Friday, 14 March 2014

ফিলিপিনোৰ কথাৰে...

অকবত প্ৰকাশ পাই থকা, ডাক্তৰ ভূপেন্দ্ৰ শইকীয়া ডাঙৰীয়াৰ কাটাৰৰ ডায়েৰীৰ কোনোবা এটা খণ্ডত পঢ়া মনত পৰে... কাটাৰত বুজনসংখ্যক ফিলিপিনো লোক আছে৷ তেওঁলোকে সমাদৰ পোৱাৰ ঘাই কাৰণবোৰ হল ফিলিপাইনীবিলাকৰ হম চিক্‌নেচ্‌ নাথাকে৷ সুলভ দা-দৰমহাত কাম কৰিবলৈ সাজু হয়৷ নাক চেপেটা হলেও প্ৰায়বিলাকৰ গাৰ বৰণ বগা৷

ফিলিপাইনীবিলাকৰ হম চিক্‌নেচ্‌ নাথাকে মোৰ মনত ৰেখাপাত কৰা এই কথাষাৰৰ প্ৰমাণ পালোঁ, বিগত আঢ়ৈ বছৰে কাটাৰত কৰ্মৰত এগৰাকী ফিলিপাইনী নাৰ্চৰ বিষয়ে, ডায়েৰীৰ অন্য এটা খণ্ডত এইখিনি পঢ়াৰ পিছতেই... দুবছৰত এবাৰ ঘৰলৈ যায়৷ পাঁচমাহ আগতে ঘৰলৈ গৈ প্ৰথম এটি কন্যা সন্তান জন্ম দি ঘূৰি আহি কামত যোগ দিবৰ এমাহ হল৷ আকৌ দুবছৰৰ মূৰতহে ফিলিপাইন্‌চলৈ এমাহৰ ছুটীত যাব৷ চকুপানী টোকা নেদেখিলেও আজৰি সময়ত নিজৰ মবাইলৰ স্ক্ৰীণত নিজৰ চাৰিমহীয়া কেঁচুৱাৰ হাত-ভৰি আচাৰা, কিল্‌বিলোৱা চাই সানা লভা দেখি মুখৰ পৰা ওলাই যাব খোজে এয়েইতো জীৱন!

অন্য এগৰাকী ফিলিপাইনী নাৰ্চৰ কাৰ্যকলাপ সম্বন্ধেও ডায়েৰীৰ পাতৰ পৰাই জানিব পাৰিলোঁ... কাম নাথাকিলে মেশ্বিন বহি থকাৰ দৰে তায়ো শান্ত হৈ থাকে৷ কাম আৰম্ভ হলেই দেখুৱায় যন্ত্ৰবৎ আচৰণ৷ আচৰণ কৰে ঠিক এটা ফটোষ্টেট বা কম্পিউটাৰৰ প্ৰিণ্টাৰৰ দৰে৷

আনহাতে, ফিলিপাইনী অফিচ সহায়িকা এগৰাকীৰ বিষয়েও অৱগত হলোঁ... জমা ছুটী খৰচ হোৱাৰ ভয়ত বিয়াৰ দিনাখনো আগবেলা কামলৈ আহিছিল৷ বিয়াৰ পিছদিনাখনো নিয়মীয়াকৈ কামত যোগদান৷ যেন আগদিনাখন তাইৰ জীৱনত একো ঘটনাই সংঘটিত হোৱা নাই!

শইকীয়া ডাঙৰীয়াৰ সদায় দেখি থকা চৰিত্ৰকেইটাৰ অভিজ্ঞতাসমৃদ্ধ বৰ্ণনাখিনি পঢ়ি ফিলিপাইনীবিলাকক কিবা বেলেগ ধাতুৰে গঢ়া জীৱ যেন লাগি গল৷ ঘৰ-গোনা স্বভাৱৰ বশৱৰ্তী নোহোৱা, মেশ্বিনৰ দৰে কাম কৰাত অভ্যস্ত, কামৰ মাজত কোনো ধৰণৰ মানৱীয় অনুভূতিয়ে ক্রিয়া নকৰা, মিতব্যয়ী চিন্তাপুষ্ট ফিলিপিনোসকলৰ জীৱন সম্পৰ্কীয় কথাবোৰ জানিবলৈ বৰ মন যায়৷


No comments:

Post a Comment