Friday 28 February 2020

১.৩ আই.এল.পি. আৰু ৰেলৰ টিকট কৰি পেলালোঁ



১৮ জানুৱাৰী, ২০২০ ৷ ফেচবুক খুঁচৰোঁতে ওলাল এখন পষ্টাৰ ৷
Upcoming Reh Festival Anini 2020. February 1st to February 3rd. Simplicity at it's best.
চেণ্ট্ৰেল ৰেহ চেলিব্ৰেচন কমিটি আৰু ইদু মিচিমি কালচাৰেল এণ্ড লিটাৰেৰী ছচাইটিৰ প্ৰতীক-চিহ্নসম্বলিত সুন্দৰ পষ্টাৰখন ডাউনলড কৰি মনোযোগেৰে লক্ষ্য কৰোঁতে নিম্নাংশত দুটা ফোন নম্বৰ দৃষ্টিগোচৰ হল ৷ মেগনিফায়িং গ্লাছখন কম্পিউটাৰৰ স্ক্ৰীণৰ সন্মুখত লৈ সংখ্যাকেইটা উদ্ধাৰ কৰি নোটবুকখনত লিখি ললোঁ ৷ পলম নকৰি ততাতৈয়াকৈ কী-পেডত টিপা মাৰিলোঁ, একেই ভাব-অনুভূতিৰে ৷ ই-কি ? এইবাৰো দেখোন কোনো যোগাযোগ সম্ভৱ নহল ! আহত হৃদয়ৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া উত্তৰ দিবলৈ যদি ব্যৱস্থাই ঠিক নাই, তেনেহলে এনেকৈ ফোন নম্বৰবোৰ উল্লেখ কৰাৰ দৰকাৰ কি ? সমান্তৰালভাৱে, খৰকৈ চিন্তা কৰিছোঁ, বিকল্প কি হব পাৰে ? দিন চমু চাপি আহি আছে ৷

পাছদিনাখন (১৯.১.২০)
Some pre-moments of upcoming Reh Festival Celebration in Anini, Dibang Valley District. Febraury 1st - Febraury 3rd.
ফটোগ্ৰাফ দুখনে আকৰ্ষণ তথা উত্তেজনা আৰু এখোপ বৃদ্ধি পোৱালে ৷ আশাবাদী মনটোৱে কৈ উঠিল... যি হয় হব, ইনাৰ লাইন পাৰ্মিটখন কৰি থোৱা যাওক৷ ৰেলৰ টিকট এটাও আগতীয়াকৈ কাটি পেলোৱাৰ দুৰ্বাৰ ইচ্ছা জাগিল ৷ তাড়না কিম্বা ভ্ৰমণ-উন্মাদনাৰ বশৱৰ্তী হৈয়ে আধাৰ কাৰ্ড আৰু ফটো সংযোজন কৰি অনলাইনযোগে আই.এল.পি.ৰ কাৰণে সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আৱেদন জনাই দিলোঁ ৷ ৰেফাৰেন্সত থাকিল ৰয়িঙৰ জিবি পৰ নাম-ঠিকনা, ফোন নম্বৰ ৷
য়িঙলৈ ইতিপূৰ্বে দুবাৰকৈ যোৱাৰ পূৰ্ব-অভিজ্ঞতা মোৰ আছে ৷ মায়ডিয়ালৈকো গৈছিলোঁ এবাৰ, বিগত ২০১৫ চনতে, বহাগ বিহুৰ পৰত ৷ চকুৱে সামৰি লব পৰাখিনিৰ বাদে গিৰিপথটোৰ সিপাৰৰ পৃথিৱীখনৰ সৈতেহে কাৰ্যতঃ চা-চিনাকি নাই ৷ বৰফ দেখিছোঁ যদিও অতিক্ৰম কৰাৰ অভিজ্ঞতাও শূন্য ৷ এনেস্থলত নোপোৱাখিনিক এতিয়া এইটো সুযোগতে পাবলৈ চিত্ত ভীষণ উত্ৰাৱল, অবুজন হৈ উঠিছে ৷ লগ-ভাগ হলে নাই ৷ পুৰণা সংগীসকলক টুকুৰিয়াই চোৱা হৈছে ৷ ইউটিউবত বিচাৰি বিচাৰি আনিনিৰ ভিডিঅ কেইটামান উলিয়াই হোৱাট্‌ছপযোগে চাব পৰাকৈ দিলোঁ যদিও বিভিন্নজনৰ বিভিন্ন সমস্যা ৷ কাৰোবাৰ মৌনতা অথবা দুৰ্বল মন্তব্য ৷ সকলো বাদ দি হিচাপ মিলাই দেখিলোঁ, ২৯ তাৰিখে মই ঘৰৰ পৰা ওলাব লাগিব ৷ তেহে ১ তাৰিখে উৎসৱথলী পোৱাটো সম্ভৱ হব ৷ সংগীবিহীন অৱস্থাৰেই এসময়ত সংকল্পবদ্ধ হলোঁ যে এইবাৰ মোৰ যাত্ৰাটো হব সম্পূৰ্ণ অকলশৰীয়াভাৱে ৷ চাগৈ ঈশ্বৰৰ ইচ্ছাটোও তেনেকুৱাই ৷

পাছদিনা ২০ তাৰিখ ৷ পুৱাতে ৰিজাৰ্ভেচন কাউণ্টাৰলৈ গৈ ডিফুৰ পৰা নিউ তিনিচুকীয়ালৈ ৰেলৰ টিকট এটা কাটিলোঁ ৷ ৰিজাৰ্ভেচন ১৫৯৫৯ নং উজনিমুৱা হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছত ৷ S6 38, আপাৰ বাৰ্থ পালোঁ ৷ অহাৰ টিকট নাই কৰা ৷ কাৰণ কেতিয়াকৈ ঘূৰিব পাৰিম নাজানো ৷ দিন-তাৰিখ একো নিৰ্দিষ্ট নাই ৷
এইফালে ঘৰ আহি পাই পি.চি.টো খুলিয়ে উৎফুল্লিত হোৱাৰ পাল ৷ আই.এল.পি.ৰ মাচুল জমা দিয়াৰ বাৰ্তা আহিছে ৷ ১০০ টকা পৰিশোধ কৰাত সন্ধিয়ালৈ আহি গ মোৰ ইনাৰ লাইন পাৰ্মিট ৷ বিধিসন্মত অনুমতি অনুযায়ী ৩০ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী ২০২০ পৰ্যন্ত অৰুণাচলৰ ডিবাং ভেলীত নিৰ্বিঘ্নে বিচৰণ কৰিব পাৰিম ৷ প্ৰৱেশদ্বাৰ হব শদিয়াৰ সমীপৰ শান্তিপুৰ চেক গেট ৷
ভাবনাত এতিয়া হিল্লোল তুলি থকা প্ৰসংগটো হল... ৰয়িঙত থকাটো কি কৰা যায় ? হোৱাট্‌ছএপৰ জৰিয়তে জিবি পক জনাই দিলোঁ যে মোৰ ৰেলৰ টিকট আৰু আই.এল.পি. পাই গলোঁ ৷ ৩০ জানুৱাৰীৰ বিয়লি ৰয়িঙত উপস্থিত হম ৷ আই.এল.পি.ৰ প্ৰিণ্ট আউট আৰু ট্ৰেইনৰ টিকটটো সযতনে থৈ ব্যস্ত হলোঁ সম্ভাব্য ভ্ৰমণ-সূচী তৈয়াৰ কৰাত ৷ (ক্ৰমশঃ)
১.২ পৰৱৰ্তী আহ্বানবোৰ



পাছদিনাখন (১৪.১.২০) ফেচবুকত আকৌ এটা নতুন পষ্ট ৷ লিখা আছিল
Below is a glimpse of picnic spot located in Acheso village near Anini for upcoming Reh Festival event on Feb 1st to Feb 3rd. Suspension bridge made of bamboo.
পৰ্বতৰ নামনিৰে বৈছে এখন বহল নৈ ৷ নৈখনৰ বুকুত শিল-বালিময় এটা দ্বীপ ৷ পানীৰ ওপৰত বাঁহেৰে সজা এক সুদৃশ্য ওলমা সাঁকো, চৌপাশৰ প্ৰাকৃতিক দৃশ্য, পাইন অৰণ্য, তুষাৰাবৃত পৰ্বতমালা ইত্যাদি ইত্যাদি ৷ অগ্নি মিহুৰ ফটোগ্ৰাফ ১০খনে মন-প্ৰাণ মোৰ অতিমাত্ৰাই চঞ্চল কৰি পেলালে ৷ যাওঁ যাওঁ লাগিলেই, ছবি দেখিয়ে৷ সংগোপনে সিদ্ধান্ত এটাও লৈ পেলালোঁ তৎমুহূৰ্ততে ৷ পিছে সংগী-সহযোগী হব কোন ? একে সময়তে এই লৈ ভাবনা (নে দুৰ্ভাবনা?) এটায়ো মগজুত তোলপাৰ নলগোৱাকৈ নাথাকিল অৱশ্যে ৷ অজান্তি-মুলুকলৈ ওলাবজানো কোনোবা, মোৰ লগত ?

তাৰ পাছদিনা (১৫.১.২০) পুৱাতে
Early morning feast for your eyes! Preparations are in full swing for the Reh Festival at Anini in Dibang Valley District, Arunachal Pradesh.
এখন এখনকৈ চাবলৈ পালোঁ প্ৰস্তুতি পৰ্যায়ৰ ১১খন স্থিৰ চিত্ৰ, যিবোৰে অৰুণাচলপ্ৰিয় অন্তৰাত্মাক আৰু অধিক আলোড়িত, আৰু অধিক উত্তেজিত কৰি তুলিবলৈ সক্ষম হল ৷ আচৰিত লাগিল যে গোটটোত এইখিনি ফটোৰ আপলডকৰ্তাজন হৈছে কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰী, অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত জন্ম গ্ৰহণ কৰা কীৰেন ৰিজিজু ৷ মোৰ মনত আছে, Adventure at Menchukhaৰ ক্ষেত্ৰতো যুৱ সাংসদগৰাকীয়ে অগ্ৰণী ভূমিকা লৈছিল৷ ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনাময় পৰ্যটন উদ্যোগটোৰ বিকাশৰ দিশত কি ব্যক্তি-সংগঠন, কি মন্ত্ৰী-বিধায়ক, আটায়ে উঠি-পৰি লাগি গৈছে ৷ এইটো শুভ-লক্ষণ ৷ ভাল লাগিল ষ্টটো দেখি ৷

তাৰ পাছদিনাখন (১৬.১.২০) পঢ়িবলৈ পালোঁ এখন বিজ্ঞপ্তি
Circular regarding Reh Festival sports events and tournaments...
১৮ জানুৱাৰীৰ পৰা আনিনিৰ ডিবাং ভেলী ৰেহ কমিটিয়ে বেডমিণ্টন, ভলীবল আৰু ক্ৰছ কাণ্ট্ৰিৰ আয়োজন কৰিছে ৷ বিজ্ঞপ্তিখনত তিনিটাকৈ ফোন নম্বৰ পাই গলোঁ ৷ খুব আনন্দ লাগিল৷ পকেট নোটবুকত সযতনে টুকি ললোঁ উক্ত নম্বৰকেইটা, যোগাযোগ স্থাপনৰ মতলবেৰে ৷ মনত আছে, Pangsu Pass Winter Festivalৰ বেলিকা ফটোগ্ৰাফাৰ আৰিফ ছিদ্দিকীৰ সৈতে এনেকুৱা ধৰণৰ এক আকস্মিক সংযোগেই যাত্ৰাটো সম্ভৱপৰ কৰি তুলিছিল৷ তদনুৰূপভাৱে, এতিয়াও, নিজৰ আগ্ৰহৰ বিষয়ে জনাই দুআষাৰ পাতোঁ বুলি উৎসাহেৰে ডায়েলিং আৰম্ভ কৰি দিলোঁ৷ একাদিক্ৰমে কেউটা নম্বৰলৈকে চেষ্টা চলিল যদিও আচৰিত যে সিটো মূৰে এজনৰো ফোন নাবাজিল৷ মাত নাপালেও কিন্তু নিৰাশো নহলোঁ ৷ ভ্ৰমণ-জুইৰ দহন ইতিপূৰ্বে আৰম্ভ হৈয়ে গৈছিলযে !
য়িঙৰ Mishmi Hill Campৰ জিবি প ৷ ২০১৫ চনত তেওঁৰ ৰিজৰ্টখনত এৰাতি ৰৈছিলোঁ ৷ পুৰণা চিনাকি এই লোকজনকে সোধাৰ ইচ্ছা হল আনিনিৰ কথা৷ ফোনত লগে লগেই পাই গলোঁ তেওঁক ৷ ১-৩ ফেব্ৰুৱাৰীত ৰয়িঙতো ইদু ৰাইজৰ ৰেহ উৎসৱ চলিব বুলি জনালে ৷ সুধিলোঁ, আনিনিলৈ যাতায়াতৰ মাধ্যম কি হব ? ৰয়িঙৰ পৰা টাটা ছুম চলে৷ ৰাস্তাৰ কাম চলি থকা হেতুকে সময় বহুত লাগে বুলি কলে ৷ সি যি কি নহওক, প্ৰয়োজন হলে মোৰ বাবে আসন সংৰক্ষণ কৰি ৰাখিবলৈকো আগ্ৰহী হল তেওঁ ৷ পিছে আনিনিত থকা-খোৱাৰ বিষয়েহে একো তথ্যই জনাব নোৱাৰিলে ৷ সেই লৈ দুশ্চিন্তা এটা দুৰু-দুৰুকৈ আৰম্ভ হব ধৰিলে মোৰ অন্তৰৰ একোণত৷ (ক্ৰমশঃ)

Saturday 22 February 2020

১.১ আকস্মিক আমন্ত্ৰণটো...



দিনটো আছিল সোমবাৰ ৷ ১৩ জানুৱাৰী, চন ২০২০ ৷ ফেচবুকত লগ-ইন কৰিছোঁহে, ৰাজহুৱা গোট DIBANG AN INCREDIBLE VALLEYত কোনোবা অজ্ঞাতজনে আপলড কৰা Reh Festival Anini, 2020 শীৰ্ষক পষ্ট এটাই চকুহালক টানি লৈ গল ৷ কথাংশত পঢ়িলোঁ
Reh is a local festival of a tribal community known as Idu Mishmi in the state of Arunachal Pradesh. Every year from February 1st to February 3rd Idu Mishmi people of Arunachal Pradesh celebrate their community festival known as Reh together. People from across the land celebrate together to bring happiness and prosperity in the family and society. Like every year this year too the people of Dibang Valley District welcomes you all to celebrate Reh festival in Anini. Anini is the Headquarter of Dibang Valley District.
Once again welcome you all.
Thank you.
Central Reh Festival Committee, Anini, 2020.
Below are few pictures showing preparations going on for upcoming Reh Festival.'
সংলগ্নকৃত আলোক-চিত্ৰ তিনিখনেও মোক বৰকৈ আকৰ্ষণ কৰিলে ৷ আনিনিৰ প্ৰতি টান এটা আগৰে পৰাই আছিলেই ৷ এতিয়া যেন অভাবনীয়ভাৱে এক সুবৰ্ণ সুযোগ, যেন অজান্তি-মুলুকৰ পৰা পৰম আকাংক্ষিত এটা আমন্ত্ৰণ আহি গল ! উৎফুল্লিত হৃদয়ে তৎমুহূৰ্ততে স্বগতোক্তি কৰি উঠিল এই আহ্বানৰ প্ৰতি সঁহাৰি যোগাত্মক হব লাগিব ৷ এই সুযোগৰ সদ্ব্যৱহাৰ কৰাটোৱেই বুদ্ধিমানৰ কাম হব ৷ বাকী চব কথা বাদ ৷ আনিনিয়ে মাতিছে মোক ৷ (ক্ৰমশঃ)

Thursday 20 February 2020

আনিনিত ডাৱৰে মাটিক চুমা যাচে
(বিস্তাৰিত তথা সচিত্ৰ ভ্ৰমণ-লেখা)



আৰম্ভণিতে

আনিনি- শব্দটোৰ সৈতে দৰাচলতে মোৰ পৰিচয় ঘটিছিল স্কুলীয়া ছাত্ৰাৱস্থাতেই৷ ভূচিত্ৰাৱলীৰ পৃষ্ঠা মেলি ঠাই বিচৰা খেল এটা আমি খেলিছিলোঁ৷ লগ-সমনীয়াক উলিয়াবলৈ দিছিলোঁ- আনিনি৷ ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত চীন সীমান্তৱৰ্তী অৱস্থানত অকলশৰীয়াভাৱে চিত্ৰিত আনিনি শব্দটো কিয় জানো তেতিয়াৰে পৰাই মোৰ হৃদয়ৰ গভীৰতাত, কল্পনাৰ মায়াজালত বান্ধ খাই ৰল! আজিৰ পৰা প্ৰায় ৪৩-৪৪ বছৰৰ আগৰ কথা এয়া৷ ডাঙৰ হোৱাৰ পাছত শুনিছিলোঁ, আনিনিলৈ বাট-পথ নাই৷ খাদ্য-বস্তু এয়াৰ ড্ৰপিংহে হয়৷

অৰুণাচল প্ৰদেশ মোৰ অতিকৈ প্ৰিয় আৰু মৰমৰ ভ্ৰমণথলী৷ অৰুণাচলৰ সৰ্বদিশ দৰ্শনক এটা জীৱনজোৰা পৰ্যটন বুলিব পাৰি৷ এই ৰাজ্যৰ টাৱাং, বমডিলা, ৰূপা, ইটানগৰ, নাহৰলগুন, পতিন, য়াজালি, জিৰো, ডাপৰিজো, তালিহা, দয়ম, চিয়ুম, নাচ্ছ, লিমেকিং, কেতেনালা, গেলেন চিনিয়াক, বাচাৰ, বামে, আল, তাত, মেন-চু-খা, য়াৰলুং, পাচিঘাট, ৰাণাঘাট, নামচাই, চৌখাম, ৱাক্ৰ, পৰশুৰাম কুণ্ড, খুপা, হায়ুলিয়াং, ৱালং, ডং, কিবিথু, কাহ, হাৱাই, তেজু, ৰয়িং, মায়ডিয়া, নামপং, পাংচু পাছ আদি বিভিন্ন ঠাই ইতিমধ্যে ভ্ৰমিছোঁ, ভ্ৰমণ-বৃত্তান্ত লিখিছোঁ যদিও থাকি গৈছে আনিনি৷ কল্পনাৰ সেই ঠাইখন৷ বিষয়টোৱে মন-মগজুত সততে আমনি দি থাকে৷ কিবা যেন অসম্পূৰ্ণ হৈ আছে এতিয়াও, এনে লাগে ভাবিলে৷ ৰৈ থাকোঁ সময়-সুযোগ অহালৈ৷

আনিনি, আনিনি, আনিনি সাংগীতিক শব্দটোৰ পম খেদি এড্‌ভেন্সাৰপ্ৰিয় মনটোক অৱশেষত শান্তি দিবলৈ সমৰ্থ হলোঁ, সৌ-সিদিনাখন মাত্ৰ৷ ১-৩ ফেব্ৰুৱাৰী, ২০২০ত আনিনিত অনুষ্ঠিতব্য ইদু মিছিমিসকলৰ প্ৰাণৰ উৎসৱ ৰেহ ফেষ্টিভেলৰ অচিলাৰে, সৰগীয় মাতৃ নান্নী ইনয়িটায়াৰ আশিস বিচাৰি এইবাৰ উপস্থিত হলোঁগৈ আনিনিত৷ তাৰ পৰা আগলৈ লাষ্ট বি.অ.পি. ডেমবিউন অতিক্ৰমি ভাৰতৰ শেষ গাঁও আচ্‌হিছপালোঁগৈ৷ ৰয়িঙত স্থিতি লৈ আৰম্ভ কৰা চ এড্‌ভেন্সাৰ ট্ৰিপটোৰ দুৱাৰডলিতে তুষাৰাবৃত মায়ডিয়াত প্ৰত্যক্ষ কৰিলোঁ জীৱনত কোনোদিনে নেদেখা অদ্ভুত প্ৰাকৃতিক দৃশ্যৰাজি৷

কোনবাটে কিদৰে গলোঁ, কি দেখিলোঁ, কত থাকিলোঁ, কি খালোঁ, কি পালোঁ যাত্ৰাকালীন দৰ্শন আৰু অভিজ্ঞতাৰ বিস্তাৰিত তথা সচিত্ৰ প্ৰকাশেৰে আগন্তুক দিনত অকবত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ মোৰ নৱতম ভ্ৰমণ-লেখা আনিনিত ডাৱৰে মাটিক চুমা যাচে

এই লেখাৰ জৰিয়তে পৰৱৰ্তী দিনৰ নেছাৰেলিষ্ট-এড্‌ভেন্সাৰিষ্টসকলক নিজৰ নিজৰ যাত্ৰা-প্ৰস্তুতিৰ দিশত আগতীয়াকৈ কিছু লাগতিয়াল আভাস দিব পাৰিম বুলি বিশ্বাস জাগিছে৷ আনফালে, উক্ত টুৰিষ্ট চাৰ্কিটৰ অগ্ৰগামী যাত্ৰিকে বৰ্ণনাত কিবা ভুল-ভ্ৰান্তি-বিসংগতি প্ৰত্যক্ষ কৰিলে নিৰ্দ্বিধাই অনুগ্ৰহ কৰি উনুকিয়াব বুলি প্ৰাৰ্থনা জনাই থলোঁ৷