Wednesday, 10 June 2020

৯.৫ মায়াময় মায়ডিয়াত পুনৰ পদাৰ্পণৰ সুযোগ মিলিল


65ত নামিয়ে সহযাত্ৰীসকল হোটেলখনত সোমালগৈ ৷ মই নগ’লোঁ ৷ চ’ক’ তায়ু উঠি অহা ছুম’খনেও গতি অকণো সলনি নকৰি গোঁ-গোঁৱাই উঠি গৈ থাকিল ৷ গাড়ীৰ ওপৰত হাঁহ-কুকুৰা ভৰোৱা মস্ত খাং এটা ৷ পাছফালৰ পৰা দৃশ্যটো চাবলগীয়া হৈছে ৷ বিভিন্ন বেশভূষাৰ মানুহৰ উপৰি ভিন্ন প্ৰকাৰৰ বয়-বস্তুও বিনা-অভিযোগে, বিনা-প্ৰতিবাদে কঢ়িয়াবলগীয়া হয় এই ছুম’বোৰে ৷ এক কথাত পৰিবাহক-ত্ৰাণকৰ্তা ৷ আন একো নাই, গাড়ীখন তেনেকৈ গুচি যোৱাত চ’ক’ক লগ পোৱাৰ সুযোগটো হেৰুৱালোঁ ৷ আচলতে আমাৰখনো নৰ’লহেঁতেন ৷ হুনলিত উঠা চাৰিজনৰ বাবেই স্পেচিয়েল ষ্টপেজ দিবলগীয়া হ’ল ইয়াত ৷
ঠেক ৰাস্তাটোৰ সিটোপাৰে ওপৰলৈ উঠা খটখটি আছে ৷ সোঁফালৰ পৰা বাঁওফাললৈ, আকৌ বাঁওফালৰ পৰা সোঁফাললৈ ৷ এনেকৈ কঁকালটো ঠাইতে কেইপাকমান উধাই-মূধাই ঘূৰাই লৈ ষ্টেপ কেইটাৰে আৰোহণ আৰম্ভ কৰি দিছোঁ ৷ উচ্চতাৰ পৰা নামনিৰ দৃশ্য চোৱাৰ মতলব ৷ অকণমান আগত ঘৰ দেখিছোঁ ৷ মানুহ-দুনুহ নাই যেন লাগিছে ৷ এইডোখৰৰ পৰা মায়’ডিয়া অভিমুখে দেখা গৈ আছে ৷ সিদিনা কিন্তু একোৱেই চাব পৰা অৱস্থাত নাছিল ৷ বতৰৰ কাৰণে ৷ আজি ভাগ্য সুপ্ৰসন্ন ৷ স্পষ্টকৈ দেখিলোঁ ৷ ফটোৰ লগতে চেল্‌ফিও তুলিলোঁ ৷
অকাই-পকাই মায়’ডিয়া পাছলৈ ইয়াৰ পৰা দূৰত্ব ১০ কিল’মিটাৰমানেই হ’ব ৷ মাত্ৰ তিনি দিন পুৰণা অভিজ্ঞতাৰে এতিয়া কৈ দিব পাৰোঁ ছিক্সটি ফাইভ এৰি আগ বাঢ়ি যাওঁতে আমি কি কি দেখিবলৈ পাম ৷ অ’ত-ত’ত বৰফৰ ৰূপত সিঁচৰতি হৈ পৰি থাকিব বগা থূপ থূপ তুষাৰকণা কিছুমান ৷ ক্ৰমাৎ বাঢ়ি আহিব বৰফৰ ঘনত্ব ৷ গছে গছে ওলমি থাকিব বৰফৰ ৰুমাল ৷ এইখিনিত আৰু মাত্ৰ কেইটামান মুহূৰ্ত ৷ তাৰ পাছতে সেই ধৰণৰ প্ৰাকৃতিক সজ্জাৰ মাজে মাজেই আমি গৈ থাকিম ৷ ইয়াৰ পৰা দেখা পাই থকা সৌফালেৰেই পাৰ হৈ যাম ৷
পুলকিত হৈ উঠিলোঁ যাত্ৰাটো কল্পনা কৰাৰ লগে লগে ৷ উঃ ! আকৌ আহি আছে তুষাৰাবৃত মায়’ডিয়াৰ অপূৰ্ব চিত্ৰপটৰ সাক্ষী হোৱাৰ সোণালী সুযোগ ৷ আনিনি যাত্ৰাটোৱে সঁচাকৈয়ে মোহময়ী প্ৰকৃতিৰ বহুৰূপী আৰু দৰ্শনযোগ্য দৃশ্যবিলাক এইকেইদিন চকুৰ সন্মুখলৈ আনি দিছে ৷ ইমানেই আনি দিছে যে এটা শব্দৰে ক’বলৈ গ’লে উন্মাদপ্ৰায় হৈ পৰিছোঁ ৷ বহু সময়ত প্ৰশ্নও জাগে, এয়া বাস্তৱনে ? নোটবুকত টুকি লৈছোঁ সুন্দৰ সুন্দৰ ল’কেচনবোৰ আৰু সিবোৰৰ বিশেষত্ব ৷ মন-কাগজতো কথাবোৰ এফালৰ পৰা যিমান পাৰোঁ লিপিবদ্ধ কৰি আছোঁ ৷ শেষ যেন নহ’বই ! পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, উপাদানৰ অভাৱ নাই এইখন ৰাজ্যত ৷ সিয়েই বাৰে বাৰে মোৰ মনটোকো টানি লৈ আহে ৷ অদৃষ্টৰ আহ্বানক নেওচা দিব নোৱাৰি অকলেই আহি যাওঁ এনেদৰে ৷ বাটে-ঘাটে পোৱাজনকেই লগৰীয়া কৰি লওঁ ৷ যাত্ৰাকালত বিভিন্ন প্ৰকাৰৰ মানুহ, সংগী পোৱা যায় ৷ কিছুমান পাহৰণিৰ গৰ্ভলৈ গুচি যায় ৷ আন কিছুমানে অন্তৰত সাঁচ ৰাখি যায় ৷ পুঞ্জীভূত নতুন অভিজ্ঞতা আৰু অনন্য অনুভূতিবোৰে দেহ-মন পুলকিত কৰি ৰাখে, অনৱৰতে ৷
গৰাটোৰ পৰা অৱৰোহণ কৰি ছুম’খনৰ কাষতে থিয়দঙা দি আছোঁ ৷ ইটালিনৰ পৰা যাত্ৰা কৰি থকা কমলা বেপাৰী যুৱকজনে কোনো পাতনি নতৰাকৈ কমলা দুটা মোৰ পিনে আগুৱাই দিলে ৷ নেপালী মহিলাগৰাকীকো দিছে ৷ এখোজ দুখোজকৈ তেৱোঁ ওচৰতে ৰৈছেহি ৷ তেওঁলোকে হিন্দী, নেপালীত কথা পাতিছে ৷ ওখ-পাখ যুৱকজনে সুন্দৰ নেপালী ক’ব পাৰে ৷ শান্তিপুৰলৈ যাব বুলি কোৱা শুনিছিলোঁ ৷ শদিয়াত ভালেমান নেপালী মানুহ আছে ৷
‘ক’ত পালে কমলা ?’ আমাৰ কথোপকথনো হিন্দীতে আৰম্ভ হ'ল ৷
‘আগত মোৰ গাড়ী গৈ আছে ৷ তাৰ পৰা আনিলোঁগৈ ৷ টে’ষ্ট কৰকচোন ৷ ইটালিনৰ হয় ৷’
ইটালিনৰ কমলা ! লগে লগে বখলিয়ালোঁৱেই ৷
সুমিষ্ট আৰু মঙহাল কমলাৰ বাবে ৱাক্র’ জনাজাত, অ’ৰেঞ্জ কেপিটেল অফ অৰুণাচল বোলা হয় যাক ৷ লোহিত জিলাৰ সেই বিশেষ ঠাইটুকুৰাত উৎপাদিত সুমথিৰা টেঙাৰ বিপণনৰ বজাৰখন অসমৰ তিনিচুকীয়াক কেন্দ্ৰ কৰি গঢ়ি উঠিছে ৷ বাংলাদেশলৈকো ৰপ্তানি হয় ৱাক্র’ এলেকাৰ ডাঙৰ জোখৰ সুস্বাদু টেঙা ৷ নাগপুৰ অ’ৰেঞ্জ ভেৰাইটিৰ সৈতে হেনো মিল আছে ৷ কমলাই ৱাক্ৰ’ৰ মিছিমিসকলৰ অৰ্থনৈতিক উন্নয়ন সাধনত প্ৰভূতভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে ৷
কিবিথুলৈ যোৱাৰ বাটতো সুমথিৰাৰ বাগান দেখা পাইছিলোঁ ৷ ৱালঙত খাবলৈ পাইছিলোঁ ৷ কথিত আছে, সেই সুমথিৰাৰ ৰসবোৰত মিঠা হ’বৰ বাবে চেনী মিহলোৱাৰ প্ৰয়োজন নাই ৷ মৌচুম্বীৰ দৰে পাতল বাকলি ৷ ৰস বেছি ৷ গুটি কম ৷ জলবায়ুৰ বাবেই চাগৈ ফলো তেনেকুৱা ৷ অৰুণাচলৰ কমলাই এতিয়া ভাৰতৰ লগতে বিদেশৰো বজাৰ দখল কৰিবলৈ তৎপৰ হৈছে ৷
চিন্তা কৰিলোঁ, তিনিচুকীয়াৰ পৰা ৱাক্র’লৈ ১৩৮ কিল’মিটাৰ ৷ কামলাং বন্যপ্ৰাণী অভয়াৰণ্যৰ একাষে সেই ঠাই ৷ আনহাতে তিনিচুকীয়াৰ পৰা ইটালিনলৈ ৩০০ কিল’মিটাৰৰো বেছি হৈ যাব ৷ ঠাণ্ডাও বহুগুণে বেছি ৷ হ’লেও এই ল’ৰাটোৱে ইটালিনৰ পৰা কমলা সংগ্ৰহ কৰি ব্যৱসায় চলাইছে ৷ যথেষ্ট কষ্টকৰ আৰু চেলেঞ্জিং কাম ৷
‘আনিনিত মই য’ত আছিলোঁ সেই ঘৰত দিছিল কেইটামান ৷ মিঠা দেই ৷ চিয়াঙৰ পাৰৰ কমলাও খাইছোঁ ৷ মিঠা ৷ সিফালে ডাম্‌বুকততো অ’ৰেঞ্জক লৈতো ফেষ্টিভেলেই পতা হয় ৷’
সুধিলে, ‘আপুনি আনিনিলৈ কিয় গৈছিল ?’
‘ৰে’হ ফেষ্টিভেল চাবলৈ ৷’
‘ক’ৰ পৰা আহিছে আপুনি ?’
ক’লোঁ, ‘ডিফু, কাৰবি আংলং, অসম ৷’
‘আপুনি অসমীয়া ?’
‘অঁ’ বুলি ক’বলৈহে পালোঁ উত্তেজিত হৈ উঠিল ৷
‘মোৰ দেউতা কাৰবি আংলঙৰ হাওৰাঘাটৰহে আছিল, জীৱিকাৰ সন্ধানত শদিয়ালৈ আহিছিল’ বুলি নিজৰ পৰিচয় দি গ’ল ৷ নাম আব্দুল আহাদ ৷ ঘৰ শান্তিপুৰত ৷ অৰুণাচল-অসম সীমান্তৰ পুলিচ চে’ক গে’টৰ সমীপত ৷ কমলাই আমাক চিনাকি কৰোৱালে, কথা পতাৰ সুযোগ দিলে ৷
‘তাৰ মানে আপুনি ৰ’য়িঙত ছুম’ৰ পৰা নামি শান্তিপুৰলৈ যাব লাগিল ?’
‘মোক তুমি বুলিয়েই ক’ব ৷ মই আপোনাতকৈ বয়সত বহুত সৰু হ’ম ৷’
আমি ৰ’য়িং কেই বজাত পাম, ৰ’য়িঙৰ পৰা চপাখোৱালৈ যাবৰ বাবে কি যোগাৰ পোৱা যায়, তেওঁ কেনেকৈ যাব ইত্যাদি কথাবোৰ সুধিলোঁ ৷ মহিলাগৰাকীয়ে মন দি শুনি আছিল ৷ কথাৰ ফাঁকতে জনালে যে তেৱোঁ আচলতে চপাখোৱা পাবগৈ লাগে ৷ ৰ’য়িঙৰ পৰা কিবা পাবনে নাপাব সেইটো ক'ব নোৱাৰে ৷
‘এতিয়া কেই বাজিল ?'
'তিনি ৷'
'ৰ’য়িং পাওঁতে পাওঁতে ছয় বাজি পাৰ হৈ যাব আমাৰ ৷ তেতিয়ালৈ সিফালে যাবলৈ গাড়ী সাধাৰণতে নাথাকেগৈ ৷’
মনে মনে ভাবিলোঁ, মোৰো বাট একেটাই ৷ ৰ’য়িঙত হোটেলত থাকি দিব পাৰোঁ ৷ কিন্তু তাকে নকৰি আহাদৰ সৈতে যদি শান্তিপুৰ গে’ট পৰ্যন্ত আগ বাঢ়িব পাৰোঁ, তেনেহ’লে কিবা উপায় কৰি, নতুবা খোজ কাঢ়ি হ’লেও তাৰ পৰা চপাখোৱা ওলাবগৈ পাৰিম ৷ তেতিয়া শ্বাহনাজৰ তাতে থাকি দিম নিশাটো ৷ ৰ’য়িঙত মিছা-মিছি থকাৰনো দৰকাৰ কি ? সৰকাৰক ফোন কৰিম জানো ? নকৰোঁ ৷ মনে মনে প্লেন এটা ৰচনা কৰিয়ে পেলালোঁ ৷
ৰ'য়িঙৰ পৰা আগলৈ যোৱা ব্যৱস্থা সম্পৰ্কে ল’ৰাজনে চয়-নিচয় একো নক’লে ৷ অলপ আগলৈকে তেওঁক নেপালী বুলিয়ে ভাবি আছিলোঁ ! এই পথত যেন অনিশ্চয়তা শেষ নহ’বই ! যাওঁতেও অনিশ্চয়তা, আহোঁতেও অনিশ্চয়তা, সকলো সময়তে কেৱল অনিশ্চয়তা ৷ দ্বিধাগ্ৰস্ত মনেৰে সেয়েহে ভাবিছোঁ, গাড়ী পালেতো ভালেই ৷ নাপালে কি হ’ব ? নাই, মিমু হোটেলৰ সৰকাৰক ফোন কৰাই ভাল হ’ব ৷ সময় আহক বাৰু ৷
এনেতে চালকে গাড়ী ষ্টাৰ্ট দিলেহি ৷ ‘মুঠতে চপাখোৱা পাবগৈ লাগে ৷ কি পাম নাজানো ৷ বচাবা আৰু তুমিয়ে ৷’ এইবুলি কৈ নিজৰ চিটত বহিলোঁহি ৷ মায়’ডিয়াৰ শুভ্ৰতাক সন্মুখত ৰাখি কেঁকুৰিবোৰ পাৰ কৰিব ধৰিছোঁ ৷ মিউজিক প্লেয়াৰত উচ্চস্বৰে গান বাজি আছে ৷ আতিফ আচলামৰ গানটো যেন বিশেষভাৱে ভাল লগা হৈ উঠিছে ঘূৰণবোৰৰ লগে লগে ৷ ওপৰফালে, পৰ্বতৰ সিপাৰে লুকাই পৰাৰ আগে আগে বেলিটোৱে অভূতপূৰ্ব দৃশ্যৰ সৃষ্টি কৰিছে ৷ অনিশ্চয়তাজনিত সমূহ চিন্তা এই গান আৰু প্ৰাকৃতিক দৃশ্যই বিদূৰ কৰি দিলে ৷ পাহৰি থাকিলোঁ সেইবোৰ ৷
অপৰাহ্নৰ বেলিয়ে মায়’ডিয়াৰ পূবফালৰ কৰ্দৈসিৰীয়া পৰ্বতলানি উজলাই তুলিছে ৷ কি এক দৃশ্য ! কি লেণ্ডস্কেপ ! দুটা শব্দ, অৰুণ আৰু আচল লগ হৈ অৰুণাচল হৈছে ৷ আভিধানিক অৰ্থত অৰুণ শব্দই সূৰ্য, ভাস্কৰ, ৰবি, বেলি বুজায় ৷ বেলি ওলোৱা আৰু বেলি ডুবাৰ সময়ৰ আকাশৰ ৰঙকো বুজায় ৷ আচল শব্দৰ অৰ্থ মূলধন, মূল, প্ৰকৃত, সত্য ৷ য’লৈ যোৱাৰ সুবিধা নাই, যিটো কাম কৰাৰ সুচল নাই, অসুবিধা, চল নোহোৱা বুজায় ৷ সেই অৰুণে ধীৰে ধীৰে পৰ্বতৰ আঁৰলৈ গতি কৰিলে ৷ এটা দিনৰ সমাপ্তি ঘটিবলৈ গৈ আছে ৷ খালী চকুৰে দেখা পোৱা দূৰ দিগন্তলৈকে পূব দিশটো অৰুণৰ আভাৰে জিলিকি আছে ৷
বৰফ সিদিনাতকৈ কম দেখিছোঁ ৷ পুৱাভাগতকৈ আবেলিলৈ কমি যায়েই অৱশ্যে ৷ মায়া হোটেল পাৰ হ'লোঁ ৷ পৰ্যটক কিছুমানে খোজ কাঢ়ি ঘূৰি ফুৰিছে ৷ বিয়লিৰ আনন্দ লৈছে মায়'ডিয়া গিৰিপথত ৷ অলপ পাছতে এন্ধাৰ নামি আহিব ৷ তাৰ আগতেই দিহা-দিহি উভতিবও লাগিব ৷ ঠাই এৰি যোৱাৰ আগে আগে কোনোবাজনে হেঁপাহেৰে স্ন’মেন সাজি আছে ৷ ল’ৰা-ছোৱালী কিছুমানে ৰেলিঙত বহি নিজৰ মাজতে হাঁহি-স্ফূৰ্তিত মগন ৷ কিছুমানে ম’বাইলেৰে ফটো তুলিছে ৷ মধুময় পৰিৱেশ ৷
বৰফগলা পানী ৰাস্তাটোৰ মাজেৰে বৈ আহিছে ৷ বৈ যোৱা অংশত পানীবোৰে নলাৰ সৃষ্টি কৰিছে ৷ আগে আগে গৈ থকা ছুম’খন ধীৰে ধীৰে উঠি আছে ৷ পাছে পাছে আমাৰ ডেলে ট্ৰেভেল্‌ছ ৷ অতি সাৱধানে ৷ হঠাতে কি হ’ল জানো, আমাৰ ড্ৰাইভাৰে গাড়ীখন ৰখাই দিলে ৷ পাছফালৰ চকা এটাত কিবা চাব লগা হ’ল বোলে ৷ ভালেই পালোঁ ৷ এনেকুৱা মুহূৰ্তৰ বাবেইতো বাট চাই আছিলোঁ ৷ চাঞ্চটো পায়ে খৰধৰকৈ নামি দিলোঁ ৷
৩.৩০ বাজিছে ৷ (ক্ৰমশঃ)

No comments:

Post a Comment