৯.৬ মায়াবী মায়’ডিয়াৰ মায়া এৰি...
আহাদ্ আৰু মহিলাগৰাকীক বাদ দি সকলোৱেই নামিল ৷ ফটোগ্ৰাফিক চ’চাইটি অফ্ অৰুণাচল প্ৰদেশৰ সদস্যদ্বয়ে মস্ত কেমেৰা উলিয়াই স্নেপ লোৱাত লাগিছে ৷ ড্ৰাইভাৰে পাছ চকাৰ গুৰিতে বহি লৈ কিবা পৰীক্ষা কৰাত ধৰিছে ৷
‘তুম গাড়ী লে’কে’ আনা, হমলোগ ওপৰ চলতে’ হে’ ৷’ অলপো সময় নষ্ট নকৰি
পদব্ৰজে আগলৈ ৰাওনা হ’লোঁ ৷ লগত ইদু সহযাত্ৰী
তিনিজন ৷ হাঁহি-মাতি আগ বাঢ়িছোঁ যদিও ভিতৰি অতিশয় সাৱধানতা অৱলম্বন কৰা হৈছে ৷ আগতে
দুবাৰকৈ মজা পাই থৈছোঁ ৷ তেতিয়া অৱশ্যে অভিজ্ঞতা নাছিল ৷ এতিয়া আছে, অকণমান হ’লেও ৷
অনুমানহে কৰিছোঁ, সঠিকভাৱে কোৱা টান, এঠাইত
মনটোৱে ক’লে, বোধ হয় এইখিনিতে খৰ খাই
পৰিছিলোঁ, সিদিনা যাওঁতে ৷ উপৰিভাগ আইনাৰ দৰে মসৃণ আৰু চক্চকীয়া ৷ হাত মোজা সোলোকাই পেলালোঁ আৰু স্পৰ্শসুখ ল'লোঁ ৷
টুকুৰিয়ায়ো চালোঁ ৷ যাওঁতে জোতা পিছলিছিল ৷ এইবাৰ সেইটো হ’ব নোৱাৰিব ৷ সম্পূৰ্ণ
সজাগতা ৷ ইদুকেইজনৰ আগত ৩১ৰ কাহিনীটো কোৱাত খুব হাঁহিলে ৷ ক’লে, ‘হয় বহুতৰে ৷’ ৰাস্তাৰ সোঁমাজতে তিনিওকে
থিয় কৰাই ফটো একপি তুলি দিয়াত বন্ধুত্ব অধিক গাঢ় হৈ পৰিল ৷
এনেতে বাইক লৈ অহা দুজন অচিনাকি যুৱকৰ এজনে আমি আনিনিৰ পৰা আহি থকা বুলি জানি ওচৰ চাপি আহি সুধিলে, 'হুনলি কেতনা দূৰ হে' ? বাইক লে'কে' যা সকেগা ক্যা ?' উত্তৰ দিলোঁ, 'কিয় নোৱাৰিব ? নিশ্চয় পাৰিব ৷ ৩৪-৩৫ কিল'মিটাৰ ধৰক ৷ গৈ ভাল পাব ৷ সাৱধানে যাব কেৱল ৷' অনুমান কৰিয়ে চাগৈ আকৌ সুধিলে, 'আপুনি অসমৰ ?' মই বোলো হয়, মই ডিফুৰ ৷ 'মই যোৰহটীয়া ৷ যোৰহাট তৰাজানৰ দেই ৷' আমি হাত মিলালোঁ ৷
এনেকৈয়ে বৰফৰ মায়াই পৰিচয় কৰোৱায় অচিনাকিজনৰ সৈতে ৷ বয়স, লিংগ, জাত, স্থান যিয়েই নহওক কিয় ৷ একে মনোবৃত্তিৰ, অনুৰূপ স্বাদ-সন্ধানকাৰী, প্ৰকৃতিপ্ৰেমী মানুহবোৰ একগোট হৈ পৰে মায়াবী মায়'ডিয়াৰ শুকুলা বক্ষত ৷ যোৰহাটৰ পৰা, ইমান দূৰ বাট মটৰ চাইকেল চলাই অহা কি মুখৰ কথা ? ইহঁত সঁচাকৈয়ে মৰসাহসী, দুঃসাহসী, এড্ভেঞ্চাৰাচ ডেকা ৷ ভাবি পাৰ নাপাওঁ, কেনেকৈযে পাৰে ! হিংসাও লাগে ৷
এনেতে বাইক লৈ অহা দুজন অচিনাকি যুৱকৰ এজনে আমি আনিনিৰ পৰা আহি থকা বুলি জানি ওচৰ চাপি আহি সুধিলে, 'হুনলি কেতনা দূৰ হে' ? বাইক লে'কে' যা সকেগা ক্যা ?' উত্তৰ দিলোঁ, 'কিয় নোৱাৰিব ? নিশ্চয় পাৰিব ৷ ৩৪-৩৫ কিল'মিটাৰ ধৰক ৷ গৈ ভাল পাব ৷ সাৱধানে যাব কেৱল ৷' অনুমান কৰিয়ে চাগৈ আকৌ সুধিলে, 'আপুনি অসমৰ ?' মই বোলো হয়, মই ডিফুৰ ৷ 'মই যোৰহটীয়া ৷ যোৰহাট তৰাজানৰ দেই ৷' আমি হাত মিলালোঁ ৷
এনেকৈয়ে বৰফৰ মায়াই পৰিচয় কৰোৱায় অচিনাকিজনৰ সৈতে ৷ বয়স, লিংগ, জাত, স্থান যিয়েই নহওক কিয় ৷ একে মনোবৃত্তিৰ, অনুৰূপ স্বাদ-সন্ধানকাৰী, প্ৰকৃতিপ্ৰেমী মানুহবোৰ একগোট হৈ পৰে মায়াবী মায়'ডিয়াৰ শুকুলা বক্ষত ৷ যোৰহাটৰ পৰা, ইমান দূৰ বাট মটৰ চাইকেল চলাই অহা কি মুখৰ কথা ? ইহঁত সঁচাকৈয়ে মৰসাহসী, দুঃসাহসী, এড্ভেঞ্চাৰাচ ডেকা ৷ ভাবি পাৰ নাপাওঁ, কেনেকৈযে পাৰে ! হিংসাও লাগে ৷
ৰোমাঞ্চিত হৈছোঁ এই বিশাল সৌন্দৰ্যথলীত আকৌ
এবাৰ অৱগাহন কৰিবলৈ পাই ৷ হাই-উৰুমি কেনিও নাই ৷ পৰিৱেশ শান্তিপূৰ্ণ ৷ নিৰ্মল-শীতল জলবায়ু ৷ উশাহ
টানিয়েই ভাল লাগে ৷ জীৱনক জীপাল কৰিব পৰা এনে নৈসৰ্গিক শোভা পদব্ৰজে উপভোগ কৰিবলৈ পালে আৰু
মজা লাগে ৷ তদুপৰি, শুভ্ৰতাৰ মাজৰ পৰা প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ ৰ’দ-জিলমিল দূৰৰ সেউজ
পৰ্বতমালা ৷ হুনলিৰ ৰাস্তাটোও স্পষ্টকৈ দেখা পালোঁ ৷ তুষাৰপাতৰ প্ৰকোপত সিদিনা
চকামকা হৈ আছিল ৷ খুব বৰফ পৰিছিল সিদিনা, অৰ্থাৎ ৩১ জানুৱাৰী তাৰিখে ৷ কেনেকৈযে পাৰ হ'লোঁ, ভাবিয়েই শিয়ৰি উঠিছোঁ ৷ আজি ৰিস্ক সিমান নাই ৷
জীৱনত কাহানিও নেদেখা দৃশ্য কিছুমান
দেখি প্ৰকৃততে
অভিভূত হৈছিলোঁ সিদিনাই, মায়’ডিয়া গিৰিপথছোৱা অতিক্ৰম কৰি থাকোঁতে ৷ পুৱাবেলা এনেয়েও বৰফ বেছি পোৱা যায় ৷ আবেলি কমে ৷ তেতিয়াৰে পৰা টুৰিষ্ট চাৰ্কিটটোৰ অভ্যন্তৰলৈ যিমানেই আগুৱাই যাব ধৰিলোঁ, সিমানেই এখন এখনকৈ ৰহস্যৰ পৰ্দা আঁতৰি গৈ থাকিল
৷ কিমান ঘটনা-পৰিঘটনাইযে লগ নিদিলে যাত্ৰাটোত !
Welcome Mayodiya Pass লিখা হালধীয়া চাইনব’ৰ্ডখনৰ কাষতে কোনোবাই সাজি থৈছে স্ন’মেনৰ
প্ৰতিকৃতি এটা ৷ ডিঙিত ক'লা মাফলাৰ ৷ আকৃতিও বেছ ডাঙৰেই ৷ ট-ট কৰে এইফালে চাই ৰৈছে ৷ কোনে থৈ গ’লজানো ! Frosty the snowman was a jolly happy soul… Walter Jack Rollins আৰু Steve Nelsonএ ১৯৫০ চনমানতে লিখা জনপ্ৰিয় আৰু পুৰণা খ্ৰিষ্টমাছ গীতটোলৈ মোৰ মনত পৰিল ৷
হিমপাত কবলিত অঞ্চলৰ শিশুসকলৰ মাজত
খ্ৰীষ্টমাছ আৰু শীত-সজ্জাৰ ক্ষেত্ৰত স্ন’মেন এটা জনপ্ৰিয় চৰিত্ৰ
৷ তুষাৰ-মানৱক লৈ পুতলা, সাজ-পাৰ, ৰূপ-সজ্জাৰ উপৰি গল্প, কিতাপ, চিনেমা ইত্যাদিও নিৰ্মাণ হৈছে ৷ অৱতাৰবাদ
বা ঈশ্বৰত মনু্ষ্য-প্ৰকৃতি আৰোপ ৷ তাৰেই তুষাৰ-ভাস্কৰ্য হৈছে স্ন’মেন ৷ মানুহ যাব পৰা, পৰ্যাপ্ত পৰিমাণে বৰফ পৰা পৃথিৱীৰ সকলো ঠাইতে এই ভাস্কৰ্যবিধৰ প্ৰচলন
আছে ৷ মানুহেই ইয়াৰ একমাত্ৰ খনিকৰ ৷ বৰফৰ নক্সা নিৰ্মাণ কৰিব পৰা গুণটোক সাৰথি কৰিয়ে বিভিন্ন আকৃতিত তুষাৰ-মানৱ সজা হয় ৷ কম খৰচী বস্তু যেনে গছৰ সৰু
ঠালৰ সহায়ত হাত, স্মাইলীৰ সহায়ত মুখ, গাজৰৰ নাক, মূৰত টুপী, ডিঙিত স্কাৰ্ফ আদিৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ
কৰি সজা ঠাইতে এৰি থৈ অহা হয় ৷ কাষতে থকা এই অকলশৰীয়া প্ৰতিকৃতিটোও এৰি থৈ যোৱা বেছি সময় হোৱা নাই যেন লাগিছে ৷ ওচৰ চাপি গৈ ফটো তুলি ল'লোঁ ৷
বৰফলৈ ৰূপান্তৰিত হোৱা হিমকণাৰ এটা গুণ আছে যে গলনাংকত
উপনীত হ’লে ইয়াক বান্ধ খুৱাব পাৰি
৷ বিচৰা ধৰণেই আকৃতি বা গঢ় দিব পাৰি ৷ সেইটো অৱস্থাত ই সেমেকা আৰু কঠিন হৈ পৰে ৷ আনহাতে, পাউডাৰৰ দৰে হৈ থকা
তুষাৰকণাৰ পৰা স্ন’মেন সজা কঠিন ৷ কিয়নো
সেই মুহূৰ্তত ই বান্ধ নাখায় আৰু অস্থিৰ হৈ থাকে ৷ গতিকে স্ন’মেন সজাৰ বাবে পাছদিনা আবেলিৰ উষ্ণ সময়খিনি হৈছে উপযুক্ত বা সৰ্বোত্তম ৷ বৰফৰ মাজলৈ যোৱা পৰ্যটকসকলৰ সৰহসংখ্যকেই এইটো কথা জানে ৷ আমি আহোঁতে অলপ আগলৈ কেইজনমানক দেখি আহিছোঁ স্ন’মেন সাজি থকা ৷ সময় আৰু বতৰটো খুব অনুকূল হৈছে ৷
মোৰো মন গৈছে, স্ন’মেন সজাৰ ৷ কিন্তু সময়েযে
অনুমতি নিদিব ! তাৰ বাবে বেলেগে, আকৌ আহিব লাগিব, মায়’ডিয়া গিৰিপথলৈ ৷ আশা পুহি ৰাখিলোঁ ৷
ধূৱলী-কুঁৱলী চৌপাশ ৷
ৰাস্তাৰ ওপৰত অ'ত-ত'ত বৰফগলা পানী জমি আছে ৷ ঠাণ্ডাও প্ৰচণ্ড ৷ উঠি আহি আহি মায়’ডিয়া শিখৰ পালোঁ ৷ ছুম'খনো লাহে লাহে মন্দিৰৰ ওচৰত ৰ’লহি ৷ দেখি আচৰিত হৈছোঁ যে এইহেন হাড় কঁপোৱা শীতকো পদানত কৰি স্কুটী চলায়ো আহি ওলাইছে
সৌন্দৰ্য-চিকাৰী, মায়’ডিয়াৰ মায়াবী ৰূপ প্ৰত্যক্ষ
কৰিবলৈ, স্ন’মেন সাজিবলৈ, ফটো তুলিবলৈ, প্ৰকৃতিৰ সৈতে এপলক একাত্ম হ'বলৈ ৷ ভাল লাগিল দেখি ৷ নাম-পৰিচয় নজনা এই লোকবোৰেই আচলতে আমাৰো অনুপ্ৰেৰণা ৷
বাওঁহাতে মেডিচিনেল প্লেণ্ট
কনজাৰ্ভেজন এৰিয়া ৷ সেইফালেও দৃশ্যতঃ তেনেই কুহেলিকাময় ৷ নামনি অঞ্চল সম্পূৰ্ণ বৰফাবৃত ৷ বেছি দূৰলৈকে দেখা নাযায় ৷ এইটো সঠিক কথা যে এবাৰ আহিলেহে গম পোৱা যায়
মেজিক মায়’ডিয়াৰ ব্যতিক্ৰমী চৰিত্ৰ ৷
গৱেষণাৰ সমল এই এলেকাত কিমানবোৰযে থূপ খাই আছে, সেয়া গৱেষকেহে ক'ব পাৰিব ৷ আমি গৱেষক নহওঁ ৷
সত্যসন্ধানী সামান্য পৰিব্ৰাজক, অৰুণাচলী প্ৰকৃতিৰ স্বেচ্ছাপ্ৰণোদিত দৰ্শকহে ৷ অনন্যৰূপী ৰ'য়িং-আনিনি ভ্ৰমণ আৱৰ্তত এককভাৱে ঘূৰি-ফুৰি থকা সাধাৰণ ভ্ৰমণকাৰী ৷
বৰফ
আঁতৰোৱা বুলড’জাৰ দুখন ৰৈ আছে ৷ দেশৰ
অন্যতম পথ নিৰ্মাণকাৰী সংস্থা Border Roads Organization (BRO)ৰ অভিন্ন অংগ
General Reserve Engineer Force (GREF) কৰ্তৃপক্ষই ইয়াৰ সহায়ত সময়ে সময়ে পথৰ ওপৰৰ পৰা
বৰফ পৰিষ্কাৰ কৰা কাম চলায় ৷ প্ৰবল তুষাৰপাতৰ লগতে বৃষ্টিপাত হোৱাৰ ফলত মায়'ডিয়া অঞ্চলত
যাতায়াত অতি বিপদসংকুল হৈ পৰে ৷ গম্ভীৰ সমস্যাই দেখা দিয়ে ৷ যান-বাহনৰ চলাচল নিষিদ্ধ
কৰি দিয়া হয় ৷ ৰ’য়িং-হুনলি
পথৰ ৪৫ কিল’ আৰু ৭৫ কিল’ৰ মাজৰ এলেকা অধিক বিপজ্জনক হৈ উঠে ৷ গাড়ীচালনাত কেনেবাকৈ ঊনৈশ-বিশ
হ'ব লাগিলে সমাধিস্থ হ'ব লাগিব শ শ ফুট তলত, সৌ বৰফৰ আবেষ্টনীত ৷ ধলা-শদিয়া ডক্টৰ ভূপেন
হাজৰিকা সেতু মুকলি হোৱাৰ পাছৰে পৰা মায়’ডিয়ালৈ পৰ্যটকৰ সংখ্যা অধিক মাত্ৰাত বৃদ্ধি পাইছে ৷ ভ্ৰমণপিয়াসীৰ ভিৰ নিয়ন্ত্ৰণ
কৰাৰ অৰ্থে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ব্যস্ততাও যথেষ্ট বাঢ়িছে ৷
No comments:
Post a Comment