আমাৰ মা...
(প্ৰসংগ : মোবাইল ফোন, টেবলেট বিনামূলীয়াকৈ বিলাব
চৰকাৰে৷ ‘আমাৰ
অসম’,
৮চেপ্তেম্বৰ ২০১৩)
কাৰেণ্টটো যোৱাত পুৱাৰে পৰাই একেলেথাৰিয়ে কৰি থকা
কাম এটাৰ পৰা ক্ষন্তেক অব্যাহতি লৈ গাটো তিয়াই পেলালোঁ৷ তাৰ পিছতে ভাত কেইগৰাহমান ততাতৈয়াকৈ
পেটত পেলাই লৈ কামটোত পুনৰবাৰ মনোনিৱেশ কৰোঁগৈ বুলি পাকঘৰৰ পৰা ওলাই আহোঁতেই দেখিলোঁ,
আমাৰ মায়ে সদায় পঢ়াৰ দৰে ‘আমাৰ অসম’খন
টেবুলৰ ওপৰতে বহলকৈ মেলি দি অধ্যয়নত বিভোৰ৷ মই ওচৰ চাপি যোৱাত চশমাৰ ফাঁকেৰে মোলৈ এপলক
চালে৷ তাৰ পিছত নিজে পঢ়ি থকা ১, ২ আৰু ১১, ১২ পৃষ্ঠাকেইটা ৰাখি বাকীখিনি মোৰফালে আগ
বঢ়াই দিলে৷ মায়ে জানে, বৰপুত্ৰ আহিলে পেপাৰখন চাবলৈ বুদ্ধি কৰি হওক, টান মাৰি হওক,
নিবই নিব৷
মায়েনো কি পঢ়ি আছে, চাওঁচোন... এইবুলি অলপ হাউলি
লক্ষ্য কৰিলোঁ৷ মায়ে পঢ়ি আছে ওপৰত উল্লেখ কৰা বাতৰিতো৷
মই অলপ ডাঙৰকৈয়ে শিৰোনামটো মাতি দিলোঁ... মোবাইল
ফোন, টেবলেট বিনামূলীয়াকৈ বিলাব চৰকাৰে৷
বাঃ, মোবাইল ফোনো দিব নেকি চৰকাৰে? টেবলেটো দিব!
কিন্তু টেবলেটটো দিয়েই আছে, চৰকাৰী হস্পিতালত৷
একধ্যানে খবৰটো পঢ়ি থকা মায়ে মূৰটো সামান্য লৰাই
মন্তব্য কৰিলে... আজিকালি নাপায়৷ তাৰ পিছত আকৌ অধ্যয়নত নিমগ্ন হ’ল৷
কাৰেণ্ট আহিছিল, আকৌ গ’ল৷ কেন্দ্ৰীয়
বিদ্যালয়ৰ সপ্তম শ্ৰেণীত পঢ়া মোৰ বৰপুত্ৰই দেওবৰীয়া বন্ধ পাই টিভিত মনোযোগেৰে কিবা
এটা চাই আছিল৷ কাৰেণ্ট যোৱাত উঠি আহি আমাৰ ওচৰ পালেহি৷ মোৰ আকৌ তাৰ লগত বন্ধুৰ দৰে
আচৰণ৷ তাৰ কান্ধত সোঁহাতখন ৰাখি মই জনালোঁ... ভাল খবৰ এটা আছে বেট্জাঁ৷ মোবাইল ফোন
আৰু টেবলেট বিনামূলীয়াকৈ দিব বোলে৷ কথাষাৰ শুনিয়েই সি উৎফুল্লিত হৈ পৰিল৷ হাঁ! মই সজাই
কোৱা বুলি ভাবি পিছ মুহূৰ্ততে ক’লে... হেই মিছা কথা৷ ক’ত
দিব, কোনে দিব? মই বোলো... চাই লোৱা, সেয়া পে’পাৰত লিখিছে৷
দিল্লীৰ নিউজটোলৈ আঙুলিয়ালোঁ আৰু নিৰ্দেশ দিলোঁ... নিজে
পঢ়ি চোৱাঁ৷
দেখিয়েই তাৰ উৎসাহ আৰু এখোপ চৰিল৷ সোঁহাতৰ তৰ্জনীটো
কাগজখনৰ ওপৰেৰে বুলাই সি লাহে লাহে অথচ শব্দ কৰি পঢ়ি গ’ল... মোবাইল
ফোন, টেবলেট বিনামূলীয়াকৈ বিলাব চৰকাৰে৷ পঢ়ি যোৱাৰ লগে লগে এইটোও লক্ষ্য কৰিলোঁ যে তাৰ মুখত বেচ
অৰ্থপূৰ্ণ এক হাঁহি বিৰিঙি উঠিছে৷
তেনেকুৱাতে আগৰে পৰাই বাতৰিটোত মনোনিৱেশ কৰি থকা
মায়ে মাতি শুনালে... এই আঁচনিখন কেৱল গ্ৰামাঞ্চলৰ লোকৰ মাজতে সীমাবদ্ধ থাকিব৷
একেদৰে টেবলেটবোৰ গ্ৰামাঞ্চল আৰু চহৰাঞ্চলৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক
প্ৰদান কৰা হ’ব৷...
সিমানখিনি পাওঁতেই হঠাতে মই এটা প্ৰশ্ন কৰি দিলোঁ...
এতিয়াও দেখোন সিহঁতৰ প্ৰায়বোৰৰে হাতে হাতে মোবাইল একোটাহঁত থাকেই৷ আকৌনো কেলেই? আৰু
প্ৰায়ে শুনিবলৈ পোৱামতে টেবলেট, গুটি, ডেন্ড্ৰাইট আদিওতো ৰেগুলাৰ খায়েই আছে সিহঁতে৷
আকৌযে চৰকাৰে বেলেগে টেবলেট দিব লগা হ’ল?
অলপপৰ ভাবি মায়ে গহীনভাৱে উত্তৰ দিলে... বেমাৰ-আজাৰ
বেছিকৈ আছে চাগে’৷
মই ল’ৰালৈ চালোঁ৷ সি কিবা এটা ক’ব
খুজিছিল যদিও মই ইংগিত দিয়াত চুপ হৈ ৰ’ল৷ মায়ে নেদেখাকৈ দুইটাই মুখ
টিপি বেচ হাঁহিলোঁ৷
পঢ়ি গৈ গৈ এইবাৰ অন্তিম শাৰীটো মাৰ মুখৰ পৰা ওলাল...
প্ৰথম বছৰ ২০লাখ মোবাইল আৰু ১৫লাখ টেবলেট বিতৰণ কৰা হ’ব৷
...১৫লাখ টেবলেট! সিহঁতৰ বেমাৰ-আজাৰ নিশ্চয় বাৰুকৈয়ে
আছে মা৷ কথাৰ লগে লগে মই আচৰিত হোৱাৰ ভাব এটাও প্ৰকাশ কৰি দিলোঁ৷
...হয় চাগে’, নাজানো পায়৷
আইতাকলৈ চাই ল’ৰাই আৰু ৰৈ
থাকিব নোৱাৰিলে৷ ভেদ ভাঙি দিলে সি... টেবলেট মানে খোৱা টেবলেট নহয় দাদী৷
আইতাকে তালৈ চালে... ই আকৌ কি কয় ভংগীত৷
দুয়োখন হাতৰ তৰ্জনী আঙুলি দুটাৰে শূন্যতে আয়তক্ষেত্ৰাকাৰ টেবলেট
আঁকি মাৰ চকুলৈ চাই সি বুজাই গ’ল... টেবলেট মানে ম’বাইলৰ
নিচিনাই আৰু... খালী ডাঙৰ... অমুক, তমুক...
মই চেগ বুজি পে’পাৰখন অধিগ্ৰহণ
কৰি হাঁহি অকণমান মুখত লৈ নাতিয়েক-আইতাকৰ দাঁতিৰ পৰা লাহে লাহে প্ৰস্থান কৰিলোঁ৷
No comments:
Post a Comment