Sunday 14 October 2018

বগামাটিৰ সন্ধানত...


'A travel writing is a description. Describe things as if you are explaining them to a blind person.'
ক'ত জানো পঢ়িছিলোঁ বাক্য দুটা! মন-মগজুত বাৰুকৈয়ে দাগ কাটি গ'ল৷ সি যি কি নহওক, ভ্ৰমণ-বৃত্তান্তটিৰ প্ৰাৰম্ভতে এইটো স্বীকাৰ কৰিম যে 'বগামাটি' শব্দটো মই প্ৰথম শুনিছিলোঁ সৌ-সিদিনাখনহে মাত্ৰ৷ পুত্ৰসম সন্দীপন সাৰংগৰ মুখত৷ গুৱাহাটীৰ সাউকুছিস্থিত NPS International Schoolৰ দ্বাদশ শ্ৰেণী (কলা)ৰ মেধাৱী ছাত্ৰজনে ১ ছেপ্টেম্বৰৰ দিনা Parent Teacher Meeting (PTM)ৰ পাছত মুখামুখি হওঁতে কৈছিল যে বিয়লি সিহঁতৰ ২০-২২জনীয়া বিদ্যাৰ্থীৰ দল এটাক বিদ্যালয়খনৰ তৰফৰ পৰা বাছেৰে বগামাটিলৈ নিব৷ উদ্দেশ্য Trekking-Camping৷ সিও যাব৷ আমাৰ ল'ৰা আদিশ কীৰিন আকৌ বিজ্ঞান শাখাৰহে৷ গতিকে উক্ত সুযোগ বেচেৰাৰ কপালত নাই৷
'বগামাটি? কোনফালেহে? কোৱাচোন কোৱা কি জানা৷' ভিতৰি ভিতৰি উৎসুকতাৰ আঁচোৰ আৰম্ভ হ'লেই নহয় মোৰ! তাতে ট্ৰেকিং-কেম্পিঙৰ বাবে যাব সিহঁত, প্ৰকৃতিৰ মাজলৈ৷ শুনা পায়ে হিংসাভাব অকণমানো জাগ্ৰত হৈছে৷ বেয়া কথা, হ'লেও উপায় নাই৷
'Indo-Bhutan Borderৰ কাষতে বোলে৷ বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ হৈ যাব লাগে৷ খৰালি বহুত মানুহ তালৈ যায়, পিক্‌নিক্‌ খাবলৈ৷ বাকী সিমান মই নাজানো৷ গ'লেহে গম পাম৷'
'ভালকৈ যাবা আৰু চাবা৷ আৰু শুনা৷ পানীৰ পৰা সাৱধান কিন্তু দেই৷ এইকেইদিন পানীয়ে মানুহ টানি আছে৷ গম পাইছাই নহয়?'
সি মূৰ দুপিয়ালে৷
'All the best.' অভিজ্ঞতালব্ধ দিহা কেইটামান বটাই দি মই তাৰ পিঠিত ঢকা এটা মাৰি দিলোঁ৷ তাৰ মানে এতিয়া বিদায়৷
সন্দীপনৰ মুখেৰে সিদিনা শব্দটো শুনাৰ পাছৰে পৰাই বগামাটিৰ ভূতে মোকো বাৰুকৈয়ে লম্ভিবলৈ ল'লে৷ অৰুণাচলৰ মনোহৰ নৈ-পৰ্বতৰ ধাৰাবাহিক আৱাহনী মন্ত্ৰত নিবিড়ভাৱে আচ্ছন্ন হৈ থাকি আনফালে কেনি কি আছে একো নজনাই হৈ পৰিছোঁ৷ কথাটো ঠিক হোৱা নাই৷ মহানগৰীৰ পৰা ঘূৰি নিশা ঘৰ আহি পায়ে ইণ্টাৰনেটত খুঁচৰিবলৈ লাগি গ'লোঁ৷ মুঠতে বগামাটি কি, ক'ত, কিয় বিখ্যাত, থাউকতে মোক লাগে৷ অঁ, এই মুহূৰ্ততে৷ কম্পিউটাৰৰ স্ক্ৰীণত লেখা কেইটামান গো-গ্ৰাসে পঢ়িলোঁ, locationটোৰ ফটো কিছুমানো পালোঁ, ভিডিঅ' চালোঁ, Road-map অধ্যয়ন কৰিলোঁ, বগামাটিক লৈ ৰচা গানো শুনিবলৈ পালোঁ দুটা৷ 'যাবা নেকি ভনী ঐ নামনি অসমলৈ, বড়োলেণ্ডৰ বগামাটি আমিনো যাম চাবলৈ...৷' ভালেই লাগিল৷ ডিচেম্বৰ-জানুৱাৰীত ঠাহ খাই পৰা বনভোজকাৰী দলবিলাকৰ উপৰি নৱবৰ্ষ আৰু মাঘ বিহুতো উক্ত স্থানত খুব ভিৰ হয় বুলি জানিলোঁ৷ আগতে একোৱে জনা নাছিলোঁ৷ কাৰণটো সেইটোৱেই৷ অৰুণাচল প্ৰদেশৰ কুমাৰী প্ৰকৃতি জগতখনে যাযাবৰী মনটোক আগে-ভাগে টানি নিয়ে আৰু ঘোঁকটত সুমুৱাই দিয়ে৷ পৰ্যটকৰ গন্তব্য হিচাপে সেইখন ৰাজ্য সদায়ে মোৰ প্ৰথম পছন্দ৷
গুগুল মেপত অনুসন্ধান চলাই থাকোঁতে স্ক্ৰীণত দেখা পালোঁ, লখাইতৰা নামে নদী এখন৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অসমৰ বাগ্‌সা জিলাত সোমাইছে৷ তাৰ পাছতে বহল হৈ পৰিছে৷ তাৰ পাৰতে বগামাটি Picnic Spotটো৷ বাইহাটাৰ পৰা যোৱা ৰাস্তাটোও সেইখিনিতে অন্ত পৰিছে৷ নদীখনৰ দুয়োপাৰে বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য৷ লখাইতৰাই নামনি অংশত শুক্লা নামে নৈ এখনক বাওঁহাতে লগত লোৱাৰ পাছৰে পৰা জলস্ৰোতটোৱে নাম লৈছে পুঠিমাৰী৷ নিজস্ব গতিপথত আগুৱাই পুঠিমাৰী ব্ৰহ্মপুত্ৰত বিলীন হৈছেগৈ৷
অন্যহাতে বৰনদী অভয়াৰণ্য অসমৰ ১৮খন অভয়াৰণ্যৰ অন্যতম৷ বাগ্‌সা আৰু ওদালগুৰি জিলাৰ ২৬.২২ বৰ্গ কিল'মিটাৰ এলেকাৰে এইখন গঠিত হৈছে৷ অঞ্চলটোত বিশেষভাৱে উপলব্ধ নল গাহৰি আৰু খাগৰিকটা শহাপহু সংৰক্ষণৰ উদ্দেশ্যে দুই জিলাৰ অংশবিশেষ সামৰি ১৯৮০ চনত বনাঞ্চলখন মুকলি কৰা হৈছিল৷ সোণালী বান্দৰ, গোধাফুটুকী বাঘ, হলৌ বান্দৰ, হাতী; স্থানীয় চৰাই দেওহাঁহ, ধনেশ, উলুম'ৰা, হঁয়কলী, বাঢ়ৈটোকা, মাছৰোকা আদিৰ উপৰি ভালেসংখ্যক পৰিভ্ৰমী পক্ষী আৰু দুষ্প্ৰাপ্য পখিলা ইয়াত দেখিবলৈ পোৱা যায়৷ হিমালয়ৰ পাদদেশত উত্তৰে ভূটান সীমান্ত পৰ্যন্ত অৰণ্যখনৰ বিস্তৃতি৷ পূব সীমাত থকা বৰনৈ নামৰ জলধাৰাৰ নামেৰেই নামকৰণ কৰা হৈছে৷ জীপ চাফাৰি, পক্ষী নিৰীক্ষণ আৰু জীৱ-জন্তু দৰ্শন অভয়াৰণ্যখনৰ ঘাই আকৰ্ষণ৷
বগামাটিৰ ভূগোল, বুৰঞ্জী আৰু সংস্কৃতি বিচাৰি ঘূৰ্মুটিয়াই ফুৰোঁতে আৰু পালোঁ যে প্ৰাকৃতিক দৃশ্যৰাজিৰে মনোমোহা বগামাটিৰ পাৰ্বত্য এলেকাটোক প্ৰকৃতিপ্ৰেমীৰ স্বৰ্গ বুলিও কোনো কোনোৱে অভিহিত কৰিছে৷ বিপৰীতে, ৫-৬ বছৰৰ আগতে এই অঞ্চলটোতে বৰ্তি আছিল সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ General Head Quarter (GHQ)৷ কঠোৰ পদক্ষেপেৰে উগ্ৰবাদী কাৰ্যকলাপ দমনৰ পশ্চাৎকালত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগটোৱে এলেকাটোৰ আৰ্থ-সামাজিক উন্নয়ন আৰু সৰ্বতোমুখী বিকাশত গুৰুত্ব আৰোপ কৰিব ধৰিছে৷ বিনন্দীয়া প্ৰকৃতিয়ে ইয়াৰ ভিত্তি৷ তাৰে ফলস্বৰূপে বগামাটিয়ে বনভোজথলীৰ পুৰণা পৰিচয় আৰু পৰিসৰ নেওচি আজিৰ তাৰিখত পৰ্যবসিত হৈছে নতুন এক পৰ্যটন কেন্দ্ৰলৈ৷ ভূটানৰ দুশাৰী পৰ্বতৰ মাজৰ নিৰ্জনতা অতিক্ৰমি ভাৰতলৈ অহা নৈখনৰ দুপাৰৰ নৈসৰ্গিক দৃশ্যপটক কেন্দ্ৰ কৰি চৰকাৰী-বেচৰকাৰী সংস্থা কিছুমানে ঠাইখিনিক দুঃসাহসিক জলক্রীড়াৰ এক বিশিষ্ট ক্ষেত্ৰত পৰিণত কৰাৰ হকে বিশেষ প্ৰচেষ্টা চলাই আছে৷ সংযোগী বাট-পথৰ উন্নতি সাধিত হৈছে৷ বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ হৈ বগামাটিলৈ দূৰত্ব প্ৰায় ৪০ কিল'মিটাৰ৷ আনহাতে ৰঙিয়াৰ পৰা গোৰেশ্বৰ হৈ প্ৰায় ৪৫ কিল'মিটাৰ৷ পূৰ্বতে যাবলৈ মনত সংশয় ওপজা বগামাটি আজি যিকোনো লোকেই সম্পূৰ্ণ নিৰ্ভয়ে যাব-আহিব পৰা অগ্ৰণী Tourism Destinationলৈ ৰূপান্তৰিত হোৱাৰ পথত৷ আগমনকাৰীৰ সংখ্যা বৃদ্ধিয়ে অঞ্চলটোৰ স্থানীয় ৰাইজলৈ ব্যৱসায়ৰ ন ন সম্ভাৱনা কঢ়িয়াব বুলি আশা ব্যক্ত কৰা হৈছে৷
বগামাটি অসমৰ বাগ্‌সা জিলাত৷ নামনি অসমৰ Bodoland Teritorial Council (BTC)ৰ অন্তৰ্গত Bodoland Teritorial Area Districtৰ চাৰিখন জিলাৰ এখন হৈছে বাগ্‌সা৷ এই জিলাৰ উত্তৰে Land of Dragon৷ জিলা Samdrup Jongkhar৷ পৰিষ্কাৰ বনভোজ থল বুলি সুনাম থকা, ভাৰত-ভূটান সীমান্তৱৰ্তী বগামাটিৰ অৱস্থান ভূটান পাহাৰৰ পাদদেশলৈ নামি অহা, পুঠিমাৰীৰ আগলি বুলিব পৰা পৰ্বতীয়া নৈখনৰ পাৰত, অসমভূমিত৷ চাগৈ, মাটিবোৰ দেখাত বগা বাবেই নামটো বগামাটি হ'ল৷ বেলেগ কিবা ইতিহাস আছে যদি ভু নাপাওঁ৷
ইপিনে অসম ৰাজপত্ৰৰ পৃষ্ঠা লুটিয়ালে পোৱা যায়, বিগত ১০ ফেব্ৰুৱাৰী ২০০৩ তাৰিখে স্বাক্ষৰিত বি.টি.চি. চুক্তি অনুসৰি নতুন জিলা বাগ্‌সা গঠনৰ চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছিল সেইটো বৰ্ষৰে ৩০ অক্টোবৰত৷ বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং জিলাৰ অংশদিয়েকৰ সংযোজনেৰে ২০০৪ৰ ১ অক্টোবৰৰ পৰা জিলাখন কাৰ্যক্ষম হ'ল৷ আগছোৱাত বৰমাৰ পৰাই প্ৰশাসনীয় কাম-কাজ চলাই নিয়া হৈছিল৷ ২০১০ত জিলা সদৰ মুছলপুৰলৈ স্থানান্তৰিত হৈছে৷ এই জিলাখনৰ নামটোৰ ক্ষেত্ৰত ৰূপ আৰু উচ্চাৰণৰ ভিন্নতা লক্ষ্যণীয়৷ কোনো কোনোৱে কয় বাক্‌সা, কোনোৱে কয় বাগ্‌সা৷ ঘাই অধিবাসী বড়োকে ধৰি অসমীয়াভাষী, শৰণীয়া কছাৰী, কোঁচ-ৰাজবংশী, আদিবাসী, নেপালী, বাঙালী আৰু ধৰ্মীয় সংখ্যালঘু লোকসকলে জিলাখনত বসতি কৰি আহিছে৷ থলুৱা বড়োসকলৰ মতে বাগ্‌সা নামটো আহিছে একে নামৰ এবিধ ধান খুন্দাৰ পাছত ওলোৱা ভগা আৰু অপৰিষ্কাৰ চাউলৰ গুড়িৰ পৰা৷ অন্য এটা উৎসৰ পৰা জানিব পৰা মতে এই অঞ্চলটোক Bagsa Dooar বোলা হৈছিল৷ ভূটানী ভাষাৰ Bagsa শব্দৰ অৰ্থ হৈছে এবিধ ধান৷ Dooar শব্দই প্ৰৱেশ পথ বুজায়৷ ঠাইৰ নাম সম্পৰ্কে অধ্যয়ন কৰোঁতে এনেকৈ পালোঁ as Bhutanese king ruled these areas for a long time in an around first half of the nineteenth century so it might be possible that the name Bagsa or Baksa had a Bhutanese origin. আন এক ধাৰণা অনুযায়ী চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ চৰকাৰী Dzonkha ভাষাৰ শব্দ Bangsaৰ অপভ্ৰংশ বাগ্‌সা বা বাক্‌সা৷ মূল শব্দটোৰ অৰ্থ বিচাৰোঁতে পোৱা গ'ল যে a farm house and a corridor as it is known that Bhutanese king and subjects used this area for trade and passage to the plains. Bangsa (Bagsa or Baksa) was one of the most important Dooars of Bhutan. Dooar means door and the region forms the gateway to Bhutan from India. মুখ বাগৰি অহা কথাবিলাকেই এনেকুৱা ধাৰণাসমূহৰ পৃষ্ঠপটত প্ৰাধান্য পাই আহিছে৷ যথাযথ গৱেষণা বোধ হয় এতিয়াও নাই হোৱা৷ সি যি কি নহওক, বাগ্‌সা নামটো চৰকাৰীভাৱে গ্ৰহণ কৰা হ'ল আৰু তেতিয়াৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে জিলাৰ নামত৷ ইফালে বগামাটি নামটোৰ উৎপত্তি সম্পৰ্কেহে বিশেষ নাজানিলোঁ৷
বাগ্‌সা জিলাখনৰ মহকুমা তিনিটা৷ মুছলপুৰ, শালবাৰী আৰু তামোলপুৰ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প, মানাহ চৌশি খংখৰ, মইনাপুখুৰীৰ উপৰি বগামাটি এই জিলাৰ বিশিষ্ট পৰ্যটন স্থল৷ বগামাটিক কেৱল আকৰ্ষণীয়, উৎকৃষ্ট আৰু জনপ্ৰিয় এডোখৰ বনভোজ খোৱা জেগা বুলিয়েই সীমাবদ্ধ নাৰাখি দুঃসাহসিক ক্রীড়াৰ এক সম্ভাৱনাপূৰ্ণ, সহজগম্য আৰু আদৰ্শ থলী হিচাপে গঢ়াত গুৰুত্ব আৰোপ কৰা হৈছে৷ বহনক্ষম পৰ্যটন উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ আৰ্থ-সামাজিক বিকাশ আৰু প্ৰগতিৰ বিষয়ে চিন্তা-চৰ্চা হৈছে৷ কথাবিলাক অনুপ্ৰেৰণামূলক৷
এইফালে ঘৰত থাকোঁতেই ৯ ছেপ্টেম্বৰৰ 'The Assam Tribune' কাকতৰ বাতৰি শিৰোনাম এটাই হঠাতে দৃষ্টি আকৰ্ষণ কৰিলে North East Adventure Tourism Festival at Bagamati from Sept 13. গোৰেশ্বৰৰ পৰা ANN Serviceএ দিয়া খবৰটোৱে বগামাটিৰ প্ৰতি মোৰ আগ্ৰহ আৰু উৎসুকতাৰ মাত্ৰা বৃদ্ধি কৰি তুলিলে৷ পঢ়ি উঠি বুজিলোঁ যে চাৰিদিনীয়া কাৰ্যসূচীৰে বাগ্‌সা জিলাৰ বগামাটিত প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত হ'ব এক দুঃসাহসিক পৰ্যটন উৎসৱ৷ গুৱাহাটীৰ Indian Institute of Entrepreneurship (IIE) ইয়াৰ মূল উদ্যোক্তা৷ North Eastern Council (NEC), Shillong হৈছে মুখ্য পৃষ্ঠপোষক৷ সহযোগী পৃষ্ঠপোষকসকল হ'ল Bodoland Territorial Council (BTC), ATDC of Assam, Bodoland Tourism, Directorate of Sports and Youth Welfare of Assam আৰু Tourism of India৷ দুঃসাহসিক খেল-ধেমালি সমন্বিতে এই উপলক্ষে আয়োজন কৰা হ'ব White Water Rafting, Hiking, Cycling, ATV Riding, Zip lining, Kayaking, Parasailing, Paragliding, Paramotoring, Trail Running, Wall Climbing, Obstacle Race, Paintball War, Rope Activities, Parkour, Jeep Safari, Elephant Joy Riding, Traditional Games, Seminars, Workshops in adventure tourism, Home Stay, Rural Tourism, Camping, Competitions with attractive prize money৷ মুঠতে বিভিন্ন, বহুৰঙী আৰু বহুমুখী আয়োজন!
১১ ছেপ্টেম্বৰৰ 'আমাৰ অসম'খনৰ তৃতীয় পৃষ্ঠাত দেখা ৰঙীন বিজ্ঞাপনে হেঁপাহৰ স্তৰটো আৰু এখোপ উঠাই দিলে৷ মনটোৱে কোৱাত লাগিল সুযোগ আহিছে যেতিয়া গ্ৰহণ কৰা উচিত৷ তাৰ লগে লগে লগ-ভাগৰ সন্ধানত মগজুৱে ঘূৰ্মুটিয়াবলৈ আৰম্ভ কৰিলে৷ পুৰণা মুখ কেইখনমানে মানসপটত ভুমুকিও মাৰিলেহি৷ তাৰ মাজতে এবাৰ ভাবিলোঁ যে নাই, এইবাৰ কাকো নকওঁ, কাকো লগো নধৰোঁ; অকলেই যাম৷ যি হয় হ'ব৷ গুৱাহাটীৰ পৰা বৰ বেছি ১০০ কিল'মিটাৰমানহে৷ গতিকে ভাবিবলৈ কিটো আছে? পিছদিনা 'The Assam Tribune'ত দুনাই পঢ়িবলৈ পালোঁ Adventure tourism festival at Bogamati শীৰ্ষক বাতৰি৷ ইচ্ছাটো আৰু অকণমান মজবুত হৈ পৰিল৷
ভাবি আছিলোঁ বগীবিলৰফালে যোৱাৰ৷ লোহিতৰ ওপৰত নিৰ্মিত ধলা-শদিয়া সংযোগী ৯.১৫ কিল'মিটাৰ দীঘল ডক্টৰ ভূপেন হাজৰিকা সেতুখন উদ্বোধনৰ পিছদিনা (২৭.৫.২০১৭)খনেই খোজ কাঢ়ি পাৰ হৈ যোৱাৰ অনুৰূপ দৃঢ়তাৰে আশা পালি বহি আছোঁ, বগীবিল আৰু কাৰেং চাপৰিক সংযোগ কৰিবলগীয়া, ৪.৯৪ কিল'মিটাৰ দৈৰ্ঘৰ সেইখনো মুকলি হ'লেই পদব্ৰজে অতিক্রম কৰিমগৈ মহাবাহু ব্ৰহ্মপুত্ৰ৷ পিছে নিৰ্মাণ কাৰ্যচোন শেষ নহয়হে নহয়! ফলত যাত্ৰাটোও এদিন-দুদিনকৈ পিছুৱাই গৈ আছে৷ বিপৰীতে মনৰ ভিতৰত বিৰাট উচ্‌পিচ্‌নি৷ শুভলগ্ন নিশ্চয় এদিন আহি যাব৷
মনটোক এনেকৈ বুজনি দি থাকোঁতেই বগীবিলৰ ঠাই লৈ ল'লে এই বগামাটিয়ে৷ তাৰিখটো খুব ধুনীয়াকৈ মিলি গৈছে৷ ঘৰৰ পৰা ওলাই যোৱাৰ সুযোগ এটা আছে মোৰ হাতত৷ গতিকে হেঁহো-নেহো কৰি নাথাকি সিদ্ধান্ত চূড়ান্তই কৰি পেলালোঁ, অতি সন্তৰ্পণে৷ প্ৰাণে বিচৰা কামফেৰা সমাধা কৰিবৰ বাবে বদ্ধপৰিকৰ হৈ নিৰ্দিষ্ট মাহেন্দ্ৰক্ষণটি অহালৈ বাট চাই ৰৈছোঁ৷ সংগী নাই বিচৰা৷ আজিকালি একে মতলবৰ সংগী পোৱাটো বৰ সহজ নহয়৷ কোনোবাজনৰ ধন আছে, মন নাই৷ কাৰোবাৰ আকৌ ধন-মন থাকিলেও তন ঠিক নাই৷ খেনোৰ আকৌ তন-মন-ধন থাকিলেও সময় নাই৷ গতিকে আন কাৰোবাৰ সময় নথকাৰ অচিলাত নিজৰ প্ৰাণৰ একান্ত তাগিদাক জলাঞ্জলি দিওঁ কেনেকৈ? আনফালে ঘৰতো পাকে-প্ৰকাৰেহে কাণ চোৱাই থকা হৈছে৷ স্পষ্টকৈ কোৱা নাই৷ তলে তলে পণ কৰিছোঁ যে এইবাৰৰ যাত্ৰাটো অকলে, গোপনে, অলপ বেলেগ ধৰণে কৰিম৷ হেৰাই যোৱাৰ পূৰ্ণ আনন্দ ল'ম৷ কাৰো হকা-বাধা নচলিব৷



'A burning desire is the starting of all the accomplishments.'
পল্টন বজাৰৰ হোটেল-কক্ষ এৰি ল'ৰাটোক তাৰ স্কুল NPSত চমজাওঁতে ৮ বাজোঁ বাজোঁ৷ ইয়াৰ পাছতে মই মুক্ত বিহংগ৷ মনে মনে অগ্নিৰ ডেউকা কোবায়ে আছিলোঁ৷ বিদায় লওঁতে Hostel Warden প্ৰসেনজিৎ দে' ছাৰে সুধিলে 'আপুনি এতিয়া পোনে পোনে ডিফুলৈহে, নহয় জানো?'
'নাই নহয় ছাৰ, বেলেগ এফালেহে পোনাম৷'
'ক'লৈ?'
'বগামাটি৷'
'বগামাটি ক'ত?'
'গোৰেশ্বৰৰ ফালে৷ ভূটান borderত৷'
'অ গম পাইছোঁ৷ আমাৰ স্কুলৰ কিছুমান student অলপতে গৈছিল৷ আচ্ছা, কি আছে তাত?'
'North East Adventure Tourism Festival 2018৷ কালিৰে পৰা আৰম্ভ হৈছে৷'
'অ'... আপুনিতো...'
মোৰ চকুলৈ চাই তেওঁ মিচিকিয়ালে৷ পূৰ্বৰ ভ্ৰমণ লেখা পঢ়ি হোৱা উপলব্ধিৰে অমুকাৰ এই পগলা স্বভাৱটো গমিব পাৰিলে চাগৈ৷ অৰ্থৱহ হাঁহিটোৰ সমানে সমানে হেণ্ডশ্বেক এটাও দিলে৷ ক'লে 'All the best.' আৰু বাক্যব্যয় নকৰি Front Officeতে গুৰু-শিষ্য দুয়োকে এৰি ততাতৈয়াকৈ মই মুকলি আকাশৰ তললৈ ওলালোঁ৷ এতিয়া মোৰ এটাই উদ্দেশ্য বগামাটিৰ সন্ধানত অবিৰত যাত্ৰা৷ অৱধাৰিতভাৱেই মনৰ ভিতৰত অযুত উৎকণ্ঠাই তালফাল লগাইছে৷ তাৰ তুলনাত জ্ঞানহে নিচেই সামান্য৷ অল্পজ্ঞানকে সাৰথি কৰি অচিন ঠাইটুকুৰালৈ ওলাইছোঁ৷ সাহসক সন্মুখত লৈছোঁ৷
কিছু সময়ৰ আগতে স্কুলৰ প্ৰৱেশ-দ্বাৰত অপেক্ষা কৰি থাকোঁতে Security Guard এজনৰ সৈতে কথাই কথাই বগামাটি সম্পৰ্কে ওলাইছিল৷ ৰঙিয়াত ঘৰ তেওঁৰ৷ উক্ত স্থানলৈ কেইবাবাৰো গৈছে হেনো৷ তেওঁৰ মুখত বাটৰ দিহা কিছু পালোঁ৷ গতিকে ওলাই আহোঁতে লোকজনক মাতষাৰনো নলগোৱাকৈ যাওঁ কেনেকৈ? প্ৰহৰীগৰাকীয়েও সহাস্যবদনে বিদায় জনালে মোক৷
Mobile handsetটো অন্‌ কৰিলোঁ সময় কিমান হ'ল চাওচোন বুলি৷ ৮ বাজি ১০ মিনিট৷ ঘাইপথ সংযোগী বাটটোৰে স্কুলৰ পৰা খৰ খোজেৰে ওলাই আহি একেকোবেই Four lane highway পাৰ হৈ দিলোঁ৷ এইখিনিক লালুং গাঁও বুলি কয়৷ NH 27 (আগৰ NH 37)ত ৰৈ লখৰা চাৰিআলিৰ দিশে চকু পোনাই থিয়দঙা দি আছোঁ৷ কি পাওঁবা? সোনকালে কিবা এখন পাই গ'লে বৰ ভাল আছিল৷ Inter State Bus Terminus (ISBT)কে প্ৰথম লক্ষ্য হিচাপে ভাবিছোঁ৷
এনেকৈ পায়চাৰি কৰি থাকোঁতেই TATA Magic এখন আহিল৷ হাত দাঙিবৰ প্ৰয়োজন নহ'লেই৷ ভ্ৰমণকাৰীৰ শ্ৰীচেহেৰা দেখিয়ে ৰৈ গল! উঠিলোঁ জাঁপ মাৰি৷ মাজৰ চিট দখল কৰি দেহাটো এৰি দিলোঁ৷ ক্ষণিকৰ বাবে চকু দুটাও মুদি দিলোঁ, আস্‌ পাই গ'লোঁ ভাবত৷ Racksackটো কোঁচত৷ সাবটি ধৰি গৈ আছোঁ বতাহ খাই খাই৷ উত্তেজনাৰ লগতে মগজুৰ speed বাঢ়ি আহিছে৷ খৰতকীয়াকৈ চিন্তা কৰিছোঁ আনুষংগিক কথা কিছুমান৷ কাৰো সৈতে যোগাযোগ নাই কৰা৷ প্ৰাণৰ তাগিদাক সন্মান জনাই জীৱনত পুনৰবাৰ আৰম্ভ হৈ গৈছে এটা নিৰুদ্দেশ যাত্ৰা৷ A journey to unknown. এনে যাত্ৰাৰ মজাই বেলেগ৷ কৰি পোৱাইহে বুজিব৷
ইফালে মোৰ ধাৰণাক ধূলিসাৎ কৰি আই.এছ.বি.টি.ৰ সন্মুখেদি হিচাপতকৈ অধিক বেগেৰেহে যাব ধৰিলে দেখোন মেজিকখন! ৰখাবৰ বাবে আটাহ পাৰিবলগীয়া হ'ল৷ চলন্ত অৱস্থাতে চালকে সুধিলে 'আপুনি যাব ক'ত?'
'মই যাব লাগে বগামাটি, গোৰেশ্বৰ হৈ, ভূটান ব'ৰ্ডাৰলৈ ৷'
'আপুনি জালুকবাৰীলৈ ব'লক৷ তাত লগে লগে বাছ পাই যাব৷ ইয়াৰ পৰা নাপাব৷'
ভাল কথা তেন্তে৷ গৈ থাকক৷ স্বগতোক্তি কৰিলোঁ আৰু চুপচাপ বহি ৰ'লোঁ৷ ৰাজমাৰ্গেৰে মেজিক দৌৰি আছে৷ কম সময়তে চালকজনে জালুকবাৰী পইণ্ট পৌচাই দিলে৷ নামি লৈ দেখোঁ যে অঞ্চলটোৱেচোন মোট সলালে! বহুদিন ধৰি এইফালে অহা নাই৷ গতিকে চিনিবকে পৰা নাই৷ কোনফালেৰেনো ক'লৈ যায়? বিবুদ্ধিতে পৰিলোঁ, মোৰ বাটটো কোনফালেবা? ভাৰাৰ টকা ২০টা হাতত গুজি দিওঁতে চালকজনকে প্ৰশ্ন কৰিবলগীয়া হ'ল 'এতিয়া কেনি? বাছ ক'ত পাম? মই সোনকালে বগামাটি পাবগৈ লাগে৷'
'আপুনি সৌখিনিৰ পৰা গোৰেশ্বৰৰ বাছ পাই যাব, আগুৱাই গৈ থাকক৷' উত্তৰৰ সমানে সমানে বহি থকাৰ পৰাই তেওঁ নিৰ্দিষ্ট দিশলৈ সোঁ তৰ্জনীটো দাঙি ধৰিলে৷
বোধ হয় আদাবাৰীৰ পৰা ওলাই অহা বাছেই হ'ব৷ চিঞৰি আছে 'গোৰেশ্বৰ গোৰেশ্বৰ'৷ সন্ধানী দৃষ্টি সম্ভাব্য যাত্ৰীৰ প্ৰতি৷ পিঠিত বেগ লৈ আহি থকা পেছেঞ্জাৰজনক দেখা পাই ৰিং মাৰিলেই 'ক'ত যাব আপুনি?'
'মই আচলতে যাব লাগিছিল বগামাটিলৈ৷'
'এইখনত আপুনি নাওকাটা পৰ্যন্ত যাব পাৰিব৷ উঠক, চিট খালী আছে৷'
কথাৰ লগে লগে ক্ষীণদেহী কণ্ডাক্টৰৰূপী মানুহজনে মোৰ গলধনৰ ওপৰত নিজৰ সোঁহাতখন ৰাখি আদৰি নিয়াদি নিলে৷ আও, ইমান আলৌ-উঠৌ! মনটো কিবা এটা ভাল লাগি গ'ল৷ মিচিকিয়াই সুধিলোঁ 'আপোনালোকেতো বহুত দেৰি লগাব?' তেওঁ হাঁহিলে৷ হাঁহিৰ অৰ্থটো মোৰ বুজিবলৈ বাকী নাথাকিল৷ তথাপি গাড়ীখন লগে লগে পাইছোঁ যেতিয়া গৈ থকাই উচিত৷ বেলেগ গাড়ীৰ আশাত ৰৈ দিয়াটো বুদ্ধিমানৰ কাম নহ'ব৷ এইদৰে ভাবি ল'লোঁ৷
ড্ৰাইভাৰৰ ঠিক পাছতে থকা আসনত আৰামছে বহিছোঁ৷ ৰাক্‌চেক্‌টো অথনিৰ দৰেই, কোলাত৷ নাওকাটালৈকে হৈ গ'ল বাৰু৷ চিন্তা নাই৷ তাৰ পাছত কি হ'ব? নাজানো৷ অনিশ্চয়তা৷ আচলতে এনেকুৱা নিশ্চয়হীনতাবিলাকৰ মাজেৰেই চলে ঘটনাবহুল এড্‌ভেন্‌চাৰ৷ 'Life is either a daring adventure or nothing at all.' Hellen Kellerৰ কথাষাৰে প্ৰাত্যহিক জীৱনটোক টানি নি থাকে৷
অনিশ্চয়তা বুকুত লৈ ৮.২০ত বাছ-যাত্ৰা আৰম্ভ হ'ল৷ ধীৰভাৱে গতি আৰম্ভ কৰিছে বাহনখনে৷ ভিতৰভাগ মন কৰিলোঁ৷ গাড়ীখন কিবা পুৰণা চিটিবাছ যেনহে লাগিছে দেখোন! ভুলেই কৰিলোঁ নেকি উঠি? গন্তব্যস্থল কেইবজাত পোৱাব একো উম-ঘাম নাপাওঁ৷ যি হয় হ'ব বুলি নিজকে এৰি দিছোঁ আৰু চালকৰ খেয়ালী গতিটোৰেই আগুৱাই গৈ আছোঁ প্ৰায় ৪০ কিল'মিটাৰ নিলগৰ গন্তব্য অভিমুখে৷ মনৰ বেগটো মাজে মাজে বাঢ়িব খোজে৷ কষ্ট কৰি নিয়ন্ত্ৰণত ৰাখিছোঁ৷ অলপ পাছতে নতুন দলংখনত উঠি ব্ৰহ্মপুত্ৰ নদ অতিক্রম কৰিব ধৰিলোঁ৷ ১.৪৯ কিল'মিটাৰ দৈৰ্ঘৰ শৰাইঘাটৰ এই দ্বিতীয় দলংখন যোৱা বছৰ মুকলি কৰা হৈছিল৷ ইয়াৰ ওপৰেদি মোৰ এয়াই প্ৰথম যাত্ৰা৷ সোঁ, বাওঁ আৰু আইনাৰ মাজেৰে দেখা সন্মুখৰ দৃশ্যপটে চকু দুটা টানি নিলে৷ মাজতে এবাৰ ডিঙি ঘূৰাই পিছলৈকো চোৱাৰ চেষ্টা চলিল৷ তাৰ মাজতে ৫ ছেপ্টেম্বৰৰ দুপৰীয়া সংঘটিত ভয়ংকৰ ভুট্‌ভুটী দুৰ্ঘটনাটোলৈ মনত পৰিল৷ কি দুৰ্ভাগ্যজনক! এই বিশাল জলধিৰ বুকুতে৷ বোধ কৰোঁ সৌফালেই৷
ভাবৰাজ্যত বুৰ গৈ আছিলোঁ৷ কণ্ডাক্টৰজনে ভাৰা বিচাৰি খোঁচ এটা মাৰিলতহে সম্বিৎ ফিৰি আহিল মোৰ৷ মনৰ খূদুৱনি শাম কটাবলৈ তেওঁকে সুধি চালোঁ 'মই বগামাটিলৈ যাম৷ নাওকাটাৰ পৰা আগলৈ যাবৰ উপায় কি হ'ব?'
'তাৰ পৰা আপুনি Tempo পাই যাব লাগে...' যাত্ৰীসকলৰ প্ৰতি গভীৰ মনোনিৱেশ আৰু ভাৰা সংগ্ৰহৰ ব্যস্ততাৰ মাজতে মানুহজনে আশ্বাসবাণী এষাৰ শুনালে৷ মনে মনে দৃঢ় হ'লোঁ মই৷ কি হয় সময়ত দেখা যাব যাঃ বুলি ৫০ টকীয়া নোট এখন আগ বঢ়াই দিলোঁ৷ জালুকবাৰী-নাওকাটা, ভাৰা ৫০ টকাই৷ কাজেই এটকাও ঘূৰাই নাপালোঁ৷ ইফালে হাতত মোৰ ধন-বিত বৰ বেছি নাই আজি৷ সীমিত পুঁজিৰেই ওলাই আহিছোঁ বগামাটিৰ অন্বেষণত ৷
আৰ্থিক বল কম হ'ব পাৰে, মনোবল হ'লে আছে৷ একান্তমনে দুকাষৰ পৰিৱেশ উপভোগ কৰি গৈ আছোঁ৷ গৌৰীপুৰ, চাংসাৰি, ডোঁৰা কহঁৰা, বাইপাছ পাৰ হৈ বাইহাটা চাৰিআলি সোমালোঁ৷ ৯ বাজি ১০ মিনিট গ'ল৷ বাইহাটাত বাছখন ৰ'ল৷ বাহিৰত বৰষুণে কণিয়াইছে৷ আকাশ মেঘাচ্ছন্ন৷ থলীত বতৰে কি ৰূপ লয় নাজানো৷ ইয়াকে লৈ সংশয়ৰ ভাব এটা অন্তৰত দোলা দিব ধৰিলে৷ 'জ' হ'গা দেখা যায়েগা' বুলি নিজকে প্ৰবোধ দিলোঁ৷ থাকোঁতে ৰাক্‌চেকৰ ভিতৰত পৰিবাৰৰ ভাগৰ ছাতি এটা নথকা নহয়৷ গতিকে বিতত হ'বলগীয়া কিটো আছেনো?
চাৰিআলিটোৰ আমি অহা গুৱাহাটী পথৰ পোনে পোনে দেখা গৈ থকাটোৱে গোৰেশ্বৰ পথ৷ গোৰেশ্বৰলৈ প্ৰায় ২০ কিল'মিটাৰ যাব লাগিব৷ এইবাটে মই আগতে কেতিয়াও ভ্ৰমি পোৱা নাই৷ সোঁৱে-ৱাঁৱে ক্রমে মঙলদৈ পথ আৰু ৰঙিয়া পথ৷ উভয় পথেৰে অসমৰ ইমূৰ-সিমূৰ পৰ্যন্ত গচকি অহাৰ অভিজ্ঞতা হ'লে জীৱনটোত ইতিপূৰ্বে গোটালোঁ৷ প্ৰথমে ৰোৱাডোখৰৰ পৰা ধীৰে ধীৰে আগুৱাই নি বাছখন বাইহাটা-গোৰেশ্বৰ পথৰ দাঁতিত আকৌ ৰখালে৷ ষ্টাৰ্ট বন্ধ৷ ড্ৰাইভাৰ-কণ্ডাক্টৰ নামি গ'ল৷ মোৰ মনত অস্থিৰতা৷ নিজকে কিবা পণবন্দীৰ দৰে লাগিছে৷ ভাবি আছোঁ, কেতিয়া এৰিব? যাত্ৰীসকলো নিমাতী কইনা৷ থম্‌ থম্‌ মদন গোপাল৷ বিষাদ মনেৰেই ইফালে-সিফালে লক্ষ্য কৰি থাকোঁতে দেখা পাই গ'লোঁ পথৰ দাঁতিৰ লাইটৰ খুঁটাত ওলমোৱা NEATOFEST 2018ৰ প্ৰচাৰ ফলক৷ অস্থিৰতা এৰি মনটোৱে নাচি উঠিল৷ উৎসৱ চলিছে তেনেহ'লে৷ ওপৰত কিন্তু বতৰৰ বিধি-পথালি! গোমা আকাশ৷ 'বৰষা তোমাৰ মেঘালী চকুত কিহৰ ইমান বেদনা?' গীতৰ ভাষাৰেই আকাশখনলৈ চাই চিঞৰি চিঞৰি সুধিবৰ মন গ'ল৷



'Always do what you are afraid to do.'
২০ মিনিটৰ বিৰতি৷ ঠিক ৯.৩০ত বাছখনে বাইহাটাৰ পৰা পুনৰ গমন সূচনা কৰিলে৷ কৰৰা, মুক্তাপুৰ আদি পাৰ হৈ আহিছোঁ৷ খিৰিকীৰে ঠাইবোৰ যিমান পাৰোঁ চাই গৈছোঁ৷ ঘপহকৈ মনলৈ আহিল, আজিৰ পৰা ২৩-২৪ বছৰৰ আগতে আমাৰ ঘৰত ভাৰাতীয়া হিচাপে থাকি যোৱা তাইজুল আলিৰ চেহেৰাটো৷ মুক্তাপুৰত ঘৰ বুলি সেই সময়তে কৈছিল৷ এয়াইচোন মুক্তাপুৰ! পিছে ক্ষুদ্ৰকায়াৰ মানুহটোহে এতিয়া ক'ত আছে, জীৱিত আছেবা নাই, পৰিয়ালটোনো কত, একো নাজানো৷
এইফালে ৰাস্তাখিনি ভাল৷ মসৃণ হেতুকে থেকেচনি নাই৷ যাত্ৰী উঠা-নমাৰ স্বাৰ্থত বাছখন অ'ত-ত'ত ৰৈছে৷ উপায়ো নাই৷ এনেকৈয়ে যাত্ৰা কৰি থাকি ১০ বাজি ১৫ মিনিটত গোৰেশ্বৰত উপস্থিত হ'লোঁ৷ বাছ ষ্টেণ্ডৰ চাহ দোকান এখনৰ সন্মুখত ড্ৰাইভাৰে ইঞ্জিন বন্ধ কৰিলে৷ যাত্ৰীসকলৰ কিছুমানে নামি গৈ চাহ-তামোল খালে৷ কণ্ডাক্টৰজনক মই সুধিলোঁ 'আগত খাবলৈ কিবাকিবি পামনে নাই?' তেওঁ ক'লে 'আপুনি নাওকাটাত ভাত খাব পাৰিব৷'
গোৰেশ্বৰৰ পৰা নাওকাটালৈ ১০-১২ কিল'মিটাৰমান৷ নামিলোঁ যদিও ইচ্ছা কৰিয়ে একো নাখালোঁ৷ সৰু ঠাইখনৰ জীৱন-যাত্ৰাৰ আলেখ-লেখবোৰকে চাই ৰ'লোঁ৷ এসময়ত হৰ্ণ বাজি উঠিল৷ ১০.৩৫ত গোৰেশ্বৰ এৰিলোঁ৷ গোৰেশ্বৰলৈ ৰে'ল যোগাযোগ আছে৷ ৰে'ল আলি পাৰ হৈ ভোগপুৰ, মহৰিপাৰা আদি৷ ঘড়ীৰ কাঁটাই ১১ অতিক্রম কৰোঁতে Last Stoppage নাওকাটাত বাছখন স্থিৰ হ'ল৷ অন্যান্য যাত্ৰীসকলৰ লগতে শাৰী পাতি ময়ো নামি দিলোঁ৷
অগ্ৰৱৰ্তী যাত্ৰাৰ আও-ভাও ল'বলৈ এতিয়া কণ্ডাক্টৰজনেই মোৰ প্ৰথম ভৰসা৷ নেপথ্যৰ সূত্ৰধাৰ বুলিও কোৱা যায়৷ মাটিত ভৰি থৈয়ে তেওঁলৈ চাই প্ৰশ্ন কৰিলোঁ 'এতিয়া? কওকচোন কেনি যাব লাগিব?' জালুকবাৰীত অথনি উঠাৰ সময়ত কৰাৰ দৰেই কান্ধত হাত দি মোক দুখোজমান আগুৱাই নি তেওঁ সন্মুখলৈ আঙুলিয়ালে৷ 'আপুনি সৌখিনিলৈ যাওক৷ তাৰ পৰা টেম্প' যাব৷
'ৱিংগাৰ এখন ৰৈ আছিল৷ তেওঁ ক'লে 'সেইখন বগামাটিলৈকে যাব চাগৈ৷ খৰকৈ গ'লে পাই যাব৷' ইফালে মই আকৌ গোৰেশ্বৰতে সিদ্ধান্ত চূড়ান্ত কৰি পেলাইছিলোঁ যে নাওকাটাত নামিয়ে প্ৰথমে ভাত খাই ল'ম৷ পেটে কুৰুং-কাৰাং তেতিয়াই আৰম্ভ কৰি দিছিল৷
'ভাত ক'ত পাম? আগতে ভাত খাই লওঁ৷'
'আগত ৰাস্তা এটা পাব৷ সোঁফালে সোমাইছে৷ তাৰ ওচৰে-পাজৰে পাই যাব, যাওক৷'
এনেতে আকাশী ৰঙৰ বাছ এখনে আমাক অতিক্রম কৰি গুচি গ'ল৷ দেখি মনটো বেয়া লাগিল৷ ছেঃ এইখন ধৰিব পৰা হ'লে! ভাত-পানীকে বাদ দিলোঁহেঁতেন লাগিলে৷
বিদায় লৈয়ে খৰখেদাকৈ বেঙা মেলিব ধৰিলোঁ৷ নাওকাটাত বতৰতো গোমা৷ অলপ আগতে বৰষুণ এজাক ইয়াতো হৈ গৈছে৷ অ'ত-ত'ত পানীয়ে ডোঙা বান্ধি আছে৷ ৰাস্তা এটা সোঁহাতে সোমোৱা দেখিছোঁ৷ দৰং জিলা সংযোগী পথ৷ বিপৰীত দিশৰ পৰা আহি থকা অচিনাকি জনৈক বড়ো লোকক সম্ভাব্য ভাতৰ হোটেলৰ বিষয়ে প্ৰশ্ন কৰাত মানুহজনে মূল ৰাস্তাটোৰ সিপাৰলৈহে দেখুৱালে৷ অনুসন্ধান কৰি যি পালোঁ, থাকোঁতে হোটেল নথকা নহয়৷ পিছে ভাতৰহে ব্যৱস্থা নাই৷ যাকে সুধিছোঁ 'আগত পাব' বুলিছে৷ তাকে সাৰোগত কৰি মূল পথটোৰ বাঁও দাঁতিৰে গৈ আছোঁ৷ ভাগ্যক্রমে এঠাইত সদুত্তৰ পাই গ'লোঁ৷

অলপতে আমাক অতিক্ৰম কৰি অহা বাছখন পথৰ সিপাৰে ৰখাই থোৱা আছে৷ পিয়াপি দি ফুৰিছে এজাক যুৱক-যুৱতীয়ে৷ কোনো কোনোৱে হোটেলত সোমাই চাহ, চাওমিন, ৰুটী আদি খাইছে৷ অন্য দোকানৰ পৰা কিবাকিবি কিনি-কুটিও লৈছে৷ ৰাক্‌চেক্‌টো নমাই থৈ হোটেলৰ পাছফালে থকা দমকলত ভালকৈ হাত-মুখ ধুলোঁগৈ৷ দিব খাম দিব খাম বুলি বহি আছোঁ৷ সময় পাৰ হৈ গৈ আছে৷ এই অপেক্ষা, এই সময় ব্যয় গতিশীল মন-মগজুৱে হজম কৰিবলৈ টান পাইছে৷ হ'লেও উপায় নাই৷ ধৈৰ্য ধৰিবই লাগিব৷ ইফালে জুমৰ মাজৰ পৰা উফৰি আহিছে বাক্য কিছুমান৷ বুজাত অকণো অসুবিধা হোৱা নাই যে দলটো বগামাটিলৈ যাবলৈকে আহিছে৷ ভিতৰফালৰ ডেস্ক-বেঞ্চত মই মনে মনে ভাত খাব ধৰিছোঁ৷ মনৰ অভ্যন্তৰত ইচ্ছা এটা জাগিছে, কেনেবাকৈ সংযোগ সাধন হ'লে তেওঁলোককে অনুৰোধ কৰিম, 'পাৰে যদি মোকো উঠাই লওকনা' বুলি৷ নতুবা আজি কেতিয়া মই যথাস্থান ওলামগৈ, কেতিয়া ঘূৰিম, সময়মতে ঘূৰিব পাৰিম নে নোৱাৰিম, একো আন্দাজ কৰিব নোৱাৰা হৈছোঁ৷ দুৰ্ভাগ্য, ভবামতে কোনো ধৰণৰ যোগাযোগ সংঘটিত নহ'ল৷ দলটোক লৈ বাছখন গ'লগৈ৷ মই অকলশৰীয়া ভাগেই ৰ'লোঁ৷
হোটেলখনৰ Show caseৰ ভিতৰত মিঠাই কিছুমান৷ মফচলীয় ঠাইবোৰত ভাল আৰু নিৰ্ভেজাল মিঠাই পোৱা যায়৷ ৰসগোল্লাকেইটাৰ আকৃতি আমাৰফালৰবোৰতকৈ বেচ ডাঙৰ৷ মোক খা মোক খা কৰি আছে৷ ভাত খোৱা অঁতাই তাৰে দুটা আৰু Nice Biscuit এপেকেট কিনি ল'লোঁ, বাটৰ আহাৰ হিচাপে৷ পানী আধা বটলেৰে সৈতে এইখিনিয়েই এতিয়া মোৰ ভোকৰ সম্বল৷
'মুঠতে কিমান হ'ল?'
'১১০ টকা৷'
পইচাকেইটা দিওঁতে সুধিলোঁ 'বগামাটিলৈ যাব লাগিছিল৷ তালৈ এতিয়া কি পাম বাৰু?'
'আপুনি সৌখিনিৰ পৰা টেম্প' পাই যাব৷'
কথাৰ লগে লগে উৎসাহেৰে নিজৰ তৰ্জনী আঙুলিটোও টোঁৱালে হোটেলৰ গৰাকীজনে৷
Tempo standটো ওচৰতে৷ চালকে ফটাকানিৰে একান্তমনে সন্মুখৰ আইনাখন মোহাৰি আছে৷ 'বগামাটিলৈ যাম, নিবনে?' কাষ চাপি সুধিলোঁ৷
'বঙালীপাৰালৈকে পাৰিব৷' ডেকাজনে নিজৰ কাম কৰি থাকিল৷
'বঙালীপাৰালৈ? তাৰ পাছত?' ৰাস্তাৰ আইডিয়া মোৰ সীমিত৷ সেয়ে আকৌ সুধিলোঁ৷
'তাৰ পাছত আপোনাৰ কথা৷'
উত্তৰটো কিবা বুজি নোপোৱা ধৰণৰ হ'ল৷ প্ৰশ্নটোৱে চাগৈ ঠিক নহ'ল৷ পৰিষ্কাৰ হ'বলৈ দুনাই সুধিলোঁ 'তাৰ পৰা বগামাটিলৈ কি পাম?'
পোন হৈ তেওঁ মোলৈ চালে৷ 'ক'ব নোৱাৰোঁ৷ আপুনি ৰ'ব লগাও হ'ব পাৰে৷ সেইফালে কানেকচন তেনেকৈ নাই৷'
আপদীয়া বাক্যকেইটাই দুশ্চিন্তাৰ মাত্ৰা বঢ়াই দিলে৷ তথাপি ভাবিলোঁ, উৎসৱ এটা চলিছে, গাড়ী নহ'বনে? গৈ চোৱা যাওক বাৰু৷ ভগৱানেই ভৰসা, সাহসেই লক্ষ্মী৷ পুৰণা ডাইলগটো আচম্বিতে মনলৈ আহি গ'ল৷ আৰু ভাবিলোঁ, বগামাটিৰ সন্ধানত আহিছোঁ৷ ইমানখিনি ওচৰ চাপিব পাৰিছোঁ যেতিয়া ঈশ্বৰে কিবাকৈ পোৱাব নিশ্চয়৷



If you are not lost, you are not much of an explorer.
যাত্ৰীৰ সংখ্যা সম্পূৰ্ণ হোৱাত ঠিক ১১.৩০ত কম বয়সীয়া চালকজনে অতুল শক্তিখনৰ ইঞ্জিন ষ্টাৰ্ট দিলে৷ নাওকাটাৰ পৰা বঙালীপাৰালৈ দূৰত্ব ১২ কিল'মিটাৰমান হ'ব৷ ৰাস্তা ভাল৷ নাওকাটা-বগামাটি ৰ'ড এইটো৷ কেইকিল'মিটাৰমান যোৱাত সোঁহাতৰ পৰা বাওঁহাতলৈ প্ৰৱাহমান নদী এখন ওলাল৷ দলংখন অকণমান দীঘলেই৷ পানীবোৰহে সচৰাচৰ দেখাৰ দৰে বগা নহয়চোন! গাত গা লগাই বহা বয়োবৃদ্ধা বড়ো মহিলা এগৰাকীক কৌতূহল দমাব নোৱাৰি সুধিয়ে পেলালোঁ 'আবু, এইটো কি নদী ঐ?'
'শুক্লাই৷' চমু উত্তৰ৷
ভাব বিনিময়ৰ পৰা জানিব পাৰিলোঁ যে আইসকল সুৱাগপুৰলৈ যাব৷ চালকৰ লগতো কেতবোৰ দৰকাৰী প্ৰসংগত চৰ্চা আৰম্ভ হ'ল৷
শুকিলা, শুক্লা, শুক্লাই৷ নৈখনৰ নামটো মানুহৰ মুখত তিনি ধৰণে শুনা যায়৷ গতিপথ অধ্যয়ন কৰিলে পোৱা যায় যে ভূটানৰ পৰা ওলাই ১০০ নং সীমান্ত খুঁটাৰ কাষেদি খৌৰাং নামে নৈ এখন অসমৰ দৰং জিলাত সোমাইছে৷ সীমান্তৰ পৰা দক্ষিণ-পূবমুৱা হৈ ২ কিল'মিটাৰ আহি নেউলীয়া নৈক বাওঁপাৰে লৈ ই দক্ষিণমুৱা হৈছে৷ তাৰ পৰা ১ কিল'মিটাৰ আহি চামৰং পাইছে৷ ইয়াতে নৈখনে সীমান্তৰ ১০১ নং খুঁটাৰ কাষেদি বৈ অহা চামৰং নামৰ এখন ডাঙৰ নৈক বাওঁপাৰে লগত লোৱাৰ পাছত শুক্লা নাম লৈছে৷
শুক্লা পাৰ হৈ সুৱাগপুৰ পাওঁতে ১১.৫০ বাজিল৷ দিনৰ ১২ হ'বলৈ কেইটামান মিনিট বাকী থকা অৱস্থাত বঙালীপাৰাত উপস্থিত হ'লোঁ৷ ২০ টকীয়া যাত্ৰা সমাপ্ত৷ টেম্প'খনৰ পৰা নামি ভাৰা পৰিশোধ কৰাৰ পাছতে ইফালে-সিফালে চাই আছোঁ, কি পাম এতিয়া ভাবত৷ এইটো এটা চাৰিআলি৷ উৎসুকতা দমাব নোৱাৰি ড্ৰাইভাৰজনকে প্ৰশ্ন কৰিলোঁ 'কোনটো ৰাস্তাৰে ক'লৈ যায়নো? মই কোনফালে যাব লাগিব?'
আঙুলিৰ ঠাৰেৰে তেওঁ মোক সুন্দৰকৈ বুজাই দিলে 'সোঁফালে ওদালগুৰি, টংলা, ওৰাং আদিলৈ৷ বাওঁফালে নাগ্ৰীজুলি, তামোলপুৰ, ৰঙিয়ালৈ৷ চিধাই গ'লে বগামাটি পাব৷'
আমাৰ নাকৰ পোনে পোনে সৰু আৰ.চি.চি. দলং এখন দেখি আছোঁ৷ তাৰ মুখতে তোৰণ এখন৷ ওপৰত লিখা হৈছে North East Adventure Tourism Festival৷ বুজিলোঁ, মই যাবলগীয়া ৰাস্তাটো সেইটোৱেই হয়৷ বাট বাৰু চিনি পালোঁ৷ যাবলৈহে এতিয়া কি পাওঁবা? সেইফালে যোৱা যান-বাহনৰ দেখােন টিকনিকে দেখিবলৈ নাই!
বগামাটি অভিমুখী পথটো পকা৷ বাকী দুফালৰ ৰাস্তা তুলনামূলকভাৱে বেছি বহল যদিও পকীকৰণ হোৱা নাইকিয়া৷ চালকজনৰ সৈতে কথা পাতি ৰৈ আছোঁ৷ নাওকাটাত অথনি উত্তৰবোৰ খাৰাংখাচ আছিল যদিও পিছলৈ কথা-বতৰাত মোলায়েম সুৰ এটা আহি পৰাটো লক্ষ্য কৰিছোঁ৷ ইমান পৰে পিঠিত লৈ থকা ৰাক্‌চেক্‌টো দৰজাখন খুলি চিটতে থৈ দিলোঁ৷ সুধিলোঁ 'ইয়াৰ পৰা কেইকিল'মিটাৰমান হ'ব, বগামাটিলৈ?'
'১০ৰ কম নহ'ব৷'
'ৰৈ থকাতকৈ খোজ কাঢ়িয়ে মাৰি দিওঁ নেকি? বাটত অসুবিধা পাবলগীয়া একোটো নাই যদি...'
'একোটো' বুলি কি বুজাব খুজিছোঁ তেওঁ গম পালেনে নাই মই নাজানো৷ কথা শুনি কিন্তু চকুকেইটা তেওঁৰ ডাঙৰ হৈ গ'ল৷ ভৰিৰ পৰা মূৰলৈ মোক চালে এবাৰ৷
মই ৰাক্‌চেক্‌টোৰ পৰা কেমেৰাটো উলিয়াই ল'লোঁ৷ ফটাফট চাৰিওদিশৰ ফটো তুলি ল'ম৷ ঠাইখিনিত পথৰ দাঁতিয়ে দাঁতিয়ে সীমিতসংখ্যক দোকান-পোহাৰ আছে৷ আহোঁতে অথনি বাইহাটা, গোৰেশ্বৰ আৰু নাওকাটাতো snap দুই-এটা লৈছিলোঁ৷ এনেকুৱা প্ৰতিখন ছবিয়েই অনেক কথা কয়৷ এনেতে পকেটৰ ভিতৰত পুৱাৰে পৰাই নীৰৱ হৈ সোমাই থকা ম'বাইল ফোনটো বাজি উঠিল৷ ততাতৈয়াকৈ হাতলৈ আনি স্ক্ৰীণখন চালোঁ৷ সঞ্জুৱে কৰিছে, ডিফুৰ পৰা৷
'কিমানদূৰ পালেগৈ?' পোনপটীয়া প্ৰশ্ন৷
পৰহি গধূলি সাংবাদিক বন্ধুজনক ইংগিত এটা দিছিলোঁ, বগামাটি অভিমুখে মোৰ গোপন এড্‌ভেন্‌চাৰ্‌-তৃষ্ণা এটা জাগ্ৰত হোৱা বুলি৷ তেওঁৰ পুত্ৰৰ মুখতে নামটো প্ৰথম শুনিছিলোঁ৷ গতিকে এতিয়া সুবিধা পাই পুৱাৰে পৰা অদ্যপৰ্যন্ত ভ্ৰমণৰ সবিশেষ বৰ্ণাই দিলোঁ৷ লগতে ক'লোঁ 'আপুনি ফোন কৰিলে ভালেই হ'ল দেই৷ মোৰ ম'বাইলত charge সীমিত৷ তদুপৰি আগত network পামনে নাপাম তাকো ক'ব নোৱাৰোঁ৷ নাপালে অন্ততঃ শেহতীয়া যোগাযোগৰ খবৰটো আপোনাৰ হাতত থাকিব৷ হেৰাই যোৱাৰ আনন্দ ল'বলৈ গৈ আছোঁ, আকৌ এবাৰ৷ ইয়াৰ পৰা কমেও ১০ কিল'মিটাৰমান আছে বোলে৷ যাবলৈহে একো পোৱা নাই৷ টেম্প' reserve কৰি নিলে নগদ ৪০০ লাগিব বুলিছে৷ খোজ কাঢ়িয়ে গুচি যাওঁ বুলি মনে মনে অংক এটা কৰি আছোঁ ৰ'ব৷'
কোনোবাইযে কৈছিল, 'খোজ কাঢ়ি ভ্ৰমিবা, মাজে মাজে জিৰাবা'; এইজাতীয় কথাবোৰে মোক অহৰহ অনুপ্ৰাণিত কৰে৷ লক্ষ্য সন্মুখত লৈ বেছি সময় স্তব্ধ হৈ থাকিব নোৱাৰোঁ৷ এতিয়াও চলমান মনটোক সাজু কৰি আছোঁ, বগামাটি অভিমুখী পদযাত্ৰাৰ বাবে৷ সঞ্জুৱে জনালে যে গোৰেশ্বৰতে হোৱা হ'লে তেওঁৰ চিনাকি মানুহ আছিল, সহায় কৰিব পাৰিলেহেঁতেন৷ এতিয়া পিছে সম্ভৱ নহ'ব৷ এনেকুৱাতে বড়ো মহিলা দুগৰাকী আহিল৷ চালকজনক গাড়ীখন যাব নেকি সুধিলে৷ তেওঁলোকেও বগামাটিলৈ যাব লাগে৷ অলপ পাছত আৰু দুজন লোক চাপি আহিল৷ সিদুজনৰ মুখতো একেই প্ৰশ্ন, একেই গন্তব্য৷ যি কি নহওক, যাত্ৰী কেইজনমান গোট খাইছে৷ পেটে পেটে মই ভালেই পালোঁ৷ চালকজনেহে কিবা ইচ্ছা নোহোৱাৰ দৰে আচৰণ কৰি থাকিল৷ তেওঁৰ লাইন বোধ হয় ইয়াতে সীমাবদ্ধ৷ সেয়ে লক্ষ্মণৰেখা পাৰ হোৱাৰ অভিপ্ৰায় নাই৷ 'চাহ খাই আহোঁ' বুলি অলপ পাছতে সম্ভাব্য আটাইকেইজন যাত্ৰী অদৃশ্য হ'ল৷ একমাত্ৰ মইহে যথাস্থানত মজুত থাকিলোঁ৷ তেওঁলোকক পাই আনন্দ লাগিছিল যদিও আশাৰ ৰেঙণিটো ওলায়ে মাৰ গ'লগৈ৷ কি হ'ব এতিয়া? আপোন ভৰিয়ে সাৰথি হ'বগৈ যেন পাইছোঁ৷
ভাবি ভাবি ৰৈ আছোঁ৷ এনেতে নাওকাটাৰ ফালৰ পৰা এখন টেম্প' আহি ওলাল৷ বগামাটিমুখী ৰাস্তাৰে পোনাব ধৰোঁতেই চালক ডেকাজনে ইংগিত দি ৰখালে৷ আগুৱাই গৈ ড্ৰাইভাৰৰ সৈতে কিবা কথাও পাতিলে৷ ততাতৈয়াকৈ মোৰ কাষলৈ উভতি আহিল৷ ক'লে 'সেইখন মোৰে বন্ধু এজনৰ টেম্প'৷ আহক, আপোনাক উঠাই দিওঁ৷ আপুনি বগামাটিলৈকে নিশ্চিন্তমনে যাব পাৰিব৷'
'আহ কি ভাগ্য!' স্বগতোক্তিৰ লগতে তেওঁক ধন্যবাদ জনাই হাত মিলালোঁ৷ ইফালে দুই ড্ৰাইভাৰৰ মাজত বাৰ্তালাপ চলিব ধৰিছে 'ভাৰা কিমান ল'ম?'
'কিবা এটা মিলাই লৈ ল'বি আৰু৷'
আনহাতে, নিব বুলি জানিয়েই পিছফালৰ একমাত্ৰ খালী চিটটো ততালিকে অধিগ্ৰহণ কৰি পেলালোঁ মই, যাতে ভূতৰ ওপৰত দানহ পৰাদি অন্যায় দাবীদাৰ আন কোনোবাজন নোলায়হি৷ মোক বাদ দি বাহনখনত ইতিমধ্যে চালকসহ ১০জন আছেই৷ বগামাটিলৈ যাব নৰ্থ-ইষ্ট এড্‌ভেন্‌চাৰ্‌ টুৰিজম্‌ ফেষ্টিভেল চাবলৈ৷ লক্ষ্য-উদ্দেশ্য মিলি যোৱাত মজাই লাগিল৷ স্বস্তিৰ নিশ্বাস এটা আপোনা-আপুনি বাজ হৈ গ'ল মোৰ মুখেদি৷ আকাশখনলৈ চালোঁ৷ মুকলি হ'ব ধৰিছে৷ বগামাটিত সূৰ্যৰ ৰশ্মি দেখা পাম চাগৈ৷



Travel does not become adventure unless you leave yourself behind.
১২ বাজি ১০ মিনিট৷ আগলৈ যাত্ৰা আৰম্ভ হ'ল৷ খুব বেছি নহয় যদিও ক্রমান্বয়ে উচ্চভূমিলৈ গৈ থকা যেন অনুভৱ হৈছে৷ যাত্ৰীকেইজনে তেওঁলোকৰ মাজত কথা পাতি গৈছে৷ বিভিন্ন প্ৰসংগ৷ এজনে কৈছে 'বঙালীপাৰাতকৈ এতিয়া আমি ৩ ফুট ওখত৷' কি হিচাপতনো মানুহজনে ৩ ফুট বুলিলে, তাকো ইমান দৃঢ়তাৰে, নুবুজিলোঁ৷ জমনি কথোপকথনো চলিছে তেওঁলোকৰ মাজত৷ উৎসৱথলীৰ বিষয়েও ওলাইছে৷ মই শুনি আছোঁ৷
'সেইগিলা বাদ দি৷ খাবা পামনা তাত তাকে কউ?' কথাৰ মাজতে এজনৰ জোৰদাৰ প্ৰশ্ন৷
উত্তৰত অন্য এজনে বৰ-বৰকৈ কৈছে 'ধুৰ... তাত ৩খেন ঘুগ্‌নিৰ দ'কানৰ বাহিৰে আকো নাই৷' দুজনমানে কথাটো বিশ্বাস কৰা নাই৷
'আজি হিচাপ কৰিম ৰহ৷ আচ্ছা, মাল পাৱা যাবনা নাই?'
'হুঃ, মাল নাপ্‌বি? কি কথা কবা আইহ্‌ছ?'
মই একোবাৰ তেওঁলোকৰ ফালে আলেঙে আলেঙে চাওঁ, কথালৈ কাণ উনাওঁ, একোবাৰ চৌপাশে ক'ত কিহে দেখা দিছে তাত গুৰুত্ব দিওঁ৷ ৰাস্তাছোৱা ভাল৷ মাজে মাজে দুই ঠিকাদাৰৰ মধ্যৱৰ্তী কেইমিটাৰমান কাম সম্পূৰ্ণ নোহোৱাকৈ ৰৈ যোৱা অজ্ঞাত বেমাৰটো৷ বাকী অভিযোগ কৰিবলগীয়া নাই৷ আকাশখনো এতিয়া বেছ পৰিষ্কাৰ৷ ৰ'দ ওলাইছে৷ বৰষুণৰ পাছৰ ৰ'দজাকে যেন পৰ্যটকক সম্ভাষণহে জনাইছে বগামাটিলৈ! নীলা আকাশ, বগা ডাৱৰ, সেউজীয়া গছ-গছনি৷ স্বাভাৱিকতেই মনটো নাচি উঠিছে৷
পকী পথটো এৰি এসময়ত তিনিচকীয়া বাহনখনে সোঁহাতে কেঁচা ৰাস্তাৰে যাব ধৰিলে৷ অলপমান গৈয়ে আগৰ পথটোৰ সমান্তৰালভাৱে থকা শিল-মাটিৰ অন্য এটা ৰাস্তাত উঠিল৷ এতিয়া লেফ্‌ট টাৰ্ণ৷ এইখিনিতে বগামাটিৰ Daoraijhar Tourism Societyৰ বেনাৰ এখনে স্বাগতম জনালে আমাক৷ বাওঁহাতে নাতিদূৰৈত এড্‌ভেন্‌চাৰ্‌ ফেষ্টিভেলৰ প্ৰৱেশ দ্বাৰ জিলিকি ৰৈছে৷ ওপৰত বেনাৰ দুখন৷ এখনত অসমীয়াত লিখা আছে আদৰিছোঁ৷ তাৰ কাষতে সোঁহাতে অন্য এখনত দেৱনাগৰী লিপিত লিখিছে বৰায়বায়৷ বড়ো ভাষাৰ শব্দ৷ জংঘল কাটি আহল-বহল কৰি উলিওৱা কেঁচা পথটোৰ বাওঁকাষে, গে'টখনৰ প্ৰায় সন্মুখত পিঠিত NEATOFEST 2018 Bagamati বুলি লিখা, একাংশই ক'লা আৰু একাংশই বগা টি-চাৰ্ট পিন্ধা যুৱক ডেস্ক-বেঞ্চ লৈ বহি আছে৷ কেইজনমানে পায়চাৰি কৰি আছে৷ একাংশ স্থানীয়, একাংশ আই.আই.ই., গুৱাহাটীৰ৷ পোছাকৰ লেখা পঢ়ি, মুখাবয়ব চাই মোৰ ধাৰণা হ'ল৷
ভাৰত চৰকাৰৰ Ministry of Skill Development & Entrepreneurshipৰ অধীনস্থ স্বায়ত্ত সংস্থা আই.আই.ই. ১৯৯৪ চনৰ পৰাই কাৰ্যক্ষম হৈ আহিছে৷ উদ্যোগী উন্নয়নৰ দিশত বিশেষ দৃষ্টি ৰখা এই শিক্ষানুষ্ঠানৰ মূল কাম হৈছে ক্ষুদ্ৰ আৰু সূক্ষ্ম উদ্যমীৰ প্ৰতি প্ৰশিক্ষণ, গৱেষণা আৰু পৰামৰ্শ আগ বঢ়োৱা৷
মটৰ চাইকেল, স্কুটী, গাড়ী, বাইচাইকেল আদি বিভিন্ন বাহনেৰে বগামাটিলৈ মানুহৰ সোঁত বৈছে৷ আমাৰ টেম্প'খন একাষে ৰৈ গ'ল৷
'আপোনালোকে ইয়াত Entree Pass লৈ লওক৷ নহ'লে ভিতৰলৈ যাব নোৱাৰিব৷' ক'লা চোলা পিন্ধা স্বেচ্ছাসেৱক এজনে জনালে৷
কথাষাৰ শুনা মাত্ৰক আমাৰ চালক আৰু সহযাত্ৰীবৃন্দ ভীষণ ক্ষুব্ধ হৈ উঠিল৷ সমস্বৰে যুক্তি দাঙি ধৰিলে 'সৰুৰে পৰা ইমানটো হ'লোঁহি৷ পিক্‌নিক্‌ খাবলৈ আহিয়ে থাকোঁ৷ এতিয়া আকৌ কিহৰ পাছডাল লাগে?'
কথাটো ভাঙি-পাতি বুজাই দি বগা চোলা পিন্ধা এজনে জানিব বিচাৰিলে 'আপোনালোক কেইজন আছে?'
'১১ জন৷'
'অন্ততঃ ৪খন পাছ লওক৷' দীৰ্ঘদেহী যুৱকজনে তেওঁলোকলৈ চাই এইবুলি অনুৰোধ কৰিলে৷
'টিকট কেই টাকাকৈনো?'
'২০ টকা৷'
'২০ টাকা? নাল্‌গে৷ ঐ ঘূৰি যাওঁ ব'ল৷'
পিছে ইমানদূৰ আহি বপুৰাহঁতে ঘূৰি যায়নো কেনেকৈ? ভূটানৰ পাহাৰ ৰিণিকি ৰিণিকি দেখা পোৱা গৈছেই এইখিনিৰ পৰা৷ বাহনখনৰ ভিতৰত তেওঁলোকৰ মাজত গুণা-গঁথা আৰম্ভ হ'ল৷ মোৰ মনটো কেনেবা কেনেবা লাগিল৷ সংগীসকল ইয়াৰ পৰা আগ নাবাঢ়িবনেকি? যিমানে ওচৰ চাপিছোঁ এটা নহয় এটা কেণা দেখোন ওলায়ে আছে! যাত্ৰীগণৰ মাজৰে কোনোবা এজনে আন এজনক প্ৰশ্ন কৰিছে 'টিকট ল'লে ভাত খাবা পামনা তাত?'
ধুৰ... আৰু ৰৈ থাকিব নোৱাৰি৷ উত্তৰটো সিজনে কি দিলে-নিদিলে নাজানো, টেম্প'ৰ পৰা মই নামি দিলোঁ৷ মোৰ কথা হ'ল, ডিফুৰ পৰা ইমান দূৰ বাটকুৰি বাই বগামাটিৰ সন্ধানত আহিছোঁ৷ গতিকে যেনে-তেনে জেগাত উপস্থিত হ'বই লাগিব৷ তাৰ বাবে ২০ টকা মাচুল দিবলৈ মই ৰাজী৷ তদুপৰি য'ত যিটো চলে৷ ফেষ্টিভেলৰ আয়োজক সমিতিয়ে বান্ধি দিয়া নিয়ম মানিবই লাগিব৷ আন সময়ত বেলেগ কথা৷ এতেকে টকা ২০টা সসন্মানে যথাস্থানত জমা দি নিজৰ বাবে এণ্ট্ৰি পাছ এখন আগে-ভাগে লৈ পেলালোঁ৷
মোৰ কাৰবাৰটো ভলণ্টিয়াৰৰূপী ডেকাকেইজনে শলাগিলে৷ পিছে একেলগে অহা দলটোৰ সদস্যসকলৰ পৰাহে মানসিকভাৱে বিচ্ছিন্ন হ'বলৈ গৈ আছোঁ যেন বোধ হ'ল৷
'ইয়াত এয়া প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে৷ গতিকে নজনা মানুহে আপত্তি দৰ্শাবই দিয়কচোন৷ লাহে লাহে চব ঠিক হৈ যাব৷' প্ৰৱেশ-পত্ৰখন লোৱাৰ পৰত স্বেচ্ছাসেৱক এজনলৈ চাই অনুচ্ছ স্বৰত মনৰ কথাষাৰ বেকত নকৰাকৈ নোৱাৰিলোঁ৷ তেনেতে টেম্প'খন ষ্টাৰ্ট দিলে আৰু আগুৱাবলৈ উদ্যত হ'ল৷
'কি, টেম্প'খনে আপোনাক নিনিয়ে নেকি?' কাষতে ৰৈ থকা অচিনাকি যুৱক এজনৰ মোলৈ লাগিল চিন্তা৷ তেওঁৰ শৰীৰত আই.আই.ই. লেখা বগা টি-চাৰ্ট৷
'ক'ব নোৱাৰোঁ৷ আচলতে মই তেওঁলোকৰ দলৰ নহওঁ৷ অকলে আহিছোঁ৷ বাৰু কওকচোন, ইয়াৰ পৰা আৰু কিমান দূৰ যাব লাগিব?'
'বেছি নহয়৷ Walking distance৷ তথাপি ৰ'ব, আপোনাক মই পঠোৱাৰ ব্যৱস্থা কৰি আছোঁ৷'
তেওঁ মোক নিৰ্ভয় দিলে৷ ইফালে-সিফালে চালে৷ বেশভূষা দেখি মোৰ পৰিচয় জানিবলৈকো আগ্ৰহ প্ৰকাশ কৰিলে 'আপুনি ক'ৰ পৰা আহিছে?'
'ডাঙৰীয়া আপুনি যাবনে আমাৰ লগত?' টেম্প' চালকজনে মোলৈ চাই ৰিং মাৰিছে৷ মই ইফালে ডেকা ভলণ্টিয়াৰজনৰ লগত কথা পতাত মছগুল৷ ডিফুত শিক্ষানুষ্ঠানখনৰ শাখা থকা বুলি এঠাইত পঢ়িবলৈ পাইছিলোঁ৷ সুযোগ পাই সেই বিষয়ে সবিশেষ জানিবৰ কাৰণে ব্যগ্ৰ হৈ পৰিছোঁ৷ আলোচনাই ক্ৰমাৎ গভীৰতালৈ গতি কৰিছে৷
পৰ্যটনৰ ধাৰণা এতিয়া সলনি হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলত দুঃসাহসিক পৰ্যটনৰ সম্ভাৱনীয়তা আগৰে পৰাই বিশাল পৰিমাণত আছিলেই৷ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যক বেষ্টনী হিচাপে লৈ বগামাটি এতিয়া দুঃসাহসিক পৰ্যটনৰ অতিশয় সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰৰূপে চিহ্নিত হৈছে য'ত দুঃসাহসিক ক্রীড়াকলাপৰ সুযোগ-সুবিধাসমূহ দেখা গৈছে৷ আশা কৰা হৈছে, এই উৎসৱে বগামাটিক নতুনকৈ গ্ৰীষ্মকালীন লক্ষ্যস্থল হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে স্থানীয় আৰ্থ-সামাজিক অৱস্থালৈ পৰিৱৰ্তন আনিব; বি.টি.এ.ডি.ৰ সংস্থাপনহীন যুৱক-যুৱতীসকলে এই উৎসৱক যোগসূত্ৰ হিচাপে লৈ নিজৰ জীৱনটোক স্বাৱলম্বিতাৰ বাটেৰে সন্মান সহকাৰে আগ বঢ়াই নিয়াৰ সমল বিচাৰি পাব৷
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে অঞ্চলটোৰ অসামান্য বৈভৱক মূলধন কৰি পৰ্যটনক আগুৱাই নিবলৈ আই.আই.ই.এ দুঃসাহসিক কাৰ্যকলাপ অন্তৰ্ভুক্তকৰণৰ জৰিয়তে পৰ্যটনৰ এক মূল্য-নিৰূপিত দৃষ্টিকোণৰ চানেকি তৈয়াৰ কৰি উলিয়াইছে৷ প্ৰশিক্ষণৰ নীতি-নিয়ম থিৰাং কৰা হৈছে৷ সেইমতে বিগত ২০১৬ চনৰ পৰা আৰম্ভ কৰি উত্তৰ-পূবৰ প্ৰায় ১৫০-২০০ গৰাকী যুৱক-যুৱতীক ভাৰত চৰকাৰৰ Ministry of Youth Affairs & Sportsৰ অন্তৰ্গত তামিলনাডুৰ শ্ৰীপেৰম্বুডুৰস্থিত Rajiv Gandhi National Institute of Youth Development (RGNIYD)ত প্ৰশিক্ষণ দিয়া হৈছে৷ সেইসকলে এই সমাৰোহত অংশ গ্ৰহণ কৰি ব্যৱহাৰিক জ্ঞান আহৰণৰ লগতে অভিজ্ঞতা সঞ্চয় কৰাৰ সুযোগ লভিছে৷
'হে'ৰি, যায় যদি আহক বেগেতে৷ আমি সোনকালে ঘূৰি আহিব লাগিব৷' চালকজনে পুনৰবাৰ ৰিঙিয়ালে৷
টেম্প'খন ভিতৰলৈ যাব তাৰ মানে! কেনেকৈ মেনেজ কৰিলে নাজানো৷ মোক নিব বুলি ধৰিব পাৰি পিছফালে উঠি আগৰ জেগাত বহি ল'লোঁ৷ ষ্টাৰ্ট দিয়াৰ সময়তে যুৱকজনে কৈ উঠিল 'আপোনাক মই কাৰ্ড এখন দি দিলোঁহেঁতেন৷ আপুনি সকলোবিলাক ফ্ৰীতে কৰিব পাৰিলেহেঁতেন৷'
মোৰে দুৰ্কপাল যে তেওঁ ভবাৰ দৰে নহ'ল৷ 'ধন্যবাদ, লগ পাম দেই' বুলি মই তেওঁৰ ফালে চাই হাত এখন দাঙি ধৰিলোঁ৷
কেঁচা পথটোত বৰষুণৰ পানীৰ ডোঙা কিছুমান দেখা গৈছে৷ কাষে কাষে খেলসমূহৰ নাম সম্বলিত বেনাৰ পুতি ৰখা হৈছে৷ সহযাত্ৰীসকলৰ মাজত নানা তৰহৰ কথা৷ অলপ দূৰ গৈয়ে, 'ইয়াতে সৰুপানী চুই যোৱা ভাল হ'ব' বুলি চালকজনে বাহনখন ঘপকৈ ৰখালে৷ আকৌ চলিবলৈ লোৱাৰ পাছত কেই মুহূৰ্তমান মাত্ৰ৷ গাঁৱলীয়া বাটেৰে কেঁকুৰি এটা ঘূৰিয়ে জেগা পাই গ'লোঁ৷ নিজকে নিজে কৈ উঠিলোঁ গে'টৰ পৰা ইমান ওচৰতে! এনেয়ে দুশ্চিন্তাত ডুবি আছিলোঁ মই৷



We must take adventures in order to know where we truly belong.
১২.৪৫৷ বগামাটি পাই গ'লোঁ৷ টেম্প'খনৰ পৰা নামিব লওঁতে সময়টো চাই লৈছোঁ৷ ৩ বাজি ৪৫ মিনিটত নাওকাটাৰ পৰা গুৱাহাটীলৈ last bus বুলি অথনি সিখন টেম্প'ৰ চালকজনক সোধাত জনাইছিল৷ গতিকে যিফালেই নাযাওঁ কিয়, বিলম্ব নকৰি সময় মিলাই ঘূৰি আহিব লাগিব৷ অৰ্থাৎ তাৰ আগতেই মোৰ বগামাটি দৰ্শন সমাপ্ত কৰিব লাগিব৷ Live your life by a compass, not a clock. কথাষাৰ জানো যদিও সদ্যহতে বিকল্প নাই৷ বগামাটিত পদাৰ্পণ কৰি সেউজীয়া পৰিৱেশটোত মনৰ উলাহেৰে চক্ৰাকাৰ দৃষ্টি বুলাব ধৰিলোঁ৷


'আপুনি ঘূৰি যাবনে? গ'লে আমাৰ লগতে যাব পাৰিব৷ আমি আঢ়ৈমান বজাত ইয়াৰ পৰা উভতিম৷' মাটিত ভৰি দিয়ে সহযাত্ৰীসকলৰ এজনে কৈ উঠিল৷
'অঁ ঘূৰিম৷ লৈ গ'লে ভাল পাম৷ মই আকৌ গুৱাহাটী পাবগৈ লাগিব৷ গাড়ী ধৰিব পাৰিমনে বাৰু?'
'ডাঙৰীয়া আপোনাৰ ভাৰাটো দিয়কচোন৷' ভাৰা খুজি চালকজনে অনুৰোধ জনালে৷ মোৰ প্ৰশ্নটোৰহে উত্তৰ পোৱা নগ'ল৷
'কিমান দিব লাগিব? নাজানো নহয়৷'
'৬০ টকা দিয়ক৷' এইবেলি চালক নহয়, অইন এজনেহে বেপৰোৱা ভাবত প্ৰকাশ কৰিলে অংকটো৷
'৬০ টকা! মোৰ হাতত আজি পা-পইচা কম আছেহে'৷ ৪০ লওক৷'
'৪০ টকা নহ'ব৷'
ব দিয়কচোন, হব৷ ঘূৰিও যামতো একেলগে৷
'ঘূৰি যাওঁতে আপুনি আমাৰ লগত যাব নালাগে৷ বেলেগ গাড়ীত যাব৷'
২০ টকা কমাব খোজাত সহযাত্ৰী নাৰাজ হৈ গ'ল৷ জুমৰ মাজৰ পৰা অকণমান ৰূঢ়ভাৱেই অন্য এজনে তৎক্ষণাৎ বাক্যকেইটা বতাহত এৰি দিলে৷ মই শুনা পালোঁ৷
'হব, ৫০ টকা দিয়ক৷ তাৰ কমত নোৱাৰিম৷ টেম্প'খন আমি ৰিজাৰ্ভ কৰি আনিছোঁ৷' দাঁতিতে ৰৈ থকা আন এজন সদস্য মোৰ প্ৰতি অকণমান সদয় হৈছে৷ তেওঁ ৫০ টকাত মান্তি৷ বাকীবোৰে তেওঁৰ মুখলৈ চাই আছে৷ দৃষ্টিত প্ৰশ্নবোধক৷
চাবলৈ গ'লে ভাৰা আনুমানিক ২০ বা বৰ বেছি ৩০ টকামান হ'ব পাৰে যদিও অগত্যা টকা ৫০টা ততালিকে দি দিলোঁ৷ কাৰণ এটাই, যাতে মোক এৰি থৈ নাযায়৷ 'দয়া কৰি ঘূৰি যাওঁতে লৈ যাব দেই৷ মই ইয়াতে মজুত থাকিম৷' খাটনি এটাও ধৰি থ'লোঁ লগে লগে৷ নহ'লে কি ঠিক, নতুন চিনাকি, গুচিও যাব পাৰে৷ তেতিয়া মোৰ কি দশা হ'ব?
নিজৰ মাজত কথা মিলাই লোৱাৰ পাছত ড্ৰাইভাৰক বাদ দি বাকী আটাইকেইজন পোনে পোনে ওলাই থকা ৰাস্তাটোৰে দলবদ্ধভাৱে হাঁহি-মাতি অগ্ৰসৰ হ'ল৷ চালকজন বাহনখনৰ সৈতে ৰৈ গ'ল৷ তেওঁ কেনিও নাযায় বুলিলে৷ 

২০ যোগ ৫০ যোগ ১১০ যোগ ২০ যোগ ২০ যোগ ৫০৷ লালুং গাঁৱত যাত্ৰা আৰম্ভণিৰ পৰা মনত পেলাই পেলাই মই গোপনে অংক এটা কৰি চালোঁ, গুৱাহাটীৰ পৰা এইখিনি পাওঁতে মোৰ কিমান টকা খৰচ হ'ল, আৰু হাতত কিমান বাচি আছে৷ হিচাপ কৰি নচলিলে বিপদ আছে৷ ইয়াকে ভাবি লৈ চৌপাশৰ দৃশ্যপটত ডুব গ'লোঁ৷ ইতিমধ্যে কেমেৰাটোও ৰাক্‌চেকৰ পৰা উলিয়াই লোৱা হৈছে৷
Bogamati Tourist Centreৰ Motor Vehicle Parkingত বগামাটিৰ সন্ধানত কৰা যাত্ৰাৰ অন্তিম খেপটোৰ অন্ত পৰিল৷ জোৰা-ফোন্দা দি হ'লেও ভালে-কুশলেই জেগা পাই গ'লোঁ৷ সীমিত পুঁজি আৰু অনিৰ্ধাৰিত বাহনেৰে এনেকৈ টুকুৰা-টুকুৰিকৈ কৰা ভ্ৰমণৰ বেলেগ মজা এটা আছে৷ এইবোৰৰ কোনো তথাকথিত ৰাজকীয় চৰিত্ৰ নাই৷ যাবলৈ, খাবলৈ, থাকিবলৈ যি পাওঁ তাতেই আত্মতুষ্টি৷ মুঠতে আগলৈ চকা ঘূৰি থাকিলেই হ'ল৷

ৰাজ্যসভাৰ মাননীয় সাংসদ শ্ৰী বিশ্বজিৎ দৈমাৰীৰ ২০১৭-১৮ চনৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ জৰিয়তে মই ৰৈ থকা এই অৱস্থানস্থলী নিৰ্মাণ কৰি উলিওৱা হৈছে৷ ২০১৮ৰ ১ জানুৱাৰী তাৰিখে মুকলি হৈছিল বুলি মাৰ্বলৰ ফলকত পঢ়িলোঁ৷ ঠাইডোখৰ airportৰ runwayৰ দৰে আহল-বহল৷ গোটেইখিনি পকা ৰাস্তাৰ নিচিনা কৰি পেলোৱা হৈছে৷ দেখি ভাল লাগিছে৷
এলেকাটোত প্ৰৱেশ কৰাৰ পাছত দেখা পাইছোঁ, আমি সোমাই অহা ৰাস্তাটোৰ বাওঁহাতে ওখ মঞ্চ এটা৷ ৰাইজ বহিবৰ কাৰণে মুখামুখিকৈ pandal সজা হৈছে৷ তাৰ সিপাৰে দীঘলীয়া লানিৰে বিপণি কিছুমান৷ কেউফালে সেউজীয়া ৰঙৰ পয়োভৰ৷ পেণ্ডেলৰ পাছৰ মুক্তাংগনত Red Bull লেখা সুদৃশ্য তম্বু এটা৷ ভিতৰত Polaris Ranger Crew এখন৷ অনুসন্ধিৎসু জনতাই বাহনখনৰ ওচৰত ৰৈ কিবাকিবি চাই আছে৷ এনেকুৱা গাড়ী য'তে-ত'তে দেখা পোৱা নাযায়৷ গতিকে চাবই৷ ওচৰতে হাতী এটাক মাউতে ঘূৰাই লৈ ফুৰাইছে৷ তাৰ পাছতো লাগি আছে কেইটামান ল'ৰা-ছোৱালী৷ শিশুকালৰ এখন চিনাকি ছবি৷ মনলৈ ল'ৰালি উভতি অহা দৃশ্য৷ ঘৰৰ সন্মুখৰ ৰাস্তাৰে ঘৰচীয়া হাতী এটা আহি ওলালে চিঞৰি-বাখৰি আমিও চাবলৈ দৌৰ মাৰিছিলোঁ, পাছে পাছে বহুদূৰ পাইছিলোঁগৈ৷

এফালে জমা হৈ থকা পানীৰ ডোঙাটো দেখি বুজিবলৈ অসুবিধা নহ'ল যে ইয়াতো আগবেলা ডাঙৰ বৰষুণেই হৈ গৈছে৷ এতিয়া কিন্তু চিন্তিত হ'বলগীয়া মুঠেই নাই৷ বতৰটো দাঙিলে৷ একেবাৰে সোঁফাললৈ অৰ্থাৎ সিটো মূৰে খাদ্যৰ stall কিছুমান আছে৷ মোৰ সহযাত্ৰীসকলে খোৱা বস্তুৰ দোকান কেইখননো আছে তাক হিচাপ কৰাৰ কথা অথনি আহি থাকোঁতে খুবকৈ কৈ আছিল৷ সৌকেইজন, এতিয়া সেইটো দিশেই আগ বাঢ়িছে! খোজত উৎসাহ দেখা গৈছে৷ এড্‌ভেন্‌চাৰ্‌-বলিয়া কিছু মানুহে পিয়াপি দি ফুৰিছে ইফালে-সিফালে৷ এড্‌ভেন্‌চাৰ টুৰিজমৰ প্ৰতি অনুৰক্ত এই অত্যুৎসাহী মানুহবোৰৰ চিন্তন-মনন, ধৰণ-কৰণ সচৰাচৰ দেখা টুৰিষ্ট-ট্ৰেভেলাৰৰ সৈতে নিমিলে৷

'এইফালে ক'লৈ যায়নো?' সোঁহাতে থকা অস্থায়ী bike-bicycle standৰ কাষতে পোৱা স্থানীয় যুৱক এজনৰ পৰা ৰাস্তাটোৰ সম্পৰ্কে জানিব বিচাৰিলোঁ৷
'এইফালে আপুনি নদীৰ পাৰলৈকে যাব পাৰিব৷' তেওঁ ধুনীয়াকৈ ক'লে৷
তাৰ মানে গুগুলত চাওঁতে মই দেখা নৈখন এইফালেই আছে, য'ত জলক্রীড়াবোৰ অনুষ্ঠিত হোৱাৰ কথা৷ সভাথলী, প্ৰদৰ্শনীথলী, খাদ্যথলী অতিক্ৰম কৰি পোনাই দিলোঁ অকলে অকলে৷ পিঠিত বেগ, ডিঙিত কেমেৰা৷ লগত কোনো নাই৷ 'মই আৰু মোৰ ছাঁ, দুয়ো দুয়োৰে লগৰীয়া...' গীতটো আপোনা-আপুনি ওঁঠলৈ আহি গৈছে৷ ভাবি চাইছোঁ, শ্ৰদ্ধাৰ ভূপেনদাৰ গীতটোকে এইটো যাত্ৰাৰ Theme Song কৰিব পাৰিচোন! উদাসী ক্লান্ত পথিক নহওঁ বাৰু, কিন্তু সংগীবিহীন ঠিকেই৷ YouTubeত ইতিমধ্যে upload কৰা মোৰ Dong Arunachal Pradesh নামৰ ৫ মিনিটৰ videoটোৰ দৰে এই যাত্ৰাৰ সংক্ষিপ্ত প্ৰতিবেদন প্ৰস্তুত কৰোঁতে নেপথ্যত এইটো গানকেই বজা

শিলগুটি দিয়া এটা পোন বাট৷ গোজোং-গোজোংকৈ গৈ আছােঁ৷ অন্য সময়ত ঠাইখন অৰণ্যময় হৈ থাকে বুলি ধাৰণা এটা মনলৈ আহিছে৷ কাৰণ জংঘল কাটি দুকাষ মোকলাই ৰখা হৈছে৷ সোঁৱে-বাঁৱে যেনি-তেনি কেৱল বগৰী গছ কিছুমান দেখা দিলে৷ এইবোৰ কেনেকৈ আহিল? খোজ দি থকাৰ সমানে সমানে অৱধাৰিতভাৱেই কৌতূহলৰ উদ্ৰেক হ'ল৷ কাকনো সুধিম? নিজকে নিজে সুধিছোঁ৷ নিজকে কোনো সংগঠন বা জাকৰ সৈতে জড়িত নোহোৱা ভাবোন্মাদ freelance naturalist adventuristৰ দৰে লাগিছে ৷ বগৰী গছবোৰ বছৰদিয়েকৰ আগতে ৰোৱাও হ'ব পাৰে৷ কোনেবা ৰুলে? নে নিজে নিজে গজিল বাৰু? নাজানো৷ ইমান ডাঙৰ হ'লতহে মোৰো অহাৰ, সুবাস লোৱাৰ সৌভাগ্যকণ ঘটিল৷ বগৰীৰ দিনত খুব মজা লাগিব দেই৷ এতিয়া সৌৱা, ফুল ফুলিব ধৰিছেই৷ নিজৰ সৈতে কথা পাতি আগুৱান হৈছোঁ৷ স্বাধীনতাৰে ভৰা, মুকলিমূৰীয়া মন৷



The best journeys in life are those that answer questions you never thought to ask.
গছবোৰৰ তলে তলে কিছুমান গাড়ী, বাইক; অৱস্থানৰত অৱস্থাত৷ সোঁহাতে নৈ (নে নলা?) এখন বৈছে৷ কঁহুৱানিৰ মাজেৰে একা-বেঁকাকৈ, বহলে ১০ মিটাৰমান হ'ব বুলি অনুমান হৈছে৷ সোঁত খৰ৷ পানী কিন্তু তেনেই ঘোলা৷ কিবা ছাইবৰণীয়া৷ Bolder আৰু net সংযুক্ত spur নিৰ্মাণেৰে জলধাৰাৰ গতি নিয়ন্ত্ৰণ কৰা হৈছে৷ এঠাইত পাৰ হ'বলৈ ওপৰত ৰেলিং দিয়া আৰ.চি.চি. দলঙো এখন সজা আছে৷ দেখাত জলসিঞ্চন বিভাগৰ canalৰ দৰেই লাগে৷ এই ঠাইত দেওচুংগা আৰু জাব্ৰা নামে irrigationৰ দুটা খাল থকা বুলি পঢ়িবলৈ পাইছিলোঁ৷ ভূটানৰ পাহাৰ এৰি অহাৰ পাছত বৰনদীখন মালা, জাব্ৰা আৰু দেওচুংগা নামে তিনিখন উপনৈত বিভক্ত হোৱা বুলিও এঠাইত পাইছিলোঁ৷ কোনখন কেনি আছে চাব লাগিব৷

এইবোৰ চেৰাই পোনে পোনে খোজ বঢ়াই আছোঁ৷ আন মানুহো আগে-পাছে নথকা নহয়৷ ৰাস্তাটোৰ দুয়োপাৰে অ'ত-ত'ত দুঃসাহসিক খেলবোৰ আয়োজন কৰিছে৷ পুৱা ৯ বজাৰ পৰা ক্রীড়াকলাপ আৰম্ভ হোৱাৰ কথা আছিল৷ এইবিলাক আমি সচৰাচৰ দেখা নোপোৱা খেল৷ ফুটবল, ক্ৰিকেট বা টাংগুটি, বিৰিংগুটিৰ লগত নিমিলে৷ এইবোৰ খেলিবলৈ কলিজা লাগে৷ সেয়েহে বিশেষ এক ধৰণৰ মানুহৰহে সংস্পৰ্শ থকা দেখা যায়৷ ৪-৫জনকৈ তদাৰককাৰী যুৱক-যুৱতী স্বেচ্ছাসেৱকৰ ৰূপত প্ৰতিটো খেলৰ সৈতে মজুত আছে৷ এইসকলৰ মানসিকতা, শক্তি-সামৰ্থ আৰু দুঃসাহসক মনে মনে মই শ্ৰদ্ধা জনালোঁ৷

অলপ আগতে যুৱকজনে কোৱা নৈখনৰ কাষ পালোঁহি৷ পাৰতে ৰৈ ইফালে-সিফালে চাইছোঁ৷ আগলৈ এটা কেঁকুৰি৷ সিপাৰে পাহাৰ৷ সেয়া ভূটান, ড্ৰেগনৰ দেশ৷ আনহাতে পাহাৰে এইপাৰেও দেখা দি আছে৷ এয়া অসম, বড়োলেণ্ড৷ সেউজীয়াৰ মাজত ওলাই থকা মাটিবোৰৰ ৰংটোচোন বগা! এই কাৰণেই বগামাটি নামটো সৃষ্টি হল কিজানি৷ পাৰিলে এচপৰা নিব লাগিব ঘৰলৈ৷ সংৰক্ষণৰ বাবে৷ মই য'লৈকে যাওঁ সৰু শিল এটাকে সচৰাচৰ কঢ়িয়াই আনো৷ স্মৃতিৰ বৰপেড়াত ভৰাই থওঁ৷ বগামাটিলৈ আহি কিয় জানো মাটি এচপৰা নিবলৈহে আগ্ৰহ হ'ল৷

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৰহসংখ্যক উপনৈ উৎপত্তি হৈছে অৰুণাচল প্ৰদেশ আৰু ভূটানত৷ বি.টি.এ.ডি. এলেকাৰ বাগ্‌সা, ওদালগুৰি, চিৰাং আৰু কোকৰাঝাৰ জিলাৰ মাজেৰে প্ৰৱাহিত নৈসমূহ ভূটানৰ পাহাৰৰ পৰা অসমৰ সমতললৈ নামি আহিছে৷ ইণ্টাৰনেটত খুঁচৰোঁতে বগামাটিয়েদি ধাৱমান নদীখনৰ নাম লখাইতৰা বুলি পাইছিলোঁ৷ লখাইতৰাৰ অগ্ৰভাগত পুঠিমাৰী বুলিও উল্লেখ আছে৷

NEATOFEST 2018ৰ বিজ্ঞাপনত বগামাটি স্থানডোখৰ বৰনদীৰ পাৰত বুলি লিখা হৈছে৷ বৰ্তমান বৰনদী বুলি কোৱা এই নৈখনৰ উৎস হ'ল Land of the dragon ভূটানৰ মৰচলা বা মৰাচলা আৰু দীঘলাই বা দীকলাই নৈ৷ ৯৮ নং সীমান্ত খুঁটাত নৈখন অসমত প্ৰৱেশ কৰিছে৷ সীমাৰ পৰা আগুৱাই বাওঁপাৰৰ দেওচুংগা আৰু সোঁফালৰ বৰনদী সংৰক্ষিত বনৰ মাজেদি দক্ষিণ দিশত ৯ কিলমিটাৰ আহি নাগ্ৰীজুলি চাহ বাগিচাৰ পূবত ওলায়৷ তাৰ পাছত পিপলনিয়েদি ৪ কিলমিটাৰ ভটিয়াই নাওকাটা-বঙালীপাৰা বাটছোৱাত অথনি পাই অহা সুৱাগপুৰ পায়৷ বাটত অতিক্ৰম কৰি অহা শুক্লা নামৰ নৈখন দক্ষিণত যোগ হোৱাৰ পাছত ইয়াৰ আকাৰ বৃদ্ধি হৈ পৰে৷ সুৱাগপুৰৰ পৰাই নৈখনক পুঠিমাৰী বুলি জনা যায়৷ উৎপত্তিৰ পাছত দক্ষিণ অভিমুখে বৈ যোৱা বৰনদীখনে দিশ সলনি কৰি পুঠিমাৰী আৰু বৰলীয়া নামে দুখন সুকীয়া নৈৰ সৃষ্টি কৰিছে৷

অসমৰ নদ-নদী কিতাপৰ পাতত পঢ়িবলৈ পোৱামতে বৰনৈ নামে নৈ এখনে অসমৰ পশ্চিম সীমাৰূপে থাকি অসম বুৰঞ্জীত গুৰুত্বপূৰ্ণ স্থান পাইছে৷ অবিভক্ত দৰং আৰু কামৰূপ জিলাৰ সীমাত আছিল এইখন নৈ৷ এতিয়া বাগ্‌সা আৰু ওদালগুৰি জিলাৰ সীমাৰ উপৰি কামৰূপ (গ্ৰাম্য) আৰু দৰং জিলাৰ সীমাৰে বোৱা বৰনৈ এখন প্ৰাচীন নৈ৷ ইয়াৰ পুৰণি নাম মংগলা আছিল৷ মংগলাৰ পৰাই মঙলদৈ নামটোৰ উৎপত্তি হোৱা বুলি কোৱা হয়৷ ঋকবেদত উল্লেখিত নদী বীৰপতনীৰ নামটোৰ অপভ্ৰংশও বৰনৈ হব পাৰে বুলি ভবা হয়৷ বৰনৈক এখন বিসদৃশ নৈৰ উৎকৃষ্ট উদাহৰণ বুলি ধৰা হয় কিয়নো নামটোৰ সৈতে ইয়াৰ অৱয়ব নিমিলে৷

লখাইতৰা, বৰনদী, বৰনৈৰ নাম আৰু গতিপথ সংক্ৰান্তত খোকোজা কিছুমান মোৰ মনলৈ নহা নহয়৷ ঠাইডোখৰক লৈও আছে৷ কোনো কোনোৰ মতে বগামাটি অঞ্চলৰ এইখিনি দাওৰাইঝাৰ গাঁওহে৷ গতিকে বগামাটি বোলাতকৈ দাওৰাইঝাৰ বোলাহে যুগুত হেনো৷ সি যি কি নহওক, চাক্ষুষ দৰ্শনৰ পাছত বুজি থ'লোঁ যে এইখনেই গুগুল মেপত দেখা লখাইতৰা, বিজ্ঞাপনৰ বৰনদী৷ এয়াই বগামাটি, এইফালৰ জনপ্ৰিয় বনভোজ থলী৷ ২০১২ চনৰ জানুৱাৰীত পিক্‌নিক্‌ স্পটটো মুকলি কৰা হৈছিল৷ নিৰাপত্তাজনিত কাৰণত বন্ধ কৰি ৰখাৰ পাছত ২০১৬ চনৰ ডিচেম্বৰ মাহত পুনৰ খুলি দিয়া হৈছে৷ শেহতীয়াভাৱে এতিয়া অনুষ্ঠিত হৈছে North East Adventure Tourism Festival, প্ৰথমবাৰলৈ৷ আনৰ কথা নাজানো, মই মুঠতে আহি গ'লোঁ৷ মনত পৰিল YouTubeত শুনা বিহুগীতৰ কলি 'ভনীটি পিকনিকলৈ যাবানে, ভনীটি বগামাটি চাবানে, ভনীটি ভূটান পাহাৰ হিমালয়, ভনীটি কাষত দেখা পাবাগৈ...৷'




Great things are done when men and mountains meet.
পাহাৰৰ পাদদেশেৰে বৈ অহা নদীখনৰ এইপাৰে ঢেৰ মানুহ৷ ময়ো তাৰ মাজৰে এজন হ'লোঁহি৷ উপস্থিত হৈ দেখিলোঁ যে তৰি থোৱা অৱস্থাত চামিয়ানা দুখন, জীপচি এখন, তাৰ সিফালে পানীত ৰাফ্‌ট দুখন, ইত্যাদি ইত্যাদি আছে৷ ডাঙৰ আকাৰৰ ৰঙা-নীলা ছাতিৰ তলত টেবুল-চকী পাৰি কৰ্মকৰ্তাই হ'ব সম্ভৱ, বহি আছে৷ ৰিভাৰ ৰাফ্‌টিং প্ৰতিযোগিতা আৰম্ভ হওঁ হওঁ৷ মাইকযোগে জনাইছে৷ পানীৰ নিৰৱচ্ছিন্ন কল্‌কল্‌ ধ্বনিৰ মাজতে বতাহত ভাহি অহা ঘোষণাটো মোৰ কৰ্ণপটহ পালেহি৷ উত্তেজনা অকণমান বাঢ়ি গ'ল৷

Rapidsবোৰলৈ একধ্যানে চাই আছোঁ৷ এই নদীখনৰ বুকুত থকা ৰেপিড্‌ছবোৰৰ প্ৰৱাহৰ গতি ২-৫ কিল'মিটাৰ বুলি লেখা এটাত পঢ়িবলৈ পাইছিলোঁ৷ প্ৰতিযোগিতাখন চোৱা যাওক বুলি ম'বাইল ফোনটো উলিয়াই সময়টো জানি ল'লোঁ৷ ১.০০ বাজিবৰ হ'ল৷ ইয়াত network পোৱা নাযায়৷ সেয়েহে কাকো ক'তো ফোন কাণত লৈ থকা ভংগীমাত দেখা নাই৷ অন্যথা যেনি-তেনি এইটো এতিয়া এটা চিৰাচৰিত দৃশ্য৷ যোগাযোগ বিচ্ছিন্ন হৈ থকা কথাটো মনে মনে ভালেই লাগিল৷ ফোনমুক্তি লভি দৰ্শকৰূপী মানুহবোৰেও দেখিছোঁ, এড্‌ভেন্‌চাৰ্‌ ক্রীড়াকলাপত ভালকৈ মনোনিৱেশ কৰিব পাৰিছে৷ কিৰিলীয়াইছে, হাত চাপৰি বজাইছে, হাঁহিছে, ফটো তুলিছে৷ জীৱনৰ পূৰ্ণ আনন্দ লৈছে৷ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যৰ আৱেষ্টনীত স্থিত বগামাটি আজিৰ দিনটোত এনেকৈয়ে উন্নীত হৈছে এক দুঃসাহসিক পৰ্যটনস্থললৈ৷ মোৰো ভাল লাগিছে ইয়ালৈ আহি৷ নহা হ'লে এই পৰিৱেশ, এই দৃশ্যপট, এই অভিজ্ঞতাসমূহ নিশ্চিতভাৱে হেৰুৱালোঁহেঁতেন৷ ঈশ্বৰক ধন্যবাদ জনালোঁ একান্ত গোপনে৷

আমাৰ বাবে এইটো এটা ভিত্তিহীন আপত্তি নিশ্চয় নহয় যে প্ৰাকৃতিক বনাঞ্চল, বন্যপ্ৰাণী আদি বিষয়ত চহকী হোৱা সত্ত্বেও বিগত বৰ্ষবোৰত অসম ৰাজ্যখনে পৰ্যটন মানচিত্ৰত বিশিষ্ট স্থান পোৱাটো সম্ভৱ হৈ উঠা নাই৷ ইয়াৰ মূল কাৰণ সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলি বহুতে খোলাখুলিকৈয়ে ক'ব খোজে৷ উগ্ৰবাদ নিৰসনৰ পাছত বৰ্তমান এইটো দিশত পৰিৱৰ্তন অহাটো পৰিলক্ষিত নোহোৱা নহয়৷ লোকালয়ৰ পৰা আঁতৰত নতুন নতুন পৰ্যটন থল উদঘাটন কৰাৰ উপৰি সেইবোৰৰ উন্নয়ন সাধনত আজি চৰকাৰীভাৱে গুৰুত্ব আৰোপিত হৈছে৷ বগামাটি পাৰ্বত্য এলেকাটোও তদনুৰূপ এক ভিতৰুৱা জেগা৷ মোহনীয়া দৃশ্যাৱলীৰে ঠাইখিনি ইতিমধ্যে প্ৰকৃতিপ্ৰেমীৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিছে৷ ভাৰত-ভূটান সীমান্তৱৰ্তী দুশাৰী পৰ্বত আৰু পাদদেশলৈ নামি অহা নৈখনক লৈ ব্যস্ত আৰু জনপ্ৰিয় বনভোজথলী বুলি ইতিপূৰ্বে বগামাটিৰ এক পৰিচিতি আছিলেই৷ তাৰ সৈতে পৰ্যটন বিভাগৰ সুচিন্তা, প্ৰচেষ্টা আৰু যোগাত্মক পদক্ষেপ লগ লাগি আজি ই ৰূপান্তৰিত হৈছে মানবিশিষ্ট পৰ্যটন কেন্দ্ৰলৈ৷ চৰকাৰী এজেন্সিৰ উপৰি কেতবোৰ বেচৰকাৰী সংস্থায়ো ঠাইখণ্ডক জলক্রীড়াৰ এক উৎকৃষ্ট থলীত পৰিণত কৰিবলৈ আগ্ৰহ আৰু প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এই সকলোবোৰেই শলাগৰ পাত্ৰ৷

স্থানীয় লোকৰ ভাষ্যমতে সন্ত্ৰাসবাদী কাৰ্যকলাপ নাইকিয়া হৈ সম্প্ৰতি পৰিস্থিতি পূৰ্বতকৈ অনুকূল হৈছে৷ বাট-পথো আগতকৈ চিকুণ হৈছে৷ সুন্দৰ ঠাইটুকুৰাক ভিত্তি কৰি এতিয়া খিলঞ্জীয়া মানুহখিনিৰ জীৱিকা নিৰ্বাহ সম্ভৱপৰ হৈ উঠিব৷ পৰ্যটকৰ আগমন যিমানে বাঢ়িব ব্যৱসায়ৰ পৰিসৰো সিমানেই বাঢ়ি যাব৷ মানসিকতাৰ পৰিৱৰ্তনে বগামাটিলৈ উন্নতিৰ আগমন ঘটাবই ঘটাব৷ কিন্তু ইয়াক পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু ইয়াৰ সাজ-সজ্জা প্ৰাকৃতিকভাৱে ৰখাৰ দায়িত্বও স্বীকাৰ কৰিব লাগিব৷

পকী সৰু দলং এখন পাৰ হৈ নদীৰ বুকুত থকা শিলবোৰৰ ওপৰলৈ নামি গ'লোঁ৷ ঢৌ খেলি থকা বোঁৱতী পানীবোৰ চুই চালোঁ৷ এয়াও এক ধৰণৰ হেঁপাহ৷ এনে হেঁপাহে শৰীৰটোক টানি ফুৰায়৷ ভাগৰ নালাগে৷ প্ৰসংগক্ৰমে, এবাৰ কোনোবা এজনে মই যোৱা এনেকুৱা প্ৰতিটো সুন্দৰ স্থানতে মোক একোবাৰ হ'লেও স্নান কৰাৰ অভিজ্ঞতা লৈ থ'বৰ বাবে পৰামৰ্শ দিয়া মনত আছে৷ পাহাৰীয়া নৈ যদিও বগামাটিত পানীবোৰ কিন্তু ফট্‌ফটীয়া দেখা নাই৷ কিয়বা! নদীখনৰ শিলাময় বুকুত থিয় দি তাকে মনে মনে ভাবি আছোঁ৷ শিলত কোবোৱা জলস্ৰোতে খলখলাই শব্দ কৰি আছে৷ এনেকুৱাতে কাষতে দেখা পালোঁ প্ৰৱেশ দ্বাৰত অলপ আগেয়ে কথা পতি অহা আই.আই.ই.ৰ স্বেচ্ছাসেৱক ডেকাজনক৷

'আপোনাক ক্ষন্তেক আগতে গে'টত লগ পোৱা নাছিলোঁনে বাৰু?' শিলগুটিৰ ওপৰত বহি বেগ এটা খুলি কেমেৰা উলিয়াবলৈ উদ্যত হৈছে তেওঁ৷ মোলৈ চাই হাঁহি মূৰ দুপিয়াই সঁহাৰি জনালে৷ তাৰ মানে হয়, ঠিকেই ধৰিছে৷
'মই ইয়ালৈ ফটোগ্ৰাফীৰ বাবে আহিছোঁ৷'
'হয় নেকি; খুব ভাল কথা৷' ফটো তোলাৰ নিচাই পোৱা যুৱকগৰাকীক মই তেওঁৰ ঘৰ ক'ত সুধিলোঁ৷
'মোৰ ঘৰ গুৱাহাটীত৷'
'গুৱাহাটীৰ ক'ত?'
'শান্তিপুৰত৷'
'Rafting competitionৰ বাবে সৌৱা নাওবোৰ সাজু হৈছেই৷ আপুনি বেগেতে কেমেৰা ready কৰক৷ মই অলপমান ঘূৰা-ঘূৰি কৰোঁ দেই৷ উভতি যাব লাগিব৷ লগ পাম৷' এইবুলি তেওঁক এৰি ভটিয়াই গ'লোঁগৈ৷

Starting pointত প্ৰথমখন ৰাফ্‌ট তৈয়াৰ৷ হালধীয়া ৰঙৰ নৌকাখনত ৭জন আৰোহী৷ পৰিধানত helmet, life jacket৷ প্ৰত্যেকৰে হাততে একোপাতকৈ ব'ঠা৷ অদূৰত হুইছেলৰ কাণ ফলা শব্দ শুনা গ'ল৷ খেল আৰম্ভ৷ যিমানে আগলৈ আহিছে সোঁতে খুন্দিয়াই ৰাফ্‌টখন লক্ষ্যৰ পৰা অাঁতৰাই নিব ধৰিছে৷ প্ৰতিযোগীকেইজনে সন্মিলিত শক্তিৰে ব'ঠা বাই আছে৷ নিয়ম অনুসৰি প্ৰথমে সিপাৰলৈ যাব লাগিব৷ সিটো পাৰে শিলৰ স্পাৰত ভালেকেইজন ভলণ্টিয়াৰ বহি আছে৷ তাৰ পৰা flag লৈ পুনৰ এইমুৱা হৈ এইটো পাৰলৈ আহিব লাগিব৷ এই পাৰে অকণমান আগলৈ, সোঁহাতে কেনেল এটাৰ মুখতে ৰে'ড বুলৰ নীলা ৰঙৰ অৰ্ধচন্দ্ৰাকৃতিৰ তোৰণ এখন পতা আছে৷ সেয়াই target৷

প্ৰত্যাহ্বানৰ মাজেৰে ৰাফ্‌টখন ঠিকে-ঠাকে সিপাৰ পালেগৈ৷ সফলতাৰে ফ্লেগ ল'লে৷ দৰ্শকৰ কিৰিলী, হাত চাপৰি৷ চৌপাশ ৰজনজনাই গৈছে৷ সিপাৰৰ প্ৰথম লক্ষ্য পূৰণৰ পাছত দ্বিতীয় লক্ষ্য এইটো পাৰ৷ পিছে এতিয়াহে লাগিল আচল পয়মাল৷ সোঁতৰ প্ৰচণ্ড শক্তিৰ আগত হাৰ মানিবলৈ বাধ্য হ'ল ৰাফ্‌টাৰকেইজন৷ ফলাফল, target miss৷ অলপ পাছত ৰঙাৰঙী দ্বিতীয়খন ৰাফ্‌টৰো দশা অনুৰূপ হ'ল৷ কেনেলটোৰ ওপৰত থকা RCC bridgeত থিয় দি চৌদিশৰ স্নেপ কেইটামান লৈ মই ঘূৰি আহিলোঁ৷ ইয়াত দেখা পোৱা কেনেল দুটাৰ সম্পৰ্কে The Jabra Bandh at Daoraijhar (Bagamati 1 & 2) under Goreswar Heriali Project 2007 বুলি ফলক এখনৰ ভগ্ন অংশত পঢ়িবলৈ পোৱা গ'ল৷

সোঁহাতে অসমভূমিত থকা পাহাৰখনৰ ওপৰলৈ এনেয়ে এবাৰ চাইছোঁ৷ হাৰে, এগাল মানুহ দেখোন! কেমেৰা টোঁৱাই ঝুম কৰিলোঁ৷ অধিকাংশই মহিলা! দখনাবোৰ জিলিকি আছে৷ বগামাটিৰ আশীৰ্বাদকাৰী বুদ্ধ আৰু খট্‌খটিৰ অস্তিত্বৰ কথা ভাবি কাষ চাপি থাকোঁতেই আচম্বিতে দেখা পালোঁ মোৰ বাওঁহাতে ফুলি থকা বগৰী গছ এজোপাৰ তলেৰে হোৱা খট্‌খটি এটাৰ আৰম্ভণি অংশ৷ অদৃশ্য হৈ পৰা বাটটোৱে যেন পৰ্যটকলৈ চাই কৈ আছে... Adventure awaits. বিপৰীতে, সোঁৱে, আগলৈ পকী footpath৷




Twenty years from now you will be more disappointed by the things you didnt do than by the ones you did do.
কৌতূহলী দৃষ্টি আৰু খোজ৷ সেইখিনিতে এটা নৱনিৰ্মিত Open Rest Shed দেখা পালোঁ৷ ফলকত পঢ়িলোঁ... Inauguration of newly constructed Open Rest Shed at Daoraijhar Bogamati under SOPD, Tourism Deptt., B.T.C. for the year 2016-17 by Ganesh Kachari, Hon'ble E.M., B.T.C.৷ ২ জুলাই ২০১৮ত উদ্বোধন কৰা চালিখনৰ তলত কেইবাটাও তম্বু, কাষত মটৰ চাইকেল আদি৷ উৎসৱ উপলক্ষে camping আৰু homestayৰ সুবিধা আগ বঢ়োৱা হ'ব বুলি খবৰ কাগজত প্ৰকাশিত বিজ্ঞাপনত পাইছিলোঁ৷ হ'মষ্টে' আৰু গ্ৰাম্য পৰ্যটনৰ উৎকৰ্ষ সাধনক লক্ষ্য হিচাপে লোৱা হৈছে, এই দুঃসাহসিক সমাৰোহত৷ মনত আছে, ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ নামপঙত ২০১৩ বৰ্ষত অনুষ্ঠিত Pangsu Pass Winter Festivalত হ'মষ্টে' আৰম্ভ কৰা হৈছিল আৰু তাৰে গইনা লৈ ফটোগ্ৰাফাৰ বন্ধু আৰিফ ছিদ্দিকীৰ তৎপৰতাত টাংচা দম্পতী জাংখং-নাজংহঁতৰ পৰম্পৰাগত জনগোষ্ঠীয় চাঙত অতি স্নেহ আৰু আনন্দেৰে কেইৰাতিমান কটোৱাৰ সৌভাগ্য হৈছিল৷ ইয়াত কোনফালে কেনেকৈ কি ব্যৱস্থা কৰিছেনো তাৰ সন্ধান কৰিব লাগিব৷

দেখি আশ্বৰ্যচকিত হ'লোঁ, এলেকাটো এবিধ বগা, বিশেষ ধৰণৰ বৈদ্যুতিক তাঁৰেৰে ঘেৰাও কৰি ৰখা হৈছে৷ বাগ্‌সা জিলাৰ ভাৰত-ভূটান সীমান্তত দীৰ্ঘদিন ধৰি চলি থকা গজৰাজৰ উপদ্ৰৱ, হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ খবৰ আমি মাজে-মধ্যে বাতৰি কাকতত পঢ়িবলৈ পাওঁ৷ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে নিশা প্ৰতিৱেশী গাঁওবোৰত তাণ্ডৱ চলায়৷ কেতিয়াবা হাতীয়ে মানুহ মাৰে; কেতিয়াবা মানুহৰ জিঘাংসাৰ বলি হয় বন্যহস্তী৷ সীমান্তৱৰ্তী গাঁওবোৰত হাতীয়ে ঘৰ-দুৱাৰ ভাঙে, পথাৰৰ শস্যৰ বিস্তৰ ক্ষতিসাধন কৰে৷ দুৰ্গত গাঁওবাসীয়ে চৰকাৰ আৰু বন বিভাগৰ ওচৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী নজনোৱা নহয় যদিও ইয়াৰ আশু সমাধান অদ্যাপি সম্ভৱ হৈ উঠা নাই৷ এক গম্ভীৰ সমস্যা৷ এই তাঁৰডাল বোধ কৰোঁ বনৰীয়া হাতীৰ আগমন নেওচিবৰ বাবেই পৰিকল্পিতভাৱে পেলাই ৰখা হৈছে৷ তাঁৰডাল দেখি নিজৰ কিবা অঘটন ঘটাৰ আশংকাত সেইবাটে সোমোৱাৰ পৰা বিৰত থাকিলোঁ৷ পিছহুহকি গৈ খট্‌খটিৰে আৰোহণ আৰম্ভ কৰি দিলোঁ, পাহাৰৰ ওপৰলৈ বুলি৷ বুকুত অযুত উৎকণ্ঠা, শিখৰৰ পৰা উপত্যকাৰ দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিম৷ কিমানযে ভাল লাগিব!

১, ২কৈ মনে মনে গণি গণি যিমানেই ওপৰলৈ উঠিছোঁ তলৰ, লগতে উপকণ্ঠৰ দৃশ্যপট বহল হৈ আহিছে৷ ভূটানৰ পাহাৰ, বোঁৱতী নৈখন, খেলাৰ আয়োজনথলী, এড্‌ভেন্‌চাৰপ্ৰেমী উৎসাহী মানুহৰ জুম, কেনেল, ব্ৰীজ, দূৰ দিগন্ত ক্রমে ক্রমে উদ্ভাসিত হৈ উঠিছে দুচকুৰ সন্মুখত৷ মোৰ সমানে সমানে উঠি আছে বড়ো ছিখ্লা কেইজনীমান৷ লগত বয়সস্থ মহিলাও আছে৷ পাহাৰ বগোৱাত বেথা পাই কোনো কোনোৰ মুখেৰে বাহিৰ হৈছে উঃ আঃ আৱাজ৷ তাকে লৈ লগৰে কোনোৱে ৰসাল মন্তব্যৰে ৰগৰ তুলিছে৷ বহিব পৰা ঠাইত বহি মাজে মাজে তেওঁলোকে জিৰাইছে৷ ওচৰা-উচৰিকৈ ময়ো ৰৈছোঁ৷ ঠাইতে ঘূৰি তললৈ চাইছোঁ৷ খটখটিৰ হিচাপটো যাতে পাহৰি নাযাওঁ তাৰ প্ৰতি খুব সজাগ হৈ আছোঁ৷ ওপৰৰ পৰা বৈ অহা বৰষুণৰ পানীয়ে ঠায়ে ঠায়ে আহুকালৰ সৃষ্টি নকৰা নহয়৷ চিৰিবোৰ তিতি আছে৷ পানীৰ ধাৰটোহঁত দেও দি পাৰ হ'বলগীয়াত পৰিছোঁ যাতে জোতাৰ ভিতৰত কোনো কাৰণতে নোসোমায়৷ নহ'লেযে বৰ বিলৈখন হ'ব৷ এই তিতা-কেঁহাটো Dzükou Valley Summer Hill Trekking Expeditionত বাৰুকৈয়ে পাই থৈছোঁ৷

২১০টা step আৰোহণৰ অন্তত শীৰ্ষ পালোঁগৈ৷ চকুৰ আগত ফুটপাথ কিছুমান৷ বিভিন্ন ধৰণৰ গছ-গছনি৷ বগৰীও আছে৷ বগামাটিৰ বগৰী হেনো অতি সোৱাদযুক্ত৷ আন ঠাইৰ তুলনাত হেনো সোনকালে পকি শেষ হয়৷ গছত সদ্যহতে বগৰী লগাই নাই যদিও মই দেখিলোঁ, তলত বহিব পৰাকৈ কেতবোৰ পকী আসন ইফালে-সিফালে সাজি থোৱা হৈছে৷ সামান্য সোঁহাতে কেইখোজমান আগলৈ মাৰ্বল পাথৰৰ ভেটি এটা৷ ১৪টা খট্‌খটি৷ তাৰ ওপৰত সোণালী কাৰুকাৰ্যখচিত ৪ খুঁটাযুক্ত RCC frame৷ তাৰ ওপৰত বুদ্ধদেৱৰ পূৰ্ণাৱয়ব মূৰ্তি এটা প্ৰতিষ্ঠা কৰা আছে৷ চকুত পৰা মাত্ৰক সেইফালে যোৱা পদপথটোৰে আগুৱাই গ'লোঁগৈ৷ গুগুলত বগামাটি সংক্রান্তত খুঁচৰোঁতে কম্পিউটাৰৰ screenত এইটোৱেই চাবলৈ পাইছিলোঁ৷ থিয় হৈ আশীৰ্বাদ কৰি থকা ভংগীত ব্ৰঞ্জনিৰ্মিত প্ৰতিকৃতিটো এতিয়া স্বচক্ষে দৰ্শন কৰিব পৰাত নথৈ আনন্দিত হ'লোঁ৷ ধুৰুপ যে ইয়ালৈ নহা হ'লে এয়া সম্ভৱ নহ'লহেঁতেন৷ আহিলোঁ, দেখিলোঁ৷ ধন্য হলোঁ৷ মনে মনে বুদ্ধলৈ নমস্কাৰ এটা দিলোঁ৷

Pedestalৰ দেৱালত সংস্থাপিত ক'লা মাৰ্বলৰ ফলক এখন৷ মূৰ্তিটোৰ সম্পৰ্কে কিছু কথা খোদিত আছে৷ Blessing Buddha, a sign of world peace, inaugurated by Shri Chandan Brahma, Hon'ble Minister, Transport, Tourism and WPT & BC in presence of Shri Kampa Borgoyari, Dty. Chief, Bodoland; Shri Biswajit Daimary, MP (RS); Smt. Kamali Rani Basumatary, MLA, Paneri; Shri Ganesh Kachari, EM, Bodoland; Shri Rabin Bala Biswas, MCLA, Nagrijuli on 30th December 2013. World peace শব্দযুগলে এক মুহূৰ্তৰ বাবে মোক লৈ গ'ল নেপালৰ Tourist Capital পোখৰাৰ আনাদু হিলত থকা World Peace Pagoda বা শান্তি স্তুপলৈ য'ৰ পৰা (১,১১৩ মিটাৰ) মই নামনিৰ Paradise Cityখন, ফেৱা হ্ৰদটো আৰু হিমালয় পৰ্বতমালাৰ নান্দনিক দৃশ্যৰাজি প্ৰত্যক্ষ কৰিছিলোঁ ২০১১ চনত, বিজয়া দশমীৰ দিনা৷ আনহাতে এতিয়া উঠাতকৈ ভালেমানগুণে অধিক, পোখৰাৰ সৰ্বোচ্চ উচ্চতা (১,৬০০ মিটাৰ)ৰ hiking trail চাৰাংকোটৰ শীৰ্ষ আৰোহণ কৰিছিলোঁ নেপালী সংগী সুশীল খৰ্কাৰ সৈতে৷ সুশীললৈ মোৰ মনত পৰিল৷ সিবা এতিয়া ক'ত?

শুৱনি প্ৰকৃতিৰে সমৃদ্ধ ট্ৰেকিং, হাইকিং, ব'টিং, ৰাফ্‌টিং, চুইমিং, ফিচ্চিং, জাংগল চাফাৰি ইত্যাদিৰ প্ৰান্তবিন্দু পোখৰা ৷ অন্নপূৰ্ণা ৰে'ঞ্জৰ বক্ষস্থলত স্থিত তথাকথিত real Nepali townখনৰ সৈতে বড়োলেণ্ড-অসমৰ বগামাটিৰ তুলনা কৰাটো ভুল হ'ব৷ কিন্তু সম্ভাৱনা ইয়াতো নথকা নহয়৷ দুঃসাহসিক ক্ৰীড়াংগনৰ ক্ষেত্ৰত খাপ খোৱা নৈ, পৰ্বত আৰু আহল-বহল মুকলি সমতলযুক্ত এনে ঠাই কমেইহে পোৱা যায়৷ যথাযথভাৱে গঢ়ি ল'ব পৰাটোহে ঘাই কথা৷ এনেবোৰ যোগাত্মক কাৰণতে বগামাটি বাছনিত উঠিছে৷ এই জাননী জগতক জনাবৰ কাৰণেই চাগৈ প্ৰথমবাৰৰ বাবে ইয়াত আয়োজন কৰা হৈছে উত্তৰ-পূব দুঃসাহসিক পৰ্যটন মহোৎসৱ৷

বুদ্ধ দৰ্শন মোৰ প্ৰিয়৷ গতিকে আহিছোঁ যেতিয়া এইজনা বুদ্ধক এবাৰ প্ৰদক্ষিণ কৰা যাওক৷ এই ভাবি এপাক ঘূৰিলোঁ অকলে অকলে৷ ওপৰলৈ চাৰিওফালৰ পৰাই উঠা-নমাৰ ব্যৱস্থা ৰাখিছে৷ জোতা-মোজা খুলি তলতে থৈ মাৰ্বল পাথৰৰ চিৰিত ভৰি দিছোঁ৷ ক'ৰবাত ক'ৰবাত বৰষুণৰ পানী জমি আছে৷ চিলিঙৰ পৰা ওলমি আছে মস্ত ঘণ্টা এটা৷ দৰ্শনাৰ্থীসকলে ঘণ্টাটো বজাই ঠিক তাৰ তলতে থকা ধূপ-ধূনা জ্বলোৱা ঠাইকণত কিবা এটা আগ বঢ়াই সেৱা কৰিছে৷ তাৰ পাছতে তললৈ নামি গৈছে৷

বড়ো মাকৰ সৈতে অহা অকণমানি ছোৱালী এজনী৷ মোৰ আগে আগে উঠি গৈ সেইডোখৰতে ৰ'ল৷ মাকলৈ চাই কিবা এটা খুজিলে৷ মই বুজি পালোঁ, তাই অইন নহয়, মুদ্ৰা এটা বিচাৰিছে৷ তলত ৰৈ থকা মাকজনীয়ে খুবসম্ভৱ 'খুচুৰা নাই' বুলি ক'লে, বড়ো ভাষাতে৷ তাই ইফালে নমস্কাৰ ভংগীত ৰৈয়ে আছে৷ কি কৰা যায়? এক মুহূৰ্ত চিন্তা কৰিলোঁ আৰু বেক্‌ পকেটত হাত দিলোঁ৷ Purseৰ ভিতৰত এটকীয়া মুদ্ৰা এটা আছিল৷ সেইটোকে মৰমেৰে তাইলৈ আগ বঢ়াই দিলোঁ৷ কণমানিয়ে বিনাদ্বিধাই হাত পাতি ল'লে৷ সভক্তিৰে পইচাটো আগ কৰি আঁঠু কাঢ়ি প্ৰণাম জনালে৷ এটা মনপৰশা দৃশ্য৷ তাৰ পাছত ধীৰে ধীৰে তললৈ নামি গ'ল৷ সমস্ত কাৰবাৰটো মোৰ খুব ভাল লাগিল৷ কেমেৰাটো ডিঙিত ওলমি থকাত মুহূৰ্তবোৰ আলোক-চিত্ৰত বন্দী কৰাৰ তাগিদা এটা মনলৈ আহি আছিল৷ পিছে নকৰিলোঁ৷ গোপনে উপভোগহে কৰি ৰ'লোঁ, যিমান পাৰোঁ সিমান৷ এনেকুৱা দৃশ্যবোৰ মনৰ কেমেৰাতহে অধিক পৰিমাণে অজৰ-অমৰ আৰু অনুভৱী হয় বুলি মোৰ বিশ্বাস৷



Life is an adventure, it is not a package tour.
নামি গৈ জোতা-মোজা পিন্ধি এইবাৰ তলফালৰ দৃশ্যাৱলীত ধ্যান দিছোঁ৷ সুদূৰত অৱস্থিত মঞ্চৰ দিশৰ পৰা মাইকত কৰা ঘোষণা শুনিবলৈ পোৱা গৈছে৷ 'অলপ পাছতে seminar অনুষ্ঠিত হ'ব৷' উৎসৱৰ সৈতে সংগতি ৰাখি Promotion of Home Stay and Rural Tourism আৰু Scope of Adventure Tourism in North-East Region বিষয়ক আলোচনা-সত্ৰ অনুষ্ঠিত হ'ব বুলি ইতিপূৰ্বেই জানিছিলোঁ৷ ইচ্ছুক ব্যক্তিসকলক এতিয়া ছেমিনাৰ থলীলৈ আহ্বান জনাইছে৷ উপস্থিত থাকিবলৈ মোৰো বৰ ইচ্ছা আছিল যদিও নিৰিবিলি এই পৰিৱেশটোৰ সৈতে একাত্ম হৈ পৰি, তাতে থলীলৈ কিছু দূৰত্বও ৰৈ যোৱাত অৱৰোহণৰ বাবে খৰধৰ কৰাৰ পৰিৱৰ্তে প্ৰকৃতিৰ মাজতে নিজকে আবদ্ধ ৰাখি পৰিৱেশটোত সম্পূৰ্ণৰূপে বিলীন কৰি দিলোঁ৷

সাজি ৰখা পকী বেঞ্চৰ অকলশৰীয়া একোণত আসন লৈছোঁ৷ প্ৰথমে পানী কেইঢোকমান গিলিলোঁ৷ নীৰৱতাৰ কোলাত বহি নিজৰ সৈতে নিজঞ্জালে কথা পতাৰ এনেকুৱা সুযোগ সততে পোৱা নাযায়৷ হাতত সময় তাকৰ৷ নহ'লে কিছু সময় ৰোৱাৰ ইচ্ছা জাগিছিল৷ মুকলি আকাশৰ তলত নিৰলে অকলশৰে বহি মৃদু শব্দৰে কেইটিমান স্বনিৰ্বাচিত সুমধুৰ গীত শুনি জীৱনটোৰ বিষয়ে গভীৰভাৱে আত্মানুসন্ধান কৰিলে মনটো বৰ বেলেগ লাগে৷

অথনি অহাৰ বাটত নাওকাটাত কিনা ৰসগোল্লাৰ ঠোঙাটো সন্তৰ্পণে ৰাক্‌চেকৰ পৰা উলিয়াই লোৱা হ'ল৷ তাৰে এটা খালোঁ৷ আঃ বঢ়িয়া৷ মফচলীয় ঠাইৰ মিঠাই৷ ভাল হ'বই৷ নগৰ-মহানগৰতহে দুনীয়াৰ ভেজাল৷

অলপ পৰ জিৰাই বেগটো আকৌ পিঠিত তুলি ল'লোঁ৷ উঠা-নমাৰ চিৰিটো এৰি পোনে পোনে আগলৈ গৈ নৈসৰ্গিক দৃশ্যৰাজি উপভোগ কৰাৰ হেঁপাহ৷ সেইফালে চায়ো ভাল লাগিল৷ ওপৰৰ পৰা দেখিছোঁ, ভূটানৰ পাহাৰ এৰি বৃহৎ পাক এটা লৈ নৈখন নামি আহিছে বড়োভূমিলৈ৷ মাটিবোৰ বগা৷ গতিকে বগামাটি৷ বেলেগ সূত্ৰ কিবা থাকিলেও এই পৰ্যন্ত নাজানিলোঁ৷ দূৰৈত জালুৱৈ দুজনক দেখিলোঁ৷ মাছ-কেঁকোৰা কি পাইছে-নাপাইছে জনাৰ উপায় নাই৷

আশীৰ্বাদ প্ৰদানৰত বুদ্ধত অন্তিম দৃষ্টি বোলোৱাৰ পাছত এতিয়া অৱৰোহণৰ পৰ্ব৷ ঘড়ীত ১ বাজি ৪৫ মিনিট হ'লেই৷ মনে মনে ষ্টেপবোৰ আকৌ হিচাপ কৰি আছোঁ৷ উঠোঁতে ২১০ পাইছিলোঁ৷ নামি থাকি প্ৰায় তল পাওঁ পাওঁ হওঁতেই বঙালীপাৰাৰ পৰা টেম্প'খনত একেলগে অহা সহযাত্ৰীসৱৰ আচম্বিতে মুখামুখি হ'লোঁ৷ মুখ চিনাকিৰ অচিলাৰে সামান্য মাত-বোল, দৃষ্টি বিনিময় হ'ল যদিও তেওঁলোকৰ প্ৰত্যাৱৰ্তনলৈ অপেক্ষা নকৰি মই আপোন গতিত ওভতনি পদযাত্ৰা বাহাল ৰাখিলোঁ৷

চিধাচিধি ঘূৰি নাহি বগৰীৰ তলেৰে River rafting আৰম্ভ হোৱা ঠাইখিনিৰ আগলৈ গ'লোঁ, পৰিৱেশটো কেনেকুৱানো চাওঁ বুলি৷ Bolder spurৰ কাষৰ পৰা শেষবাৰলৈ নদীখনৰ ৰূপ পৰ্যবেক্ষণ কৰিবৰ মন৷ পৰ্বতীয়া নৈ সদায়ে মনোমোহা৷ অৰুণাচলৰ নৈয়ে পিছে মোৰ বিচাৰত আনৰ তুলনাত সদায়ে সৰহ নম্বৰ লৈ যায়৷ এতিয়াও সেয়াই ঘটিল৷ মনচক্ষুলৈ তুলনা এটা আপোনা-আপুনি আহিয়ে গ'ল৷ ভূটানৰ নৈয়ে মই দেখা লোহিত, দিবাং, চিয়াং, কামেং, সোৱণশিৰি, চিয়ম, য়াৰগাপচুৰ সৈতে ফেৰ মাৰিব নোৱাৰিলে৷ তথাপিও বৰনদী, লখাইতৰাৰ নিজস্ব ৰূপ কিম্বা বিশেষত্বৰ প্ৰতি যথাযথ সন্মান ৰাখি, দুয়ো কুল দৰ্শন কৰি বাধিত হ'লোঁ৷ তাৰ লগে লগে ইয়ালৈ অহাটো সাৰ্থক হ'ল বুলিও ভাবি ল'লোঁ৷ সেইডোখৰতে সোঁহাতে পাহাৰৰ ওপৰলৈ ফুলি থকা কঁহুৱা এডৰাই হঠাতে দুচকু টানি নিলে৷ শৰতৰ আগমনী বাৰ্তা বিলাই থকা কঁহুৱাই স্বাভাৱিক সন্মোহনীৰে মনটো চঞ্চল কৰিহে এৰিলে৷

সন্মুখত এটা কেনেল৷ কেনেলৰ ওপৰত আৰ.চি.চি. দলং এখন সজা আছে৷ উঠিবলৈহে একোপধ্যে সুচল নহয়৷ কিয়নো মাটিতকৈ ৮ ফুটমান উচ্চতাত আছে দলংখন৷ তলেদি ধাৱমান ধোঁৱাবৰণীয়া পানীৰ ধল৷ তাৰ সিপাৰেই ৰাফ্‌টিং প্ৰতিযোগিতাৰ আৰম্ভণি থলী৷ জখলা এডাল এইফালৰ পৰা দলঙত পেলাই থোৱা অৱস্থাত পালোঁ, পৰ্বতাৰোহণত গহ্বৰৰ ওপৰেদি ৰখাৰ দৰে৷ দুজন মানুহে দলংখনৰ ওপৰত বহি কিবা কৰি আছে৷ কি কৰিছেনো? শৰতে আনি দিয়া চঞ্চলামিত মোৰো তাত উঠিবৰ হাবিয়াহ হৈছে৷ এই হাবিয়াহ বৰ মাৰাত্মক৷ ইয়েই আচলতে আমাক ঘূৰাই লৈ ফুৰায়৷ এই হাবিয়াহেই আজি মোক ইয়ালৈ মানে বগামাটিলৈ আনিলে৷

হেঁপাহক প্ৰশ্ৰয় দি জখলাক আশ্ৰয় কৰি ভৰি আগুৱাই দিলোঁ৷ সাৱধানী পদচালনা৷ Adventure sports চাবলৈ আহিছোঁ যেতিয়া অন্ততঃ নিজে নিজে এইটো খেলকে কৰি চোৱা যাওক৷ Balanceৰ বিপজ্জনক খেল৷ এইটো ঠিক যে সন্তুলন হেৰুৱালেই টুপুংকৈ পানীত পৰিমগৈ৷ পিছে নপৰিলোঁ৷ পিঠিত ৰাক্‌চেক্‌ আৰু ডিঙিত কেমেৰা ওলোমাই সুকলমে ব্ৰীজৰ ওপৰত উপস্থিত হ'লোঁহি৷

হেঁপাহ পলুৱাই দৃশ্য উপভোগ কৰাৰ পাছত এইবাৰ নমাৰ পাল৷ নামিবলৈ হ'লে বিপৰীত মূৰলৈ গৈ মাটিলৈ জাঁপ দিব লাগিব৷ অন্য উপায় নাই৷ কিমান তললৈ জঁপিয়াম? অনুমান কৰি চালোঁ৷ ১, ২, ৩; বেগ, কেমেৰাসহিত দেহাটোক দিলোঁ শূন্যত এৰি৷ Perfect landing৷ ধুপকৈ পৰোঁতে নিজকে নিজে কিবা gymnast যেনেই লাগি গ'ল৷ এইবোৰ কাণ্ড কৰাৰ অদ্ভুত মজা আছে৷ নিজকে নিজে পৰীক্ষা কৰা হৈ যায়৷ শক্তি, সাহস, মনোবল, বেলেন্স ইত্যাদি ইত্যাদি হৈছে ইয়াৰ মাপক৷ কোনোবাই দেখি থাকিলেও কেৰেপ নাই৷

পানীত খেলা খেলৰ প্ৰকাণ্ড চুঙাজাতীয় সামগ্ৰী এবিধ ৰছীৰে বান্ধি ৰখা হৈছে৷ উৎসুক জনতাই পিটিকি পিটিকি চাইছে৷ জনৈকে কিবাকিবি মন্তব্যও দিব ধৰিছে৷ ওচৰ পাই ময়ো চালোঁ অলপপৰ৷ চুয়ো চালোঁ৷ জনমত কেতিয়াও নেদেখা বস্তু৷ খেলটো কেনেকুৱা হ'ব সেই বিষয়েও ধাৰণা বুলিবলৈ শূন্য৷ আনহাতে খেলখনযে চাম তাৰ বাবে হাতত সময়ো নাই৷ স্পৰ্শসুখ এৰি ধীৰে ধীৰে উভতি খোজ ল'লোঁ চিনাকি টেম্প'খনলৈ৷ কাৰণ টেম্প' এৰিব নোৱাৰি৷


One way to get the most out of life is to look upon it as an adventure.
কি কি ধৰণৰযে খেল পাতিছে ইয়াত! আটাইবোৰেই আচহুৱা৷ কেনি কেনিযে মানুহবোৰে বাহৰ পাতিছে! যেনি-যেনি ইলেক্‌ট্ৰিক বাল্ব কিছুমান তাঁৰত ওলমি থকা দেখিছোঁ৷ বুজিলোঁ, ইয়াত পোহৰৰ ব্যৱস্থা আছে তাৰমানে৷ এলেকাটো পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাৰ উদ্দেশ্যে জেগাই জেগাই বাঁহৰ ডাষ্টবিন কিছুমানো প্ৰতিষ্ঠা কৰা হৈছে৷ ভাল লাগিছে ব্যৱস্থাপনাসমূহ৷ হৈ-হাল্লা, উদ্ভণ্ডালি নাই৷ আৰু এটা কথা মন কৰিছোঁ, যুৰীয়া উতনুৱা ডেকা-গাভৰু কেনিও নাইদেখা৷ যিখিনি দেখিছোঁ-বুজিছোঁ, শৃংখলাবদ্ধভাৱে চলি আছে এড্‌ভেন্‌চাৰ উৎসৱটো৷

বগামাটিয়ে প্ৰাণ পাই উঠিছে৷ বাইক ষ্টেণ্ড, চাইকেল ষ্টেণ্ডত অথনি দেখাতকৈ এতিয়া মটৰ চাইকেল, স্কুটী, চাইকেল বাঢ়িল৷ চাৰিচকীয়াৰ আগমনো বৃদ্ধি পাইছে৷ তাৰ মানে য'ৰ-ত'ৰ পৰা মানুহ আহিছে৷ চাহিদা অনুসাৰে অস্থায়ী দোকানৰ সংখ্যাটোও বাঢ়ি যোৱা মই লক্ষ্য কৰিলোঁ৷ বড়ো ল'ৰা এজনে বাটৰ কাষতে মেছিনেৰে কুঁহিয়াৰ পেৰিছে৷ ১০ টকা দি কুঁহিয়াৰৰ ৰস এগিলাচ খাই লৈছোঁ৷ অকলে অকলেই ইমানদূৰ খোজ কাঢ়ি উঠি-নামি ফুৰাৰ অন্তত পুনৰায় তজবজীয়া হৈ আমাৰ টেম্প'খনৰ কাষ চাপিলোঁহি৷ বাহনখন আগৰ ঠাইতে আছিল৷ চালকজন অপেক্ষাৰত৷ পিছফালৰ চিটত বহি আছে৷ দেখা মাত্ৰকে কথোপকথন আৰম্ভ হ'ল৷ তেৱেঁই প্ৰথমে মুখ খুলিলে৷

'আপুনি আহি পালে, আমাৰ মানুহখিনিক দেখিছিলনে?' বুজাত অসুবিধা নহ'ল যে তেওঁ পেছেঞ্জাৰসকলৰ কথাই সুধিছে৷
'পাহাৰৰ পৰা নামি থাকোঁতে লগ পাইছিলোঁ৷ তেওঁলোকে তেতিয়া উঠিব আৰম্ভ কৰিছিলহে মাত্ৰ৷'
'এহ্‌ দেৰিয়ে কৰিব নেকি! সিহঁতে ইয়ালৈ মাল খাবলৈহে আহিছে৷ জানেনে নাই? মই সেইবোৰ নাখাওঁ৷ বাৰু, আপোনাৰ লগত কিবা কথা হৈছিলনে?' এওঁ নিশ্চয় দলটোৰ সদস্যসকল হুঁচত আছেনে বেহুঁচ হৈ পৰিল তাৰে উমান ল'বলৈকে মোক এনেকৈ সুধিছে৷ মোৰ মনটোৱে ক'লে৷
'সোনকালে আহি পালে ভাল আছিল৷ মই আকৌ গুৱাহাটী পাবগৈ লাগিব৷ হয়, মাত দিছিল৷' সত্যটোকে দোহাৰিলোঁ মই৷
'আপুনি ক'ৰ পৰা আহিছেনো?'
'কাৰবি আংলঙৰ পৰা৷'
'কাৰবি আংলঙৰ পৰা! ইমান দূৰৰ পৰা ইয়ালৈ কিয় আহিল? কি উদ্দেশ্য?' মানুহজনৰ চকুত বিস্ময় যেন অন্তই নপৰিব৷ জেৰা আৰম্ভ কৰি দিছে৷
'আমি পগলা মানুহ৷ সুযোগ পালেই এনেকৈ অ'লৈ-ত'লৈ ভ্ৰমি ফুৰোঁ৷ এনে ঠাই, য'লৈ খোজ কাঢ়ি নগ'লেই নহয়, সেইবোৰ প্ৰিয় লক্ষ্য৷'
চালকজনে আৰু কিবা-কিবি সুধিলে৷ যথাযথ উত্তৰ দি থাকোঁতেই মই আস্তেকৈ ৰাক্‌চেক্‌ৰ ৰছীডাল খুলিলোঁ৷ Envelop এটাত ১২খন ফটো আছিল৷ বিভিন্ন সময়ত বিভিন্ন ঠাইলৈ গৈ ঘূৰি আহি ফে'চবুকৰ অগ্ৰণী গোট 'অসমীয়াত কথা-বতৰা'ত ধাৰাবাহিকভাৱে উপস্থাপন কৰা ভ্ৰমণ-লেখাসমূহৰ গ্ৰন্থৰূপৰ বাবে নিজেই তৈয়াৰ কৰি ৰখা অপ্ৰকাশিত বেটুপাতৰ ফটো৷ সুযোগ পাই এখন এখনকৈ তেওঁলৈ আগ বঢ়াই থাকিলোঁ৷ পৰিচয়জ্ঞাপক থূলমূল কথাকেইষাৰো লগতে শুনাই গ'লোঁ৷
'এয়া চাওক, এইখন অৰুণাচলৰ মেন্‌-চু-খাৰ৷ এইখন নাগালেণ্ডৰ ঝুক' ভেলীৰ৷ ধলা-শদিয়া দলং এইখন৷ খোজ কাঢ়ি পাৰ হৈছিলোঁ৷'
তেওঁ গভীৰ অন্তৰ্দৃষ্টি নিক্ষেপ কৰি থাকিল৷ অভিভূতও হ'ল যেন লাগিল৷
'উত্তৰ-পূবৰ অন্তিম পূব এয়া, চাওক৷ এয়া ভাৰতৰ প্ৰথম সূৰ্যোদয়ৰ থলী ৷'
টেম্প'খনত অন্য এজন চালকেও হেলান দি আছিল৷ উত্তেজনাত পোন হৈ লৈ তেৱোঁ বৰ মনোযোগেৰে চাব ধৰিলে৷
'আচ্ছা, লগৰীয়াসকল আহেমানে মই সৌ বিপণিবোৰতে ঘূৰা-ফুৰা কৰি থাকোঁ৷ কি আছেনো চাওঁ৷ এৰি থৈ নাযাব কিন্তু দেই৷'
ফটো সামৰি এইবুলি কৈ ষ্টলবোৰৰ পিনে খোজ দিছোঁ৷ ৰাক্‌চেক্‌ আকৌ পিঠিত৷ কেমেৰা ডিঙিত৷ তেওঁ নিৰ্ভয় দিলে 'নেৰোঁ যাওক, লৈ যাম আপোনাক৷'

কালি ১৩ ছেপ্টেম্বৰ তাৰিখে বগামাটি পৰ্যটন কেন্দ্ৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে North East Adventure Tourism Festival, চমুকৈ NEATOFEST 2018৷ চলিব ১৬ তাৰিখ পৰ্যন্ত৷ আজি পুৱা কোকৰাঝাৰৰ পৰা বগামাটিলৈ Bike Rally আছিল৷ গুৱাহাটীৰ লালমাটিৰ পৰাও অহাৰ কথা শুনিছিলোঁ৷ প্ৰতি সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচী৷ সমানে সমানে বিভিন্ন প্ৰতিযোগিতাও৷ ইয়াত ভাগ লোৱা সংগঠনবোৰৰ নামবিলাক প্ৰত্যেকখন ষ্টলৰ ওপৰত লগোৱা একেধৰ্মী বেনাৰসমূহত স্পষ্টকৈ উল্লেখ কৰি থোৱা হৈছে৷ এফালৰ পৰা চাই গ'লোঁ আৰু মুখৰ ভিতৰতে পঢ়ি গ'লোঁ৷ Rongmon Tourism Society, Adventure NGO, Adventure's Abode, Assam Mountaineering Association, Gibbon Eco Camp, Mising Dolot Okumso : Pe Nom Kumriksudung, Tribal Travel Adventure, Green Trek & Adventure, Shikhar Adventure Club ইত্যাদি৷ উৎসৱৰ সৈতে সংগতি ৰাখি অনুষ্ঠিতব্য খেলবিলাকৰ নাম আৰু যোগদানৰ মাচুল উল্লেখ কৰা বেনাৰো আছে৷ Aqua Roll 100/-, Kayaking 100/-, River Crossing 100/-, Bocce Competition 50/-, Jeep Safari (Bogamati to Bornadi Wildlife Sanctuary) 300/-, Bornadi to Greenland Photozone 200/-, Rafting Competition 300/-, Photography Competition 250/-৷ সৰহসংখ্যক খেলেই মই কাহানিও দেখা নাই৷ Obstacle Race, Dirt Trek Challenge আদি প্ৰতিযোগিতাও হোৱাৰ কথা৷ মোৰ বাবে এইবোৰ নতুন৷ গতিকে খেলিব নোৱাৰিলেও চোৱাৰ মন আছে৷ সময় আৰু হাতত ধন হ'লে তিমান নাই৷ তথাপি আহিছোঁ, হৃদয়ৰ তাগিদাতে৷

মাজতে আছে Nagaland বেনাৰ ওলমাই থোৱা বিপণি এখন৷ নাগালেণ্ড বুলিলে অবুজ টান এটা থাকেই৷ মটৰ চাইকেলৰ Slow race প্ৰতিযোগিতা চলি আছিল৷ এখন্তেক চাই ষ্টলখনলৈ চাপি গ'লোঁ৷ ভদ্ৰ মহিলা এগৰাকী বহি আছে৷ অস্থায়ীভাৱে সজা টেবুলত ভোট জলকীয়া আৰু বাঁহগাজৰ আচাৰ, নগা পৰম্পৰাগত কানি-কাপোৰ অলপমান, অলংকাৰৰ বাকচ, বাঁহৰ চুঙা কেইটামান, কিতাপ দুই-চাৰিখনৰ সৈতে Naga wineৰ বটল দুটা উজলি আছে৷ সন্মুখত ৰৈ পোনেই কিতাপকেইখনৰ নামবোৰ বিৰবিৰাব ধৰিলোঁ... Folktales, Book of Songs, Historical Cultural Diversity...৷ উপজীব্য নাগালেণ্ড আৰু নাগা জনগোষ্ঠী৷ কিছামাৰ Hornbil Festivalত এনেকুৱা গ্ৰন্থ অনেক ওলায়৷ নগাসকলৰ জীৱনচৰ্যালৈ এতিয়া পৰিৱৰ্তন আহিছে৷ ঝুক' ভেলী পৰিক্ৰমাত আমাক সংগ আৰু আতিথ্য দিয়া আংগামী যুৱককেইজনৰ মানসিকতা মোৰ অতিকৈ পছন্দ হৈছিল৷ আচলতে আপোন ভালেই জগত ভাল৷ মিলিব জানিলে ভয় কৰিবলগীয়া ক'তো একো নাই৷ মইবৰ ভাব, কৃত্ৰিম কথা-কাণ্ড বা উপৰুৱা ঢংবাজিহে সকলোতে বিপজ্জনক, অপাংক্তেয়৷

'আপনিখান নাগালেণ্ড পৰা আহিছে?'
'হ'য়৷'
'নাগালেণ্ড কোন জাগা পৰা?'
'ডিমাপুৰ৷'
'ডিমাপুৰ! আচ্‌চচচ...
সৰুৰে পৰাই বিভিন্ন কাৰণত আমাৰ নিচেই চুবুৰীয়া, ইতিহাসপ্ৰসিদ্ধ নগৰ ডিমাপুৰলৈ গৈয়ে থকা হয়৷ মাত্ৰ কেইদিনমানৰ আগতেও গৈ আহিছোঁ৷ গতিকে একাত্মতা আপোনা-আপুনি আহিয়ে গ'ল৷ ষ্টলখনত দেখা পোৱা NEATOFEST 2018ৰ Leaflet এখনে পোনছাটেই মোৰ দৃষ্টি আকৰ্ষণ কৰিলে৷
'ইটো লাগা দুছৰা copy আছে?'
'মই লগতে একটাই আছে৷ আপনি organizerৰ officeতে পাই যাবত৷' 
'অফিছটো ক'ত্তে আছে?'
'ইটো, চাইডতে আছেত৷'

তেওঁ ধুনীয়াকৈ বুজাই দিলে৷ 'Thanks' বুলি কৈ সোঁহাতে সামান্য আগুৱাই গৈয়ে কাৰ্যালয়টো আৱিষ্কাৰ কৰিলোঁ৷ কৰ্মকৰ্তা যথাস্থানত বহিয়ে আছিল৷ মই ক'পী এটা খোজা মাত্ৰক দিলে৷ এতিয়াহে শান্তি৷ সন্নিবিষ্ট কথাবিলাক পে'পাৰত ইতিমধ্যে পঢ়িবলৈ পাইছোঁৱেই৷ তথাপি সংৰক্ষণ কৰাৰ হাবিয়াহ৷ Leafletৰ চতুৰ্থ পৃষ্ঠাত চকু ফুৰাই বুজি পালোঁ যে আয়োজক সমিতিৰ সভাপতি আই.আই.ই.ৰ সঞ্চালক ডক্টৰ অভিজিত শৰ্মা৷ কাৰ্যকৰী সভাপতি বি.টি.চি.ৰ কাৰ্যবাহী সদস্য শ্ৰী গণেশ কছাৰী৷ উৎসৱৰ নিৰ্দেশক শ্ৰী এ. এছ. এছ. দেৱান৷ উৎসৱৰ তত্ত্বাৱধায়ক শ্ৰী হেমন্ত ৰাভা৷ উৎসৱৰ সম্পাদক শ্ৰী পূৰ্ণ ডেকা৷ বি.টি.চি.ৰ ফালৰ পৰা সম্পূৰ্ণ প্ৰোৎসাহন যোগোৱা হৈছে উৎসৱটি সাফল্যমণ্ডিত কৰাত৷

উৎকৃষ্ট বনভোজথলীৰ সীমনা পাৰ কৰি দুঃসাহসিক ক্ৰীড়াংগন হিচাপে বগামাটিৰ potential আৱিষ্কাৰ কৰোঁতা আৰু promote কৰোঁতা ব্যক্তি দুগৰাকী হৈছে শ্ৰী পূৰ্ণ ডেকা আৰু শ্ৰীমতী জুলিমা ডেকা৷ এই দুই পৰ্বতাৰোহীৰ উদ্যোগত বিগত ২০০৬ চনৰ ৫ ছেপ্টেম্বৰত গোৰেশ্বৰত জন্ম হৈছিল দুঃসাহসিক ক্ৰীড়া সংগঠন শিখৰ এডভেনচাৰ ক্লাব৷ অসম কিম্বা ভাৰত নহয়, পৃথিৱীৰ পৰ্যটন মানচিত্ৰত নৱতম সংযোজন হিচাপে বগামাটিয়ে এক সুকীয়া স্থান লভাৰ ক্ষেত্ৰত সংগঠনটিয়ে অগ্ৰণী ভূমিকা লৈ প্ৰশংসনীয় কাম কৰি আহিছে৷ প্ৰক্ৰিয়াটোৰ আৰম্ভণি হৈছিল বিপদসংকুল White Water Rafting কাৰ্যসূচীৰে৷ Green Trek & Adventureৰ সৌজন্যত ২০০৭ চনৰ পৰা বৰ্তমানলৈকে প্ৰতিটো বছৰতে বৰনদীৰ উত্তাল বক্ষ তথা সমীপৰ পাৰ্বত্য বনাঞ্চলত দুঃসাহসিক ক্ৰীড়াকৌশলৰ প্ৰশিক্ষণৰ উপৰি প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে৷ এক কথাত বগামাটি এতিয়া অসমৰ Rafting Hub৷ ইয়াৰ দৰে Grade 2 levelৰ rapids ৰাজ্যখনৰ ক'তো নাই বুলি কোৱা শুনিছোঁ৷ ২০১৫ত দুঃসাহসিক কাৰ্যকলাপ সূচনা হোৱাৰ পাছত ২০১৬ চনত ইয়াত commercial rafting competition আৰম্ভ কৰা হয়৷

White land of Assam নামে প্ৰখ্যাত হৈ পৰা বগামাটিত কালিৰে পৰা চলি থকা সাহসিক পৰ্যটন উৎসৱটো পতাৰ চিন্তা প্ৰথমে মনত খেলাইছিল গ্ৰীণ ট্ৰেক এণ্ড এড্‌ভেন্‌চাৰৰ সভানেত্ৰী জুলিমা ডেকাৰ৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ উপৰি ছিক্কিম, অৰুণাচল প্ৰদেশ, মেঘালয় আদিৰ পৰাও ইয়ালৈ মানুহ আহিছে খেলিবলৈ আৰু খেল উপভোগ কৰিবলৈ৷ এনেকুৱা Adventure Tourism Festivalৰ আয়োজন ভাৰতবৰ্ষৰ ভিতৰতে এয়া প্ৰথম বুলিও ঘুনুক-ঘানাককৈ শুনা পাইছোঁ৷



The world is a book, and those who do not travel read only one page.
অলপ সময় ইফাল-সিফালকৈ ঘূৰা-ঘূৰি কৰি আলেখ-লেখ চালোঁ৷ ৫জনী যুৱতীয়ে হাতত জাপি লৈ মঞ্চত বিহু নাচ এটা প্ৰদৰ্শন কৰি আছিল৷ নিচেই ওচৰলৈ গৈ তাৰো ভৰপূৰ সোৱাদ ল'লোঁ৷ আকৌ টেম্প'খনৰ কাষ চাপিলোঁহি৷ চালকজনৰ সৈতে পুনৰবাৰ আলাপ চলিব ধৰিলে৷ সংগীসকল অহাই নাই৷
'ইহঁতৰ আপদীয়া আড্ডাটো ক'তবা বহিল! আমনিহে লাগি গৈছে আৰু৷'
'এনেবোৰ আড্ডাৰ সময়সীমা নাথাকে বুইছে৷ জানেই দেখোন, এবাৰ বহিলে উঠা মস্কিল৷ গৈ থৈ সময় মানি চলা মানুহৰহে punishment!'
'মই মদ-চদ নাখাওঁ৷ সেইবোৰ habit মোৰ নাই দিয়ক৷'
'ভাল কথা বাৰু৷ মই সৌ নাগালেণ্ড লেখা ষ্টলখনতে বহি আছোঁ দেই৷ এৰি থৈ নাযাব৷' 
'হ'ব দিয়ক, যাওক৷'
উত্তৰটো শুনিলোঁ কি নুশুনিলোঁ, সেইমুৱাকৈ খোজ আৰম্ভ হৈয়ে গ'ল৷ অথনি তেনেকৈ কথা পতা নহ'লযে!

'Sister, I want to sit for a while৷' ষ্টলখনৰ আগত দ্বিতীয়বাৰ থিয় হৈ নগা মহিলাগৰাকীলৈ চাই অনুমতিৰ সুৰত ক'লোঁ৷
'O.K., O.K. Sit down please৷' অকলে আছে যদিও অকণো চিন্তা নকৰাকৈ তেওঁ থিতাতে সন্মতি জনালে৷
গ্ৰাহকৰ বাবে পাৰি থোৱা চকী দুখন খালী হৈয়ে আছিল৷ বহা মাত্ৰক আমাৰ মাজত কথা আৰম্ভ হ'ল৷ মই ডিফুৰ পৰা যোৱা বুলি জানি তেওঁৰ জনৈক বন্ধু ডেনিয়েলৰ নামটো উচ্চাৰণ কৰিলে৷ সংগীত-শিল্পী উক্ত ডেকাজনক নামে-মানুহে মই চিনি পাওঁ৷ আও মহিলাগৰাকীয়েও সংগীত চৰ্চা কৰে৷ এটা Music Bandৰ সৈতেও জড়িত বুলি উৎসাহেৰে জানিব দিলে৷ মই তেওঁক বিভিন্ন প্ৰশ্ন সুধি গ'লোঁ৷ তেৱোঁ সুধিলে মোক৷ ডানকান বস্তিত ঘৰ৷ চুমুকেডিমাত দোকান আছে৷ আচাৰকে ধৰি ইয়ালৈ অনা সামগ্ৰীবিলাক নিজৰ বাসগৃহতে তৈয়াৰ কৰা৷ মই মন কৰিলোঁ, পৰিষ্কাৰ আৰু packaging খুব সুন্দৰ৷ জনজাতীয় আ-অলংকাৰ আৰু সা-সৰঞ্জাম প্ৰস্তুতকাৰী তেওঁলোকৰ গোটটোৰ নাম M/s Native Beads৷

'আমি অনা বস্তুবিলাকৰ ভিতৰত Naga wineহে ইয়াত বেছি বিক্রী হৈছে৷ মাত্ৰ দুবটলহে ৰৈছেগৈ৷ মোৰ brother ডিমাপুৰলৈ গৈছে, আকৌ আনিবৰ বাবে৷' মই বহি থাকোঁতেই চকুৰ আগতে অৱশিষ্ট বটল দুটাও খতম হৈ গ'ল৷
'এতিয়া দোকান সামৰি আপুনি থকা জেগালৈ আৰামছে যাবগৈ পাৰে! Go and take rest.'
প্ৰতিক্ৰিয়াত তেওঁ খুব হাঁহিলে৷ অলপ ৰৈ মোলৈ প্ৰশ্ন, 'You took lunch?' প্ৰশ্ন কৰাৰ লগে লগে নিজৰ বেগৰ পৰা দুখন couponও উলিয়ালে৷ এখন নিজৰ, আনখনত ককায়েকৰ নাম লিখা আছে৷
'আপুনি যদি ভাত খোৱা নাই, ইয়াৰে কুপন এখন দিওঁ৷ Dinning Hallলৈ গৈ খাই আহক৷ একো অসুবিধা নাই৷ লে যাইয়ে৷'
'ধন্যবাদ, মই নাওকাটাতে ভাত খাই আহিছোঁ৷'
এইফালৰ জেগাবিলাকৰ বিষয়ে তেওঁৰ ধাৰণা নাই৷ অৱধাৰিতভাৱেই নাওকাটাৰ অৱস্থান মই বুজাবলগীয়া হ'ল৷ তদুপৰি বৰ্ণনা কৰিলোঁ আজি পুৱাৰে পৰা বাগৰি বাগৰি মই এই থলী কেনেকৈ ওলাইছোঁহি৷ কথা শুনি নগা চিষ্টাৰ অাচৰিত৷ কপালৰ বলিৰেখা কোঁচ খাই পৰিছে৷ ক'লে'Your journey itself is an adventure.' ময়ো এতিয়াহে গমি চালোঁ, মিছা নহয়চোন কথাটো!

নাগামীজ, ইংৰাজী, হিন্দীৰ আধুনিক খিচিৰি ভাষা(!)ৰে আমাৰ কথোপকথন চলিছে৷ হৰ্নবিল ফেষ্টিভেলৰ প্ৰসংগ ওলাল৷ মোক সুধিলে, 'আপুনি গৈছে?' মই বোলোঁ অঁতো, কিয় নাযাম? গৰ্বিত উত্তৰ৷ ঝুক' ভেলী আৰু খনমাৰ বিষয়ে তেওঁলৈও প্ৰশ্ন তুলিলোঁ৷ 'যোৱা হোৱা নাই৷' মই গৈছােঁ বুলি গম পায়ে উচ্ছ্বসিত হৈ পৰিল৷ অৰুণাচলত হোৱা অগ্ৰণী আৰু আকৰ্ষণীয় Tourism Festivalবিলাকৰ নামবোৰ এফালৰ পৰা গাই গ'লোঁ৷ কথাৰ লাচতে ৰাক্‌চেকৰ পৰা টান মাৰি উলিয়ালোঁ অথনি টেম্প' চালকজনক চাবলৈ দিয়া ফটো থকা এন্‌ভেলপটো৷

'We should be proud of ourselves, এইখন চাওক, নাগালেণ্ড-মণিপুৰ সীমান্তৰ আত্মা-আলোড়নকাৰী ঝুক' ভেলী৷' আথে-বেথে তেওঁলৈ আগ বঢ়াই দিলোঁ৷ তেওঁ আলফুলে নিজৰ হাতলৈ নিলে আৰু খুব মনোযোগেৰে চাব ধৰিলে৷
'এইখ্ন চাওক আৰু কওক, ক'ৰ হয়?' মই যেন কুইজ মাষ্টাৰহে! উত্তৰ কিন্তু দিব নোৱাৰিলে৷ মই ভেদ ভাঙি দিলোঁ৷
'এইখন খনমা, আংগামী নগাৰ বৰভেটি, নগা আৰু ব্ৰিটিছৰ এসময়ৰ যুদ্ধথলী, বিপ্লৱী এ. জেদ. ফিজোৰ জন্মস্থান৷' নাগালেণ্ডৰ জীয়ৰী হৈ এনেহেন স্থলবোৰৰ দৰ্শন আজিও কৰিব নোৱাৰাত মানুহগৰাকীয়ে খেদ প্ৰকাশ কৰিলে৷ তেওঁলোক এইবাৰেই নাগালেণ্ডৰ বাহিৰলৈ এনেকৈ প্ৰথম ওলাই আহিছে৷ কথাটো জানি মই প্ৰশংসা কৰিলোঁ আৰু হাঁহি মাৰি ক'লোঁ, 'Nature unites us. Thank God.'
'Yes yes, exactly true.' তেৱোঁ হয়ভৰ দিলে৷
'আৰু কিবা ফটো আছে নেকি আপোনাৰ লগত? দিয়কচোন চাওঁ৷'
স্বেচ্ছাই আগ্ৰহ প্ৰকাশ কৰাত মোৰ হাতত থকা গোটেইবোৰ ফটো এখন এখনকৈ দেখুৱাই গ'লোঁ৷ সংক্ষিপ্ত বিৱৰণীও শুনাই গ'লোঁ এফালৰ পৰা৷
'এইখন চাওক, মেন্‌-চু-খা the heaven on earth, এইখন অমুক, এয়া তমুক, Lake of no return, Dong Arunachal Pradesh৷ YouTube মে' আপ মেৰা video ভি দেখ সকতি হ'৷মন্ত্ৰমুগ্ধ হৈ চিত্ৰসমূহ চাই চাই অতিকৈ অভিভূত হৈ পৰিল তেওঁ৷ মাজে মাজে আচ্‌চচচ..., আচ্‌চচচ... চিৰাচৰিত ধ্বনিৰে আশ্বৰ্য প্ৰকাশ কৰি থাকিল৷

Adventure @ Menchukha৷ মেন্‌-চু-খাত বছৰি অনুষ্ঠিত হৈ অহা এটা বিশাল উৎসৱ৷ এই বিষয়ে বিশেষভাৱে জনাই দিলোঁ তেওঁক৷ Adventure Menchukha and you will feel that everyone is wrong about other countries. নৱেম্বৰৰ আগন্তুক আয়োজনত যোগদান কৰিবৰ বাবে টানি অনুৰোধো কৰিলোঁ৷ কথা চলি থকাৰ মাজতে হঠাতে তেওঁ বহী এখন মোৰ ফালে আগ বঢ়াই দিলে৷
'ফেষ্টিভেলটোৰ নামটো কি ক'লে? লিখি দিয়কচোন ইয়াত৷ নহ'লে পাছত পাহৰি যাম৷'
মই খচাখচ লিখি দিলোঁ৷ মহিলাগৰাকীয়ে মোক নিজৰ card এখন দিলে৷ এতিয়াহে জানিলোঁ, তেওঁৰ নাম য়াংগেৰলা৷ য়াংগেৰলা জমিৰ৷ ময়ো মোৰ visiting card আগ বঢ়ালোঁ৷ মনোযোগেৰে এবাৰ চাই ভেনিটি বেগত সুমুৱালে৷
'ইয়াত এয়াৰটেলৰ নেটৱৰ্ক মাজে মাজে পোৱা যায় যদিও সুবিধাজনক নহয়৷'
'হ'ব, আপুনি পাছত গুলত চাই ল'ব আৰু সিদ্ধান্ত ল'ব৷ We have so many beautiful places and people too. জীৱন শেষ হৈ যাব, অথচ চাবলৈ থাকিয়ে যাব৷ So start now. কিবা জানিব বিচাৰিলে নিঃসংকোচে এইটো নম্বৰত contact কৰিব৷ মেন্‌-চু-খা যালে মানে মই লাগা সাথী গেবু চোনা উ তাতে আপনাকে পুৰা পুৰা মদত কৰিব৷ মই তাকে ফোন পৰা একবাৰ কথা কৰিলেই হৈছে৷'

উত্তেজনাত ক'ব নোৱাৰা হৈ একেৰাহে কথা পাতি আছিলোঁ৷ উত্তৰ-পূবৰ লুকাই থকা পৰ্যটনথলীসমূহক বিনামূলীয়াকৈ promote কৰাটো মোৰ এটা অভ্যাসেই হৈ পৰিছে৷ মূল্য নিৰূপিত commercial জগতখনৰ professional মানুহ হোৱা হ'লে, sponsor থকা হ'লে কেতিয়াবাই ধনী হৈ গ'লোঁহেঁতেন কিজানি! আজিৰ দৰে পদে পদে হিচাপ কৰি চলিবও নালাগিলহেঁতেন৷



The adventure of life is to learn. Hence live adventurous.
ষ্টলখনলৈ মাজে মাজে গ্ৰাহক আহিছে যদিও সৰহভাগেই চাওঁতাহে৷ সামগ্ৰীবোৰ পিটিকি পিটিকি চায়, গুচি যায়৷ য়াংগেৰলায়ো হাঁহিৰেই সম্ভাষণ জনায় আৰু সসন্মানে বিদায়ো দিয়ে৷ কালিৰে পৰা দোকানদাৰী কৰি এইফালৰ মানুহবোৰৰ মনস্তত্ত্ব এতিয়ালৈ বুজি পাই গৈছে নিশ্চয়৷ তায়ো বুজে যে ফেষ্টিভেলৰ উপলক্ষ্যত আয়োজন কৰা এইবোৰ হ'ল exhibition-cum-sale৷ ইয়াৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰীসমূহ মানুহে দেখা পাইছে, জানিছে৷ জ্ঞান আৰু অভিজ্ঞতাৰ এটা সহজ আদান-প্ৰদান৷ ডিমাপুৰৰ পৰা ইয়ালৈ কেনেকৈ আহিল, অহাৰ বাবদ খৰছ কিমান হ'ল ইত্যাদিবোৰ য়াংগেৰলাই মোক খোলাখুলিকৈ জনিব দিলে৷ 'প্ৰথমবাৰ এনেকৈ ওলাই আহিছোঁ৷ খৰছখিনি উঠক-নুঠক আহি ভালেই লাগিছে৷ সৌ চাউণ্ড বক্সকেইটাইহে কালিৰে পৰা কাণ-চাণ একদম ঘোলা কৰি দিছে৷ ইমানেই নৃত্য-গীতৰ পয়োভৰ৷ Oh God!'

বেচেৰীৰ অভিযোগটো অমূলক নহয়৷ মঞ্চত এতিয়াও আধুনিক নৃত্য জাতীয় কিবা এক প্ৰতিযোগিতা চলিয়েই আছে৷ উচ্চগ্ৰামৰ আৱাজ আৰু নাতিদূৰত হোৱাৰ বাবে কথা পাতোঁতে আমি যথেষ্ট অসুবিধা পাইছোঁ৷

হঠাতে আমাৰ টেম্প'খনৰ ফালে চকু গ'ল৷ সেইখন দেখোন যথাস্থানত নাই! হাৰে! গুচি গ'ল নেকি? মোৰ লাগি গ'ল মহা-চিন্তা৷ কথাটো চিষ্টাৰক পোনছাটে জনায়ে ৰাক্‌চেক্‌ সামৰি ধুমুহা গতিত ষ্টলখনৰ পৰা ওলাই আহিলোঁ৷ 'Nice to meet you.' য়াংগেৰলাই বহাৰ পৰা উঠি মোৰ পিনে চাই আন্তৰিকতাৰে বিদায়ী বাক্যষাৰ কৈছিল৷ মোৰ ইফালে সেইষাৰো সুস্থিৰে শুনাৰ সময় নাই! আকস্মিক আৰু আচম্বিত এৰাএৰি৷ হ'লেও অচিনাকি জেগাত চিনাকি আৰু ওচৰৰ মানুহক আৱিষ্কাৰ কৰি কিবা এটা ভাল লাগিল৷ ভাগ্যত থাকিলে আকৌ কেতিয়াবা ক'ৰবাত হয়তো দেখা হ'ব৷ তেতিয়া মাতিম, কথা হ'ম, মনত পেলাই দিম 'বগামাটিতযে লগ পাইছিলোঁ আপোনাক' বুলি৷

তড়িৎ গতিৰে টেম্প'খন ৰখাই থোৱা স্থানত উপস্থিত হ'লোঁহি৷ চিনাকি বাহনখন অন্তৰ্ধান৷ অইন এখনৰ চালকজনেহে ঘূৰি যাবৰ বাবে যো-জা চলাইছে৷ খৰকৈ ভাবিছোঁ, এতিয়া উপায় কি? মই কি কৰা উচিত বিপদাপন্ন এই মুহূৰ্তত? কিবা কৰি যাবতো লাগিবই৷ এইখনৰ চালককে প্ৰস্তাৱ দিলোঁ মোকো লগতে নিবৰ বাবে৷ আসনৰ পৰাই তেওঁৰ পোনপটীয়া জবাব'নাই নহ'ব৷ হিচাপতকৈ এজন passenger বেছিকৈ আহিছেই৷ আপোনাক নিব নোৱাৰিম৷'

খা! কি কৰোঁ এতিয়া? ওলাই অহা বাটটোৰ দিশে চাই পঠিয়ালোঁ৷ বিমৰ্ষ মন৷ দেখিলোঁ, মুকলি আকাশৰ তলত লৈ দূৰৰ পৰা কোনোবাইচোন এইফালেই হাত এখন জোকাৰি আছে৷ কোননো সেয়া? আৰে, চিনাকি চালকজনচোন! টেম্প'খনৰ পৰা সামান্য আগুৱাই আহি তেওঁ মোকেই ইংগিত দি আছে, দৃষ্টি আকৰ্ষণৰ চেষ্টাৰে৷ তেওঁ তাত কেনেকৈ? যাবৰ হ'ল তাৰমানে! একে দৌৰে মানুহজনৰ কাষ পালোঁগৈ৷ সুধিবলগীয়া নহ'লেই৷ নিজেই কৈ গ'ল'তাত ৰৈ ৰৈ আমনি লাগিলহে'৷ মানুহখিনি অাহি পোৱাই নাই৷ সেয়ে বাহিৰ ওলাই আহিলোঁ৷' উঃ ৰক্ষা যেনিবা৷ মানুহজনক ঘূৰাই পালোঁ৷ দুয়ো কথা পাতি পাতি পুনৰ ভিতৰ দিশে আগুৱাই যাব ধৰিলোঁ৷

'আৰু দুই মিনিট আগতে অহা হ'লে আপোনাক মই বাইকত পঠাব পাৰিলোঁহেঁতেন৷ মোৰ লগৰ ল'ৰা এটা এইমাত্ৰ গ'ল৷' শুভাকাংক্ষীস্বৰূপ মোৰ প্ৰতি তেওঁৰ মনোভাবটো জানি আপ্লুত হ'লোঁ৷ দুয়ো অন্তৰংগতাৰে কথা পাতিবলৈ ল'লোঁ৷ তেওঁ নিজৰ জীৱনৰ উত্থান-পতনৰ সত্য কাহিনী অকপটে কৈ গ'ল৷ অতীতত ক'ৰ পৰা কেনেকৈ কি কি হৈ বৰ্তমানৰ এই অৱস্থা পালেহি৷ ভৱিষ্যতৰ লক্ষ্য কি ইত্যাদি ইত্যাদি৷ দুয়ো লাহে লাহে খুব ঘনিষ্ঠ হৈ পৰিলোঁ৷

মানুহজনৰ নাম খগেন কলিতা৷ ঘৰ চেনিগাঁৱত৷ লখাইতৰা আৰু শুক্লাই, এই দুখন নদীৰ মাজখণ্ডত তেওঁলোকৰ গাঁওখনৰ ভৌগোলিক অৱস্থিতি৷ ১০জন যাত্ৰী কঢ়িয়াই অনা টেম্প'খনৰ চালক৷ টেম্প' চালনাই তেওঁৰ জীৱিকা৷ পৰিবাৰ আৰু কণমানি এটিৰে সৰু এখন সংসাৰ৷ সৰুৰে পৰা বড়ো মানুহৰ মাজতে ডাঙৰ-দীঘল হৈছে৷ বড়ো ভাষাটো সলসলীয়াকৈ ক'ব পাৰে৷ এইটো জনাৰ পাছত দীৰ্ঘদেহী, সৰলমতীয়া লোকজনলৈ মোৰ ঈৰ্ষাই পজিল৷ এইজনৰ কৃপাতে বগামাটিত ভৰি থ'বলৈ সক্ষম হ'লোঁ আজি৷ হেৰাই পোৱাৰ পাছত লগ এৰা নাই আৰু৷ এৰিব নোৱাৰি৷

'আমি যাকে-তাকে mobileৰ number নিদিওঁ আৰু যাৰে-তাৰে callও receive নকৰোঁ৷ আপোনাক দিওঁ বাৰু৷ আপুনি মোৰ নম্বৰটো টুকি ৰাখকচোন৷ ফোন কৰোঁতে 'বগামাটি' বুলি ক'ব৷ তেতিয়া মই বুজি যাম৷'
ৰৈ থকা ট্ৰাক এখনৰ সন্মুখত থিয় দি কলিতাই মোৰফালে চাই এনেকৈ ক'ব ধৰিলে৷ ময়ো লগে লগে pocket notebookখনৰ খালী পৃষ্ঠা এটা উলিয়াই, কলমটোৰ সাফৰ খুলি, একান্ত বাধ্য ছাত্ৰৰ দৰে উদ্যত-উৎকৰ্ণ হৈ ৰ'লোঁ৷
'লিখক৷' তেওঁ নম্বৰটো লাহে লাহে উচ্চাৰণ কৰি গ'ল৷ মই লিখি ল'লোঁ৷
'মোৰ নম্বৰটোৰ শেষৰ অংককেইটা ১২৩ দেই৷' কলম সামৰোঁতে নিজৰটোৰো ইংগিত অকণমান দি থ'লোঁ, যাতে অচিনাকি হ'লেও সামান্য কিবা এক পৰিচয় থাকে মোৰ নম্বৰটোৰ সৈতে৷
'মই কাইলৈ ঘৰ পায়েই আপোনাক যোগাযোগ কৰিম৷' আশ্বাস এটাও দি দিলোঁ লগতে৷ সময় চাবলৈ পাহৰিয়ে আছিলোঁ৷ এতিয়া চালোঁ৷ দিনৰ ২ বাজিছে৷


The man who goes alone can start today, but he who travels with another must wait till that other is ready.

কথা পাতি থাকোঁতেই মোৰ সোঁদিশে দূৰত দৃষ্টিগোচৰ হ'ল চিনাকি চিনাকি লগা চেহেৰা এটা৷ আৰে, সৌজনকচোন সাইলাখ আমাৰ অৰূপদা যেন লাগিছে! কিন্তু তেওঁ ইয়াত কেনেকৈ? NPSৰ পৰা ওলাই আহি পুৱা লালুং গাঁৱত National Highwayত খাপ পাতি থাকোঁতে কিয়জানো মনটোৱে এবাৰলৈ সকীয়াইছিল, অৰূপদাকে ফোন এটা কৰা হওক নেকি বুলি৷ নকৰিলোঁ৷ মনটোক কঠোৰতাৰে দমন কৰি ৰাখি দিলোঁ৷ কালি নিশা হোটেলতো এবাৰ ভাবিছিলোঁ, জয়ন্তদাকে যোগাযোগ কৰোঁ আৰু 'বগামাটিলৈ যাব নেকি' বুলি সোধোঁ৷ কি ঠিক, যাবও পাৰে৷ একে ভাবনাৰ, ঘূৰি ফুৰা মতলবৰ মানুহ৷ তেওঁ নিজৰ গাড়ীখন লৈ ওলালে মোৰ যোৱা-অহাৰ খৰছ বাচে৷ কিন্তু নাই, কাকোৱে সংযোগ নকৰিলোঁ৷ অকলশৰে, মনে মনে আহি গ'লোঁ৷ এতিয়া দেখোন সৌৱা, চকুৱে চকুৱে পৰাত অৰূপদাযেন লগাজনে মোৰ ফালেই তধা লাগি চাই আছে৷ ময়ো চাই আছোঁ তেওঁলৈ৷ দুয়োকে লৈ দুয়োৰে একেটাই সন্দেহ... অমুক যেন লাগিছে! অমুক নহয়নে বাৰু? 

অৰূপদাৰ মুখত কেইবাদিনো নকটা দাঢ়ি৷ সিয়ে মোক অলপমান খোকোজাত পেলাইছে৷ গায়ে-গঠনে কিন্তু hundred percent৷ হয়েই হয়৷ অৰূপদাৰো বোধ হয় সামান্য দ্বিধাবোধ... ছাজিদ ছাজিদ যেন লাগিছে৷ কিন্তু ইয়াত কেনেকৈ? দুয়োৰে সন্দেহ মুহূৰ্তৰ পাছতে একেটা সময়তে বিদূৰ হ'ল৷ 'আৰ্‌ৰে...' উভয়ে উভয়লৈ চাই উত্তেজনাত উচ্চস্বৰে আটাহ পাৰি উঠিলোঁ৷ ওচৰে-পাজৰে থকা মানুহবোৰে হঠাতে সৃষ্টি হোৱা আমাৰ হৰ্ষোল্লাসটো দেখি চাগৈ কি ভাবিলে! নাজানো৷ লগতে থকা খগেন কলিতাও হতভম্ব, অকস্মাতে কি হ'ল এই দুজনৰ বুলি৷ অচিনাকি তৃতীয় ব্যক্তিজনৰ ফালে তেওঁ চকুৰ টিপ নমৰাকৈ চাই থাকিল৷

Friends that travel together, stay together. ঠিকেই৷ এৰি থাকিব নোৱাৰি৷ অৰূপদা প্ৰায় দৌৰ মাৰি অহাদি কাষ পালেহি৷ দুয়ো হাত মিলালোঁ৷ ডিফুৰ পৰা গুৱাহাটী হৈ কেনেকৈ এইখিনি ওলালোঁহি তাকো বৰ্ণালোঁ৷ খগেন কলিতাক দেখুৱাই ক'লোঁ, 'এইজনৰ বাবেহে আজি বগামাটিৰ সন্ধান মোৰ সাম্ফল হ'ল৷ নহ'লে শেনটোৰ দৰে আহি ফেঁচাটোৰ দৰে বঙালীপাৰাৰ পৰাই ঘূৰি যাব লাগিলহেঁতেন৷ ইফালে হাতত পা-পইচা নগণ্য৷ টেম্প'তো দাম-দৰ মাৰিছোঁ৷ Cashless but not careless. সেয়ে এতিয়ালৈকে এখেতৰ লগ এৰা নাই৷'

অৰূপদাই হাঁহিলে৷ প্ৰথমেই টেম্প' চালকজনক ধন্যবাদ দিলে৷ আৰু ক'লে, 'এতিয়া মই তোমাক লগ পালোঁ আৰু তুমি মোক লগ পালা যেতিয়া কোনো চিন্তা নাই৷ হিচাপ-কিতাপ ডিফুত হ'ব৷' আমাৰ কথা-বতৰা আৰু চাল-চলন দেখি খগেন কলিতা পুনৰবাৰ অবাক৷ 'আপোনালোক দুয়ো দেখোন একেহে', কলিতা কলিতা৷' থিয়ৈ থিয়ৈ দুয়োকে পৰিচয় কৰাই দিলোঁ৷ চালক কলিতাই মোলৈ আঙুলিয়াই অৰূপদা কলিতাক ক'লে, 'মই এখেতক ৰাতিটোৰ বাবে মোৰ ঘৰতে ৰাখি দিলোঁহেঁতেন৷ এখেতে মিছাতে চিন্তা কৰি আছিল৷ কথাটো মই এখেতক মুখ খুলি কোৱাহে নাছিলোঁ৷ মনতে ভাবি ৰাখিছিলোঁ৷'

'এতিয়া আৰু একো ভাবিবলগীয়া নাই দেই কলিতা, মই জিম্মা ল'লোঁ৷ এতিয়া মই এওঁৰ লগ, এওঁ মোৰ লগ৷ আমি একে ঠাইৰে, ওচৰা-উচৰি৷ একেলগে ট্ৰেকিং, কেম্পিং কৰি ফুৰা মানুহ৷' চিনাকি পৰ্বৰ সমাপ্তি ঘটাই অৰূপদাই প্ৰবল উৎসাহেৰে প্ৰস্তাৱ দিলে, 'কলিতা, এতিয়া কি খাব কওক? মই খুৱাম৷ ব'লক, ভাল জেগা এটা বিচাৰোঁ৷ বহি লওঁ৷' মোলৈ চাই ক'লে, 'ব'লা৷'

তিনিও এমূৰীয়াকৈ থকা হোটেল এখনৰ একোণত আসন অধিকাৰ কৰিলোঁহি৷ খগেন কলিতাই বড়ো ভাষাৰে মালিকক চাহ আৰু খাবলৈ ভাল বস্তু কি আছে দিবলৈ অনুৰোধ জনালে৷ গৰম চাহ আৰু মালপোৱা আহিল৷ চাহত চুমুক দি তিনিওজনে কথাত বুৰ গ'লোঁ৷

অৰূপদাই নিজৰ গাড়ী লৈ আহিছে৷ লগত ল'ৰাটো, মানে বাভন৷ বৌ ডিফুত আছে৷ পুৱা ৯.৩০ত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল৷ আহোঁতে আজাৰাস্থিত Decathlonত বাভনৰ কিবাকিবি কিনিবলগীয়া হ'ল৷ সেয়ে পলম হৈ থাকিল৷ ৰাস্তা সুধি সুধি থলী আহি পাওঁতে প্ৰায় ১.৩০তেই বাজিল৷ জয়ন্তদাও অহাৰ কথা আছিল হেনো৷ কিবা অসুবিধাত পৰি শেষ মুহূৰ্তত চামিল হ'ব নোৱাৰিলে৷ নহ'লে লগ পাই গ'লোঁহেঁতেন৷

'দাদা বাভন ক'ত?'
'সি খেলবিলাকত অংশ গ্ৰহণ কৰিছে৷ অলপ আগতে Jeep Safariত গ'ল৷'
চাহ খাই খাই লেকচাৰ মাৰি থাকোঁতে হোটেলত বহি থকাৰ পৰাই বাহিৰত তাক দেখা পালে অৰূপদাই৷ উঠি গৈ মাতি লৈ আহিল৷ আচম্বিতে মোক দেখি বাভন উৎফুল্লিত৷ চকু দুটা উজ্জ্বল হৈ উঠিছে৷ কণ্ঠত উত্তেজনা৷ 'ডিফুৰ পৰা আন নহ'লেও ছাজিদ uncle আহিব আৰু লগ পাই যাম বুলি মোৰ মনটোৱে কৈ আছিল৷'
'একদম correct৷ এয়া চোৱা৷ আহি গ'লোঁ মই৷' বুকুখন ফিন্দাই দেখুৱালোঁ৷

আমি হাত মিলালোঁ৷ একেলগে বহিলোঁ৷ চাহ খাই থাকোঁতেই সি জনাব ধৰিলে সদ্যপ্ৰাপ্ত জীপ চাফাৰিৰ অভিজ্ঞতা, Selfie Point অৰ্থাৎ Greenland (Photozone)ক সামৰি অনেক কথা৷ ময়ো দিলোঁ, অনিশ্চয়তাভৰা মোৰ বগামাটি যাত্ৰাটোৰ highlights৷ মন কৰিলোঁ, মোক ইয়াত এনেকৈ হঠাতে পোৱাত তাৰ খুব আনন্দ হৈছে৷ অৰূপদাকো চিন্তাশূন্য দেখা গ'ল৷ বিশ্বস্ত সংগী এটা পালেযে! ময়ো নিশ্চিন্ত হৈ পৰিলোঁ৷

হোটেলৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহোঁতে অৰূপদাই মনে মনে সুধিলে, 'তুমি ইয়াত থাকিবা নেকি? তোমাক পাই মোৰো থাকিবলৈ মন গৈছে৷'
'থাকি দিওঁ নেকি দাদা? পৰিৱেশটো ভাল লাগিছে৷ শকতিহে পিছে নাই৷ থকাৰ যা-যোগাৰো একো নাই৷'
'এ' সেইবোৰ চব হৈ যাব৷' স্বভাৱসিদ্ধ উত্তৰ অৰূপদাৰ৷ 'পিছে গুৰুত্বপূৰ্ণ কথাটো হ'ল, বাভনে অকলে হ'মষ্টে'ত থাকিম বুলি আহিছে৷ আমি থাকিলে তাৰ হেঁপাহটো পূৰণ নহ'ব৷'
'সি হ'মষ্টে' কৰিব! বাঃ! মোৰ কিন্তু তাক ইয়াত দেখা পাই বৰ ভাল লাগিছে দেই৷'
'অঁ ,সি দেখোন মন কৰিছে৷ এড্‌ভেন্‌চাৰ্‌ ফেষ্টিভেলটোৰ খবৰ সিহে ক'ৰবাৰ পৰা গোটাইছে৷ মোক কোৱাত আহি গ'লোঁ ৰেহ-ৰূপ চাই লওঁ বুলি৷ আচলতে মই তাক থ'বলৈহে আহিছোঁ৷ ইয়াত ব্যৱস্থাবোৰ ভালেই লাগিছে দেখোন৷'
'ভালেই তেনেহ'লে৷ সি থাকক৷ দুটা কথা শিকিব, নতুন অভিজ্ঞতাও লভিব৷ এইবোৰ সঘনাই পায়নো ক'ত?'

অলপ সময় কথা পতাৰ পাছত অৰূপদাৰ মনত পৰিল, আজি দিনৰ ভাত বাপ-বেটা এটাৰো খোৱাই নাই হোৱা৷ স্বভাৱপ্ৰসূত চিঞৰ এটা মাৰি ততালিকে প্ৰস্তাৱ দিলে, 'ঐ ভাত খাওঁ ব'লা৷' খগেন কলিতাৰ প্ৰতিও একেই অনুৰোধ, 'ব'লক কলিতা, বগামাটিত একেলগে এসাজ খাওঁ৷'

আমি দুজনে ইতিমধ্যে খালোঁ৷ সেইখন হোটেলতে অৰূপদা আৰু বাভনৰ বাবে মাংস-ভাতৰ ব্যৱস্থা কৰা হ'ল খগেন কলিতাৰ তৎপৰতাত৷ মালিক-মালিকনীক টেবুলখন ভালকৈ চাফা কৰি ভাতকেইটা পৰিষ্কাৰকৈ দিবৰ বাবে জনালে তেওঁ বড়ো ভাষাৰে৷ ইয়াত পিয়াপি দি থকা অনেক লোকেই এইজনৰ চিনাকি৷

খাই উঠি adventure sportsত ভাগ ল'বৰ বাবে উলাহেৰে বাভন পুনৰ গ'লগৈ৷ বগামাটিত সি নিজৰ ওপৰত নিৰ্ভৰ কৰি ঘূৰি-পকি অকলে অকলে মজা লৈ ফুৰিছে৷ ঘনাই ঘনাই মাকৰ ফোন আহিবলৈ নে'টৱৰ্কো নাই! বাকী আমি তিনিও নদীমুখী বাটটোত কইনা বুলন আৰম্ভ কৰিছোঁ, ইটো-সিটো কথা পাতি পাতি৷ খগেন কলিতাই প্ৰস্তাৱ দিলে, তেওঁ তামোল খুৱাব৷ বড়ো ভাষাৰেই দোকানীক ভাল তামোল ৩খন দিবলৈ কৈছে৷ মানুহজনৰ মুখত আখৈফুটা বড়ো ভাষা শুনি হিংসা ক্ৰমাৎ বাঢ়ি গৈছে মোৰ৷ ভাবিছোঁ, ময়ো এনেকৈ জনা হ'লে!

২.৩০ বাজিল৷ সময়ৰ প্ৰতি ধ্যান হেৰাইছিলেই৷ আপোন পাহৰা হৈ আগুৱাই গৈ থাকোঁতেই বিপৰীত ফালৰ পৰা elephant rideৰ হাতী আহি ওলাল৷ মাউতৰ পাছফালে কেইজনমান পৰ্যটক বহি আহিছে৷ তেওঁলোকৰ হেন্দোলনিৰ সমানে সমানে ল'ৰা-ছোৱালী এমখাৰ কিৰীলি৷ কোনোবাই কলৰ আষি আগ বঢ়াইছে, গণেশ বাবাক প্ৰণাম জনাইছে৷ উদূলি-মুদূলি পৰিৱেশ৷

হাতীত উঠি অহাকেইজনক দেখা পায়ে চাগৈ চালক কলিতাৰ মনত পৰিল টেম্প'খনত অহা তেওঁৰ যাত্ৰীবৃন্দৰ মুখকেইখন৷ পলকতে তেওঁ ৰৈ দিলে৷ যেন লক্ষ্মণ-ৰেখাতহে উপস্থিত হ'ল! ক'লে'মই এইখিনিৰ পৰা আগলৈ আৰু নাযাওঁ দিয়ক৷ টেম্প'লৈ উভতি যাওঁগৈ৷ আপোনালোক যাওক৷' অসীম শুভকামনা আৰু অন্তৰংগতাৰে আমি এৰাএৰি হ'লোঁ, ভৱিষ্যতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে৷ নাওকাটা চেনিগাঁৱৰ খগেন কলিতাই আমাক নিজৰ ঘৰলৈকো নিমন্ত্ৰণ দিলে৷ ফোন নম্বৰটোতো অথনি মোক দিলেই৷



'Life is meant for good friends and great adventures.'

সিমুৱাকৈ গৈ থকা খগেন কলিতালৈ এবাৰ ঘূৰি চালোঁ৷ তাৰ পাছত সন্মুখলৈ৷ সোঁৱে-বাঁৱে কেৱল বগৰী গছৰ লানি৷ বগৰী বুলিলেই শিশু অৱস্থাত পোৱা গছ কেইজোপামানলৈ আজিও মনত পৰে৷

জীৱনৰ প্ৰথম পিক্‌নিক্‌৷ PWD Colonyৰ আবাসীসকলৰ দ্বাৰা আয়োজিত সেই পিক্‌নিক্‌ৰ থলী আছিল ডিফুৰ পৰা ১৫-১৬ কিল'মিটাৰমান অাঁতৰৰ লাংছ'লিয়েটত থকা পৰিদৰ্শন বাংলো৷ বাংলোটোৰ চোতালতে এজোপা প্ৰকাণ্ড বগৰী গছ৷ লমা-লমে লাগি আছে৷ বাছৰ পৰা নামিয়ে আমাৰ অত্যাচাৰ আৰম্ভ হৈ গ'ল৷ কিযে সোৱাদ! জীৱনলৈ মনত থাকি গ'ল৷ আনহাতে আমি পঢ়া Diphu Town Primary Schoolৰ সমীপত এজোপা আৰু কাষতে থকা SDO(C)ৰ চৰকাৰী বাসভৱনটোৰ সীমাৰ ভিতৰুৱা আন এজোপা বগৰী গছ আজিও স্মৰণীয়৷ বিপৰীতে, প্ৰতিৱেশীৰ বাৰীত বগৰী খাবলৈ যাওঁতে একমাত্ৰ ভনীজনীয়ে চকু এটা হেৰুৱাই জীৱনলৈ ঘূণীয়া হোৱাৰ দুঃখজনক ঘটনা এটাও নঘটা নহয়৷ বগৰী খাই হোৱা কাহ-বমিবোৰ, বগৰী খোৱাৰ ফলত পোৱা গালি-পিটনবোৰটো আছেই! বগৰীয়ে শৈশৱ কালতে আমাৰ জীৱনক এনেকৈ ভালে-বেয়াই প্ৰভাৱিত কৰি থৈছে৷ এইবোৰ পুৰণি কথা৷ বগামাটিৰ বগৰী গছবোৰে মনলৈ অকস্মাতে টানি আনিলে৷ ইয়াৰ প্ৰতিজোপাতে এতিয়া ফুল ধৰিছে৷ সোৱাদ লোৱাযে সদ্যহতে নহ'ব, সেইটো খাটাং৷ তাৰ বাবে আকৌ আহিব লাগিব বৰনদীৰ পাৰলৈ৷

'দাদা আপুনি সৌ পাহাৰখনৰ ওপৰত উঠিলগৈনে নাই?'
'নাই যোৱা৷ ব'লা যাওঁ৷ Its time for a new adventure. Let's go.'
মই ইতিমধ্যে চাই আহিলোঁৱেই৷ তথাপি, ব'লক, আকৌ উঠিম৷ 'The adventure continues' বুলি কৈ অৰূপদাক বুদ্ধৰ মূৰ্তি আৰু বৰনদীৰ নান্দনিক দৃশ্য চোৱাবলৈ experienced tourist guideৰ ভূমিকাৰে পদচালনাত আগ-ভাগ ল'লোঁ৷ পুনৰবাৰ বগালোঁ ২১০ খট্‌খটি৷ বেলিটো ভূটান পাহাৰৰ আঁৰত লুকাল গতিকে মানুহ-দুনুহো কমিল৷ কোলাহলমুক্ত পৰিৱেশ৷ বুদ্ধ মূৰ্তিৰ সন্মুখত থিয় দি অৰূপদাই একচিত্তে প্ৰণাম জনালে৷ প্ৰাৰ্থনাটিত মনেৰে ময়ো যোগ দিলোঁ৷ Blessed are the curious for they shall have adventures. বুদ্ধ দৰ্শনৰ এটা প্ৰমুখ বাক্য 'আত্ম দীপো ভব', Be a light into yourself, अपना प्रकाश स्वयं बनो, মোৰ খুব প্ৰিয়৷ একেদৰে, টমাছ আলভা এডিচনৰ '...99% perspiration' কথাষাৰো মোৰ পছন্দৰ৷

Blessing Buddhaৰ পৰা এসময়ত আঁতৰি আহি অৰূপদাক নৈপৰীয়া দৃশ্যৰাজি উপভোগ কৰোঁৱাওঁ বুলি সিফালে আগ বাঢ়োঁতেই বৰষুণে কণিয়াবলৈ ল'লে৷ যি হয় হ'ব৷ এই ভাবি ফুটপাথেৰে গৈ আছোঁ৷ চেঙেলীয়া বড়ো ল'ৰা কেইটামানে গৰাটোৰ অন্তিম অংশত শাৰী পাতি থিয় হৈ সিফাললৈ একান্তমনে কিবা চাই আছে৷ কি চাইছেনো? কৌতূহল জাগিল মোৰ৷
'ভাইটিহঁত, কি চাইছ ঐ তহঁতি?
'হাতী হাতী৷'
'হাঁ? ক'ত?'
'সৌফালে, নদীটো পাৰ হৈ আছে৷'

দৃষ্টিত দৃষ্টি মিলাই দেখোঁ যে, কেঁকুৰিটোৰ পৰা কিছু আগলৈ পোৱালিৰ সৈতে হাতী এজনীয়ে নৈখন পাৰ হ'বলৈ আপ্ৰাণ চেষ্টা চলাইছে৷ মাজমান পাইছেগৈ৷ সেইখিনিত সোঁত প্ৰবল৷ কিবা পকী নিৰ্মাণ এটা থকা যেনো লাগে৷ ল'ৰা এটাই সেয়া dam বুলি ক'লে৷ অলপ পাছত মাকজনী সফল হ'ল৷ বেচেৰা পোৱালিটোৱে অতিক্ৰম কৰিব পৰা নাই৷ ভয়ো খাইছে কিজানি৷ মাকজনী বান্ধৰ কাষেৰে গৰাৰ ওপৰলৈ উঠিল৷ প্ৰাণৰ আশংকাত পোৱালিটোৱে ডেডাউৰি পাৰিছে৷ সেয়া ৰিণিকি ৰিণিকি ভাহি আহি আমাৰ কাণ পাইছে৷ চিঞৰটো দুবাৰমান শুনি ল'ৰা এটাই মোৰ চকুলৈ চালে৷ ইংগিতৰ অৰ্থটো হ'ল, সেয়া হাতীৰ আৱাজ, শুনিছেনে? কিশোৰকেইটাৰ সৈতে শাৰী মিলাই অৰূপদা আৰু ময়ো মুহূৰ্তবোৰৰ জ্বলন্ত সাক্ষী হৈ ৰ'লোঁ৷ মাকে পোৱালিটোলৈ শূঁৰডাল আগ বঢ়াই দিছে সহায়ৰ বাবে৷ আকৌ ভাহি আহিছে মাক আৰু পোৱালিৰ ভয়ংকৰ আটাহৰ সন্মিলিত শব্দ৷ পোহৰ কমি অহাত হাতীহেন প্ৰকাণ্ড চেহেৰাও এতিয়া ধৰিবলৈ টানেই হৈ পৰিছে৷ থাইলেণ্ডৰ বেংককৰ Safari Worldত দেখিছিলোঁ প্ৰশিক্ষণপ্ৰাপ্ত হাতীৰ মনোৰঞ্জক খেল কিছুমান৷ ইয়াত দেখিছোঁ হস্তিনী মাতৃ আৰু সন্তানৰ জীৱন ৰক্ষাৰ মৰণপণ যুঁজ এখন৷

বুদ্ধি এটা এনেতে মোৰ মনলৈ আহিল৷ Full zoom out কৰি দৃশ্যটো টানি কেমেৰাৰ monitorত উলিয়াই ল'লোঁ৷ অস্থিৰ হাত৷ Tripod নহ'লে frameটো একেটা অৱস্থানত ধৰি ৰখাই টান৷ হ'লেও চেষ্টা এৰি দিয়া নাই৷ হাত বিষাই যায়৷ হ'লেও কষ্ট কৰি চাই আছোঁ অবিশ্বাস্য আৰু প্ৰাকৃতিক দৃশ্যাৱলী৷ উত্তেজনাৰ বশৱৰ্তী হৈ কিশোৰকেইটাও মোৰ সোঁৱে-ৱাঁৱে থূপ খালেহি৷ আঙুলিৰ নিৰ্দেশনাৰে এটাই আন এটাক বুজাইছে, 'picture camera, picture camera৷'

মোৰ ইফালে মাত মাতিব নোৱাৰা অৱস্থা৷ কথা ক'লেই focus লৰে৷ সিফালে খজুৱায়, ইফালে পিৰ্‌পিৰায়৷ উশাহ-নিশাহৰ সামান্য লৰচৰেও বৰ অসুবিধা দিয়ে এনে বিশেষ মুহূৰ্তবোৰত৷ আনফালে কথা নপতাকৈও নোৱাৰি৷ উশাহ বন্ধ ৰখাটোতো দূৰৰে কথা৷ আমিতো আৰু professional photographer নহওঁ৷

'তহঁতৰ ঘৰ ক'ত?'
'ওচৰতে৷' গাঁওখনৰ নামটো ক'লে জোখত সকলোতকৈ ডাঙৰ যেন লগা ল'ৰাটোৱে৷ দৃশ্য চোৱাৰ মনোযোগত সামান্যও মনত নৰ'ল মোৰ৷
'আজি তহঁতৰ ঘৰত থাকিম দেই৷ ৰাখিবিনে?' আচম্বিত প্ৰশ্নত থত্‌মত্‌ খালে কেউটাই৷ সেমেনা-সেমেনি কৰিছে৷ আকৌ সুধিলোঁ, 'আজি আমি দুজন তহঁতৰ ঘৰতে থাকিম, ৰাখিবিনে নাই?' বেচেৰাকেইটা আকৌ দিশহাৰা৷ কি উত্তৰনো দিয়ে চাওঁ৷ মনে মনে ভাবিছোঁ, হ'মষ্টে'ৰ সুবিধা এটা কিবাকৈ যদি পাই যাওঁ, ৰাতিটো থাকিয়ে দিম বাপ্পেকে৷ পাছত যি হয় হ'ব৷ First of all lets find at least a place to get lost.

'তোমাৰ হাতত শক্তিশালী movie camera এটা থকা হ'লে বৰ ভাল video এটাই হ'লহেঁতেন দেই৷ Discovery channelত এনেকুৱাবোৰেইতো দেখুৱায়৷' দৃশ্যৰাজি প্ৰত্যক্ষ কৰি থাকি অৰূপদাই মন্তব্য কৰিলে৷ অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ যোৱা সুদীৰ্ঘ ভ্ৰমণটোত অৰুণাচলৰ দুৰ্গম পাহাৰ বগোৱাই দেশৰ প্ৰথম সূৰ্যোদয়থলী ডং মালভূমি সফলতাৰে পৌচাই দিব পৰাৰ সুবাদত অৰুণদাই এদিন মোক উপহাৰ দিছিল এই কেমেৰাটো৷ 60x optical zoom৷ 'হাতত P1000 এটা থকা হ'লে বগামাটি বৰনদীত আপোনাকো নিশ্চয় সন্তুষ্ট কৰিব পাৰিলোঁহেঁতেন৷ কিন্তু কি হ'ব...'

মাতৃ আৰু মমতা৷ তিনিটা click কৰিলোঁ যদিও মোৰ হাত কঁপিল৷ Low light আৰু image ফাটিল৷ অৱশেষত পোৱালি আৰু মাকক পানীৰ পৰা পাহাৰলৈ উঠি জংঘলত অদৃশ্য হোৱা দেখা পালোঁ৷ ততালিকে মোৰ মনলৈ আহিল এই কথা... Blessed are they who see beautiful things in humble places where other people see nothing. বি.টি.এ.ডি.ৰ বাগ্‌সা জিলাৰ উত্তৰ-পূবত ভূটান সীমান্তৱৰ্তী ঠাইসমূহত বনৰীয়া হাতীৰ দলে স্থানীয় লোকৰ নিদ্ৰা হৰণ কৰি অহাৰ খবৰ ধাৰাবাহিকভাৱে পায়ে থকা হয়৷ ইয়ালৈ আহি ভগ্ননীড় নেদেখিলোঁ যদিও বন্যহস্তী হ'লে স্বচক্ষে দেখা পালোঁ৷

৪.৪৫ হ'ল৷ আন্ধাৰ খৰকৈ নামি আহিছে৷ পাহাৰত বেলি নেদেখা হোৱা মানেই নিশা সমাগত৷ আমিও ওভতনি খোজ দিলোঁ৷ অথনি চিৰি বগাই থাকোঁতে অৰূপদালৈ ফোন এটা আহিছিল৷ বৌৱে কৰিছিল, ডিফুৰ পৰা৷ তাকে দেখি এতিয়া পাহাৰৰ ওপৰৰ পৰা ময়ো ঘৰলৈ চেষ্টা এটা কৰি চাওঁচোন বুলি ম'বাইলটো উলিয়াই এনেয়ে টিপা-টিপি কৰি আছোঁ৷ ৰিং হ'ব ধৰিলে! তাৰ মানে ইয়াত BSNLৰ network পোৱা যায়! কথাটো আৱিষ্কাৰ কৰি আনন্দ লাগিল৷

'হেল্ল'...'
'পুৱাৰে পৰা খবৰ নাইযে আপোনাৰ?'
'মই বগামাটি পাই গ'লোঁ৷'
সিফালৰ পৰা পৰিবাৰে কিবিকিবি বলকিব ধৰিলে৷ মই বোলোঁ মোৰ charge নাই৷ ইয়াত নেটৱৰ্কো নাপায়৷ কিবাকৈ এয়া যোগাযোগ পাইছোঁ৷ সিমূৰৰ সুৰটো হাজাৰ অসন্তুষ্টি আৰু অভিযোগেৰে ভৰি পৰিছে৷ কোনে শুনি থাকিব? অচিৰেই লাইনটো কাটি দিলোঁ৷ অলপ পাছত ছোৱালী আনিচাই কৰিলে৷ মই কিহত আহিম, কেতিয়া ঘৰ পামহি ইত্যাদি ইত্যাদি প্ৰশ্ন৷
'Nagaland Expressত, কাইলৈ ৰাতিপুৱা৷' সংক্ষেপে উত্তৰ দিয়েই পুনৰ switch off কৰি থৈ দিলোঁ৷ এই ম'বাইল-চ'বাইলবোৰ নথকাই ভাল৷ নহ'লে হেঁপাহ খৰ্ব হয়৷ Direction সলনি হয়৷ স্বাধীনচিতীয়া মন আৰু ইচ্ছাবোৰক ম'বাইলৰ নিয়ন্ত্ৰণাধীন হ'বলৈ দিব নোৱাৰি৷



'The biggest adventure you can take is to live the life of your dreams.'

Dirt trek challengeৰ বাবে এদল যুৱকে ৰাস্তাটোৰ সোঁফালে ঠিক-ঠাক কৰি আছে৷ একা-বেঁকাকৈ দীঘল দীঘল ফিটা কিছুমান বান্ধিছে৷ কোৰ-চিপ্ৰাং লৈ কিবা খান্দিছেও৷ প্ৰতিযোগিতাখন কাইলৈ পুৱা অনুষ্ঠিত হ'ব চাগৈ৷ ঘড়ীত ৫ বাজিবৰ হ'ল৷ আমি আহি আহি vehicle parking area পালোঁ৷ বাভনকো লগ পাই গ'লোঁ৷ সি খেলি আহিছে৷ মই সুধিলোঁ, 'কি কি খেল খেলিলা?' দুগুণ উৎসাহেৰে সি কৈ গ'ল খেলবোৰৰ নাম৷ গুলী কিমান খালে, কিমান বিষালে, কিমানলৈকে বগাব পাৰিলে, সৰি পৰিব বুলি ক'ত ভয় লাগিল ইত্যাদি ইত্যাদি, প্ৰত্যেকটোৱেই একোটা জীৱন্ত অভিজ্ঞতা৷ এইবোৰেই হৈছে আজীৱন মানসপটত ৰৈ যোৱা নিজৰ জীৱনৰ সত্য কাহিনী৷ মিছা গল্প নহয়৷ আনহাতে এনে ক্ৰীড়াকলাপবোৰ সকলো সময়তে, য'তে-ত'তে উপলব্ধও নহয়৷ গতিকে দেউতাকে তাক জড়িত হোৱাৰ, সোৱাদ লোৱাৰ পূৰ্ণ সুযোগ দিছে৷ কাইলৈ পুৱা trekking হ'ব ভাৰত-ভূটান সীমান্ত অভিমুখে৷ যোৱাৰ ইচ্ছা এটা জাগিছিল যদিও দূৰ বেছি নহয় বুলি জনাৰ পাছত অৰূপদা আৰু মই সঁচা কথা ক'বলৈ গ'লে আকৰ্ষণ হেৰুৱালোঁ৷ আমাৰ পছন্দটো হৈছে, দূৰত্ব বেছি হ'ব লাগিব৷ নিশা জংঘলত camping কৰিব পাব লাগিব৷ তেহে মজা উঠে৷ অৰুণাচলৰ মেন্‌-চু-খা আৰু তাকচিং যাত্ৰাত আমাৰ ট্ৰেকিং-কেম্পিংবোৰ ইমানেই ৰোমাঞ্চকৰ আছিল যে সেই দুৰ্গমতা আৰু দুঃসাহসৰ তুলনাত ভূটান সীমান্তৰ পদযাত্ৰা হ'ব নগণ্য! কাজেই আমি দুয়ো ঘূৰি যোৱাৰ সিদ্ধান্ত লৈ পেলালোঁ৷ বাভনে নিজে বিচৰা ধৰণেই থাকক অকলে অকলে৷

Rongmon Tourism Societyৰ দিগন্ত কলিতাই বাভনক হমষ্টেলৈ লৈ যাব৷ তেওঁ ইয়াত accommodation in-charge৷ চিনাকি হওঁতে মোক জনালে যে তেওঁলোকৰ NGOটোৱে চানডুবি হ্ৰদত পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ হকে কাম কৰি আহিছে৷ পিঠিত ৰাক্‌চেক্‌ আৰু হাতত পানীৰ বটল কেইটামান লৈ বাভন তৈয়াৰ৷ নেপালী, বড়ো, অসমীয়াভাষী অধ্যুষিত গাঁৱত থাকিব৷ গৃহস্থজন নেপালী লােক৷ জীপচিৰে ইয়াৰ পৰা ৩ কিল'মিটাৰমান যাব লাগিব৷


ক্ষন্তেকীয়া আলোচনা কালত কলিতাক সুধিলোঁ নৈখনৰ পানীবোৰ ছাইবৰণীয়া হোৱাৰ কাৰণ কি হ'ব পাৰে? ভূটান পাহাৰৰ ভূমিস্খলন, অৰণ্যৰ কয়লা খনন, কাৰখানাৰ পৰা নিৰ্গত পদাৰ্থৰ সংমিশ্ৰণ নে আন কিবা? এইবোৰৰ পাৰ্শ্বক্ৰিয়াত জনজীৱন ক্ষতিগ্ৰস্ত নোহোৱাকৈ থকা নাই নিশ্চয়৷ নৈপৰীয়া ৰাইজ পদে পদে উদ্বিগ্ন নহ'ব কেনেকৈ? বাগ্‌সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ গ্ৰাম্যাঞ্চলৰ জনসাধাৰণে বিশুদ্ধ খোৱাপানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হোৱাৰ খবৰ কেইবাশ কিল'মিটাৰ দূৰত বাস কৰিও আমি বাতৰি কাকতযোগে গম পাই থাকোঁ৷ ইয়ালৈ আহি আজি নিজ চকুৰে জলধাৰাৰ বৰণ দেখিলোঁ, দেখি বৰকৈ চিন্তান্বিত হ'লোঁ৷ জনস্বাস্থ্য আৰু পৰ্যটনৰ উন্নয়নমুখী বৃহত্তৰ স্বাৰ্থত এই ক্ষেত্ৰত ইতিবাচক চিন্তা আৰু পদক্ষেপ গ্ৰহণ কৰাটো অতিশয় জৰুৰী৷ চৰকাৰৰ সংশ্লিষ্ট বিভাগে কি কৰিছে নাজানো৷

ধীৰে ধীৰে হেৰাই যায়, আবেলিৰ এই ৰদালি৷ আবেলিৰ ৰদালি আচলতে কেতিয়াবাই হেৰাল৷ এতিয়া সন্ধিয়া নামিছে৷ ধীৰে ধীৰে ঢিমিকি জ্বলি উঠিছে অত-তত ওলমাই থোৱা electric bulbবোৰ৷ ভূটানৰ পাহাৰৰ দিশে চাওঁতে দেখা গ'ল, বৰষুণজাক সেইফালে দি আছে৷ আমি ৰৈ থকা এইখিনিত অৱশ্যে নাই৷ অলপ পাছত হয়তো পৰিবও পাৰে৷ বগামাটিৰ বতৰ হেনো ৰহস্যজনক৷ সঘনে সলনি হয়৷ গতিকে পলম নকৰি পিঠিত ঢকিয়াই বাভনক বিদায় দিলোঁ৷ অৰূপদাই ক'লে, 'যাগৈ, দেৰি কৰিব নালাগে৷ আন্ধাৰ হৈ আহিছে৷ আৰু শুন, ৰাতি বাহিৰত ঘূৰি নুফুৰিবি৷ ভালকৈ থাকিবি৷ আমি যাওঁগৈ দেই৷' কলিতাৰ লগত সি গ'লগৈ৷

৫.১৫ বাজিছে৷ অৰূপদাই swift desire ষ্টাৰ্ট দিলে৷ বাহনখনত মানুহ আমি দুটা মাত্ৰ৷ আগচিটত মই আৰু চালকৰ ৰূপত driving wheelত মোৰ কেইবাটাও যাত্ৰাৰ সংগী, অগ্ৰজ ভাতৃপ্ৰতিম অৰূপদা৷ মোৰ গাড়ী নাই৷ চলাবও নাজানো৷ কিন্তু গাড়ী থকা এনে কিছু অগ্ৰজ, অনুজ তথা সহপাঠী আছে যাৰ বাবে মোৰ ভ্ৰমণবিলাসী স্বভাৱ আৰু আজব স্বপ্নবোৰ বাৰে বাৰে সন্তুষ্ট আৰু বাস্তৱায়িত, বাৰে বাৰে সাকাৰ হৈ আহিছে৷ ইয়াতকৈ সুখৰ কথা আৰু কি হ'ব পাৰে? What I love most in this crazy life is the adventure of it.

ভাবনাৰে উৎফুল্লিত হৈ উৎসৱথলীৰ পৰা ওলাই আহি থাকোঁতে বাঁওফালে কেনেলৰ ওপৰেদি অস্থায়ী সাঁকো এডাল দৃষ্টিগোচৰ হ'ল৷ কাষতে বেনাৰ এখন৷ পোহৰ কম৷ হ'লেও কি লেখা আছে তালৈ কৌতূহলী চাৱনিৰে ধ্যান দিছোঁ৷ 'কাইলৈ পুৱা বাভনহঁতৰ ট্ৰেকটো এইটোৱেই হয় দাদা৷' বেনাৰ পঢ়ি বুজি পোৱাৰ লগে লগে উৎসাহেৰে সেইফালে আঙুলিয়াই জনালোঁ অৰূপদাক৷ 'এইফালেদি গৈ ভাৰত-ভূটানৰ border post 251/2 পাব৷ তাৰ পৰা অলপ আগতে আমি উঠি অহা পাহাৰখনেদি নামি আহিব চাগৈ৷ বাটত সিহঁতক বনৰীয়া হাতীয়ে নাপালেই হয় দেই৷' অৰূপদাই চশমাৰ ফাঁকেৰে মোৰ মুখৰফালে এবাৰ কেৰাহিকৈ চালে যদিও একো নকৈ নিৰ্বিকাৰচিত্তে গাড়ী চলাই গৈ থাকিল৷ বগামাটি-বাইহাটা পকা ৰাস্তালৈ বেছি দূৰ নাই৷



'Fill your life with adventures, not things. Have stories to tell, not stuff to show.'

দিনটোৰ আলোড়ন অন্তৰত সামৰি আমি বগামাটি এৰিলোঁ৷ ভৱিষ্যতে কেতিয়াবা এইবাটে আকৌ আহিম৷ বৰনদী লখাইতৰাৰ আচল ৰং-ৰূপ চাম৷ Nature trailsত ভূটানলৈও যাম৷ এই সপোন, এই আশা সঞ্জীৱিত ৰাখিলোঁ৷ সপোনৰ কলিটি দিঠকত ফুল হৈ ফুলাৰ আশাইতো জীৱন৷ NEATOFEST অহা বছৰ ছিক্কিমত হ'ব বুলি শুনি আহিছোঁ৷ পাৰ্বত্য ৰাজ্যখনলৈ স্কুলীয়া দিনৰ সহপাঠী বিষ্ণু আৰ্জেল ছেত্ৰী আৰু মই, দুয়ো একেলগে গৈছিলোঁ, তিস্তাৰ পাৰে পাৰে, ১৯৯৩ চনতে৷ মনত আছে, নৱেম্বৰ মাহ আছিল৷ আমি দাৰ্জিলিঙৰ পৰা যাত্ৰা কৰিছিলোঁ৷ সময়-সুবিধা উলিয়াই এইটো অচিলাতে আকৌ এপাক মাৰিব লাগিব দেশৰ প্ৰথমখন Organic Stateলৈ৷ সুযোগবোৰ এনেকৈয়ে হাতলৈ আহে, নভবাকৈয়ে৷ সদ্ব্যৱহাৰ কৰা-নকৰাটো নিজৰ কথা৷

ৰাস্তাছোৱা ভাল৷ আৰামছে আহি আছোঁ৷ গাড়ীত গান বজোৱা নাই৷ কথাহে পাতিছোঁ, পৰৱৰ্তী যাত্ৰাৰ৷ প্ৰতিটো যাত্ৰাই অন্য এটা যাত্ৰাৰ বাট কাটে৷ সাহস, উৎসাহ, অনুপ্ৰেৰণা যোগায়৷ তাৰে আলোচনা চলিছে দুয়োৰে মাজত৷

নাওকাটা পাওঁতে ৬ বাজিল৷ গাড়ী ৰোৱা নাই৷ চলন্ত গাড়ীৰ পৰাই অৰূপদাক মই দিনত ভাত খোৱা হোটেলখন আঙুলিয়াই দেখুৱালোঁ৷ ৰসগোল্লা কেইটামান লৈ যাবলৈ মন আছিল, নহ'ল৷ ২০ মিনিট পাছত গোৰেশ্বৰ৷ আগতেই ভাবি থৈছিলোঁ যে গোৰেশ্বৰত চাহ খাম৷ বাছ ষ্টেণ্ডত বাঁওহাতে ঘোষ কেবিন৷ 'ঘোষৰ হোটেল যেতিয়া মিঠাই খাবই লাগিব দেই৷' হোটেলখন দেখুৱা মাত্ৰক অৰূপদাই ডাঙৰ ডাঙৰকৈ কৈ উঠিল৷ দুয়ো বহিলোঁ, খুবমতে ইটো-সিটো খালোঁ৷ ইয়াৰ পাছত আৰু ক'তো ৰোৱা নাই৷ ৭ বজাত বাইহাটা৷

অৰূপদাই ডিজায়াৰখন ঠিক দৌৰাই আছে৷ নিয়ম নমনা আৰু সন্মুখত অনৰ্থক অগা-ডেৱা কৰা গাড়ীচালকবোৰক ধুম গালি পাৰে৷ আধা ঘণ্টাৰ পাছতে জালুকবাৰী পাই গ'লোঁ৷ আৰ. জি. বৰুৱা ৰডৰ সেউজী পথত অৱস্থিত Banjara Enclaveত বাহন স্থিৰ হ'ল৷ ঘড়ী চালোঁ৷ ৮.১৫৷ নিত্যনৈমিত্তিক যানজঁটে মহানগৰীত প্ৰৱেশ কৰাৰ পাছৰে পৰাই ঠাইবিশেষে তিতা নলগোৱাকৈ নেৰিলে৷ সময়ো খালে৷ নহ'লে আৰু আগতে পাওঁ৷ কিযে হ'ব এই গুৱাহাটীখনৰ! স্বগতোক্তি ওলাই আহিল আপোনা-আপুনি৷

অৰূপদাৰ flat, নম্বৰ ১০৩৷ বৌ ডিফুত, ল'ৰা বগামাটিত৷ তলা খোলাৰ পাছতে মই প্ৰথমে গা ধুবলৈ bathroomত সোমালোঁ৷ দুবাৰকৈ পাহাৰ উঠা-নমা কৰি ঘামত কাপোৰ-কানিৰ অৱস্থা নাই৷ দাদাই একপ্ৰকাৰ জোৰ দিয়ে ধৰিলে মোক, 'থাকি যোৱা, মোৰ ঘৰত আজি৷ পুৱা আৰামছে জনশতাব্দীত যাবাগৈ৷' মই নামানিলোঁ৷ 'তেনেহ'লে মই ভাত বহাওঁ৷' ততাতৈয়াকৈ তেওঁ মোৰ বাবে ৰন্ধা-বঢ়াত লাগি গ'ল৷ এইটো কামত মানুহজন সিদ্ধহস্ত৷ আমাৰ কেইবাটাও যাত্ৰাৰ খাদ্য-তদাৰককাৰী তেওঁ আৰু প্ৰদীপদা৷ মোক আগে-ভাগে খুৱাই-বোৱাই ১০ বজাত গুৱাহাটী ৰে'ল ষ্টেচনত নমাই থৈও আহিল৷ যোৱাৰ কথা আছিল নিশা ১১.ৰ উজনিমুৱা নাগালেণ্ড এক্সপ্ৰেছত৷ পিছে কি ভাগ্য, ১০.৫০ত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ পাই গ'লোঁ৷ আনন্দ লাগিল, পুহৰি-পুহুৰি ঘৰ সোমামগৈ৷

মোৰ লগত ৮০ টকীয়া টিকট৷ নিৰ্দিষ্ট ডবাকেইটাত যাত্ৰীৰ ভিৰ৷ দেখিলোঁ, sleeper classত ঢেৰ চিট খালী আছে৷ TTEক বিচৰাত লাগি গ'লোঁ৷ পায়ো গ'লোঁ এঠাইত৷ ক'লে, 'ACত উঠি লওক, ৩০০ টকা দিব৷' মোৰ ইফালে টনা-আঁজোৰা৷ পুৱাৰ পৰা এতিয়ালৈ ক'ব গ'লে সিমানখিনি টকাতে সম্পূৰ্ণ কৰি আহিছোঁ বগামাটি সন্ধানী যাত্ৰা৷ এতিয়া চাৰি, চাৰে চাৰি ঘণ্টাৰ যাত্ৰাৰ নামত ৩০০ পেলাব নোৱাৰি৷
'আজি ধন নাই, শ্লীপাৰতে লৈ যাওক৷'
'উঠি লওক৷'
'S2তে আছোঁ দেই৷'
'ঠিক আছে৷'
অনুমতি পায়ে চিধাই স্বনিৰ্বাচিত berthত শুই থাকিলোঁগৈ৷ এবাৰ এঠাইত ৰে'লখন ৰৈ থাকোঁতে খক্‌মক্‌কৈ সাৰ পাই চাওঁ যে লংকা পাই গ'লোঁ! যাত্ৰাপথত জাগীৰোড, চাপৰমুখ, হোজাই কেতিয়ানো পাৰ হ'লোঁ টোপনিৰ কোবত ক'বই নোৱাৰোঁ৷ ৩.৩৫ত ডিফু৷ TTE বাবুও নাহিল৷ মোৰ পইচাকেইটা বাচিল৷ উপলব্ধি হ'ল, এনেবোৰ ভ্ৰমণত ঈশ্বৰে মোক পূৰা সহায় কৰে!

২ নং platformত গাড়ী সোমাই আছে৷ Torch lightৰ পোহৰ পেলাই rail lineৰ দাঁতিয়ে দাঁতিয়ে মতাই-মাইকীয়ে ৫জনমান৷ প্ৰত্যেকৰে পিঠিত কাৰবি হাক্‌ (হোৰা) একোটা৷ মাইকীকেইজনীৰ কোলাত পানীকেঁচুৱাও আছে৷ ৰে'লখন ৰ'ল৷ মই নামি আগলৈ খোজ লৈছোঁ৷ 'ছাৰ ক'ত পৰা?' মুখখন ভালকৈ ধৰিবকে পৰা নাই৷ কোনে মাতিলে মোক? মনোযোগেৰে চালোঁ৷ অ' এইজনী দেখোন চিকা টকবিপীৰ বোৱাৰীয়েক লিবন! SBI CSPত Savings Bank Account এটা খুলি দিছিলোঁ তাইক৷ সেয়ে চিনাকি আৰু আন্ধাৰতো এইকণ সৌজন্যতা৷
'এইটো নাগালেণ্ড এক্সপ্ৰেছ না?' হা... গুৱাহাটী পেন (সৌ গুৱাহাটীৰ পৰা) বুলি উত্তৰ দিলোঁ কি নিদিলোঁ, লিবনে মোক দ্বিতীয়টো প্ৰশ্ন কৰিয়ে পেলালে৷
'কালি (নহয়)৷ চণ্ডীগড় এক্সপ্ৰেছ৷'
'লা হে (হয়নেকি)!
কথাটো শুনাৰ পাছত উঠিম-নুঠিম কৰিছে সিহঁতে৷ ভাবিছিল নাগালেণ্ড, আহিল চণ্ডীগড়৷ কি কৰে এতিয়া? সিদ্ধান্ত ল'ব পৰা নাই৷
'কনা ল দামপ (ক'লৈ যাবি)?'
'ডিমাপুৰ৷' এটা শব্দত উত্তৰ৷
'উঠি যা, উঠি যা'৷
আকৌ দোধোৰ-মোধোৰ৷ ডিমাপুৰতবা ৰয়নে নৰয়!
'উঠ, উঠ, ডিমাপুৰত ৰ'বতো৷' মই সাহস যোগালোঁ৷
হোৰাই-মানুহে ধুমা-ধুম উঠিল আটাইমখা৷ হোৰাকেইটাত পাচলি আছে৷ পাহাৰৰ কচু, ঢেঁকীয়া, কলডিল, টেঙামৰা৷ ডিমাপুৰৰ বজাৰত বেচিবগৈ৷ তাৰ কাৰণে ৰে'লখন ধৰিবলৈ খোজ কাঢ়ি ৰাতি এডোখৰতেই ওলাই আহিছে ছিৰকাংনেপৰ জুপুৰিৰ পৰা৷ এনেকৈয়ে চলে লিবনহঁতৰ দৈনন্দিনৰ জীৱন-যাত্ৰা৷
'দামে-জুমে (ভালে-কুশলে যাবি) দেই৷'
মোৰ মুখত টুকুৰা-টুকুৰ কাৰবি শুনি তাই হাঁহিছে৷ মনে মনে আচৰিতো হৈছে কিজানি৷ বগামাটিত কালি বড়ো শব্দ এটাও শিকি আহিছোঁ৷ কেতিয়াবা, ক'ৰবাত খটুৱাব লাগিব৷ ভাষাটো ফৰ্ফৰাই ক'ব পৰা খগেন কলিতাৰ মুখখনলৈ মোৰ মনত পৰি গ'ল৷

ৰে'লখন উজনিলৈ গ'লগৈ৷ অকলেই মই পদচালনা অাৰম্ভ কৰি দিলোঁ নিজ গৃহ অভিমুখে৷ খোজৰ লগে লগে দিনটোৰ ছবিবোৰে স্মৃতিপটত অগা-ডেৱা কৰিব লাগিল৷ বগামাটিৰ মাটি, পানী, বতাহ আৰু মানুহৰ সন্ধানেৰে মেটমৰা হৈ ঘৰ সোমাওঁতে ৩.৫০ বাজিল৷

পুচ্ছাংশ (tailpiece)...
৪ বাজিছে৷ Showerৰ তলত আপোনমনে গা ধুই আছোঁ৷ এনেতে হঠাৎ মনত খেলালে, বগামাটিৰ মাটি এচপৰা নতুবা বৰনদীৰ বুকুৰ শিলগুটি এটা আনিম বুলি ভাবি থোৱা হৈছিল৷ পাহৰি যাম বুলি notebookত আনকি লিখিও থৈছিলোঁ৷ ছেঃ অনা নহ'ল নহয়! কিয় জানো, একদম পাহৰি থাকিলোঁ৷ সময়ো অতীত হ'ল৷ Take only memories, leave only footprints কথাষাৰকে বগামাটি সন্ধানৰ নামত অনাগত দিনত হৃদয়ত সঞ্জীৱিত থাকিব৷ সাৰোগত কৰি ল'লোঁ আমেৰিকান উপন্যাসিক, কবি, ভ্ৰমণকাৰী Jack Kerouacৰ বাক্য... 'Live, travel, adventure, bless, and don’t be sorry.'

(সমাপ্ত)