Thursday 18 May 2017

পৰিষ্কাৰ গাঁৱৰ সন্ধানত, শ্বিক্‌দামাখালৈ...


Everything has beauty, but not everyone sees it. ~Confucius

চিকদামাখাক পৰিষ্কাৰ গাঁও হিচাপে ঘোষণা কাৰ্বি পৰিষদৰ ৬ জানুৱাৰী ২০১৭, বৃহস্পতিবাৰৰ আমাৰ অসম কাকতৰ তৃতীয় পৃষ্ঠা, সংবাদ প্ৰৱাহত প্ৰকাশিত শিৰোনামটোৱে ততালিকে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে৷ আনুষ্ঠানিক ঘোষণাটোৰ ঠিক এমাহৰ আগতে, ২৫ ডিচেম্বৰ ২০১৬ তাৰিখে আমি সেই বিশেষ গাঁওখন বিচাৰি গৈছিলোঁ৷ আমি মানে অৰুণদা (অৰুণ টেৰণ), সঞ্জু (সঞ্জু বৰা), কিৰণ (কিৰণ বণিক), সন্দীপন (সন্দীপন সাৰংগ), বৰদলৈ (ইন্দ্ৰজিত বৰদলৈ) আৰু মই৷ অক্টোবৰৰ মধ্যভাগতে শুনিছিলোঁ, তেনেকুৱা কিবা এটাৰ কুৰুং-কাৰাং চলি থকা বুলি৷ শুনা কথাটো সত্য প্ৰমাণিত হল, যেতিয়া ৬৮ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্‌ক্ষণত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে শ্বিক্‌দামাখাক পাৰ্বত্য জিলাখনৰ সৰ্বাধিক পৰিষ্কাৰ গাঁও বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে৷ উল্লেখ্য যে অসমৰ সবাতোকৈ চাফা গাঁৱৰ তালিকাত তৃতীয় স্থান পাবলৈ সক্ষম হৈছে এই গাঁওখনে৷

অসম চৰকাৰৰ দ্বাৰা নিয়োজিত সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন নামক প্ৰতিষ্ঠানে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তত্ত্বাৱধানত ৰাজ্যখনৰ উৎকৃষ্ট গ্ৰাম্যাঞ্চল বিচাৰি ৪৫খন গাঁৱত পৰিদৰ্শন আৰু নিৰীক্ষণ কাৰ্য চলাইছিল৷ তাৰে বিচাৰত চাফা গাঁও হিচাপে ২০১৬-১৭ বৰ্ষৰ বাবে সৰ্বশ্ৰেষ্ঠ সন্মান লাভ কৰিছে গোৱালপাৰা জিলাৰ বালিজানা উন্নয়ন খণ্ডৰ বালিজানা গ্ৰাম পঞ্চায়তৰ ৰাংচাপাৰা নামৰ গাঁওখনে৷ স্বচ্ছতাৰ দিশত সজাগ আৰু আগৰণুৱা হোৱাৰ কল্পেই এই গাৰো গাঁওখনে এইবাৰ গণতন্ত্ৰ দিৱসত গোৱালপাৰা জিলা প্ৰশাসনৰ তৰফৰ পৰা লাভ কৰিলে ১ লাখ টকাৰ চেক্‌ আৰু প্ৰশংসন-পত্ৰ৷ তদুপৰি ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচলন কৰা স্বচ্ছ ভাৰত অভিযানৰ অধীনত অসমৰ ভিতৰতে শ্ৰেষ্ঠ পৰিচ্ছন্ন গাঁও হিচাপে পৰিগণিত হোৱাৰ সুবাদত গাঁওখনে অৰ্জন কৰিলে ৫ লাখ টকা৷ এনে এক বিৰল স্বীকৃতি লাভৰ পাছত ভৱিষ্যতে ৰাংচাপাৰাক অনন্য পৰ্যটনস্থলী হিচাপে গঢ়ি তুলি বিশ্ব দৰবাৰত সৰ্বোৎকৃষ্ট নিৰ্মল গাঁৱৰ মৰ্যাদা আহৰণৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ আনহাতে, তালিকাৰ দ্বিতীয়খন গাঁও হল ডিমা হাচাও জিলাৰ জিয়ন ভিলেজ৷ এই গাঁৱে লাভ কৰিছে নগদ ২.৫০ লাখ টকা আৰু প্ৰশংসা-পত্ৰ৷ লখিমপুৰ জিলাৰ চিয়াজুলি বাগান, কামৰূপ (মহানগৰ) জিলাৰ নিজ পানবাৰী আদি গাঁৱৰ নামো উক্ত প্ৰতিযোগিতাৰ প্ৰসংগতে উল্লেখনীয়৷ ইফালে, অনাময়ৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰি মুকলি স্থানত মলত্যাগমুক্ত খণ্ডসমূহৰ ভিতৰত প্ৰথম বিবেচিত হৈছে শিৱসাগৰ জিলাৰ লাকুৱা খণ্ড৷ আকৌ, দৰং জিলা প্ৰশাসনে মঙলদৈৰ দগীয়াপাৰাক জিলাখনৰ সৰ্বোচ্চ পৰিচ্ছন্ন গাঁৱৰ স্বীকৃতি প্ৰদান কৰিছে৷ এইটো ধুৰুপ যে সজাগতা আৰু নিকা চৰিত্ৰ বৰ্তাই ৰখাৰ লগে লগে পৰ্যটন শিল্পৰ সুসংহত বিকাশ ঘটালে অনাগত দিনত এনেকুৱা অখ্যাত বা স্বল্পখ্যাত গ্ৰাম্যাঞ্চলসমূহ বিশ্বব্যাপী মানুহৰ মনোযোগ আকৰ্ষণৰ একো একোটা বিশিষ্ট কেন্দ্ৰবিন্দু হৈ পৰিব, যেনেদৰে মেঘালয়ৰ মাউলিন্‌নং, নাগালেণ্ডৰ খনমা ইত্যাদিবোৰ ইতিমধ্যে পৰ্যবসিত হৈছেই৷ প্ৰসংগক্রমে, প্ৰমাণ হিচাপে কব পাৰি যে পৰিষ্কাৰ গাঁও দৰ্শন কৰিবলৈকে প্ৰতিদিনে ২৫০-৩০০ লোক মাউলিন্‌নঙলৈ আহে৷ মেঘালয় চৰকাৰৰ তথ্যত এই কথা প্ৰকাশ৷ তদুপৰি এইটোও উৎসাহজনক কথা যে মাউলিন্‌নঙক আদৰ্শ হিচাপে লৈ দেশৰ খনদিয়েক গাঁৱৰ লোকে নিজ নিজ অঞ্চল আৱৰ্জনামুক্ত, প্ৰদূষণমুক্ত কৰি তোলাৰ সজ-প্ৰচেষ্টা হাতত লৈছে৷ এটা উদাহৰণ শ্বিক্‌দামাখা৷

শ্বিক্‌দামাখাই পৰিষ্কাৰ-পৰিচ্ছন্ন গাঁও হিচাপে খিতাপ লভাৰ সুবাদতে ২৫ জানুৱাৰী ২০১৭ তাৰিখে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ জল আৰু অনাময় সমিতিৰ দ্বাৰা গাঁওখনত আয়োজন কৰা হৈছিল এটি সম্বৰ্ধনা অনুষ্ঠানৰ৷ উক্ত কাৰ্যসূচী অনুক্রমে স্বায়ত্তশাসিত পৰিষদ আৰু পশ্চিম কাৰবি আংলং জিলা প্ৰশাসনৰ তৰফৰ পৰা গাঁওবাসীক সম্বৰ্ধনা জনোৱা হৈছিল৷ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত স্বচ্ছ আৰু নিৰ্মল পৰিৱেশ ৰক্ষা কৰাৰ অৰ্থে শ্বিক্‌দামাখা গাঁৱৰ নিবাসীসকলে যথাৰ্থভাৱেই এই সমাদৰ লভিবলৈ সক্ষম হৈছে৷ আমাৰ ভ্ৰমণকালত সেয়া নিজ চকুৰে দেখিলোঁ৷

ইয়াৰ আগতে,চিদামাখা কাৰ্বি পাহাৰৰ এখন ক্লীন ভিলেজ শীৰ্ষক জনৈক নজিব আহমেদে যুগুতোৱা লেখা এটা আমাৰ অসমতে পঢ়িবলৈ পাইছিলোঁ, ৬ ডিচেম্বৰ ২০১৬ তাৰিখে৷ তাৰ আগলৈকে শ্বিক্‌দামাখা কি, কত, কিয় বিখ্যাত সেই সম্বন্ধে বিশেষ নাজানিছিলোঁ৷ ভিন্নমত শিতানত প্ৰকাশিত উক্ত লেখাটি পঢ়িহে গম পালোঁ যে শ্বিক্‌দামাখাৰ অৱস্থান মৰিগাঁও জিলাৰ নেলীৰ পৰা উত্তৰে, প্ৰায় ২৫ কিলমিটাৰ দূৰত্বত, পাহাৰৰ বক্ষত৷ পশ্চিম কাৰবি আংলং জিলাৰ দুৰ্গম পাহাৰীয়া অঞ্চল তথা ২ নং আম্‌ৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্ৱৰ্তী এই গাঁও ভৌগোলিকভাৱে সদৰ ঠাই হামৰেণৰ পৰা প্ৰায় ৭০ কিলমিটাৰ নিলগত অৱস্থিত৷ গাঁওখনৰ লোকসকল মূলতঃ তিৱা জনজাতীয়৷ আংশিকভাৱে সামান্য কাৰবি আৰু খাচিয়া অধিবাসীও আছে৷ গাঁওখনত মুঠ পৰিয়াল ৮৫টা৷ জনসংখ্যা ৪৬৪৷ সৰহভাগেই খ্ৰিষ্টান ধৰ্মাৱলম্বী৷ চাফ-চিকুণতাৰ প্ৰতি বাসিন্দাসকল বৰ সজাগ৷ এইটো ঠিক যে গাঁও বা চহৰ এখন আৱৰ্জনাহীন কৰি ৰখাৰ ক্ষেত্ৰত সবাতোকৈ প্ৰয়োজনীয় দিশটো হৈছে সৰ্বসাধাৰণৰ সজাগতা৷ উক্ত লেখাটিৰ পৰাই বুজিলোঁ যে এই গাঁওখনৰ সজাগতাৰ অন্তৰালত সত্য কাহিনী এটাও নিহিত হৈ নথকা নহয়৷

শ্বিক্‌দামাখাৰ ডেকা প্ৰতিনিধি হাৰ ছিং খলাৰে এচিয়াৰ ভিতৰত প্ৰথম পৰিষ্কাৰ গাঁও মাউলিন্‌নং চাবৰ বাবে গৈছিল, ২০১২ চনত৷ মেঘালয়ৰ সেই খাচিয়া গাঁওখনৰ বিতোপন ৰূপ দেখি তেওঁ বৰকৈ মোহিত আৰু অনুপ্ৰাণিত হয়৷ নিজৰ গাঁওখনকো তেনেকুৱা এটা পৰ্যায়লৈ নিবলৈ তেতিয়াই সংকল্প লয়৷ ঘৰলৈ ঘূৰি অহাৰ পাছত এদিন দেওবাৰে গিৰ্জাৰ প্ৰাৰ্থনা সভাত নিজৰ চাক্ষুস অভিজ্ঞতা তেওঁ সমজুৱাৰ আগত সদৰি কৰিলে৷ দৰাচলতে তেতিয়াৰে পৰাই ৰাইজৰ মাজত বিষয়টোৱে প্ৰাধান্য পাব ধৰিলে৷ অৱশ্যে আৰম্ভণিতে কোনো কোনোৱে বিৰূপ মন্তব্যও নকৰাকৈ নাছিল৷ সেয়ে হলেও খলাৰৰ সদিচ্ছামূলক প্ৰচেষ্টাক্রমে চলা চাফ-চিকুণতাৰ জন-অভিযানটোত ধীৰে ধীৰে পুৰুষ-মহিলা উভয়েই আন্তৰিকতাৰে চামিল হৈ পৰিল৷ সৰ্বসাধাৰণৰ মানসিকতাৰ পৰিৱৰ্তন আৰু ইতিবাচক পদক্ষেপ; তাৰ পাছৰে পৰাই গাঁওখনৰ ৰূপটো দিনক-দিনে সলনি হব ধৰিলে৷

পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰপৰায়ণতা৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাই জীৱ-জগতৰ লগতে সকলোৰে মংগল সাধে আৰু দেখুৱাই দিয়ে শান্তিৰ বাট৷ ভাৰতীয় দৰ্শনৰ অন্যতম মূল্যৱান কথা এয়া৷ এইষাৰ বাণীকে সাৰোগত কৰি শ্বিক্‌দামাখাক সম্পূৰ্ণ পৰিষ্কাৰ গাঁও হিচাপে গঢ়ি তুলিবলৈ এদিন বদ্ধপৰিকৰ হৈ পৰিল প্ৰতিজন গাঁওবাসী৷ Charity begins at home. প্ৰথমে নিজৰ ঘৰ-দুৱাৰ, আগফাল-পিছফাল; তাৰ পাছত সমজুৱা ঠাই, আলি-পদূলি, চৌপাশ ইত্যাদি তেওঁলোকে চিকুণাই ৰখাৰ নিয়ম কৰিলে৷ প্ৰতি শনিবাৰে আৰম্ভ হল সমূহীয়া শ্ৰমদান কাৰ্য৷ ডেকাসকলে বাঁহেৰে ডাষ্টবিন কিছুমান নিৰ্মাণ কৰিলে৷ বাসস্থান, দোকান-পোহাৰ ইত্যাদিৰ সন্মুখ; বাটৰ দুকাষ, ৰাজহুৱা স্থানাদিত সেইবিলাক স্থাপন কৰিলে৷ আধাৰসমূহৰ পৰা জাৱৰ-জোঁথৰবোৰ নিয়মীয়াভাৱে সংগ্ৰহ কৰি নিষ্কাষণৰো বন্দৱস্ত কৰিলে৷ গাঁওখনৰ প্ৰত্যেকটো ঘৰৰ চৌহদত ফুলৰ বাগিচা সৃষ্টি কৰা, গছ-গছনি বচাই ৰখা, পৰিৱেশতন্ত্ৰ বজাই ৰখাত গুৰুত্ব আৰোপ কৰা হল৷ পূৰ্বৰ কেঁচা শৌচাগাৰসমূহ স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ অধীনত অনাময় শৌচাগাৰলৈ ৰূপান্তৰিতকৰণৰ প্ৰচেষ্টা এটাও চলি থাকিল৷ নিয়মানুৱৰ্তিতা, অনুশাসন আৰু একতাৰ বলত পশ্চিম কাৰবি আংলঙৰ এচুকত এনেকৈয়ে নীৰৱে জন্ম হল এটা জন-আন্দোলনৰ, সদাপযোগী এক কৰ্মযজ্ঞৰ৷

শ্বিক্‌দামাখা নামৰ সৰু গাঁওখন অচিৰেই অসমৰ অন্যতম পৰিষ্কাৰ গাঁও হিচাপে চৰকাৰৰ দ্বাৰা স্বীকৃত হব৷ কথাষাৰ ঘুনুক-ঘানাককৈ তেতিয়াই শুনিবলৈ পাইছিলোঁ৷ সেয়েহে বাতৰি কাকতৰ পৃষ্ঠাতে আৱদ্ধ নাথাকি নিজ চকুৰে স্থানটি এবাৰ দৰ্শন কৰি অহাৰ ইচ্ছা অকণমান তৎমুহূৰ্ততে জাগি উঠিছিল৷ প্ৰসংগক্রমে, জাতিৰ পিতা মহাত্মা গান্ধীয়ে বিয়াল্লিশৰ আন্দোলনৰ সময়তে উপলব্ধি কৰিছিল যে পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনাময় ব্যৱস্থা স্বাধীনতাতকৈ কেতিয়াও কমগুণে গুৰুত্বপূৰ্ণ নহয়৷ ইফালে, গান্ধীজীৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীত যাতে দেশক পৰিষ্কাৰ কৰি বিশ্বৰ আগত আদৰ্শ হিচাপে দাঙি ধৰিব পাৰি পৰৱৰ্তী সময়ত তাকে উদ্দেশ্য কৰি আন্তৰিকতাপূৰ্ণ প্ৰয়াস আৰম্ভ কৰিলে এতিয়াৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে৷ তেখেতৰ আহ্বানক্রমে ২০১৯ চনৰ অক্টোবৰ মাহৰ ভিতৰত ভাৰতবৰ্ষক নিকা কৰাৰ লক্ষ্য আৰু আশাৰে ৰাষ্ট্ৰজুৰি হাতত লোৱা হল স্বচ্ছ ভাৰত অভিযান৷ ২০১৪ বৰ্ষত গান্ধীজীৰ জন্মদিন ২ অক্টোবৰৰ দিনাই শুভাৰম্ভ হল ২ লাখ কোটি টকা ব্যয়সাপেক্ষ দেশৰ সৰ্ববৃহৎ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময় অভিযানটোৰ৷ এনেহেন অভিলাষী, বিশাল আৰু পৰিৱৰ্তন সূচনাকাৰী কাৰ্যসূচী আৰম্ভণিৰ বিশেষ তাৰিখটোতে চমু এক ভ্ৰমণসূচীৰে কাকতালীয়ভাৱেই উপস্থিত হৈছিলোঁ মেঘৰ ৰাজ্য মেঘালয়ৰ ইষ্ট খাচি হিল্‌ছ জিলাৰ Pynursla Blockৰ অন্তৰ্গত মাউলিন্‌নঙত৷ ভ্ৰমণ আৰু সাংস্কৃতিক বিষয়ক আগশাৰীৰ আলোচনী ডিছ্‌কভাৰ ইণ্ডিয়াই ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এই খাচি গাঁওখনক ২০০৩ চনত এচিয়াৰ আটাইতকৈ চাফা গাঁও আৰু ২০০৫ চনত ভাৰতৰ আটাইতকৈ চাফা গাঁও নামাংকনেৰে প্ৰকাশ কৰিছিল৷ নেছনেল জিঅগ্ৰাফিক আৰু ইউনেস্কোৱেও একেটা কথাকে ঘোষণা কৰিছিল৷ ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেছন, চমুকৈ বি.বি.চি.ৰ জৰিয়তে বহল প্ৰচাৰ লাভ কৰাৰ পাছৰ পৰা আজিৰ তাৰিখলৈকে উক্ত সুনামেই মাউলিন্‌নঙৰ বাবে হৈ পৰিছে পৰ্যটক আকৰ্ষণৰ বাৰ্তাবাহী৷ দৰ্শন-তৃষ্ণা নিবাৰণৰ বাবে পৰিবাৰসহিত ময়ো তালৈ ঢাপলি মেলিলোঁ৷ God's own garden চাই উভতি আহিলোঁ৷ তাৰ পাছত ২০১৬ৰ জুলাই মাহত সবান্ধৱে ভ্ৰমিলোঁ আংগামী নগাৰ পীঠস্থান, উত্তৰ-পূবৰ বিদ্ৰোহী কণ্ঠ আংগামী জাপ্‌ফু ফিজোৰ জন্মস্থান তথা এচিয়াৰ প্ৰথম সেউজীয়া গাঁও হিচাপে চিহ্নিত, আমাৰ অন্যতম চুবুৰীয়া ৰাজ্য নগা পাহাৰৰ খনমা৷ দুখনকৈ চিকুণ গাঁও একাদিক্রমে পৰিদৰ্শন কৰি অহাৰ পাছত মনটোৱে ধৰ্‌ফৰাই থাকিল শ্বিক্‌দামাখাত উপস্থিত হবলৈ৷ তদুপৰি চৰ্চালৈ অহা অন্য এখন পৰিচ্ছন্ন গাঁও কাৰবি আংলঙৰ পূব প্ৰান্তৰ বালিপথাৰৰ বানচাই শ্যাম গাঁওখন চাবলৈকো জাগ্ৰত হৈ ৰল ঠিক একে ধৰণৰ তাড়না৷

ইফালে, কেনে কাকতালীয় সংযোগ নাজানো, একেটা বিষয়তে একেখিনি সময়তে বৰকৈ আগ্ৰহী হৈ উঠিল অৰুণদা, অৰুণ টেৰণ৷ মবাইল ফোনৰ মাধ্যমেৰে আমাৰ মাজত সততে চলা কথোপকথনত ঠাই পোৱা মুখ্য প্ৰসংগটোৱেই হৈছে পৰ্যটন৷ ভ্ৰমণ-লালসা স্তিমিত কৰিবলৈকে অনেকবোৰ ৰোমাঞ্চকৰ ঠাইলৈ আমি একেলগে গৈছোঁ, চাইছোঁ, অধ্যয়ন কৰিছোঁ, অভিজ্ঞতা আহৰণ কৰিছোঁ৷ তাকে লৈ কেইবাটাও ভ্ৰমণ-বৃত্তান্তও লিখা হৈছে৷ গতিকে সোনকালেই শ্বিক্‌দামাখালৈ যোৱাৰ চিন্তাক বাস্তৱমুখী কৰাত দেহে-মনে লাগি গলোঁ৷ প্ৰস্তাৱ দিলোঁ, ‘‘সন্মুখত খ্ৰিষ্টমাচ৷ চৰকাৰী বন্ধ৷ এতেকে আপোনাৰ অফিচ বন্ধ থাকিব৷ সেই সুযোগতে পৰিষ্কাৰ গাঁওখনত পাক মাৰি অহাটো ভাল হব৷’’ দাদাই লগে লগেই নিশ্চিতি দিলে৷ সিমানতে ক্ষান্ত নাথাকি মনে মিলা সংগী বিচাৰি নিজেই প্ৰস্তাৱ দিলে সঞ্জুক৷ সঞ্জু বৰাও ততালিকে মান্তি হল৷ ২০১৫ৰ এপ্ৰিলত উত্তৰ-পূবৰ অন্তিম পূব চাই অহা আমাৰ অভিযাত্ৰী দল টীম মাৰ্ক পলৰ অন্যতম ভ্ৰমণপিয়াসী সদস্য অনিলদা, অনিল সূত্ৰধৰ অৱশ্যে ঘৰুৱা লেঠাৰ বাবে তালিকাৰ পৰা স্বেচ্ছাই বাদ পৰিল৷ তেওঁক স্থলাভিষিক্ত কৰি উল্লাসেৰে দলত চামিল হল সঞ্জুৰ পুত্ৰ সন্দীপন সাৰংগ৷ দল গঠনৰ পাছত অজান ৰোমাঞ্চকৰ জগতৰ সন্ধানত নিৰ্দিষ্ট দিনটোলৈ নিজস্ব অনুভূতি আৰু কৌতূহলেৰে প্ৰত্যেকে ক্ষণ গণি থাকিলোঁ৷

২৫ ডিচেম্বৰ ২০১৬ৰ পুৱা৷ আমাক কঢ়িয়াই নিবলগীয়া বলেৰখনৰ কাৰণে উৎকণ্ঠিত নয়নে ঘৰৰ আগফালৰ বাৰাণ্ডাত বহি আছোঁ৷ চালক ইন্দ্ৰজিত বৰদলৈয়ে এসময়ত দূৰৰ পৰাই দীঘলীয়াকৈ হৰ্ন বজাই ৰলহি৷ আংগামী মোনাটোত পানীৰ বটল, ডিজিটেল কেমেৰা, পকেট নটবুক্‌, কলম আদি ভৰাই লৈ প্ৰথমেই মই মোৰ প্ৰিয় চিটটো অধিকাৰ কৰি ললোঁ৷

‘‘লামডিং ৰডেৰে যোৱা হব নে মাঞ্জা-ডবকা হৈ?’’ বৰদলৈক প্ৰশ্ন কৰাত উত্তৰ পালোঁ ‘‘ছাৰে চাগৈ মাঞ্জাহৈহে যাবলৈ কব৷ কিন্তু লামডিং ৰডেৰে যোৱাটোহে ভাল৷ সময় ৰাহি হব৷ আপুনি ছাৰক কবচোন৷’’ ‘‘বাৰু হব, মই কম৷ এইটো বাটেৰে বহু বছৰ হল, যোৱা হোৱা নাই৷ ৰাস্তাটো ভাল হৈছে বুলি শুনিছোঁ৷’’ বৰদলৈয়ে মোৰ কথাষাৰত হয়ভৰ দিলে৷ কেইদিনমানৰ আগতে তেওঁ সেইফালেৰে গাড়ী চলাই আহিছে৷ ময়ো মনে মনে পাঙি থাকিলোঁ সুযোগটো বাস্তৱায়িত কৰাবলৈ৷

শিক্ষক কলনীত সঞ্জু আৰু সন্দীপন উঠিল৷ তাৰ পাছত ষ্টেডিয়াম ৰডত কেমেৰামেন কিৰণ বণিকক তোলা হল৷ শ্বিক্‌দামাখাৰ বিষয়ে সঞ্জুৱে তেওঁ জড়িত থকা টেলিভিচন চেনেল প্ৰতিদিন টাইমত সম্প্ৰচাৰণৰ বাবে প্ৰতিৱেদন প্ৰস্তুত কৰিব৷ গতিকে ভিডিঅ কেমেৰাসহিত লগত কেমেৰামেন নিয়াটো দৰকাৰ৷ কিৰণ ইয়াৰ আগতে কাৰবি আংলং আৰু গোলাঘাট জিলাৰ সীমাত অৱস্থিত নামবৰ সংৰক্ষিত বনাঞ্চল আৰু গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যৰ অভ্যন্তৰৰ নামবৰ নদীপৃষ্ঠত থকা ফটাশিল জলপ্ৰপাতলৈ ৮ নৱেম্বৰ ২০১৫ তাৰিখে আয়োজন কৰা জাংগল চাফাৰীত আমাৰ সৈতে গৈছিল৷ দুৰ্গম প্ৰকৃতিৰ বুকুত মুক্ত বিচৰণৰ সেই বিৰল অভিজ্ঞতা সন্দীপনেও পাই থৈছে৷ গতিকে এইবাৰ উৎসাহটো এখোপ চৰিছে৷

বাকী আটাইকেইজন যাত্ৰীকে সংগ্ৰহ কৰি বলেৰখন ঢাপলি মেলিলে অৰুণদাৰ ৰুকাছেনস্থিত ঘৰলৈ৷ অলপ সময় বহাৰ পাছত চিৰাচৰিত নিয়মেৰে কান্ধত কাৰবি জাম্বৰং, ডিঙিত কেমেৰা, হাতত ত্ৰাইপদ আদিৰে সুসজ্জিত হৈ অৰুণদা ওলাল আৰু নিজৰ নিৰ্দিষ্ট আসন গ্ৰহণ কৰিলেহি৷ ‘‘আমি লামডিং ৰডেৰে যাম দেই দাদা৷’’বলৈহে পালোঁ, ততালিকে সৈমান হৈ গল তেওঁ৷ বলেৰৰ চকা এইবাৰ ঘূৰিব লাগিল আমোলাপট্টিত অৱস্থিত ইছাৰ ফুৱেল ৰিফিলিং ষ্টেচনৰ দিশে৷

গাড়ীত ডিজেল ভৰাই লৈ ঠিক ৮.৩০ বজাত ডিফুৰ পৰা আৰম্ভ হল আমাৰ বহু আকাংক্ষিত যাত্ৰা, পৰিষ্কাৰ গাঁৱৰ সন্ধানত, শ্বিক্‌দামাখালৈ৷ ডিফু-লামডিং পথছোৱা বহলভাৱে নকৈ সজাৰ কাম চলি আছে৷ পকীকৰণ হোৱা নাই যদিও গাঁত-গোতোং কমি যোৱাত ডেকা চালকজনে ড্ৰাইভিঙত সুখ পাইছে৷ এই ৰাস্তাটো ৫ কিলমিটাৰ মাৰাট লংৰি অভয়াৰণ্যৰ মাজেদি গৈছে৷ আপুৰুগীয়া জৈৱ-বৈচিত্ৰ্য আৰু বন্যপ্ৰাণী ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে জিলাখনৰ ডিছামা, কাকী আৰু ইংলংকিৰি সংৰক্ষিত বনাঞ্চলক লৈ পশ্চিম কাৰবি আংলং বন সংমণ্ডলৰ অন্তৰ্গত মুঠ ৪৫১.৮৭ বৰ্গ কিলমিটাৰ অঞ্চলক সামৰি ২০০৩ চনৰ ১৭ এপ্ৰিল তাৰিখে চৰকাৰীভাৱে অভয়াৰণ্যখন গঠন কৰা হৈছিল৷ চেগুন, গমাৰি, পমা, ভেলৌ, আমলখি, শিলিখা, ভোমোৰা, ঔ-টেঙা আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ গছ-লতিকা, অৰ্কিড, বাঁহ-ঘাঁহ আদিৰে পৰিপূৰ্ণ এই বন্যভূমি৷ আনহাতে হাতী, সুগৰী পহু, কেটেলা পহু, বনৰীয়া গাহৰি, বনৰৌ, বনগৰু, টুপীমূৰীয়া বান্দৰ, হলৌ বান্দৰ, মলুৱা বান্দৰ, ৰাং কুকুৰ, কলা ভালুক, হেপা, কেৰ্কেটুৱা, নাহৰফুটুকী বাঘ, ঢেঁকীয়াপতীয়া বাঘ, ধনেশ, হাইঠা, হেঁটুলুকা, সাপকটা, দেওহাঁহ, দেওডৰিক, কাছ, গুঁই, ৰাজফেটী সাপ, অজগৰ সাপ, জেঠী, ভেকুলী, পতংগ আদিৰে সমৃদ্ধ বুলি পঢ়িবলৈ পাইছোঁ৷ বিগত ছেপ্টেম্বৰ মাহৰ ২৮ তাৰিখে অন্য চাৰিজন সদস্যৰ সৈতে দল বান্ধি কাহিলি পুৱাতে চলোৱা এক ট্ৰেকিং অভিযানত এইটো ৰাস্তাৰে বাৰ কিল পৰ্যন্ত আগ বাঢ়ি বাঁওহাতে হাবিতলীয়া বাটেৰে ৬ কিলমিটাৰ সোমাই নীলালং ৰেলৱে ষ্টেচন পাইছিলোঁগৈ৷ তাৰ পৰা ৰেল আলিৰে ১০ কিলমিটাৰ খোজ কাঢ়ি পালোঁহি ডিফু৷ গতিকে লামডিং ৰডৰ বাৰ কিলৰ পাছৰ এলেকাছোৱা বাস্তৱিকতেই মোৰ বাবে ক্ষণে ক্ষণে কৌতূহলৰ উৎস হৈ থাকিল৷

নিৰ্মীয়মান ৰাস্তাৰে ধূলি উৰুৱাই আঙুলিৰ মূৰত লেখিব পৰা কেইটামান জনপদ অতিক্রমি আমি ফৰেষ্ট গেট পালোঁগৈ৷ মাত্ৰ এঘণ্টাৰ বাট যদিও ঘৰত একো খাই নহাৰ কাৰণে ভোকে প্ৰচণ্ডভাৱে আমনি কৰিব ধৰিলে৷ তিনিআলিটোৰ পৰা বাঁওহাতে লামডিঙলৈ, প্ৰায় ৫ কিলমিটাৰ৷ পিছে, আমি যাব লাগিব সোঁপিনে৷ তিনিআলিতে গাড়ী ৰখাই হোটেল এখনত চাহ, পৰঠা আদি খাই লোৱা হল৷ তাৰ পাছত আৰম্ভ হল পৰৱৰ্তী খেপ৷

লামডিং সংৰক্ষিত বনাঞ্চলৰ মাজেদি আগ বাঢ়ি ক্ষন্তেকতে ফৰ লেন হাইৱেত উঠিলোঁগৈ৷ বন্ধবাৰ হেতুকে ৰাজপথত গাড়ী-মটৰৰ সংখ্যা তাকৰ৷ বৰদলৈয়ে আনন্দমনে এক্সেলাৰেটৰত হিচাপী হেঁচা প্ৰয়োগ কৰি গৈছে৷ বিভিন্ন ধৰণৰ কথা-বাৰ্তাৰে মুখৰ হৈ উঠিছে গাড়ীৰ ভিতৰভাগ৷ সন্দীপনে লগত নিয়া অকণমানি অথচ শক্তিশালী ছনী এম্‌প্লিস্পীকাৰটোৰ সৈতে নিজৰ মবাইল ফোনটো ব্লুটুথৰ জৰিয়তে সংযোগ কৰি শ্ৰুতিমধুৰ গান কিছুমান শুনাই গৈছে৷ পেট গধুৰ হোৱাৰ বাবেই চাগৈ সংগীবৃন্দই মাজে মাজে টোপনিয়াইছেও৷ তাকে লৈ পিছফালে বহা কিৰণ আৰু মোৰ মাজত প্ৰচুৰ হাস্যৰস সঞ্চাৰিত হৈছে৷

মূল পথৰ দুপাৰৰ সৰু-সুৰা অনেক ঠাই পাৰ হৈ আমি নগাঁও জিলাৰ কঠীয়াতলী চাৰিআলিত উপস্থিত হলোঁ৷ তেনেতে গাড়ীখনৰ গতি কমাই বৰদলৈয়ে অনুমতিৰ সুৰত অৰুণদালৈ চাই কলে, ‘‘কামপুৰ হৈ যাওঁ৷ ভাল হব ছাৰ৷’’ মনে মনে থাকিলোঁ যদিও আকস্মিক প্ৰস্তাৱটো পেটে পেটে হলে ভালেই পালোঁ৷ সেই ৰাস্তাটোৰে কোন কেতিয়াবাতে এবাৰ আহিছিলোঁ, গুৱাহাটীৰ পৰা ডিফুলৈ প্ৰত্যাৱৰ্তন কৰোঁতে৷ বহুত বছৰ হল নহা৷ এতিয়া সেইফালেৰে গলে সুখেই পাওঁ৷ অঞ্চলটো চোৱা হব৷ অৰুণদাৰ সদৰ্থক সঁহাৰি পাই চালকেও ৰাজপথ এৰি গাড়ীখন বাঁওহাতে সুমুৱাই নিলে৷ দুকাষলৈ অনুসন্ধিৎসু দৃষ্টি প্ৰসাৰিত ৰাখি প্ৰত্যেকে যাত্ৰাৰ আনন্দ লোৱাত মগ্ন হৈ পৰিলোঁ৷

১ বজাত পালোঁগৈ কামপুৰ৷ ৰাস্তা ভাল৷ তাৰ পৰা চাপৰমুখ, ৰহা, আকৌ ফৰ লেন৷ কপিলীৰ পাৰে পাৰে কামপুৰৰ পৰা চাপৰমুখলৈ ২১ কিলমিটাৰ বাট৷ সমান ৰাস্তাত গাড়ীখন সুন্দৰকৈ চলি আছে৷ ঠাইবোৰ বৰদলৈৰ চিনাকি৷ তেওঁ ধাৰা-বিৱৰণী শুনাই গৈছে৷ সুচালনাৰ বাদেও ভাল ড্ৰাইভাৰ এজনৰ স্থান-জ্ঞান আৰু সময়সাপেক্ষ উপস্থাপন বৰ দৰকাৰী, যি তথ্যই ভ্ৰমণকাৰী যাত্ৰীক যথেষ্ট উপকৃত কৰে৷

ৰহা এৰি অলপমান আগলৈ গৈ গাড়ীত আকৌ এবাৰ ইন্ধন ভৰাই লোৱা হল৷ দিনৰ ১২ বজাত আমচৈ গেট পালোঁ৷ প্ৰশস্ত ৰাজআলিৰ পৰা ফাটি ঠেক ৰাস্তা এটা আমচৈলৈ সোমাইছে৷ গাড়ীখন বাঁওহাতে যাব ধৰিলে৷ শ্বিক্‌দামাখালৈ নেলীৰ পৰাহে ওচৰ আৰু সহজ বুলি জানিছিলোঁ৷ পিছে আমাৰ গাড়ীচোন চলিব লাগিছে আমচৈ অভিমুখে! মনে মনে চিন্তিতই হলোঁ৷ বাকীসকলে নেলী হৈ যোৱাৰ বিষয়ে একো নুলিওৱাত কিন্তু ভালেই পালোঁ, কিয়নো এইটো ৰাস্তাৰেও মই আগতে কেতিয়াও যাত্ৰা কৰি পোৱা নাই৷ গতিকে অনৰ্থক তৰ্কজালত বন্দী নহৈ যেনিয়েই নিয়ক, ঠিকে-ঠাকে গন্তব্য পালেগৈয়ে হল মনোভাবেৰে চুপ-চাপ যাত্ৰা কৰি থাকিলোঁ৷

মৰিগাঁও-নগাঁও জিলাৰ সীমাৰ আমচৈ চাহ বাগিচা৷ তাৰ পাছত বেলতলা, আমচৈ৷ আমচৈ নগাঁও জিলাত পৰে৷ অলপমান আগলৈ গৈ সোমবৰীয়া সাপ্তাহিক বজাৰ৷ তাতে ভকচঙৰ পোন বাটটো এৰি বৰগাঁও অভিমুখীকৈ বলেৰখন সোঁহাতে ধাৱমান হল৷ কাৰবি লাংপি জলবিদ্যুৎ প্ৰকল্পলৈ যোৱা আমট্ৰেং ৰড এইটো৷ গুৱাহাটীৰ পৰা বৈঠালাংছ হৈ হামৰেণলৈ অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছ চলাচলৰ পথ এইটোৱেই৷ কথাষাৰ গম পালোঁ গাড়ীৰ ভিতৰত চলা আলোচনাৰ পৰা৷ আৰু অকণমান আগুৱাই যাওঁতে পালোঁ শিৱকুণ্ড, ঐতিহ্যমণ্ডিত পৰ্যটনথলী৷ ফৰ লেন পথৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ১১ কিলমিটাৰ৷ শিৱকুণ্ডৰ সৈতে জড়িত পৌৰাণিক কাহিনী অনুসৰি দূৰ অতীতত কোনো লোকে শিৱৰ প্ৰতিকৃতি শিলত খোদাই কৰি ঈশ্বৰ উপাসনাৰে মনৰ অভিলাষ পূৰণৰ চেষ্টা কৰিছিল৷ আমচৈৰ নাতিদূৰৈত অৱস্থিত এই শিৱথানলৈ মহাদেৱৰ আৰাধনাৰ অৰ্থে অনেকজন ভক্তৰ আগমন ঘটে৷ ঠাই টুকুৰাৰ প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা৷ সেউজীয়াৰ মাজত শিলাখণ্ডৰ ওপৰৰ পৰা তললৈ নামি অহা সুদৃশ্য জলপ্ৰপাত এটাও আছে৷ অৰণ্য আৰু বন্যপ্ৰাণী ভাল পোৱাসকলৰ অন্যতম প্ৰিয় ঠাই শিৱকুণ্ড জলপ্ৰপাত৷ নেলীৰ ওচৰৰ সীতা জখলাৰ নৈসৰ্গিক পৰিৱেশো আকৰ্ষণীয়৷ ইয়ালৈ অহাৰ উৎকৃষ্ট সময় অক্টোবৰৰ পৰা মাৰ্চ মাহ পৰ্যন্ত৷ আজি বন্ধৰ দিন৷ বছৰৰ শেষত প্ৰকৃতিৰ উন্মুক্ত বুকুত লগে-ভাগে বনভোজ এসাজ খাবলৈ অহা মানুহ আৰু বাহনেৰে শিৱকুণ্ডৰ চৌপাশ উপচি পৰা দেখিলোঁ৷ সেয়া এৰি শাল, চেগুন আদি পুৰণি গছ-বিৰিখৰ আৱেষ্টনীৰ মাজেৰে ওপৰ দিশে উঠি গৈ থাকিলোঁ আমি৷ হাবিতলীয়া ৰাস্তাটোৰ পৃষ্ঠভাগ ভগ্নপ্ৰায়৷ গাড়ীখন খুব ধীৰে ধীৰে আগুৱাইছে৷ বছৰ বছৰ ধৰি পথটোৰযে কোনো মেৰামতি হোৱা নাই সেয়া সহজেই বুজিব পাৰিছোঁ৷ ইফালে উচ্চতালৈ গতি কৰাৰ লগে লগে ঠাণ্ডাৰ প্ৰকোপটো ক্রমাৎ বৃদ্ধি পাব ধৰিলে৷

আমচৈ বজাৰৰ পৰা ১৫ কিলমিটাৰ আগলৈ যাত্ৰা কৰি এটা তিনিআলি পালোঁ৷ নামমাত্ৰ সাধাৰণ দোকান-পোহাৰ কেইখনমান৷ বাঁৱে চীনা নৈৰ ওপৰত পকী দলং৷ সেইফালেই আমট্ৰেং, বৈঠালাংছলৈ যায়৷ বৈঠালাংছলৈ দূৰত্ব ৩০ কিলমিটাৰ৷ কেঁচামাটিৰ ৰাস্তাডোখৰৰ দাঁতিত পুতি থোৱা বৰ্ড এখনতে হিচাপটো লিখা আছে৷ আমি সোঁহাতে যাব ধৰিলোঁ৷ গম পাইছোঁ, নেলীৰ পৰা শ্বিক্‌দামাখা সংযোগী চমু আৰু পোনপটীয়া ৰাস্তাৰে নগৈ আমাৰ বাহনে দীঘলীয়া বাটেৰে গতি কৰি আছে৷ স্বাভাৱিকতে এসময়ত যাত্ৰীসৱৰ মাজত উচ্‌পিচনি আৰম্ভ হ‘‘ইমান দেৰি অহাৰ পাছতো লক্ষ্যস্থান নাপাওঁহে নাপাওঁ দেখোন! ৰাস্তা ভুল হল নেকি আমাৰ? শ্বিক্‌দামাখা কেনি?’’ সন্দেহবশতঃ কেইবাঠাইতো ৰৈ ৰৈ অপৰিচিত দুই-চাৰিক সোধাও হল৷ ‘‘ইয়াৰ পৰা বহুত দূৰ, ৫০ কিলমিটাৰমান হব, এইফালে নহয়’’ ইত্যাদি ইত্যাদি ভিন্নসুৰীয়া উত্তৰ৷ উত্তৰ শুনি বৰদলৈ, সঞ্জু, অৰুণদা চিন্তিত হৈ উঠিছে৷ কোঁচ খাই পৰা কপালৰ বলি-ৰেখাবোৰে পৰিষ্কাৰ ৰূপত সেয়া উন্মুক্ত কৰি দিছে৷ মই কিন্তু আগতেই গম পাই থৈছোঁ৷ গতিকে মনে মনে আছোঁ আৰু হাবিৰ মাজত হেৰাই যোৱাৰ মজা পূৰ্ণৰূপত উপভোগ কৰি আছোঁ৷ পাহাৰৰ মাজত পথৰ কাষত ওলোৱা ধাননি, ফিচাৰী, চাহ খেতি, মহৰ জাক, পাৰ্বত্য শোভা ইত্যাদিবোৰ লক্ষ্য কৰি হৈ পৰিছোঁ আনমনা৷

ৰাস্তাটো ঠেক আৰু অকোৱা-পকোৱা৷ ক্রকেনদাং, মৰ্টেন আদি পাৰ হলোঁ৷ সাৱধানীৰ বিপদ নাই৷ পাহাৰত এনেয়েও  যতে-ততে ৰাস্তা৷ যতেই তিনিআলি দেখিছে বৰদলৈয়ে তাতেই গাড়ীৰ গতি কমাই কাৰোবাক সুধি লৈছে গন্তব্যস্থলৰ অৱস্থান সম্বন্ধে৷ মুকলিত কাকো নোপোৱাত এবাৰ অচিনাকি মানুহৰ ঘৰত সোমায়ো আনকি বুজ ললেগৈ৷ কৰবাত ভগা অসমীয়াত, কৰবাত হিন্দী, কৰবাত ইংৰাজীত উত্তৰ পোৱা গৈছে৷ সেইবোৰলৈ সমূলি কাণসাৰ নাই মোৰ৷ যতেই সুবিধা পাইছোঁ, খিৰিকীৰ আইনাখন আধালৈকে নমাই ততেই কেমেৰাৰ লেন্স বাহিৰ কৰিছোঁ আৰু তড়িৎ বেগে শ্বাটাৰৰ বাটন টিপিছোঁ৷ তেনেকৈয়ে গৈ গৈ আম্‌ৰি উন্নয়ন খণ্ডৰ মুখ্যালয় উলুকুঞ্চিত প্ৰৱেশ কৰিলোঁ৷ ডেৰ কিলমিটাৰ আগত উলুকুঞ্চি-ৰংজাংফং তিনিআলি৷ তিনিআলিৰ পৰা ৰংজাংফঙলৈ দূৰত্ব ৭ কিলমিটাৰ৷ আমি সোঁহাতে আগ বাঢ়িলোঁ৷

চকুৰ আগত পাহাৰৰ মাজত অৱস্থিত এটা সমতল অঞ্চল৷ কাঁড় চিনযুক্ত পকী ফলক এখনত লিখা আছে ১.৭ কিলমিটাৰ দূৰত্বত আমকাছি কেথলিক চাৰ্চ, আৰু কিবাকিবি৷ খ্ৰিষ্টমাছ উপলক্ষ্যে সজা তোৰণ এখনো অদূৰত দৃশ্যমান হৈছে৷ গাড়ী গুচি গল সেইখনৰ তলেৰে৷ সাপ্তাহিক বজাৰ এখন পালোঁগৈ৷ শুকুৰবৰীয়া বজাৰৰ হাটঘৰবোৰ এতিয়া জনশূন্য৷ আটাইতকৈ ডাঙৰ কথা, ৰাস্তাটোও তাতেই সমাপ্ত! গাটো ইতিমধ্যে চেবাইছিল৷ বাট ভুল হৈ থাকিল৷ এঠাইত সোধা-পোছা কৰি গাড়ীখন ঘূৰাই লোৱা হল৷ ভাল পৰুৱাই পালে আজি! স্বগতোক্তি নকৰি নোৱাৰিলোঁ৷ একে সময়তে, বাটৰ আমোদ আৰু হেৰাই যোৱাৰ আনন্দকণো কিন্তু লৈ থাকিলোঁ৷

ঘূৰি আহি পকী ফলকখনৰ সোঁহাতেদি বলেৰখন সোমাল৷ বাঁওহাতে টিলাৰ ওপৰত স্কুল এখন৷ বিৰচিংকিৰ আগলৈ গৈ ৰাস্তাটো আকৌ দুভাগ হল৷ ভাগ্য ভাল, দৈৱক্রমে কম সময়ৰ ভিতৰতে বিপৰীত দিশৰ পৰা মটৰ চাইকেল আৰোহী এজন আহি ওলাল৷ তেওঁৰ পৰা সঠিক ভু লৈ আকৌ সোঁফালে আগ বাঢ়িলোঁ৷ বাঁওহাতে উম্‌লাপেৰ, হাৱাং, মেঘালয়লৈ৷

উম্‌পেনাই প্ৰেছবিটেৰীয়ান চাৰ্চৰ গেটখনে এইবাৰ আমাক বৰদিনৰ সম্ভাষণ জনালে৷ উম্‌পেনাই শব্দটো দেখিয়েই স্মৃতিপটত ভাহি উঠিল, কাৰবি আংলঙৰ প্ৰথমগৰাকী উচ্চশিক্ষিতা বিদূষী মহিলা, অসম বিধান সভাৰ প্ৰথম মহিলা উপাধ্যক্ষ, লোক সভাৰ প্ৰথম মহিলা সদস্য কাবন নেলি তিমুংপী, বিবাহসূত্ৰে বনেলী খংমেনৰ মুখখন৷ হৃদয়ৰ এৰাব নোৱাৰা এক তাগিদাতে ২০০৪ চনৰ ২৪ জুন তাৰিখে শ্বিলঙৰ লাচুমিৰৰ মাকাশ্বিয়াঙত অৱস্থিত গৃহ EBENEZARত তেখেতক সাক্ষাৎ কৰিছিলোঁগৈ৷ তেখেতৰ পিতৃ, গ্ৰামীণ চিকিৎসা-কৰ্মী মন্‌ছদাৰ তিমুং আৰু মাতৃ ফ্লৰিচা ক্রপী এই উম্‌পেনাইৰে বাসিন্দা আছিল৷ গিৰ্জাৰ আহ্বানক্রমে পিছত পৰিয়ালটো উঠি গৈছিল কাষৰীয়া ৰাজ্য মেঘালয়ৰ জোৱাইলৈ৷

সেইখিনি পাই আমি আকৌ ঘূৰিলোঁ সোঁৱে৷ উম্‌পেনাই পাৰ হলোঁ৷ আগত গৈ পুনৰায় খোকোজা৷ স্থানীয় মানুহক সোধাত ৰঙচুৱা মাটি দেখা পাই থকা ৰাস্তা এটাৰে যাবলৈ নিৰ্দেশ দিলে৷ পথাৰৰ মাজেদি যোৱা সেই বাটটোৰে গাড়ীখন নামি গল৷ মাজে মাজে কেঁচামাটি৷ পুনৰায় বজাৰ এখনত উপস্থিত হলোঁগৈ৷ Welcome to Pundurimakha লিখা ফলক এখন আমাৰ সোঁহাতে পথৰ দাঁতিত দণ্ডায়মান অৱস্থাত পৰিলক্ষিত হল৷ ঠাইটুকুৰা বেছ পৰিষ্কাৰ৷ বাঁহৰ ডাষ্টবিন কিছুমান ইফালে-সিফালে মাটিত পুতি থোৱা আছে৷ আৰু আগলৈ যোৱাত পালোঁ, লোৰ ফেন্সিঙেৰে চক্রাকাৰে ঘেৰি থোৱা যিশুখ্ৰিষ্টৰ প্ৰতিকৃতি এটা৷ ৰঙীন পতাকা কিছুমান বতাহত হালিছে-জালিছে৷ তাৰ ফাঁকেৰেই দেখিবলৈ পাইছোঁ, দুহাত প্ৰসাৰিত কৰি প্ৰভু যিশুৱে যেন আমাকেই আৱাহন জনাইছে! পুনৰবাৰ সোধ-পোছৰ অন্তত জানিলোঁ, বাঁওফাললৈ পথাৰৰ মাজেৰে দেখি থকাটোৱেই শ্বিক্‌দামাখালৈ যোৱা বাট৷ কালবিলম্ব নকৰি অগ্ৰসৰ হলোঁ আমি৷

Welcome to Shikdamakha৷ দূৰৈৰ পৰাই সোঁহাতে জিলিকি থকা চাইনবৰ্ডখনে লক্ষ্যস্থানলৈ আমাক আদৰিলে৷ আখৰখিনি চকুত পৰা মাত্ৰকে স্বস্তিৰ নিশ্বাস ওলাই আহিল অৰুণদাৰ মুখৰ পৰা৷ ৰাস্তাটো আৰু দুয়োকাষ বেচ পৰিষ্কাৰ৷ অকাই-পকাই উঠি থাকি বাঁওহাতে একাদিক্রমে পালোঁ কেথলিক চাৰ্চ আৰু পকী গেলাৰীসংযুক্ত এখন খেলপথাৰ৷ বিপৰীতফালে বিশালাকাৰ স্কুল এখন আৰু হোষ্টেল বিল্ডিং৷ দেৱালৰ কাষে কাষে পকী পথটো আগুৱাইছে৷ লোৰ গেটৰ সন্মুখত ওখ ভেটিৰ ওপৰত স্থাপিত চেইণ্ট জন বস্কৰ প্ৰতিকৃতি৷ বিল্ডিঙৰ ওপৰত ডাঙৰকৈ লিখা আছে উম্‌চোৱাই ডন বস্ক৷ ৰাস্তাটোৱে সেইডোখৰতে কেঁকুৰিৰ ৰূপ লৈছে৷ দুকাষে দোকান কেইখনমান৷ কেইখোজমান আঁতৰত ৰাস্তাৰ দুয়ো দাঁতিত থিয় কৰি ৰখা ঘূৰণীয়া স্তম্ভত লিখা শব্দকেইটাই খ্ৰিষ্টমাছৰ সেৱা আৰু ইংৰাজী নতুন বছৰৰ ওলগ জনালে৷ নিশ্চিত হলোঁ যে বৰ্ধিত পৰিধিৰে ঘূৰি-পকি অৱশেষত পাইছোঁহি শ্বিক্‌দামাখা৷ লক্ষ্যস্থলত উপনীত হওঁতে ঘড়ীত দিনৰ ২ বাজি গল৷

মসৃণ পথটো গাঁওখনৰ মাজেৰে আগলৈ গুচি গৈ বাঁওদিশলৈ ঘূৰি অদৃশ্য হৈছে৷ দৃষ্টিয়ে আগুৰিব পৰা পৰ্যন্ত সকলো ফালেই চাফ-চিকুণ৷ গাড়ীখন ধীৰে ধীৰে আগ বাঢ়ি আছে৷ কত ৰবগৈ লাগিব এজনেও নাজানো৷ বিপৰীত ফালৰ পৰা এহাল মানুহ আহি আছে৷ ‘‘এয়াইনে শ্বিক্‌দামাখা?’’ ৰাস্তাৰ মাজতে গাড়ী ৰখাই তেওঁলোককে প্ৰথমে সোধা হল৷ সঠিক উত্তৰ পাই আটায়ে সেই স্থানতেই নামি দিলোঁ৷ অচিনাকি বাহন আৰু মানুহবোৰক দেখি আন কেইবাজনো স্থানীয় লোকো ওচৰ চাপি আহিল৷ প্ৰত্যেকৰে চাৱনিত কৌতূহলী প্ৰশ্নবোধক৷ আমাৰ মাজত পাৰস্পৰিক পৰিচয় বিনিময় হল৷ উদ্দেশ্য অৱগত কৰাৰ পাছত অঞ্চলটোৰ সম্বন্ধে কথা-বাৰ্তা চলিল৷ পৰিচ্ছন্ন গাঁওখন আমি ঘূৰি-পকি চোৱাৰ আগ্ৰহ প্ৰকাশ কৰিলোঁ৷ তেওঁলোকেও তৎমুহূৰ্ততে দেখুৱাবলৈ মান্তি হল৷

থিয় হৈ থকাৰ পৰাই দেখিছোঁ, পকা ৰাস্তাটোৰ দুয়োহাতে সুন্দৰকৈ কলম দিয়া জবা ফুলৰ গছবোৰ৷ প্ৰথম দৃষ্টিতেই মনটো সুখী আৰু উৎফুল্লিত হৈ উঠিছে৷ উত্তৰ আমেৰিকাত খ্ৰিষ্টমাছ ফ্লাৱাৰ বুলি কোৱা উজ্জ্বল ৰঙাৰঙী ফুলবোৰ ফুলি জক্‌মকাই আছে৷ ইংৰাজীত Mexican poinsettia, বৈজ্ঞানিকভাৱে Euphorbia pulcherrima বোলা এই ফুলবিধ বৰদিনৰ বাৰ্তাবাহক৷ বিভিন্ন জাতৰ অন্য গছ-গছনিয়েও আমাক আনন্দ দান কৰিলে৷ বাটৰ কাষত শৃংখলাবদ্ধভাৱে মাটিত গুজি থোৱা অৱস্থাত বাঁহৰ কিছুমান ডাষ্টবিন৷ ঘৰবোৰৰ পদূলি, চৌহদ আদিৰ চাফ-চিকুণতা দেখি তবধ মানিলোঁ৷ তদুপৰি কোনোফালে কাৰো হাই-উৰুমি নাই৷ গাড়ীখন তাতে এৰি কথা পাতি পাতি খোজ কাঢ়ি সকলোটি এইবাৰ সদলবলে সোমাই গৈ থাকিলোঁ শ্বিক্‌দামাখাৰ অভ্যন্তৰলৈ৷

হল্‌ৱিজ মাছলাই৷ শ্বিক্‌দামাখা গাঁৱৰ গাঁওবুঢ়া৷ ১৪জনীয়া হৈ পৰা আমাৰ সন্মিলিত বাহিনীটোৰ পদযাত্ৰাৰ লগে লগে গৌৰৱেৰে তেওঁ বৰ্ণনা কৰি গল নিজৰ গাঁওখনৰ কথা৷ ‘‘তিৱা শব্দ শ্বিক্‌দাৰ অৰ্থ ফান্দ, মাখা মানে পাহাৰীয়া ঠাই৷ সদ্যহতে গাঁওখনত ৮৭ ঘৰ মানুহ আছে৷ মুঠ জনসংখ্যা ৪৬৪৷ সৰহভাগেই তিৱা৷ ৪-৫ ঘৰ কাৰবি৷ খাচিয়া লোকৰ বসতি নাই৷ ধৰ্মত সমুদায় কেথলিক খ্ৰিষ্টান৷ ইয়াত চৰকাৰী এল.পি. স্কুল এখন আছে৷ ডন বস্ক স্কুল এখনো আছে৷ এম.ই. স্কুল, হাইস্কুল কিম্বা মহাবিদ্যালয় নাই৷ গাঁৱৰ লৰা-ছোৱালী কিছুমান বাহিৰলৈ পঢ়িবলৈ যায়৷ থকাখিনিয়ে ইয়াতেই পঢ়ে৷ শিক্ষিতৰ হাৰ ৯০ শতাংশ৷ মবাইল নেটৱৰ্ক ইয়াত নাই৷ মেঘালয়ৰ ফালৰ পৰা চিগ্‌নেল মাজে-সময়ে পোৱা যায়৷ উমিয়ামলৈ ইয়াৰ পৰা ৭ কিলমিটাৰ মাত্ৰ৷’’

২০০৩ চনত শ্বিক্‌দামাখাৰ সোণালী জয়ন্তী উদ্‌যাপিত হৈছে৷ সেই উপলক্ষে গাঁওবাসীয়ে স্থাপন কৰা যিশুখ্ৰিষ্টৰ প্ৰতিকৃতি আৰু শৈলস্তম্ভ গাঁওখনৰ মাজমজিয়াতে ওচৰা-ওচৰিকৈ প্ৰত্যক্ষ কৰিলোঁ৷ বগা ৰঙৰ মূৰ্তিটোৰ তিনিকোণীয়া ভেটিত লগোৱা মাৰ্বলৰ ফলিত খোদিত আছে Christ yesterday, today and forever. Build by the people of Shikdamakha village in memory of the great jubilee year 2000. Blessed by Rev. Fr. Albano D' Mello, Sdb, 10 December 2000 কাষতে থকা শৈলস্তম্ভৰ বেদীত স্থাপিত ফলকত পঢ়িলোঁ Erected in memory of the Golden Jubilee of the Shikdamakha village, 1953-2003, blessed by Rt. Rev. John Thomas, D.D., Bishop of Diphu, 2nd Feb. 2003

সেইডোখৰতে বাঁহ-খেৰেৰে আটোম-টোকাৰিকৈ নিৰ্মিত আৰু কঁহুৱাৰে সজ্জিত চাংঘৰ এটা৷ চাঙৰ ওপৰত সজা মডেলৰ জৰিয়তে প্ৰভু যিশুৰ জন্মৰ পৰা আৰম্ভ কৰি ক্ৰুছবিদ্ধ অৱস্থালৈকে পৰ্যায়ক্রমে আকৰ্ষণীয়ভাৱে প্ৰদৰ্শন কৰা হৈছে৷ ধুনীয়া সাজ পৰিধান কৰা শিশু কেইটামানে একান্তমনে সেইবোৰ চাই আছে৷ মূল পথটো এৰি সেইডোখৰতে সোঁহাতে সোমাই গৈছে কেঁচা আলি এটা৷ বৰদিনৰ সেই বিশেষ সজ্জা লক্ষ্য কৰাৰ পাছত ধীৰ খোজেৰে আমি সেইফালে বাট বুলিলোঁ৷ ঘৰে ঘৰে ওলমাই ৰখা শুভংকৰ খ্ৰিষ্টমাছ ষ্টাৰবোৰ সহজতেই চকুত পৰিল৷ ধৰ্মই মানুহক নিকা জীৱন-পদ্ধতি আৰু স্বাস্থ্যসন্মতভাৱে জীয়াই থকাৰ অভ্যাস গঢ়িবলৈ শিকনি দিয়ে৷ নিকা চিন্তাই নিকা কৰ্মৰ প্ৰতি মনক উদ্বুদ্ধ কৰে৷ চৌদিশৰ ৰূপটোৱে এই চিৰন্তন সত্যটোকে যেন দোহাৰিলে৷

গিৰ্জা এটা পালোঁহি৷ সন্মুখডোখৰ মুকলি আৰু চাফা৷ তাতে একাষে এটা মঞ্চ, তিৰ্পালৰ অস্থায়ী চালি এখন আৰু টিনপাতেৰে ৰন্ধন গৃহ এটা সাজি থৈছে৷ বৰদিন উপলক্ষে কাইলৈ ইয়াত ভোজ-ভাতৰ আয়োজন কৰা হৈছে বুলি জনালে৷ সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হব৷ শ্বিক্‌দামাখাৰ তিৱাসকলে স্বকীয় সাংস্কৃতিক ঐতিহ্য-পৰম্পৰা এনেকৈয়ে ৰক্ষা কৰি আহিছে৷ মৰিগাঁও জিলাৰ জাগীৰোডৰ পৰা প্ৰায় ৫ কিলমিটাৰ আঁতৰত থকা ইতিহাসপ্ৰসিদ্ধ জোনবিলৰ পাৰৰ মুকলি ভূখণ্ডত বছৰি মাঘ মাহত তিনিদিনব্যাপী চলা জোনবিল মেলালৈকো তেওঁলোক যায় বুলি কথাৰ মাজতে জনালে৷ প্ৰাচীন গোভা ৰাজ্য আৰু ৰজাৰ সময়ৰে পৰাই অসমত বসবাস কৰা কিৰাত-মংগোলীয় গোষ্ঠীৰ অন্যতম আদিবাসী পাহাৰীয়া নৈপৰীয়া তিৱাসকলৰ সংস্কৃতিৰ এক ঐতিহাসিক স্বাক্ষৰ আৰু একক তথা অনন্য বৈশিষ্ট্য বহন কৰি আহিছে জোনবিল মেলাই৷ তালৈকে পশ্চিম কাৰবি আংলঙৰ পাহাৰৰ পৰা দলে দলে নামি যায় মামা-মামীসকল৷ থল আৰু পাহাৰৰ চেনেহজৰীৰে বন্ধা মৰম-প্ৰীতি, ভাব-বতৰাৰ লগতে বিনিময় প্ৰথাৰে আদান-প্ৰদান কৰে মাছ-কচু, আদা-হালধি, সান্দহ-পিঠা আদি৷ যোৱা বছৰ জোনবিল মেলাৰ বিনিময় থলীত স্বচক্ষে দেখা পোৱা তিৱা, নেপালী, কাৰবি, খাচি মামা-মামীহঁতৰ মুখবোৰ চিনেমাৰ দৃশ্যৰ দৰে তৎমুহূৰ্ততে মোৰ মানসপটত ধৰা দিলেহি৷

ইফালে, মুক্তাংগনৰ ঘাঁহনিত ৰৈ সঞ্জুৱে গাঁৱৰ প্ৰমুখ ব্যক্তিবিশেষৰ সাক্ষাৎকাৰ লবলৈ যো-জা চলাইছে৷ এইটো ঠিক যে চৰকাৰী গাঁওবুঢ়া, মুখিয়াল ব্যক্তি, শিক্ষক, গৃহিণী আদিৰ সৈতে অন্তৰংগতাৰে ভাব বিনিময় বা আলাপ কৰিলেহে ঠাইখনৰ সঠিক তথ্যবোৰ জানিব পৰা যায়৷ মুখামুখিকৈ কিৰণো সাজু হৈছে উদ্যত ভিডিঅ কেমেৰাটোৰে৷ ইংগিত পোৱাৰ লগে লগে কেমেৰালৈ চাই গাঁওবুঢ়াই কৈ গল, ‘‘পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সজাগতাৰ ধাৰণাটো ইয়ালৈ পোনতে আমদানি কৰিছিল ডাক্তৰ ৰেমিলচন মাছলাই নামৰ লোক এজনে৷ গাঁও সমিতি, গাঁওবুঢ়া, গিৰ্জাৰ অগ্ৰজসকলৰ সৈতে হোৱা আলোচনা-বিলোচনাৰ অন্তত সকলোৱে তাক গ্ৰহণ কৰিলে৷ ২০১২ চনত আৰম্ভ হল সমূহীয়া পৰিষ্কৰণ প্ৰক্রিয়া৷ ডাক্তৰ মাছলায়ে ডেকাশক্তিক বিশেষভাৱে উদ্বুদ্ধ কৰিছিল৷ যুৱ সম্প্ৰদায়ৰ সহযোগতে প্ৰতি শনিবাৰে উক্ত প্ৰথা কাৰ্যকৰী কৰিছিল৷ পেলনীয়া জাৱৰ-জোঁথৰ ৰাখিবৰ বাবে তেওঁলোকে যেতিয়া বাঁহেৰে ডাষ্টবিন কিছুমান সাজিছিল, সেইবোৰ দেখি আন মানুহে হাঁহিছিল৷ হলেও সেই বাস্কেটসমূহ তেওঁলোকে স্থানবিশেষে স্থাপন কৰিছিল৷ লাহে লাহে স্থানীয় লোকসকলে কথাবোৰ বুজি পালে আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰক্রিয়াটোক অন্তঃকৰণেৰে আঁকোৱালি ললে৷ তেনেকৈয়ে আৰম্ভ হৈ ইয়াত এইটো এতিয়া আটাইৰে দৈনন্দিনৰ এৰাব নোৱাৰা অভ্যাস হলগৈ৷ সকলোৱে এতিয়া নিজৰ ঘৰ-চোতাল, চৌহদৰ ফুলনি, বাৰীকে ধৰি আগফাল-পিছফাল, ৰাস্তা-নলা আদি চাফা কৰি ৰাখে৷ পুৱা-গধূলি দুটা সময়ত গাঁওখন পৰিষ্কাৰ কৰা হয়৷ দেওবাৰে পুৱা সোনকালে শোৱাপাটি এৰি সমূহীয়া চাফাই কৰা হয়৷ কাৰোবাৰ ক্ষেত্ৰত কামৰ বোজা অধিক হলে গাঁও সমিতিৰ তৎপৰতাত আনেও গৈ সহায়ৰ হাত আগ বঢ়ায়৷ এনেকৈয়ে পশ্চিম কাৰবি আংলঙৰ শ্বিক্‌দামাখা এখন পৰিষ্কাৰ গাঁও হৈ উঠিছে৷’’

শ্বিক্‌দামাখা প্ৰতিষ্ঠা হৈছিল ১৯৫৩ চনত৷ প্ৰয়াত হন্দৰ ছিং মাছলাই আছিল এই গাঁৱৰ প্ৰতিষ্ঠাপক তথা প্ৰথমজন গাঁওবুঢ়া৷ আমি তেখেতৰ পুত্ৰ ৰলিন মাছলাইক লগ পালোঁ আৰু অনেক কথা পাতিলোঁ৷ ৰাইজৰ সমস্যাসমূহ গাঁও উন্নয়ন সমিতিৰ কাৰ্যনিৰ্বাহকত বিতংভাৱে আলোচনা কৰা হয়৷ তাৰ পাছত কি-কত কৰিব লাগে ঠিৰাং কৰা হয় আৰু সেইমতে চোৱা-চিতা কৰা হয়৷ ভিলেজ কমিটিৰ তত্ত্বাৱধানত আৰু সকলোৰে সহযোগত গাঁওখনত চাফাই অভিযান কিদৰে ৰূপায়িত হয় তাৰ আভাস দাঙি ধৰাৰ উপৰি যুৱকজনে জনালে, ‘‘ইয়াৰ বৰ্তমান নিবাসীসকল দৰাচলতে এই ঠাইৰ পৰা ১ কিলমিটাৰমান আঁতৰত থকা বৰমাৰ্জং নামৰ গাঁৱৰ পৰা প্ৰব্ৰজিত হোৱা লোক৷ তিৱাসকলো ইয়ালৈ আহি খ্ৰিষ্টানলৈ ধৰ্মান্তৰিত হল৷ ৪-৫ ঘৰ কাৰবিৰ বাদে বৰ্তমান শ্বিক্‌দামাখাৰ সৰহসংখ্যকেই তিৱা জনগোষ্ঠীৰ৷ গাঁওখন খেতি-পথাৰে আগুৰি আছে৷ এলেকাটো একাষৰীয়া, অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তৱৰ্তী৷ নেলীৰ পৰা লাঙাৰদাং হৈ চিধাচিধিকৈ ইয়ালৈ আহিব পাৰি৷’’

কেমেৰাৰ সন্মুখত কোৱা কথা আৰু দৃশ্যবোৰ ৰেকৰ্ড কৰাৰ পাছত তলৰফালে নামি যোৱা ৰাস্তাৰে আটায়ে দলে-বলে ৰাওনা হলোঁ গাঁওখনৰ মূৰলৈ৷ ধুনীয়াকৈ কলম কৰা দুশাৰী জবা ফুলৰ মাজেৰে অগ্ৰসৰ হৈছোঁ৷ দুকাষে টিনপাত দিয়া বাঁহৰ ঘৰ, ৱাল-বাতাম দিয়া পকী মজিয়াৰ ঘৰ, তাঁতশাল আদি৷ সন্মুখত অচিনাকি উদ্ভিদ কিছুমানৰ উপৰি চৌহদৰ ভিতৰত কাগজ ফুল, কল, নেমু, অমিতা, ৰবাবটেঙা ইত্যাদিৰ গছ দেখা পালোঁ৷ ফোন নাই যদিও ইয়াত বিদ্যুৎ সংযোগ হলে আছে৷

নামি গৈ থকা মাটিৰ বাটটো আমি অলপ আগতে সিমূৰে এৰি অহা মূল ৰাস্তাটোত সংযুক্ত হল৷ কেইমিটাৰমান আগত পথটো আকৌ দুভাগ হৈছে৷ এঠাইত লিখা আছে সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা ৪৬৬.৪১ মিটাৰ৷ বাঁওহাতে ১.৫ কিলমিটাৰ আগত মাৰ্জং লালুং গাঁও৷ উমিয়াম নৈৰ কাষৰীয়া উম্‌লাপেৰ, উম্‌লাফ্লং আদিলৈ সেইফালেৰে যাব পাৰি৷ এইখিনিৰ পৰা দেখি থকা দুয়োটা ৰাস্তাই কেঁচা৷ সেইবোৰ নিৰীক্ষণ কৰি আমি উভতিলোঁ৷ দলটোৰ আটাইতকৈ শেষত থাকি লাহে লাহে খোজ দিছোঁ৷ চিন্তা কৰিছোঁ, শ্বিক্‌দামাখাৰ মাটিকালি কিমান হব? প্ৰৱেশ পথত ভিলেজ মেপ এখন থকাটো অপৰিহাৰ্য আছিল৷ চাৰিওদিশে পথাৰে আগুৰা অঞ্চলটোত এগ্ৰ-টুৰিজিম গঢ় লৈ উঠিব পাৰে নিশ্চয়৷

উঠি আহি গিৰ্জাটোৰ সন্মুখ পালোঁহি৷ খ্ৰিষ্টমাছৰ সমূহীয়া প্ৰাৰ্থনা কাৰ্যসূচী কেতিয়াবাই সামৰণি পৰিছে৷ যুৱক এজনে বাৰাণ্ডাখনতে চাউণ্ড চিষ্টেম এটা সামৰি আছে৷ মূল দৰজাখন খোলা৷ তেওঁক সুধি গিৰ্জাটোৰ ভিতৰত প্ৰৱেশ কৰিলোঁ৷ বাকী দুৱাৰ-খিৰিকীবোৰ বন্ধ৷ গিৰ্জাৰ ভিতৰভাগ পৰিষ্কাৰ৷ পোনে পোনে সিমূৰে এফুটমান ওখকৈ মঞ্চ এটা৷ মঞ্চৰ ওপৰত কাঠৰ টেবুল এখন৷ টেবুলৰ ওপৰত যিশুক কোলাত লৈ থকা মেৰীৰ মূৰ্তি এটা৷ মুখৰ আগৰ দেৱালখনত ত্ৰুছবিদ্ধ যিশুৰ প্ৰতিকৃতি লগাই ৰখা হৈছে৷ দুশাৰীকৈ পৰিপাটিভাৱে সজোৱা আছে বেঞ্চবোৰ৷ বেঞ্চ এখনত হাৰমনিয়ম এটা৷ কাষতে কিতাপ এখন৷ ৰোমান আখৰত লিখা তিৱা দোৱানৰ কিতাপখনৰ নামটো চাবলৈ বৰ মন গল৷ Soroki Lam৷ ৰেংমা নগাসকলৰ ছং বুক্‌ মুদ্ৰণৰ কৰ্ম-অভিজ্ঞতাৰে অনুমান কৰিলোঁ, খ্ৰিষ্ট গানৰ পুথিয়ে হব চাগৈ অৰ্থটো৷

ভিতৰত অলপ পৰ কটাই ওলাই আহিলোঁ৷ গিৰ্জাৰ বাঁও কাষেৰেও কেঁচা ৰাস্তা এটা আছে৷ সেইফালেও ঘৰ কিছুমান দেখা গৈছে৷ সংগীবৃন্দই ইতিমধ্যে সেইসমূহ পৰ্যবেক্ষণ কৰি উভতিলেই৷ তৎসত্ত্বেও নিজে এবাৰ গৈ চোৱাৰ লোভকণ সামৰিব নোৱাৰিলোঁ৷ মন কৰিলোঁ, সেই দিশেও একেই পৰিষ্কাৰ-পৰিচ্ছন্ন ৰূপ৷ ঠাই এখনৰ এনে চিকুণ ৰূপ-মাধুৰী এদিনীয়া বা মুহূৰ্তৰ টিলিকিত হোৱা কথা নহয়৷ ধাৰাবাহিকভাৱে তেওঁলোকে নিকা চৰিত্ৰটো ধৰি ৰাখিছে৷ অকলে অকলে সেইফালেও কিছুদূৰ ভ্ৰমি দৃশ্য কেইটামান কেমেৰাত বন্দী কৰি ঘূৰি আহিলোঁ৷ আহি থাকোঁতে ভাব হল, শ্বিক্‌দামাখাৰ অনুকৰণেৰে অন্যান্য গাঁও-চহৰবোৰেও পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ হকে খৰতকীয়া পদক্ষেপ হাতত লোৱা উচিত৷ মনতে কৰি চোৱা হিচাপত পালোঁ, ২০১৯ চনৰ অক্টোবৰ মাহলৈ মাজত মাথো ৩৪টা মাহহে বাকী৷

নিৰু ছিং মাদাৰ আৰু জুলিয়াচ মাদাৰ নামৰ যুৱক দুজনে গিৰ্জাঘৰৰ মাইকছেট সামৰাত লাগি আছে৷ চাপি গৈ তেওঁলোকৰ সৈতে কথা পতাৰ আগ্ৰহ জন্মিল৷ আলোচনা কালত জনালে, ‘‘গাঁওখনৰ আৱাসীসকলৰ সৰহভাগেই বৃত্তিত খেতিয়ক৷ ২০জন লোকে চৰকাৰী চাকৰি কৰে৷ ১৭জনে ব্যক্তিগত খণ্ডত কাম-কাজ কৰে৷ কেইজনমানৰ দোকান আছে৷’’

তেওঁলোকৰ পৰা বিদায় লৈ উভতি আহি আছোঁ৷ সৰু লৰা দুটাক পালোঁ৷ সিহঁতৰ লগতো কিছুপৰ আলাপ কৰিবৰ মন গল৷ কথা শুনিয়েই বোধ হল যে এই গাঁৱৰ শিশুৱেও ইংৰাজী কব পাৰে৷ সৰুৰ পৰা ডাঙৰলৈকে অসমীয়া বা হিন্দীতকৈ ইংৰাজী কোৱাতহে অধিক আগ্ৰহী আৰু অভ্যস্ত যেন লাগিল৷ অসমীয়া কোৱাত ইতস্ততঃবোধ কৰাটো সৰুৱেই নহয়, ডাঙৰৰ ক্ষেত্ৰতো স্পষ্ট ৰূপত পালোঁ৷ বুজি পালোঁ যে ইয়াৰ কাৰণটো অন্য নহয়, কওঁতে অনিচ্ছাকৃতভাৱে হব পৰা ভুলৰ শংকাহে৷ এই আশংকা পিছে তেনেই অমূলক৷ কেইবাটাও ভাষা তেওঁলোকে কব পাৰে৷

এনেদৰে আপোনমনে কথা পাতি, বিভিন্ন দিশৰ ফটো তুলি থাকোঁতেই অৰুণদাহঁতৰ লগতে আমাক সংগ দিয়া স্থানীয় দলটোৰ সৈতে মোৰ যোগাযোগ বিচ্ছিন্ন হল৷ এখোজ-দুখোজকৈ অকলে অকলে ওলাই আহিলোঁ অথনিৰ তিনিআলিটোলৈ৷ সেইখিনি পাই চাওঁ যে কাৰো টিকনি দেখিবলৈকে নাই৷ আটায়ে অদৃশ্য! গাড়ীখনো আনকি অথনি এৰি থৈ যোৱা স্থানৰ পৰা অন্তৰ্ধান! কোনফালে কিয় গৈছে একো ইংগিতেই এৰি যোৱা নাই৷ পথভ্ৰষ্ট যাত্ৰিক হৈ সমদলৰ সহযাত্ৰীসৱৰ কথা-বতৰা বা ভৰিৰ খোজৰ শব্দ ভাহি আহে নেকি বুলি ইফালে-সিফালে কাণ পাতিলোঁ যদিও মিছা হল৷ কলৈ গল তেন্তে? কেনি যাব পাৰে? নিজকে সম্পূৰ্ণ অকলশৰীয়া যেন লাগিল৷ চিন্তা কৰিলোঁ, কি কৰা যায় এতিয়া? সুধিবলৈও কোনোৱেই নাই৷ অচিন ঠাইত হেৰাই থাকিলোঁ দেখোন! মনলৈ দুশ্চিন্তা কিছুমান আহিল ঠিকেই, বেয়াও অৱশ্যে নালাগিল৷ যি হয় হব বুলি ভাবি ললোঁ আৰু ধীৰ খোজেৰে পকা ৰাস্তাটোৰে আগুৱাই গৈ থাকিব ধৰিলোঁ৷ ডিঙিত খোলা কেমেৰা৷ শ্বাটাৰত সোঁহাতৰ তৰ্জনী৷ পৰিষ্কাৰ চৌহদ, ঘৰ, পদূলি, ফুল যিহকে ভাল লাগিছে তাকে ৰৈ ৰৈ চাইছোঁ, টোঁৱাইছোঁ আৰু ক্লিক্‌ কৰিছোঁ৷ লুক্‌ এণ্ড শ্বুট্‌৷ ইফালে দেখি থকালৈকে ৰাস্তাত কোনো নৰ-মনিচ নাই৷ হাই-উৰুমিশূন্য শান্ত-সৌম্য পৰিৱেশ৷ আকৌ খোজ বঢ়াইছোঁ আগলৈ৷

উম্‌চোৱাই ডন বস্কখনৰ সমীপ পালোঁহি৷ দোকান এখন খোলা আছিল৷ দোকানীলৈ চাই প্ৰশ্ন কৰিলোঁ, ‘‘বগা ৰঙৰ বলেৰ এখন এইফালে যোৱা দেখিছে নেকি?’’ উত্তৰ আহিল, পিছে নঞৰ্থক৷ কি কৰা ভাল হব? গাড়ীও হেৰাল, মানুহো হেৰাল৷ ডন বস্কৰ দেৱালৰ কাষেৰে কেঁচা ৰাস্তা এটা সোমাই গৈছে৷ সেইফালে আছে নেকি চাওঁ বুলি গলোঁ৷ ৰাস্তাটো তলফালে নামি অদূৰত অৰণ্যত লুকাইছে৷ মুখৰ আগত শ্বিক্‌দামাখা খেলপথাৰ৷ চকুৰ সন্মুখত আধাৰশিলা এটা৷ চীফ্‌ মিনিষ্টাৰ্চ ড্ৰীম প্ৰজেক্টৰ অন্তৰ্গত গ্ৰামীণ ক্রীড়া প্ৰকল্প নিৰ্মাণাৰ্থে আধাৰশিলাটো স্থাপন কৰা হৈছিল বিগত ২০১৪ চনৰ ১৪ নৱেম্বৰ তাৰিখে, পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম-জয়ন্তী উপলক্ষে, কৃতী খেলুৱৈ জোচেফ মাছলাইৰ দ্বাৰা৷ নিৰ্জীৱ আধাৰশিলাটোৱে দেহত ধাৰণ কৰি থকা কথাখিনি মনোযোগেৰে পঢ়ি অঁতালোঁ৷ প্ৰকল্পটো পিছে আজিকোপতিও নহল৷ ফিল্ডখনৰ সিপাৰে শ্বিক্‌দামাখা এল. পি. স্কুল৷ মাজতে লৰা-ছোৱালী কেইটামানে মাৰ্বলগুটি খেলিছে৷ সিহঁতকে চাই চাই ভালেমান সময় কটাই দিলোঁ৷ কোনোবা দিশে আমাৰ গাড়ীখনৰ আৱাজ শুনা পাওঁ নেকি বুলি কাণ উনায়ো থাকিলোঁ অৱশ্যে৷

ঘূৰি আহি পকা ৰাস্তাৰে আকৌ খোজ দিছোঁ, আগলৈ৷ জন বস্কৰ প্ৰতিকৃতি, স্কুল ফিল্ডৰ গেলাৰী পালোঁহি৷ কেনি কি আছে, মনোযোগেৰে চৌপাশ লক্ষ্য কৰিছোঁ৷ আৰু আগুৱাই যাব ধৰিলোঁ৷ আগৰ কেঁকুৰিটোত সোঁহাতে গিৰ্জা আৰু পাস্তৰৰ ঘৰলৈ সোমাই গৈছে৷ নামনি অভিমুখী পথটোৰ আগত আকৌ এটা কেঁকুৰি৷ সেইখিনিতে এজাকমান লৰা ৰাস্তাৰ কাষৰ ঘাঁহনিত বহি আছে৷ সিহঁতৰ ওচৰ পালোঁগৈ৷ দোকানীজনক কৰা একেটা প্ৰশ্নকে স্কুলীয়া লৰামখাৰ আগতো এৰি দিয়া হল৷ উত্তৰো আহিল একেই৷ তেনেহলে কেনি গল অৰুণদা-সঞ্জুহঁত? ইমান সময়ে দেখাদেখি নাই! চিন্তাটো এতিয়াহে বাঢ়িল৷ ফোন কৰিবলৈও ব্যৱস্থা নাই৷ একমাত্ৰ ঈশ্বৰেই ভৰসা এতিয়া৷

কিছু পৰ তাতে থিয়া-থিই কৰি থাকিলোঁ৷ অচিনাকি মানুহ দেখি লৰাহঁতৰ মাজতো বু-বু বা-বা আৰম্ভ হৈছে৷ পোহৰ কমি আহিছে৷ শেষবাৰৰ বাবে দূৰলৈ দৃষ্টি প্ৰসাৰিত কৰি কতো গাড়ীখনৰ শ্ৰীচেহেৰা নেদেখাত উভতি খোজ লোৱাটোকে উচিত বুলি বিবেচনা কৰাৰ বাদে বিকল্প একো নাথাকিল৷ স্কুল ফিল্ড পাইছোঁহি, তেনেকুৱাতে পিছফালৰ পৰা ছাৰ ছাৰ বুলি চিঞৰি-বাখৰি চাইকেল চলাই লৰা এটা আহি ওলাল৷ সি জনালে, ‘‘বগা ৰঙৰ বলেৰ এখন তলফালে বজাৰত দেখা পাইছোঁ ছাৰ৷’’ ধন্যবাদ জনাই তাক বিদায় দিলোঁ যদিও মোৰ মনে নকলে যে সেইখন আমাৰ গাড়ী৷ ইমান আঁতৰলৈ যোৱাৰ কোনো সম্ভাৱনা মই ভবাত নাই৷ আৰু সেইখনেই যদি হয়, তেনেহলে মোক বিচাৰি ইয়ালৈকে আহিব নিশ্চয়৷ সিদ্ধান্ত সলনি নকৰিলোঁ আৰু আহি আহি অথনিৰ দোকানখনৰ সন্মুখ পালোঁহি৷ তাতে বেঞ্চ এখনত বহি ভাবি আছোঁ, কি কৰা হব, কত কটাম আজি ৰাতিটো, ইত্যাদি ইত্যাদি৷

সকলো দুশ্চিন্তা-দুৰ্ভাবনাৰ যৱনিকা পেলাই অলপ সময়ৰ অন্তত দূৰৰ পৰাই দীঘলীয়াকৈ হৰ্ন বজাই আমাৰ গাড়ীখন ওলালহি৷ বৰদলৈয়ে মোৰ সন্মুখ পাওঁতেই ব্ৰেক মাৰিলে৷ দোকানীক মাত লগাই নিজৰ চিটত বহি পৰিলোঁ৷ বিয়লি ৪ বাজিছে৷ আমি শ্বিক্‌দামাখা এৰিলোঁ৷ কথা প্ৰসংগত জানিব পাৰিলোঁ যে অথনিৰ তিনিআলিটোৰ পৰা তেওঁলোক সকলোটি গাড়ীত উঠি তলফালে গল, চাহ খাবলৈ৷ ফলত মোৰ সৈতে সংযোগ নাইকিয়া হৈ থাকিল৷ মোক তেনেকৈ এৰি থৈ যোৱাৰ বাবে সংগীসকলৰ প্ৰতি ওভতনি যাত্ৰাৰ প্ৰাৰম্ভতে সবল অভিযোগ আনিলোঁ৷ অকলে অকলে ঘূৰি ফুৰাৰ বাবে মোৰ বিপৰীতেও গুৰুতৰ অভিযোগ উঠিল৷ এই লৈ গাড়ীৰ ভিতৰত কেইমিনিটমান কথা-বাৰ্তাবোৰ বেছ গম্ভীৰ ৰূপতে চলি থাকিল৷ জ্ঞানপিপাসু আত্মাই সংযম হেৰোৱাটো স্বাভাৱিক৷ অৱশেষত সকলো কথা তল পেলোৱা হল হেৰাই যোৱাৰ আনন্দক উচ্চাসন দি৷ শ্বিক্‌দামাখালৈ আহি পৰিচ্ছন্নতা আৰু প্ৰদূষণহীনতাৰ লগতে এই আনন্দকণো নভবাকৈয়ে মই পাই গলোঁ৷

পৰিষ্কাৰ গাঁওখনৰ পৰা ওলাই নেলী-উম্‌পেনাই-খান্দুলী-তাপাত ৰডেৰে নেলীলৈ আহি আছোঁ৷ মেঘালয় তেনেই ওচৰতে৷ পাহাৰৰ ওপৰত সুদৃশ্য পাইন বনানী দৃষ্টিগোচৰ হৈছে৷ জলবায়ু শীতল৷ এঠাইত পথৰ বাঁওদাঁতিয়ে এটা আৰ.চি.চি. ভিউ পইণ্ট ওলাল৷ তাত উঠি নামনিৰ দৃশ্যৰাজি চোৱা হওক বুলি গাড়ী ৰখাই আটায়ে নামি দিলোঁ৷ দিনান্তত সূৰ্যৰশ্মিৰ প্ৰাৱল্য কম হৈ আহিছে৷ ক্ষীণ পোহৰত পাৰ্বত্য সৌন্দৰ্য চোৱাত অসুবিধা হৈছে৷ পাহাৰতলীৰ দৃশ্য ভালকৈ নেদেখিলেও দেখি দুখ লাগিল যে যথোপযুক্ত পৰিচৰ্যাৰ অভাৱত হাবি-জংঘলে আগুৰি পেলোৱাত পকী দৰ্শনথলীটো লেতেৰা আৰু নষ্ট হব ধৰিছে৷ ক্ষন্তেক পৰ তাত অতিবাহিত কৰি সকলোটি আকৌ গাড়ীত উঠিলোঁ৷

ঠেক ৰাস্তাটো ক্রমান্বয়ে তললৈ নামিছে৷ নামনিত বাঁওহাতে কিলিং নৈ৷ পঢ়িবলৈ পোৱামতে এতিয়াৰ কিলিং নৈখনেই তাহানিৰ কুলেং, মেঘালয়ত উমিয়াম৷ কাৰবি কিম্বদন্তীত উল্লেখ আছে যে আদিম কালত কুলেং নৈৰ পাৰৰ ৰংৰেংছাং অঞ্চলত মুৰিং ৰংছপী নামে এখন প্ৰসিদ্ধ গাঁও আছিল৷ পূব খাচি পাহাৰ জিলাৰ মাইলিয়মত উৎপত্তি হোৱাৰ পাছত নৈখন উত্তৰ-পূবমুৱাকৈ বৈ আহিছে৷ ১৯৬০ চনত এই নৈতে বান্ধ দি শ্বিলং-গুৱাহাটী পথৰ দাঁতিত পতা হৈছিল উমিয়াম জলবিদ্যুৎ প্ৰকল্প, বৰাপানী জলাধাৰ৷ অসমত সোমাই সমতলৰ ঔগুৰি চাহ বাগিচাৰ পশ্চিমেৰে  কিলমিটাৰ আহি উমছিয়াং নৈক বাঁওপাৰে লোৱাৰ পাছতে নাম লৈছে কিলিং৷ পশ্চিম কাৰবি আংলং জিলাখনক চুই থাকি অসম-মেঘালয় ৰাজ্যিক সীমান্ত চিহ্নিত কৰিছে এই নৈয়ে৷ ধৰমতুলৰ পৰা ৫ কিলমিটাৰমান পশ্চিমে মৰিগাঁও জিলাৰ মাজত কপিলীত মিলিত হোৱা কিলিং হৈছে কপিলীৰ অন্তিম উপনৈ৷

ইতিহাসৰ মতে সমগ্ৰ ভাৰত আৰু ১৮২৬ৰ ঐতিহাসিক ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীন হৈ পৰা অৱস্থাতো একমাত্ৰ গোভা ৰাজ্য ব্যতিক্ৰম স্বৰূপে আছিল৷ ১০ বছৰ পৰ্যন্ত স্বাধীন হৈ আছিল গোভা ৰাজ্য৷ তিৱাৰ পৰাক্ৰমৰ সন্মুখত যুদ্ধৰে নোৱাৰি ব্ৰিটিছ পক্ষই ১৮৩৫ চনত সন্ধি স্থাপনৰ সিদ্ধান্ত কৰিলে৷ এই উদ্দেশ্যে ৪জন সৈন্যক তিৱা ৰজাৰ ওচৰলৈ পঠালে৷ গোভা ৰজা চত্ৰ সিঙে চাৰিওজনকে বন্দী কৰিলে৷ এজনে কিবাকৈ প্ৰাণ লৈ পলাই গ'ল৷ বাকী তিনিজনক জংখং পূজাত বলি দিয়া হ'ল৷ মৃতদেহকেইটা ভটিয়াই আনি নৈ এখনতে উটুৱাই দিয়া হ'ল৷ কথাটো ব্ৰিটিছেও গম পালে৷ তেওঁলোকে নৈখনৰ নাম দিলে কিলিং (Killing)৷ সেয়ে কিলিং নদী৷ এই ঘটনাৰ পৰিপ্ৰেক্ষিততে উক্ত চনতেই চিলেট লাইট ইনফেণ্ট্ৰিৰ কেপ্টেইন লিষ্টাৰে গোভা ৰাজ্যক ব্ৰিটিছৰ অধীনস্থ কৰি পেলায়৷

লাঙাৰদাং, ঔগুৰি তিনিআলি হৈ বিয়লি ৫ বজাত নেলী পালোঁহি৷ নগাঁৱৰ পৰা উলুকুঞ্চিলৈ এইটো বাটেৰেই বাছ চলে৷ কাৰবি ভাষাত 'লাং' মানে পানী, 'কে' হৈছে প্ৰথমা বিভক্তিৰ চিহ্ন, 'এৰ' মানে ৰঙা৷ 'টাং' শব্দৰ অৰ্থ কেইবাটাও৷ হয়, ঠিকেই আছে, ছাঁ, দেখা, সমাপ্ত কৰ, শপত ল, শপত খা, মৰম, পুতৌ, পা, অৰ্জন কৰ আদি৷ কোনটো প্ৰয়োগ হৈছে সঠিক নাজানো৷ কিন্তু মূল শব্দটো 'লাংকেৰটাং' অৰ্থাৎ ৰঙাপানী আছিল বুলি মানুহে কয়৷ অনেকৰ মুখত লাংকাৰটাং, লাংগাৰদাং বুলিও শুনা যায়৷ মুখ বাগৰি লাঙাৰদাং হ'ল চাগৈ৷ কোনোবাই হেনো লামদাঙা বুলিও কয়৷ আনহাতে কিলিং আৰু লাংকেৰটাঙৰ মাজত কিবা মিল থাকিব পাৰে নেকি? বলি কাটি উটুৱাই দিয়াত পানী ৰঙা হ'ল৷ এতেকে লাং-কে-এৰ-টাং৷ বিশেষজ্ঞ বা গৱেষক কোনোটোৱেই নহওঁ যদিও মনতে কল্পনা এটা কৰি চালোঁ৷ আনহাতে নৱেম্বৰ-জানুৱাৰী মাহত এই ঠাইডোখৰত নিয়ৰৰ টোপালবিলাক হেনো বহুত ডাঙৰ জোখৰ হয়৷ তুষাৰপাতৰ দৰে বগা নহয় যদিও তেনেকুৱাই হয় হেনো৷

বিদেশী বহিষ্কাৰ আন্দোলনৰ কালত ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা এই নেলীতে সংঘটিত হৈছিল এক নাৰকীয় হত্যাকাণ্ড যত পুৰুষ-মহিলা, বৃদ্ধ-শিশুকে ধৰি প্ৰায় ১,৮৫০জন লোকে প্ৰাণ হেৰুৱাইছিল৷ উক্ত ঘটনাৰ উচিত বিচাৰৰ দাবীৰে অদ্যাপি প্ৰতিবাদী সভা, কলা দিৱস অনুষ্ঠিত হৈ আহিছে৷ নেলীত আমি ফৰ লেন মহামাৰ্গত উঠিলোঁ৷ মসৃণ পথেৰে নগাঁও অভিমুখে খৰকৈ আগুৱাই আহি ৰহাৰ ওচৰৰ দীঘলীআটিত মিডৱে ধাবাত ৰোৱা হল৷ খুব ভোক লাগিছিল৷ দুপৰীয়াৰ আহাৰ বুলিবলৈ পেটত একো নপৰিলেই৷ কিৰণ আৰু বৰদলৈয়ে ভাত খালে৷ বাকী আমি চাৰিজনে পেট ভৰাই ৰুটি, চাহ খাই ললোঁ৷ ঘৰমুখী যাত্ৰা পুনৰ আৰম্ভ হল৷

নগাঁও বাইপাছত গাড়ী সোঁহাতে ঘূৰিল, ডবকা অভিমুখে৷ ডবকা বাইপাছত ফৰ লেন হাইৱে এৰি বাঁওহাতে সোমাল৷ সেইখিনিৰ পৰা ডিফুলৈ ১০৮ কিলমিটাৰ৷ লামডিঙলৈ ৬০ কিলমিটাৰ৷ হিচাপ কৰি চালোঁ, লামডিং হৈ গলে ডিফুলৈ দূৰত্ব  ১২ কিলমিটাৰমান কমে৷ হলেও আন্ধাৰ বেছি হৈ আহিছে৷ গতিকে আমি পাৰখোৱা, বকলীয়া, মাঞ্জা হৈ যোৱাটোৱে সকলোৱে সমৰ্থন কৰিলে৷ ঘৰ পাওঁতে নিশা ৯ বাজিল৷

বিশ্বব্যাপী পৰ্যটনে এতিয়া আটাইতকৈ ডাঙৰ উদ্যোগ হিচাপে মানৱ সমাজত গুৰুত্ব লভিছে৷ গ্ৰাম্য পৰ্যটন, ইক-টুৰিজিম হৈ উঠিছে নিশ্চিত আয়ৰ সমল৷ যাদুকৰী সৰগ মাউলিন্‌নং, আংগামী নগাৰ বৰভেটি খনমাৰ দৰে শ্বিক্‌দামাখাবাসীয়েও ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্ন ৰূপ বজাই ৰাখিয়ে অৰ্থনৈতিক প্ৰগতি সাধিবলৈ আগন্তুক দিনত নিশ্চয় সমৰ্থ হব৷ স্বচ্ছতাক কেন্দ্ৰ কৰি এক আকৰ্ষণীয় টুৰিষ্ট স্পটলৈ উন্নীত হোৱাৰ অৰ্থে ইয়াৰ বাট-পথ, নলা-নৰ্দমা, পানী-পায়খানা, আৱৰ্জনা নিষ্কাষণ পদ্ধতিৰ উদ্‌গতি; প্লাষ্টিকৰ ব্যৱহাৰ, নিচাযুক্ত দ্ৰব্য, চিকাৰ কাৰ্য আদি নিষিদ্ধ; খেলপথাৰ, সংগ্ৰহালয়, পুথিভঁৰাল, প্ৰেক্ষাগৃহ, অৰ্কিড উদ্যান আদি নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ; প্ৰকৃতি সংৰক্ষণ, বৃক্ষৰোপণ, প্ৰদূষণ নিয়ন্ত্ৰণ, যাতায়াত ব্যৱস্থা আদি দিশত যথাযথ পদক্ষেপেৰে সামূহিক উন্নয়ন সাধিব লাগিব৷ চৰকাৰৰ সুপৰিকল্পিত আন্তৰিকতাপূৰ্ণ কৰ্ম-সমৰ্থন আৰু ৰাইজৰ যোগাত্মক সঁহাৰিত এনে কামত বৃহৎ সফলতা অৰ্জন কৰিব পৰা যাব বুলি আমাৰ বিশ্বাস৷ তদুপৰি পৰম্পৰাগত সাজ-সজ্জা, নৃত্য-গীতেৰে সমৃদ্ধ, বিশেষত্বপূৰ্ণ আৰু নিৰাপদ হমষ্টেৰে গৃহ-খাদ্যৰ নিশ্চিন্ত বন্দৱস্ত তথা থলুৱা পদ্ধতিৰে অতিথিক সোধা-পোছা আদি উপলব্ধ হব লাগিব৷ তেতিয়াহলে অনাগত দিনবোৰত শ্বিক্‌দামাখা চাবলৈ বিভিন্ন ঠাইৰ পৰা প্ৰতিদিনে জাতি, ধৰ্ম, বৰ্ণ, ছালৰ ৰং আৰু আয়ৰ উৎস নিৰ্বিশেষে গৰিষ্ঠসংখ্যক পৰ্যটক আহি ওলাব৷ পৰ্যটনসিদ্ধ ব্যৱসায়িক স্বভাৱেৰে চলোৱা ঘৰুৱা বেপাৰৰ জৰিয়তে আৰ্থিক বিকাশৰ দিশত স্বাৱলম্বী হৈ উঠিব ইয়াৰ থলুৱা মানুহ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা, প্ৰদূষণমুক্ত পৰিৱেশ, অনাময় আৰু স্বাস্থ্যসন্মত জীৱনধাৰাৰ দিশত শ্বিক্‌দামাখা যুগমীয়া হওক, সঠিক ধাৰণাৰে জন-সচেতনতা গঢ়াত আনৰ বাবেও আৰ্হি হৈ উঠক৷