‘হৰ্ণবিল ফেষ্টিভেল’ৰ পৰা ঘূৰি আহি...
চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ৰাজধানী চহৰ ক’হিমাৰ
পৰা প্ৰায় ১২ কিল’মিটাৰ
নিলগত কিছামা হেৰিটেজ ভিলেজ৷ পাহাৰৰ বক্ষত নিৰ্মিত এই সাংস্কৃতিক গাঁওখনতে যোৱা ১ডিচেম্বৰৰ
পৰা পতা হৈছে ‘হৰ্ণবিল
ফেষ্টিভেল’৷
২০০০চনৰ পৰা আৰম্ভ কৰি প্ৰতি বছৰৰ ডিচেম্বৰ মাহৰ ১ৰ পৰা ৭ তাৰিখৰ ভিতৰত পালন কৰি অহা
হৈছে এই উৎসৱ৷ আনহাতে ১ডিচেম্বৰ ১৯৬৩চনত ভাৰতবৰ্ষৰ ১৬ নং ৰাজ্য হিচাপে নাগালেণ্ড ৰাজ্যখনৰ
গঠন হৈছিল৷ তাৰে ৫০ বছৰ পূৰ্তি উপলক্ষে উৎসৱটিৰ কাৰ্যসূচী এইবাৰ ১০ তাৰিখলৈকে বঢ়াই দিছে
ৰাজ্য চৰকাৰে৷ নাগালেণ্ড চৰকাৰৰ পৰ্যটন আৰু কলা-সাংস্কৃতিক বিভাগৰ উদ্যোগত এই উৎসৱ
অনুষ্ঠিত হৈছে৷ নাগালেণ্ডৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বদৰবাৰলৈ আগুৱাই নিয়াই ইয়াৰ মুখ্য
উদ্দেশ্য৷ নগা জনগোষ্ঠীৰ বিভিন্ন শাখা-প্ৰশাখাসমূহৰ স্বকীয় সংস্কৃতি আৰু পৰম্পৰাৰ উদ্ধাৰ
আৰু ৰক্ষণাবেক্ষণ যাৰ পোনপটীয়া লক্ষ্য৷ ৰাজ্যখনত আয়োজন কৰা অনুষ্ঠানসমূহৰ ভিতৰত সেয়ে
এই হৰ্ণবিল মহোৎসৱৰ পৰিসৰ আজি সৰ্ববৃহৎ৷ ইয়াক আখ্যা
দিয়া হৈছে ‘ফেষ্টিভেল
অৱ ফেষ্টিভেলচ’৷
এই উৎসৱটিৰ বিষয়ে বাতৰি কাকত-আলোচনীত পঢ়ি
বা টিভি চেনেল যোগে চাই
বহুতেই নিশ্চয় ইতিমধ্যে কিছু হ’লেও জানিব পাৰিছেই৷ জনজাতীয় জীৱন-চৰ্যাৰ প্ৰতি শ্ৰদ্ধাশীল
আৰু এই সম্পৰ্কে বিশেষভাৱে জানিবলৈ আগ্ৰহীসকলে গুগুলতো পঢ়ি ল’ব
পাৰে৷ তথাপিও এনে লাগে, নিজে নগ’লে শতাংশ ১০০ নহয়চোন৷ সেয়ে অনুজপ্ৰতিম দেউৰী ৰংপি
আৰু মধু মেচৰ প্ৰস্তাৱটোত সমৰ্থন জনাই পুৱাতেই ঢাপলি মেলিলোঁ ক’হিমা
অভিমুখে৷ বিয়লি মুকলি মঞ্চৰ প্ৰাংগণত হোৱা ‘নাগা ৱাৰ ডেন্স’ত
ঘোষিকাই নাগামিজত দৰ্শকলৈ জনোৱা অনুৰোধ (পাৰটিচিপেন্সখানকে চাৰি কিনা বাকী চব ভিৱাৰ্চখান
এক সাথ এক বাৰ ‘ৱাৰ
ক্রাই’ কৰিবটো)
মৰ্মে সমস্বৰে আমিও কৰিলোঁ ‘ৱাৰ ক্রাই’৷
বিচিত্ৰতাৰে ভৰপূৰ নগা জনজাতীয় সমাজ-জীৱনৰ এক মধুৰ পৰশ দেহ-মনত লৈ এয়া অলপ আগতে ঘৰ
সোমাইছোঁহি৷ মনৰ পৰ্দাত বন্দী কৰি অনা মুহূৰ্তবোৰৰ ৰিপ্লে চাই চাই
চিন্তা কৰিছোঁ, নগাসকলৰ অতীত-সন্ধানী যোগাত্মক প্ৰচেষ্টাটোৰ কথাকে৷
No comments:
Post a Comment