মনৰ পৰ্দাত বন্দী হৈ ৰ’ল এখন ছবি
দিনটো আছিল ১৬ অক্টোবৰ, ২০১৩৷ ঈদৰ দিন৷২০৬৭
নং উজনিমুৱা জনশতাব্দী এক্সপ্ৰেছ ৰে’লগাড়ীখন সিদিনা আধা ঘণ্টা পলমকৈ
ডিফু ষ্টেশ্বনত সোমাইছিল৷ শীত-তাপ নিয়ন্ত্ৰিত C-1 ক’চটোৰ ৩২-৩৩
নং চিটত গুৱাহাটীৰ পৰা বহি অহা সিদিনাৰ বিশেষ অতিথিদ্বয়ৰ অপেক্ষাত আগতীয়াকৈ প্লেটফৰ্মত
উপস্থিত আছিলোঁ৷ ছাৰৰ সৈতে দেখাদেখি কেতিয়াও হোৱা নাই৷ এয়াই প্ৰথম হ’ব৷
গতিকে উত্তেজনা এটাই ভিতৰি ভিতৰি ক্রিয়া কৰি আছিল৷ বাইদেউৰ সৈতেও পৰিচয় বৰ বেছিদিনীয়া
নহয়৷ ২ অক্টোবৰ তাৰিখে সন্ধিয়া পৰত গুৱাহাটীৰ ঘৰত প্ৰথম সাক্ষাৎ৷ তাৰ পিছত ১১ তাৰিখে৷
দুয়োবাৰেই কিতাপৰ ক’পী দিবলৈ যোৱাৰ সংক্রান্তত৷ এয়া তৃতীয়বাৰলৈ মুখামুখি
হ’ম৷
প্লেটফৰ্মত প্ৰথমেই নামি পৰা বাইদেউক দেখি সম্ভাষণ
জনালোঁ আৰু পোনচাটেই সুধিলোঁ... ‘চাৰ ক’ত?’ ক’লে...
‘সৌৱা৷’ তৎমুহূৰ্ততে চকু ঘূৰাই
দেখা পালোঁ... দৰজাৰ
মুখত দণ্ডায়মান, মূৰত টুপী, কান্ধত লেপটপ, বাঁওহাতেৰে ৰঙা চুটকেচ এটা ধৰি লৈ সেয়া ডাক্তৰ
ভূপেন্দ্ৰ কুমাৰ শইকীয়া৷ ‘অকব’ৰ ৱালত অকণমানি
ফটোখনত সদায় দেখি অহা লোকজন৷ কৰ্মস্থলী ডোহাৰ পৰা কালি মাত্ৰ আহি গুৱাহাটীৰ ঘৰ পাইছেহি,
আৰু আজি অৰ্থাৎ পিছদিনাই আমাৰ মাজলৈ৷ গোটেই কথাটোৱেই কিবা সপোন সপোন যেন লাগি গ’ল৷
ডাক্তৰ ভূপেন্দ্ৰ কুমাৰ শইকীয়া৷ ‘কাটাৰৰ
ডায়েৰী’ বুলিলে
‘অকব’ৰ
সৈতে সম্পৰ্ক থকাসকলৰ বাবে বেলেগে চিনাকিৰ প্ৰয়োজন নাই৷ বৌ ৰুমঝুম শইকীয়া৷ তেখেতো ‘অকব’ৰ
এগৰাকী সদস্যা৷ চাৰ-বাইদেউৰ পৰা দাদা-বৌ হৈ পৰা এহাল মানুহ৷
‘অকব’ই
অনা জীৱনৰ এই আচৰিত তথা মধুৰ ক্ষণটো আজি বিশেষ এটা উপলক্ষ্যত পুৱাতে মনত পেলাইছোঁ আৰু দুয়োৰে
সুস্বাস্থ্য কামনা
কৰিছোঁ৷
No comments:
Post a Comment