হাস্যৰসিক বেজবৰুৱা
ঊনবিংশ শতিকাৰ প্ৰথম ভাগত বংগদেশত জাতীয় চেতনাৰ
স্ফুৰণ ঘটাৰ সময়তে লক্ষ্মীনাথ বেজবৰুৱা আৰু তেখেতৰ সতীৰ্থসকল উপস্থিত হৈছিল গৈ বংগত৷
বংগৰ সময় তেতিয়া সংঘাত-সময়ৰ সময়৷ এফালে গঢ় লৈছে বিভিন্ন প্ৰকাৰ জনগোষ্ঠীসমূহে৷ জন্মহৈছে
বিভিন্ন প্ৰকাৰৰ চিন্তা-ভাবনা, ধ্যান-ধাৰণাৰ৷ আনফালে পাশ্চাত্য সাহিত্য-শিল্প-সংস্কৃতি-দৰ্শন৷
ইউৰোপীয় সাহিত্য আৰু বংগীয় নৱজাগৰণৰ তেনে এক সন্ধিক্ষণতে বংগত উপস্থিত হৈও বেজবৰুৱা
আৰু তেখেতৰ সংগীসকলে সঠিক কৰ্মক্ষেত্ৰ বাছি উলিয়াই সঠিকভাৱেই নিজৰ পথত ভৰি দিছিল৷ সেয়ে
তেখেতৰ চিন্তাধাৰাত তিনি ঘাই সুঁতিৰ প্ৰভাৱ স্পষ্টকৈ পৰিলক্ষিত হয়৷ ঐতিহ্যৰ পৰা ভাববাদী
দৃষ্টিভংগী, পশ্চিমৰ পোৱা মানৱিকবাদী দৃষ্টিভংগী আৰু স্বদেশপ্ৰেম৷ সকলোবোৰ দিশেই সফল
অভিব্যক্তি লভিছিল বেজবৰুৱাৰ ব্যক্তিত্বত৷ যাৰ ফলত তেখেতক যুগৰ প্ৰতিনিধি বুলিব পাৰি৷
সংস্কাৰমুক্ততা, উদাৰতা আৰু গভীৰ মানবিক দৃষ্টিভংগী এই তিনিটা গুণে বেজবৰুৱাৰ ব্যক্তিত্বক আধুনিক কৰি ৰাখিছে৷
ঐতিহ্য, আধুনিকতা আৰু দেশপ্ৰেমৰ প্ৰভাৱত লক্ষ্মীনাথ বেজবৰুৱাই সেই সময়টোলৈ চাই ক’বলৈ গ’লে প্ৰৱাসত থাকিও অসমীয়া ভাষা,
সাহিত্য আৰু জাতীয় জীৱনৰ মংগলৰ অৰ্থে হাতত কলম তুলি লৈছিল৷ তেখেতৰ লিখনিত দুই প্ৰকাৰৰ
চৰিত্ৰ দৃষ্টিগোচৰ হয় জাতিটোক নকৈ গঢ়িবৰ বাবে সবল, সৃষ্টিশীল ভূমিকা আৰু জাতীয় জীৱনৰ
দোষ-ক্রটি গুচাবৰ বাবে সমালোচকৰ চৰিত্ৰ৷ সমালোচনাত্মক দৃষ্টিভংগীৰে সামাজিক দুখ-দুৰ্বলতাৰ
প্ৰতি সৰ্তকীকৰণৰ নিমিত্তে তেখেতে কৃপাবৰ বৰুৱা (পিছত বৰবৰুৱা)ৰ হাতত কাপ তুলি দিছিল৷
জোনাকী, উষা, বাঁহী, আৱাহন, অসম বন্তি, মিলন, ন-জোন আদি আলোচনীসমূহত প্ৰকাশ পাইছিল
তেখেতৰ প্ৰবন্ধ৷
অনুকৰণীয় ভাব, শুদ্ধ ভাষা আৰু হাস্যৰস বেজবৰুৱাৰ
সাহিত্যৰ উপাদান আছিল৷ তেখেতৰ হাঁহি, কৌতুক আৰু ব্যংগৰ ভাষা আছিল নিটোল আৰু সুপৰিকল্পিত৷
তেখেতে ভাষাৰ মৰ্যাদা আৰু শালীনতা ৰক্ষা কৰিছিল৷ তেখেতৰ ভাষা, জটুৱা ঠাঁচ আজিও সমানে
সক্রিয় হৈ আছে৷ বেজবৰুৱা হাস্যৰসৰ মাজত লুকাই আছিল গভীৰ দুখবোধ৷ এই দুখবোধৰ উৎস তেখেতৰ
জাতি আৰু সমাজ জীৱন৷ অন্তৰত দুখবোধ থাকিলেও হাঁহিৰ সৃষ্টি হ’ব পাৰে বেজবৰুৱাই তাৰে আৰ্হি
দেখুৱাই থৈ গ’ল৷
ৰসৰাজগৰাকীয়ে সৃষ্টি কৰা হাস্য-ব্যংগাত্মক চৰিত্ৰ
‘কৃপাবৰ বৰবৰুৱা’ বিশ্ব-সাহিত্যৰ কমিক চৰিত্ৰসমূহৰ
ভিতৰত এটা লেখত ল’বলগীয়া চৰিত্ৰ৷ কৃপাবৰ বৰবৰুৱাৰ
সমগোত্ৰীয় চৰিত্ৰ অসমীয়া সাহিত্যত দ্বিতীয় এটা নাই৷ ভাৰতীয় সাহিত্যতো এই চৰিত্ৰ বিৰল
আৰু অতুলনীয়৷ বেজবৰুৱাৰ কৃপাবৰ বৰবৰুৱা একপ্ৰকাৰ অসমীয়াৰ জাতীয় বহুৱাৰ চৰিত্ৰ৷ বহুৱাই
সদায় সমাজৰ মূলসুঁতিৰ পৰা আঁতৰি গৈ ৰস সৃষ্টি কৰি ভাল পায়৷ তাচ্ছিল্য কৰা যেন লাগিলেও
বহুৱাই কৰা তাচ্ছিল্যই অৰ্থ কঢ়িয়াই আনে৷ বেজবৰুৱাৰ কৃপাবৰ বৰবৰুৱাৰ যোগেদি জাতীয় জীৱনৰ
দুখ-ত্ৰুটি, অসামঞ্জস্য-বিসংগতি পৰিষ্কাৰকৈ দাঙি ধৰা হৈছে৷
কৃপাবৰ বৰবৰুৱাৰ ওপৰত ভেটি কৰিয়ে বেজবৰুৱাই হাস্যৰসৰ
সৃষ্টি কৰিছিল৷ তেখেতৰ হাস্যৰস সৃষ্টিৰ কৌশল আছিল পৃথিৱীৰ শ্ৰেষ্ঠ হাস্যৰসিকসকলৰ দৰে
একে৷ সেয়ে তেখেতক গ্ৰীক কমেডিয়ে শ্ৰেষ্ঠ ৰূপ পোৱা এৰিষ্টফেনিছ, বিশ্ববিখ্যাত ব্যংগাত্মক
লিখক ‘গালিভাৰ্ছ ট্ৰেভেল্চ’ৰ ৰচক জনাথন ছুইফ্ট আদিৰ শাৰীত
ধৰিব পাৰি৷ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ
ভাবৰ বুৰবুৰণি (১ম আৰু ২য় খণ্ড), বৰবৰুৱাৰ চিন্তাৰ শিলগুটি, বৰবৰুৱাৰ সাহিত্যিৰ ৰহস্য,
কৃপাবৰ বৰুৱাৰ সামৰণি ইত্যাদিবোৰ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি৷ ইয়াৰে কৃপাবৰ বৰবৰুৱাৰ
কাকতৰ টোপোলাত কৃপাবৰৰ শ্ৰেষ্ঠ ৰূপ ফুটি উঠিছে৷ এইবিলাকৰ বাহিৰেও বেজবৰুৱাই হাস্যৰসিক
কবিতা (পেৰডি), কমিক, ড্ৰামা, চুটিগল্প, প্ৰহসন আদিৰ সৃষ্টি কৰি থৈ গৈছে৷ বেণুধৰ শৰ্মাৰ
মতে ‘সমাজিক’ বেজবৰুৱাৰ শ্ৰেষ্ঠ খুহুটীয়া
ৰচনা৷ ভণ্ডামী, স্ত্ৰী-স্বাধীনতা, বৃদ্ধ-বিবাহ, অন্ধ-বিশ্বাস, অন্ধ-অনুকৰণ, সাংবাদিকতা
ইত্যাদি সামাজিক-ৰাজনৈতিক সমস্যাৰাজিক বিষয়-বস্তু হিচাপে লৈ বেজবৰুৱাই ৰচনা কৰা কৃপাবৰী
সাহিত্যই আজিও বিমল হাস্যৰ খোৰাক যোগায়৷
বৈজ্ঞানিক আৰু আধুনিক মনৰ অধিকাৰী আছিল লক্ষ্মীনাথ
বেজবৰুৱা৷ এটা সংস্কাৰমুক্ত মন লৈ তেখেতে পৰিৱৰ্তনৰ অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস
কৰিছিল হাস্যৰসৰ মাজেদি৷ অসমীয়া সমাজৰ স্খলনবোৰ, জাতিৰ ভণ্ডামীবোৰ হাস্যৰসৰ মাজেদি
ফুটাই তুলি তীব্ৰ কটাক্ষৰে অসমীয়া জাতিক, সমাজক সমালোচনা কৰাৰ লগতে উপলুঙা কৰিছিল৷
সেয়া আছিল তেখেতৰ সমাজ সংস্কাৰৰ কৌশল৷ অসমীয়া জাতিক ৰোগমুক্ত কৰি সুস্থ-সবল কৰি গঢ়ি
তোলাই তেখেতৰ ৰচনাসম্ভাৰৰ মূল উদ্দেশ্য আছিল৷ সমালোচনাৰে তেখেতে অসমীয়া জাতিক বেত্ৰাঘাত
কৰিলেও সেয়া অসমীয়াৰ প্ৰাপ্য৷
বেজবৰুৱাৰ দৃষ্টিৰ সামগ্ৰিকতাই সমগ্ৰ অসমখনকে সামৰি
লৈছিল৷ অসমৰ মানুহ, অসমৰ প্ৰকৃতি, ইয়াৰ ভূগোল-বুৰঞ্জী সকলো দিশতে তেখেতে সূক্ষ্মভাৱে
পৰ্যবেক্ষণ কৰিছিল৷ দেশ বা জাতিৰ স্বাৰ্থত কেতিয়াবা ব্যক্তিক, কেতিয়াবা জাতিক ইতিকিং
কৰিলেও সাধাৰণ মানুহৰ প্ৰতি বেজবৰুৱাৰ আছিল অকৃত্ৰিম ভালপোৱা৷ সাধাৰণ মানুহক তেখেতে
বিদ্ৰুপ কৰা নাছিল৷ বৰঞ্চ নগৰীয়া অল্পশিক্ষিত, নতুন অল্পশিক্ষিত মানুহ; নাগৰিক জীৱনৰ
ভণ্ডামী আৰু পুৰণি কু-সংস্কাৰৰ মাজত নিমজ্জিত মানুহবোৰহে তেখেতৰ আক্রমণৰ লক্ষ্য আছিল৷
অসমৰ মানুহৰ মংগল কামনা, দুখ-দুৰ্দশা-দুৰ্বলতা দূৰ কৰাৰ আকাংক্ষা লেখনীৰ জৰিয়তে তেখেতে
প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উনুকিয়াই থৈ গৈছে৷ বেজবৰুৱাক নজনাকৈ অসমৰ মানুহৰ ভিতৰ-বাহিৰ
ভালকৈ জানিব পৰাটো সম্ভৱপৰ নহয়৷ অসমীয়া সাহিত্যৰ এইগৰাকী মহাৰথীৰ যোগেদি অসমৰ জাতীয়
জীৱনৰ নিশ্বাস অনুভৱ কৰিব পাৰি৷ ঊনবিংশ শতিকাৰ বেজবৰুৱা সেয়েহে অনাগত দিনবোৰতো সমানেই
প্ৰাসংগিক হৈ থাকিব৷
(২৬ মাৰ্চ, ১৯৯৭ খ্ৰীষ্টাব্দ তাৰিখে ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
স্মৃতি দিৱস’ উপলক্ষে ডিফু ক্লাৱত আয়োজিত
বক্তৃতানুষ্ঠানত ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে প্ৰদান কৰা বক্তৃতা আৰু ডঃ নগেন
শইকীয়াদেৱৰ মন্তব্যৰ আলমলৈ যুগুত কৰা হৈছে৷)
(ৰচনা : ৮এপ্ৰিল, ১৯৯৭ খ্ৰীষ্টাব্দ)
No comments:
Post a Comment