Sunday 14 June 2020

৪ ফেব্ৰুৱাৰী ২০২০, মঙলবাৰ
৯.৮ ঘৰ পালোঁহি


৬২ৰ চীনা যুদ্ধৰ নীৰৱ সাক্ষীস্বৰূপ মিছিমি পৰ্বতৰ অভ্যন্তৰ আগতেও দেখিছিলোঁ ৷ এইবাৰ তাৰ ফাঁকে ফাঁকে নামি অহা ডিবাং আৰু স্ৰোতস্বিনী ডিবাঙৰ শাখা-প্ৰশাখা কিছুমান দেখিলোঁ ৷ আনিনি, আচ্‌হিছ, ডেমবিউন চালোঁ ৷ অহা-যোৱাৰ বাটত মায়ডিয়া, ইটালিন বনাচত পালোঁ ৷ ইদু মিছিমি মানুহকো ওচৰৰ পৰা পালোঁ ৷ তাকে কেন্দ্ৰ কৰি অন্তৰখন ভৰি আহিছে ৷ ইফালে অনিয়াহঁতলৈ মনত পৰিলেই হৃদয়খন কিবা গধুৰ গধুৰ লগা হ'ল ৷ লানি লানি পৰ্বত পাৰ কৰি কত যে সিহঁতৰ বসতি ! চ তায়ুৰ আকৌ কালিৰে পৰাই কি হলজানো, মবাইল ফোনৰ চুইচ্‌ অফ্‌ ৷ ভালকৈ গা-পা ধুই নাকত তেল দি শুইছে চাগৈ, এইকেইদিনৰ ভাগৰ মাৰিবলৈ ৷ দুৰ্দান্ত ডেকা চ'ক' তায়ু ৷ ড্ৰিৰ খৰ সোঁতে উটুৱাই নিয়া ভলীবল খেদি খেদি ধৰা মানুহ ৷ দৃশ্যটোৱে মোৰ মনত গোঁজ পুতিলে ৷

পুৱা ৮ বজাত চপাখোৱাৰ পৰা অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছ এখন তিনিচুকীয়ালৈ যায় ৷ সেইখনকে লক্ষ্য কৰি শ্বাহনাজহঁতৰ কোৱাৰ্টাৰৰ পৰা হাইৱেলৈ ওলাইছোঁ ৷ তিনিচুকীয়াত ডিফুলৈ ট্ৰেইন ধৰিম ৷ ১১ বজাত অবধ আছাম এৰিব ৷

ৰাক্‌চেক্‌ পিঠিত ৷ স্কুলবেগটো ছাজিদে লৈছে ৷ শ্বাহনাজৰ স্বামী ছাজিদে মোক বাছত উঠাই দিব ৷ আহি থাকোঁতে মাজবাটতে ছাজিদৰ কৰ্মস্থলী শদিয়া হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰিন্সিপাল শ্ৰীযুত যতীন গগৈ ছাৰৰ সৈতে মুখামুখি হোৱাত পৰিচয় কৰাই দিলে ৷ আমি ইমান ওচৰতে থাকিও ৰেহ ফেষ্টিভেল আজিলৈ চাবগৈ পৰা নাই ৷ আপুনি অত দূৰৰ পৰা আহি চালেগৈ !আশ্চৰ্য প্ৰকাশ কৰিলে ছাৰে ৷ থিয়ৈ থিয়ৈ ৰেহ, আনিনি সম্বন্ধে অকণমান বৰ্ণনা আৰু কেইটামান প্ৰশ্নৰ উত্তৰ ৷ তাৰ পাছত বিদায় ললোঁ ৷

মূলপথটো ঠিক পাইছোঁহি, বাছখনো আহি পালে ৷ ইঞ্জিনৰ কাষৰ দীঘলীয়া চিটটোত জেগা আছিল ৷ উঠিয়েই বহিবলৈ পালোঁ ৷ কি ভাগ্য ! মোৰ পাছত উঠা যাত্ৰীয়ে ওৰে বাট থিয় দিবলগীয়া হল ৷

বহু বছৰৰ মূৰত গঁড় অঁকা যাত্ৰীবাহী চৰকাৰী বাহনত উঠাৰ সৌভাগ্য হৈছে ৷ ৰঙা বাছেৰে কৰা শৈশৱ-কৈশোৰৰ যাত্ৰাবোৰ মনলৈ আহিছে ৷ সিদিনা যাওঁতে নিৰজুলিত গৈছিলোঁ, এতিয়া ট্ৰেন্সপৰ্টত উভতনি ৷ চাবলৈ গ'লে দুয়োটাই বিশেষত্বপূৰ্ণ ৷

৯.১৫ কিলমিটাৰ দীঘল দলংখন পালোঁহি ৷ উদ্বোধনৰ পাছৰ দিনাখনেই খোজ কাঢ়ি পাৰ হৈছিলোঁ এইখন ৷ জীৱনত যিমানবাৰ ইয়াৰ ওপৰেৰে অহা-যোৱা কৰিম, সিমানবাৰেই এই দূৰত্বই সমানেই শিহৰণ জগাব আৰু আনন্দ দান কৰিব ৷ এতিয়াও প্ৰভূত আনন্দ-লহৰে মোৰ হৃদয়-মনত ক্ৰিয়া কৰি আছে ৷ সহযাত্ৰীসকলে তাৰ সামান্যতমো উম-ঘাম নাপায় অৱশ্যে ৷ নিজেহে বুজিছোঁ, কিহৰ উখল-মাখল চলি আছে মনোজগতত ৷ এইবোৰ অদৃশ্য শিহৰণ, অদৃশ্য আনন্দ ৷ আনিনিয়েও যোগাই থাকিব তেনেকুৱা আনন্দ ৷ আজীৱন ৷ অকলে অকলে গৈ-অহাৰ কাৰণে মাত্ৰাটো বেছিহে হব ৷

মনে মনে ভাবি আছোঁ, প্ৰদূষণ নাই ৷ আইন-শৃংখলাৰ পৰিস্থিতি সুস্থিৰ ৷ স্থানীয় মানুহখিনি মাতে-কথাই ভাল ৷ থকা-খোৱাত চিন্তা কৰিবলগীয়া নাই ৷ ঠেক হলেও, ভয়ংকৰ যদিও পথ যোগাযোগ এটা আছে ৷ নগৰ-মহানগৰীয়া জীৱনৰ অবাঞ্চিত হৈ-হাল্লা, বিক্ষুব্ধতা, বিশৃংখলতা নাই ৷ এইবিলাকৰ লগতে ডিবাং ভেলীৰ জনজাতীয় জীৱনশৈলী আৰু সংস্কৃতিও ভ্ৰমণকাৰীৰ বাবে আকৰ্ষণীয় ৷ প্ৰয়োজন মাত্ৰ এটা সিদ্ধান্তৰহে ৷ অকলে গৈচোন মোৰ ভালহে লাগিল ৷

২০০৮ চনৰ ৩১ জানুৱাৰী তাৰিখে ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী ডক্টৰ মনমোহন সিঙে ঘোষণা কৰা, মেকমোহন লাইনৰ সমান্তৰালভাৱে, অৰুণাচলৰ উত্তৰ-পশ্চিমৰ টাৱাঙৰ পৰা দক্ষিণ-পূবৰ কানুবাৰীলৈ ২,৪০৭ কিলমিটাৰ দৈৰ্ঘৰ প্ৰস্তাৱিত টু লেন ট্ৰেন্স অৰুণাচল হাইৱে আৰু ইষ্ট-ৱেষ্ট ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ হাইৱেৰ ম্যানমাৰ সীমান্তৱৰ্তী চাংলাং জিলাৰ বিজয় নগৰৰ পৰা তিব্বত সীমান্তৱৰ্তী টাৱাং জিলাৰ মাগো-থিংবোলৈ প্ৰস্তাৱিত ২,০০০ কিলমিটাৰ দৈৰ্ঘৰ অৰুণাচল প্ৰদেশ ফ্ৰণ্টিয়াৰ হাইৱে নিৰ্মাণ হৈ উঠিলে ভিতৰুৱা অঞ্চলবিশেষত নিৰ্বিঘ্নে ঘূৰি ফুৰিব পৰা হব ৷

ডুমডুমা পালোঁ ৷ ডুমডুমা আস্থানত ক্ষণিক বিৰতি ৷ পুনৰ যাত্ৰা কৰি ১০ বজাত তিনিচুকীয়া পোৱাই দিলে ৷ ভাড়া ললে ৯০ টকা ৷ ফেৰেককৈ ফালি কনডাক্টৰে টিকট এটাও আগ বঢ়াই দিছিল ৷ বহুত বছৰৰ পাছত নিগমৰ বাছৰ টিকটটোৰ পৰশ পালোঁ ৷

মই কলৈ যাম বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰেলৱে ষ্টেচনলৈ যাম বুলি কোৱাত সহযাত্ৰী এগৰাকীয়েই পৰামৰ্শ দিছিল কত নামিলে মোৰ সুবিধা হব আৰু সময় বাচিব ৷ কেনেকৈ যাব লাগিব তাকো তন্ন তন্নকৈ বুজাই দিছিল ৷ সেইমতে নামিয়ে লগে লগে সিজুগুৰি অভিমুখী টেম্প এখন পাই গলোঁ আৰু উঠি দিলোঁ ৷ এইবাৰ গাইডৰ ভূমিকা ললে অচিনাকি যুৱতী সহযাত্ৰী এজনীয়ে ৷ ষ্টেচনৰ সন্মুখ পোৱাত তাই মোক নমাই দিলে ৷ সহযাত্ৰীসহ টেম্পখন চিধা গুচি গল ৷ বুকুৱে-পিঠিয়ে বেগ দুটা ওলমাই মই পোনালোঁ প্লে'টফৰ্মলৈ ৷ চিন্তা কৰিলোঁ, অচিনাকি শুভাকাংক্ষী এই পৰ্যন্ত অনেকজন পালোঁ এই যাত্ৰাপথত ৷ সৰগীয় মাতৃ নান্নী ইনয়িটায়াৰ আশিসধন্য হলোঁ যেন লাগিল মনে মনে ৷

আনিনি যাত্ৰাৰ আগে আগে দেখা দিয়া সীমাহীন অনিশ্চয়তা আৰু ঘূৰি অহাৰ দিন সঠিক নথকাত আগতীয়াকৈ ৰিজাৰ্ভেচন কৰা নাছিলোঁ ৷ এতিয়া কাউণ্টাৰৰ সন্মুখৰ দীঘলীয়া শাৰীত থিয় দি ডিফুলৈ সাধাৰণ শ্ৰেণীৰ টিকট এটাকে সংগ্ৰহ কৰি ৰে'লখন অহালৈ খাপ পাতি থাকিলোঁ ৷

ৰৈ আছোঁ ৷ নিৰ্ধাৰিত সময় পাৰ হৈ গল ৷ গাড়ীৰ দেখা-দেখি নাই ৷ বেলেগ বেলেগ কিবাহে অহা-যোৱা কৰি আছে ৷ কি হল আমাৰখনৰ ? ইয়াতো দেখোন অনিশ্চয়তাই লগ নেৰিছে ! অৱশেষত ১৫৯০৯ নং নামনিমুৱা ডিব্ৰুগড়-লালগড় অবধ আছাম এক্সপ্ৰেছ ১ নং প্লেটফৰ্মলৈ সোমাই আহিল ৷ বেছি সময় নৰ'ল ৷ ১১.১৫ বজাত নিউ তিনিচুকীয়া ৰেল ষ্টেচনৰ পৰা আগলৈ যাত্ৰা আৰম্ভ কৰিলে ৷

খিৰিকীৰ কাষৰ অকলশৰীয়া চিট অধিকাৰ কৰি বহিছোঁ ৷ গাড়ী এৰাৰ লগে লগে প্ৰথমে অৰূপদাক ফোন কৰিলোঁ, যি মোক আহিবৰ দিনা নিশা ডিফু ষ্টেচনত থৈ গৈছিল ৷ ৩১ তাৰিখৰ পাছৰে পৰা নেটৱৰ্কৰ খেলিমেলিৰ বাবে কথাই পাতিব পৰা নাই ৷ হেঁপাহটো পলুৱাই ললোঁ ৷ কেনে লাগিল ? সুধিলে ৷ কলোঁ, অকলশৰীয়াকৈহে মজা লাগিলচোন দাদা ৷ সাহসটোও অকণমান বাঢ়িল ৷ তাৰ মানে এতিয়াৰ পৰা তুমি…’

হাতত এই মুহূৰ্তত সময় অফুৰন্ত ৷ ২৯ জানুৱাৰীৰ পৰা আৰম্ভ কৰি ভ্ৰমণ কাহিনী এটাৰ জুমুঠি তৈয়াৰ কৰি পেলোৱা যাওক ৷ এইবুলি মন স্থিৰ কৰি নোটবুক আৰু কলম উলিয়াই লৈছোঁ ৷ স্মৰণ কৰি কৰি কথাবোৰ টুকি আছোঁ ৷ ৰেলখনৰ গতিটোৰ লগে লগে হিচাপ এটাও কৰি উলিয়ালোঁ, এই যাত্ৰাত কত কেনেকৈ কিমান খৰচ হল ৷

অলপ পাছত চেষ্টা কৰোঁতে চক তায়ুকো পাই গলোঁ ফোনত ৷ বৰ্ণনা কৰিবলগীয়া হল কালি সন্ধিয়া ৰয়িং পোৱাৰ পৰৱৰ্তী কাহিনী ৷ প্ৰশ্ন কৰিলে, আউৰ কিতনা দূৰ যানা পড়েগা ? কব মিলেগা অপনা ঘৰ ? মাতষাৰ শুনি এনেকুৱা লাগিল যে শুই উঠা বেছি দেৰি হোৱা নাই ৷ মই ইতিমধ্যে চপাখোৱা, তিনিচুকীয়া এৰি নিজ গৃহমুখে বহুদূৰ আগ বাঢ়িলোঁ ৷ 

ৰেলখন প্ৰথমছোৱাত ঠিকেই চলিছিল ৷ দৌৰ দেখি ভাবিলোঁ, কিছু পলমকৈ এৰিলেও ৰাইট টাইমতে পোৱাবগৈ ৷ পাছে কি কালিকা লাগিলজানো, বৰহাটৰ পৰা বেমাৰ আৰম্ভ হল ৷ যতে-ততে ৰখাই থ'ব ধৰিলে ৷ ফলত ঘৰ কেই বজাত পামগৈ, আগতীয়া সকলো গণনা, জল্পনা-কল্পনাই বিফল ৰূপ পালে ৷ সময়ৰ কোনো মতলব নোহোৱা হৈ থাকিল ৷ সৰ্বমুঠ ১ ঘণ্টা ৪৫ মিনিট লেট কৰি পেলালে ৷

শেষ পৰ্যন্ত অনিশ্চয়তাৰে ভৰপূৰ, অথচ ভীষণ উপভোগ্য আৰু অভিজ্ঞতা তথা জ্ঞানদায়ী এটা দীঘলীয়া একক যাত্ৰাৰ অন্ত পেলাই ৬.৩০ বজাত ডিফু ষ্টেচনৰ প্লে'টফৰ্মত নামিলোঁ ৷ তাৰ পৰা অট'ৰিক্সা এখন লৈ চিধাই ঘৰ ৷ (সমাপ্ত)


(abdussazid.blogspot.inত সমস্ত খণ্ড উপলব্ধ)

Saturday 13 June 2020

৯.৭ ৰয়িং এৰি আশ্ৰয় ললোঁ চপাখোৱাত


বাঁওফালে কি আছে একোৱেই মনিব পৰা অৱস্থাত নাই ৷ অৰণ্যৰ মাজে মাজে ক্ৰমান্বয়ে নামি গৈছে ঠেক ৰাস্তাটো ৷ এই ৰাস্তাৰেই অগা-পিছাকৈ চলি আছে দুখন টাটা ছুম ৷ থূপ থূপ বৰফবোৰৰ উপস্থিতি ক্ৰমান্বয়ে হ্ৰাস পাই আহিল ৷ সেমেকা, নিৰ্জন এলেকা ৷ নিয়ন্ত্ৰিত গতিবেগ ৷ বগাৰ পৰা আকৌ সেউজীয়াত সোমাই পৰিলোঁ আমি ৷ সময় ৪ বাজি ১৫ মিনিট হৈছে যদিও পোহৰ কেতিয়াবাই কমিল ৷ শীতল, কুহেলিকাময় কাণি-মুনি পৰ ৷ পাহাৰৰ ভাঁজত বেলি অথনিয়েই অদৃশ্য হৈছিল ৷

মিছিমি পাহাৰৰ এইটো ঢালেৰে নামিবলৈ আৰম্ভ কৰাৰ লগে লগে আনিনি যেন অধিক দূৰ হৈ পৰিল ! এনে ভাব এটা জাগিব ধৰিলে ৷ বুকুখন শুদা শুদা লাগিব ধৰিলে ৷ অনিয়া-বচ্চনহঁত এতিয়া মোৰ পৰা বহুত আঁতৰত ৷ পাছফালে নেদেখা বাটটোৰ সিফালে আনিনি, আগলৈ ৰ'য়িং, শদিয়া-চপাখোৱা, মাজত বৰফৰ বাধাৰে ৰৈ আছে মায়ডিয়া ৷

মায়ডিয়া এৰি অহা আধা ঘণ্টামান হল ৷ সুন্দৰভাৱে আহি আছিলোঁ, গান শুনি শুনি, অনিয়াহঁতৰ কথাকে ভাবি ভাবি ৷ হঠাতে আগৰ ছুমখন ৰৈ গল ৷ মনটোৱে গোন্ধালে ৷ কিবা এটা জৰুৰ ঘটিছে ৷ ওচৰ পাই আমাৰখনেও কেইমিটাৰমান আগুৱাই ব্ৰেক মাৰিলে ৷ সমস্যা গুৰুতৰেই ৷ চালকৰ  ফালৰ আগ চকাটোৰ কিবা এটা ভাগি থাকিল ৷ কি হব এতিয়া ? ফচি গলোঁ ইয়াত ! মনে মনে ভাবি আছিলোঁ চপাখোৱা ওলামগৈ ৷ এতিয়া কি হব কব নোৱাৰোঁ ৷

ততাতৈয়াকৈ জেক্‌ লগাই চকাটো খুলি পেলোৱা হল ৷ আমাৰ চালক আৰু অন্যান্য দুই-একেও হাত উজান দিলে ৷ আটায়ে জুম পাতিছে ৷ আশা আছেনে কিবা ? চিন্তাক্লিষ্ট মুখমণ্ডল ৷

তায়ু ব্যতিক্ৰম ৷ ৰাস্তাতে বহি লৈ মবাইল টিপি আছে ৷ ডিঙিত মই দিয়া ফুলাম গামোচাখন ৷ উপহাৰ পোৱাৰে পৰা মোহ এৰিবকে পৰা নাই ৷ চকাৰ অৱস্থাৰ বুজ লৈ তেওঁৰ কাষলৈকে আগ বাঢ়ি গলোঁ ৷ আমি আৰু বেছি সময় লগ নাপাম ৷ এৰা-এৰিৰ ক্ষণ সমাগত ৷

চ'ক'ই নেটৱৰ্ক পোৱা নাই ৷ ৰাস্তাৰ ওপৰতে পায়চাৰি কৰি থাকি দুয়ো কথা পাতিব ধৰিলোঁ ৷ ৰয়িঙত নমাৰ পাছত মোৰ প্লেন কি হব ? দুটা কথাৰ ওপৰত সেয়া নিৰ্ভৰ কৰিছে ৷ এক. আব্দুল আহাদ, দুই. দেবেন সৰকাৰ ৷ কি হয় পৰিস্থিতিয়েহে কব ৷ সময়ে কব ৷ এই পৰ্যন্ত অনিশ্চয়তা বিৰাজমান ৷ অন্তহীন অনিশ্চয়তাৰ মাজেৰেই শেষ পৰ্যন্ত চলি আছে মোৰ একক যাত্ৰা ৷

পার্ট এটা সাল-সলনি কৰাত গাড়ীখন চলিব পৰা হৈ উঠিল ৷ টাটা ছুমৰ এয়ে বাহাদুৰি ৷ পৰ্বতত, দুৰ্গমতাত, বেয়া ৰাস্তাত ৰজা গাড়ী ৷ আন আন নামী-দামী গাড়ী কিছুমানৰ বিজ্ঞাপন ঠিকেই দেখা পাওঁ ৷ প্ৰেক্টিকেলিহে দেখা নাপাওঁ ৷ বিভিন্ন সময়ত মোৰ অৰুণাচল যাত্ৰা ছুমৰ সহায়তে সম্পন্ন হৈছে ৷ সেয়ে নিৰ্ভৰযোগ্য বাহন ৷ চালকবিলাকেও গৰ্বেৰে কয় ৷ যেনে-তেনে, জোৰা-ফোন্দা দি হলেও চকা ঘূৰিবই ৷ মুঠতে ছুম ছুমই ৷ এনেকৈও ডায়লগ মাৰে বহুজনে ৷

সময় অলপ ব্যয় হল ৷ তাৰ পাছতে আমাক আনন্দ দি গাড়ী দুখন আগৰদৰে চলিবলৈ ধৰিলে ৷ অকাই-পকাই নামি আহি নৱনিৰ্মিত হাইৱে চুলোঁহি ৷ জংঘল কমি আহিল ৷ ডিবাঙে দেখা দিলে যদিও নামনি অঞ্চলসমূহ ধূসৰ হৈ পৰিছে ৷ এতিয়া এইটো ক'ব পৰা যাব যে সেই নৈৰ আগলি মই দেখিছোঁ ৷ লোহিত, ডিবাং হৈ গ'ল ৷ বাকী আছে চিয়াং ৷ টুটিং, গেলিং, বিশ্বিং ৷ লগ নহ'লে অকলেই ৷ এই ভ্ৰমণে সাহস দিছে ৷ 

বাইলটো হাতত লৈ অনৰ্গল পিটিকি আহিছোঁ নেটৱৰ্ক পাওঁ নেকি বুলি ৷ শ্বাহনাজৰ, সৰকাৰৰ নম্বৰ টিপিছোঁহে টিপিছোঁ ৷ কাকো নাপাওঁ ৷ আহাদৰ লগত কথা পাতি আছোঁ, কি হব আমাৰ ? গাড়ী পামনে নাই চপাখোৱালৈ ? ৬ বাজিলেইচোন !’ সদুত্তৰ দিব পৰা অৱস্থাত নাই ৷

বহল ৰাজপথত উঠাৰ পাছত চালকে খুব দবাইছে ৷ স্পীকাৰত গানৰ আৱাজো পঞ্চমত ৷ ইতিমধ্যে আন্ধাৰ ভালকৈয়ে হল ৷ এঠাইত হঠাতে ফোনটো বাজি উঠিল ৷ চালোঁ ৷ শ্বাহনাজে কৰিছে ৷ হেন্দোলনিৰ হেঁচা-ঠেলাৰ মাজতেই ৰিচিভ কৰিলোঁ খপজপকৈ ৷
তই আজি ঘূৰি অহাৰ কথা আছিল, আহিছ নেকি ? আমাৰ ঘৰত থাকিবিনে ?
আনিনিৰ পৰা আহি আছোঁ ৷ ৰয়িং পাওঁ পাওঁ…’
মই মোৰ অৱস্থানহে যেনে-তেনে বেকত কৰিব পাৰিলোঁ ৷ নেটৱৰ্কৰ লুকা-ভাকুৱে বাকীখিনি প্ৰশ্নবোধকতেই ৰাখি দিলে ৷ চেষ্টা কৰিছোঁহে কৰিছোঁ, নাই সংযোগ নাপাওঁ ৷ নাপালোঁ যি নাপালোঁৱেই আৰু ৷

৬ বাজি পাৰ হৈ গল ৷ নিৰ্দিষ্ট সময়তকৈ আজি কিছু পলম হৈছে ৷ ভাল ৰাস্তাত তুফান স্পীডত দৌৰিছে গাড়ী ৷ দেওপানীৰ দলং পাৰ হ'লোঁ ৷ টাউন সোমালোঁহি ৷ ১০ মিনিটৰ পাছতে ক-অপাৰেটিভ ষ্টৰৰ কাষত চালকে ষ্টাৰ্ট বন্ধ কৰিলে ৷ এয়াই লাষ্ট ষ্টপেজ ৷ চ তায়ু উঠি অহা ছুমখনৰ কাউণ্টাৰ বেলেগ ৷ সেইখন কেনি সোমাল, কত ৰল, আন্ধাৰত গমেই নাপালোঁ ৷ পাৰস্পৰিক বিদায় কাৰ্যতঃ অথনি মিছিমি পাহাৰৰ বুকুতেই হৈছিল ৷ বাকী ফোনত হ'ব ৷ এক কথাত, লিংকমেন চ'ক' তায়ুৰ কাৰণেই এই যাত্ৰা মোৰ সম্ভৱ হ'ল ৷

ছুমৰ পৰা নামি বয়-বস্তু লৈ চপাখোৱাগামী আমি তিনিওজন যাত্ৰী খৰখেদাকৈ গাড়ীৰ সন্ধানত যাব ধৰিলোঁ ৷ মিমু হোটেলৰ সন্মুখ পালোঁহি ৷ ইয়াৰ পৰা কিবা পোৱা যাব পাৰে ৷ গৈ দেখোঁ, সময় কেতিয়াবাই অতীত হ'ল ৷ যাবলৈ একোৱেই নাই ৷ আশাহত হৈ আহাদলৈ প্ৰশ্ন, কি হব এতিয়া ? ইফালে শ্বাহনাজে বাৰে বাৰে ফোন কৰি আছে, চপাখোৱাৰ পৰা ৷ সঠিক উত্তৰ দিব পৰা নাই মই ৷ অনিশ্চয়তাত ডুবি আছোঁ ৷

এই সময়ত শান্তিপুৰলৈ যাবলৈ একো পোৱা নাযাব বুলি খাটাং হোৱাত আহাদে ঘৰলৈ ফোন কৰি গাড়ী পঠিয়াই দিবলৈ জনাই দিলে ৷ শান্তিপুৰৰ পৰা ৰয়িঙলৈ ২৩ কিলমিটাৰ বাট ৷ সিফালৰ পৰা উত্তৰ আহিল যে গাড়ী পঠাব, কিন্তু কিছু সময় ধৈৰ্য ধৰিব লাগিব ৷ দেউতাক এফালে গৈছে ৷ সি যি কি নহওক, ভাল খবৰটো পোৱাৰ পাছতেই ভোকটো লাগি আহিল ! কিবা-কিবি খাই লোৱাৰ ইচ্ছাৰে তিনিও সোমালোঁগৈ ওচৰতে থকা ফাষ্ট ফুড ৰেস্তোৰাঁ এখনত ৷ গুচি যামেই যিহেতু, সৰকাৰক আৰু ৰূম বিচাৰি ফোন কৰাৰ প্ৰয়োজনবোধ নকৰিলোঁ ৷

দূৰণিবটীয়া আলহী আমাৰ সন্মানাৰ্থে আহাদে চিকেন-বিৰিয়ানি খুৱাব ৷ অৰ্ডাৰ দি বহি আছে ৷ মোৰ সেইবোৰ নচলে বুলি বেচেৰাই নাজানে ৷ টেবুলত দিওঁতেহে গম পালে ৷ পেকিং কৰি লৈ লবলগীয়া হল ঘৰলৈ ৷ তাত খাবলগীয়া আন একো নথকাত মই ওচৰৰে মিঠাইৰ দোকানত সোমালোঁগৈ ৷ কেইবাদিনৰ মূৰত পাইছোঁ ৷ নিজেও ঠিকছে খালোঁ, শ্বাহনাজহঁতলৈ ললোঁ, আৰু সিহঁত দুয়োলৈকো লৈ আহিলোঁ ৷ দিনটোজোৰা যাত্ৰাৰ অন্তত আনন্দপূৰ্ণ আলাপ-আলোচনা, খোৱা-বোৱাৰে সময়খিনি অতিবাহিত হল আমাৰ ৷

ক'ত আছিলোঁ, ক'ত পালোঁহি ! পৰ্বতৰ মাজত সোমাই আছিলোঁ, এতিয়া সমতলত ৷ অনিয়াক খবৰ এটা দিয়া যাওক, ভালে ভালে ৰয়িং পালোঁহি বুলি ৷ পাওঁ-নাপাওঁ ভাবি তাইৰ নম্বৰটো উলিয়াই লাহেকৈ হেঁচাটো দিলোঁহে, একেবাৰতে ৰিং হব ধৰিলে ৷ কি আশ্চৰ্য !
বহন, মেয়িং পহুচ গিয়া ৰে’…’
আচ্ছা, আপ ৰয়িং পহুচ গিয়া ! অভি অভি পহুচা হগা ৷ আচ্ছাসে পহুচা না ভাইয়া ? তকলিফ ত নেহী হুৱা, না ?
সঁচাই আচৰিত কথা ৷ যাবৰ প্ৰাক্‌-সন্ধিয়া চ তায়ুৰ পৰা ফোন নম্বৰটো পাই ইয়াৰ পৰাই কৰা প্ৰথম ফোনকলটোও একেবাৰতে লাগিছিল ৷ আজিও ৷ এনেয়ে হলে আনিনিৰ নেটৱৰ্ক পৰ্বতৰ কাছকণী ৷

ফুটপাথত ৰৈ তিনিও কথাৰ মহলা মাৰি আছোঁ ৷ ইটালিন, আনিনি, নেপালী মানুহ, ইদু মানুহ ইত্যাদি প্ৰসংগ ওলাইছে ৷ ৰেহ ফেষ্টিভেলৰ মঞ্চত ইদু আৰু হিন্দীৰ বাদে নেপালী গান শুনিবলৈ পাইছিলোঁ ৷ তেতিয়াই নিশ্চিত হৈছিলোঁ যে আনিনিত একাংশ নেপালী অধিবাসী আছে ৷ এতিয়া নেপালী সহযাত্ৰী, আনিনিৰ পুৰণা অধিবাসীৰ জৰিয়তে তাৰে উদাহৰণ পালোঁ ৷ আনিনি আৰু নেপালৰ সম্বন্ধ এতিয়াৰ নহয় ৷ ইদু মিছিমি আৰু নেপালী পৰিয়ালৰ মাজত বৈবাহিক সম্বন্ধও ঘটিছে ৷ ভাষাৰ আদান-প্ৰদানো চলি আহিছে ৷

দীৰ্ঘ অপেক্ষাৰ অন্তত কলাৰঙী বলেৰ এখন আহি পালে ৷ বেগবোৰ লাগি-ভাগি উঠাই দিলোঁ ৷ মোক আগচিটত বহি লবলৈ কলে ৷ গাড়ীত উঠিয়েই শ্বাহনাজলৈ ফোন, য়িঙৰ পৰা গৈ আছোঁ দেই ৷ পানী গৰম কৰি থবি ৷ কেইবাদিনো গা ধোৱা নাই ৷ ইদু ইদু গোন্ধাই আহিছোঁ কিন্তু ৷ বাকী কথা পাছত ৷ 'হ'ব দে' বুলি তাই খুব হাঁহিলে ৷

পুৱা ৬.৪০ত আনিনি এৰি সন্ধিয়া ৬.১০তেই ৰয়িং পাইছিলোঁ ৷ ১১-১২ ঘণ্টা লাগি যায় যাত্ৰাটোত ৷ লেণ্ডস্লাইড হ'লে আৰু বেছি ৷ হাইৱে' সম্পূৰ্ণ হ'লে দিনটোৰ ভিতৰতে যোৱা-অহা কৰাটো সম্ভৱ হ'ব ৷ মানুহবোৰৰ বৰ সকাহ হ'ব ৷

আহাদৰ ঘৰৰ বলেৰ'ৰে ২৩ কিলমিটাৰ দূৰত্ব অতিক্ৰম কৰি অহাৰ পাছত ৮ বজাত শ্বাহনাজহঁতৰ চৰকাৰী বাসভৱনৰ সন্মুখত মোক নমাই দিলে ৷ আশ্ৰয়থলী সুকলমে পোৱাই দিয়াৰ ধন্যবাদ আৰু কৃতজ্ঞতা যাচি তেওঁলোকক বিদায় জনালোঁ ৷ এইফালে শ্বাহনাজ-ছাজিদ, মাইছা-ফাৰহাদে দীঘলীয়া হাঁহিৰে আদৰি মোক ঘৰৰ ভিতৰলৈ লৈ গ'ল ৷ আনিনিৰ অলিখিত কাহিনী কওঁতে কওঁতে, ফটো দেখুৱাওঁতে নিশা ১০.৩০ বাজিল ৷ তেতিয়াহে গা ধুবলৈ আহৰি পালোঁ ৷ খাই-বৈ বিছনাত পৰোঁ মানে মধ্যৰাতিয়ে হ'লহি ৷ (ক্ৰমশঃ)

Thursday 11 June 2020

৯.৬  মায়াবী মায়ডিয়াৰ মায়া এৰি...


আহাদ্‌ আৰু মহিলাগৰাকীক বাদ দি সকলোৱেই নামিল ৷ ফটোগ্ৰাফিক চচাইটি অফ্‌ অৰুণাচল প্ৰদেশৰ সদস্যদ্বয়ে মস্ত কেমেৰা উলিয়াই স্নেপ লোৱাত লাগিছে ৷ ড্ৰাইভাৰে পাছ চকাৰ গুৰিতে বহি লৈ কিবা পৰীক্ষা কৰাত ধৰিছে ৷

তুম গাড়ী লেকে আনা, হমলোগ ওপৰ চলতে হে অলপো সময় নষ্ট নকৰি পদব্ৰজে আগলৈ ৰাওনা হলোঁ ৷ লগত ইদু সহযাত্ৰী তিনিজন ৷ হাঁহি-মাতি আগ বাঢ়িছোঁ যদিও ভিতৰি অতিশয় সাৱধানতা অৱলম্বন কৰা হৈছে ৷ আগতে দুবাৰকৈ মজা পাই থৈছোঁ ৷ তেতিয়া অৱশ্যে অভিজ্ঞতা নাছিল ৷ এতিয়া আছে, অকণমান হলেও ৷

অনুমানহে কৰিছোঁ, সঠিকভাৱে কোৱা টান, এঠাইত মনটোৱে কলে, বোধ হয় এইখিনিতে খৰ খাই পৰিছিলোঁ, সিদিনা যাওঁতে ৷ উপৰিভাগ আইনাৰ দৰে মসৃণ আৰু চক্‌চকীয়া ৷ হাত মোজা সোলোকাই পেলালোঁ আৰু স্পৰ্শসুখ ল'লোঁ ৷ টুকুৰিয়ায়ো চালোঁ ৷ যাওঁতে জোতা পিছলিছিল ৷ এইবাৰ সেইটো হব নোৱাৰিব ৷ সম্পূৰ্ণ সজাগতা ৷ ইদুকেইজনৰ আগত ৩১ৰ কাহিনীটো কোৱাত খুব হাঁহিলে ৷ কলে, হয় বহুতৰে ৷ৰাস্তাৰ সোঁমাজতে তিনিওকে থিয় কৰাই ফটো একপি তুলি দিয়াত বন্ধুত্ব অধিক গাঢ় হৈ পৰিল ৷

এনেতে বাইক লৈ অহা দুজন অচিনাকি যুৱকৰ এজনে আমি আনিনিৰ পৰা আহি থকা বুলি জানি ওচৰ চাপি আহি সুধিলে, 'হুনলি কেতনা দূৰ হে' ? বাইক লে'কে' যা সকেগা ক্যা ?' উত্তৰ দিলোঁ, 'কিয় নোৱাৰিব ? নিশ্চয় পাৰিব ৷ ৩৪-৩৫ কিল'মিটাৰ ধৰক ৷ গৈ ভাল পাব ৷ সাৱধানে যাব কেৱল ৷' অনুমান কৰিয়ে চাগৈ আকৌ সুধিলে, 'আপুনি অসমৰ ?' মই বোলো হয়, মই ডিফুৰ ৷ 'মই যোৰহটীয়া ৷ যোৰহাট তৰাজানৰ দেই ৷' আমি হাত মিলালোঁ ৷

এনেকৈয়ে বৰফৰ মায়াই পৰিচয় কৰোৱায় অচিনাকিজনৰ সৈতে ৷ বয়স, লিংগ, জাত, স্থান যিয়েই নহওক কিয় ৷ একে মনোবৃত্তিৰ, অনুৰূপ স্বাদ-সন্ধানকাৰী, প্ৰকৃতিপ্ৰেমী মানুহবোৰ একগোট হৈ পৰে মায়াবী মায়'ডিয়াৰ শুকুলা বক্ষত ৷ যোৰহাটৰ পৰা, ইমান দূৰ বাট মটৰ চাইকেল চলাই অহা কি মুখৰ কথা ? ইহঁত সঁচাকৈয়ে মৰসাহসী, দুঃসাহসী, এড্‌ভেঞ্চাৰাচ ডেকা ৷ ভাবি পাৰ নাপাওঁ, কেনেকৈযে পাৰে ! হিংসাও লাগে ৷

ৰোমাঞ্চিত হৈছোঁ এই বিশাল সৌন্দৰ্যথলীত আকৌ এবাৰ অৱগাহন কৰিবলৈ পাই ৷ হাই-উৰুমি কেনিও নাই ৷ পৰিৱেশ শান্তিপূৰ্ণ ৷ নিৰ্মল-শীতল জলবায়ু ৷ উশাহ টানিয়েই ভাল লাগে ৷ জীৱনক জীপাল কৰিব পৰা এনে নৈসৰ্গিক শোভা পদব্ৰজে উপভোগ কৰিবলৈ পালে আৰু মজা লাগে ৷ তদুপৰি, শুভ্ৰতাৰ মাজৰ পৰা প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ ৰদ-জিলমিল দূৰৰ সেউজ পৰ্বতমালা ৷ হুনলিৰ ৰাস্তাটোও স্পষ্টকৈ দেখা পালোঁ ৷ তুষাৰপাতৰ প্ৰকোপত সিদিনা চকামকা হৈ আছিল ৷ খুব বৰফ পৰিছিল সিদিনা, অৰ্থাৎ ৩১ জানুৱাৰী তাৰিখে ৷ কেনেকৈযে পাৰ হ'লোঁ, ভাবিয়েই শিয়ৰি উঠিছোঁ ৷ আজি ৰিস্ক সিমান নাই ৷

জীৱনত কাহানিও নেদেখা দৃশ্য কিছুমান দেখি প্ৰকৃততে অভিভূত হৈছিলোঁ সিদিনাই, মায়ডিয়া গিৰিপথছোৱা অতিক্ৰম কৰি থাকোঁতে ৷ পুৱাবেলা এনেয়েও বৰফ বেছি পোৱা যায় ৷ আবেলি কমে ৷ তেতিয়াৰে পৰা টুৰিষ্ট চাৰ্কিটটোৰ অভ্যন্তৰলৈ যিমানেই আগুৱাই যাব ধৰিলোঁ, সিমানেই এখন এখনকৈ ৰহস্যৰ পৰ্দা আঁতৰি গৈ থাকিল ৷ কিমান ঘটনা-পৰিঘটনাইযে লগ নিদিলে যাত্ৰাটোত !

Welcome Mayodiya Pass লিখা হালধীয়া চাইনবৰ্ডখনৰ কাষতে কোনোবাই সাজি থৈছে স্নমেনৰ প্ৰতিকৃতি এটা ৷ ডিঙিত ক'লা মাফলাৰ ৷ আকৃতিও বেছ ডাঙৰেই ৷ ট-ট কৰে এইফালে চাই ৰৈছে ৷ কোনে থৈ গলজানো ! Frosty the snowman was a jolly happy soul… Walter Jack Rollins আৰু Steve Nelsonএ ১৯৫০ চনমানতে লিখা জনপ্ৰিয় আৰু পুৰণা খ্ৰিষ্টমাছ গীতটোলৈ মোৰ মনত পৰিল ৷

হিমপাত কবলিত অঞ্চলৰ শিশুসকলৰ মাজত খ্ৰীষ্টমাছ আৰু শীত-সজ্জাৰ ক্ষেত্ৰত স্নমেন এটা জনপ্ৰিয় চৰিত্ৰ ৷ তুষাৰ-মানৱক লৈ পুতলা, সাজ-পাৰ, ৰূপ-সজ্জাৰ উপৰি গল্প, কিতাপ, চিনেমা ইত্যাদিও নিৰ্মাণ হৈছে ৷ অৱতাৰবাদ বা ঈশ্বৰত মনু্ষ্য-প্ৰকৃতি আৰোপ ৷ তাৰেই তুষাৰ-ভাস্কৰ্য হৈছে স্নমেন ৷ মানুহ যাব পৰা, পৰ্যাপ্ত পৰিমাণে বৰফ পৰা পৃথিৱীৰ সকলো ঠাইতে এই ভাস্কৰ্যবিধৰ প্ৰচলন আছে ৷ মানুহেই ইয়াৰ একমাত্ৰ খনিকৰ ৷ বৰফৰ নক্সা নিৰ্মাণ কৰিব পৰা গুণটোক সাৰথি কৰিয়ে  বিভিন্ন আকৃতিত তুষাৰ-মানৱ সজা হয় ৷ কম খৰচী বস্তু যেনে গছৰ সৰু ঠালৰ সহায়ত হাত, স্মাইলীৰ সহায়ত মুখ, গাজৰৰ নাক, মূৰত টুপী, ডিঙিত স্কাৰ্ফ আদিৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি সজা ঠাইতে এৰি থৈ অহা হয় ৷ কাষতে থকা এই অকলশৰীয়া প্ৰতিকৃতিটোও এৰি থৈ যোৱা বেছি সময় হোৱা নাই যেন লাগিছে ৷ ওচৰ চাপি গৈ ফটো তুলি ল'লোঁ ৷

বৰফলৈ ৰূপান্তৰিত হোৱা হিমকণাৰ এটা গুণ আছে যে গলনাংকত উপনীত হলে ইয়াক বান্ধ খুৱাব পাৰি ৷ বিচৰা ধৰণেই আকৃতি বা গঢ় দিব পাৰি ৷ সেইটো অৱস্থাত ই সেমেকা আৰু কঠিন হৈ পৰে ৷ আনহাতে, পাউডাৰৰ দৰে হৈ থকা তুষাৰকণাৰ পৰা স্নমেন সজা কঠিন ৷ কিয়নো সেই মুহূৰ্তত ই বান্ধ নাখায় আৰু অস্থিৰ হৈ থাকে ৷ গতিকে স্নমেন সজাৰ বাবে পাছদিনা আবেলিৰ উষ্ণ সময়খিনি হৈছে উপযুক্ত বা সৰ্বোত্তম ৷ বৰফৰ মাজলৈ যোৱা পৰ্যটকসকলৰ সৰহসংখ্যকেই এইটো কথা জানে ৷ আমি আহোঁতে অলপ আগলৈ কেইজনমানক দেখি আহিছোঁ স্নমেন সাজি থকা ৷ সময় আৰু বতৰটো খুব অনুকূল হৈছে ৷ মোৰো মন গৈছে, স্নমেন সজাৰ ৷ কিন্তু সময়েযে অনুমতি নিদিব ! তাৰ বাবে বেলেগে, আকৌ আহিব লাগিব, মায়ডিয়া গিৰিপথলৈ ৷ আশা পুহি ৰাখিলোঁ ৷

ধূৱলী-কুঁৱলী চৌপাশ ৷ ৰাস্তাৰ ওপৰত অ'ত-ত'ত বৰফগলা পানী জমি আছে ৷ ঠাণ্ডাও প্ৰচণ্ড ৷ উঠি আহি আহি মায়ডিয়া শিখৰ পালোঁ ৷ ছুম'খনো লাহে লাহে মন্দিৰৰ ওচৰত ৰলহি ৷ দেখি আচৰিত হৈছোঁ যে এইহেন হাড় কঁপোৱা শীতকো পদানত কৰি স্কুটী চলায়ো আহি ওলাইছে সৌন্দৰ্য-চিকাৰী, মায়ডিয়াৰ মায়াবী ৰূপ প্ৰত্যক্ষ কৰিবলৈ, স্নমেন সাজিবলৈ, ফটো তুলিবলৈ, প্ৰকৃতিৰ সৈতে এপলক একাত্ম হ'বলৈ ৷ ভাল লাগিল দেখি ৷ নাম-পৰিচয় নজনা এই লোকবোৰেই আচলতে আমাৰো অনুপ্ৰেৰণা ৷ 

বাওঁহাতে মেডিচিনেল প্লেণ্ট কনজাৰ্ভেজন এৰিয়া ৷ সেইফালেও দৃশ্যতঃ তেনেই কুহেলিকাময় ৷ নামনি অঞ্চল সম্পূৰ্ণ বৰফাবৃত ৷ বেছি দূৰলৈকে দেখা নাযায় ৷ এইটো সঠিক কথা যে এবাৰ আহিলেহে গম পোৱা যায় মেজিক মায়ডিয়াৰ ব্যতিক্ৰমী চৰিত্ৰ ৷ গৱেষণাৰ সমল এই এলেকাত কিমানবোৰযে থূপ খাই আছে, সেয়া গৱেষকেহে ক'ব পাৰিব ৷ আমি গৱেষক নহওঁ ৷ সত্যসন্ধানী সামান্য পৰিব্ৰাজক, অৰুণাচলী প্ৰকৃতিৰ স্বেচ্ছাপ্ৰণোদিত দৰ্শকহে ৷ অনন্যৰূপী ৰ'য়িং-আনিনি ভ্ৰমণ আৱৰ্তত এককভাৱে ঘূৰি-ফুৰি থকা সাধাৰণ ভ্ৰমণকাৰী ৷

বৰফ আঁতৰোৱা বুলডজাৰ দুখন ৰৈ আছে ৷ দেশৰ অন্যতম পথ নিৰ্মাণকাৰী সংস্থা Border Roads Organization (BRO)ৰ অভিন্ন অংগ General Reserve Engineer Force (GREF) কৰ্তৃপক্ষই ইয়াৰ সহায়ত সময়ে সময়ে পথৰ ওপৰৰ পৰা বৰফ পৰিষ্কাৰ কৰা কাম চলায় ৷ প্ৰবল তুষাৰপাতৰ লগতে বৃষ্টিপাত হোৱাৰ ফলত মায়'ডিয়া অঞ্চলত যাতায়াত অতি বিপদসংকুল হৈ পৰে ৷ গম্ভীৰ সমস্যাই দেখা দিয়ে ৷ যান-বাহনৰ চলাচল নিষিদ্ধ কৰি দিয়া হয় ৷ ৰয়িং-হুনলি পথৰ ৪৫ কিল আৰু ৭৫ কিলৰ মাজৰ এলেকা অধিক বিপজ্জনক হৈ উঠে ৷ গাড়ীচালনাত কেনেবাকৈ ঊনৈশ-বিশ হ'ব লাগিলে সমাধিস্থ হ'ব লাগিব শ শ ফুট তলত, সৌ বৰফৰ আবেষ্টনীত ৷ ধলা-শদিয়া ডক্টৰ ভূপেন হাজৰিকা সেতু মুকলি হোৱাৰ পাছৰে পৰা মায়ডিয়ালৈ পৰ্যটকৰ সংখ্যা অধিক মাত্ৰাত বৃদ্ধি পাইছে ৷ ভ্ৰমণপিয়াসীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ব্যস্ততাও যথেষ্ট বাঢ়িছে ৷

গাড়ীখনৰ লগ পাই যোৱাত নিজ নিজ আসনত বহিবলগীয়া হ'ল ৷ নহ'লে আৰু অলপ ৰ'বলৈ মন আছিল ৷ ৪ বাজিবলৈ ২০ মিনিটমান বাকী ৷ মায়'ডিয়াৰ মায়াডোলে মনটোক বান্ধি ৰাখিলে যদিও শৰীৰ আগ বাঢ়িল লাষ্ট ষ্টপেজ, ৫৬ কিল'মিটাৰ নিলগৰ ৰয়িং অভিমুখে ৷ (ক্ৰমশঃ)

Wednesday 10 June 2020

৯.৫ মায়াময় মায়ডিয়াত পুনৰ পদাৰ্পণৰ সুযোগ মিলিল


65ত নামিয়ে সহযাত্ৰীসকল হোটেলখনত সোমালগৈ ৷ মই নগ’লোঁ ৷ চ’ক’ তায়ু উঠি অহা ছুম’খনেও গতি অকণো সলনি নকৰি গোঁ-গোঁৱাই উঠি গৈ থাকিল ৷ গাড়ীৰ ওপৰত হাঁহ-কুকুৰা ভৰোৱা মস্ত খাং এটা ৷ পাছফালৰ পৰা দৃশ্যটো চাবলগীয়া হৈছে ৷ বিভিন্ন বেশভূষাৰ মানুহৰ উপৰি ভিন্ন প্ৰকাৰৰ বয়-বস্তুও বিনা-অভিযোগে, বিনা-প্ৰতিবাদে কঢ়িয়াবলগীয়া হয় এই ছুম’বোৰে ৷ এক কথাত পৰিবাহক-ত্ৰাণকৰ্তা ৷ আন একো নাই, গাড়ীখন তেনেকৈ গুচি যোৱাত চ’ক’ক লগ পোৱাৰ সুযোগটো হেৰুৱালোঁ ৷ আচলতে আমাৰখনো নৰ’লহেঁতেন ৷ হুনলিত উঠা চাৰিজনৰ বাবেই স্পেচিয়েল ষ্টপেজ দিবলগীয়া হ’ল ইয়াত ৷
ঠেক ৰাস্তাটোৰ সিটোপাৰে ওপৰলৈ উঠা খটখটি আছে ৷ সোঁফালৰ পৰা বাঁওফাললৈ, আকৌ বাঁওফালৰ পৰা সোঁফাললৈ ৷ এনেকৈ কঁকালটো ঠাইতে কেইপাকমান উধাই-মূধাই ঘূৰাই লৈ ষ্টেপ কেইটাৰে আৰোহণ আৰম্ভ কৰি দিছোঁ ৷ উচ্চতাৰ পৰা নামনিৰ দৃশ্য চোৱাৰ মতলব ৷ অকণমান আগত ঘৰ দেখিছোঁ ৷ মানুহ-দুনুহ নাই যেন লাগিছে ৷ এইডোখৰৰ পৰা মায়’ডিয়া অভিমুখে দেখা গৈ আছে ৷ সিদিনা কিন্তু একোৱেই চাব পৰা অৱস্থাত নাছিল ৷ বতৰৰ কাৰণে ৷ আজি ভাগ্য সুপ্ৰসন্ন ৷ স্পষ্টকৈ দেখিলোঁ ৷ ফটোৰ লগতে চেল্‌ফিও তুলিলোঁ ৷
অকাই-পকাই মায়’ডিয়া পাছলৈ ইয়াৰ পৰা দূৰত্ব ১০ কিল’মিটাৰমানেই হ’ব ৷ মাত্ৰ তিনি দিন পুৰণা অভিজ্ঞতাৰে এতিয়া কৈ দিব পাৰোঁ ছিক্সটি ফাইভ এৰি আগ বাঢ়ি যাওঁতে আমি কি কি দেখিবলৈ পাম ৷ অ’ত-ত’ত বৰফৰ ৰূপত সিঁচৰতি হৈ পৰি থাকিব বগা থূপ থূপ তুষাৰকণা কিছুমান ৷ ক্ৰমাৎ বাঢ়ি আহিব বৰফৰ ঘনত্ব ৷ গছে গছে ওলমি থাকিব বৰফৰ ৰুমাল ৷ এইখিনিত আৰু মাত্ৰ কেইটামান মুহূৰ্ত ৷ তাৰ পাছতে সেই ধৰণৰ প্ৰাকৃতিক সজ্জাৰ মাজে মাজেই আমি গৈ থাকিম ৷ ইয়াৰ পৰা দেখা পাই থকা সৌফালেৰেই পাৰ হৈ যাম ৷
পুলকিত হৈ উঠিলোঁ যাত্ৰাটো কল্পনা কৰাৰ লগে লগে ৷ উঃ ! আকৌ আহি আছে তুষাৰাবৃত মায়’ডিয়াৰ অপূৰ্ব চিত্ৰপটৰ সাক্ষী হোৱাৰ সোণালী সুযোগ ৷ আনিনি যাত্ৰাটোৱে সঁচাকৈয়ে মোহময়ী প্ৰকৃতিৰ বহুৰূপী আৰু দৰ্শনযোগ্য দৃশ্যবিলাক এইকেইদিন চকুৰ সন্মুখলৈ আনি দিছে ৷ ইমানেই আনি দিছে যে এটা শব্দৰে ক’বলৈ গ’লে উন্মাদপ্ৰায় হৈ পৰিছোঁ ৷ বহু সময়ত প্ৰশ্নও জাগে, এয়া বাস্তৱনে ? নোটবুকত টুকি লৈছোঁ সুন্দৰ সুন্দৰ ল’কেচনবোৰ আৰু সিবোৰৰ বিশেষত্ব ৷ মন-কাগজতো কথাবোৰ এফালৰ পৰা যিমান পাৰোঁ লিপিবদ্ধ কৰি আছোঁ ৷ শেষ যেন নহ’বই ! পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, উপাদানৰ অভাৱ নাই এইখন ৰাজ্যত ৷ সিয়েই বাৰে বাৰে মোৰ মনটোকো টানি লৈ আহে ৷ অদৃষ্টৰ আহ্বানক নেওচা দিব নোৱাৰি অকলেই আহি যাওঁ এনেদৰে ৷ বাটে-ঘাটে পোৱাজনকেই লগৰীয়া কৰি লওঁ ৷ যাত্ৰাকালত বিভিন্ন প্ৰকাৰৰ মানুহ, সংগী পোৱা যায় ৷ কিছুমান পাহৰণিৰ গৰ্ভলৈ গুচি যায় ৷ আন কিছুমানে অন্তৰত সাঁচ ৰাখি যায় ৷ পুঞ্জীভূত নতুন অভিজ্ঞতা আৰু অনন্য অনুভূতিবোৰে দেহ-মন পুলকিত কৰি ৰাখে, অনৱৰতে ৷
গৰাটোৰ পৰা অৱৰোহণ কৰি ছুম’খনৰ কাষতে থিয়দঙা দি আছোঁ ৷ ইটালিনৰ পৰা যাত্ৰা কৰি থকা কমলা বেপাৰী যুৱকজনে কোনো পাতনি নতৰাকৈ কমলা দুটা মোৰ পিনে আগুৱাই দিলে ৷ নেপালী মহিলাগৰাকীকো দিছে ৷ এখোজ দুখোজকৈ তেৱোঁ ওচৰতে ৰৈছেহি ৷ তেওঁলোকে হিন্দী, নেপালীত কথা পাতিছে ৷ ওখ-পাখ যুৱকজনে সুন্দৰ নেপালী ক’ব পাৰে ৷ শান্তিপুৰলৈ যাব বুলি কোৱা শুনিছিলোঁ ৷ শদিয়াত ভালেমান নেপালী মানুহ আছে ৷
‘ক’ত পালে কমলা ?’ আমাৰ কথোপকথনো হিন্দীতে আৰম্ভ হ'ল ৷
‘আগত মোৰ গাড়ী গৈ আছে ৷ তাৰ পৰা আনিলোঁগৈ ৷ টে’ষ্ট কৰকচোন ৷ ইটালিনৰ হয় ৷’
ইটালিনৰ কমলা ! লগে লগে বখলিয়ালোঁৱেই ৷
সুমিষ্ট আৰু মঙহাল কমলাৰ বাবে ৱাক্র’ জনাজাত, অ’ৰেঞ্জ কেপিটেল অফ অৰুণাচল বোলা হয় যাক ৷ লোহিত জিলাৰ সেই বিশেষ ঠাইটুকুৰাত উৎপাদিত সুমথিৰা টেঙাৰ বিপণনৰ বজাৰখন অসমৰ তিনিচুকীয়াক কেন্দ্ৰ কৰি গঢ়ি উঠিছে ৷ বাংলাদেশলৈকো ৰপ্তানি হয় ৱাক্র’ এলেকাৰ ডাঙৰ জোখৰ সুস্বাদু টেঙা ৷ নাগপুৰ অ’ৰেঞ্জ ভেৰাইটিৰ সৈতে হেনো মিল আছে ৷ কমলাই ৱাক্ৰ’ৰ মিছিমিসকলৰ অৰ্থনৈতিক উন্নয়ন সাধনত প্ৰভূতভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে ৷
কিবিথুলৈ যোৱাৰ বাটতো সুমথিৰাৰ বাগান দেখা পাইছিলোঁ ৷ ৱালঙত খাবলৈ পাইছিলোঁ ৷ কথিত আছে, সেই সুমথিৰাৰ ৰসবোৰত মিঠা হ’বৰ বাবে চেনী মিহলোৱাৰ প্ৰয়োজন নাই ৷ মৌচুম্বীৰ দৰে পাতল বাকলি ৷ ৰস বেছি ৷ গুটি কম ৷ জলবায়ুৰ বাবেই চাগৈ ফলো তেনেকুৱা ৷ অৰুণাচলৰ কমলাই এতিয়া ভাৰতৰ লগতে বিদেশৰো বজাৰ দখল কৰিবলৈ তৎপৰ হৈছে ৷
চিন্তা কৰিলোঁ, তিনিচুকীয়াৰ পৰা ৱাক্র’লৈ ১৩৮ কিল’মিটাৰ ৷ কামলাং বন্যপ্ৰাণী অভয়াৰণ্যৰ একাষে সেই ঠাই ৷ আনহাতে তিনিচুকীয়াৰ পৰা ইটালিনলৈ ৩০০ কিল’মিটাৰৰো বেছি হৈ যাব ৷ ঠাণ্ডাও বহুগুণে বেছি ৷ হ’লেও এই ল’ৰাটোৱে ইটালিনৰ পৰা কমলা সংগ্ৰহ কৰি ব্যৱসায় চলাইছে ৷ যথেষ্ট কষ্টকৰ আৰু চেলেঞ্জিং কাম ৷
‘আনিনিত মই য’ত আছিলোঁ সেই ঘৰত দিছিল কেইটামান ৷ মিঠা দেই ৷ চিয়াঙৰ পাৰৰ কমলাও খাইছোঁ ৷ মিঠা ৷ সিফালে ডাম্‌বুকততো অ’ৰেঞ্জক লৈতো ফেষ্টিভেলেই পতা হয় ৷’
সুধিলে, ‘আপুনি আনিনিলৈ কিয় গৈছিল ?’
‘ৰে’হ ফেষ্টিভেল চাবলৈ ৷’
‘ক’ৰ পৰা আহিছে আপুনি ?’
ক’লোঁ, ‘ডিফু, কাৰবি আংলং, অসম ৷’
‘আপুনি অসমীয়া ?’
‘অঁ’ বুলি ক’বলৈহে পালোঁ উত্তেজিত হৈ উঠিল ৷
‘মোৰ দেউতা কাৰবি আংলঙৰ হাওৰাঘাটৰহে আছিল, জীৱিকাৰ সন্ধানত শদিয়ালৈ আহিছিল’ বুলি নিজৰ পৰিচয় দি গ’ল ৷ নাম আব্দুল আহাদ ৷ ঘৰ শান্তিপুৰত ৷ অৰুণাচল-অসম সীমান্তৰ পুলিচ চে’ক গে’টৰ সমীপত ৷ কমলাই আমাক চিনাকি কৰোৱালে, কথা পতাৰ সুযোগ দিলে ৷
‘তাৰ মানে আপুনি ৰ’য়িঙত ছুম’ৰ পৰা নামি শান্তিপুৰলৈ যাব লাগিল ?’
‘মোক তুমি বুলিয়েই ক’ব ৷ মই আপোনাতকৈ বয়সত বহুত সৰু হ’ম ৷’
আমি ৰ’য়িং কেই বজাত পাম, ৰ’য়িঙৰ পৰা চপাখোৱালৈ যাবৰ বাবে কি যোগাৰ পোৱা যায়, তেওঁ কেনেকৈ যাব ইত্যাদি কথাবোৰ সুধিলোঁ ৷ মহিলাগৰাকীয়ে মন দি শুনি আছিল ৷ কথাৰ ফাঁকতে জনালে যে তেৱোঁ আচলতে চপাখোৱা পাবগৈ লাগে ৷ ৰ’য়িঙৰ পৰা কিবা পাবনে নাপাব সেইটো ক'ব নোৱাৰে ৷
‘এতিয়া কেই বাজিল ?'
'তিনি ৷'
'ৰ’য়িং পাওঁতে পাওঁতে ছয় বাজি পাৰ হৈ যাব আমাৰ ৷ তেতিয়ালৈ সিফালে যাবলৈ গাড়ী সাধাৰণতে নাথাকেগৈ ৷’
মনে মনে ভাবিলোঁ, মোৰো বাট একেটাই ৷ ৰ’য়িঙত হোটেলত থাকি দিব পাৰোঁ ৷ কিন্তু তাকে নকৰি আহাদৰ সৈতে যদি শান্তিপুৰ গে’ট পৰ্যন্ত আগ বাঢ়িব পাৰোঁ, তেনেহ’লে কিবা উপায় কৰি, নতুবা খোজ কাঢ়ি হ’লেও তাৰ পৰা চপাখোৱা ওলাবগৈ পাৰিম ৷ তেতিয়া শ্বাহনাজৰ তাতে থাকি দিম নিশাটো ৷ ৰ’য়িঙত মিছা-মিছি থকাৰনো দৰকাৰ কি ? সৰকাৰক ফোন কৰিম জানো ? নকৰোঁ ৷ মনে মনে প্লেন এটা ৰচনা কৰিয়ে পেলালোঁ ৷
ৰ'য়িঙৰ পৰা আগলৈ যোৱা ব্যৱস্থা সম্পৰ্কে ল’ৰাজনে চয়-নিচয় একো নক’লে ৷ অলপ আগলৈকে তেওঁক নেপালী বুলিয়ে ভাবি আছিলোঁ ! এই পথত যেন অনিশ্চয়তা শেষ নহ’বই ! যাওঁতেও অনিশ্চয়তা, আহোঁতেও অনিশ্চয়তা, সকলো সময়তে কেৱল অনিশ্চয়তা ৷ দ্বিধাগ্ৰস্ত মনেৰে সেয়েহে ভাবিছোঁ, গাড়ী পালেতো ভালেই ৷ নাপালে কি হ’ব ? নাই, মিমু হোটেলৰ সৰকাৰক ফোন কৰাই ভাল হ’ব ৷ সময় আহক বাৰু ৷
এনেতে চালকে গাড়ী ষ্টাৰ্ট দিলেহি ৷ ‘মুঠতে চপাখোৱা পাবগৈ লাগে ৷ কি পাম নাজানো ৷ বচাবা আৰু তুমিয়ে ৷’ এইবুলি কৈ নিজৰ চিটত বহিলোঁহি ৷ মায়’ডিয়াৰ শুভ্ৰতাক সন্মুখত ৰাখি কেঁকুৰিবোৰ পাৰ কৰিব ধৰিছোঁ ৷ মিউজিক প্লেয়াৰত উচ্চস্বৰে গান বাজি আছে ৷ আতিফ আচলামৰ গানটো যেন বিশেষভাৱে ভাল লগা হৈ উঠিছে ঘূৰণবোৰৰ লগে লগে ৷ ওপৰফালে, পৰ্বতৰ সিপাৰে লুকাই পৰাৰ আগে আগে বেলিটোৱে অভূতপূৰ্ব দৃশ্যৰ সৃষ্টি কৰিছে ৷ অনিশ্চয়তাজনিত সমূহ চিন্তা এই গান আৰু প্ৰাকৃতিক দৃশ্যই বিদূৰ কৰি দিলে ৷ পাহৰি থাকিলোঁ সেইবোৰ ৷
অপৰাহ্নৰ বেলিয়ে মায়’ডিয়াৰ পূবফালৰ কৰ্দৈসিৰীয়া পৰ্বতলানি উজলাই তুলিছে ৷ কি এক দৃশ্য ! কি লেণ্ডস্কেপ ! দুটা শব্দ, অৰুণ আৰু আচল লগ হৈ অৰুণাচল হৈছে ৷ আভিধানিক অৰ্থত অৰুণ শব্দই সূৰ্য, ভাস্কৰ, ৰবি, বেলি বুজায় ৷ বেলি ওলোৱা আৰু বেলি ডুবাৰ সময়ৰ আকাশৰ ৰঙকো বুজায় ৷ আচল শব্দৰ অৰ্থ মূলধন, মূল, প্ৰকৃত, সত্য ৷ য’লৈ যোৱাৰ সুবিধা নাই, যিটো কাম কৰাৰ সুচল নাই, অসুবিধা, চল নোহোৱা বুজায় ৷ সেই অৰুণে ধীৰে ধীৰে পৰ্বতৰ আঁৰলৈ গতি কৰিলে ৷ এটা দিনৰ সমাপ্তি ঘটিবলৈ গৈ আছে ৷ খালী চকুৰে দেখা পোৱা দূৰ দিগন্তলৈকে পূব দিশটো অৰুণৰ আভাৰে জিলিকি আছে ৷
বৰফ সিদিনাতকৈ কম দেখিছোঁ ৷ পুৱাভাগতকৈ আবেলিলৈ কমি যায়েই অৱশ্যে ৷ মায়া হোটেল পাৰ হ'লোঁ ৷ পৰ্যটক কিছুমানে খোজ কাঢ়ি ঘূৰি ফুৰিছে ৷ বিয়লিৰ আনন্দ লৈছে মায়'ডিয়া গিৰিপথত ৷ অলপ পাছতে এন্ধাৰ নামি আহিব ৷ তাৰ আগতেই দিহা-দিহি উভতিবও লাগিব ৷ ঠাই এৰি যোৱাৰ আগে আগে কোনোবাজনে হেঁপাহেৰে স্ন’মেন সাজি আছে ৷ ল’ৰা-ছোৱালী কিছুমানে ৰেলিঙত বহি নিজৰ মাজতে হাঁহি-স্ফূৰ্তিত মগন ৷ কিছুমানে ম’বাইলেৰে ফটো তুলিছে ৷ মধুময় পৰিৱেশ ৷
বৰফগলা পানী ৰাস্তাটোৰ মাজেৰে বৈ আহিছে ৷ বৈ যোৱা অংশত পানীবোৰে নলাৰ সৃষ্টি কৰিছে ৷ আগে আগে গৈ থকা ছুম’খন ধীৰে ধীৰে উঠি আছে ৷ পাছে পাছে আমাৰ ডেলে ট্ৰেভেল্‌ছ ৷ অতি সাৱধানে ৷ হঠাতে কি হ’ল জানো, আমাৰ ড্ৰাইভাৰে গাড়ীখন ৰখাই দিলে ৷ পাছফালৰ চকা এটাত কিবা চাব লগা হ’ল বোলে ৷ ভালেই পালোঁ ৷ এনেকুৱা মুহূৰ্তৰ বাবেইতো বাট চাই আছিলোঁ ৷ চাঞ্চটো পায়ে খৰধৰকৈ নামি দিলোঁ ৷
৩.৩০ বাজিছে ৷ (ক্ৰমশঃ)

Tuesday 9 June 2020

৯.৪ ছিক্সটি ফাইভত এখন্তেক


ৰাস্তাৰ দাঁতিতে কেইজনমান মানুহ বহি আছে ৷ কেঁকুৰি ঘূৰাৰ লগে লগে গাড়ীখন দেখা পালে ৷ গোটেইকেইজন থিয় হ'ল আৰু সষ্টম ভংগীত ৰ'ল ৷ ছিগনেল নিদিওঁতেই আমাৰ চালকেও বুজি পালে ৷ কাষতে ৰখালেহি ৷ 'কাহাঁ যায়েগা ?' নিয়মমাফিক প্ৰাথমিক সোধা-পোছা ৷ তাৰ পাছতে তেওঁ খপ্‌ কৰে নামিল ৷ পাছফালৰ দৰজাখন মেলি দিলেগৈ ৷ তিনিজন উঠি গল ৷ এজন নুঠিল ৷ তেওঁ মোৰ ফালেহে আগ বাঢ়ি আহিল, এটা চিট থকা যেন দেখি ৷ পাছফালৰ আহুকলীয়া চিটবোৰত বহিবলৈ সকলোৱে ভাল নাপায় ৷

চাৰিজনীয়া আসনত আমি তিনিজন ইমান পৰে বেচ আৰামত বহি আহিছিলোঁ ৷ পেচেঞ্জাৰ আহিল যেতিয়া খিৰিকীৰ কাষ এৰি দি মাজলৈ চাপিলোঁ ৷ মজবুত মানুহজন বহি দিয়াৰ লগে লগে থেপা-থেপি হল ৷ কাষৰ ভদ্ৰমহিলাই অকণমান ভোৰ্‌ভোৰালে ৷ লাভ নাই ৷ ১৪৮ কিলমিটাৰ বাট আহিলোঁ ৷ পৰৱৰ্তী প্ৰায় ৯০ কিলমিটাৰ যাবলৈ আছে ৷ এড্‌জাষ্ট কৰিবই লাগিব ৷

মূৰত পৰম্পৰাগত টুপী, ভৰিত গামবুট, দেহত ডাঠ জেকেট পৰিহিত লোককেইজন উঠি দিয়াৰ লগে লগে ৯জন যাত্ৰী আৰু চালকেৰে ছুমখন এতিয়া গহীন হৈ পৰিছে ৷ নতুন যাত্ৰী আটাইকেইজন ইদু মিছিমি ৷ তেওঁলোকে নিজৰ দোৱানত নিজৰ মাজতে কথা পাতিব ধৰিলে ৷ হাঁহি-মাতি, কিবা আলোচনা কৰি গৈ আছে ৷ মাজে মাজে নিস্তব্ধতা ৷ কাষত বহাজনৰ সৈতে ময়ো দুই-এষাৰ আৰম্ভ কৰিলোঁ ৷ গম পালোঁ যে কেউজন ডেচালিৰ পৰা আহি আছে ৷ যাব ৰয়িঙলৈ ৷ ডেচালিলৈ হুনলিৰ পৰা প্ৰায় ২৪ কিলমিটাৰ ৷ মেটেংলিয়াঙৰ ৰাস্তাত ৷ ইথুন নৈখন সেইফালৰ পৰাই আহিছে ৷ পৰ্বতৰ ফাঁকে ফাঁকে বৈ অহা নৈখন ওপৰৰ পৰা চাবলৈ খুব ধুনীয়া লাগিছে ৷ যেন ৰূপোৱালী ফিটা এডালহে পৰি আছে সৰ্পিলাকাৰে ৷

ৱাৰ ডিবাং ভেলী জিলাৰ হুনলি মহকুমাৰ অন্তৰ্গত ডেচালি এটা ৰাজহ-চক্ৰ ৷ হুনলি-ডেচালি উন্নয়ন খণ্ডৰ অধীনস্থ ডেচালি অঞ্চলত ১৭৮ ঘৰ মানুহ আছে ৷ মূলতঃ ইদু মিছিমি বসতিপ্ৰধান এলেকা ৷ আনহাতে ২০১১ চনৰ পিয়ল অনুসৰি ২১ ঘৰ মানুহেৰে ডেচালি গাঁৱৰ জনসংখ্যা ৮৪ ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ডেচালিৰ উচ্চতা ১,২৪০ মিটাৰ ৷

মই কৰ পৰা আহিছোঁ সুধিলে ৷ কলোঁ, আনিনি সে ৷
উধৰ কা ৰাস্তা ত বহত ডেনজাৰ হে ৷ বাপৰে বাপ !
 মই বোলোঁ হয় হয় ৷ হাইৱে কনষ্ট্ৰাকচন চল ৰহা হে' ৷ আচ্ছা বন যায়েগা ৷
ক্যা কাম সে গয়া আপ, আনিনি, ইতনা দূৰ ? কি কামত গৈছিলোঁ জানিব বিচাৰিছে গাতে গা লাগি বহি অহাজনে ৷ বিশ্বাসেই হোৱা নাই চাগৈ আনিনিলৈ যোৱা বুলি কওঁতে ! কৌতূহলী প্ৰশ্নটো বেয়াও লগা নাই অৱশ্যে ৷ এইটোও সঁচা যে বিশেষ গুৰুত্বপূৰ্ণ নহ'লে এই বাটে এনেয়ে যোৱা মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা ৷ বিলাস ভ্ৰমণ কৰিবলগীয়া বাট নহয় ৷
আপলোগোকা ৰেহ ফেষ্টিভেল দেখনেকে লিয়ে ৷
উত্তৰটো শুনি ভাল পালে যেনেই লাগিল ৷ মিচিকিয়ালে ৷ কলে যে তেওঁলোকৰ ফেষ্টিভেল হবহে, হোৱা নাই ৷ ১ৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ আনিনিত অনুষ্ঠিত হোৱা ৰে'হ ফেষ্টিভেলে চৰকাৰী পৃষ্ঠপোষকতা পাইছে ৷ আনহাতে তেওঁলোকৰভাগ হৈছে গাঁৱৰ পৰম্পৰাগত ৷ আনিনিত ৩ দিন ধৰি হয় ৷ তেওঁলোকৰ ৫ দিনীয়া ৷ তাৰ কামতে এয়া ৰয়িঙলৈ যাত্ৰা চলিছে ৷

'ৰ'য়িঙত ক'ত থাকিব ? ঘৰ আছে ?'
'থকা জেগা আছে ৷ কিন্তু থকা নহ'ব ৷ য়িঙত কামটো শেষ কৰিয়ে লগে লগে ঘূৰিম হুনলিলৈ ৷ মটৰ চাইকেল ৰখা আছে তাত ৷'
শুনি মোৰ আচৰিত হোৱাৰ পাল ৷ যিহে তুষাৰপাত হৈ আছে, মায়ডিয়া পাছ দিনতে পাৰ হোৱা মস্কিল ৷ এওঁ আকৌ ৰাতিয়েই আহিব ঘূৰি ! তাকো বাইকেৰে !

অসুবিধা নহয়নে নিশা অহা-যোৱাত ?সুধিবলৈ বাধ্য হলোঁ ৷
মোৰ চিন্তাক্লিষ্ট মুখমণ্ডললৈ চাই সহযাত্ৰীজনে উত্তৰ দিলে, অহা-যোৱা কৰিয়েই থাকোঁ আমি ৷ওঁঠৰ কোণত হাঁহি ৷ সেই হাঁহিত লুকাই আছে বাহাদুৰি ৷ বাহাদুৰি কৰিবলগীয়া কথাই ৷ এই মানুহবোৰ সঁচাকৈয়ে মৰসাহসী ৷ প্ৰচণ্ড শীতত আন মানুহ সচৰাচৰ নোলায় বা ওলাবলৈ হ'লেও এশবাৰ চিন্তা কৰিব ৷ এওঁলোকৰ কেৰেপ নাই ৷ তেনেকৈয়ে মটৰ চাইকেল চলাই ঘূৰি ফুৰে ৷ পৰ্বত বগোৱাতো ওস্তাদ ৷ পৰ্বতৰ সন্তান এইসকল লোক ৷

১২ গোলাইৰ পাককেইটা উঠিবলৈ আৰম্ভ কৰিলোঁ ৷ ৰদালী বতৰত পৰ্বতে সমস্ত সৌন্দৰ্য যেন ঢালি-বাকি দিছে আজি ! পাছফালে বহা দুজনে মাজে মাজে ফুচুৰি কথাৰে জমাই আহিছে ৷ এইজন কাষত বহি দিয়াৰ পৰা মোৰহে কেমেৰা চলোৱাত অসুবিধা হল ৷ খিৰিকীখন ইচ্ছামতে খোলা-মেলা কৰিব নোৱাৰা হৈ থাকিলোঁ ৷ তথাপি কেইবাৰমান প্ৰচেষ্টা চলোৱাৰ পাছতে স্বজ্ঞানে বুজি পালে ৷ স্নেপ লবলৈ যো-জা কৰিলেই চিটটোলৈ চাপি মোক সুবিধা কৰি দিয়া হল ৷ কথা-বাৰ্তা, প্ৰশ্ন-উত্তৰো চলি আছে ৷ আনিনি কেনি আছে, মায়ডিয়া পাছৰ দিশটো কোনফালে, ডেচালি ক'ত থাকি আহিল, ওপৰৰ পৰা কি কি দেখা পাইছোঁ, তেওঁ আঙুলি টোঁৱাই বুজাই যাব ধৰিলে ৷

আগত এবাৰ গাড়ীখন থামোঁতে চিটটো সলাই ল'ব খুজিলোঁ ৷ কাৰণ ওখ ওখ পৰ্বতমালাই এই বাটছোৱাত বেলেগ ধৰণৰ উন্মাদনা এটা জগাই পেলাইছে ৷ হাঁহিমুখেই তেওঁ দ্বিতীয় স্থানলৈ গ'ল ৷ মই খিৰিকীৰ কাষত বহিলোঁ ৷ মানুহজন মাজত বহাত, মন কৰিলোঁ, সিফালে বহি অহা ভদ্ৰমহিলাৰ আৰম্ভ হল অস্বস্তি প্ৰকাশ ৷ দেখ দেখকৈ নাকে-মুখে সোপা দিয়া দেখা পালোঁ ৷ সিকাষে অথনি ইটালিনত উঠা যুৱক ৷ ভালমান দিন গা ধোৱা নাই বুলি তেতিয়াই ঘোষণা কৰিছিল ৷ এইজনৰো নিজা গোন্ধই মলমলাইছে ৷ সমস্ত মিলি মানুহগৰাকী অসুবিধাত পৰিছে ৷ হলেওনো কি উপায় ? যাবই লাগিব এনেকৈয়ে ৷ কথাটো মই বুজি পাইছোঁ ৷ নিজৰ কথাটো কৈ দিয়া নাই যে ময়ো ৰেহ উৎসৱৰ আৰম্ভণিৰ দিনা অৰ্থাৎ ১ তাৰিখেই যি গা ধুইছিলোঁ, আনিনিত ৷ তাৰ পাছত আৰু পানীৰ সৈতে সম্পৰ্ক নাই ৷ দেহাটো নিজৰে কিবা কিবা লাগি আছে ৷ ৰয়িং পাই পোনেই পখালি পেলাব লাগিব ৷ তেতিয়াহে শান্তি লাগিব ৷

নেটৱৰ্ক পোৱা ঠাই পালেই হোটেল মিমুৰ মেনেজাৰ দেবেন সৰকাৰলৈ ফোন কৰিম, ৰূম এটাৰ বাবে ৷ ভাবি থৈছোঁ ৷ পামনে নাপাম জানো ! সিদিনা কথা পাতি থোৱা হৈছিল অৱশ্যে ৷ যিমানে ওচৰ চাপিছোঁ সিমানে এতিয়া চিন্তাটোৱে উক্‌ দিব ধৰিছে ৷

ওৰে বাট গান বাজি আহিছে ৷ বতৰটো খুব ভাল পাইছোঁ ৷ পেনৰমিক লেণ্ডস্কেপ বিলাকে মন-প্ৰাণ মতলীয়া কৰি পেলাইছে ৷ ২.৩৫ত ছিক্সটি ভাইভ পাই চালকে ব্ৰেক মাৰিলে ৷ ডেচালিৰ পৰা উঠি অহা কেউজনে Old Hotel 65 KMত ভাত খাব বোলে ৷ গাড়ীখন ৰোৱাত ময়ো নামিলোঁ ৷ (ক্ৰমশঃ)