেই কাণ্ডটোৰ বিচাৰ চলিল৷ তাত লোৱা ভূমিকাৰ বাবে ফিফাই জৰিমনা বিহিলে Fringsক৷ শাস্তি হিচাপে পৰৱৰ্তী দুখন খেলৰ পৰা বহিষ্কাৰ৷

ঘটনা সংক্রান্তত চলোৱা অনুসন্ধান সমাপ্ত কৰা হল বুলি ফিফাই ছেমি ফাইনেলৰ আগতেই ঘোষণা কৰিলে যদিও Torsten Fringsৰ ভূমিকাক লৈ খেলুৱৈজনৰ ওপৰত হেঁচা প্ৰয়োগ কৰি সজোৰে মাত মাতি থকা হৈছিল ইটালীৰ সংবাদ মাধ্যমত৷ সিদ্ধান্তটোৰ ক্ষেত্ৰতো মতানৈক্য ৰৈ গৈছিল৷ পিছত এটা সাক্ষাৎকাৰত অভিযোগকাৰীসকলৰ প্ৰতি খেলুৱৈজনে কৈছিল... This is all politics. The Argentinians attack us, I defend myself and the Italians get worked up. With this suspension, FIFA just wanted to show that Germany doesn't get special treatment as the World Cup hosts. এই লৈ বিভিন্নজনৰ মনত ৰৈ গল ডাঙৰ প্ৰশ্নবোধক, গভীৰ অসন্তুষ্টি৷

জাৰ্মানীয়ে ৪জুলাইত ইটালীৰ বিৰুদ্ধে খেলিব লগা ছেমি-ফাইনেল খেলখনৰ এদিন আগতে ফিফাৰ দ্বাৰা ঘোষিত এনে সিদ্ধান্তই গুৰুত্বপূৰ্ণ খেলখনত Torsten Fringsক অংশ লব নোৱাৰা কৰি পেলালে৷ ফলত জাৰ্মানী কিছু পৰিমাণে হলেও দুৰ্বল হৈ পৰিল৷ মানসিকভাৱেও, সংঘবদ্ধতাৰ দিশৰ পৰাও৷ ইটালীৰ সৈতে হোৱা ছেমি-ফাইনেলখনত জাতীয় দলটোৰ প্ৰদৰ্শনত ই স্বাভাৱিকতে বিৰূপ প্ৰভাৱ পেলালে৷ Dortmundত মিডফিল্ড দুৰ্বল দেখা গৈছিল সিদিনা৷ তেনেকৈয়ে প্ৰতিদ্বন্দ্বিতা আগ বঢ়ালেও অতিৰিক্ত সময়ত ওলোৱা পূৰ্ণ সুযোগ গ্ৰহণ কৰি ইটালীৰ হৈ Fabio Grosso আৰু Alessandro Del Pieroএ জাৰ্মানীক দুগ’ল দিছিল৷ পৰাজিত হ’ল জাৰ্মানী৷

এজন সুদক্ষ খেলুৱৈৰ কেৰিয়াৰৰ সমাপ্তি লাহে লাগে চমু চাপি আহিল৷ পৰৱৰ্তী বিশ্বকাপ অৰ্থাৎ দক্ষিণ আফ্ৰিকা ২০১০ত Torsten Fringsক জাতীয় দলত লোৱা নহল৷ ঘটনাৰ তিনিটা বছৰৰ পিছতে, ২০০৯চনৰ ১১ফেব্ৰুৱাৰীত তেওঁ ৰিটায়াৰ ললে৷ জাতীয় দল জাৰ্মানীক বহু প্ৰত্যাশিত কোৱাৰ্টাৰ ফাইনেলখনত বিজয়ী কৰায়ো যেন নিজৰ খেলুৱৈ জীৱনত দুখ লগাকৈ পৰাজিত হল Torsten Frings৷
ৰেফাৰীৰ পক্ষপাতদুষ্ট আচৰণ


২০০২ৰ কোৰিয়া-জাপান বিশ্বকাপ৷
Daejeon World Cup Stadium৷ 
ৰাউণ্ড অৱ ছিক্সটিন৷ 

দক্ষিণ কোৰিয়া আৰু ইটালীৰ মাজৰ উত্তেজনাপূৰ্ণ তথা গুৰুত্বপূৰ্ণ নক আউট মেচ চলিছে৷ উভয় দলৰে ৪জনকৈ খেলুৱৈক হালধীয়া কাৰ্ড ৰেফাৰী Byron Morenoৰ৷ শেষৰ ফালে ইটালীৰ ফৰৱাৰ্ড Francesco Tottiক ৰঙা কাৰ্ড৷ ফলাফল ১-১ ড্ৰ৷ অতিৰিক্ত সময়ত Ahn Jung-Hwanৰ গল্ডেন গলেৰে দক্ষিণ কোৰিয়াৰ বিজয় ২-১ত৷ প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত পদাৰ্পণ৷ আনফালে ২০০২ৰ বিশ্বকাপ মঞ্চৰ পৰা ইটালীৰ বিদায়৷ কান্দি উঠিছিল ইটালীৰ প্ৰশিক্ষক তথা মেনেজাৰ Giovanni Trapattoni৷ অনাকাংক্ষিত এই সমাপ্তিৰ কাৰণ হিচাপে অৱশ্যেই ঠাৱৰ কৰা হৈছিল Byron Morenoৰ কপট ৰেফাৰিঙক৷ অতিৰিক্ত সময়ত Damiano Tommasiয়ে ইটালীৰ হৈ প্ৰথমেই সুমুওৱা গল্ডেন গলটো অফচাইড বুলি নাকচ কৰা, ষ্টাৰ প্লেয়াৰ Francesco Tottiক ডাইভ মৰাৰ অভিযোগত ৰঙা কাৰ্ড দেখুৱাই বাহিৰ কৰা আদিক লৈ সিদিনা খেলখন পৰিচালনা কৰা ইকুৱেডৰৰ ৰেফাৰীজনৰ কোৰিয়াৰ প্ৰতি পক্ষপাতদুষ্ট মনোভাব থকা বুলি বিভিন্ন মহলত চৰ্চা চলিছিল৷ অভিযোগ এইটো পৰ্যন্তও উঠিছিল যে আয়োজক দেশ দুখনৰ ভিতৰত এখনক টুৰ্ণামেণ্টখনত জীয়াই ৰখাৰ বাবে ফিফাৰ তৰফৰ পৰা অফিচিয়েলসকলক নিৰ্দেশ দিয়া হৈছিল! ৰেফাৰী-বিতৰ্কৰ কিন্তু তিমানতে শাম কটা নাছিল৷ তাৰ আৰু এক প্ৰতিফলন দেখা গৈছিল কোৰিয়াৰ পৰৱৰ্তী খেলখনত৷

ৰাউণ্ড অৱ ছিক্সটিনৰ পৰৱৰ্তী খেল৷ 
দক্ষিণ কোৰিয়া আৰু স্পেইনৰ মাজৰ কোৱাৰ্টাৰ ফাইনেল৷
এইবাৰ ৰেফাৰী Gamal Al-Ghandour, ইজিপ্তৰ৷ 

অফচাইডৰ দোহাই দি স্পেইনৰ দুটাকৈ গল নাকচ কৰা হল লাইনচমেনে ফ্লেগ জোকাৰি দেখুওৱা অফচাইডৰ সংকেতত৷ লাইনচমেনদ্বয় আছিল উগাণ্ডা আৰু ত্ৰিনিদাদৰ৷ খেল ড্ৰ৷ পেনাল্টি শ্বুট আউটৰ সিদ্ধান্ত লোৱা হল৷ 

পেনাল্টিত দক্ষিণ কোৰিয়া বিজয়ী হল ৫-৩গলত আৰু পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে৷ স্পেইনৰ বিদায়৷ 

নৰ্মেল টাইমত স্পেইনে দিয়া সেই গল দুটাক লৈও যথেষ্ট বু-বু-বা-বা চলিছিল ফুটবলপ্ৰেমীৰ মাজত৷ কথা এই পৰ্যন্ত উঠিছিল যে Ghandour বোলা সিদিনাৰ ইজিপ্তচিয়ান ৰেফাৰীজনে কোৰিয়ান ফুটবল এচচিয়েচনৰ পৰা গিফট হিচাপে হোণ্ডাইৰ সুদৃশ্য গাড়ী এখনো লৈছিল হেনো! কিমান সঁচা, কিমান মিছা?

অৱশেষত, Byron Moreno আৰু Gamal Al-Ghandourৰ কি হল? বিশ্বকাপৰ অন্তত দুয়োজন ৰেফাৰীকে বাধ্যতামূলক অৱসৰ দিয়া হল৷ এজনক মেচ ফিক্সিঙৰ অপৰাধত, আনজনক নতুন গাড়ী গ্ৰহণেৰে দক্ষিণ কোৰিয়াক বিশ্বকাপ অগ্ৰগতিত সুবিধা দিয়াৰ অপৰাধত৷

Byron Moreno কাহিনী আৰু ইণ্টাৰেষ্টিং৷ পক্ষপাতিত্বৰ বাবে নিজৰ ৰেফাৰিং কেৰিয়াৰ সিমানতে অন্ত৷ তাৰ পিছত নিউ য়ৰ্কৰ জন এফ. কেনেডী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত ৬ কিলগ্ৰাম হিৰইনৰ সৈতে হাতে-লোটে ধৰা পৰিল৷ ২০১১চনৰ ২১চেপ্তেম্বৰত৷ এৰেষ্ট হল স্মাগলিঙত জড়িত থকাৰ অপৰাধত৷ অন্তৰ্বাসৰ ভিতৰত গুপুতভাৱে লুকুৱাই সেইখিনি সৰৱৰাহ কৰাৰ চেষ্টা চলাইছিল৷  শাস্তি স্বৰূপে বিহা হল ১০বছৰৰ কাৰাদণ্ড৷ শেষত যেনিবা আৱেদন-নিৱেদন কৰি আঢ়ৈ বছৰলৈ হ্ৰাস কৰোৱালে৷ তাৰ পিছত জেলৰ জীৱন৷ এসময়ত মুক্তি লভি ইকুৱেডৰ পালেগৈ৷ 

আগন্তুক ২০১৪ৰ ব্ৰাজিল, তাৰ পৰৱৰ্তী ২০১৮ৰ ৰাছিয়া আৰু ২০২২ৰ কাটাৰ বিশ্বকাপৰ পিছত অহা ২০২৬চনৰ বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে দক্ষিণ কোৰিয়াই পুনৰ মন মেলিছে৷ ২০০২ৰ পিছত যুটীয়া আয়োজকৰ ক্ষেত্ৰত ফিফাই জাৰি কৰি থোৱা নিষেধাজ্ঞা ইতিমধ্যে উঠাই দিয়া হৈছে৷ আনহাতে ২০২৬চনৰ বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ দক্ষিণ কোৰিয়াই মন মেলিলেও কিন্তু সম্ভাৱ্য আয়োজক হিচাপে ইউ.এছ.এ.ইহে প্ৰাধান্য লাভ কৰিছে৷
এজন খেলুৱৈকে তিনিবাৰকৈ হালধীয়া কাৰ্ড!

২০০৬চনৰ জাৰ্মানী বিশ্বকাপৰ গ্ৰুপ-এফৰ শেষ খেলখনত এটা মজাৰ ঘটনা ঘটিছিল৷ খেলখন হৈছিল অষ্ট্ৰেলিয়া আৰু ক্রৱেচিয়াৰ মাজত, ২২.৬.২০০৬ তাৰিখে৷ মুখ্য পৰিচালকৰ দায়িত্বত আছিল ইংলেণ্ডৰ Graham Poll৷ Stuttgartত হোৱা উক্ত খেলত ক্রৱেচিয়াৰ ডিফেণ্ডাৰ Josip Simunicক ৰেফাৰী Pollএ তিনিবাৰকৈ হালধীয়া কাৰ্ড দেখুৱাইছিল৷ ২৭বছৰীয়া সুদীৰ্ঘ ৰেফাৰিং কেৰিয়াৰত দুটা ৱৰ্ল্ডকাপকে ধৰি ১,৫০০তকৈও অধিক খেল পৰিচালনা কৰা Graham Pollৰ সেইদিনাৰ সেই অদ্ভুত কামটোৱে সেইবাৰ বিশ্বকাপত অন্যতম চৰ্চা লাভ কৰিছিল৷

হালধীয়া কাৰ্ড দেখুৱাই ৰেকৰ্ড ৰখাত গাফিলতা কৰা বাবেই তেনে হোৱা বুলি পিছত জানিব পৰা গৈছিল৷ ফাইনেল খেলখন পৰিচালনা কৰাৰ ভাৰ Graham Pollৰ ওপৰতে ন্যস্ত কৰাৰ কথা উঠিছিল৷ তৎসত্ত্বেও খেল পৰিচালনাত হোৱা নিজৰ ভুলৰ দোহাই দি এইগৰাকী শ্ৰেষ্ঠ আৰু অভিজ্ঞ ৰেফাৰীয়ে কেৰিয়াৰৰ অৱসৰ ঘোষণা কৰিলে ২৯.৬.২০০৬ তাৰিখে, ফাইনেলৰ বহু আগতেই৷

ৰেফাৰীৰ ক্ষমতাক লৈ অতিপাত সমালোচনা হৈছিল আৰু তাৰ হাত সাৰিব পৰা নাছিল ফিফাৰ প্ৰেছিডেণ্ট Sepp Blatterও৷ ৩৪৫খন হালধীয়া আৰু ২৮খন ৰঙা কাৰ্ডেৰে জাৰ্মানী বিশ্বকাপে ৰেফাৰীৰ অনুশাসনৰ দিশত পূৰ্বৰ ১৯৯৮বিশ্বকাপৰ ৰেকৰ্ড ভংগ কৰিছিল৷
নুৰেমবাৰ্গৰ যুদ্ধ
Battle of Nuremberg


জাৰ্মানী বিশ্বকাপত ২৫.৬.২০০৬ তাৰিখে পৰ্তুগাল আৰু নেদাৰলেণ্ডছৰ মাজত নুৰেমবাৰ্গত অনুষ্ঠিত দ্বিতীয় ৰাউণ্ডৰ মেচখনক আখ্যা দিয়া হৈছিল নুৰেমবাৰ্গৰ যুদ্ধ (Battle of Nuremberg)৷ খেলখনক তুলনা কৰা হৈছিল বুৰঞ্জীপ্ৰসিদ্ধ ১৯৪৫ৰ Battle of Nurembergৰ সৈতে৷

ব্ৰাজিলিয়ান Luiz Felipe Scolariৰ দ্বাৰা প্ৰশিক্ষিত পৰ্তুগাল দলৰ সেনাপতি আছিল Luis Figo৷ যোদ্ধাসকল আছিল Cristiano Ronaldo, Ricardo Costa, Petit, Fernando, Pauleta, Deco, Simao আদি৷ ইফালে Marco Van Bastenৰ দ্বাৰা প্ৰশিক্ষিত নেদাৰলেণ্ডছৰ সেনাপতি Edwin Van Der Sar৷ বাকী যোদ্ধাসকল Van Parsie, Robben, Sneijder, Van Nistelrooy আদি৷

যুদ্ধৰ অন্তত ৰাছিয়ান ৰেফাৰী Valentin Ivanovৰ মন্তব্য আছিল... It was a very intense match, both teams were considered title contenders, thus no one wanted to lose and go home. ডাচ্চ প্ৰশিক্ষক Marco Van Bastenএ দুখেৰে কৈছিল... Ivanov had ruined the game. আনহাতে ফিফাৰ সভাপতি Sepp Blatterৰ মত আছিল... This was a game of emotion, with exceptional drama in the last instant, with a deserved winner. ফিফাৰ প্ৰেচিডেণ্টে Ivanovৰ প্ৰতি কৰা মন্তব্য আছিল সবাতোকৈ মনোযোগ আকৰ্ষণকাৰী৷ Blatterৰে কৈছিল... Ivanov should have given himself a yellow card for his poor performance during the match. তেনেকৈয়ে পৰিসমাপ্তি ঘটিছিল নুৰেমবাৰ্গৰ যুদ্ধৰ, যত ১-০গলত বিজয় লভাৰ সূত্ৰে পৰ্তুগালে ইংলেণ্ডৰ সৈতে কোৱাৰ্টাৰ-ফাইনেল খেলাৰ যোগ্যতা আহৰণ কৰিছিল৷
বিশ্বকাপ : কিছু প্ৰাসংগিক চিন্তা
১৭জুন ১৯৯৪


২৪খন দেশৰ অংশগ্ৰহণেৰে আমেৰিকাৰ ৯খন চহৰত পঞ্চদশ বিশ্বকাপ ফুটবলৰ তয়াময়া ৰণখন এয়া আৰম্ভ হলেই৷ উৎকট গৰম আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ মাজতো বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় বুলি পৰিগণিত খেলসমূহ জীৱন্ত ৰূপত প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যে কাৰবি আংলঙৰ ক্রীড়াপ্ৰেমীয়েও নিশ্চয় দূৰদৰ্শনৰ পৰ্দাত নিৰন্তৰ দৃষ্টি ৰাখিব৷ প্ৰতিটো গলৰ লগে লগে আনন্দৰে সমস্বৰে কিৰীলি আৰু হাত চাপৰিৰ জাউৰি তুলিব৷ পিছে এনে উল্লাসৰ মাজত থাকিও আমিযে দৰাচলতে আমেৰিকা, জাৰ্মানী কিম্বা আৰ্জেণ্টিনাত নাই, সেইটো কথাই মনৰ কোনোবাখিনিত কষ্ট নিদিবনে? নিশ্চয় দিব৷ দুখীয়া দেশ অথবা বিশ্বকাপ খেলিবলৈ নোপোৱা দেশ কেৱল আমিয়েই নহওঁ বুলি সান্ত্বনা লভি থাকিলেই চলিব জানো? অহা বিশ্বকাপত দেশৰ সংখ্যা বাঢ়িব (৩২খন)৷ তাৰ বাবে পৰিকল্পনা কৰাৰ সময় আজিয়েই৷ ইচ্ছা, একাগ্ৰতা আৰু পৰিশ্ৰমে আমাক লক্ষ্যত উপনীত হোৱাত সহায় কৰিব৷

শিক্ষণ দুবিধ৷ দেখি শিকা আৰু ঠেকি শিকা৷ আমাৰ খেলুৱৈসকলে, নবীন-প্ৰবীণ সকলোৱে কেৱল খেলসমূহ প্ৰত্যক্ষ কৰি আমোদ ললেই নহব৷ বিশ্বকাপৰ পৰা শিকিবলগীয়া দিশসমূহলৈও সততে লক্ষ্য ৰাখিব লাগিব৷ উদ্যোক্তা, কৰ্মকৰ্তা, বিষয়ববীয়া, ক্রীড়ামোদী ৰাইজ সকলোৱে৷ গ্লেমাৰ বাদ দি ভিন ভিন দলৰ দলীয় সংঘবদ্ধতা, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা, খেলুৱৈসুলভ মনোভাব, গতি, আকস্মিক চিন্তাধাৰা, কলা-কৌশল, আক্রমণ-প্ৰতি আক্রমণ ৰচনা, ৰক্ষণ আৰু আক্রমণ প্ৰতিহত, নিয়ন্ত্ৰণ, পাৰস্পৰিক বুজাবুজি, উপস্থিত বুদ্ধি, শাৰীৰিক দক্ষতা, জয়লাভৰ মানসিকতা, গল কৰা ক্ষুধা আদি মন কৰিবলগীয়া ক্ষেত্ৰসমূহৰ সূক্ষ্ম অধ্যয়নে আমাক ভৱিষ্যতে খেলুৱৈ হোৱাত আৰু খেলুৱৈ গঢ়াত সহায় কৰিব৷ এইখিনিতে কৈ থোৱা ভাল হব যে বিশ্ব ফুটবলৰ শ্ৰেষ্ঠতম এই সমাৰোহ হল এইবিলাকৰে সমাহাৰ৷

বিশ্বকাপ ফুটবলক লৈ বিভিন্নজনৰ মাজত নানান জল্পনা-কল্পনা অব্যাহত থকাৰ সময়তে কাৰবি আংলং জিলা ক্রীড়া সন্থাখনো নতুন বিষয়ববীয়াৰে গঠন হৈছে৷ এইটো আমাৰ বাবে নিঃসন্দেহে সুখবৰ৷ ভালেমান দিনৰ নিষ্ক্ৰিয়তাৰ অন্তত এইবেলি সন্থাখনে ক্রীড়াৰ উন্নয়নৰ ক্ষেত্ৰত কেনে ভূমিকা পালন কৰে সেইটো নিশ্চয় লক্ষ্যণীয় হব৷ আমি আশা কৰোঁ, খেল-ধেমালিৰ ক্ষেত্ৰত ইতিমধ্যে যোৱা কেইবা বছৰত বহু পিছ পৰি যোৱা জিলাখন পুনৰ সজীৱ হৈ উঠিব৷ ইয়াৰ বাবে জিলাখনত ক্রীড়াৰ পৰিৱেশ এটা নকৈ গঢ়ি তুলিব লাগিব৷ শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনত গুৰুত্ব দিব লাগিব৷ প্ৰতিভাসম্পন্ন খেলুৱৈৰ সন্ধান আৰু বিকাশৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ লব লাগিব৷ ইয়াৰ বাবে লাগিব ক্রীড়া সন্থাৰ বিষয়ববীয়াসকলৰ দূৰদৃষ্টি, নিষ্ঠা আৰু ঐক্যবদ্ধ প্ৰচেষ্টা৷ ভাল খেলুৱৈৰ সম্ভাৱনা আমাৰ জিলাখনত আছে৷

ভুকুতে কলটো নপকে৷ প্ৰতিশ্ৰুতিবান খেলুৱৈ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ প্ৰয়োজন হব দীৰ্ঘম্যাদী সু-চিন্তিত আঁচনি বা পৰিকল্পনাৰ৷ কোনে জানে, হয়তো আমাৰ মাজৰ পৰাই এদিন বেজ্জিঅ, এছপ্ৰিলা, ভালদেৰামাৰ দৰে খেলুৱৈ ওলাব যি সময়ত বিশ্বকাপৰ পথাৰত তোলপাৰ লগাবগৈ৷


(১৯৯৪ৰ বিশ্বকাপৰ সময়তে স্থানীয় কাকত পাহাৰীদূতৰ সহযোগী সম্পাদক থকা অৱস্থাত কাৰবি আংলঙৰ প্ৰেক্ষাপটত এই সম্পাদকীয়টো লিখিছিলোঁ৷)
ফুটবলৰ শক্তি কিমান? 
ফুটবলাৰৰ প্ৰভাৱ কিমান?


আইভৰী কষ্ট আৰু মাদাগাস্কাৰৰ মাজৰ Africa Cup of Nations Qualification 2008ৰ Group Aৰ খেল৷ 
তাৰিখ ৩.৬.২০০৭৷ 
স্থান আইভৰী কষ্টৰ উত্তৰৰ Bouake নগৰী৷ 

এই খেলখনৰ সৈতে এটা নাম বিশেষভাৱে সাঙোৰ খাই আছিল৷ এলিফেণ্ট দলটোৰ ষ্ট্ৰাইকাৰ ডিডিয়াৰ ড্ৰগবা, যিজন ফুটবলাৰে ২০১০ৰ বিশ্বকাপত দলটোক নেতৃত্ব দিছিল৷ ফুটবলৰ মহাশক্তি প্ৰমাণ কৰিছিল সেই মেচখনে৷ ফুটবলযে কেৱল ভৰিৰে গুৰিয়াই খেলা এবিধ খেল নহয়, তাক সোঁৱৰাই দিছিল উক্ত খেলখনে৷


সৰু দেশ আইভৰী কষ্টৰ দক্ষিণ অংশটো আছিল চৰকাৰপন্থী৷ আনহাতে উত্তৰ অংশটো আছিল বিৰোধী৷ এই লৈ কেইবা বছৰো ধৰি সংঘৰ্ষ চলি আহিছিল৷ তেনেকুৱাতে আহিল Africa Cup of Nations Qualification 2008৷ অন্যান্য খেলৰ পয়োভৰ থাকিলেও আইভৰী কষ্টৰ সৰ্বাধিক জনপ্ৰিয় খেলবিধ হৈছে ফুটবল৷ জাতীয় দল এলিফেণ্টৰ তাৰকা ষ্ট্ৰাইকাৰ ডিডিয়াৰ ড্ৰগবাই এটা সাক্ষাৎকাৰত আইভৰী কষ্ট আৰু মাদাগাস্কাৰৰ মাজৰ A গ্ৰুপৰ খেলখন উত্তৰ অংশৰ প্ৰমুখ মহানগৰী Bouakeত অনুষ্ঠিত কৰাৰ মত পোষণ কৰিলে৷ উক্ত স্থান আছিল চৰকাৰ বিৰোধীৰ কেন্দ্ৰস্থল৷ খেলখন তাতে অনুষ্ঠিত কৰা হল৷ ইফালে খেল চলি থকাৰ সময়ত আৰু অন্তত উদ্ভৱ হব পৰা অনাকাংক্ষিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰী সেনা মোতায়েন কৰা হল৷ খেলখনত আইভৰী কষ্টে মাদাগাস্কাৰক ৫-০গলত হৰুৱালে৷ ৰাজনৈতিকভাৱে বিভক্ত হৈ থকা দেশৰ দুই অংশক দীৰ্ঘদিনৰ মূৰত উক্ত খেলখনে পুনৰ এক কৰি পেলালে৷ পাঁচ বছৰৰ ভিতৰত সেয়া আছিল প্ৰথম, যত চৰকাৰী বাহিনীয়ে উত্তৰ অংশত কোনো বাধা-বিঘিনি নোহোৱাকৈ প্ৰৱেশ কৰিব পাৰিছিল৷ খেলৰ শেষত চৰকাৰ বিৰোধীৰ সৈতে মিলিটাৰীয়ে জনতাক নিয়ন্ত্ৰণ কৰাটোও সম্ভৱ হল৷ ফুটবলৰ মাধ্যমেৰেই ডিডিয়াৰ ড্ৰগবাই দেশখনক পুনৰ এক কৰি পেলাইছিল৷ তাৰ পিছত মানুহে ড্ৰগবাৰ দৰে সাজ পৰিধান কৰিবলৈ লৈছিল৷ মহিলাসকলো ড্ৰগবাৰ প্ৰতি গদগদ হৈ পৰিছিল৷ ড্ৰগবা হৈ পৰিছিল এক আইকন৷ ৰাজনৈতিকভাৱে দুভাগত বিভক্ত হৈ পৰা দেশ এখনৰ জনগণক পুনৰ একত্ৰ কৰাৰ ক্ষেত্ৰত ফুটবলে কাৰ্যকৰী ভূমিকা লোৱাত এনেদৰেই সফলকাম হল৷ 

প্ৰমাণিত হল ফুটবলাৰৰ প্ৰভাৱ আৰু ফুটবলৰ মহাশক্তি৷
ভগৱান আৰু চয়তানৰ আলাপ...
আজি পুৱা

এতিয়া সৰ্বত্ৰ কেৱল একেটাই আলোচনা৷ 
বিশ্বকাপ, বিশ্বকাপ আৰু বিশ্বকাপ৷ 

আজি ৰাতিপুৱা৷

ভগৱান আৰু চয়তানেও চাহৰ কাপ মুখৰ আগত লৈ বিশ্বকাপ ২০১৪ৰ কথাকে পাগুলি আছিল৷ ব্ৰাজিল নে জাৰ্মানী? ইটালী নে আৰ্জেণ্টিনা? স্পেইন নে ইংলেণ্ড? ফ্ৰান্স নে উৰুগুৱে? কোন কিমান শক্তিশালী? মুঠতে সৰৱ আলোচনা৷ সাতে সোতৰই মিলি ব্ৰাজিলেই এইবাৰ নিব বুলি উভয়ে একমত প্ৰকাশ কৰিলে৷

ইমানলৈকে সব ঠিকেই আছিল৷ পিছে তাৰ পিছতহে আহি পৰিল আচল প্ৰসংগ৷ দুয়োৰে নিজৰ নিজৰ টীমৰ কথা ওলাল৷ কাৰ দল শক্তিশালী, ভগৱানৰ নে চয়তানৰ? এইবাৰ কিন্তু কোনেও কাৰো বশ্যতা স্বীকাৰ মুঠেও নকৰিলে৷ ফলত লাহে লাহে বিষয়টোৱে বিতৰ্কৰ পৰ্যায় পালেগৈ৷ অযথা কথা কটাকটি কৰি পৰিস্থিতি অধিক বেয়াৰ পিনলৈ ঢাল খাওঁ খাওঁ হওঁতেই চয়তানে প্ৰেক্টিকেল কথা এটা কৈ দিলে, ‘তৰ্কাতৰ্কি এৰি আবেলিলৈ মেচ এখনকে খেলি চোৱা যাওক নহ’লে৷’

ইফালে ফলাফল সংক্রান্তত ভগৱান আগৰে পৰাই নিশ্চিত৷ তেওঁৰ দলেই জিকিব৷ গতিকে চয়তানৰ ফালে চাই পোনেই ভেকাহি এটা মাৰি পঠিয়ালে, ‘কি খেলি চোৱাৰ কথা কৈছাহে? তুমি নাজানা নেকি যে সকলো ভাল ফুটবলাৰ মৰিলে স্বৰ্গলৈয়ে যায়৷ গতিকে তেওঁলোকে মোৰ ফালেই খেলিব৷ তেনেস্থলত তোমাৰ অৱস্থা কি হ’ব, কিমান গ’ল খাবা, ভাবি চাইছানে এবাৰ?’

ভগৱানৰ যুক্তি শুনি চিন্তিত হোৱাৰ সলনি চয়তানে এক অৰ্থপূৰ্ণ হাঁহি মাৰিলে৷ তাকে দেখি ভগৱান আচৰিত হ’ল৷ মনে মনে ভাবিলে, কথাটো কি? এওঁ দেখোন হাঁহিলে!


অলপ পিছতে চয়তানে গহীনাই উত্তৰ দিলে, ‘তুমি নাজানা নেকি, সকলো ৰেফাৰী মোৰ ফালে আছে বুলি?’
জীৱন আৰু ফুটবল...

মানুহৰ জীৱনৰ সৈতে ফুটবলৰ কিযে নিকট সামঞ্জস্য! গলপষ্টক লক্ষ্য হিচাপে লৈ ফুটবলাৰে ফুটবল খেল এখন আগুৱাই নিয়ে, তালৈ শ্বট লয়৷ একেদৰেই মানুহে নিজৰ জীৱনৰ গলপষ্ট আগতেই স্থিৰ কৰি নললে লক্ষ্যভ্ৰষ্ট হয়, জীৱনত সফলতাও নাহে৷ কোনোবা এজন আমেৰিকান চিন্তাবিদে তুলনামূলকভাৱে কোৱা এই কথাটো সঁচাকৈ খুব প্ৰেক্টিকেল আৰু প্ৰত্যেকৰে ক্ষেত্ৰতে প্ৰযোজ্য৷
সেয়েহে চাগৈ বিশ্ব-জনগণৰ অন্তৰে অন্তৰে সোমাই আছে ফুটবল৷


জীৱনৰ খেলখন ফুটবলৰ লগত মিলে৷ সমস্যাবোৰ tackle কৰিব লগা হয়, সংশয়বোৰ block কৰিব লগা হয়, সুবিধা পালেই score কৰিব লাগে... ফুটবলত যিদৰে, জীৱনতো সেইদৰেই৷

ফুটবলত দৰকাৰী শিক্ষা নিহিত হৈ আছে৷ বিদ্যালয়ত ফুটবলৰ প্ৰয়োজনীয়তা সম্পৰ্কত পূৰ্বৰ এজন আমেৰিকান খেলুৱৈ তথা প্ৰশিক্ষক Vincent Thomas Lombardiয়ে কৈ গৈছে... A school without football is in danger of deteriorating into a medieval study hall.

পাইছিলোঁ... Knowledge is power বুলি৷ কোনোবাই কলে... নহয়, আচল কথাটো হল... Applied knowledge is power৷ একেদৰে জানিছিলোঁ... Practice makes a man perfect বুলি৷ আমেৰিকান ফুটবলাৰ, প্ৰশিক্ষক আৰু কাৰ্যবাহী Vincent Thomas Lombardiএ পিছে কলে... Practice does not make perfect. Only perfect practice makes perfect৷ কথাটো ঠিকেই৷ ফুটবলতো সঁচা, জীৱনতো সঁচা৷

এজন স্বাস্থ্যহীন ডেকাক উদ্দেশ্য কৰি স্বামী বিবেকানন্দই এবাৰ কৈছিল... You will be nearer to heaven playing football than studying the Bhagavad-Gita. পৱিত্ৰ গীতা অধ্যয়নৰ জৰিয়তে আধ্যাত্মিকতা আহৰণৰ অৰ্থে সেই ডেকাজন চিকাগো-ফেৰৎ বিবেকানন্দৰ ওচৰলৈ পৰামৰ্শ বিচাৰি আহিছিল৷ চেৰেলা লৰাজনক কৰা উক্ত মন্তব্যৰ আঁৰত লুকাই থকা স্বামীজীৰ ইংগিতটো আছিল... প্ৰথমে স্বাস্থ্য ঠিক কৰা, শৰীৰক শক্তিশালী কৰা৷

ঠিকেইতো৷ এটা স্বাস্থ্যৱান শৰীৰৰ ভিতৰতহে এটা স্বাস্থ্যৱান মনে থিতাপি লব পাৰে৷ আৰু মনটো যদি সবল নহয়, সঁচা অৰ্থত আধ্যাত্মিকতা আহৰণ কৰাটোও অসম্ভৱ৷ বিবেকানন্দৰ উক্ত মন্তব্যৰ গূঢ়াৰ্থ মন কৰিবলগীয়া নিশ্চয়৷

গতিকে পোনতে স্বাস্থ্য, জীৱন৷ আৰু তাতেই আছে ফুটবলৰ মহত্ত্ব!
সমৰ্থকে ফুটবলক কিমান চিৰিয়াছভাৱে লয়


১৯৯৪ৰ বিশ্বকাপৰ অন্তত ২জুলাই তাৰিখে এটা দুখজনক ঘটনা ঘটিল৷ 

Carlos Valderrama, Faustino Asprilla, Freddy Rincon, Oscar Cordoba, Adolfo Valenciaৰে পুষ্ট কলম্বিয়াক সেইবাৰ সকলোৱে ডাৰ্ক হৰ্ছ আখ্যা দিছিল৷ সমৰ্থকসকলে আশা কৰিছিল যে নিজৰ দলটোৱে কিবা এটা কৰিব৷ এদিন আহিল কলম্বিয়া আৰু ইউ.এছ..ৰ খেল৷ খেলৰ ৩৫ মিনিটত ইউ.এছ..ৰ মিডফিল্ডাৰ John Harkesএ বলটো ক্রছ কৰি পঠিয়ালে কলম্বিয়াৰ বক্সলৈ৷ তাতে ৰৈ আছিল কলম্বিয়াৰ ২৭ বছৰীয়া ডিফেণ্ডাৰ Andres Escobar৷ তেওঁ বলটো আঁতৰাই পঠোৱাৰ চেষ্টা কৰিলে৷ পিছে সেই শ্বটটোত বলটো বিপদৰ পৰা আঁতৰি যোৱাৰ পৰিৱৰ্তে গলকীপাৰ Oscar Cordobaক পৰাভূত কৰি নিজৰ নেটতহে আশ্ৰয় ললেগৈ৷ হৈ গল এটা আত্মঘাতী গল৷ অৱশেষত খেলখনত কলম্বিয়া পৰাস্ত হল ২-১ গলত৷

ল কথা গুচিল৷ খেলা সামৰি স্বদেশলৈ উভতিল দলটো৷ সেই ঘটনাৰ ১০দিনৰ পিছত, নিজৰ বিয়াখনলৈ মাত্ৰ এমাহ বাকী থকা অৱস্থাত ঘটিল এক অভাৱনীয় দুঃখজনক ঘটনা৷ 

Andres Escobarক মেডিলিনৰ এখন বাৰত আততায়ীয়ে হত্যা কৰিলে৷ ১২টা গুলীৰে থকাসৰকা কৰা হল খেলুৱৈজনৰ শৰীৰ৷ Escobarৰ কাৰণে হোৱা আত্মঘাতী গলটোৰ বাবেই কলম্বিয়া অপ্ৰত্যাশিতভাৱে প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱা বুলি সেই সময়ত গুজব ওলাইছিল৷ আৰু তাৰে এয়া আছিল প্ৰতিশোধ৷ শাস্তি হিচাপে প্ৰতিটো গুলী মাৰোঁতে হেনো Humberto Munoz Castro নামৰ হত্যাকাৰীজনে প্ৰতিবাৰতে বুলি চিঞৰিছিল৷ 

ফুটবলক একোজন সমৰ্থকে কিমান চিৰিয়াছভাৱে লয়, এয়া এটা উদাহৰণ৷

কলম্বিয়ান নাগৰিক ফুটবলৰ নামত সদায়েই উন্মত্ত৷ এবাৰ Christopher Jacome নামে ১৭বছৰীয়া ফুটবল-বলিয়া জনৈক কলম্বিয়ানক খেলি থকা অৱস্থাতে দুখ লগাকৈ হত্যা কৰা হৈছিল৷ অন্ত্যেষ্টিক্রিয়াৰ মুহূৰ্ত আহিল৷ পিছে বন্ধুসকলে Christopherৰ মৃতদেহটো শ্মশানলৈ নিয়াৰ পৰিৱৰ্তে লৈ গল স্থানীয় এখন ষ্টেডিয়ামলৈহে৷ ষ্টেডিয়ামত সেইদিনা ফাইনেল খেল আছিল৷ Christopherৰ প্ৰিয় দল Cucuta Deportivoএ খেলখনত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ 

ফুটবল-প্ৰেমিকৰ স্মৃতিত সন্মান যঁচাৰ এই ৰীতি (!) সঁচাকৈয়ে আশ্চৰ্যকৰ৷
ঘটনাটো মনত আছে চাগৈ 
খেল চোৱাসকলৰ

ফ্ৰান্সৰ এজন মহান ফুটবলাৰ Zinedine Zidane৷ ২০০৬চনৰ বিশ্বকাপৰ শেষ খেলখনত অতিৰিক্ত সময়ৰ শেষৰ ফালে ১১০মিনিটত ইটালীৰ ডিফেণ্ডাৰ Marco Materazziৰ বুকুত মূৰেৰে এনে এক প্ৰচণ্ড আঘাত কৰিলে যে বেচেৰা Materazzi ধাচকৈ মাটিত পৰি গল৷ ৰেফাৰীও ৰৈ নাথাকিল৷ লগে লগে Zidaneক ৰঙা কাৰ্ড৷ ৰঙা কাৰ্ড খাই খেলপথাৰৰ পৰাতো বাহিৰেই প্ৰফেচনেল কেৰিয়াৰো সামৰিব লগা হল Zidaneই৷

ভিডিঅ ক্লিপিঙে এইটো স্পষ্ট কৰিছিলযে হয়, Materazziয়ে Zidaneক ঠাট্টাসূচক কিবাকিবি কৈ ঘনে ঘনে উচতাইছিল৷ খেলৰ ৭মিনিটতে ফ্ৰান্সে যিটো পেনাল্টি লাভ কৰিছিল তাত বিতৰ্কৰ সূচনা হৈছিল৷ পেনাল্টিটো কাৰ্যকৰী কৰিছিল Zidaneই৷ ১৯মিনিটত Andrea Pirloৰ কৰ্ণাৰ কিকৰ পৰা অহা বল পাই Materazziএ ইটালীৰ হৈ সমতা স্থাপন কৰিছিল৷ পিছত পেনাল্টি শ্বুট আউটৰ সহায়ত ফলাফল নিৰ্ণয় কৰা হয়৷
ঘানানীয়ানৰ মানত ফুটবল কি?

এই প্ৰশ্নৰ উত্তৰত এটা সাক্ষাৎকাৰত ঘানাৰ এগৰাকী প্ৰাক্তন খেলুৱৈ, মুখ্য প্ৰশিক্ষক তথা জাতীয় দলটোৰ মেনেজাৰ James Kwesi Appiahএ কৈছে প্ৰত্যেকজন ঘানানীয়ানেই ফুটবলক অন্তৰভৰি ভাল পায়৷ ঘানাৰ প্ৰতিটো শিশু, প্ৰতিজন পুৰুষ, প্ৰতিগৰাকী মহিলাই ফুটবল জানে৷ ৰাজনৈতিকভাৱে অস্থিৰ অৱস্থাতো ফুটবলেই দেশখনত একমাত্ৰ আহিলা যি ঘানাক একত্ৰিত কৰিবলৈ সক্ষম হৈছে৷ আনহাতে যতেই ফুটবল, ততেই ঘানাৰ নাগৰিকে ৰাজনৈতিক মতাদৰ্শক একাষৰীয়া কৰি থৈ জাতীয় দলৰ পিছত সংঘবদ্ধভাৱে থিয় দিয়ে৷ ঘানাবাসীয়ে ফুটবলক ইমানেই ভাল পায় যে ফুটবলৰ কাৰণে তেওঁলোকে যি কোনো কৰিবলৈকে ৰাজী৷
সাক্ষাৎকাৰটো পঢ়ি উঠি ভাবিছোঁ ক্ৰীড়া আৰু ৰাজনীতিয়ে সনা-পোটকা হৈ থকা আমাৰ বৃহৎ দেশখনত ঘানাৰ অনুৰূপ মানসিকতাৰ সতকাই স্ফূৰণ ঘটিবনে?


ঘানাবাসীৰ বাবে ফুটবল আৰু পাচপৰ্টৰ গুৰুত্ব সমান সমান৷ জাতীয় ফুটবল দল the Black Starsৰ নিৰ্বাচনৰ সময়ত দুটা বিষয়ে সৰ্বাধিক গুৰুত্ব পাইছে৷ সেয়া হৈছে (ক) খেলুৱৈগৰাকীৰ ঘানানীয়ান পাচপৰ্ট অৱশ্যেই থাকিব লাগিব আৰু (খ) খেলুৱৈগৰাকীৰ পিতৃ আৰু মাতৃৰো প্ৰত্যেকৰে ঘানানীয়ান পাচপৰ্ট থাকিব লাগিব৷ সীমাবদ্ধতাক নেওচি আন্তঃৰাষ্ট্ৰীয় জগতখনলৈ ওলাই যাবলৈ ফুটবলযে কিমান সহায়ক, কিমান কাৰ্যকৰী, সেইটো বুজিবলৈ ঘানাৰ উদাহৰণেই যথেষ্ট৷
বিশ্বকাপৰ ইতিহাসত দ্ৰুততম গ

দিনটো আছিল ২৯জুন ২০০২৷ কোৰিয়া-জাপান বিশ্বকাপৰ তৃতীয় স্থান নিৰ্ণয়কাৰী গুৰুত্বপূৰ্ণ খেলা৷ স্থান Daegu World Cup Stadium৷ প্ৰতিদ্বন্দ্বিতা তুৰ্কী আৰু ঘৰুৱা দল কোৰিয়া ৰিপাব্লিকৰ মাজত৷ কিক্‌ অফ্‌ হল৷ আৰু সিদিনা খেলখন পৰিচালনা কৰা কুৱেইটৰ ৰেফাৰী Saad Maneৰ হাতঘড়ীটোৰ চেকেণ্ডৰ কাঁটাডাল ১, ১কৈ আগুৱাই ১১ৰ পাওঁতেই হল এটা গল! তুৰ্কীৰ ফৰৱাৰ্ড তথা দলপতি Hakan Sukurএ কোৰিয়াৰ নেট কঁপাই দিলে৷ অবিশ্বাস্য! খেল আৰম্ভ হোৱাৰ ১১চেকেণ্ডতে গল৷ বিশ্বকাপৰ ইতিহাসত সেইটোৱেই হৈছে দ্ৰুততম গল৷

উক্ত বিশ্বকাপত তুৰ্কীয়ে অবিশ্বাস্য পাৰদৰ্শিতা দেখুৱালে৷ নিজৰ গ্ৰুপ-চিৰ মেচত ব্ৰাজিলৰ সৈতে ২-১গলত হাৰিলেও কষ্টাৰিকাৰ সৈতে ১-১ ড্ৰ আৰু তাৰ পিছত চীনক ৩-০ত পৰাভূত কৰি সেইবাৰ তুৰ্কীৰ ৰাউণ্ড অব চিক্সটিনত প্ৰৱেশ৷ দ্বিতীয় ৰাউণ্ডত আয়োজক দেশ জাপানক ১-০, কোৱাৰ্টাৰ ফাইনেলত চেনেগালকো ১-০ত হৰুৱাই ছেমিত পুনৰ ব্ৰাজিলৰ মুখামুখি৷ ০-১ত পৰাজয় বৰণ৷ তাৰ পিছতে কিন্তু অন্যতম আয়োজক দেশ, ঘৰুৱা দল দক্ষিণ কোৰিয়াক ৩-২ত হৰুৱাই টুৰ্ণামেণ্টত তৃতীয় স্থান কাঢ়ি ললে দলটোৱে৷

বিশ্বকাপৰ দ্ৰুততম গলটোও দিলে তেওঁলোকৰে কেপ্টেইন Hakan Sukurএ৷ তেওঁলোকৰ তিনিজনকৈ খেলুৱৈ ক্রমে গলৰক্ষক Rustu Recber, ডিফেণ্ডাৰ Alpay Ozalan আৰু ফৰৱাৰ্ড Hasan Sasএ স্থান পালে All-star teamত৷ সঁচাই আগ্ৰাসী প্ৰদৰ্শন৷
শেষ মিনিটৰ গ

১৯৯৮ৰ বিশ্বকাপ৷ কোৱাৰ্টাৰ ফাইনেল৷ প্ৰতিদ্বন্দ্বিতা কৰিছে আৰ্জেণ্টিনা আৰু নেদাৰলেণ্ডছে৷ প্ৰথমাৰ্ধত উভয়ে এগলকৈ দিয়াত স্কলেভেল হৈ আছিল, ১-১৷ তেতিয়া আমি খেলখনৰ ৮৯ মিনিটত৷ হৈ-চৈ চলি আছে৷ নেদাৰলেণ্ডছৰ Dennis Bergkampৰ ভৰিত বল৷ এজন সুদক্ষ বল নিয়ন্ত্ৰক হিচাপে Bergkampৰ পৰিচয় আছে৷ বাকী খেলুৱৈৰ মূৰৰ ওপৰেৰে তেওঁ প্ৰায় ৫০মিটাৰ দীঘলীয়া পাছ এটা দিলে সতীৰ্থ Frank de Boerলৈ৷ Boerৰ সন্মুখত আৰ্জেণ্টিনাৰ ডিফেণ্ডাৰ Roberto Ayal৷ তৎমুহূৰ্ততে সকলোকে অবাক কৰি Boerৰে বলটোত কোবেৰে এনেকুৱা এটা শ্বট দিলে যে আৰ্জেণ্টিনাৰ গলকীপাৰ Carlos Roaক পৰাভূত কৰি মুহূৰ্ততে সি নেট কঁপাই তুলিলেগৈ৷ ..অ..অ..ল৷ শেষ মিনিটৰ গলটোৰে নেদাৰলেণ্ডছে প্ৰৱেশ কৰিলে ছেমিফাইনেলত৷ আৰ্জেণ্টিনাৰ বিদায়৷ অস্তিত্বৰ প্ৰশ্নত সেই খেলখনত উভয় দলৰে তিনিজনকৈ খেলুৱৈয়ে হালধীয়া আৰু একোজনকৈ খেলুৱৈয়ে ৰঙা কাৰ্ড পাইছিল৷লেও বিশ্বকাপৰ বুৰঞ্জীত সেই গলটো ৰৈ গল শেষ মিনিটৰ গল হিচাপে৷

Friday 14 March 2014

হাস্যৰসিক বেজবৰুৱা

ঊনবিংশ শতিকাৰ প্ৰথম ভাগত বংগদেশত জাতীয় চেতনাৰ স্ফুৰণ ঘটাৰ সময়তে লক্ষ্মীনাথ বেজবৰুৱা আৰু তেখেতৰ সতীৰ্থসকল উপস্থিত হৈছিল গৈ বংগত৷ বংগৰ সময় তেতিয়া সংঘাত-সময়ৰ সময়৷ এফালে গঢ় লৈছে বিভিন্ন প্ৰকাৰ জনগোষ্ঠীসমূহে৷ জন্মহৈছে বিভিন্ন প্ৰকাৰৰ চিন্তা-ভাবনা, ধ্যান-ধাৰণাৰ৷ আনফালে পাশ্চাত্য সাহিত্য-শিল্প-সংস্কৃতি-দৰ্শন৷ ইউৰোপীয় সাহিত্য আৰু বংগীয় নৱজাগৰণৰ তেনে এক সন্ধিক্ষণতে বংগত উপস্থিত হৈও বেজবৰুৱা আৰু তেখেতৰ সংগীসকলে সঠিক কৰ্মক্ষেত্ৰ বাছি উলিয়াই সঠিকভাৱেই নিজৰ পথত ভৰি দিছিল৷ সেয়ে তেখেতৰ চিন্তাধাৰাত তিনি ঘাই সুঁতিৰ প্ৰভাৱ স্পষ্টকৈ পৰিলক্ষিত হয়৷ ঐতিহ্যৰ পৰা ভাববাদী দৃষ্টিভংগী, পশ্চিমৰ পোৱা মানৱিকবাদী দৃষ্টিভংগী আৰু স্বদেশপ্ৰেম৷ সকলোবোৰ দিশেই সফল অভিব্যক্তি লভিছিল বেজবৰুৱাৰ ব্যক্তিত্বত৷ যাৰ ফলত তেখেতক যুগৰ প্ৰতিনিধি বুলিব পাৰি৷ সংস্কাৰমুক্ততা, উদাৰতা আৰু গভীৰ মানবিক দৃষ্টিভংগী এই  তিনিটা গুণে বেজবৰুৱাৰ ব্যক্তিত্বক আধুনিক কৰি ৰাখিছে৷

ঐতিহ্য, আধুনিকতা আৰু দেশপ্ৰেমৰ প্ৰভাৱত লক্ষ্মীনাথ বেজবৰুৱাই সেই সময়টোলৈ চাই কবলৈ গলে প্ৰৱাসত থাকিও অসমীয়া ভাষা, সাহিত্য আৰু জাতীয় জীৱনৰ মংগলৰ অৰ্থে হাতত কলম তুলি লৈছিল৷ তেখেতৰ লিখনিত দুই প্ৰকাৰৰ চৰিত্ৰ দৃষ্টিগোচৰ হয় জাতিটোক নকৈ গঢ়িবৰ বাবে সবল, সৃষ্টিশীল ভূমিকা আৰু জাতীয় জীৱনৰ দোষ-ক্রটি গুচাবৰ বাবে সমালোচকৰ চৰিত্ৰ৷ সমালোচনাত্মক দৃষ্টিভংগীৰে সামাজিক দুখ-দুৰ্বলতাৰ প্ৰতি সৰ্তকীকৰণৰ নিমিত্তে তেখেতে কৃপাবৰ বৰুৱা (পিছত বৰবৰুৱা)ৰ হাতত কাপ তুলি দিছিল৷ জোনাকী, উষা, বাঁহী, আৱাহন, অসম বন্তি, মিলন, ন-জোন আদি আলোচনীসমূহত প্ৰকাশ পাইছিল তেখেতৰ প্ৰবন্ধ৷

অনুকৰণীয় ভাব, শুদ্ধ ভাষা আৰু হাস্যৰস বেজবৰুৱাৰ সাহিত্যৰ উপাদান আছিল৷ তেখেতৰ হাঁহি, কৌতুক আৰু ব্যংগৰ ভাষা আছিল নিটোল আৰু সুপৰিকল্পিত৷ তেখেতে ভাষাৰ মৰ্যাদা আৰু শালীনতা ৰক্ষা কৰিছিল৷ তেখেতৰ ভাষা, জটুৱা ঠাঁচ আজিও সমানে সক্রিয় হৈ আছে৷ বেজবৰুৱা হাস্যৰসৰ মাজত লুকাই আছিল গভীৰ দুখবোধ৷ এই দুখবোধৰ উৎস তেখেতৰ জাতি আৰু সমাজ জীৱন৷ অন্তৰত দুখবোধ থাকিলেও হাঁহিৰ সৃষ্টি হব পাৰে বেজবৰুৱাই তাৰে আৰ্হি দেখুৱাই থৈ গল৷

ৰসৰাজগৰাকীয়ে সৃষ্টি কৰা হাস্য-ব্যংগাত্মক চৰিত্ৰ কৃপাবৰ বৰবৰুৱা বিশ্ব-সাহিত্যৰ কমিক চৰিত্ৰসমূহৰ ভিতৰত এটা লেখত লবলগীয়া চৰিত্ৰ৷ কৃপাবৰ বৰবৰুৱাৰ সমগোত্ৰীয় চৰিত্ৰ অসমীয়া সাহিত্যত দ্বিতীয় এটা নাই৷ ভাৰতীয় সাহিত্যতো এই চৰিত্ৰ বিৰল আৰু অতুলনীয়৷ বেজবৰুৱাৰ কৃপাবৰ বৰবৰুৱা একপ্ৰকাৰ অসমীয়াৰ জাতীয় বহুৱাৰ চৰিত্ৰ৷ বহুৱাই সদায় সমাজৰ মূলসুঁতিৰ পৰা আঁতৰি গৈ ৰস সৃষ্টি কৰি ভাল পায়৷ তাচ্ছিল্য কৰা যেন লাগিলেও বহুৱাই কৰা তাচ্ছিল্যই অৰ্থ কঢ়িয়াই আনে৷ বেজবৰুৱাৰ কৃপাবৰ বৰবৰুৱাৰ যোগেদি জাতীয় জীৱনৰ দুখ-ত্ৰুটি, অসামঞ্জস্য-বিসংগতি পৰিষ্কাৰকৈ দাঙি ধৰা হৈছে৷

কৃপাবৰ বৰবৰুৱাৰ ওপৰত ভেটি কৰিয়ে বেজবৰুৱাই হাস্যৰসৰ সৃষ্টি কৰিছিল৷ তেখেতৰ হাস্যৰস সৃষ্টিৰ কৌশল আছিল পৃথিৱীৰ শ্ৰেষ্ঠ হাস্যৰসিকসকলৰ দৰে একে৷ সেয়ে তেখেতক গ্ৰীক কমেডিয়ে শ্ৰেষ্ঠ ৰূপ পোৱা এৰিষ্টফেনিছ, বিশ্ববিখ্যাত ব্যংগাত্মক লিখক গালিভাৰ্ছ ট্ৰেভেল্‌চৰ ৰচক জনাথন ছুইফ্‌ট আদিৰ শাৰীত ধৰিব পাৰি৷ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি (১ম আৰু ২য় খণ্ড), বৰবৰুৱাৰ চিন্তাৰ শিলগুটি, বৰবৰুৱাৰ সাহিত্যিৰ ৰহস্য, কৃপাবৰ বৰুৱাৰ সামৰণি ইত্যাদিবোৰ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি৷ ইয়াৰে কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলাত কৃপাবৰৰ শ্ৰেষ্ঠ ৰূপ ফুটি উঠিছে৷ এইবিলাকৰ বাহিৰেও বেজবৰুৱাই হাস্যৰসিক কবিতা (পেৰডি), কমিক, ড্ৰামা, চুটিগল্প, প্ৰহসন আদিৰ সৃষ্টি কৰি থৈ গৈছে৷ বেণুধৰ শৰ্মাৰ মতে সমাজিক বেজবৰুৱাৰ শ্ৰেষ্ঠ খুহুটীয়া ৰচনা৷ ভণ্ডামী, স্ত্ৰী-স্বাধীনতা, বৃদ্ধ-বিবাহ, অন্ধ-বিশ্বাস, অন্ধ-অনুকৰণ, সাংবাদিকতা ইত্যাদি সামাজিক-ৰাজনৈতিক সমস্যাৰাজিক বিষয়-বস্তু হিচাপে লৈ বেজবৰুৱাই ৰচনা কৰা কৃপাবৰী সাহিত্যই আজিও বিমল হাস্যৰ খোৰাক যোগায়৷

বৈজ্ঞানিক আৰু আধুনিক মনৰ অধিকাৰী আছিল লক্ষ্মীনাথ বেজবৰুৱা৷ এটা সংস্কাৰমুক্ত মন লৈ তেখেতে পৰিৱৰ্তনৰ অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল হাস্যৰসৰ মাজেদি৷ অসমীয়া সমাজৰ স্খলনবোৰ, জাতিৰ ভণ্ডামীবোৰ হাস্যৰসৰ মাজেদি ফুটাই তুলি তীব্ৰ কটাক্ষৰে অসমীয়া জাতিক, সমাজক সমালোচনা কৰাৰ লগতে উপলুঙা কৰিছিল৷ সেয়া আছিল তেখেতৰ সমাজ সংস্কাৰৰ কৌশল৷ অসমীয়া জাতিক ৰোগমুক্ত কৰি সুস্থ-সবল কৰি গঢ়ি তোলাই তেখেতৰ ৰচনাসম্ভাৰৰ মূল উদ্দেশ্য আছিল৷ সমালোচনাৰে তেখেতে অসমীয়া জাতিক বেত্ৰাঘাত কৰিলেও সেয়া অসমীয়াৰ প্ৰাপ্য৷ 

বেজবৰুৱাৰ দৃষ্টিৰ সামগ্ৰিকতাই সমগ্ৰ অসমখনকে সামৰি লৈছিল৷ অসমৰ মানুহ, অসমৰ প্ৰকৃতি, ইয়াৰ ভূগোল-বুৰঞ্জী সকলো দিশতে তেখেতে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল৷ দেশ বা জাতিৰ স্বাৰ্থত কেতিয়াবা ব্যক্তিক, কেতিয়াবা জাতিক ইতিকিং কৰিলেও সাধাৰণ মানুহৰ প্ৰতি বেজবৰুৱাৰ আছিল অকৃত্ৰিম ভালপোৱা৷ সাধাৰণ মানুহক তেখেতে বিদ্ৰুপ কৰা নাছিল৷ বৰঞ্চ নগৰীয়া অল্পশিক্ষিত, নতুন অল্পশিক্ষিত মানুহ; নাগৰিক জীৱনৰ ভণ্ডামী আৰু পুৰণি কু-সংস্কাৰৰ মাজত নিমজ্জিত মানুহবোৰহে তেখেতৰ আক্রমণৰ লক্ষ্য আছিল৷ অসমৰ মানুহৰ মংগল কামনা, দুখ-দুৰ্দশা-দুৰ্বলতা দূৰ কৰাৰ আকাংক্ষা লেখনীৰ জৰিয়তে তেখেতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উনুকিয়াই থৈ গৈছে৷ বেজবৰুৱাক নজনাকৈ অসমৰ মানুহৰ ভিতৰ-বাহিৰ ভালকৈ জানিব পৰাটো সম্ভৱপৰ নহয়৷ অসমীয়া সাহিত্যৰ এইগৰাকী মহাৰথীৰ যোগেদি অসমৰ জাতীয় জীৱনৰ নিশ্বাস অনুভৱ কৰিব পাৰি৷ ঊনবিংশ শতিকাৰ বেজবৰুৱা সেয়েহে অনাগত দিনবোৰতো সমানেই প্ৰাসংগিক হৈ থাকিব৷

(২৬ মাৰ্চ, ১৯৯৭ খ্ৰীষ্টাব্দ তাৰিখে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি দিৱস উপলক্ষে ডিফু ক্লাৱত আয়োজিত বক্তৃতানুষ্ঠানত ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে প্ৰদান কৰা বক্তৃতা আৰু ডঃ নগেন শইকীয়াদেৱৰ মন্তব্যৰ আলমলৈ যুগুত কৰা হৈছে৷)

(ৰচনা : ৮এপ্ৰিল, ১৯৯৭ খ্ৰীষ্টাব্দ)
শিক্ষানুষ্ঠানৰ আলোচনী


প্ৰতিভা জাগ্ৰত হবলৈ মাধ্যমৰ দৰকাৰ৷ ছাত্ৰাৱস্থাত পাঠ্যপুথিৰ জ্ঞান আহৰণৰ ওপৰতেই সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয় যদিও পাঠ্যক্রমপ্ৰদত্ত শিক্ষাৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীৰ মাজত সুপ্ত অৱস্থাত থকা প্ৰতিভাৰ জাগৰণ আৰু বিকাশৰ উদ্দেশ্যে খেল-ধেমালি, নৃত্য-গীত, অভিনয়, তৰ্ক, বক্তৃতা, আবৃত্তি, কুইজ, চিত্ৰাংকন, সমাজ-সেৱা, কৰ্ম-অভিজ্ঞতা, প্ৰাচীৰ-পত্ৰিকা, মেজ-পত্ৰিকা ইত্যাদি মাধ্যমসমূহো সমানেই আৱশ্যকীয় বুলি স্বীকৃত৷ জীৱন গঢ়াৰ কমাৰশালত বিদ্যাৰ্জনৰত বিদ্যাৰ্থীসকলৰ অন্তৰিন্দ্ৰিয় ভাবত নিহিত আবেগ-অনুভৱ, আলোড়ন-অনুৰাগ, কল্পনা-যুক্তিযুক্ততা, আশা-আকাংক্ষা, চিন্তা-প্ৰজ্ঞা, উদ্ভাৱনী বুদ্ধিৰ বহিঃপ্ৰকাশ আৰু প্ৰতিপালনৰ অন্য এক প্ৰয়োজনীয় মাধ্যম হল শিক্ষানুষ্ঠানৰ আলোচনী৷

অন্তৰ্মুখী প্ৰচ্ছাদন আঁতৰাই ছাত্ৰ-ছাত্ৰীৰ ৰুদ্ধ কণ্ঠস্বৰ মুক্ত কৰে শিক্ষানুষ্ঠানৰ আলোচনীয়ে৷ ব্যক্তিগত সাহিত্যিক প্ৰতিভাৰ স্বতঃস্ফূৰ্ত স্ফুৰণ ঘটায় শিক্ষানুষ্ঠানৰ আলোচনীয়ে৷ উদ্ভাৱিকা শক্তিক পৰিপুষ্টি প্ৰদান কৰি নব্য সৃষ্টিৰ তাড়নাৰে ছাত্ৰ-হৃদয় চঞ্চল কৰি তোলে শিক্ষানুষ্ঠানৰ আলোচনীয়ে৷ ইয়াত প্ৰকাশিত লেখনীৰ মাধ্যমেদিয়ে এচাম ছাত্ৰ-ছাত্ৰীয়ে সাহিত্যৰ বিশাল জগতখনত ভুমুকি মৰাৰ সুযোগ পায়৷ শিক্ষানুষ্ঠানৰ আলোচনী বা মুখপত্ৰক সেয়ে সাহিত্যৰ পৃথিৱীৰ প্ৰৱেশ দ্বাৰ বুলিব পাৰি৷

বিদ্যানুষ্ঠানৰ আলোচনীৰ পাততে ছাত্ৰ সম্প্ৰদায়ে শব্দৰ খেতি-খোলা আৰম্ভ কৰে৷ স্বচক্ষে দেখা বা শুনা কথাৰ সৈতে কল্পনা শক্তিৰ সংমিশ্ৰণে মন-সমুদ্ৰত তোলপাৰ লগোৱা ভাবৰ বুৰবুৰণিক সহজ-সৰল ভাষাৰে সুসজ্জিত কৰি লিখনিৰ বীজ সিঁচে, আৰু এটা সময়ত একোজন সুদক্ষ সত্যানুসন্ধানী সাহিত্যৰ কৃষক হয়গৈ৷ পাঠ্যাৱস্থাত আলোচনীৰ জৰিয়তে হোৱা আত্মপ্ৰকাশে বহন কৰা সম্ভাৱনাই তেতিয়াই পূৰ্ণতা পায়৷ প্ৰগাঢ় অধ্যয়ন, অধ্যৱসায় আৰু পৰিশ্ৰমৰ গুণত ঘটা ভাব-চিন্তাৰ উত্তৰণ তথা পৰিপক্কতাই ইয়াক সম্ভৱপৰ কৰি তোলে৷ নিৰন্তৰ চেষ্টা আৰু সাধনাৰ বলত উচ্চমানসম্পন্ন আনন্দদায়ী, জ্ঞানদায়ী সাহিত্যৰ প্লাৱন বব ধৰে তেওঁলোকৰ কাপৰ পৰা৷ দূৰদৰ্শী চিন্তাপ্ৰসূত আৰু বলিষ্ঠ লেখাৰে সুস্থ-সমৃদ্ধ সমাজ গঠনৰ লক্ষ্যত তেওঁলোক মানৱ জাতিৰ পথ-প্ৰদৰ্শক হবগৈ পাৰে৷ মেটমৰা ৰচনা-সম্ভাৰেৰে তেওঁলোকে দেশ-জননীৰ সাহিত্যৰ বৰঘৰৰ বাসিন্দা হোৱাৰ উপৰি বিশ্ব দৰবাৰত স্বনাম স্থায়ী কৰিবলৈ সক্ষম হব পাৰে৷ কালজয়ী সৃষ্টিৰে সময়ৰ বুকুত থৈ যাব পাৰে সৃজনীমূলক প্ৰতিভাৰ অক্ষয়ী স্বাক্ষৰ৷

শিক্ষক-শিক্ষাৰ্থীৰ সৃষ্টিৰ গোপন আকাংক্ষাৰ যি স্বপ্ন তাৰে বাস্তৱ ৰূপায়ণ শিক্ষানুষ্ঠানৰ বাৰ্ষিক আলোচনীখন৷ সমূহীয়া আবেগ-অনুভূতি, চিন্তা, ইচ্ছা, আকাংক্ষা; শব্দ, বাক্য, কাগজ, কলম, চিয়াঁহী, ৰং-তুলিকা, মুদ্ৰণ যন্ত্ৰৰ সময়ৰ লগতে উমৈহতীয়া গঠনমূলক দৃষ্টিভংগী, আন্তৰিক প্ৰচেষ্টা, সহযোগিতা, উৎসাহ-উদ্দীপনা, দিহা-পৰামৰ্শ, ধৈৰ্য, দায়িত্বশীলতা, অৰ্থনৈতিক স্বচ্ছলতা ইত্যাদিৰ ইতিবাচক সঁহাৰিৰ ফলশ্ৰুতিত মুখপত্ৰই জন্ম লাভ কৰে৷ পত্ৰিকাখনি ভাল বিবেচিত হবলৈ হলে কেনে ধৰণৰ বিষয়-বস্তু বা কোনটো কোনটো শিতান অৱশ্যেই থকা উচিত নাইবা কি কি বিষয়ক লেখা অবিহনে ই বেয়া বুলি পৰিগণিত হব পাৰে তাৰ কোনো নিৰ্ধাৰিত সূত্ৰ অবিদ্যমান যদিও ছাত্ৰ সমাজৰ উপকাৰত অহা মানসম্পন্ন লেখনীৰ সন্নিৱেশে কলেৱৰৰ ব্যৱহাৰিক গুৰুত্ব তথা মান দুয়োটাই বঢ়ায়৷ শেহতীয়া তথ্যৰ অন্তৰ্ভুক্তিয়ে ইয়াক সংৰক্ষণযোগ্য নথিত পৰিণত কৰে৷ শুদ্ধ বাক্য গাঁথনি, শুদ্ধ বানান, শুদ্ধ ভাষাৰ প্ৰয়োগে ইয়াক সৰ্বজনগ্ৰহণীয় সুখপাঠ্যৰ শাৰীলৈ তোলে৷ বাস্তৱ চিন্তাপুষ্ট আৰু সময়োপযোগী সম্পাদকীয় কলমে বৃদ্ধি কৰে বৌদ্ধিক ওজন৷ সেইদৰে অৰ্থবহ প্ৰচ্ছদপট, নানাৰঙী অংগসজ্জা, উন্নত ছপা-বন্ধা কাৰ্যই আলোচনীক কৰি তোলে আকৰ্ষণীয়৷

শিক্ষানুষ্ঠানৰ আলোচনীত গল্প, কবিতা, গীত, উপন্যাসিকা, নাট, প্ৰবন্ধ, অনুবাদ, ভ্ৰমণ কহিনী, স্মৃতিলেখা, জীৱনচৰিত, ৰস ৰচনা, সমালোচনা, সাক্ষাৎকাৰ, পত্ৰালাপ, কুইজ, কৌতুক, মহৎ লোকৰ বাণী প্ৰভৃতি নানানটা সাহিত্য বিষয়ক শিতানৰ সমাহাৰ ঘটে৷ শিতানসমূহে সাহিত্যানুৰক্ত শিক্ষাৰ্থীসৱৰ ভাবনাক একোটা নিৰ্দিষ্ট দিশত কেন্দ্ৰীভূত আৰু শৃংখলাবদ্ধ কৰাৰ লগতে উৎকৰ্ষ সাধনৰ অৱকাশ যোগায়৷ পত্ৰালাপ, অন্তৰংগ আলাপ আদিৰ সুৰুঙাইদি বিদ্যাৰ্থীসকল পৰস্পৰে পৰস্পৰৰ হৃদয়ৰ কাষ চপাত সহায়ক হয়; বিভিন্ন ক্ষেত্ৰত নিভৃত অন্তৰায়সমূহ ব্যক্ত কৰাৰ উপৰি সমাধানৰ সুবিধা পায়৷ লেখক-লেখিকা পৰিচিতি, বাৰ্ষিক-চূড়ান্ত পৰীক্ষাৰ ফলাফল, বাৰ্ষিক-সাময়িক পৰীক্ষাৰ ফলাফল, কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰীৰ তালিকা, সম্পাদকসকলৰ তালিকা আদিয়ে তথ্যৰ সন্ধান দিয়ে৷ সম্পাদনা সমিতিৰ সদস্যবৰ্গ, ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল, শিক্ষাদাতা, কৰ্মীবৃন্দ, বিদায়ী বৰ্ষৰ বিদ্যাৰ্থী দল, কৃতী ছাত্ৰ-ছাত্ৰীৰ আলোকচিত্ৰ আৰু কৃতিত্বৰ বা-বাতৰিয়ে উৎসাহ-অনুপ্ৰেৰণা যোগোৱাৰ বাহিৰেও জীৱনৰ সোণালী দিনৰ সজীৱ স্মৃতি বহন কৰে৷ বিভাগীয় সম্পাদকসকলৰ প্ৰতিবেদনে বছৰেকীয়া কাৰ্যাৱলীৰ ব্যাখ্যা দাঙি ধৰাৰ লগে লগে শিক্ষাৰ্থীৰ কাৰ্যদক্ষতা, শিক্ষানুষ্ঠানখনৰ গতিশীলতাৰ পৰিচয় দিয়ে৷ বিদ্যানুষ্ঠানৰ নাম, প্ৰতীক চিহ্ন আৰু মুখপত্ৰৰ নামৰ তাৎপৰ্য, আৰম্ভণী গীত, সামৰণী গীত, প্ৰাৰ্থনা সংগীত, মেজ পত্ৰিকা- দেৱাল পত্ৰিকাৰ নিৰ্বাচিত লেখা, শিক্ষাগুৰু-কৰ্মকৰ্তাৰ মনোনীত লেখাও মুখপত্ৰত সন্নিৱিষ্ট কৰা হয়৷

বিদ্যালয়ৰ বাৰ্ষিক আলোচনীসমূহ সময়ৰ একোখন স্পষ্ট দলিল৷ পত্ৰিকাৰ পৃষ্ঠা শুৱাই থকা লেখাবোৰে তদানীন্তন কালৰ শৈক্ষিক, সহ-শৈক্ষিক আৰু বৌদ্ধিক প্ৰতিভাৰ সাক্ষ্য বহন কৰে; তথ্যৰাজিয়ে ঐতিহ্য-পৰম্পৰাৰ আভাস দিয়ে৷ অতীজৰ অনুস্মৃতিৰে কৰ্মোদ্যম আৰু আত্মতৃপ্তি লভাৰ চিৰশাশ্বত উৎস হৈ ৰয়৷ তদুপৰি পত্ৰিকাসমূহে কোনো এক সময়ৰ সভ্যতাৰো উমান দিয়ে৷ ছাত্ৰ-ছাত্ৰীৰ সূক্ষ্ম অনুভূতিৰ বহিঃপ্ৰকাশৰ ক্ষেত্ৰত উত্তম মাধ্যম বুলি পৰিগৃহীত শিক্ষানুষ্ঠানৰ আলোচনীৰ মূল্যাকনৰ জৰিয়তে অতীত হৈ যোৱা শিক্ষানুষ্ঠানৰ তাহানিৰ ৰূপটো সহজে অনুধাৱন কৰিব পাৰি৷ আৰ্চীত হোৱা প্ৰতিফলনৰ সহায়ত মানুহে নিজৰ প্ৰতিবিম্ব দেখাৰ দৰে শিক্ষানুষ্ঠান এখন প্ৰতিবিম্বিত হয় ইয়াৰ মুখপত্ৰত হোৱা প্ৰতিফলনত৷ সেয়ে কোৱা হয়- শিক্ষানুষ্ঠানৰ আলোচনীখনেই শিক্ষানুষ্ঠানখনৰ দাপোণ৷
হৰ্ণবিল ফেষ্টিভেলৰ পৰা ঘূৰি আহি...

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ৰাজধানী চহৰ কহিমাৰ পৰা প্ৰায় ১২ কিলমিটাৰ নিলগত কিছামা হেৰিটেজ ভিলেজ৷ পাহাৰৰ বক্ষত নিৰ্মিত এই সাংস্কৃতিক গাঁওখনতে যোৱা ১ডিচেম্বৰৰ পৰা পতা হৈছে হৰ্ণবিল ফেষ্টিভেল৷ ২০০০চনৰ পৰা আৰম্ভ কৰি প্ৰতি বছৰৰ ডিচেম্বৰ মাহৰ ১ৰ পৰা ৭ তাৰিখৰ ভিতৰত পালন কৰি অহা হৈছে এই উৎসৱ৷ আনহাতে ১ডিচেম্বৰ ১৯৬৩চনত ভাৰতবৰ্ষৰ ১৬ নং ৰাজ্য হিচাপে নাগালেণ্ড ৰাজ্যখনৰ গঠন হৈছিল৷ তাৰে ৫০ বছৰ পূৰ্তি উপলক্ষে উৎসৱটিৰ কাৰ্যসূচী এইবাৰ ১০ তাৰিখলৈকে বঢ়াই দিছে ৰাজ্য চৰকাৰে৷ নাগালেণ্ড চৰকাৰৰ পৰ্যটন আৰু কলা-সাংস্কৃতিক বিভাগৰ উদ্যোগত এই উৎসৱ অনুষ্ঠিত হৈছে৷ নাগালেণ্ডৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বদৰবাৰলৈ আগুৱাই নিয়াই ইয়াৰ মুখ্য উদ্দেশ্য৷ নগা জনগোষ্ঠীৰ বিভিন্ন শাখা-প্ৰশাখাসমূহৰ স্বকীয় সংস্কৃতি আৰু পৰম্পৰাৰ উদ্ধাৰ আৰু ৰক্ষণাবেক্ষণ যাৰ পোনপটীয়া লক্ষ্য৷ ৰাজ্যখনত আয়োজন কৰা অনুষ্ঠানসমূহৰ ভিতৰত সেয়ে এই হৰ্ণবিল মহোৎসৱৰ পৰিসৰ আজি সৰ্ববৃহৎ৷ ইয়াক আখ্যা দিয়া হৈছে ফেষ্টিভেল অৱ ফেষ্টিভেলচ
এই উৎসৱটিৰ বিষয়ে বাতৰি কাকত-আলোচনীত পঢ়ি বা টিভি চেনেল যোগে চাই বহুতেই নিশ্চয় ইতিমধ্যে কিছু হলেও জানিব পাৰিছেই৷ জনজাতীয় জীৱন-চৰ্যাৰ প্ৰতি শ্ৰদ্ধাশীল আৰু এই সম্পৰ্কে বিশেষভাৱে জানিবলৈ আগ্ৰহীসকলে গুগুলতো পঢ়িব পাৰে৷ তথাপিও এনে লাগে, নিজে নগলে শতাংশ ১০০ নহয়চোন৷ সেয়ে অনুজপ্ৰতিম দেউৰী ৰংপি আৰু মধু মেচৰ প্ৰস্তাৱটোত সমৰ্থন জনাই পুৱাতেই ঢাপলি মেলিলোঁ কহিমা অভিমুখে৷ বিয়লি মুকলি মঞ্চৰ প্ৰাংগণত হোৱা নাগা ৱাৰ ডেন্সত ঘোষিকাই নাগামিজত দৰ্শকলৈ জনোৱা অনুৰোধ (পাৰটিচিপেন্সখানকে চাৰি কিনা বাকী চব ভিৱাৰ্চখান এক সাথ এক বাৰ ৱাৰ ক্রাই কৰিবটো) মৰ্মে সমস্বৰে আমিও কৰিলোঁ ৱাৰ ক্রাই৷ বিচিত্ৰতাৰে ভৰপূৰ নগা জনজাতীয় সমাজ-জীৱনৰ এক মধুৰ পৰশ দেহ-মনত লৈ এয়া অলপ আগতে ঘৰ সোমাইছোঁহি৷ মনৰ পৰ্দাত বন্দী কৰি অনা মুহূৰ্তবোৰৰ ৰিপ্লে চাই চাই চিন্তা কৰিছোঁ, নগাসকলৰ অতীত-সন্ধানী যোগাত্মক প্ৰচেষ্টাটোৰ কথাকে৷
জিভাই পাহৰিব নোখোজা মোৰ স্মৰণীয় খাদ্যবিশেষ
……………………………………………………...
(ভোগালী বিহুৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছাৰে)

মই সৰুৰে পৰাই নিৰামিষভোজী৷ মাছ, মাংস, কণী আৰু সিবিলাক উপকৰণ হিচাপে থকা কোনো খাদ্যকে মই গ্ৰহণ নকৰোঁ৷ তেনেকৈয়ে চলি আহিছোঁ মনত পৰা দিনৰে পৰা৷ ঘৰখনৰ ভিতৰতে এই অমিল খাদ্যাভ্যাসক লৈ প্ৰথম অৱস্থাত মোৰ ওপৰত ভালেমান দিন ধৰি এক প্ৰকাৰৰ অত্যাচাৰেই চলিছিল৷ পৰিষ্কাৰভাৱে আজিও মনত আছে, সৰুতে একেলগে ভাত খাবলৈ বহিলেই দেউতাই মোক খঙেৰে কৈছিল... খাই মৰ, নাখাই মৰিব নালাগে৷ মই কিন্তু তেনেকৈয়ে থাকি গলোঁ৷ ডাঙৰলৈকেও কিমানযে ককৰ্থনা চলিল! ময়ো নাচোৰবান্দা৷ নাখালোঁ যি নাখালোঁৱেই৷ ভাত-দাইল-ভাজি৷ বচ৷ কাম শেষ৷ দাইলৰ পানী, আলু পিটিকা আৰু নেমু এটুকুৰা দি দিয়ক৷ মোৰ মানত সেয়াই অমৃত৷ এতিয়াও৷

জন্মাবধি, মৰণৰ মুহূৰ্তটো পৰ্যন্ত মানুহে উদৰ পূৰাবলৈ কৰি থকা খোৱাৰ নামত নিৰন্তৰ চোবাই থকা কামটোক মই সবাতোকৈ নিকৃষ্ট তথা গৰ্হিত কাম বুলি অভিহিত কৰোঁ৷ জীয়াই থাকিবলৈ হলে খাবও লাগিব, তাকো অৱশ্যে নুই কৰিব নোৱাৰোঁ৷ সেয়ে উপায় নাই, খাওঁ৷ তথাপিও স্বীকাৰ কৰোঁ, খোৱা কামটো, খোৱাৰ নামত সময় দিয়াটো মই বেয়া পোৱা এক বিষয়৷ আনহাতে এইটোও লক্ষ্য কৰোঁ যে নাখাই মৰাতকৈ খাই মৰাৰ সংখ্যাটোহে দেখোন আমাৰ সমাজত বৃদ্ধি পাই গৈ আছে৷ কথাটোৰ সঁচা-মিছা দকৈ চিন্তা কৰি চাবচোন৷

এইটো ঠিক যে ভোজনবিলাস বুলিবলৈ একোৱেই মোৰ নাই৷ কৰ পৰানো থাকিব? আচল বস্তুবোৰেই নাখাওঁ দেখোন৷ ইফালে মদ-গাঞ্জা, পাণ-চিগাৰেটো নচলে৷ গতিকে মই নিমন্ত্ৰণৰ মানুহ মুঠেই নহওঁ৷ খোৱাৰ নিমন্ত্ৰণ মোৰ একেবাৰে কাম্য নহয়৷ নিমন্ত্ৰণ জনালে ডাইৰেক্টলি প্ৰত্যাখ্যান৷ নামাতিলে অকণো বেয়া নাপাওঁ৷ নগলে কোনোবাই বেয়া পালেও উপায় নাই৷ পৰাপক্ষত বিয়া-সবাহ, ভোজভাত, জন্মদিন, পাৰ্টী আদি এৰাই চলোঁ৷ কাম-কাজ বা আন কিবা সহায় লাগিলে যোৱাত আছোঁ, কিন্তু খোৱাৰ সময়ত অনুপস্থিত থাকিবও পাৰোঁ৷ নিশা ভূৰি-ভোজন কৰি শুই থকাটোও মোৰ দস্তুৰ নহয়৷ কোনোবাই কৈ থৈছেই নহয়, নিশাৰ সাজ ভিক্ষাৰীৰ দৰে খাব লাগে বুলি৷ তেনেস্থলত ভোজনৰ নামত মিছাতে বিপদ চপোৱাত মই নাই৷

মোৰ খাৱন তেনেই সীমিত আৰু সাধাৰণ৷ সদায় হিচাপৰ ভাত৷ জোখতকৈ সৰহকৈ দিলে আগতেই কমাওঁ, যাতে নষ্ট নহয়৷ পুনৰবাৰ ভাত লোৱাৰো নিয়ম নাই৷ সেই এবাৰেই৷ কিন্তু, খাওঁতে কেৰেচকৈ চাউলত মিহলি হৈ থকা শিলগুটি ভাঙিলে, বালি থকাৰ বাবে শাক ভাজিখন খিচ্‌খিচিয়া লাগিলে, বেঙেনা ভাজিত দীঘলকৈ চুলি এডাল ওলালে ৰান্ধনীৰ বিপদ অৱশ্যম্ভাৱী৷ চাউলখিনিকে ভালকৈ বাছিব নজনা, শাকখিনিকে ভালকৈ ধুব নোৱাৰা, ৰন্ধনত সাৱধানতা অৱলম্বন নকৰাটো ৰান্ধনীৰ ডিচক্রেডিট বুলি মুখৰ আগতেই কৈ দিওঁ আৰু হাত-মুখ ধুই পেলাওঁ৷

তিনি-চাৰিবিধকৈ ব্যঞ্জন সন্মুখত দি দিলেও মোৰ খেলিমেলি লাগি যায়৷ সিদ্ধান্ত এটা লৈ আৰম্ভণিতেই কাষৰীয়া কৰি পেলাওঁ তাৰে দুটামান৷ যিমানেই ভাল নহওক কিয়, যিমানেই হেঁপাহত, যিমানেই আথে-বেথে নিদিয়ক কিয়৷ নাখাওঁ বুলিলে নাখাওঁৱেই৷ দিওঁতাই বেয়া পায়ো লাভ নাই৷ মইতো বেয়া নাপাওঁৱেই৷ কাৰণ, খোৱাটো মোৰ নিজৰ হিচাপ মতেহে হব৷

দুপৰীয়া কল-গাখীৰ-ভাত মোৰ ৰুটিন খাদ্য৷ সৰুৰে পৰাই৷ দিনটোত দুটা কল আৰু আধা লিটাৰ গাখীৰ কোন কেতিয়াবাৰে পৰাই খাই আহিছোঁ৷ মাতৃদুগ্ধ এৰাৰ পিছৰে পৰাই গৰুৰ গাখীৰ মোৰ নিয়মীয়া আৰু প্ৰিয় খাদ্য৷ আজিলৈ কিমান লিটাৰ খালোঁ, হিচাপ কৰি চালে নিশ্চয় উলিয়াব পৰা যাব৷ গাখীৰ ভাতত কটা বিস্কুত দুটামান ভাঙি লব পাৰিলেতো আৰু মজা৷ জুতিটো বেলেগ ধৰণৰ হৈ পৰে৷ তাৰ বাহিৰেও জিভাত এতিয়াও লাগি থকা মোৰ কেইটামান স্মৰণীয় খাদ্য আছে৷ তাকে এই সুযোগতে কৈ পেলাওঁ বুলি ভাবিছোঁ, যদিওবা সেইবোৰে ভোগালীক একোপধ্যে চুব নোৱাৰেগৈ৷

দাইল : মোৰ বাল্যবন্ধু জ্যোতিপ্ৰসাদ বৰদলৈ (জিত)ৰ হাতৰ সেই দাইলখনৰ সোৱাদটো এতিয়ালৈ মই পাহৰিব পৰা নাই৷ সেয়া খাইছিলোঁ ২৮ডিচেম্বৰ ১৯৮৪ তাৰিখে, চেঙেলীয়া দিনত আমি কাজিৰঙাত আয়োজন কৰা এটা পিকনিকত৷ তাৰ পিছত আৰু তেনেকুৱা দালি আজিলৈ মুখত দি পোৱা নাই৷ এতিয়াও, ভাতৰ সৈতে দিয়া দাইলৰ বাটিটোলৈ দৃষ্টি নিক্ষেপ কৰিলেই মোৰ সেইখনলৈহে মনত পৰে৷

ভাজি : ১৯৮৫-৮৬চনৰ কথা৷ যোৰহাটত পঢ়ি থকা কালত দিজু, গৌতম, ৰণজিৎ আৰু মই, আমি চাৰিজনে মেচ কৰি আছিলোঁ৷ দুজনীয়াকৈ পাল পাতি ভাত ৰন্ধাৰ নিয়ম৷ মোৰ পাৰ্টনাৰ দিজু৷ দিজু গগৈৰ হাতৰ মূলা, স্কোৱাচ আদি অনেকখন ভাজিৰ স্বাদ এতিয়াও জিভাত লাগি আছে৷ কেৱল ভাজিখনেই নহয়, আলুকে ধৰি পাচলি কটাৰ তাৰ যি আৰ্ট, সিও মোক আকৰ্ষণ কৰিছিল৷ আনে অসমানকৈ কটা টুকুৰাবিলাক দেখিলেই সি গৰজি উঠিছিল৷ আৰু যদি গৌতম শইকীয়াৰ কায়দাৰে ভাজিখন পাতিয়েই পানী ঢালি দিলে, তেতিয়াতো হলেই আৰু!

বেঙেনা তৰকাৰী : তেতিয়া অৰুণাচলত পঢ়োঁ৷ গুৱাহাটীৰ পৰা নৈশ বাছেৰে যাওঁ৷ গান্ধীবস্তিত মোৰ সম্বন্ধীয়া এগৰাকী বাইদেউ আছিল৷ ডিফুৰ পৰা গৈ বাইদেউৰ তাত সোমাওঁ৷ দিনৰ ভাতসাজ তাতে মোকলোৱা হয়৷ কেতিয়াবা থাকোঁও৷ এদিন বাইদেৱে নিশাৰ সাজত অপূৰ্ব সোৱাদপূৰ্ণ যিখন বেঙেনা তৰকাৰী খুৱালে, সেই জোলখিনিলৈ মোৰ এতিয়াও মনত পৰি থাকে৷ ১৯৯১চনমানৰে কথা হব এইটো৷ সোৱাদটো কিন্তু লাগি আছে জিভাৰ কোনোবাখিনিত৷

পাপৰ : নিৰজুলিৰ হোষ্টেলত মোৰ পিছৰ বেটচৰ ছাত্ৰ আছিল প্ৰমোদ পাটোৱাৰী৷ মানকাছাৰত ঘৰ৷ মোৰ দৰেই নিৰামিষাহাৰী৷ তেওঁলোকৰ ঘৰত বিভিন্ন খাদ্যৰ লগতে পাপৰো নিজে তৈয়াৰ কৰে৷ ঘৰলৈ গলে প্ৰমোদে পাপৰ লৈ আহে৷ কাঁহীখনৰ সমান বহল৷ মোৰ ৰুমৰ আগেৰে ডাইনিং হললৈ ভাত খাবলৈ যাওঁতে সি মোক মাতে৷ মন কৰোঁ, তাৰ হাতত থাকে এটা ষ্টিলৰ গিলাচ৷ গিলাচটোৰ ভিতৰত দীঘলকৈ মেৰিওৱা পাপৰ এখন৷ প্ৰথমে সেইখন সি চৌকাৰ অঙঠাত পুৰি আনে৷ তাৰ পিছত ফিফ্‌টি ফিফ্‌টি৷ সেই পাপৰ খোৱাৰ পিছত এতিয়াও, সঁচাকৈ কৈছোঁ, অন্য পাপৰ মোৰ পাপৰ যেনেই নলগা হল৷ বাকী চব ৰিজেক্ট হৈ যায়৷ কেৱল সেইখনলৈহে মনত পৰি থাকে৷ ১৯৯২চনৰ কথা এয়া৷

আমৰ আচাৰ : ১৯৮০চন৷ মই তেতিয়া হাইস্কুলৰ উচ্চ শ্ৰেণীলৈ উঠিছোঁ৷ আমাৰ প্ৰতিবেশী আছিল মিষ্টাৰ বাৰ্মা৷ মটৰ পাৰ্টচৰ দোকান এখন আছিল তেওঁৰ৷ দেছৰ পৰা আহি পোৱা তেখেতৰ পৰিবাৰে এদিন আমাৰ মাৰ হাতত আচাৰ অলপ দিলেহি৷ আমৰ আচাৰ৷ এনে ভাল লাগিল খাই৷ সেই আমৰ আচাৰকণৰ পিছত আজিলৈ আন কোনো আচাৰেই জিভাক সন্তুষ্ট কৰিব পৰা নাই৷

পোলাও : মোৰ বন্ধু ধৰ্মেন গগৈৰ লগত সেইবাৰ অৰুণাচল প্ৰদেশৰ তেজুলৈ গৈছোঁ৷ তাৰ ঘৰত থাকি ইফালে-সিফালে ফুৰিছোঁ৷ আমাতকৈ শিক্ষানুষ্ঠানত চিনিয়ৰ এজন দাদাৰ তালৈ এদিন সি মোক লৈ গল৷ তেওঁৰ কোৱাৰ্টাৰৰ সন্মুখত এখন ফিল্ড৷ কেইবাজনো মিলি তাত খুব ক্রিকেট খেলিলোঁ৷ খেলৰ শেষত দাদাই সুধিলে, তই পোলাও বনাব পাৰিবি? মই কলোঁ, পাৰিম, কিয় নোৱাৰিম? তাহানিতে যোৰহাটৰ মেচত ভাত ৰান্ধি খোৱাৰ অভিজ্ঞতাই মোক তেতিয়া কনফিডেন্স দিছিল৷ দাদাই কলে, তেনেহলে যা, ঘৰৰ পৰা অনা জহা চাউল অলপ আছেই৷ আৰু কি কত লাগে যোগাৰ কৰি দিওঁ, তই বনা৷ মই আনতকৈ সোনকালে খেল সামৰিব লগা হল৷ চাউলখিনিৰ আগতীয়াকৈ গত লগাই গাটো ধুই ললোঁ৷ তাৰ পিছত পোলাও ৰন্ধা কাম৷ সময় কম৷ তথাপি কেনেকৈ জানো, সেইদিনা পোলাওখিনি সঁচাকৈ বৰ ভাল হৈছিল৷ উপস্থিত আটাইকেইটাই বৰ তৃপ্তিৰে খালে৷ তাৰ পিছৰ পৰা কি হল জানো! মা, পৰিবাৰ, খুড়ী, ভাই-বোৱাৰীহঁতে ঘৰত ৰন্ধা পোলাও দেখোন মোৰ অকণো ভাল নলগা হল৷ সেই সোৱাদটোহে বিচৰা হলোঁ৷ তোমালোকে পোলাও ৰান্ধিব নাজানাহে৷ নাৰান্ধিবা বুলিও মাজে মাজে চিধাচিধিকৈ কৈ পেলাওঁ৷ ১৯৯৩চনৰ কথা আছিল এইটো৷

ফ্ৰাইড ৰাইচ : ১৯৯২চনৰ মাৰ্চ মাহ৷ আমাতকৈ বয়সত ডাঙৰ যদিও ষ্টাডী লিভত পঢ়িবলৈ গৈ একে বেটচৰ হৈ পৰা আমাৰ অভিভাৱক, অগ্ৰজ ভ্ৰাতৃতুল্য সমুদ্ৰগুপ্ত ডেকাৰ ভনীয়েক আৰু ভনী-জোঁৱায়েক সেইবাৰ আমাৰ হোষ্টেললৈ ফুৰিবলৈ গৈছিল৷ দুদিন থাকিলেও৷ বাইদেউ-ভিনিদেউ দুয়োকে আমি ইটানগৰলৈ ফুৰাবলৈ নিলোঁ৷ দিনৰ সাজ খাবলৈ হোটেল ইটাফৰ্টত সোমালোঁ৷ পিছে, মই কি খাওঁ এতিয়া? অৱশ্যেই নিৰামিষ বিচাৰিব লাগিল৷ মোৰ বাবে অৰ্ডাৰ দিলোঁ ফ্ৰাইড ৰাইচৰ৷ মটৰ, গাজৰ আদিৰে সেইদিনাৰ ফ্ৰাইড ৰাইচখিনি ইমানেই ধুনীয়া আৰু সোৱাদভৰা হৈছিল যে ফ্ৰাইড ৰাইচ বুলিলেই সেই প্লেটখন আজিও চকুৰ আগত ভাহি উঠে৷

চেঁৱৈ : এই কথাটো আগতে অকবৰ ৱালত ভ্ৰমণ কাহিনীৰ এছোৱাত লিখিছিলোঁ৷ ২০১০চনৰ ২৭চেপ্তেম্বৰত কৰা জীৱনৰ প্ৰথম বিদেশ ভ্ৰমণৰ আকাশী-যাত্ৰাত সমুদ্ৰপৃষ্ঠৰ পৰা ৩৫,০০০ফুট উচ্চতাত জেট এয়াৰৱেজৰ সুন্দৰী পৰিচাৰিকাই যোগান ধৰা সেই চেঁৱৈবাটিৰ সোৱাদ সঁচাকৈয়ে আছিল আগতে কাহানিও নোপোৱা ধৰণৰ, কাহানিও পাহৰিব নোৱাৰা ধৰণৰ৷ লাগি আছে জিভাত৷

ভোগালীৰ পৰম্পৰাগত জা-জলপানখিনি মই ভাল পাওঁ৷ নকৈ নোৱাৰোঁ, আৰু এটা বস্তুৰ প্ৰতি মোৰ দুৰ্বলতা আছে৷ সেয়া হৈছে মাহ-প্ৰসাদ, যাক মই দেৱতাৰ খাদ্য বুলি কওঁ আৰু আনন্দেৰে খাওঁ৷
প্ৰেম

নিজকে নিজে চিনি পোৱাৰ উপলব্ধিয়েই প্ৰেম৷ প্ৰেম মানেই দায়িত্ব৷ নিজক উপলব্ধি কৰি চিৰনিত্য, অজেয়, অমৰ নিজত্বৰ নিৰ্দেশত দেহ-মন সংযত কৰি দৈহিক আৰু মানসিক স্বাৰ্থ ত্যাগ কৰাৰ দায়িত্ব৷ এই দায়িত্বৰ শিখাই প্ৰেমৰ শিখা৷ এই দায়িত্বৰ উপলব্ধিয়েই প্ৰেমৰ উপলব্ধি৷ প্ৰেমে মানুহক মনুষ্যত্ব, মানৱিকবোধ আৰু ভাল কৰ্মৰ প্ৰতি উদ্বুদ্ধ কৰে৷ সঁচা প্ৰেম সৃজনীশীল আৰু গঠনমূলক৷ ই যত্ন, সন্মান, দায়িত্ব আৰু গভীৰ ভালপোৱাৰ লগত জড়িত৷ প্ৰেম এনে এক ৰীতি যি বুকুখন উজাৰি দেখুৱাই দিব পাৰে৷ প্ৰেমত সদায় সুস্থ চিন্তা, সুস্থ ভয় আৰু সুস্থ লাজ নিহিত হৈ থাকে৷ মানসিক ভাৰসাম্য ৰক্ষা কৰি প্ৰেমক যদি জীৱনৰ সফলতাৰ ইন্ধন বুলি গণ্য কৰা যায়, তেন্তে ই সহায়কাৰক৷ প্ৰেমে জীৱনৰ প্ৰতি মূল্যবোধৰ মানদণ্ড নিৰূপণ কৰে৷ সঁচা প্ৰেম এনে এক অনুভূতি যি সমস্ত জীৱন আৱৰি থাকে৷ সঁচা মৰম ভাষাৰে প্ৰকাশ কৰা নাযায়৷ তেনে মৰমৰ পৰিসীমাও নাই৷ ভালপোৱা কৰ্মই এনে ভালপোৱা জীয়াই ৰাখে৷ পৰিপক্ক মগজুৱেহে সঁচা প্ৰেম কৰিব পাৰে৷ সেয়ে প্ৰেমৰ বাবে মগজু পৰিপক্ক হোৱা অতি প্ৰয়োজন৷

প্ৰেমৰ মাজেৰে হোৱা উপলব্ধিৰ জৰিয়তে এটা মনে আন এটা মনৰ ওচৰলৈ বৰকৈ যাব বিচাৰে৷ বিচৰা মনটো এটা বিশেষ দেহত থাকে বাবেই দেহটোৰ ওচৰলৈ যাব বিচাৰে৷ প্ৰিয়জনেই সৰ্বশ্ৰেষ্ঠ বন্ধু, সাৰথি আৰু পথ প্ৰদৰ্শক হৈ পৰে৷ সেয়েহে প্ৰিয়জনৰ প্ৰতি ইমান অনুৰাগ হয়৷ অভিন্ন ব্যক্তিগত ৰুচিবোধ, সুন্দৰ বুজাবুজি আৰু চাৰিত্ৰিক বৈশিষ্ট্যই এটা সময়ত দুটি ভিন্ন দেহ, ভিন্ন মন, ভিন্ন সত্বাক এক কৰে৷ প্ৰিয়জনক জীৱনসংগী হিচাপে আদৰি লোৱা হয়৷ হৃদয়ৰ নিভৃততম কোণত জন্ম লাভ কৰা এই মানসিক বন্ধনতহে প্ৰেম সাৰ্থক হয়৷ ভালপোৱাত যদি ত্যাগ থাকে তেন্তে প্ৰেম সফল হয়৷ সকলো দিশতে মনৰ বা দৃষ্টিভংগীৰ মিল থাকিলে কল্পনাতীত সুখ পোৱা যায়৷ বিশ্বাসেই প্ৰেমৰ মূল যি হেৰালে সৰ্বস্ব হেৰায়৷

প্ৰেমৰ পৰিণতি বিবাহ বুলি ভবা হয় যদিও আৱেগিক প্ৰেমৰ ক্ষেত্ৰতহে প্ৰেমৰ যৱনিকা বিবাহ৷ মহৎ প্ৰেমৰ বেলিকা যৱনিকাৰ কোনো প্ৰশ্নই নাহে৷ ই অজৰ-অমৰ৷ প্ৰেমৰ অন্তত বিবাহতকৈ প্ৰেমেৰে জীৱন সম্বন্ধে কিমান উপলব্ধি হল সেইটোহে ডাঙৰ কথা৷ প্ৰেমৰ লক্ষ্য হব লাগে পাৰস্পৰিক বুজাবুজিৰে প্ৰকৃত জীৱনবোধ উপলব্ধি কৰা৷ প্ৰেমৰ প্ৰকৃত সৌন্দৰ্য ত্যাগতহে, উপভোগত নহয়৷ ত্যাগযুক্ত প্ৰেমহে শ্ৰেষ্ঠ৷ প্ৰকৃত প্ৰেমৰ পথো কাঁইটীয়া, সেন্দূৰীয়া নহয়৷ বৈচিত্ৰ্যময় সংঘাত আৰু দ্বন্দ্বৰ মাজেদি প্ৰেমৰ মহত্ত্ব প্ৰকাশ পায়৷ প্ৰেমৰ ফলস্বৰূপে আত্মসন্মান, ব্যক্তিগত সন্মানবোধ, জীৱন সম্বন্ধে স্পষ্ট ধাৰণা, মূল্যবোধ, কৰ্তব্যবোধ ইত্যাদি শিকা হয়৷ জীৱনক মূল্য দিবলৈ শিকাই প্ৰেমে৷ প্ৰেমে কাৰ্যদক্ষতা বঢ়ায়৷ কাৰ্যদক্ষতা বাঢ়িলে ফলাফল ধনাত্মক হয়৷ প্ৰেমৰ জৰিয়তে লাভ কৰা নিভাঁজ মৰমখিনিক নিজৰ উন্নতিৰ জখলাত উঠাৰ, নিজকে নিজে গঢ়াৰ শক্তিৰ উৎস বা অনুপ্ৰেৰণা হিচাপে লব পৰাটো ডাঙৰ কথা৷ আশাৰ ক্ষন্তেকীয়া বালিঘৰ সাজিবলৈ এৰি বা সস্তীয়া আৱেগৰ বশৱৰ্তী হৈ কল্পনাৰ ৰং-চঙীয়াত উটি-ভাহি নুফুৰি ভালপোৱা স্থায়ী কৰিবলৈ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি, অনুপ্ৰেৰণাক আশিস হিচাপে লৈ নিজৰ জীৱনক এক বলিষ্ঠ, সুন্দৰ, কৰ্মময় ৰূপত সজাই-পৰাই তুলিবৰ বাবে সন্মুখীন হব লগা সকলো ধৰণৰ সম্ভাব্য কষ্ট আৰু ত্যাগক হাঁহিমুখে স্বীকাৰ কৰিব পৰা মানসিকতাৰ অধিকাৰী হলেহে প্ৰেমৰ প্ৰকৃত মূল্যায়ন হয়, প্ৰেমে পূৰ্ণতা পায়৷ প্ৰিয়জনৰ মৰম আৰু আশিসেৰে ধন্য হৈ জীৱন সংগ্ৰামত সাহসেৰে একনিষ্ঠভাৱে ব্ৰতী হৈ জীৱনটো মহীয়ান কৰিবলৈ অহৰহ চেষ্টা কৰা উচিত৷ অকণমান সঁচা মৰমে জীৱন সংগ্ৰামৰ কঠোৰতম পথত কিঞ্চিৎমাত্ৰ হলেও আশাসঞ্চাৰী আলোক উদ্ভাসিত কৰি ৰাখে৷ স্বাৰ্থজড়িত প্ৰেমে জীৱন যান্ত্ৰিক, কেৰোণ লগা আৰু পংগু কৰি তোলে৷ নিস্বাৰ্থ প্ৰেমহে আদৰণীয়৷ অশেষ ত্যাগ আৰু সাধনাৰে ঈৰ্ষা, বিৰহ, প্ৰত্যাখ্যান, মোহভংগ আৰু প্ৰেমৰ অন্যান্য আনুষংগিক যন্ত্ৰণাক হজম কৰি পৰিকল্পিত ৰূপত ব্যৱহাৰ কৰিব পাৰিলে পূৰ্ণমানৱ হোৱা যায়৷

যিজন মানুহে লোকক নিস্বাৰ্থভাৱে ভাল পায়, সহায় কৰে, নিজৰ জীৱন ক্ষুণ্ণ কৰিও বিপদত এৰা নিদিয়ে, সত্যৰ কাৰণে যুঁজিবলৈ বদ্ধপৰিকৰ, নিজৰ স্বাৰ্থক তুচ্ছ জ্ঞান কৰে, যিজনৰ অন্তৰ সদায় সহজ-সৰল আৰু আনৰ বাবে দয়াশীল সেইজনেই ভাল মানুহ৷ প্ৰকৃত প্ৰেমে ভাল মানুহ সৃষ্টি কৰিব পাৰে৷

(ৰচনা ১৭.৫.১৯৯৫)
প্ৰটিন আৰু আমাৰ প্ৰটিনহীনতা


সাধাৰণ নিৰোগী জীৱন যাপনৰ বাবে মানৱ দেহক ৬ প্ৰকাৰৰ খাদ্যৰ আৱশ্যক৷ সেয়া হৈছে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ আৰু পানী৷ কাৰ্বহাইড্ৰেট আৰু চৰ্বিয়ে শাৰীৰিক কাৰ্যসমূহৰ বাবে প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে৷ ভিটামিন, খনিজ আৰু পানীয়ে কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ কাৰ্যত সহায় কৰে৷ তেনেহলে প্ৰটিনৰ কাম কি? প্ৰটিনৰ কাম হল দেহৰ গঠন৷ পেশী, হাড়, তেজ, ছালৰ পৰা আৰম্ভ কৰি হৰমোন, পাচক ৰস আৰু অন্যান্য দৈহিক ৰসসমূহৰ গঠনত প্ৰটিনে মুখ্য ভূমিকা গ্ৰহণ কৰে৷ এই গঠন প্ৰক্রিয়া এককালীন প্ৰক্রিয়া নহয়৷ সমগ্ৰ জীৱন কালত ই সংঘটিত হৈ থাকে৷ উদাহৰণ স্বৰূপে লোহিত ৰক্ত কণিকাৰ কথা উল্লেখ কৰিব পাৰি৷ লোহিত ৰক্ত কণিকাৰ জীৱন কাল হল ১২০দিন৷ কিন্তু প্ৰটিনে নিয়মিতভাৱে ইয়াক গঠন কৰি থাকে৷ দেহৰ পেশী, ছাল আদিৰ ক্ষেত্ৰতো প্ৰটিনে একে ধৰণে কাম কৰে৷ সেয়ে এজন মানুহক দেহৰ গঠন আৰু প্ৰতিপালনৰ বাবে জীৱনজুৰি প্ৰটিনৰ আৱশ্যক হয়৷ পৰিপাকৰ পৰা বংশবৃদ্ধিলৈ, তেজৰ গঠনৰ পৰা খমলা বন্ধালৈ প্ৰটিন অবিহনে দেহৰ প্ৰতিটো কাৰ্যই ব্যৱহাৰিকভাৱে ততালিকে বন্ধ হব পাৰে৷

প্ৰটিন দৰাচলতে কি...
মূলতে প্ৰটিন হৈছে এমিন এচিডৰ সমূহ৷ ২৩বিধ এমিন এচিডৰ পৰা সংযোগ-বিন্যাসৰ জৰিয়তে সহস্ৰাধিক প্ৰটিন অণুৰ সৃষ্টি হয়৷ যেনেকৈ শব্দ আৰু আখৰ৷ ইংৰাজী বৰ্ণমালাত মুঠ আখৰ আছে ২৬টা, কিন্তু ইয়াৰ দ্বাৰা হাজাৰ-বিজাৰ শব্দৰ সৃষ্টি হয়৷ আনহাতে আখৰৰ অবিহনে শব্দৰ সৃষ্টি অসম্ভৱ৷ তেনেদৰে শৰীৰক ইয়াৰ নৈমিত্তিক কাৰ্য সাধনৰ বাবে হাজাৰবিধ প্ৰটিনৰ আৱশ্যক হয় যিবিলাক ২৩টা এমিন এচিডৰ দ্বাৰা সৃষ্টি কৰাটো সম্ভৱ৷ এই ২৩বিধ এমিন এচিড দেহক বাহিৰৰ পৰা যোগান ধৰিব নোৱাৰি৷ এমিন এচিডৰ সংযোগ-বিন্যাসৰ জৰিয়তেই সৃষ্টি হব লাগিব৷ যিদৰে আমি শব্দ গঠনৰ বাবে ২৬টা বৰ্ণ মগজুক যোগান ধৰোঁ, তেনেকৈ দেহক প্ৰয়োজন হোৱা প্ৰটিনৰ বাবে ২৩বিধ এমিন এচিড যোগান ধৰিব লগা হয়৷ প্ৰকৃতাৰ্থত প্ৰটিন আৱশ্যকমতে পাবলৈ আমাক ৯-১০বিধ এমিন এচিড লাগে৷ ইয়াক কোৱা হয় অত্যাৱশ্যকীয় এমিন এচিড৷ ইহঁতে অন্যান্য এমিন এচিডৰ সহায়ত প্ৰয়োজনীয় প্ৰটিন উৎপাদন কৰে৷ গতিকে আমি আমাৰ খাদ্যৰ জৰিয়তে বাহিৰৰ পৰা দেহক এই অত্যাৱশ্যকীয় এমিন এচিড যোগান ধৰিব লগা হয়৷ আনহাতে মানৱ শৰীৰে পোনপটীয়াকৈ প্ৰটিন নিবিচাৰে, বৰং নিৰ্দিষ্ট পৰিমাণৰ এমিন এচিডহে বিচাৰে৷

খাদ্য আৰু প্ৰটিন...
আমি মাছ, মাংস, কণী, গাখীৰ, শাক-পাচলি ইত্যাদি খাওঁ৷ আমাৰ খাদ্যদ্ৰব্যসমূহত ভিন্নতা অনুপাতে ভিন ভিন ধৰণৰ আৰু ভিন ভিন পৰিমাণৰ এমিন এচিড পোৱা যায়৷ এইবোৰেই আমাক লগা প্ৰটিনৰ উৎস৷ সঠিক দেহ গঠন, প্ৰতিপালন আৰু কাৰ্যকলাপৰ বাবে আমাৰ দেহক সকলো প্ৰকাৰৰ প্ৰয়োজনীয় এমিন এচিড উপযুক্ত পৰিমাণত যোগান ধৰা উচিত৷ সুষম বা সমতুল আহাৰত এইখিনি পাব পাৰি৷

দেহটোক কাৰ্যক্ষম কৰি ৰাখিবলৈ মানুহক প্ৰতিদিনে গ্ৰাম পৰিমাণত নিজৰ ওজনৰ সমান প্ৰটিন লাগে৷ অৰ্থাৎ, এজন মানুহৰ ওজন যদি ৪০কিলগ্ৰাম হয় তেওঁৰ প্ৰতিদিনে লগা প্ৰটিনৰ পৰিমাণ হব ৪০গ্ৰাম৷ আনহাতে সন্তানসম্ভৱা নাৰী, বাঢ়ি অহা শিশু, ৰুগীয়া মানুহক দিনৌ সৰহ পৰিমাণত প্ৰটিন দৰকাৰ৷ গড় হিচাপে মানৱ দেহক নিতৌ ৬০-৭০গ্ৰাম প্ৰটিনৰ আৱশ্যক হয়৷ গৱেষণাৰ পৰা পোৱা গৈছে যে ৬০-৭৫গ্ৰাম প্ৰটিনে উপযুক্ত পৰিমাণে দেহক দিনে প্ৰয়োজন হোৱা এমিন এচিড (২৫০-১১০০মিলিগ্ৰাম) যোগান ধৰে৷ এই প্ৰটিন আমি খোৱা খাদ্যবস্তুত অন্তৰ্নিহিত এমিন এচিডৰ যোগেদি শৰীৰক দিয়া হয়৷

এইটো দুৰ্ভাগ্যজনক যে আমি খোৱা এনে কোনো এটা বস্তু নাই যি সকলো ধৰণৰ প্ৰটিন দেহক যোগান ধৰিব পাৰে৷ ইয়াৰ কাৰণ হল, খাদ্য অনুপাতে এমিন এচিডৰ পৰিমাণ আৰু ধৰণৰ ভিন্নতা৷ উদাহৰণ স্বৰূপে, নামৰ খাদ্যটোত ৯বিধ অত্যাৱশ্যকীয় এমিন এচিডৰ ৪বিধ থাকিব পাৰে, নামৰ খাদ্যটোত দুবিধ থাকিব পাৰে৷ খাদ্যটোত ৩বিধ থাকিব পাৰে৷ , আৰু তিনিওবিধ খাদ্য মিলিলেহে সমানুপাতিক প্ৰটিনযুক্ত হব৷ সেই কাৰণেই আমাৰ দৈনিক প্ৰটিনৰ প্ৰয়োজন পূৰাবৰ বাবে নানা তৰহৰ খাদ্য খাব লগা হয়৷ কেইবাটাও কাৰকৰ ওপৰত আমাৰ খাদ্য নিৰ্বাচন নিৰ্ভৰ কৰে৷ সেইবোৰৰ ভিতৰত এটা মুখ্য কাৰক হল খাদ্যত থকা এমিন এচিডৰ পৰিমাণ৷

জীৱৰ পৰা পোৱা খাদ্য যেনে মাছ, মাংস, কণী, গাখীৰ আদিত সৰ্বাধিক পৰিমাণত এমিন এচিড থাকে৷ ইয়াৰ পাছতে ছেঁইজাতীয় খাদ্য, টান বাকলিযুক্ত খাদ্য, ধানজাতীয় খাদ্য, শিপাজাতীয় খাদ্য প্ৰটিনেৰে সমৃদ্ধ৷ সেয়ে আমি আমাৰ আহাৰত দৈহিক প্ৰয়োজনাৰ্থে দৈনিক প্ৰয়োজন হোৱা প্ৰটিন পাবলৈ হলে নানা তৰহৰ খাদ্যৰ মিশ্ৰণ গ্ৰহণ কৰা উচিত৷

উপযুক্ত পৰিমাণে প্ৰটিন নাখালে কি হয়...
প্ৰটিনহীনতাৰ অৰ্থ হল গঠনহীনতা, দেহৰ প্ৰতিপালনহীনতা আৰু কাৰ্যক্ষমতাহীনতা৷ দেহক ইয়াৰ প্ৰয়োজন অনুপাতে প্ৰটিনৰ যোগান নধৰিলে প্ৰটিনহীনতাৰ ফলত বিভিন্ন উপসৰ্গই দেখা দিব পাৰে৷ প্ৰটিনৰ অভাৱতে কিছুমান শিশুৱে জন্মতেই নানান পুষ্টিহীনতাত ভোগা পৰিলক্ষিত হয়৷ ক্বাশ্বিয়ৰকৰ, মেৰাচমাচ আদি তেনেই শিশু অৱস্থাত প্ৰটিনৰ অভাৱত দেখা দিয়া কেতবোৰ অৱস্থা যাৰ পৰিণতি ভয়ংকৰ৷ মৃদু বা মধ্যমীয়া প্ৰটিন ঘাটিৰ ফলত জন্মৰ সময়ত ওজন কম, বয়স অনুপাতে ওজন কম, বয়স অনুপাতে উচ্চতা কম, দীৰ্ঘদিনীয়া শক্তিৰ অভাৱ, মানসিকভাৱে ভোদা, চুলি সৰা, ছাল শোতোৰা পৰা, ৰক্তহীনতা, ৰক্তক্ষৰণ সহজে বন্ধ নোহোৱা, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস, কলিজা আৰু কিডনিৰ অসুখ আদি হব পাৰে৷

প্ৰটিনহীনতাৰ কাৰণ...
প্ৰটিনক সামৰি আমি প্ৰায়ে এটা ভুল ধাৰণা মনত লৈ থাকোঁ৷ সেয়া হল খাদ্যত থকা প্ৰটিনৰ পৰিমাণ আৰু প্ৰটিন থকা খাদ্যৰ পৰিমাণ৷ উদাহৰণস্বৰূপে আমি যদি ১০০গ্ৰাম মাংস খাওঁ, আমি ভাবোঁ ১০০গ্ৰাম প্ৰটিন খালোঁ বুলি৷ এইটো ভুল ধাৰণা৷ দৰাচলতে তেনে নহয়৷ আমি খোৱা দুকাপ গাখীৰ (৩০০মিলিলিটাৰ)ত ২০গ্ৰামহে প্ৰটিন পোৱা যায়৷ এটা কণীত ৬গ্ৰাম প্ৰটিন থাকে৷ ৩৫গ্ৰাম মাছ বা মুৰ্গী বা ছাগলীৰ মাংসত ৭.৫গ্ৰাম প্ৰটিন পাওঁ৷ মধ্যমীয়া জোখৰ এটা আলুত ৩গ্ৰাম আৰু এটা কমলাত ১গ্ৰাম প্ৰটিন থাকে৷ গতিকে খাদ্যৰ ওজন আৰু প্ৰটিনৰ পৰিমাণ একে নহয়৷ এনে ভুল ধাৰণাৰ ফলত আমি আমাৰ অজানিতে প্ৰটিনহীনতাত ভুগিব পাৰোঁ৷

সকলো খাদ্যত সকলো ধৰণৰ এমিন এচিড নাথাকে৷ দিনৌ প্ৰয়োজন হোৱা এমিন এচিডখিনি পাবলৈকে আমি বিভিন্ন ধৰণৰ খাদ্য খাবলগীয়া হয়৷ উদাহৰণ স্বৰূপে মধ্যমীয়া জোখৰ ১০টা আলু খালে ৩০গ্ৰাম প্ৰটিন পোৱা যাব কিন্তু তাত ৯বিধ অত্যাৱশ্যকীয় এমিন এচিড উপস্থিত নাথাকিবও পাৰে৷ আধুনিক জীৱন-যাত্ৰাত মানুহে গ্ৰহণ কৰা ফাষ্ট ফুড, টিনত থকা আহাৰ যেনে কোলা, চৰ্বত; জাংক ফুড যেনে চিপ্‌চ ইত্যাদিয়ে সৰহ পৰিমাণৰ কেলৰি যোগান ধৰিলেও গুণগত দিশত সেইবোৰত থকা প্ৰটিনৰ পৰিমাণ নিচেই কম৷ তদুপৰি মাদক দ্ৰব্য যেনে মদ, চিগাৰেট আদি সেৱনকাৰীয়ে নিজৰ অজ্ঞাতে প্ৰটিনহীনতাত ভুগিব পাৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷

নিৰামিষভোজীসকলে মাছ-মাংস আদি গ্ৰহণ নকৰাৰ বাবে আন উৎসৰ পৰা যদি প্ৰয়োজনীয় প্ৰটিনৰ চাহিদা পূৰণ নকৰে তেন্তে প্ৰটিনহীনতাত ভুগিব পাৰে৷ সৰহ আৰু উচ্চ গুণবিশিষ্ট প্ৰটিন থকা খাদ্যদ্ৰব্যৰ মূল্যও বেছি হয়৷ এইখিনিতে আৰ্থিক দিশটোৰ কথাও আহি পৰে৷

এজন মানুহৰ উচ্চ গুণবিশিষ্ট প্ৰটিনযুক্ত খাদ্য ক্রয় কৰাৰ সামৰ্থ থাকিলেও গ্ৰহণ কৰাৰ ক্ষমতা নাথাকিব পাৰে৷ উদাহৰণ স্বৰূপে ৩০০গ্ৰাম মুৰ্গী বা ছাগলীৰ মাংস বা ২০-২৫টা কণী দৈনিক খালে হিচাপ অনুযায়ী নিত্যপ্ৰয়োজনীয় প্ৰটিনখিনি নিঃসন্দেহে পোৱা যাব৷ কিন্তু প্ৰশ্ন হল ইমানখিনি খাদ্য খাব পাৰিবনে? আৰু সেয়ে প্ৰটিনহীনতাই দেখা দিয়ে৷

কোনোবাই ওপৰত উল্লেখ কৰা ধৰণৰ খাদ্য দৈনিক খাব পাৰিবও পাৰে৷ তথাপিও কিন্তু বিপদ নোহোৱা নহয়৷ কাৰণ প্ৰটিনযুক্ত খাদ্যত কেৱল প্ৰটিনেই নাথাকে, অন্য এবিধ দ্ৰব্যও থাকে৷ সেয়া হৈছে চৰ্বি৷ দেহত যদি প্ৰয়োজনাধিক পৰিমাণৰ চৰ্বিৰ যোগান ধৰা হয় ই অন্য বেমাৰৰ কাৰক হৈ পৰে৷ অধিক পৰিমাণে চৰ্বিযুক্ত খাদ্য ভক্ষণ কৰাৰ ফলত কলেষ্টৰেল বৃদ্ধি হয়৷ ফলত হাৰ্টৰ বেমাৰ, উচ্চ ৰক্তচাপ, ষ্ট্ৰক আদি হয়, ডায়েবেটিচ ৰোগ বৃদ্ধি হয়৷ সেইবাবে সীমাহীন পৰিমাণত মাংস বা কণী খাব নোৱাৰি৷ আনহাতে ওপৰত কোৱা বেমাৰসমূহ দেখা দিলে চৰ্বিযুক্ত আহাৰ বৰ্জন কৰাটো বাধ্যতামূলক হৈ পৰে যাৰ ফলস্বৰূপে দেহলৈ প্ৰটিনৰ যোগান বাধাপ্ৰাপ্ত হয়৷ বহুতো লোকৰ কিছুমান বিশেষ খাদ্য গ্ৰহণ কৰিলে এলাৰ্জী হয়৷ ফলত তেনে খাদ্য বৰ্জন কৰিব লগা হয়৷ তেওঁলোকে নিজৰ অজানিতে সেই সেই খাদ্যত থকা প্ৰটিনৰ পৰা বঞ্চিত হয়৷ এনেদৰে বিভিন্ন কাৰণত আমি প্ৰটিনহীনতাত ভোগো, অথচ তাক নিজেও গম নাপাওঁ৷

(২জুলাই ২০০৩ তাৰিখে 'নতুন দৈনিক' কাকতত প্ৰকাশিত)