শিক্ষানুষ্ঠানৰ আলোচনী
প্ৰতিভা জাগ্ৰত হ’বলৈ মাধ্যমৰ দৰকাৰ৷ ছাত্ৰাৱস্থাত
পাঠ্যপুথিৰ জ্ঞান আহৰণৰ ওপৰতেই সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয় যদিও পাঠ্যক্রমপ্ৰদত্ত
শিক্ষাৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীৰ মাজত সুপ্ত অৱস্থাত থকা প্ৰতিভাৰ জাগৰণ আৰু বিকাশৰ
উদ্দেশ্যে খেল-ধেমালি, নৃত্য-গীত, অভিনয়, তৰ্ক, বক্তৃতা, আবৃত্তি, কুইজ, চিত্ৰাংকন,
সমাজ-সেৱা, কৰ্ম-অভিজ্ঞতা, প্ৰাচীৰ-পত্ৰিকা, মেজ-পত্ৰিকা ইত্যাদি মাধ্যমসমূহো সমানেই
আৱশ্যকীয় বুলি স্বীকৃত৷ জীৱন গঢ়াৰ কমাৰশালত বিদ্যাৰ্জনৰত বিদ্যাৰ্থীসকলৰ অন্তৰিন্দ্ৰিয়
ভাবত নিহিত আবেগ-অনুভৱ, আলোড়ন-অনুৰাগ, কল্পনা-যুক্তিযুক্ততা, আশা-আকাংক্ষা, চিন্তা-প্ৰজ্ঞা,
উদ্ভাৱনী বুদ্ধিৰ বহিঃপ্ৰকাশ আৰু প্ৰতিপালনৰ অন্য এক প্ৰয়োজনীয় মাধ্যম হ’ল শিক্ষানুষ্ঠানৰ আলোচনী৷
অন্তৰ্মুখী প্ৰচ্ছাদন আঁতৰাই ছাত্ৰ-ছাত্ৰীৰ ৰুদ্ধ
কণ্ঠস্বৰ মুক্ত কৰে শিক্ষানুষ্ঠানৰ আলোচনীয়ে৷ ব্যক্তিগত সাহিত্যিক প্ৰতিভাৰ স্বতঃস্ফূৰ্ত
স্ফুৰণ ঘটায় শিক্ষানুষ্ঠানৰ আলোচনীয়ে৷ উদ্ভাৱিকা শক্তিক পৰিপুষ্টি প্ৰদান কৰি নব্য
সৃষ্টিৰ তাড়নাৰে ছাত্ৰ-হৃদয় চঞ্চল কৰি তোলে শিক্ষানুষ্ঠানৰ আলোচনীয়ে৷ ইয়াত প্ৰকাশিত
লেখনীৰ মাধ্যমেদিয়ে এচাম ছাত্ৰ-ছাত্ৰীয়ে সাহিত্যৰ বিশাল জগতখনত ভুমুকি মৰাৰ সুযোগ পায়৷
শিক্ষানুষ্ঠানৰ আলোচনী বা মুখপত্ৰক সেয়ে সাহিত্যৰ পৃথিৱীৰ প্ৰৱেশ দ্বাৰ বুলিব পাৰি৷
বিদ্যানুষ্ঠানৰ আলোচনীৰ পাততে ছাত্ৰ সম্প্ৰদায়ে
শব্দৰ খেতি-খোলা আৰম্ভ কৰে৷ স্বচক্ষে দেখা বা শুনা কথাৰ সৈতে কল্পনা শক্তিৰ সংমিশ্ৰণে
মন-সমুদ্ৰত তোলপাৰ লগোৱা ভাবৰ বুৰবুৰণিক সহজ-সৰল ভাষাৰে সুসজ্জিত কৰি লিখনিৰ বীজ সিঁচে,
আৰু এটা সময়ত একোজন সুদক্ষ সত্যানুসন্ধানী সাহিত্যৰ কৃষক হয়গৈ৷ পাঠ্যাৱস্থাত আলোচনীৰ
জৰিয়তে হোৱা আত্মপ্ৰকাশে বহন কৰা সম্ভাৱনাই তেতিয়াই পূৰ্ণতা পায়৷ প্ৰগাঢ় অধ্যয়ন, অধ্যৱসায়
আৰু পৰিশ্ৰমৰ গুণত ঘটা ভাব-চিন্তাৰ উত্তৰণ তথা পৰিপক্কতাই ইয়াক সম্ভৱপৰ কৰি তোলে৷ নিৰন্তৰ
চেষ্টা আৰু সাধনাৰ বলত উচ্চমানসম্পন্ন আনন্দদায়ী, জ্ঞানদায়ী সাহিত্যৰ প্লাৱন বব ধৰে
তেওঁলোকৰ কাপৰ পৰা৷ দূৰদৰ্শী চিন্তাপ্ৰসূত আৰু বলিষ্ঠ লেখাৰে সুস্থ-সমৃদ্ধ সমাজ গঠনৰ
লক্ষ্যত তেওঁলোক মানৱ জাতিৰ পথ-প্ৰদৰ্শক হ’বগৈ পাৰে৷ মেটমৰা ৰচনা-সম্ভাৰেৰে তেওঁলোকে দেশ-জননীৰ সাহিত্যৰ
বৰঘৰৰ বাসিন্দা হোৱাৰ উপৰি বিশ্ব দৰবাৰত স্বনাম স্থায়ী কৰিবলৈ সক্ষম হ’ব পাৰে৷ কালজয়ী সৃষ্টিৰে সময়ৰ
বুকুত থৈ যাব পাৰে সৃজনীমূলক প্ৰতিভাৰ অক্ষয়ী স্বাক্ষৰ৷
শিক্ষক-শিক্ষাৰ্থীৰ সৃষ্টিৰ গোপন আকাংক্ষাৰ যি
স্বপ্ন তাৰে বাস্তৱ ৰূপায়ণ শিক্ষানুষ্ঠানৰ বাৰ্ষিক আলোচনীখন৷ সমূহীয়া আবেগ-অনুভূতি,
চিন্তা, ইচ্ছা, আকাংক্ষা; শব্দ, বাক্য, কাগজ, কলম, চিয়াঁহী, ৰং-তুলিকা, মুদ্ৰণ যন্ত্ৰৰ
সময়ৰ লগতে উমৈহতীয়া গঠনমূলক দৃষ্টিভংগী, আন্তৰিক প্ৰচেষ্টা, সহযোগিতা, উৎসাহ-উদ্দীপনা,
দিহা-পৰামৰ্শ, ধৈৰ্য, দায়িত্বশীলতা, অৰ্থনৈতিক স্বচ্ছলতা ইত্যাদিৰ ইতিবাচক সঁহাৰিৰ
ফলশ্ৰুতিত মুখপত্ৰই জন্ম লাভ কৰে৷ পত্ৰিকাখনি ‘ভাল’ বিবেচিত হ’বলৈ হ’লে কেনে ধৰণৰ বিষয়-বস্তু বা কোনটো
কোনটো শিতান অৱশ্যেই থকা উচিত নাইবা কি কি বিষয়ক লেখা অবিহনে ই ‘বেয়া’ বুলি পৰিগণিত হ’ব পাৰে তাৰ কোনো নিৰ্ধাৰিত সূত্ৰ
অবিদ্যমান যদিও ছাত্ৰ সমাজৰ উপকাৰত অহা মানসম্পন্ন লেখনীৰ সন্নিৱেশে কলেৱৰৰ ব্যৱহাৰিক
গুৰুত্ব তথা মান দুয়োটাই বঢ়ায়৷ শেহতীয়া তথ্যৰ অন্তৰ্ভুক্তিয়ে ইয়াক সংৰক্ষণযোগ্য নথিত
পৰিণত কৰে৷ শুদ্ধ বাক্য গাঁথনি, শুদ্ধ বানান, শুদ্ধ ভাষাৰ প্ৰয়োগে ইয়াক সৰ্বজনগ্ৰহণীয়
সুখপাঠ্যৰ শাৰীলৈ তোলে৷ বাস্তৱ চিন্তাপুষ্ট আৰু সময়োপযোগী সম্পাদকীয় কলমে বৃদ্ধি কৰে
বৌদ্ধিক ওজন৷ সেইদৰে অৰ্থবহ প্ৰচ্ছদপট, নানাৰঙী অংগসজ্জা, উন্নত ছপা-বন্ধা কাৰ্যই আলোচনীক
কৰি তোলে আকৰ্ষণীয়৷
শিক্ষানুষ্ঠানৰ আলোচনীত গল্প, কবিতা, গীত, উপন্যাসিকা,
নাট, প্ৰবন্ধ, অনুবাদ, ভ্ৰমণ কহিনী, স্মৃতিলেখা, জীৱনচৰিত, ৰস ৰচনা, সমালোচনা, সাক্ষাৎকাৰ,
পত্ৰালাপ, কুইজ, কৌতুক, মহৎ লোকৰ বাণী প্ৰভৃতি নানানটা সাহিত্য বিষয়ক শিতানৰ সমাহাৰ
ঘটে৷ শিতানসমূহে সাহিত্যানুৰক্ত শিক্ষাৰ্থীসৱৰ ভাবনাক একোটা নিৰ্দিষ্ট দিশত কেন্দ্ৰীভূত
আৰু শৃংখলাবদ্ধ কৰাৰ লগতে উৎকৰ্ষ সাধনৰ অৱকাশ যোগায়৷ পত্ৰালাপ, অন্তৰংগ আলাপ আদিৰ সুৰুঙাইদি
বিদ্যাৰ্থীসকল পৰস্পৰে পৰস্পৰৰ হৃদয়ৰ কাষ চপাত সহায়ক হয়; বিভিন্ন ক্ষেত্ৰত নিভৃত অন্তৰায়সমূহ
ব্যক্ত কৰাৰ উপৰি সমাধানৰ সুবিধা পায়৷ লেখক-লেখিকা পৰিচিতি, বাৰ্ষিক-চূড়ান্ত পৰীক্ষাৰ
ফলাফল, বাৰ্ষিক-সাময়িক পৰীক্ষাৰ ফলাফল, কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰীৰ তালিকা,
সম্পাদকসকলৰ তালিকা আদিয়ে তথ্যৰ সন্ধান দিয়ে৷ সম্পাদনা সমিতিৰ সদস্যবৰ্গ, ছাত্ৰ একতা
সভাৰ বিষয়ববীয়াসকল, শিক্ষাদাতা, কৰ্মীবৃন্দ, বিদায়ী বৰ্ষৰ বিদ্যাৰ্থী দল, কৃতী ছাত্ৰ-ছাত্ৰীৰ
আলোকচিত্ৰ আৰু কৃতিত্বৰ বা-বাতৰিয়ে উৎসাহ-অনুপ্ৰেৰণা যোগোৱাৰ বাহিৰেও জীৱনৰ সোণালী
দিনৰ সজীৱ স্মৃতি বহন কৰে৷ বিভাগীয় সম্পাদকসকলৰ প্ৰতিবেদনে বছৰেকীয়া কাৰ্যাৱলীৰ ব্যাখ্যা
দাঙি ধৰাৰ লগে লগে শিক্ষাৰ্থীৰ কাৰ্যদক্ষতা, শিক্ষানুষ্ঠানখনৰ গতিশীলতাৰ পৰিচয় দিয়ে৷
বিদ্যানুষ্ঠানৰ নাম, প্ৰতীক চিহ্ন আৰু মুখপত্ৰৰ নামৰ তাৎপৰ্য, আৰম্ভণী গীত, সামৰণী
গীত, প্ৰাৰ্থনা সংগীত, মেজ পত্ৰিকা- দেৱাল পত্ৰিকাৰ নিৰ্বাচিত লেখা, শিক্ষাগুৰু-কৰ্মকৰ্তাৰ
মনোনীত লেখাও মুখপত্ৰত সন্নিৱিষ্ট কৰা হয়৷
বিদ্যালয়ৰ বাৰ্ষিক আলোচনীসমূহ সময়ৰ একোখন স্পষ্ট
দলিল৷ পত্ৰিকাৰ পৃষ্ঠা শুৱাই থকা লেখাবোৰে তদানীন্তন কালৰ শৈক্ষিক, সহ-শৈক্ষিক আৰু
বৌদ্ধিক প্ৰতিভাৰ সাক্ষ্য বহন কৰে; তথ্যৰাজিয়ে ঐতিহ্য-পৰম্পৰাৰ আভাস দিয়ে৷ অতীজৰ অনুস্মৃতিৰে
কৰ্মোদ্যম আৰু আত্মতৃপ্তি লভাৰ চিৰশাশ্বত উৎস হৈ ৰয়৷ তদুপৰি পত্ৰিকাসমূহে কোনো এক সময়ৰ
সভ্যতাৰো উমান দিয়ে৷ ছাত্ৰ-ছাত্ৰীৰ সূক্ষ্ম অনুভূতিৰ বহিঃপ্ৰকাশৰ ক্ষেত্ৰত উত্তম মাধ্যম
বুলি পৰিগৃহীত শিক্ষানুষ্ঠানৰ আলোচনীৰ মূল্যাকনৰ জৰিয়তে অতীত হৈ যোৱা শিক্ষানুষ্ঠানৰ
তাহানিৰ ৰূপটো সহজে অনুধাৱন কৰিব পাৰি৷ আৰ্চীত হোৱা প্ৰতিফলনৰ সহায়ত মানুহে নিজৰ প্ৰতিবিম্ব
দেখাৰ দৰে শিক্ষানুষ্ঠান এখন প্ৰতিবিম্বিত হয় ইয়াৰ মুখপত্ৰত হোৱা প্ৰতিফলনত৷ সেয়ে কোৱা
হয়- শিক্ষানুষ্ঠানৰ আলোচনীখনেই শিক্ষানুষ্ঠানখনৰ দাপোণ৷
No comments:
Post a Comment