Wednesday, 12 March 2014

চিন্তন 

ফুটবলত ক্রমহ্ৰাসমান দৰ্শক : 
নেপথ্যত সদ্যসমাপ্ত বিশ্বকাপ

বিশ্বকাপ ফুটবলৰ খেলসমূহ চোৱাৰ পিছত ইয়াৰ পৰা আহৰণ কৰিব পৰা লাভালাভ সম্পৰ্কে তিনিটা কথা মনলৈ আহিছে৷ প্ৰথম, খেলুৱৈসকলৰ বাবে ইয়াত নিজৰ খেলৰ মান উন্নত কৰাৰ সমল পুঞ্জীভূত হৈ থাকে৷ দ্বিতীয়, প্ৰশিক্ষক, ক্রীড়া সংগঠকসকলৰ বাবে থাকে উন্নত দল গঠনৰ অনুপ্ৰেৰণা আৰু তৃতীয়তে, দৰ্শক ৰাইজে বিচাৰি পায় খেলুৱৈৰ খেলৰ মান নিৰূপণৰ তুলনামূলক দৃষ্টিভংগীসম্পন্ন ৰুচিবোধৰ সন্ধান৷

দূৰদৰ্শনৰ জৰিয়তে খেলসমূহ প্ৰত্যক্ষ কৰি দৰ্শকসকলৰ ৰুচিবোধৰযে অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে তাত নিশ্চয় কাৰো দ্বিমত নাই৷ আজিৰ দৰ্শকে বিচৰা উচ্চ মানবিশিষ্ট খেল য'ত থাকে পৰিকল্পিত আৰম্ভণি, সমাপ্তি, নাটকীয়তা, অসম্ভৱ গ'ল, প্ৰতি মুহূৰ্ততে উত্তেজনা এইবোৰেই কথাটো প্ৰতীয়মান কৰে৷ দৰ্শকৰ এই পৰিৱৰ্তিত ৰুচিবোধ অনুপাতে কিন্তু আমাৰ খেলুৱৈসকলে তেওঁলোকৰ ক্রীড়া-কৌশলৰ মান উচ্চ পৰ্যায়লৈ নিবলৈ সক্ষম হোৱা নাই আৰু সংগঠক বা প্ৰশিক্ষকসকলেও উন্নত দল গঠনত সফল হ'ব পৰা নাই৷ ঘৰুৱা প্ৰতিযোগিতাসমূহত দৰ্শকৰ উপস্থিতি কমি অহাটোৱেই ইয়াৰ স্পষ্ট প্ৰমাণ৷ পৰিসংখ্যাৰ পৰা দেখা গৈছে যে ১৯৮৬ৰ বিশ্বকাপ ফুটবলৰ পাছৰে পৰা আমাৰ ঘৰুৱা ফুটবল প্ৰতিযোগিতাসমূহত দৰ্শকৰ উপস্থিতি ক্ষীণ হৈ আহিছিল৷ তদনুৰূপ দেখা গ'ল ১৯৯০ৰ পিছতো৷ প্ৰশ্ন হয়, ১৯৯৪ৰ বিশ্বকাপৰ পিছতো অনুৰূপ পৰিস্থিতিৰেই উদ্ভৱ হ'ব নেকি? ঘৰুৱা বা আঞ্চলিক পৰ্যায়ৰ খেলসমূহত দৰ্শক হ'বনে নহয়, সঁচাকৈয়ে এক চিন্তাৰ বিষয়৷

উন্নত তথা উন্নয়নশীল দেশসমূহৰ ফুটবলৰ ক্ষেত্ৰত ক্রমাগত অগ্ৰগতি দেখি আমি কিমান পিছ পৰি আছোঁ বাৰুকৈয়ে অনুভৱ হয়৷ বিশ্বকাপৰ পথাৰত দেখা ক্রীড়াধাৰাৰ সৈতে আমাৰ থলুৱা ক্রীড়াধাৰাৰ প্ৰভেদযে আকাশ-পাতাল তাক নুই কৰা সম্ভৱতঃ কোনো নোলাব৷ দূৰদৰ্শনৰ পৰ্দাত খেল চাই আধুনিক ফুটবলৰ বিভিন্ন দিশৰ সৈতে সুপৰিচিত হৈ পৰা আমাৰ সাধাৰণ দৰ্শক এজনেও এতিয়া স্থানীয় খেল এখনত চাক্ষুস আনন্দৰ লগতে আশা কৰে ৰুদ্ধশ্বাস একচন, উৎকণ্ঠা, তীব্ৰ উত্তেজনা, গতিবেগ আৰু অতীব ৰোমাঞ্চ৷ মনৰ কোণত সাঁচ বহুৱাই থৈ যোৱা বিশ্বকাপৰ টুকুৰা স্মৃতিবোৰৰ সৈতে তেওঁ এই খেলবিলাকক মনে মনে ৰিজাই চায়৷ ইয়াৰ পাছতেই কাঢ়ে একোটা দীঘল হুমুনিয়াহ৷ ক্রীড়াপ্ৰেমীক প্ৰয়োজন অনুসৰি মানসিক খাদ্য যোগান ধৰাত ব্যৰ্থ আমাৰ নিস্তেজ আৰু নিম্নমানৰ খেলবিলাকলৈ এনেদৰেই দৰ্শকৰ আকৰ্ষণ কমে, খেলপথাৰলৈ দৰ্শক নহা হয়৷ সময় আৰু অৰ্থৰ প্ৰশ্নটো আছেই৷ এইবিলাক নিঃসন্দেহে বিশ্বকাপৰে প্ৰভাৱ৷

খেলুৱৈ সংগঠকসকলৰ প্ৰদৰ্শন দৰ্শকৰ ৰুচিৰ সমানে অগ্ৰৱৰ্তী হ'ব নোৱাৰাটো বা সমমৰ্যাদাৰ নোহোৱাটো আমাৰ ফুটবলৰ উন্নয়নৰ বাবে নিশ্চয় শুভলক্ষণ নহয়৷ খেলুৱৈৰ প্ৰতিভা বিকাশৰ কঠীয়াতলী হৈছে তৃণমূল পৰ্যায়ৰ ঘৰুৱা সৰু সৰু খেল বা প্ৰতিযোগিতাসমূহ৷ দৰ্শকৰ উৎসাহ-উদ্দীপনা খেলুৱৈ আৰু আয়োজনক উভয়ৰে বাবে অপৰিহাৰ্য৷ দৰ্শকৰ সহযোগ অবিহনে প্ৰতিযোগিতা অনুষ্ঠিত কৰাটোও অসম্ভৱ৷ নিচেই সামান্য দৰ্শকৰ সন্মুখত ক্রীড়া-কৌশল প্ৰদৰ্শনত খেলুৱৈসকলেও তাশা বোধ নকৰা নহয়৷ ই খেলুৱৈসকলৰ বাবে ক্ষতিকাৰক৷ দৰ্শকে যদি এইবিলাক খেল কি চাব বুলি থলুৱা খেলসমূহৰ পৰা নিজকে আঁতৰাই ৰাখি মনৰ পৰ্দাত ৰৈ যোৱা বিশ্বকাপৰ স্মৃতিকে ৰোমন্থন কৰি থাকে তেন্তে হয়তো উৎসাহৰ অভাৱতে বহুতো প্ৰতিভাসম্পন্ন খেলুৱৈও অকালতে হেৰাই যাব পাৰে৷ গতিকে দৰ্শকসকলে ফুটবল মানেই বিশ্বকাপৰ খেল ধৰণৰ আঁকোৰগোজ মনোভাব নলৈ খেলুৱৈ তথা সংগঠকসকলক যৎপৰোনাস্তি উৎসাহ যোগাই যাব লাগিব আৰু খেলুৱৈ সংগঠকসকলেও সীমিত সা-সুবিধাৰ মাজেদিয়েই স্বপ্ৰতিভাৰে মহিমামণ্ডিত হৈ অপৰিসীম কষ্টৰ বিনিময়ত নিজৰ লগতে ঘৰুৱা খেলৰ মানদণ্ডৰ আমূল পৰিৱৰ্তন সাধি ফুটবল অনুৰাগী দৰ্শকক খেলপথাৰলৈ টানি আনিবলৈ সক্ষম হ'ব লাগিব৷ দৰ্শকৰ উন্নত ৰুচিবোধলৈ লক্ষ্য ৰাখি এই ক্ষেত্ৰত প্ৰধান ভূমিকা ল'ব লাগিব সংগঠক-খেলুৱৈসকলেই৷ অন্যথা লছ এঞ্জেলছ বা ছান ফ্ৰান্সিস্কোত দেখা দৰ্শকেৰে ঠাহ খোৱা ষ্টেডিয়ামবিলাকৰ বিপৰীতে দৰ্শকশূন্য গেলেৰীৰেই আমাৰ খেলুৱৈসকলে ফুটবল বোলা বৰ্তুলাকাৰ ক্রীড়া সামগ্ৰীবিধ গুৰিয়াই লৈ ফুৰিব লাগিব৷

(১৯৯৪ৰ বিশ্বকাপৰ সমাপ্তিত লেখা, প্ৰকাশকাল ২২জুলাই ১৯৯৪)

No comments:

Post a Comment