১.১ আকস্মিক আমন্ত্ৰণটো...
দিনটো আছিল সোমবাৰ ৷ ১৩ জানুৱাৰী, চন ২০২০ ৷ ফে’চবুকত লগ-ইন কৰিছোঁহে, ৰাজহুৱা গোট
DIBANG AN INCREDIBLE VALLEYত কোনোবা অজ্ঞাতজনে আপল’ড কৰা Reh Festival Anini, 2020 শীৰ্ষক প’ষ্ট এটাই চকুহালক টানি লৈ গ’ল ৷ কথাংশত পঢ়িলোঁ…
‘Reh is a local festival of a tribal
community known as Idu Mishmi in the state of Arunachal Pradesh. Every year
from February 1st to February 3rd Idu Mishmi people of Arunachal Pradesh
celebrate their community festival known as Reh together. People from across
the land celebrate together to bring happiness and prosperity in the family and
society. Like every year this year too the people of Dibang Valley District
welcomes you all to celebrate Reh festival in Anini. Anini is the Headquarter of Dibang Valley District.
Once again welcome you all.
Once again welcome you all.
Thank
you.
Central Reh Festival
Committee, Anini, 2020.
Below are few
pictures showing preparations going on for upcoming Reh Festival.'
সংলগ্নকৃত আলোক-চিত্ৰ
তিনিখনেও মোক বৰকৈ আকৰ্ষণ কৰিলে ৷ আনিনিৰ প্ৰতি টান এটা আগৰে পৰাই আছিলেই ৷ এতিয়া যেন অভাবনীয়ভাৱে
এক সুবৰ্ণ সুযোগ, যেন অজান্তি-মুলুকৰ পৰা পৰম আকাংক্ষিত এটা আমন্ত্ৰণ আহি গ’ল ! উৎফুল্লিত হৃদয়ে তৎমুহূৰ্ততে স্বগতোক্তি কৰি উঠিল… এই আহ্বানৰ প্ৰতি সঁহাৰি যোগাত্মক হ’ব লাগিব ৷
এই সুযোগৰ সদ্ব্যৱহাৰ কৰাটোৱেই বুদ্ধিমানৰ কাম হ’ব ৷ বাকী চব কথা বাদ ৷ আনিনিয়ে মাতিছে মোক ৷ (ক্ৰমশঃ)
No comments:
Post a Comment