প্ৰেম
নিজকে নিজে চিনি পোৱাৰ উপলব্ধিয়েই প্ৰেম৷ প্ৰেম
মানেই দায়িত্ব৷ নিজক উপলব্ধি কৰি চিৰনিত্য, অজেয়, অমৰ নিজত্বৰ নিৰ্দেশত দেহ-মন সংযত
কৰি দৈহিক আৰু মানসিক স্বাৰ্থ ত্যাগ কৰাৰ দায়িত্ব৷ এই দায়িত্বৰ শিখাই প্ৰেমৰ শিখা৷
এই দায়িত্বৰ উপলব্ধিয়েই প্ৰেমৰ উপলব্ধি৷ প্ৰেমে মানুহক মনুষ্যত্ব, মানৱিকবোধ আৰু ভাল
কৰ্মৰ প্ৰতি উদ্বুদ্ধ কৰে৷ সঁচা প্ৰেম সৃজনীশীল আৰু গঠনমূলক৷ ই যত্ন, সন্মান, দায়িত্ব
আৰু গভীৰ ভালপোৱাৰ লগত জড়িত৷ প্ৰেম এনে এক ৰীতি যি বুকুখন উজাৰি দেখুৱাই দিব পাৰে৷
প্ৰেমত সদায় সুস্থ চিন্তা, সুস্থ ভয় আৰু সুস্থ লাজ নিহিত হৈ থাকে৷ মানসিক ভাৰসাম্য
ৰক্ষা কৰি প্ৰেমক যদি জীৱনৰ সফলতাৰ ইন্ধন বুলি গণ্য কৰা যায়, তেন্তে ই সহায়কাৰক৷ প্ৰেমে
জীৱনৰ প্ৰতি মূল্যবোধৰ মানদণ্ড নিৰূপণ কৰে৷ সঁচা প্ৰেম এনে এক অনুভূতি যি সমস্ত জীৱন
আৱৰি থাকে৷ সঁচা মৰম ভাষাৰে প্ৰকাশ কৰা নাযায়৷ তেনে মৰমৰ পৰিসীমাও নাই৷ ভালপোৱা কৰ্মই
এনে ভালপোৱা জীয়াই ৰাখে৷ পৰিপক্ক মগজুৱেহে সঁচা প্ৰেম কৰিব পাৰে৷ সেয়ে প্ৰেমৰ বাবে
মগজু পৰিপক্ক হোৱা অতি প্ৰয়োজন৷
প্ৰেমৰ মাজেৰে হোৱা উপলব্ধিৰ জৰিয়তে এটা মনে আন
এটা মনৰ ওচৰলৈ বৰকৈ যাব বিচাৰে৷ বিচৰা মনটো এটা বিশেষ দেহত থাকে বাবেই দেহটোৰ ওচৰলৈ
যাব বিচাৰে৷ প্ৰিয়জনেই সৰ্বশ্ৰেষ্ঠ বন্ধু, সাৰথি আৰু পথ প্ৰদৰ্শক হৈ পৰে৷ সেয়েহে প্ৰিয়জনৰ
প্ৰতি ইমান অনুৰাগ হয়৷ অভিন্ন ব্যক্তিগত ৰুচিবোধ, সুন্দৰ বুজাবুজি আৰু চাৰিত্ৰিক বৈশিষ্ট্যই
এটা সময়ত দুটি ভিন্ন দেহ, ভিন্ন মন, ভিন্ন সত্বাক এক কৰে৷ প্ৰিয়জনক জীৱনসংগী হিচাপে
আদৰি লোৱা হয়৷ হৃদয়ৰ নিভৃততম কোণত জন্ম লাভ কৰা এই মানসিক বন্ধনতহে প্ৰেম সাৰ্থক হয়৷
ভালপোৱাত যদি ত্যাগ থাকে তেন্তে প্ৰেম সফল হয়৷ সকলো দিশতে মনৰ বা দৃষ্টিভংগীৰ মিল থাকিলে
কল্পনাতীত সুখ পোৱা যায়৷ বিশ্বাসেই প্ৰেমৰ মূল যি হেৰালে সৰ্বস্ব হেৰায়৷
প্ৰেমৰ পৰিণতি বিবাহ বুলি ভবা হয় যদিও আৱেগিক প্ৰেমৰ
ক্ষেত্ৰতহে প্ৰেমৰ যৱনিকা বিবাহ৷ মহৎ প্ৰেমৰ বেলিকা যৱনিকাৰ কোনো প্ৰশ্নই নাহে৷ ই অজৰ-অমৰ৷
প্ৰেমৰ অন্তত বিবাহতকৈ প্ৰেমেৰে জীৱন সম্বন্ধে কিমান উপলব্ধি হ’ল সেইটোহে ডাঙৰ কথা৷ প্ৰেমৰ লক্ষ্য
হ’ব লাগে পাৰস্পৰিক বুজাবুজিৰে
প্ৰকৃত জীৱনবোধ উপলব্ধি কৰা৷ প্ৰেমৰ প্ৰকৃত সৌন্দৰ্য ত্যাগতহে, উপভোগত নহয়৷ ত্যাগযুক্ত
প্ৰেমহে শ্ৰেষ্ঠ৷ প্ৰকৃত প্ৰেমৰ পথো কাঁইটীয়া, সেন্দূৰীয়া নহয়৷ বৈচিত্ৰ্যময় সংঘাত আৰু
দ্বন্দ্বৰ মাজেদি প্ৰেমৰ মহত্ত্ব প্ৰকাশ পায়৷ প্ৰেমৰ ফলস্বৰূপে আত্মসন্মান, ব্যক্তিগত
সন্মানবোধ, জীৱন সম্বন্ধে স্পষ্ট ধাৰণা, মূল্যবোধ, কৰ্তব্যবোধ ইত্যাদি শিকা হয়৷ জীৱনক
মূল্য দিবলৈ শিকাই প্ৰেমে৷ প্ৰেমে কাৰ্যদক্ষতা বঢ়ায়৷ কাৰ্যদক্ষতা বাঢ়িলে ফলাফল ধনাত্মক
হয়৷ প্ৰেমৰ জৰিয়তে লাভ কৰা নিভাঁজ মৰমখিনিক নিজৰ উন্নতিৰ জখলাত উঠাৰ, নিজকে নিজে গঢ়াৰ
শক্তিৰ উৎস বা অনুপ্ৰেৰণা হিচাপে ল’ব পৰাটো ডাঙৰ কথা৷ আশাৰ ক্ষন্তেকীয়া বালিঘৰ সাজিবলৈ এৰি
বা সস্তীয়া আৱেগৰ বশৱৰ্তী হৈ কল্পনাৰ ৰং-চঙীয়াত উটি-ভাহি নুফুৰি ভালপোৱা স্থায়ী কৰিবলৈ
ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি, অনুপ্ৰেৰণাক আশিস হিচাপে লৈ নিজৰ জীৱনক এক বলিষ্ঠ, সুন্দৰ,
কৰ্মময় ৰূপত সজাই-পৰাই তুলিবৰ বাবে সন্মুখীন হ’ব লগা সকলো ধৰণৰ সম্ভাব্য কষ্ট আৰু ত্যাগক হাঁহিমুখে স্বীকাৰ
কৰিব পৰা মানসিকতাৰ অধিকাৰী হ’লেহে প্ৰেমৰ প্ৰকৃত মূল্যায়ন হয়, প্ৰেমে পূৰ্ণতা পায়৷ প্ৰিয়জনৰ মৰম
আৰু আশিসেৰে ধন্য হৈ জীৱন সংগ্ৰামত সাহসেৰে একনিষ্ঠভাৱে ব্ৰতী হৈ জীৱনটো মহীয়ান কৰিবলৈ
অহৰহ চেষ্টা কৰা উচিত৷ অকণমান সঁচা মৰমে জীৱন সংগ্ৰামৰ কঠোৰতম পথত কিঞ্চিৎমাত্ৰ হ’লেও আশাসঞ্চাৰী আলোক উদ্ভাসিত
কৰি ৰাখে৷ স্বাৰ্থজড়িত প্ৰেমে জীৱন যান্ত্ৰিক, কেৰোণ লগা আৰু পংগু কৰি তোলে৷ নিস্বাৰ্থ
প্ৰেমহে আদৰণীয়৷ অশেষ ত্যাগ আৰু সাধনাৰে ঈৰ্ষা, বিৰহ, প্ৰত্যাখ্যান, মোহভংগ আৰু প্ৰেমৰ
অন্যান্য আনুষংগিক যন্ত্ৰণাক হজম কৰি পৰিকল্পিত ৰূপত ব্যৱহাৰ কৰিব পাৰিলে পূৰ্ণমানৱ
হোৱা যায়৷
যিজন মানুহে লোকক নিস্বাৰ্থভাৱে ভাল পায়, সহায়
কৰে, নিজৰ জীৱন ক্ষুণ্ণ কৰিও বিপদত এৰা নিদিয়ে, সত্যৰ কাৰণে যুঁজিবলৈ বদ্ধপৰিকৰ, নিজৰ
স্বাৰ্থক তুচ্ছ জ্ঞান কৰে, যিজনৰ অন্তৰ সদায় সহজ-সৰল আৰু আনৰ বাবে দয়াশীল সেইজনেই ‘ভাল মানুহ’৷ প্ৰকৃত প্ৰেমে ‘ভাল মানুহ’ সৃষ্টি কৰিব পাৰে৷
(ৰচনা ১৭.৫.১৯৯৫)
No comments:
Post a Comment