“ক্ৰিকেট মই সদায়েই উপভোগ
কৰি যাম আৰু ক্ৰিকেট সদায়েই মোৰ হৃদয়ত থাকিব…”
(ক্ৰিকেটৰ ভগৱান শচীন ৰমেশ টেণ্ডুলকাৰৰ আৱেগিক বিদায়ী ভাষণৰ সংক্ষিপ্ত অনূদিত ৰূপ)
সংগৃহীত
বন্ধুসকল, শান্ত হোৱা। মোক কিছু কথা ক’বলৈ দিয়া, মই ক্ৰমান্বয়ে বেছিকৈ আৱেগিক হৈ পৰিছো। এইকথা বিশ্বাস কৰাটো মোৰ বাবে অসহনীয় হৈ পৰিছে যে বাইছ গজৰ ভিতৰৰ মোৰ সুদীৰ্ঘ ২৪ বছৰীয়া জীৱনটোৰ আজি পৰিসমাপ্তি ঘটিল। এইখিনি আহি পোৱাত মোক সহায়ৰ হাত আগবঢ়োৱা সকলোটিকে মোৰ আন্তৰিক ধন্যবাদ জনাইছো। যদিও মই জীৱনত প্ৰথমবাৰৰ বাবে হাতত এখন তালিকা লৈ আহিছো, তথাপি যদি কাৰোবাৰ কথা পাহৰণিত থাকি যায়, অনুগ্ৰহ কৰি মোক ক্ষমা কৰিবাহঁক।
প্ৰথমেই মই নাম ল’ব খোজো মোৰ দেউতাৰ, যি ১৯৯৯ চনত পৰলোকগামী হয়। মোৰ কেৰিয়াৰৰ আঁৰৰ মূল মানুহজন তেৱেঁই আছিল। তেওঁ মোক পৰ্যাপ্ত স্বাধীনতা দিছিল আৰু কৈছিল – লক্ষ্যত উপনীত হ’বৰ বাবে সপোনৰ পাছত নিশ্চয় দৌৰা, কিন্তু তাকে কৰিবৰ বাবে কোনো চমু পথ নিবিচাৰিবা। এজন সুন্দৰ আৰু প্ৰকৃত মানুহ হিচাপে নিজকে গঢ় দিবলৈও তেওঁ মোক কৈ গৈছিল।
বন্ধুসকল, শান্ত হোৱা। মোক কিছু কথা ক’বলৈ দিয়া, মই ক্ৰমান্বয়ে বেছিকৈ আৱেগিক হৈ পৰিছো। এইকথা বিশ্বাস কৰাটো মোৰ বাবে অসহনীয় হৈ পৰিছে যে বাইছ গজৰ ভিতৰৰ মোৰ সুদীৰ্ঘ ২৪ বছৰীয়া জীৱনটোৰ আজি পৰিসমাপ্তি ঘটিল। এইখিনি আহি পোৱাত মোক সহায়ৰ হাত আগবঢ়োৱা সকলোটিকে মোৰ আন্তৰিক ধন্যবাদ জনাইছো। যদিও মই জীৱনত প্ৰথমবাৰৰ বাবে হাতত এখন তালিকা লৈ আহিছো, তথাপি যদি কাৰোবাৰ কথা পাহৰণিত থাকি যায়, অনুগ্ৰহ কৰি মোক ক্ষমা কৰিবাহঁক।
প্ৰথমেই মই নাম ল’ব খোজো মোৰ দেউতাৰ, যি ১৯৯৯ চনত পৰলোকগামী হয়। মোৰ কেৰিয়াৰৰ আঁৰৰ মূল মানুহজন তেৱেঁই আছিল। তেওঁ মোক পৰ্যাপ্ত স্বাধীনতা দিছিল আৰু কৈছিল – লক্ষ্যত উপনীত হ’বৰ বাবে সপোনৰ পাছত নিশ্চয় দৌৰা, কিন্তু তাকে কৰিবৰ বাবে কোনো চমু পথ নিবিচাৰিবা। এজন সুন্দৰ আৰু প্ৰকৃত মানুহ হিচাপে নিজকে গঢ় দিবলৈও তেওঁ মোক কৈ গৈছিল।
মোৰ মা- মই নাজানো, মোৰ দৰে এটা দুষ্ট লৰাক তেওঁ কেনেকৈ চম্ভালিছিল। মোৰ সুস্বাস্থ্যৰ বাবে তেওঁ অন্তহীন যত্ন লৈছিল। মোৰ কেৰিয়াৰ আৰম্ভ হোৱাৰ আগৰপৰাই তেওঁ মোৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিল আৰু মই ভাবো সেই প্ৰাৰ্থনাসমূহেই মোৰ শক্তিৰ উত্স আছিল।
স্কুলীয়া দিনবোৰত মই খুৰা-খুৰীহঁতৰ লগত থাকিবলগীয়া হৈছিল, কাৰণ মোৰ স্কুলখন বহু দূৰৈত আছিল। তেওঁলোকে মোক নিজৰ সন্তানৰ দৰেই মৰম কৰিছিল। মোৰ খোৱা-বোৱাত তেওঁলোকে বিশেষভাৱে যত্ন লৈছিল যাতে মই সুন্দৰকৈ খেলি যাব পাৰো।
মোৰ ডাঙৰ দাদা নীতিন আৰু তাৰ পৰিয়ালে মোক সদায়েই উত্সাহিত কৰিছিল। বেছি কথা নক’লেও সি মোক সদায়েই কৈছিল যে মই যি কৰিম, খুব ভালকৈ কৰিম বুলি সি জানে আৰু মোৰ ওপৰত তাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে। তাৰ উত্সাহ মোৰ বাবে বহুত কিবাকিবি আছিল।
মোৰ ভনী সবিতা আৰু তাইৰ পৰিয়ালো কোনোগুণে কম নাছিল। জীৱনৰ প্ৰথমখন ক্ৰিকেট বেট মই তাইৰপৰাই উপহাৰ পাইছিলো- এখন কাশ্মীৰ উইলো বেট। খেলিবলৈ যোৱাৰ সময়ত অন্য বহুতৰ দৰেই তায়ো ব্ৰত ৰাখিবলৈ নাপাহৰিছিল।
অজিত, মোৰ দাদা, মই ভাবিয়েই পোৱা নাই – তাৰ বিষয়ে মই কি আৰু কেনেকৈ কওঁ! আমি দুয়ো এই সপোনটো একেলগে পোহপাল দিছিলো। কিন্তু মোৰ ক্ৰিকেট জীৱনৰ স্বাৰ্থত সি তাৰ কেৰিয়াৰ উত্সৰ্গা কৰিছিল। ১১ বছৰ বয়সতে সি মোক প্ৰশিক্ষক আশ্ৰেকাৰ ছাৰৰ ওচৰলৈ লৈ গৈছিল আৰু সেই ঘটনাই মোৰ জীৱনটোৱেই সলনি কৰি দিছিল। তোমালোকে বিশ্বাস কৰিবলৈ টান পাবা, কিন্তু আনকি যোৱা ৰাতিও সি মোক ফোন কৰিছিল আৰু মই আউট হোৱা সন্দৰ্ভত আলোচনা কৰিছিল। যদিও মই পুনৰবাৰ বেট ধৰাৰ সুবিধা পোৱাৰ আশা নিচেই ক্ষীণ আছিল, তথাপি এয়া জন্মলগ্নৰে পৰা আমি দুয়ো পৰস্পৰে গঢ়ি তোলা অভ্যাসৰ ফল আছিল। বোধহয় ক্ৰিকেট খেলিবলৈ এৰাৰ পাছতো আমি টেকনিকৰ বিষয়ে কথা পাতি থাকিম। যদিও বহু ক্ষেত্ৰত আমি একমত হৈছিলো, বহুবোৰ অন্য কথাত আমি একমত হ’ব নোৱাৰি তৰ্কতো লিপ্ত হৈছিলো। কিন্তু জীৱনৰ এই সকলোবোৰ কথাৰ বাবে পিছলৈ ঘূৰি চাই মই বুজিছো – সেই আলোচনাবোৰৰ অবিহনে হয়তো মই আজি এজন নিম্ন পৰ্যায়ৰ ক্ৰিকেটাৰেই হৈ ৰ’লোহেতেন।
মোৰ জীৱনৰ আটাইতকৈ সুন্দৰ ঘটনাটো ঘটিছিল ১৯৯০ চনত, যেতিয়া মই মোৰ পত্নী অঞ্জলিক লগ পাইছিলো। মই জানিছিলো যে এগৰাকী চিকিত্সক হিচাপে তেওঁৰ সমুখত এক সুন্দৰ কেৰিয়াৰৰ পথ খোলা আছিল। কিন্তু যেতিয়া আমি এখন সংসাৰ গঢ়াৰ সিদ্ধান্ত ল’লো, তেওঁ কৈছিল – তুমি তোমাৰ ক্ৰিকেটক আগবঢ়াই লৈ যোৱা, পৰিয়ালৰ চোৱা-চিতাৰ দায়িত্ব মই বহন কৰিম। যাৰ অবিহনে বোধহয় মই ইমানখিনি ক্ৰিকেট খেলিব নোৱাৰিলোহেতেন। জীৱনৰ সকলোবোৰ উত্থান-পতন আৰু হৰ্ষ-বিষাদৰ মুহুৰ্তত মোৰ কাষত থাকি মোৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ পাৰ্টনাৰশ্বিপটো গঢ়ি তোলাত তুমি কৰা এই সকলোখিনি সহায় আৰু ত্যাগৰ বাবে তোমাক অশেষ ধন্যবাদ, অঞ্জলি!
ছাৰা আৰু অৰ্জুন মোৰ জীৱনৰ দুটি মূল্যৱান ৰত্ন। সময়ৰ বোকোছাত উঠি আজি মোৰ ছোৱালীজনী ১৬ বছৰীয়া আৰু ল’ৰাটো ১৪ বছৰীয়া হ’লহি। জন্মদিন, স্কুলৰ এনুৱেল ডে, স্পৰ্টছ ডে, বন্ধৰ দিন আদি বিশেষ মুহূৰ্তবোৰত মই সিহঁতৰ কাষত থাকিব পৰা নাছিলো। এই সকলোবোৰ খুব ভালদৰে বুজি মোক সদায়েই বিশেষভাৱে সহযোগিতা আগবঢ়াই অহা বাবে তোমালোক দুয়োকে ধন্যবাদ। তোমালোকক ইমানদিনে পৰ্যাপ্ত সময় দিব পৰা নাছিলো যদিও মই কথা দিছো- ইয়াৰ পিছৰখিনি মাথোঁ তোমালোকৰ বাবে।
মোৰ সম্বন্ধীয়সকল, আনন্দ মেহতা আৰু আনাবেল, দুয়ো মোক সদায়েই সহযোগিতা আগবঢ়াই আহিছে। মই তেওঁলোকৰ লগত বিভিন্ন দিশ আলোচনা কৰো। তোমালোকে জানা যে প্ৰতিপল তোমাৰ সৈতে থকা আৰু তোমাক সহযোগিতা কৰা এটা সবল পৰিয়াল জীৱনত কিমান গুৰুত্বপূৰ্ণ। অঞ্জলিক বিয়া কৰাবলৈ মোক অনুমতি দিয়া বাবে তোমালোক সকলোকে মই ধন্যবাদ জনাইছো।
ভাৰতৰ হৈ খেলা বিগত ২৪ বছৰত আৰু তাৰো আগতে শৈশৱকালৰে পৰা বহুকেইজন বন্ধুৱে মোৰ জীৱনলৈ অবিশ্বাস্য সহায়-সহযোগ আগবঢ়াইছে। মই মাতি পথোৱা মাত্ৰকেই নিজৰ কাম এৰি তেওঁলোকে মোক নেটত বল দিবলৈ দৌৰি আহিছে। আঘাতপ্ৰাপ্ত হোৱাৰ সময়ত মই ভাবিছিলো যে মোৰ কেৰিয়াৰ বোধহয় তাতেই সমাপ্ত হ’ল। কিন্তু ৰাতি তিনি বজাত ফোন কৰিও মোৰ বন্ধুহঁতে মোক এইটো প্ৰত্যয় নিয়াবলৈ চেষ্টা কৰিছিল যে মোৰ আশংকা শুদ্ধ নহয়।
মোৰ কেৰিয়াৰ আৰম্ভ হৈছিল ১১ বছৰ বয়সত। মোৰ দাদাই মোক আশ্ৰেকাৰ ছাৰৰ ওচৰলৈ লৈ গৈছিল আৰু মোৰ বাবে সেইটোৱেই আটাইতকৈ শ্ৰেষ্ঠতম ঘটনা আছিল। মই যাতে পৰ্যাপ্ত খেলত অনুশীলনৰ সুবিধা পাওঁ তাৰ বাবে ছাৰে মোক নিজৰ স্কুটাৰত উঠাই গোটেই মুম্বাইখন ঘূৰাই লৈ ফুৰিছিল। মই যাতে আত্মতুষ্টিত ভুগি কঠোৰ পৰিশ্ৰম কৰাটো বাদ নিদিও, তাৰ সাৱধানতা হিচাপে বিগত ২৯ বছৰীয়া ক্ৰিকেট জীৱনত তেওঁ এবাৰলৈও মই ভাল খেলিছিলো বুলি কোৱা নাছিল। কেৰিয়াৰত আৰু এখনো মেচ খেলিবলৈ বাকী নাই ছাৰ, এতিয়া নিশ্চয় আপুনি মোক অভিনন্দন জনাব পাৰে। মই সদায়েই ক্ৰিকেট উপভোগ কৰি যাম আৰু ক্ৰিকেট সদায়েই মোৰ হৃদয়ত থাকিব, কিন্তু মোৰ জীৱনত আপোনাৰ এই অনবদ্য অৰিহণা মই কেনেকৈ পাহৰিম, ছাৰ! আপোনাক অশেষ ধন্যবাদ।
মুম্বাইৰ হৈ এইখন খেলপথাৰতে মোৰ ক্ৰিকেট জীৱন আৰম্ভ হৈছিল। মুম্বাই ক্ৰিকেট এছচিয়েশ্যন মোৰ অতি মৰমৰ। কোনোবাই জোৰ কৰাৰ বাবে নহয়, মই সদায়েই মুম্বাই ক্ৰিকেটৰ এটা অংশ হ’ব বিচাৰিছিলো। এয়া আছিল মুম্বাই ক্ৰিকেটৰ মৰমৰ ফল। মোৰ আৰু মোৰ ক্ৰিকেটৰ যত্ন লোৱাৰ বাবে তোমালোকক বহুত ধন্যবাদ।
ভাৰতৰ হৈ খেলাটো নিঃসন্দেহে মোৰ এটা সপোন আছিল। বি চি চি আইক ধন্যবাদ যে ১৬ বছৰ বয়সতে তেওঁলোকে মোৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি মোক নিৰ্বাচিত কৰিছিল। মোৰ ওপৰত ৰখা বিশ্বাসৰ বাবে সমূহ নিৰ্বাচকক আৰু মোক আত্মপ্ৰকাশৰ সুবিধা দিয়াৰ বাবে বি চি চি আইক মোৰ অশেষ ধন্যবাদ।
বিগত ২৪ বছৰত মই বহুকেইজন জ্যেষ্ঠ ক্ৰিকেটাৰৰ লগত খেলাৰ সুযোগ পাইছো। তেওঁলোকে সদায়েই মোক ক্ৰিকেট খেলি যাবলৈ আৰু ভালদৰে খেলিবলৈ উত্সাহ যোগাই আহিছিল। মোৰ পূৰ্বসূৰী এই সকলো জ্যেষ্ঠ ক্ৰিকেটাৰলৈ মোৰ অশেষ ধন্যবাদ।
ৰাহুল, লক্ষ্মণ, সৌৰভকে ধৰি মোৰ দলৰ সহ খেলুৱৈসকল, ঘৰৰ বাহিৰত থকা সময়ত তোমালোকেই মোৰ পৰিয়াল। তোমালোকৰ সৈতে মই জীৱনৰ বহুতো স্মৰণীয় মুহূৰ্ত অতিবাহিত কৰিছো। সেই ড্ৰেছিং ৰুম আৰু সেই বিশেষ মুহুৰ্তবোৰৰ অবিহনে জীৱন কটোৱাটো বৰ কঠিন হ’ব।
২০০ সংখ্যক টেষ্ট মেচৰ কেপটো ধোনীয়ে মোক উপহাৰ দিয়াৰ সময়ত মই দলৰ বাবে এটা সংক্ষিপ্ত বাণী আগবঢ়াইছিলো, যাক মই পুনৰ দোহাৰিব বিচাৰিছো। ভাৰতীয় ক্ৰিকেট দলৰ এজন সদস্য হিচাপে ৰাষ্ট্ৰলৈ সেৱা আগবঢ়াবলৈ পাই আমি সকলো ভাগ্যৱান আৰু গৌৰৱৰ অধিকাৰী। বন্ধুসকল, মই জানো যে তোমালোকে সঠিক উত্সাহ আৰু সঠিক মূল্যবোধেৰে নিজৰ সৰ্বোচ্চখিনি উজাৰি দেশক আগবঢ়াই যোৱা সেৱা অব্যাহত ৰাখিবা আৰু দেশৰ বাবে সকলোবোৰ সন্মান কঢ়িয়াই আনিবা। তোমালোকলৈ অশেষ শুভেচ্ছা থাকিল।
মোৰ সকলো চিকিত্সক, শাৰীৰিক নিৰ্দেশক আৰু প্ৰশিক্ষকলৈ ধন্যবাদ নজনালে মোৰ কৰ্তব্য শেষ নহ’ব। তোমালোকৰ বিশেষ প্ৰচেষ্টাৰ অবিহনে হয়তো মোৰ আঘাতজৰ্জৰিত শৰীৰটোৰে মই ইমানদূৰ আগুৱাব নোৱাৰিলোহেতেন। মই নাজানো কেনেকৈ তোমালোকে মোক ইমান ভালকৈ সবল কৰি তুলিব পাৰাহঁক।
মোৰ মৰমৰ বন্ধু প্ৰয়াত মাৰ্ক মাস্কেৰেনহাছ, যি মোৰ প্ৰথম মেনেজাৰ আছিল, তেওঁৰ অৱদান মই কেতিয়াও পাহৰিব নোৱাৰো। ধন্যবাদ মাৰ্ক, তোমাৰ অভাৱ আজি মই বৰকৈ অনুভৱ কৰিছো। মাৰ্কৰ অবৰ্তমানত তেওঁৰ দায়িত্ব সুন্দৰকৈ বহন কৰি যোৱা মোৰ বৰ্তমানৰ মেনেজমেণ্ট টীম ডব্লিউ এছ জি, আৰু বিগত চৈধ্য বছৰ ধৰি মোৰ মেনেজাৰৰ দায়িত্ব পালন কৰা বিনোদ নাইডু, যি মোৰ পৰিয়ালৰ এজন সদস্যৰ দৰে, তোমালোকক ধন্যবাদ।
স্কুলীয়া দিনবোৰত যেতিয়া মই ভাল খেলিছিলো, সংবাদ মাধ্যমে মোক খুব সহায় কৰিছিল। তোমালোকে আজিলৈকে মোৰ পক্ষত আছা, সকলোকে অশেষ ধন্যবাদ। বহুতো স্মৰণীয় মুহূৰ্ত যুগমীয়া কৰি ৰখা ফটোগ্ৰাফাৰসকল, তোমালোকলৈও মোৰ অজস্ৰ ধন্যবাদ।
বিশ্বৰ বিভিন্ন অংশৰ মোৰ দৰ্শকসকল, তোমালোক সকলোলৈ মোৰ অন্তহীন ধন্যবাদ। খেলপথাৰত মই শূন্য বা শতক যিয়েই অৰ্জন নকৰো, তোমালোকে মোক সদায়েই বিপুল মৰম আৰু উত্সাহ-উদ্দীপনা যোগাই আহিছাহঁক। এই সকলোৰে বাবে তোমালোকক অশেষ ধন্যবাদ।
মোৰ হৈ ব্ৰত ৰখা, প্ৰাৰ্থনা কৰা বহু লোকৰ কথা মই জানো। অন্তৰৰ নিভৃত কোণৰ পৰা মই তোমালোকক ধন্যবাদ জনাইছো। সময় পাৰ হৈ যাব, কিন্তু তোমালোকৰ এই মৰমসনা স্মৃতি মোৰ বাবে চিৰসেউজ হৈ ৰ’ব চিৰদিন। বিশেষকৈ ‘শচীন শচীন’ এই শব্দাংশ মোৰ জীৱনৰ অন্তিমটো নিশ্বাসৰ পৰলৈকে মোৰ কৰ্ণ-কূহৰত প্ৰতিধ্বনিত হৈ থাকিব।
কথাবোৰ কৈ যাওঁতে যদি মই কিবা এৰি থৈ গৈছো, তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী, আশা ৰাখিছো মোক তোমালোকে বুজি পাবা। বিদায়!...
............................................................
অনুবাদ ... প্ৰশান্ত কুমাৰ বৰা
(অসমীয়াত কথা-বতৰা)
১৬ নভেম্বৰ ২০১৩
No comments:
Post a Comment