Wednesday, 12 March 2014

ব্ৰাজিল এইবাৰ কিয় চেম্পিয়ন হ'ব?
বিশ্বকাপৰ আগে আগে অলপমান ব্ৰাজিল-বন্দনা

আয়োজনকাৰী দেশ বুলিহে যে ব্ৰাজিল এইবাৰৰ বিশ্বকাপলৈ কোৱালিফাই হৈছে তেনে নহয়৷ যি ৬খন প্ৰীতি খেল ব্ৰাজিলে ইতিমধ্যে খেলিছে আটাইকেইখনতে তেওঁলোকেই জয়লাভ কৰিছে৷ Australiaক ৬-০ত, Portugalক ৩-১ত, Korea Republicক ২-০ত, Zambiaক ২-০ত, Hondurasক ৫-০ত আৰু Chileক ২-১ত হৰুৱাইছে ব্ৰাজিলে৷ 

আনহাতে এই ৬খন প্ৰীতি খেলত জিকাৰ বাবেহেযে ব্ৰাজিলে বিশ্বকাপ খেলিবলৈ পাইছে সেইটোও নহয়৷ ব্ৰাজিলে Confederations Cup 2013 জয় কৰিছে স্পেইনক ৩-০ত হৰুৱাই৷ ব্ৰাজিলৰ হাতত ধৰাশায়ী হৈছে ফিফা ৰেংকিঙৰ ১নম্বৰ দলটোৱেই৷

আয়োজনকাৰী দেশ বাবেইহেযে ব্ৰাজিল এইবাৰ বিশ্বকাপৰ Favourite, কেৱল সেইটোৱেই নহয়৷ ঘৰুৱা খেলপথাৰ আৰু সন্মুখত ঘৰুৱা দৰ্শক, সেয়া নিশ্চয় দুটা ডাঙৰ Plus-point৷ কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ব্ৰাজিলৰ এইবাৰ আছে এক প্ৰচুৰ শক্তিশালী দল৷ 

আনহাতে এইটো ঠিক যে পূৰ্বৰ বিশ্বকাপসমূহৰ দৰে ব্ৰাজিল দলত এইবাৰ Cafu বা Ronaldo বা Romario বা Roberto Carlosৰ দৰে একোজন বিশাল তাৰকা খেলুৱৈ নাথাকিব৷ কিন্তু আছে প্ৰচুৰ দলীয় সংঘবদ্ধতা৷ আৰু আছে বিশ্ব-পৰ্যায়ৰ, সম্প্ৰতি ফৰ্মত থকা বহুকেইজন ফুটবলাৰ৷ উচ্চ পৰ্যায়ৰ আক্রমণ আৰু ৰক্ষণেৰে সমৃদ্ধ ব্ৰাজিল৷ মিডফিল্ডো সমানেই শক্তিশালী৷ গতিকে প্ৰতিদ্বন্দ্বী যিকোনো দলৰ বাবে কঠিন হ'ব এই দুৰ্জেয় বেহু ভেদ কৰি ব্ৰাজিলৰ বিপক্ষে গ'ল কৰাটো৷

এইবাৰ বিশ্বকাপত খেলিবলগীয়া ব্ৰাজিলৰ টীমটোৰ উজ্জ্বল তাৰকাজন হৈছে Neymar, যি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নামত ফিল্ডত নামিব৷ গ'ল্ডেন বুটৰো যি চূড়ান্ত দাবীদাৰ৷ ব্ৰাজিলৰ তিনিজন Key Player হৈছে... ডিফেণ্ডাৰ Dani Alves ব্ৰাজিলিয়ান ডিফেন্সৰ যি সেনাপতি, মিডফিল্ডাৰ Oscar যি এজন পটু Playmaker আৰু আক্রমণ তথা প্ৰতিৰক্ষা উভয়তে সুন্দৰ খেলে আৰু ফ'ৰৱাৰ্ড Neymar যি এজন চাঞ্চল্যকাৰী ষ্ট্ৰাইকাৰ, ব্ৰাজিলৰ আক্রমণৰ গুৰি ধৰোঁতা আৰু বিশ্বকাপৰ সম্ভাব্য Superstar৷

Neymar হৈছে সকলোতকৈ ডাঙৰ ব্ৰাজিলিয়ান শক্তি, যি 'Soccer Power-house' বাৰ্চিলোনাৰ নিৰ্ভৰযোগ্য খেলুৱৈ৷ এই শক্তিক অহৰহ কাৰ্যক্ষম কৰি তুলিবৰ বাবে দলত আছে বিশ্ব পৰ্যায়ৰ প্ৰতিভাধৰ প্ৰবীণ খেলুৱৈ Hulk, David Luiz, Thiago Silva আদি৷ আৰু লগত Lucas Moura, Paulinho আদি যুৱ-প্ৰতিভা৷ অন্য এক ব্ৰাজিলিয়ান তাৰকা Ronaldinhoৰ উপৰি আগমন ঘটিব পাৰে Fernandinhoৰ৷ মুঠৰ ওপৰত ইমানেই প্ৰতিভাশালী খেলুৱৈৰ পয়োভৰ ব্ৰাজিল দলত এইবাৰ ঘটিছে যে প্ৰশিক্ষক-মেনেজাৰ Felipe Scolariৰ পক্ষে দলটোৰ মূল ১১জন খেলুৱৈৰ নাম নিৰ্দিষ্ট কৰাই কঠিনসাধ্য কাম হৈ পৰিছে৷ বিশাল অভিজ্ঞতাৰ গৰাকী Scolariৰ তত্ত্বাৱধানত দেশে বিশ্বকাপ পুনৰবাৰ ঘূৰাই আনিব পাৰিব বুলি ব্ৰাজিলিয়ানসকলে যোগাত্মক তথা আনন্দপূৰ্ণ ক্ষণ প্ৰতি মুহূৰ্ততে গণি আছে৷ 

সেয়েহে ফিফাৰ ৰেংকিঙত স্পেইনে শীৰ্ষস্থান লাভ কৰিলেও, জাৰ্মানীয়ে দ্বিতীয়, আৰ্জেণ্টিনাই তৃতীয় বা কলম্বিয়াই চতুৰ্থ স্থান দখল কৰিলেও, বেলজিয়ামক Dark Horse আখ্যা দিলেও আগন্তুক বিশ্বকাপত কিন্তু ব্ৰাজিলহে 'Big favourite'৷ আন্তৰ্জাতিক প্ৰেক্ষাপটৰ আগতীয়া ফুটবল সমীক্ষাসমূহেও ঘৰুৱা দলটোৰ খিতাপ জয়ৰ সপক্ষেই কৈছে৷ ২০১৪ৰ ব্ৰাজিল বিশ্বকাপক নিঃসন্দেহে এক ইতিহাস হিচাপে বিশ্বই মনত ৰাখিব বুলি দ্বিধাহীনভাৱে একমত প্ৰকাশ কৰিছে বহুগৰাকী সমীক্ষকে৷

ব্ৰাজিল বিশ্ব-চেম্পিয়ন হোৱাৰ আৰু এটা সুযোগ হল, বিগত দুটা বিশ্বকাপৰ বিজয়ী ইটালী আৰু স্পেইন দলত যুৱ খেলুৱৈৰ অন্তৰ্ভুক্তি তেনেকৈ হোৱা নাই, যিটো ব্ৰাজিলৰ জাতীয় দলটোত দেখা গৈছে৷ এই যুৱশক্তিয়েই ব্ৰাজিলৰ জয়লাভৰ আধাৰ গঢ়িব বুলি আশা কৰা হৈছে৷ ২০১৪ৰ গ্ৰীষ্মত সকলোৰে দৃষ্টি নিবদ্ধ হব ব্ৰাজিলত, যি সপ্তমখন আয়োজনকাৰী দেশ হিচাপে বিশ্বকাপ বিজয়ী হব, ফ্ৰান্স ১৯৯৮ৰ পিছত পুনৰবাৰ৷

No comments:

Post a Comment